অণ্ড

 মূল : এণ্ডি ৱেইৰ (১৯৭২)-The Egg 

ভাবানুবাদ: যশোৱন্ত নিপুণ


তুমি ঘৰলৈ গৈ আছিলা যেতিয়া তেতিয়াই তোমাৰ মৃত্যু হৈছিল৷

সেইটো এটা গাড়ীৰ দুৰ্ঘটনা আছিল৷ বৰ বিশেষ ধৰণৰ নাছিল, কিন্তু জীৱননাশী আছিল৷
তুমি তোমাৰ পত্নী আৰু দুটি শিশু এৰি থৈ আহিছিলা৷ যন্ত্ৰণাবিহীন মৃত্যু আছিল৷
জৰুৰীকালীন চিকিৎসাকৰ্মীসকলে তোমাক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল
, কিন্তু বিফল হৈছিল৷ তোমাৰ শৰীৰ ইমানেই ক্ষত-বিক্ষত হৈছিল যে তোমাৰ মৃত্যু
হোৱাটোৱেই মংগলজনক আছিল
, বিশ্বাস কৰাঁ৷
 

আৰু তেতিয়াই তুমি মোক লগ পাইছিলা৷ 

কি কি হৈছে?”  তুমি সুধিছিলা,  “মই ক?”

তোমাৰ মৃত্যু হৈছে৷  মই সঁচা কথাটোকেই কৈছিলোঁ৷
ঘূৰাই-পকাই কোৱাৰ কোনো অৰ্থ নাছিল৷

এখন ট্ৰাক আৰু সেইখনে নিয়ন্ত্ৰণ
হেৰুৱাই পিছলি আহিছিল

হয়৷মই কৈছিলোঁ৷

মই মই মৰিছিলোঁ?”

এৰা৷ কিন্তু তাৰ কাৰণে দুখ নকৰিবা৷ প্ৰত্যেকৰেই মৃত্যু হয়৷ মই কৈছিলোঁ৷  

তুমি চাৰিওফালে চাইছিলা৷ তাত একোৱেই নাছিল, কেৱল মহাশূন্য৷ মাত্ৰ
তুমি আৰু মই৷
এয়া কি ঠাই?” তুমি
সুধিছিলা, 
এয়াই পৰলোক নেকি?”

তেনেকুৱাই৷ মই কৈছিলোঁ৷

তুমি দেৱতা নেকি?” তুমি সুধিছিলা৷

অঁ৷মই উত্তৰ দিছিলোঁ, মই ঈশ্ৱৰ৷

মোৰ সন্তান মোৰ পত্নী৷  তুমি কৈছিলা৷

সিহঁতৰ কি কথা?”

সিহঁত ভালে থাকিব নে?”

সেইটোৱে মই বিচাৰোঁ৷ মই কৈছিলোঁ৷ তোমাৰ এইমাত্ৰ মৃত্যু
হৈছে আৰু তোমাৰ প্ৰধান চিন্তা হৈছে তোমাৰ পৰিয়ালৰ বাবে৷ এইটো ভাল কথা৷
 

তুমি মোলৈ আশ্বৰ্যান্বিত হৈ চাই ৰৈছিলা৷ তোমাৰ কাৰণে মই ঈশ্বৰ যেন নাছিলোঁ৷
মোক কোনোবা পুৰুষ এজন যেন লাগিছিল৷ নাইবা সম্ভৱত কোনোবা নাৰীৰ দৰে৷ কোনোবা
কৰ্তৃত্বশীল বিমূৰ্ত ব্যক্তিৰ দৰে বোধহয়৷ সৰ্বশক্তিমানজনতকৈ কোনোবা ডাঙৰ
বিদ্যালয় এখনৰ শিক্ষক যেনহে লাগিছিল মোক৷
 

চিন্তা নকৰিবা৷মই কৈছিলোঁ৷ সিহঁতৰ একো নহয়৷ তোমাৰ সন্তান দুটিয়ে তোমাক সকলো ফালৰ পৰাই আদৰ্শ মানুহ
এজন বুলি সদায়ে মনত পেলাব৷ সিহঁতে তোমাৰ প্ৰতি বিৰক্ত হ
বলৈ
বা বেয়া ভাব পোষণ কৰিবলৈ সময়েই নাপালে৷ তোমাৰ পত্নীয়ে বাহিৰত দেখুৱাই কান্দিব
,
কিন্তু মনে মনে ভালহে পাব৷ সঁচা কথা কবলৈ হলে, তোমালোকৰ বৈবাহিক জীৱন সোলোক-ঢোলোক হৈ আহিছিল৷
হয়তো এইটো এটা সান্ত্বনা হ
ব পাৰে যে তেওঁ তোমাৰ মৃত্যুত
ৰক্ষা পৰা বুলি ভবা কাৰণে নিজকে দোষী অনুভৱ কৰিবও পাৰে৷
 

উঃ  তুমি কৈছিলা, এতিয়া পিছে কি হ? মই স্বৰ্গ,
নৰক বা বেলেগ কৰবালৈ যাব লাগিব নেকি?”
 

লৈকো যাব নালাগে৷মই কৈছিলোঁ, তোমাৰ পুনৰ জনম হব৷

আঃ,” তুমি কৈছিলা, গতিকে হিন্দুসকল শুদ্ধ আছিল৷ 

সকলো ধৰ্মই শুদ্ধ নিজৰ নিজৰ মতবাদত৷  মই কৈছিলোঁ, মোৰ লগত আহাঁ৷

তুমি মোৰ পিছে পিছে আহিছিলা যেতিয়া আমি শূন্যতাত খোজ পেলাইছিলোঁ৷ আমি কলৈ গৈ আছোঁ?”

বিশেষ কলৈকো নহয়৷মই কৈছিলোঁ, যেতিয়া আমি কথা পাতোঁ তেতিয়া খোজ কাঢ়ি
ভাল লাগে৷

কিন্তু এইবিলাকৰ অৰ্থ কি?” তুমি
সুধিছিলা, 
যেতিয়া মোৰ পুনৰ জন্ম হ,
মই মাত্ৰ এখন উকা কাগজ হৈ পৰিম, নহয় নে?
এটা কেঁচুৱা৷ গতিকে মোৰ এই জীৱনৰ সকলো অভিজ্ঞতা আৰু মই কৰা কামবোৰৰ
কোনো গুৰুত্বই নাথাকিব৷
  

তেনেকুৱা নহয়৷মই কৈছিলোঁ, তোমাৰ মাজতেই তোমাৰ সকলো জীৱনৰ অভিজ্ঞতা আৰু জ্ঞান নিহিত হৈ আছে৷ তুমি
মাত্ৰ সেইবোৰ এই মুহূৰ্তত মনত পেলাবলৈ সক্ষম হোৱা নাই৷

মই ৰৈছিলোঁ  আৰু তোমাক কান্ধত ধৰি ওচৰ
চপাই আনিছিলোঁ৷
তুমি কল্পনা কৰিব পৰাতকৈও তোমাৰ আত্মা বেছি অপৰূপ, সুন্দৰ আৰু সুবিশাল৷ মানুহৰ মনে তোমাৰ সত্তাৰ
মাত্ৰ ক্ষুদ্ৰ অংশ এটিৰেহে পৰিচিত হ
ব পাৰে৷ এইটো এগিলাছ
পানীত
, সেয়া গৰম নে চেঁচা চাবলৈ আঙুলি এটা জুবুৰিয়াই দিয়াৰ
নিচিনা কথা৷ তুমি তোমাৰ ক্ষুদ্ৰ অংশ এটি পাত্ৰটিত ৰাখাঁ৷ আৰু যেতিয়া তাক উলিয়াই আনা
,
সেই অংগটোৰ সকলোবোৰ অভিজ্ঞতা
  তুমি লাভ কৰাঁ৷ 

যোৱা ৪৮ বছৰ ধৰি তুমি এজন মানৱ আছিলা৷ গতিকে তুমি সিমান
কৰ্ষণ এতিয়ালৈকে কৰাই নাই
, আৰু তোমাৰ আৰু বহু সুগভীৰ চেতনাক
অনুভৱ কৰিব পৰাই নাছিলা৷ যদি আমি ইয়াত বহু সময় ধৰি থাকোঁ সকলোখিনি তোমাৰ লাহে লাহে
মনত পৰিবলৈ ধৰিব৷ কিন্তু প্ৰত্যেক জীৱনৰ মাজতেই সেইটো কৰাৰ কোনো অৰ্থ নাই৷
   

মোৰ কেইবাৰ জনম লোৱা হৈছে তেনেহলে?”

আঃ, বহুবাৰ৷ বহু, বহু, বহুবাৰ৷ আৰু বহু বহু ভিন্ন জীৱন৷মই কৈছিলোঁ, এইবাৰ তুমি এজন চীনা খেতিয়কৰ ছোৱালী হবা, ৫৪০ খ্ৰীষ্টাব্দত৷

বা, কি?”
তোমাৰ খোকোজা লাগিছিল, তুমি মোক সময়ৰ বিপৰীত
দিশত পঠাই দিবা
?”
 

এৰা, সেইটোও হয় এটা হিচাপত৷ সময়ৰ,
তুমি জানা, তোমাৰ ব্ৰহ্মাণ্ডতহে তাৰ অস্তিত্ব৷ 
ৰ পৰা মই আহিছোঁ তাত এই আটাইবোৰ বহু বেলেগ  

ৰপৰা আহিছা তুমি?” তুমি সুধিছিলা৷

আঃ, নিশ্চয় কম৷
মই বুজাই কৈছিলোঁ, মই কৰবাৰ পৰা আহিছোঁ৷ অন্য কোনো ঠাইৰ পৰা৷ আৰু তাত মোৰ দৰে আন বহুতো আছে৷ মই
জানো তুমি সেই ঠাইৰ কথাবোৰ জানিব বিচাৰিবা৷ কিন্তু তুমি সঁচাকৈয়ে বুজিব নোৱাৰিবা৷

হয়৷তুমি অলপ হতাশ হৈ কৈছিলা, কিন্তু ৰবা৷ যদি মই সময়ত বেলেগ বেলেগ ঠাইত জনম লওঁ,
মই নিজৰ লগতেই কেতিয়াবা যোগাযোগ কৰিব পাৰিম৷

সঁচা৷ এইটো হৈয়েই থাকে৷ কিন্তু প্ৰতিটো জীৱনেই কেৱল নিজৰটোৰ
বিষয়ে জ্ঞাত কাৰণে তুমি উপলব্ধি কৰিবই নোৱাৰিবা যে এইটো হৈ আছে৷

তেনেহলে এইবোৰৰ তাৎপৰ্য কি?”

সঁচাকৈয়ে?” মই সুধিছিলোঁ, সঁচাকৈয়ে? তুমি জীৱনৰ অৰ্থ জানিব বিচাৰিছা মোৰপৰা?
সেইটো কিছু নতুনত্বহীন নহয় নে?”

““আচলতে এইটো এটা ভাল প্ৰশ্ন৷তুমি
এৰি দিব খোজা নাছিলা৷

মই তোমাৰ চকুলৈ চাইছিলোঁ৷ জীৱনৰ অৰ্থ, মই
এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ কাৰণ হ
ল মই তোমালোকে উৎকৰ্ষ
সাধন কৰাটো বিচাৰোঁ৷

তুমি মানৱ জাতিৰ কথা কৈছা? তুমি আমি
উৎকৰ্ষ সাধন কৰাটো বিচাৰাঁ
?”
 

নহয়, মাত্ৰ তুমি৷ মই এই সমগ্ৰ বিশ্বৰ
সৃষ্টি তোমাৰ কাৰণেই কৰিছোঁ৷ প্ৰত্যেক জীৱনতেই তোমাৰ বৃদ্ধি হয় আৰু তুমি উৎকৰ্ষ
সাধন কৰাঁ আৰু তুমি বিশালতৰ সত্তা আৰু মহানতৰ বীক্ষালৈ উন্নীত হোৱাঁ৷
  

মাত্ৰ ময়েই৷ আৰু বাকীসকলৰ কি হ?” 

আৰু অন্য কোনোৱেই নাই৷মই কৈছিলোঁ, এই বিশ্বত, মাত্ৰ তুমি আৰু মই আছোঁ৷

তুমি একো নুবুজাৰ দৰে মোলৈ চাইছিলা৷ কিন্তু পৃথিৱীৰ সকলো মানুহ

সকলোবোৰেই তুমি৷ তোমাৰ বেলেগ বেলেগ ৰূপ৷

বা৷ প্ৰত্যেকজনেই মই?”

এতিয়া তুমি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছা৷তোমাৰ পিঠিত অভিনন্দনসূচক থাপৰ এটা মাৰি কৈছিলোঁ৷ 

ময়েই এই পৃথিৱীত এতিয়ালৈকে জনম লোৱা প্ৰত্যেকজন মানুহ?” 

আৰু যিসকলে ভৱিষ্যতে জনম লব৷

ময়েই আব্ৰাহাম লিংকন?”

আৰু জন ৱিলকিছ বুথো তুমি৷মই যোগ
দিছিলোঁ৷
 

ময়েই হিটলাৰ?” তুমি আচৰিত হৈ সুধিছিলা৷ 

আৰু তুমিয়েই তেওঁ নিধন কৰা লাখ লাখ মানুহ৷

ময়েই যীশু?”

আৰু তুমিয়েই সেই সকলো যিয়ে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল৷

তুমি নীৰৱ হৈ পৰিছিলা৷ 

প্ৰত্যেকবাৰেই যেতিয়া তুুমি কাৰোবাক আঘাত কৰাঁ,” মই কৈছিলোঁ, “তুমি আচলতে নিজকেই আঘাত কৰাঁ৷ আনৰ প্ৰতি
তোমাৰ প্ৰত্যেক চেনেহ আৰু ভালপোৱাৰ কামেই তুমি আচলতে নিজৰ প্ৰতিয়েই কৰা একো একোটা
মৰম-ভালপোৱাৰ কাম৷ প্ৰত্যেক ব্যক্তিৰ অতীত
, বৰ্তমান আৰু
ভৱিষ্যতৰ সুখ আৰু দুখৰ প্ৰতিটো মুহূৰ্তৰ অভিজ্ঞতা
; তুমি
অনুভৱ কৰিবা৷

তুমি বহু সময় চিন্তামগ্ন হৈ আছিলা৷

কিয়?” তুমি সুধিছিলা, এইবোৰ কৰাৰ কি প্ৰয়োজন?”

কাৰণ এদিন তুমি মোৰ দৰেই এক সত্তালৈ উন্নীত হবা৷ কাৰণ সেয়াই তুমি৷ তুমি মোৰ দৰেই এক সত্তা৷ তুমি মোৰেই সন্তান৷

বাঃ,” তুমি কৈছিলা৷ সেয়া অবিশ্বাস্য
আছিল তোমাৰ বাবে৷
তুমি বুজাব খুজিছা মই এজন দেৱতা৷

নহয়৷ এতিয়াও নহয়৷ তুমি এটা ভ্ৰুণ৷ তুমি এতিয়াও বাঢ়ি আছা৷
যেতিয়া তুমি সকলোবোৰ যুগৰ মাজেৰে প্ৰত্যেক মানৱ জীৱন কটাই আহিবা তেতিয়া জন্ম ল
ব পৰাকৈ তোমাৰ বিকাশ হব৷
 

গতিকে এই সমগ্ৰ ব্ৰহ্মাণ্ড,” তুমি
কৈছিলা
, “এয়া মাত্ৰ …”

এট অণ্ড৷মই উত্তৰ দিছিলোঁ৷ তুমি তোমাৰ পৰৱৰ্তী জীৱনটোত প্ৰবেশ কৰাৰ সময় হৈছে এতিয়া৷

আৰু মই তোমাক তোমাৰ পথেৰে আগবঢ়াই দিছিলোঁ৷ 

***

ঠিকনা :

গাঁও : বামাখাটাপাঠশালা

জিলা: বজালী

পিন: ৭৮১৩২৫

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮