অসমৰ লোক গণিত কাইথেলী অংক

 ড০ ৰাস্না
ৰাজখোৱা

                                                                                                   

পৃথিৱীৰ সকলো বৈজ্ঞানিক আৱিষ্কাৰৰে মূল গণিতবিদ্যা৷ দৈনন্দিন জীৱনত গণিতৰ
প্ৰভাৱৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ বজাৰত দুই কিলোগ্ৰাম 
আলু কিনিবলৈ গ’লেও
অংকৰ কথাই আহে৷ মুঠতে গণিতক বাদ দি একো
কথাই চিন্তা কৰিব নোৱাৰি৷

প্ৰাচীন যুগৰ পৰাই অসমত গণিত বিদ্যাৰ
চৰ্চা সম্পৰ্কে জনা যায় যদিও অসমত কমতা
, কোঁচ আৰু আহোম ৰজাসকলৰ শাসন কালত
অৰ্থা
ৎ মধ্যযুগৰ অসমত ৰাজকীয় আৰু সামাজিক হিচাপ-নিকাচ ৰখা বা গণিতৰ অধ্যাপনা কৰা
কামত কায়স্থসকলেই ঘাইকৈ নিয়োজিত হৈছিল আৰু সেই কাৰণে এই পদ্ধতিবোৰৰ অনুশীলন আৰু
বিকাশত তেওঁলোকেই বহুখিনি জড়িত হৈছিল৷ সেইবাবে এনে অনুশীলন পদ্ধতিক কাইথেলী
বিদ্যা বোলা হৈছিল৷ অসমৰ কায়স্থসকলে সেই সময়ত এক বিশেষ ধৰণৰ অংক পদ্ধতি উদ্ভাৱন
কৰিছিল৷ এই অংক বিদ্যাবিধক কাইথেলী অংক বুলি কোৱা হৈছিল৷ প্ৰথমতে এই অংক জ্ঞান মানুহৰ
মুখে মুখে প্ৰচলিত আছিল৷ পিছলৈ মুখে মুখে চলি অহা অংকসমূহ সংগ্ৰহ কৰি সাঁচিপতীয়া
, তুলাপতীয়া
বা স্থানীয়ভাৱে নিৰ্মিত কাগজত লিপিবদ্ধ কৰি পুথিৰ আকাৰত সংৰক্ষণ কৰা হৈছিল৷ অংকৰ
এই কিতাপসমূহ অসমৰ পৰম্পৰাগত শিক্ষানুষ্ঠান বা টোলসমূহত
পোৱা
হৈছিল৷ এতিয়াও বহুত পৰিয়ালত কাইথেলী অংকৰ পুথি সংৰক্ষিত হৈ আছে৷  আজিকালিও গাঁওসমূহত এই ধৰণৰ অংকসমূহৰ কিছুমান
অংক মানুহৰ মুখত শুনা যায়৷   

কাইথেলী অংক পদ্ধতিৰ দ্বাৰা মাটিৰ হিচাপৰ নিয়ম, মাটিৰ
পিয়ল
, বজাৰৰ দৰৰ জমা-খৰচৰ হিচাপ, কাঁহ, তাম, পিতলৰ
দাম
, ওজন, ভঁৰালৰ শস্যাদিৰ পৰিমাণ, গণনা, ঘৰ-দুৱাৰ
সজাৰ জোখ-মাখ
, বাঁহ-বেত আদিৰ পৰিমাণ, ঘৰৰ
ভেটি তোলাৰ সকলো প্ৰকাৰৰ নিয়ম
, সূতা কটা, কাপোৰ
বোৱা-কটাৰ নিয়ম
, প্ৰজাৰ কৰ-কাটল, ৰাজভঁৰালৰ আয়-ব্যয়, জ্যোতিষ
সম্পৰ্কীয় গণনা
, মাটি কটাৰ জোখ-মাখ, আমদানি-ৰপ্তানিৰ
হিচাপ
, বেপাৰৰ লাভ-লোকচানৰ হিচাপ, বছৰ-মাহ-দিনৰ
হিচাপ
, গাঁৱৰ মানুহৰ হিচাপ ৰখা আদি অতি সহজতে কৰিব পৰা গৈছিল৷

অসমত গণিত চৰ্চাৰ বাবে যিজন মানুহে অগ্ৰণী ভূমিকা লৈছিল তেওঁ হ’ল বকুল
কায়স্থ
, কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজসভাৰ পণ্ডিত৷ মহাৰাজ নৰনাৰায়ণৰ সময়তে
‘দৰং ৰাজবংশাৱলী’ ৰচিত হয়৷ ‘দৰং ৰাজবংশাৱলী’ত
উল্লেখ আছে যে নৰনাৰয়ণ ৰজাই দ্বিতীয় ভাস্কৰাচায্যৰ্ৰ কিতাপৰ কিছু অংশ তেওঁক
অনুবাদ কৰিবলৈ অনুৰোধ কৰিছিল
—

শুনিও শ্ৰীধৰ তুমি মোৰ বাক্য ধৰা৷

জৌতিষক ভাঙ্গি তুমি সাধ্যখণ্ড কৰা৷৷

বকুল কায়স্থ তুমি ভাঙ্গা লীলাৱতী৷

অল্পতে বুজয় যেন কায়স্থে সম্প্ৰতি৷৷ ৬০৯

সেই অনুৰোধ ৰক্ষা কৰি বকুল কায়স্থই ভাস্কৰাচাৰ্য্যৰ ‘সিদ্ধান্ত শিৰোমণি’ পুথিৰ
‘লীলাৱতী’ অংশটো অসমীয়ালৈ অনুবাদ কৰে৷ সম্ভৱতঃ সেইখনেই
অসমীয়া ভাষাত লিখা প্ৰথম গণিত পুথি৷ পুথিখন
বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে বুলি জনা যায়৷ অসমীয়া ভাষাত গণিত
বিষয়ক প্ৰথম মৌলিক পুথিখন বকুল কায়স্থই লিখে৷ ১৩৫৬ শকত লিখা সেই পুথিখনৰ নাম হ
’ল ‘কিতাবত
মঞ্জৰী’৷ কাইথেলী অংকৰ গৱেষক ড° দণ্ডীৰাম দত্তদেৱৰ মতে ৭৮ টা পাতৰ (১৫৬
পৃষ্ঠাৰ) এই কিতাপখনত তলব
, জৰীপ, জমাবন্দী, জমা-খৰচ আৰু পিয়লৰ বিষয়ে লিখা আছে৷ কিতাপখনত বকুল কায়স্থই প্ৰাচীন অসমৰ
চাৰিজন গণিতজ্ঞৰ নাম উল্লেখ কৰিছে৷ তেওঁলোক হ
’ল— নাৰায়ণ দাস, উমাপতি সিদ্ধ, হৃদয়ানন্দ কায়স্থ আৰু দুৰ্গা দাস৷
সম্ভৱতঃ তেওঁলোকেই প্ৰাচীন অসমত গণিত চৰ্চাত অগ্ৰণী ভূমিকা লৈছিল৷ আকৌ
ভাস্কৰাচাৰ্য্যৰ
‘লীলাৱতী’ অংশটো
কবিৰত্ন দ্বিজেও অসমীয়ালৈ অনুবাদ কৰে য
’ত যোগ-বিয়োগ, পূৰণ-হৰণ, বীজগণিতীয় সমীকৰণ, বৰ্গমূল, বৰ্গ, ঘন
ইত্যাদি সন্নিৱিষ্ট হৈ আছে৷ তেওঁ কিতাপখনৰ নাম
‘লীলাৱতী কথা’ ৰাখে৷
অন্য এখন  অসমীয়া গণিত পুথি
‘অংকৰ
আৰ্যা
’৷ এই পুথিখন লিখে কাশীনাথে৷ আন এজন অসমীয়া গণিতজ্ঞ চূড়ামণি
দ্বিজে
‘জ্যোতিষ চূড়ামণি’ বুলি এখন পুথি লিখে য’ত বকুল
কায়স্থক তেওঁৰ গুৰু বুলি উল্লেখ কৰিছে৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ
‘The Descriptive Catalogue of Assam
Manuscripts’
নামৰ কিতাপখনত চাৰিখন
গণিত পুথি আৰু এখন জ্যোতিৰ্বিদ্যাৰ (
Astronomy) পুথিৰ কথা উল্লেখ কৰিছে৷
সেই কেইখন হ
’ল— ‘অংকৰ আৰ্যা’ (লেখক-কাশীনাথ), ‘কিতাবত মঞ্জৰী’ (লেখক— বকুল
কায়স্থ)
, ‘লীলাৱতী কথা’ (লেখক— কবিৰত্ন
দ্বিজ)
, জ্যোতিষ চূড়ামণি (লেখক— চূড়ামণি) আৰু ‘ভাস্বতী’ (জ্যোতিৰ্বিদ্যাৰ পুথি, লেখক— কবিৰাজ চক্ৰৱৰ্তী)৷

অংকৰ আৰ্যা : পাটি গণিতৰ এই পুথিখনৰ লেখক কাশীনাথ৷ লিখাৰ সময় আৰু তাৰিখ জনা
নাযায়৷ এই কিতাপখন আয়তাকাৰ আকাৰৰ সাঁচিগছৰ বাকলিত (সাঁচিপতীয়া পুথি) লিখা৷ ইয়াত ৩৯
টা পাত (৭৮ পৃষ্ঠা) আছে৷ পুথিখন অসমীয়া পদ্যত লিখা 
যদিও অ’ত-ত’ত দুই-এটা সংস্কৃতৰ শ্লোকও আছে৷ পুথিখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এয়ে যে ই বানান ভুলৰ পৰা সম্পূৰ্ণ মুক্ত৷ পুথিখন
সম্পূৰ্ণ নহয়৷ পুথিখনত আঠটা ভাগ আছে য
’ত চাৰিটা সৰল নিয়ম শিকোৱা আছে আৰু
উদাহৰণৰ সৈতে ফলীয় অংক (
functional
sums)
দিয়া আছে৷ বিভিন্ন গণিতৰ তালিকাও
দিয়া আছে পুথিখনত৷ মাটিৰ জোখ-মাখ
, বৰ্গ আৰু বৰ্গমূল উলিওৱাৰ বিষয়েও লিখা আছে
পুথিখনত৷

জ্যোতিষ চূড়ামণি : চূড়ামণিয়ে লিখা ‘জ্যোতিষ চূড়ামণি’ পুথিখনত
পাটিগণিত আৰু মাটিৰ পিয়লৰ বিষয়ে লিখা আছে৷ এই কিতাপখন প্ৰধানকৈ তেওঁৰ ছাত্ৰসকলক
শিকাবৰ কাৰণে লিখা৷ এই পুথিখন বিখ্যাত গণিতজ্ঞ বকুল কায়স্থই লিখা
‘কিতাবত
মঞ্জৰী
’ পাটিগণিত পুথিখনৰ বিষয়ে উল্লেখ আছে৷ গতিকে এই পুথিখন ‘কিতাবত মঞ্জৰী’ৰ
পাছৰ সময়ৰ হ
’ব৷  তদুপৰি পুথিখনত
৮২ শকৰ শেষৰ ফালৰ তেওঁৰ কেইজনমান ছাত্ৰৰ নাম উল্লেখ আছে৷ গতিকে পুথিখন ১৩৮২ শক বা
১৪৮২ শকত লিখা হ
’ব পাৰে৷ কিতাপখন স্থানীয়ভাৱে তৈয়াৰ
কৰা কাগজত লিখা আৰু ইয়াৰ আকাৰ ১০.
৫ X ৪.৫ ইঞ্চি৷ প্ৰতিটো পৃষ্ঠাত এঘাৰ শাৰীকৈ মুঠ ৩২
টা পাতৰ (৬৪ পৃষ্ঠাৰ) পুথিখনৰ কেইটামান পাত হেৰাল৷ পুথিখনৰ ভাষা অসমীয়া আৰু মুঠতে
৩৪৭ স্তৱক আছে৷ পুথিখনত প্ৰথমতে মনৰ ভাব বা ধাৰণ আ
ৰু সংখ্যা
গঠন প্ৰণালী আৰু চাৰিটা সৰল মিশ্ৰ নিয়ম শিকোৱা আছে৷ পুথিখনত উত্তৰৰ সৈতে যথেষ্ট সংখ্যক উদাহৰণ দিয়া আছে৷ তদুপৰি মাটিৰ পিয়লৰ নিয়ম আৰু বিভিন্ন আকাৰৰ মাটিৰ কেনেকৈ
কালি নিৰূপণ কৰিব পাৰি তাৰ কেইবাটাও উদাহৰণ কৰি থোৱা আছে৷

কিতাবত মঞ্জৰী : এই পুথিখনত পাটিগণিত, মাটি
পিয়ল আৰু জমা-খৰচৰ হিচাপৰ বিষয়ে লিখা আছে৷ পুথিখনৰ লেখক বকুল কায়স্থ তেওঁৰ সময়ৰ
এজন বিখ্যাত গণিতজ্ঞ৷ ১৩৫৬ শক বা ১৪৩৪ খ্ৰীষ্টাব্দত সাঁচিপাতত লিখা পুথিখনৰ আকাৰ
৯.৫ X ২.৫ ইঞ্চি৷ ৫ ৰ পৰা ৮ শাৰীকৈ লিখা মুঠ
৭৮ টা পাত বা ১৫৬ পৃষ্ঠা আছে৷ পুথিখন অসমীয়া ভাষাত লিখা৷ পুথিখনত প্ৰথমতে বিভিন্ন
শিতানত কেনেকৈ জমা-খৰচ ৰখা হয়
, তাৰ বৰ্ণনা দিয়া আছে৷ তাৰ পাছত পাটীগণিতৰ তিনিটা
অংশ আছে— (
১) আঠকথা, (২) দশাংশ আৰু (৩) বিদ্যা উঠি৷ আঠকথাত যোগ, বিয়োগ, পূৰণ, হৰণৰ
নিয়ম আছে
, দশাংশত ভগ্নাংশ আৰু বিদ্যা উঠিত বাৰেমিহলি অংকৰ উদাহৰণ
দিয়া আছে৷ এই পুথিখনৰ মতে পূৰণ প্ৰক্ৰিয়া প্ৰথমতে শিকাব লাগে আৰু পাছত
অনুসিদ্ধান্ত হিচাপে যোগ প্ৰক্ৰিয়া শিকাব লাগে৷ সেইদৰে হৰণৰ অনুসিদ্ধান্ত হিচাপে
বিয়োগ শিকাব লাগে৷ পুথিখনত পাটীগণিতৰ উপৰিও মাটি কেনেকৈ জোখে আৰু মাটিৰ কালি কেনেকৈ নিৰ্ণয় কৰে
তাকো শিকোৱা হৈছে৷ পুথিখনৰ শেষৰ ফাললৈ বিভিন্ন গণিত লেখকৰ যেনে নাৰায়ণ দাস
, উমাপতি
সিদ্ধ
, হৃদয়ানন্দ কায়স্থ আৰু দুৰ্গা দাসৰ অংকৰ উদাহৰণ দিয়া হৈছে৷

পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে, ‘আজিকালিৰ
অসমৰ বিদ্যালয়সমূহত শিকোৱা পদ্ধতিতকৈ পাটীগণিত শিকোৱা প্ৰাচীন অসমীয়া পদ্ধতি বেলেগ
আছিল৷ সম্প্ৰতি কেইজনমান বয়োবৃদ্ধ লোকহে আছে যিসকলে এই পুথিত বণোৰ্ৱা প্ৰাচীন
পদ্ধতি জানে৷ তেওঁলোকৰ লগে লগে যে এই জ্ঞানো লুপ্ত হ
’ব, সি
ধুৰূপ৷
(The old Assamese
method of teaching arithmetic was quite different from the methods now
prevailing in ূhe schools of Assam. There are only a few  old man who know the ancient methods
described in this book and with them the knowledge is
bound to disappear
completely.)

লীলাৱতী কথা : ভাষ্কৰাচাৰ্য্যৰ ‘সিদ্ধান্ত শিৰোমণি’ চাৰিটা খণ্ডত
বিভক্ত – লীলাৱতী
, বীজগণিত, জ্যোতিষ আৰু ভূগোল৷
সংস্কৃতত লিখা
‘সিদ্ধান্ত শিৰোমণি’ৰ ‘লীলাৱতী’ অংশটোৰ
আধাৰত এই পাটীগণিতৰ পুথিখন অসমীয়া ভাষাত কবিৰত্ন দ্বিজে লিখে৷ কবিৰত্ন দ্বিজৰ
বিষয়ে বিশেষ কথা জানিবলৈ পোৱা নাযায়৷ বোধহয়
‘কবিৰত্ন’ তেওঁক
প্ৰদান কৰা উপাধি৷ পাণ্ডুলিপিটো দেশীয়ভা
ৱে
তৈয়াৰী কাগজত লিখা৷  মুঠ ৫০ টা পাতৰ (১০০
পৃষ্ঠাৰ) কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ এফালে ৮ শাৰীকৈ লিখা আছে৷ পৃষ্ঠাৰোৰৰ আকাৰ
১৩
X ৪ ইঞ্চি৷ পুথিখনত দুটা ভাগ আছে৷ প্ৰথম ভাগত অসমীয়া অনুবাদ
আৰু দ্বিতীয় ভাগত লীলাৱতীৰ সংস্কৃত অনুবাদ দিয়া আছে৷ পুথিখনত নটা শাখাত ভাগ কৰি
, যেনে
-পূৰণ
, হৰণ, বিয়োগ, যোগ, ঘন, ঘনমূল, বৰ্গ, বৰ্গমূল
শিকোৱা হৈছে৷ পুথিখনত পূৰণ কেনেকৈ
৫ টা বিভিন্ন নিয়মত কৰিব পাৰি আৰু হৰণ কেনেকৈ
চুটি আৰু দীঘল নিয়মৰে কৰিব পাৰি তাৰো বৰ্ণনা কৰা আছে৷ বিভিন্ন আকাৰ আৰু জোখৰ মাটিৰ কালি
নিৰ্ণয় কৰাৰ নিয়ম দিয়া আছে৷ পুথিখনৰ একেবাৰে শেষত যথেষ্ট সংখ্যক সমাধান কৰা সমাধান
কৰা অংকৰ উদাহৰণ দিয়া আছে৷ 

আগৰ দিনত অসমৰ নানা ঠাইত প্ৰাচীন কাইথেলী শিক্ষাৰ পঢ়াশালি
আছিল৷ ইংৰাজ ৰাজত্বৰ আগ ভাগলৈকে দেশীয় ভাষাত গাঁৱৰ প
ঢ়াশালিত
এনে কাইথেলী অংকৰ শিক্ষা দিয়া হৈছিল৷ তেতিয়া আঠকথা
, দশাংশ, বিদ্যাউঠি, পিয়ল, পঞ্চক, জমা-খৰচ, জমাবন্দী, তলব, হিচাপ, জৰীপ
আদি নানা তৰহৰ অংক শিকোৱাৰ প্ৰমাণ আছে৷ অংকবোৰ পদ্যত লিখা
, যথেষ্ট
আমোদজনক৷ কেৱল গণিতৰে নহয়
, চিকিৎসা বিদ্যা আৰু জ্যোতিষ বিদ্যাৰ গধুৰ
প্ৰশ্নোত্তৰৰ নিয়মবোৰো এই পদ্ধতিৰে সমাধান কৰিব পৰা হৈছিল৷ বিজ্ঞ কবিৰাজসকলে
চিকিৎসা বিদ্যাৰ জ্ঞান অৰ্জন কৰি ৰোগীৰ আৱশ্যকীয় চিকিৎসা কাইথেলী অংকৰ সহায়ত কৰিব
পাৰিছিল৷ অসমত গণিত শাস্ত্ৰৰ এই বিশেষ পদ্ধতি ঘাইকৈ কায়স্থ সম্প্ৰদায়ৰ মাজত
প্ৰচলিত আছিল বুলি জনা যায়৷

অংক শিক্ষাই বিচাৰ বুদ্ধি শক্তিশালী কৰে, মনোযোগ
বৃদ্ধি কৰে৷ প্ৰাচীন কাইথেলী প
ঢ়াশালিত শিৰোমণি ভূঞাসকলৰ বাহিৰেও অন্যান্য
জাতিৰ শিক্ষকো কমকৈ হ
’লেও আছিল৷ মধ্যযুগত অংক চৰ্চা কৰা প্ৰসিদ্ধ
কেইজনমান গণিতজ্ঞ হ
’ল – শুভশংকৰ দাস, বকুল
কায়স্থ
, কবিৰত্ন, শ্ৰীধৰ, কবি
চূড়ামণি
, জ্যোতিষ চূড়ামণি, ৰছিদা ঠাকুৰ, আছাঙ্গাৰ, কাৰ্ত্তিক
ময়ুৰকাই
, উমাপতি, নাৰায়ণ দাস, হৃদয়ানন্দ, দুৰ্গাদাস, ৰাঘৱ কায়স্থ, পীতাম্বৰ, গুৰুদাস, ভবানী
দাস
, কাশীদাস, ৰামবল্লভ, সূৰ্যখৰি, অচ্যুতানন্দ
বৰদলৈ (সমুদ্ৰখৰি,) চূড়ামণি
, বাক্চী৷

মধ্যযুগৰ অসমত তিনি প্ৰকাৰৰ পঢ়াশালি থকাৰ কথা পোৱা যায় — গড়গঞা স্কুল, বামুণীয়া স্কুল আৰু লহকৰী বা কাইথেলী স্কুল৷ প্ৰাচীন অসমত
আখৰ লিখাৰ ধৰণও আছিল তিনি প্ৰকাৰৰ
 — গড়গঞা, বামুণীয়া
আৰু লহকৰী বা কাইথেলী৷

আহোম ৰজা প্ৰমত্ত সিংহ ১৭৪৪ খ্ৰীষ্টাব্দত ৰাজপাটত উঠে৷ তেওঁৰ দিনতেই মানুহৰ পিয়ল আৰম্ভ কৰা হয়৷ আহোমসকলৰ ভিতৰত লিখা-পঢ়া কৰা লোকৰ সংখ্যা বৰ কম আছিল৷ দেওধাই, বাইলুং
পণ্ডিতসকলে চাং পাতি তেওঁলোকৰ আৰু আন গোহাঁইৰ সন্তানসকলক আহোম মতে শিক্ষা দিছিল৷
তেনে চাঙৰ সংখ্যাও 
আছিল কম৷ বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এখন পঢ়াশালি পাতিছিল৷
কিন্তু ৰাজেশ্বৰ স্বৰ্গদেৱৰ দিনত ই প্ৰায় লুপ্ত হয়৷ তেতিয়া নগৰৰ ভিতৰত বা আঁতৰতে প
ঢ়াশালি আছিল৷
তাত বিছজনতকৈ অধিক ছাত্ৰ নাছিল৷

আনহাতে হিন্দু সমাজৰ ভিতৰত লিখা-পঢ়া কৰাটো ব্ৰাহ্মণসকলৰ
সুকীয়া ক
ৰ্তব্য বুলি মনা হৈছিল আৰু টোল বোলা পঢ়াশালিবোৰত
ব্ৰাহ্মণ ছাত্ৰইহে শিক্ষা লৈছিল৷ অৱশ্যে ঠায়ে ঠায়ে কায়স্থ, কলিতা বা আন ছাত্ৰও আছিল৷
মহাৰাজ বুদ্ধিস্বৰ্গনাৰায়ণে উজনি অসমৰ কেইবা ঠাইতো সংস্কৃত প
ঢ়াশালি বা
টোল পাতি দিছিল৷

ৰাঘৱানন্দ নামৰ এজন বিখ্যাত পণ্ডিতৰ গাত ভূঞা ৰাজ্যৰ সমস্ত কাইথেলী পঢ়াশালিৰ
শিক্ষাব্যৱস্থাৰ ভাৰ আছিল৷ চান্দৰাম বৰকায়স্থই আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত লুৱাগুৰি
কাইথেলী প
ঢ়াশালিত শিক্ষকতা কৰিছিল বুলি জনা যায়৷               

কাইথেলী অংকবোৰ দেখাত অতি কঠিন৷ কিন্তু পদ্ধতিগতভাৱে ইয়াৰ সমাধান কৰিব পাৰি৷
কাইথেলী অংক পদ্ধতিত সংখ্যাবোৰ প্ৰত্যক্ষভা
ৱে লিখা
নহয়
, সংখ্যাৰ বাবে একোটা শব্দ লিখা হয়৷ কাইথেলী অংকত ব্যৱহৃত
প্ৰতিটো শব্দৰ একোটা সংখ্যামান আছে৷ শব্দবোৰৰ এনে সংখ্যামান ব্যৱহাৰ কৰি বা
যোগ-বিয়োগ
, পূৰণ আদি কৰি অংকটোৰ সমিধান উলিয়াব পাৰি৷ উদাহৰণস্বৰূপে
প্ৰাচীন সংখ্যা লিখাৰ নিদৰ্শন 
—

সংখ্যা   সংখ্যাটো বুজাবলৈ ব্যৱহাৰ কৰা
শব্দ

১       শশী, চন্দ্ৰ, নিশাপতি, মহী

২       নেত্ৰ, ভুজ, কৰ, পাখা

৩       ৰাম, অগ্নি, গুণ

৪       বেদ, যুগ, চক্ৰ

৫       বাণ, শৰ, ইন্দ্ৰিয়, আত্মা

৬       ৰস, ঋতু, বিত

৭       সমুদ্ৰ, মুনি, অশ্ব, স্বৰ

৮      বসু, নাগ, গজ, মঙ্গল

৯      গ্ৰহ, ৰন্ধ্ৰ

১০     দিক, লোকপাল, কৰ্ম্ম

১১      ৰুদ্ৰ

১২     আদিত্য, মাহ, ৰাশি

১৩     বিশ্ব (গণদেৱতা)

১৪     ভুৱন, মনু, ইন্দ্ৰ

১৫     তিথি

১৬     অষ্টি (একৰকম পাশা খেল), ভূপ (বিষ্ণু-পুৰাণত
১৬ ৰজাৰ নাম)

১৭     মৈত্ৰ, ঘন

১৮     পুৰাণ, ধৃতি

১৯     অতিধৃতি

২০     নখ, কৃতি

২১     স্বৰ্গ, সমিত

২২     আকৃতি, জাতি

২৩     বিকৃতি

২৪     জিন

২৫     তত্ত্ব

২৬     X

২৭     নক্ষত্ৰ

৩২     দন্ত

৪৯     বায়ু

৫০     গগন, আকাশ, অন্তৰীক্ষ  0 শূন্য

 

‘অংকানাং বামতো
গতিঃ
’ বুলি এটা কথা আছে৷ ইয়াৰ অৰ্থ হ’ল অংকৰ বাওঁপিনে
গতি৷ অথাৰ্ৎ অংকবোৰ সোঁহাতৰ পৰা বাওঁহাতলৈ লিখা হয়৷ আমাৰ অসমতো ইয়াৰ প্ৰচলন আছিল৷
উদাহৰণস্বৰূপে 
—

অশ্ব মুনি বান চন্দ্ৰ শকত

আঘ্ৰাণ দ্বিতীয় শুক্ল পক্ষত

শ্ৰীৰাম কীৰ্ত্তন ভৈলা উপাম

অনন্ত কহে বোলা ৰাম ৰাম৷৷

ভাঙনি : অশ্ব ৭, মুনি ৭, বান ৫, চন্দ্ৰ ১। অৰ্থাৎ ১৫৭৭ শক৷

 কাইথেলী অংকবোৰৰ শব্দবোৰ সাধাৰণতে
অসমীয়া শব্দতকৈ বেলেগ৷ তেনে কিছুমান শব্দ হ
’ল –  বুন্দা (শূন্য), কণ্ঠী
বা কণ্ঠ-(ক্ৰান্তি)
, বেঞ (টাৰ), হেঠেৰ (সিমান), বৎ (কৰা), পাই
এৰা (পাৰ চৰাই)
, হৰকৰ (হৰ-গৌৰীৰ স্থান), কেদাৰ (মহলৰ
একখণ্ড)
, ওঁৰখ-(ইয়াক), চৌকী (দুৱৰী), ভূমি (খাই), হাৰী (হাৰ), টাণ্ড (টাৰ), একুন (এক), কেকৰ (কেৰেলা), তেকৰ (তিনি
কৰা)
, ঊণ (কম), মাধবী মাস (চ’ত-বহাগ), দুই
পাখা (বাইশ)
, চটা (ডোখৰ, খণ্ড), আউৰ (আৰু), বেওৰ (এঘাৰ), দুৱা (দুই, দুবাৰ), নুৱা (ন, জ্ঝ), লাগি (লৈ), ঠেহেৰ (সিমান), ত্ৰিনেত্ৰ
(সূৰ্য
, চন্দ্ৰ, অগ্নি), তিনি
ৰাম (পৰশুৰাম
, শ্ৰীৰাম, বলৰাম), ত্ৰিগুণ
(সত্ব
, ৰজঃ, তমজ্ঞ) ইত্যাদি৷ কাইথেলী অংকৰ পঢ়াশালিত ভাষা সম্পৰ্কীয় আৰু হিচাপ সম্পৰ্কীয় পাঠদানো কৰা হৈছিল৷  কায়স্থ বা কাকতিসকলে প্ৰাদেশিক ভাষাৰো আলোচনা
কৰিছিল৷

এইবোৰৰ মাজেদি জনগণৰ কল্পনাশক্তি, বুদ্ধিনৈপুণ্য, জোখ-মাখৰ
জ্ঞান
, সংখ্যাজ্ঞান, ব্যঞ্জনাসূচক
উপযুক্ত শব্দ প্ৰয়োগৰ ক্ষমতা আদি ভালেমান বিশেষত্বৰ উমান পোৱা যায়৷ কাইথেলী অংকৰ
দুটা উদ্দেশ্যধ
ৰ্মী দিশ হ’ল – এজনৰ
বুদ্ধিনৈপুণ্যৰ পৰিচয় আৰু আনজনৰ বুদ্ধিৰ উৎকৰ্ষ সাধনৰ সুযোগ৷ কাইথেলী অংকবোৰ
কিছুমান সাঁথৰৰ দৰে
, কিছুমান পদ্যৰ দৰে, কিছুমান
শুনিবলৈ সাধুৰ দৰে আছিল বাবে মানুহৰ বাবে এইবোৰ মনোগ্ৰাহী আছিল৷ সেইবাবে কাইথেলী
অংকবোৰৰ সাহিত্যৰ প্ৰতি থকা অৱদানো বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাচীন কালৰ তামৰ ফলি
, পেৰা-কাকত, শিলালিপি, কামান, বন্দুক, পুৰণি
চিঠি-পত্ৰত
, মানুহ বেচা-কিনা খতপত্ৰত, দ’ল-দেৱালয়, মঠ-মন্দিৰ, ৰাজআলি, মৈদাম
পুখুৰী খন্দাত
, সাঁচিপাত, তুলাপাত, ভুজ-পত্ৰ
আদিত কাইথেলী অংক সিঁচৰিত হৈ আছে৷  কাইথেলী
অংকৰ কেইটামান উদাহৰণ দিয়া হ
’ল —

১) কাইথেলী অংকৰ
পদ্ধতিত সংখ্যাৰ ধাৰণা 
—

মধ্যযুগৰ অসমৰ এজন গণিতজ্ঞ জ্যোতিষ চূড়ামণিয়ে পদ্যৰ আকাৰে সংখ্যাৰ ধাৰণা দিছে
এনে ধৰণে- 

সৰস্বতী মাতৃক যে নমস্কাৰ কৰি৷

আৰম্ভিলোঁ পদ গুৰু আজ্ঞা শিৰে ধৰি৷৷

প্ৰথমতে এক দুই ক্ৰমে দশ ভাগ৷

দশে দশে শতভাগ জানিবাহা আগ৷৷

একত শূন্য দিয়া দশক বুজিবা৷

দশত শূন্য দিলে শতেক জানিবা৷৷

শতভাগে শূন্য দিলে সহস্ৰেক জান৷

সহস্ৰত শূন্য অযুতৰ পৰিমাণ৷৷

অযুতত শূন্যে লক্ষ নিশ্চয় জানিবা৷

লক্ষত শূন্য দিয়া নিযুত বুজিবা৷৷

নিযুতত শূন্যে কোটি জানিবাহা সাৰে৷

সপ্তবিংশতিক লাগি এহিমতে বাঢ়ে৷৷

একং  দশং  শতং সহস্ৰক জানিওক৷

অযুত লক্ষ নিযুত কোটিক লওক৷৷

অৰ্ব্বুদ নিৰ্ব্বুদ খৰ্ব্ব মহা খৰ্ব্ব জানা নিষ্ট কৰি৷

পদ্ম মহাপদ্ম শঙ্খ মহাশঙ্খ ধৰি৷৷

বৃন্দ মহাবৃন্দ ধূলি মহাধূলি জান৷

অক্ষৌহিনী মহা অক্ষৌহিনীৰ প্ৰমাণ৷

ত্ৰিবিংশ ভাগক যে সাগৰ বুলিওক৷

চতুৰ্ব্বংশ
ভাগে মহা সাগৰ লৈওক৷৷

ব্ৰহ্ম, পদাকিনী, মহাপদাকিনী জান৷

সপ্তবিংশতিক লাগি লয়োক প্ৰমাণ৷৷

প্ৰথমতে সৰু নেওটাখন বুজি লৈবা৷

দুই চাৰি ক্ৰমে মধ্যে নেওতাক জানিবা৷৷

দহা, শতা ভাগ ইয়াত বুজিয়া লইবা৷

পাছে আঠ কঠাৰ যে প্ৰমাণ কৰিবা৷৷

২) পিয়লৰ আৰ্য্যা —

দীৰ্ঘৰ অংকত প্ৰস্থে পূৰি৷

উভয় অংকক একুন কৰি৷৷

দুখানি মুচিলে ৰহে যত৷

সেইখানি কালি পৰম তত্ত্ব৷৷

কালি প্ৰতি কাণি কৰি জান৷

চাৰি কাণি এক কঠাৰ প্ৰমাণ৷৷

চাৰি কঠায় এক দোন৷

কুৰি দোনে বিশিৰ পোণ৷৷

ছয় দোন এক কঠায় ভেকে হয়৷

তিনি বিশি আঢ়ৈ দোন হাজাৰে কয়৷৷

ষোল্ল বিশি কোঠৰ লয়৷

ভাবিয়া দেখ নাহি সংশয়৷৷

বকুলৰ বোলে খানি নকৰিবা হেলা৷

চৌকাণ্টিয়া কৰা লৈবা প্ৰস্তাবৰ বেলা৷৷

দীৰ্ঘ প্ৰস্থৰ গজকে পূৰি৷

উভয় অংকক একুন কৰি৷৷

দুখানি ত্যজিলে ৰহে যত৷

সেইখানি কালি পৰম তত্ত্ব৷৷

যেই কাণি সেই পোণ৷

চাৰি কাণি কঠা, চাৰি কঠায় দোন৷৷

কুৰি দোনে হয় বিশি৷

ষোল বিশি কোঠ জমি লৈবা কসি৷৷

ভাঙনি : দীৰ্ঘে প্ৰস্থে ১০০ শ ১০০ শ পূৰিলে ১০০০০ হব৷ ইয়াৰে দুই ভাগ ত্যজিলে অৰ্থাৎ একক, দশক সংখ্যা এৰিলে ১০০ কালি থাকিব৷ কালি প্ৰতি কানি দৰে, ছয় দোন
কঠা জমি হয়৷ এক কুৰি দোনে বিশি৷ যি পোণ সি বিশি৷ এক কোঠ এক বিশি এক দোন এক কঠা এক
কালি তিনি মুঠা৷

৩) দশাংশ পাতনি অংক —

এক শিমলিৰ নব ডাল৷

একো ডালত নব নব পক্ষী,

নব নব পক্ষীৰ নব নব বাহা

নব নব বাহাত নব নব ডিমা৷৷

নব নব ডিমাত নব নব চাঁও৷

বুজিও কায়স্থ কতনা পাও৷৷

উত্তৰ — ৫৯১৩৯ চানা (পোৱালি)৷

৪) বৃক্ষ ৰোপণ অংক —

বৃক্ষ ৰোপণ কৰে যি গৃহস্থ,

দীৰ্ঘে প্ৰস্থে মাটিক কৰিবা হস্ত৷

যতে হস্তে বৃক্ষ ৰোপণ কৰে৷

গীৰ্ঘে প্ৰস্থে শাৰীত একাধিক পূৰে৷৷

দীৰ্ঘ টাৰৰ হাত কৰি,

যত হাত অন্তৰে ৰোৱে,

সেই দি হাতক হৰিব৷

তেতিয়া দীৰ্ঘৰ শাৰী ওলাব৷

প্ৰস্থকো এই ক্ৰমে হাত কৰি

অন্তৰেদি হৰি শাৰী উলিয়াব৷

এহিমতে শাৰীৰ থিত

দীৰ্ঘ প্ৰস্থত এক এক ধৰাই

দুইক পূৰিলে হয় যত,

মুঠতে বৃক্ষ জানিবা তত৷

৫) বিশিষ্ট ভাবৰ
আমোদজনক অংক 
—

ক) চাৰি চোৰ ফুৰে  চোৰ কৰি৷

গৃহস্থৰ ধন-বস্তু নিয়ে চোৰ কৰি৷৷

যত টংকা নিলে সবে জমা থলে পথে৷

ৰম চোৰে ভাগৰ অদ্ধেৰ্ক থই গল তাতে৷৷

২য় চোৰে আহি পুনু নিলে সেই মতে৷

৩য় চোৰে গুনি গাঠি সমভাবে নিলে৷৷

৪ৰ্থ চোৰে অৱশিষ্টৰ অৰ্দ্ধেক লই গল৷

চাৰি চোৰৰ টকাৰ সংখ্যা একে সমান হল৷৷

সেই থলত মুঠ টকাৰ আধা সংখ্যা ৰল৷

কেৱাহে কায়স্থ ভাই কিতাপত চাই৷৷

মুঠ টকাৰ সংখ্যা কতেক হোৱয়৷

ভাগে পতি চোৰৰ নো কত টকা হয়৷৷

উত্তৰ — ৬৪ টা, গাইপতি – ৮ টকা৷

খ) চাৰিক চাৰি চোৱাল্লিশ মাথে৷

চোকে চৌত্ৰিশে পূৰিবা তাতে৷৷

কি খৰি ভাঙিলি প্ৰাণৰ নাথ৷

পোন্ধৰ হাজাৰ বাইশ শূন্য সাত৷৷

উত্তৰ — ৪৪৪৪ × ৩৪ = ১৫২২০৭৷

গ) অতি বিতোপন গছ নব লক্ষ পাত৷

দিনে প্ৰতি সৰে তাৰ নব শত পাত৷৷

কোৱাহে কায়স্থ বাপু গণনা কৰি৷

কিমান দিনত অন্ত হব সৰ্ব্ব পত্ৰ সৰি৷৷

উত্তৰ — ১০০০০ দিনত৷

ঘ) কত যোৱাহে এক শ ভাই,

আমিতো এক শ নহয়৷

আছিলোঁ যিমান আহিবো সিমান৷

তাৰে অৰ্দ্ধ তাৰে অৰ্দ্ধ পায়৷

তোৰে সৈতেহে এক শ ভাই৷

উত্তৰ — ৩৬ টা৷

পুৰণি কালত অসমত যে প্ৰাচীন কাইথেলী অংকৰ বহল চৰ্চা আছিল
তাক ব
ৰ্তমানলৈকে পোৱা সাঁচিপতীয়া, তুলাপতীয়া
পুথিৰ পৰা বুজিব পৰা যায়৷ দণ্ডিৰাম দত্তই তেখেতৰ
‘কৌতুক আৰু কাইথেলী
অংক
’ৰ কিতাপখনত অসমীয়া গণিতজ্ঞই লিখা মুঠ  ৩০ খন কিতাপৰ নাম উল্লেখ কৰিছে, যিসমূহ
পুথি তেখেতে নিজেই পৰীক্ষা কৰি চাব পাৰিছোঁ বুলি উল্লেখ কৰিছে৷ সেই পুথিসমূহ হ
’ল –

১. কিতাবত মঞ্জৰী (লেখক বকুল
কায়স্থ
, বিষয়-গণিত পৰিমিতি, ভাষা-অসমীয়া
পদ্য
, সাঁচিপাতৰ পুথি, ১৫৬ পৃষ্ঠা, ১৬৫২         শকত
নকল কৰে৷ নকলকাৰক : ৰামবল্লভ কাকতি
, ৰাঘব কায়স্থ, ভবানী
দাস
, দুৰ্গা দাস, পীতাম্বৰ আদি৷)

২. অংকৰ পুথি (বিষয়- পিয়লৰ অংক, পঞ্চকৰ অংক, মাহড়া
কাটা অংক
, জ্যোতিষৰ অংক আৰু ভাবমূলক বীজগণিতৰ         অংক৷ ভাষা- অসমীয়া, তুলাপতীয়া
পুথি
, ৪২ পৃষ্ঠা৷ )

৩. গণনাৰ পুথি (ভাষা-অসমীয়া, বিষয়-গণিত পৰিমিতি, সাঁচিপাতৰ পুথি, ৪৪
পৃষ্ঠা)

৪. মাটি পিয়লৰ কথা (বিষয়-
ভকত পাইক আদিৰ মাটিৰ পিয়লৰ হিচাপ
, মাটিৰ শ্ৰেণী৷ নিঃখেৰাজ, ধম্মোত্তৰ, ব্ৰহ্মোত্তৰ,         দেবোত্তৰ৷ ভাষা-অসমীয়া, তুলাপতীয়া
পুথি
, ৪৮ পৃষ্ঠা, ১১৫০ শক)

৫. পেৰা কাকত (বিষয়-
মৌজা
, গাঁৱৰ হদ, মাটিৰ হিচাপ, পূৰা, কঠা, লোচা, পোৱা৷
ভাষা- অসমীয়া
, তুলাপতীয়া পুথি, ৪৮     পৃষ্ঠা, ১১৫৭
শক৷)

৬. চূড়ামণি অংকশাস্ত্ৰ (লেখক- চুড়ামণি, বিষয়-
যোগ
, বিয়োগ, পূৰণ, মাহ, মাহিনা, বেচা-কিনা পৰিমিতিৰ অংক৷ ভাষা-        অসমীয়া, পকাবন্ধা বহীত নকল কৰা আছে৷)

৭. অংকৰ পুথি (বিষয়-
অংক৷ ভাষা- অসমীয়া
, তুলাপতীয়া পুথি, ৮০
পৃষ্ঠা৷)

৮. বিহু পঞ্জিকা
গণনা (বিষয়- হিন্দুসকলৰ বিহু উৎসৱৰ বিৱৰণ গণনা৷ তুলাপতীয়া পুথি
, ২৪
পৃষ্ঠা৷)

৯. জ্যোতিষ অংক (বিষয়-
অংক
, কাওন, চক, পোণ, গণ্ডা, বস্তু
কিনা৷ ভাষা-অসমীয়া
, তুলাপতীয়া পুথি, ৩২
পৃষ্ঠা
, ১৭৫৫

   শক৷)

১০. জ্যোতিষ অংক (বিষয়- অংক জ্যোতিষ৷ ভাষা- অসমীয়া-সংস্কৃত, সাঁচিপতীয়া
পুথি
, ২৪ পৃষ্ঠা, ১৪৯৬ শক৷)

১১.
জ্যোতিষ অংক (বিষয়- ৰাশি গণনা
, গ্ৰহ গণনা, প্ৰশ্ন
গণনা আদি
, ভাষা- অসমীয়া-সংস্কৃত, সাঁচিপাত-তুলাপাতৰ পুথি,         ৫৬ 
পৃষ্ঠা)

১২. চৌষষ্ঠী চূড়া (বিষয়- জ্যোতিষৰ ৬৪ নিয়মৰ নানা তৰহৰ গণনাৰ অংক, ভাষা-
সংস্কৃত
, সাঁচিপাতৰ পুথি, ৩০ পৃষ্ঠা)

১৩. জ্যোতিষ অংক প্ৰশ্ন গণনা (বিষয়- অংকৰ চক্ৰ, নানা
তৰহৰ ছবিৰে গণনা কৰা
, ভাষা- অসমীয়া-সংস্কৃত, ৮২
পৃষ্ঠা)

১৪. জ্যোতিষ চূড়ামণি (বিষয়- গণনাৰ অংক, ভাষা-অসমীয়া, লেখক-
জ্যোতিষ চূড়ামণি
, সাঁচিপাতৰ পুথি, ২৪
পৃষ্ঠা)৷

১৫. ৰাজ মাৰ্ত্তণ্ড (ভাষা- সংস্কৃত, লেখক- বৰাহ-মিহিৰ, বিষয়-
জ্যোতিষ গণনাৰ পুথি
, সাঁচিপাত যেন ডাঠ কাগজৰ পুথি,         ১৮০ পৃষ্ঠা, ১৭৩৪
শক৷)

১৬. গৃহ ভিথিৰ নিৰ্ণয় (বিষয়-জ্যোতিষীয়া গণনাৰে মাটি জুখি ঘৰৰ ভেটিৰ শুভাশুভ
গণনা কৰা
, ভাষা- অসমীয়া, তুলাপতীয়া     পুথি, ১২
পৃষ্ঠা)

১৭. চূড়ামণি অংক পুথি (লেখক- চূড়ামণি, ১০২
পৃষ্ঠা
, ১৭৯৫ শক৷)

১৮. মাটিৰ পাতনি অংক (লেখক- ফকিৰ চন্দ্ৰ দাস, প্ৰাচীন
আখৰৰ এখন বহল কাগজ
, ২ পৃষ্ঠা)

১৯. জ্যোতিষ চূড়ামণি (লেখক- জ্যোতিষ চূড়ামণি, সাঁচিপাতৰ
পুথি
, ৬৪ পৃষ্ঠা)

২০. ক্ষেত্ৰ বুজনিৰ আৰ্য্যা (এখন বহল প্ৰাচীন তুলা কাগজ, ২
পৃষ্ঠা)

২১. অংকৰ কাগজ (এখন বহল প্ৰাচীন তুলা কাগজ, ২
পৃষ্ঠা)

২২. লীলাৱতী অংক পুথিৰ আৰ্য্যা লেখা (লেখক- বকুল
কায়স্থ
, সাঁচিপাতৰ পুথি, ৬৪ পৃষ্ঠা৷)

২৩. সূৰ্য সিদ্ধান্ত (ভাষা- সংস্কৃত, কাগজত লিখা, ১২০
পৃষ্ঠা)

২৪. অংকৰ পুথি (৪৬ পৃষ্ঠা)

২৫. অষ্টবৰ্গী দাস (২৪ পৃষ্ঠা)

২৬. অংকৰ
আৰ্য্যা (লেখক- শ্ৰীকাশীনাথ
, ভাষা- অসমীয়া-সংস্কৃত, সাঁচিপাতৰ
পুথি
, ৭৮ পৃষ্ঠা)

২৭. জ্যোতিষ চূড়ামণি (১৭৪৩ শক,  ৬৪
পৃষ্ঠা)

২৮.  লীলাৱতী অংক (লেখক- কবিৰত্ন দ্বিজ, ভাষা- অসমীয়া, সাঁচিপাতৰ
পুথি
, ১০০ পৃষ্ঠা, ১৭৭৭ শক৷)

২৯. ৰাজবংশাৱলী (ভাষা- অসমীয়া, ২০০ পৃষ্ঠা)

৩০.  লীলাৱতী সংস্কৃত অংক পুথি  (লেখক- ভাস্কৰাচাৰ্য্য, আখৰ- দেৱনাগেৰি, ১০০
পৃষ্ঠা৷)

       এতিয়াও হয়তো এনে বহুতো পুৰণি
অংকৰ পুথি বিচাৰিলে অসমৰ বিভিন্ন স্থানত ওলাব৷

 

প্ৰসঙ্গ পুথি :

১) কৌতুক আৰু
কাইথেলীৰ অংক
,  শ্ৰীদণ্ডীৰাম
দত্ত
, নবজীৱন প্ৰেছ, কলিকতা- ৬, ১৯৬৪ (পঞ্চম
সংস্কৰণ)৷

২) কাইথেলীৰ অংক,  শ্ৰীদণ্ডীৰাম
দত্ত
, কাত্যায়নী মেছিন প্ৰেছ, ২৬ নং
কৰ্ণ ওৱালিছ ষ্ট্ৰিট
, কলিকতা (প্ৰথম
সংস্কৰণ),         ১৯৩০৷

৩) ‘অসমত গণিত চৰ্চা’,
দিলীপ শৰ্মা, অসমত বিজ্ঞান
 
চৰ্চাৰ ধাৰা, সম্পাদকঃ
পৰমানন্দ মজুমদাৰ
, প্ৰিয়বালা প্ৰকাশন, 

     তিনিচুকীয়া, ১৯৯৫৷

৪) ড০ নবীনচন্দ্ৰ শৰ্ম্মা সম্পাদিতঃ কবি বলদেৱ সূৰ্য্যখড়ি দৈৱজ্ঞৰ দৰংগ ৰাজবংশাৱলী, ১৯৭৩৷

৫) Descriptive Catalogue of Assamese
Manuscripts, Hemchandra Goswami,
১৯৩০.

৬) Traditional Science and
Material Culture of Early Assam, Dr
. Dinesh Baishya,  EBS Publishers, ২০০৯.

৭) অসমৰ সংস্কৃতিৰ সম্ভাৰ, মৃগেন শৰ্মাৰ, প্ৰকাশন
পৰিষদ
, ২০০৮ ৷


লেখিকাৰ ঠিকনা :

সহকাৰী অধ্যাপিকা, পদাৰ্থ বিজ্ঞান বিভাগ

ত্যাগবীৰ
হেম বৰুৱা কলেজ

জামুগুৰহিাট,  শোণিতপুৰ, অসম— ৭৮৪১৮০

ভ্ৰাম্যভাষ — ৯৮৫৪৪৯২৩২৬

E–mail:
rasna.rajkhowa@gmail.com

document.getElementById(“Anyayug-month”).innerHTML = ” ফেব্ৰুৱাৰি,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২২”;