বিদিশা দত্ত
(৫)
বেলিৰ পোহৰে হাবিখন
স্পৰ্শ কৰিছে। হাবিৰ ভালেখিনি জন্তু, চৰাই আৰু পতংগ পাহাৰলৈ
বুলি আগবাঢ়িছে। চিম্পিয়েও এইবাৰ দেৱতাৰ সভালৈ নিমন্ত্ৰণ লাভ কৰিছে। ভুচু চিম্পিৰ
বোকোচাত উঠি গৈছে।
সেই বুদ্ধি দিলে
কাকৈয়ে। ভুচুৱে জঁপিয়াই জঁপিয়াই ইমানখন দূৰ কেনেকৈ যাব? তাতকৈ
চিম্পিৰ পিঠিতে বহি গৈ থাকক।
চিম্পিৰ বাৰুকৈয়ে খং
এচাত উঠিছিল। কিন্তু সেইহেন শুভ সময়ত সেইবোৰ আজলমথালি কৰি দেখুৱাব নাপায়। গতিকে
তাই বোকোচাত ভুচুক তুলি লৈ মনে মনে গৈ আছে। ওচৰে–পাজৰে গুবুও উৰি উৰি গৈ
আছে। আগে পিছে অসংখ্য জন্তু আৰু চৰাই।
“টোৰ্-টোৰ্ টোৰ্-টোৰ্,
আমাৰ পাহাৰটো গছেৰে
ভৰপূৰ।
টোৰ্-টোৰ্ টোৰ্-টোৰ্,
দেৱতাৰ সভালৈ কিমাননো
দূৰ!”
ভুচুৰ গান শেষ নহয়হে
নহয়। তাৰ গান শুনি সকলোৰে মুখত হাঁহি বিৰিঙিছে।
ৰ’দৰ তাপ
কিছু চোকা হ’বলৈ ধৰোঁতেই সিহঁত পাহাৰত উঠিলগৈ। ভুচুৱে অবাক
চকুৰে চাৰিওফালে চাই গ’ল। ইমান ধুনীয়া পাহাৰটো! নহ’বনো কিয়? এয়া যে দেৱতা থকা পাহাৰ। কিমান তৰহৰ গছ-লতা!
কিমান তৰহৰ ফুল! ক’ৰবাৰ পৰা ধুনীয়া গোন্ধ এটাও বিয়পি
আহিছে। নিশ্চয় কিবা ফুলৰে গোন্ধ! ভুচুৱে আপোনপাহৰা হৈ চাই গ’ল।
পাহাৰৰ ওপৰলৈ গছ-লতাৰ
পৰিমাণ ক্ৰমান্বয়ে কমি গৈছে। ভুচুহঁত লাহে লাহে চিকমিকাই থকা বালিচন্দাবোৰৰ ওচৰ
পাইছেগৈ।
সিহঁতে ওপৰলৈ চাই
দেখে- ৰংচঙীয়া ফুল-পাত আৰু লতাৰে পাহাৰৰ ওপৰ অংশত ধুনীয়া ডাঙৰ তোৰণ এখন সাজি
থোৱা আছে।
নিমন্ত্ৰিত
জীৱ-জন্তুখিনি গৈ সেই তোৰণৰ তলতে বহিলগৈ। তোৰণখনৰ পৰা অকণমান আঁতৰত মাটিৰ এটা ডাঙৰ
পাত্ৰত পানী থোৱা আছিল। পাত্ৰটোৰ কাষতে আছিল শাক-পাত, ফল-মূল,
পোক-পৰুৱা আৰু মাংস।
কণমানি মটিয়া চৰাই
দুটা আহি জীৱ-জন্তুখিনিক খোৱা-বোৱা কৰি ল’বলৈ অনুৰোধ জনালে।
সিহঁত সঁচাকৈয়ে বৰ
ভোকত আছিল। খোজ কাঢ়ি কাঢ়ি পিয়াহত ডিঙি শুকাই গৈছিল। সকলোৱে আনন্দমনে খাবলৈ
ধৰিলে। কেৱল ভুচুৱেহে ফুৰ্তিতে ক’ব নোৱাৰা হৈ
বালিচন্দাবোৰৰ ওপৰত জপং জপংকৈ ইফাল সিফাল কৰি ফুৰিল।
“ঐ খটাসুৰ, পাছত
খাওঁ বুলি ক’লেও খাবলৈ একোকে নাপাবি দেই। খাই ল’হি আহ!”- চিম্পিয়ে এবাৰ ভুচুক চিঞৰি ক’লে। পিছে
ভুচুৱে কাণষাৰ কৰিলেহে! সি স্ফূৰ্তিতে জঁপিয়াই ফুৰিল।
খোৱা-বোৱা কৰি সকলোৱে
পুনৰ তোৰণৰ তলতে বহিল। দেৱতাৰ সভাতনো কি হয়, কোনেও নাজানে। দেৱতা
দেখিবলৈনো কাৰ নিচিনা, কোনেও নাজানে। সকলোৰে মন উগুল-থুগুল
লাগি আছে।
খন্তেক পাছতে পাহাৰৰ
টিঙত এটা সেউজীয়া বৃত্তৰ সৃষ্টি হ’ল।
“সৌৱা সৌৱা দেৱতা!”
“দেৱতা আহিল!”
জন্তুবোৰৰ মাজত
গুণগুণণি আৰম্ভ হ’ল।
“এই উৎপতীয়াটো
অহাই নাই যে! আহ ঐ বেগেতে আহ, তোক তেনেকৈ থকা দেখিলে দেৱতাৰ
খং উঠিব!”- কোনোবা এটাই চেপা মাতেৰে ভুচুক ক’লে। ভুচুৱে
লৰালৰিকৈ তোৰণৰ তলত বহিলহি।
সকলোৱে সেউজীয়া
বৃত্তটোৰ ফালে চাই বহি ৰ’ল। বৃত্তটোৱে লাহে লাহে ৰং সলাবলৈ
ধৰিলে। সেউজীয়াৰ পৰা এবাৰ নীলা হ’ল, এবাৰ
গোলাপী হ’ল। খন্তেক পাছতে আকৌ কমলা ৰঙৰ হ’ল।
“আশাকৰোঁ সকলো কুশলে
আছে”- ৰংচঙীয়া বৃত্তটোৰ পৰা হঠাতে গম্ভীৰ মাত এটা ওলাল।
“হয় দেৱতা”- সকলো
জীৱ-জন্তুৱে মূৰ দুপিয়াই ক’লে। ভুচুৱে ডিঙি মেলি
মেলি চাইও বৃত্তৰ মাজত কাকো নেদেখিলে।
“দেৱতাই চাগে সহজে
দেখা নিদিয়ে”- কাষতে বহি থকা গুবুৱে ফুচফুচাই ভুচুক ক’লে।
“সকলোৰে ভোজন কৰা হ’ল নে?”-
বৃত্তৰ পৰা পুনৰ মাত ভাঁহি আহিল।
“মোৰ নাই হোৱা দেৱতা”-
ভুচুৱে তপৰাই মাত লগালে।
“কিন্তু কিয়? সকলোৰে
বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছিল।”
“মই…মানে
দেৱতা…. মই ধুনীয়া পাহাৰটো চাই আছিলো”- ভুচুৱে ঘেঁহাই ঘেঁহাই
ক’লে।
সকলোৱে অবাক হৈ ভুচুলৈ
চালে। সামান্য ভয়-ভীতকণো নোহোৱা এইটো কি বস্তু! দেৱতাৰ কথাৰো টপ্ টপকৈ উত্তৰ
দিয়ে!
“ৰ, দেৱতাই
দিব মজা”- চিম্পিয়ে মুখৰ ভিতৰতে ক’লে।
“তুমি কোন?”- গলগলীয়া
মাতটো পুনৰ শুনা গ’ল।
“দেৱতা, মই
ভুচু।”
“ভুচু!! মইতো এইবাৰ কোনো
ভুচুক সভালৈ মতা নাছিলো!”
“কিন্তু দেৱতা, কাকৈয়ে
পাখিটো গুবু আৰু মই, দুয়োকে দিছে বুলি কৈছিল।”
“ভুল কৈছে কাকৈয়ে।
ভুল কৈছে। পাখিটো দিয়া হৈছিল গুবুৰ বাবে। কাৰণ গুবুৱে অতি কম সময়ৰ ভিতৰতে নিজকে
এটা কৰ্মী আৰু সজ জীৱ হিচাপে গঢ়ি তুলিছে।”
“কিন্তু দেৱতা…..”- ভুচুৰ
কথা আধৰুৱা হৈ থাকিল। বতাহ এজাক হো হো শব্দ কৰি বলিবলৈ ধৰিলে। তোৰণৰ দুডালমান লতা
চিঙি তলত পৰিলহি। ৰংচঙীয়া বৃত্তটো কঁপিবলৈ ধৰিলে।
জীৱ-জন্তুবোৰে ভয়তে
ইফালে সিফালে চাবলৈ লাগিল। সকলোৱে বুজিলে- এয়া ভালৰ লক্ষণ নহয়। দেৱতাৰ খং উঠিছে।
দেৱতা অসন্তুষ্ট হৈছে।
“কাকৈয়ে এই বয়সত এনে
ভুল কিয় কৰিব? সভালৈ আহি কোনোবাই ভোজনৰ সময়ত অন্যমনস্ক হৈ কিয় ঘূৰি
ফুৰিব? নিয়ম ভংগ কৰাৰ পৰিণাম কি- সেয়া সকলোৱে জানে। তাৰ
পিছতো নিয়ম ভংগ কৰিবলৈ সাহস কেনেকৈ পায়? কেনেকৈ পায়?”-
কঁপি থকা বৃত্তটোৰ পৰা খঙাল মাতটো ওলাই আহিছে।
ভুচুৱে তেতিয়াও ধৰিব
পৰা নাই, আচলতে হৈছে কি! ইমান ধুনীয়া ঠাইখনত থকা দেৱতাজনৰনো ইমান
পটকৈ খংটো উঠেনে?
“শাস্তি পাবই লাগিব!
শাস্তি পাবই লাগিব!”- প্ৰচণ্ড ঢেৰেকণি এটাৰ দৰে মাতটো বাজি
উঠিল।
তাৰ পাছত কেইটামান
মাত্ৰ মুহূৰ্ত….. কোনোবাই তৰ্কিবলৈ পোৱাৰ
আগতেই ভুচু একেকোবে উফৰি পাহাৰৰ তলত পৰিলগৈ।
ভয়তে সকলোৰে চকু-মুখ
মেল খায়েই ৰ’ল। খন্তেক আগলৈকে স্ফূৰ্তিত জঁপিয়াই
থকা ভুচুৰ এয়া কি দশা হ’ল! আনন্দৰে ভৰি থাকিব লগা দেৱতাৰ
সভাখনত চকুৰ পচাৰতে কি ঘটি গ’ল!
ৰংচঙীয়া বৃত্তটো
তেতিয়ালৈ নোহোৱা হৈছে। বতাহৰ হো-হোৱনি নোহোৱা হৈছে। তোৰণৰ তলত জীৱ জন্তুবোৰ
তেতিয়াও থৰ লাগি বহি আছে।
হঠাৎ গুবুৰ মাত শুনা গ’ল – “ভুচু!
ভুচু ঠিকে আছেনে!”
জন্তুবোৰে যেন সাৰ
তেতিয়াহে পালে। ইটোৱে সিটোৰ মুখলৈ চাবলৈ লাগিল। এৰাতো! ভুচু উফৰি গৈ ক’ত বা
পৰিল! ঠিকেই আছে নে সি!
লাহে লাহে জন্তুবোৰ
ঠিয় হ’ল। এটাও মাত নমতাকৈ, তলমূৰকৈ সিহঁতে
ওভটনি যাত্ৰা আৰম্ভ কৰিলে।
ইফালে হাবিখনত হুলস্থূল
এটা আৰম্ভ হৈছিল। দেৱতাৰ গৰ্জন অকণমানকৈ হাবিলৈকে শুনা পোৱা গৈছিল। ভয়লগাকৈ
বতাহজাক বলা দেখি জন্তুবোৰে অশুভ কিবা এটা ঘটিছে বুলি অনুমান কৰিছিল। তাৰ খন্তেক
পিছতেই ভুচু হাবিখনৰ কাষতে পৰিছিলহি। এনিয়ে তেনিয়ে সিঁচৰতি হৈ পৰিছিল তাৰ পেট,
মুখ, ঠেং, চকু, চিকচিকাই থকা পিঠি।
ভগা চিগা হৈ পৰি থকা
ভুচুক দুটামানে দেখা পালে। হাবিত কথাটো বিয়পি পৰিল। এটা দুটাকৈ প্ৰায় সকলোৱে পৰি
থকা ভুচুৰ ওচৰত ৰ’লহি।
“কি হ’ল?”
“কেনেকৈ হ’ল?”
“ভুচুৱে আকৌ কি জগৰ
লগালে!”
“দেৱতাই এই শাস্তি
কিয় দিলে বাৰু?”
সকলোৰে মুখে মুখে
প্ৰশ্নবোৰ বাগৰি ফুৰিল। কিন্তু উত্তৰ কাৰোৰে ওচৰত নাছিল। সভালৈ যোৱা জন্তুখিনি
ওভতি অহালৈ সকলোৱে বাট চাই ৰ’ল।
document.getElementById(“Anyayug-month”).innerHTML = ” আগষ্ট,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২৩”;