লিথিয়াম— বেটাৰীৰ হৃদযন্ত্ৰ— এক প্ৰতিশ্ৰুতি— এক প্ৰত্যাহ্বান

  ভাৰত বৰুৱা


লিথিয়াম (সংকেত Li)-ৰ নাম নিশ্চয় সকলোৱেই শুনিছে।
এইবিধ মৌলিক ধাতুৱে কেইবাটাও সিদ্ধিজনক কাম কৰিব পাৰে। ই যদি একেবাৰে বিশুদ্ধ ধাতৱ
অৱস্থাত থাকে তেন্তে পানীৰ লগত তাৎক্ষণিক বিক্ৰিয়া কৰি জুইশিখা উৎপন্ন কৰে। আনহাতে
যেতিয়া লৱণ যৌগ হিচাপে থাকে তেতিয়া বাইপ
লাৰ ডিজঅৰ্ডাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। 7Up নামৰ ছফ্ট ড্ৰিংকৰ অৰিজিনেল
ৰেচিপিত এই লিথিয়াম ব্যৱহাৰ কৰা হৈছিল। পিছে এই লিথিয়ামৰ আটাইতকৈ উল্লেখযোগ্য
প্ৰয়োজনীয়তা হ
ল গোলকীয় অৰ্থনীতিত – কিয়নো এই লিথিয়াম
ব্যৱহৃত বেটাৰিৰ দ্বাৰাই যে বৰ্তমানৰ পৰিৱেশৰ সংকটাৱস্থা
দূ
কৰিব পৰা যাব
, সেই কথাত বিজ্ঞানীমহল আৰু ৰাজনৈতিক মহল একমত।
বৈদ্যুতিক যানৰ ব্যৱহাৰৰ যোগেদিয়েই  জীৱাশ্মজনিত শক্তিৰ উৎসৰ প্ৰয়োগ কমাব
, যি আমাৰ পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰিছে। অতিকায় বেটাৰিয়ে বায়ুকল আৰু সৌৰপামৰ
পৰা সংগ্ৰহ কৰা শক্তিক সঞ্চয় কৰিব পাৰিব। ইয়াৰ ফলত কয়লা আৰু প্ৰকৃতিক গেছৰ
শক্তিৰ উৎস হিচা
পে থকা প্ৰয়োজনীয়তা নোহোৱা কৰিব পৰা যাব। এই
লিথিয়াম যুক্ত বেটাৰিয়ে জীৱাশ্মজনিত শক্তিৰ উৎসই যোগান ধৰা
কোৱালিটি
ফ লাইফযোগান ধৰিব পৰাৰ লগতে
পৰিৱেশৰ সংকটাৱস্থাৰ পৰা এই গোলকক বচাব পৰাৰ ইংগিত দি আহিছে

পিছে এই
লিথিয়ামনো কেনেকৈ ইমান চমৎকাৰী
? আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰায় প্ৰতিবিধ বৈদ্যুতিক যন্ত্ৰৰ পৰা
আৰম্ভ কৰি বেটাৰিযুক্ত বৈদ্যুতিক যানলৈকে সকলোতে কম বেছি পৰিমাণে এইবিধ ধাতু
ব্যৱহাৰ কৰা হয়। পিছে আগতে উল্লেখ কৰাৰ দৰে একেবাৰে বিশুদ্ধ লিথিয়াম ধাতুক আমি
বেটাৰিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিম
কিয়নো, ই সামান্য পানী বা জলীয় বাষ্প পালেই বিক্ৰীয়া কৰি বিস্ফোৰিত হব। পিছে, ইয়াক যদি আমি অক্সিজেনৰ পৰমাণুৰ লগত
মিশ্ৰিত কৰি অক্সাইড যৌগ হিচাপে ব্যৱহাৰ ক
ৰোঁ, তেন্তে ইয়াক
বেটাৰীৰ ভিতৰত থিতাপি লোৱাব পৰা যাব আৰু বৈদ্যুতিক শক্তি উৎপন্ন কৰাত ব্যৱহাৰ কৰিব
পৰা যাব। কিন্তু কথা হ
ল এই সামান্যতম লিথিয়ামে নো কেনেদৰে
বৈদ্যুতিক শক্তি উৎপন্ন কৰে
?
 আন এটা কথা হৈছে এই
লিথিয়ামযুক্ত বেটাৰী বোৰ ৰিচাৰ্জেৱল
, অৰ্থাৎ এবাৰ চাৰ্জ শেষ হলে
পু
ৰ বৈদ্যুতিক প্লাগত লগাই দি চাৰ্জ কৰিব পৰা যায়। কিয় এনে
কৰিব পৰা যায়
?
 

প্ৰথমেই আমি
জানিব লাগিব যে লিথিয়াম এবিধ ধাতু আৰু সকলো ধাতুৱেই পৰমাণুৰে গঠিত। আকৌ এই পৰমাণুৰ
মধ্যভাগত থাকে এটা নিউক্লিয়াছ আৰু এই নিউক্লিয়াছৰ ভিতৰত থাকে
মূতঃ প্ৰটন আৰু নিউট্ৰন। এই
বৰ্ণনাৰ সৰলীকৰণৰ বাবে আমি নিউট্ৰ
নক আওকাণ কৰিমকিয়নো লিথিয়ামযুক্ত বেটাৰিত নিউট্ৰনৰ কোনো অৱদান
নাই। পৰমাণুৰ কথা ক
বলৈ গলে হাইড্ৰজেন পৰমাণুৰ পৰা আৰাম্ভ কৰিলে সকলোৰে সুবিধা হ,
 কিয়নো ইয়াৰ মধ্যভাগৰ
নিউক্লিয়াছত এটা মাত্ৰ প্ৰ
টন যিটোত পজিটিভ
চাৰ্জ আৰু তাৰ চাৰিওফালে
ঘূৰা এটা ইলেক্ট্ৰন আৰু ইয়াৰ চাৰ্জ নিগেটিভ,
 গতিকে পৰমাণুত চাৰ্জৰ ভাৰসাম্য
বাহাল থাকে। প্ৰকৃততে পৰমাণুৰ আকাৰ কেনে কোনেও নাজানে। আমাৰ মানৱীয় মগজুৱে
ঢুকি
পোৱাৰ ভিতৰত আমি ধাৰণা
কৰোঁ যে নিউক্লিয়াছত থকা প্ৰটনবোৰৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ চক্ৰাকাৰে ঘূৰি থাকে,
 সৌৰজগতৰ আৰ্হিত। এই ইলেক্ট্ৰনে প্ৰটনৰ
চাৰিওফালে
ঘূৰোঁতে প্ৰতি ছেকেণ্ডত
 বহু হাজাৰ কিলমিটাৰৰ
অতিক্ৰম কৰে। প্ৰতিটো প্ৰ
টন ইলেক্ট্ৰনতকৈ
১৮০০ গুণে গধুৰ। এতিয়া আমি হাইড্ৰ
জেনৰ পৰমাণুৰ ঠাইত যদি
লিথিয়ামৰ পৰমাণুৰ কথালৈ যাওঁ
, তেন্তে পাৰ্থক্য হৈছে লিথিয়ামৰ
নিউক্লিয়াছত এটাৰ সলনি তিনিটা প্ৰ
টন থাকে আৰু সেই তিনিটা পজিটিভ চাৰ্জৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ তিনিটা ইলেক্ট্ৰন থাকে। এতিয়া আহোঁ বেটাৰিত ব্যৱহাৰ কৰাৰ বাবে ধাতুৰ কি ধৰ্মই সহায়ক হয়।
ধাতৱ পদাৰ্থৰ এটা মূল ধৰ্মই হৈছে যে ইলেক্ট্ৰ
ন ত্যাগ কৰিব
পৰা ধৰ্ম। এই ধৰ্মক কোৱা হয়
ইলেক্ট্ৰকেমিকেল
টেঞ্চিয়েল। প্ৰথম প্ৰথম বেটাৰিৰ
ধাৰণাটোও এই
ইলেক্ট্ৰকেমিকেল
 টেঞ্চিয়েল”ৰ পৰাই আৰাম্ভ
হৈছিল। আজিলৈকৈ জ্ঞাত ধাতৱ পদাৰ্থবোৰৰ ভিতৰত লিথিয়ামৰ
ইলেক্ট্ৰকেমিকেল  টেঞ্চিয়েলআটাইতকৈ
বেছি
,
 ৩.০৪ ভল্ট। অন্য দুটামান ধাতুৰ ইলেক্ট্ৰকেমিকেল  টেঞ্চিয়েল মেগনেছিয়ামৰ ২.৩৭ ভল্ট, এলুমিনিয়ামৰ ১.৬৬ ভল্ট, আইৰণৰ ০.৪৪ ভল্ট ইত্যাদি। এই ইলেক্ট্ৰকেমিকেল  টেঞ্চিয়েল
ভিত্তিতেই আজিৰ পৰা প্ৰায় দুশ বছৰৰ আগতেই ভল্টা
  নামৰ বিজ্ঞানী জনে দুই ভিন্ন
ধাতুৰ সহায়ত প্ৰথমবিধ বেটাৰি তৈয়াৰ কৰিছিল। এই একেই
ইলেক্ট্ৰকেমিকেল
  টেঞ্চিয়েলৰ ভিত্তিতে ১৯৯১ চনত ছনীয়ে
প্ৰথম লিথিয়াম আয়ন বেটাৰি প্ৰস্তুত কৰে। লিথিয়ামৰ তিনিটা মুঠ ইলেক্ট্ৰ
নৰ ভিতৰৰত একেবাৰে বাহিৰৰ খোলাত থকা একমাত্ৰ ইলেক্ট্ৰনটো ত্যাগ কৰি লিথিয়াম আয়নৰ (Li+) সৃষ্টি কৰাত
লিথিয়াম সদায় তৎপৰ। এই ইলেক্ট্ৰ
ন ত্যাগ কৰাৰ তৎপৰতাৰ বাবেই
লিথিয়াম বিস্ফোৰকো হ
ব পাৰে
পিছে ওপৰত কোৱাৰ দৰে লিথিয়ামে
যেতিয়া অক্সাইড যৌগ হিচাপে থাকে তেতিয়া ই খুবেই স্থিৰ
, মানে সহজে বিক্ৰিয়া নকৰে। এতিয়া
কথা হ
ল আমি লিথিয়ামৰ পৰা বেটাৰী বা বৈদ্যুতিক শক্তি তৈয়াৰ কৰিবলৈ হলে এনে এটা যতন কৰিব লাগিব যত সহজে ইলেক্ট্ৰন এৰি দিয়া আৰু অক্সাইড হিচাপে একেবাৰে স্থিৰ বা নিৰ্বিকাৰ দুয়ো ধৰণৰ
লিথিয়াম দৰকাৰ হ
ব। এনে এক ব্যৱস্থা লাগিব যত লিথিয়ামে নিৰৱিচ্ছিন্নভাৱে আৰু নিয়ন্ত্ৰিত হাৰত
ইলেক্ট্ৰ
নৰ যোগান ধৰি থাকিব,
 অৰ্থাৎ বৈদ্যুতিক শক্তিৰ যোগন
ধৰি থাকিব। আৰু যেতিয়া চাৰ্জ সম্পূৰ্ণ ৰূপে শেষ হৈ যাব তাক পু

চাৰ্জ কৰিব পৰা যাব। কেনেকৈ সম্ভৱ হয় এই প্ৰক্ৰিয়া
?
 কিভাৱে লিথিয়ামক নিয়ন্ত্ৰিত
হাৰত ইলেক্ট্ৰ
ন ত্যাগ কৰোৱা হয়? আমাৰ ভৰতীয় জীৱন দৰ্শনত এষাৰ
কথা আছে- ভোগ বিলাসত মত্ত নহ
বা, পিছে সকলো ত্যাগ কৰি লাওলোৱা হবলৈও
কোৱা নাই
,
 ত্যাগ কৰি ভোগ কৰিবা। ঠিক তেনেদৰেই লিথিয়াম আয়ন বেটাৰিতো লিথিয়ামক একধৰণৰ
ৰাসায়নিক বান্ধোনৰদ্বাৰা নিয়মিত
, কিন্তু নিয়ন্ত্ৰিত হাৰত ইলেক্ট্ৰন ত্যাগ কৰিবলৈ বাধ্য কৰাই আমাৰ ইলেক্ট্ৰনিক
যন্ত্ৰবিলাকত ব্যৱহাৰ উপযোগী কৰি তোলা হৈছে

প্ৰথমেই চিন্তা
কৰা হওক লিথিয়াম অক্সাইডৰ স্থায়ী অৱস্থাৰ কথা। অক্সিজেনৰ লগত বান্ধ খাই থকা
অৱস্থাত লিথিয়ামে কোনো ধৰণৰ বিক্ৰিয়া নকৰে ( চিত্ৰ-১ক)। এইবাৰ কোনো উপায়েৰে যদি
লিথিয়াম পৰমাণুক অক্সিজেনৰ পৰা আঁতৰ কৰিব পৰা যায়
,
তেন্তে তৎক্ষণাত স্বতঃস্ফুৰ্তভা
ৱে লিথিয়াম আয়ন আৰু ইলেক্ট্ৰনৰ সৃষ্টি হয় (চিত্ৰ-১খ)। এইবাৰ মুক্ত লিথিয়াম আয়ন
 (Li+) আৰু ইলেক্ট্ৰ (e-)-ক যদি দুটা ভিন্ন পথেৰে পু
লিথিয়াম অক্সাইড অৱস্থালৈ
ঘূৰাই নিব পৰা যায়, তেন্তে পুৰ স্থায়ী যৌগ পোৱা যাব আৰু লগতে
বৈদ্যুতিক শক্তি উৎপন্ন কৰিব পৰা যাব (চিত্ৰ-১গ)

এতিয়া আহোঁ লিথিয়াম আয়ন বেটাৰিৰ ভিতৰচৰাত কেনেদৰে ওপৰৰ
প্ৰণালী প্ৰয়োগ কৰা যাব। চিত্ৰ-২ক ত দেখুউৱা হৈছে বেটাৰি চাৰ্জ কৰা প্ৰক্ৰিয়া
,
 অৰ্থাৎ, বেটাৰিৰ বাওঁফালে থকা লিথিয়াম
অক্সাইড (লগতে নিকেল
, Ni, অক্সাইডো থাকে) পৃষ্ঠক পজিটিভ
উৎসৰ লগত আৰু সোঁফালে থকা গ্ৰেফাইট পৃষ্ঠক নিগেটিভ উৎসৰ লগত সংযোগ কৰা হয়। যিহেতু
ইলেক্ট্ৰ
নৰ নিজা নিগেটিভ চাৰ্জ ইহঁত পজিটিভ উৎসৰ ফালে আকৰ্ষিত হয়। আনহাতে পজিটিভ লিথিয়াম
আয়ন নিগেটিভ উৎসৰ ফালে আকৰ্ষিত হয়। গতিকে দেখা গ
ল যে বেটাৰি প্লাগত সংযোগ কৰি চাৰ্জ কৰা মানে বেটাৰিৰ ভিতৰত থকা স্থায়ী লিথিয়াম অক্সাইডৰ
বান্ধোন ভাঙি অস্থায়ী ইলেক্ট্ৰ
 (e) আৰু লিথিয়াম আয়নৰ (Li+) সৃষ্টি কৰা হল।
চিত্ৰ-২ খ ত দেখুউৱাৰ দৰে চাৰ্জ প্ৰক্ৰিয়া যেতিয়া সম্পূৰ্ণ হয়
, তেতিয়া বাওঁফালে থকা লিথিয়াম আয়ন আৰু ইলেক্ট্ৰ
দুয়োবিধ গৈ সোঁফালে থকা গ্ৰেফাইটত জমা হয়গৈ। ইয়াতে লক্ষণীয় যে গ্ৰেফাইটে ৰসায়নিক
বিক্ৰিয়াত ভাগ লোৱা নাই
, কেৱল লিথিয়াম আয়ন
আৰু ইলেক্ট্ৰ
নৰ আশ্ৰয়স্থল হিচাপে কাম কৰিছে। এই অক্সাইড আৰু গ্ৰেফাইটক বিভক্ত কৰি ৰাখে এক জুলীয়া পদাৰ্থই, যাক ইলেক্ট্ৰলাইট বোলা হয়। এইবিধ ইলেক্ট্ৰলাইটৰ এক বিশেষ গুণ হল যে ই কেৱল লিথিয়াম আয়নকহে
ইয়াৰ মাজেৰে পাৰ হ
বলৈ দিয়ে। আনহাতে ইলেক্ট্ৰন বাহিৰৰ চাৰ্কিটেৰে গ্ৰেফাইটলৈ যায়। এই ইলেক্ট্ৰলাইটৰ
লগত এক বিশেষ ধৰণৰ “ছেপাৰেট
ৰ” ব্যৱহাৰ কৰাৰ বাবে এনে কাৰ্য
সম্ভৱ হয়। এই চেপাৰেট
ৰৰ আন এক কাম হ
যে
, কিবা কাৰণত যদি বেটাৰিৰ তাপমান বাঢ়ি গৈ ইলেক্ট্ৰলাইটৰ
জুলীয়া পদাৰ্থ বাষ্পীভূত হয় তেন্তে ছৰ্ট-চাৰ্কিট হৈ বেটাৰিৰ বিস্ফোৰণ হোৱাত বাধা
দিয়ে

চিত্ৰ-২(খ)ত
দেখুউৱা সম্পূৰ্ণ চাৰ্জ হৈ থকা অৱস্থাটো প্ৰকৃততে এক অস্থায়ী অৱস্থা। গতিকে
লিথিয়াম আয়ন আৰু ইলেক্ট্ৰ
নবোৰ পুনৰ লগ হৈ লিথিয়াম অক্সাইড গঠ কৰাৰ বাবে উচপিচাই থাকে। গতিকে আমি যেতিয়াই এই সম্পূৰ্ণ চাৰ্জ থকা বেটাৰী
কোনো যন্ত্ৰৰ লগত সংযোগ ক
ৰোঁ তেতিয়াই ইলেক্ট্ৰনবোৰ বাহিৰৰ চাৰ্কিটেৰে আৰু লিথিয়াম আয়নবোৰ ইলেক্ট্ৰলাইটৰ মাজেৰে বাওঁফাললৈ যাবলৈ ধৰে আৰু পুনৰ লিথিয়াম অক্সাইডৰ ৰূপ লয়গৈ
(চিত্ৰ-৩)। ইলেক্ট্ৰ
নবোৰ এই বাহিৰৰ চাৰ্কিটেৰে প্ৰৱাহিত
হোৱা প্ৰক্ৰিয়াটোকেই আমি বেটাৰিৰ দ্বাৰা সৃষ্টি হোৱা বৈদ্যুতিক শক্তি বা
ইলেক্ট্ৰিচিটি বুলি কওঁ
এই ইলেক্ট্ৰনৰ প্ৰৱাহ যেতিয়া বন্ধ হয় (চিত্ৰ-৩খ) তেতিয়া আমি ডিচচাৰ্জ অৱস্থা বুলি কওঁ আৰু
বেটাৰি পুনৰ চাৰ্জ কৰিব লগা হয়।

বৰ্তমান সময়ত এই
লিথিয়াম নামৰ ধাতুবিধৰ চাহিদা ইমানেই বাঢ়িছে যে বৈদ্যুতিক যানৰ বেটাৰীৰ বাবে
দৰকাৰী লিথিয়ামৰ অভাৱ সাম্প্ৰতিক খনিবোৰে পুৰাব পৰা নাই। বিগত কেইবা দশক ধৰি
নেভাডাত থকা ছিলভাৰ পীক্ নামৰ খনিটোৱেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেখত ল
বলগীয়া লিথিয়ামৰ উৎপাদক আছিল। এই ছিলভাৰ পীক লাছ ভেগাছ আৰু ৰিনচহৰৰ মাজভাগৰ এটা শুকান হ্ৰদৰ অংশ মাথোঁএই সৰু খনিটোৱে লিথিয়ামৰ উৎপাদন দুগুণ হাৰত কৰিবলৈ লৈছে যদিও বহু প্ৰতিদ্বন্দ্বী খনিৰ উদ্ভৱ হৈছে। পিছে এই নতুন লিথিয়ামৰ খনিবোৰে অন্য এক লেঠাৰ সৃষ্টি কৰিছে।
বৈদ্যুতিক যানৰ প্ৰচলনে যাতায়াত ব্যৱস্থাৰ পৰা হোৱা প্ৰ
দূষণ, মানে গ্ৰীণহাউছ গেছৰ নিৰ্গমন কমাব। নৰ্থ কেৰলাইনাৰ
চাৰ্লট চহৰৰ পিডম
’ণ্ট লিথিয়াম নামৰ কোম্পানিটোৱে চহৰৰ পৰা
প্ৰায় ৩০ মাইল দুৰত গা
ষ্টন নামৰ ঠাইত
  ১৫০০ একৰৰ এটা নতুন খনি তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে।
গা
ষ্টন অঞ্চলত এক ধৰণৰ প্ৰকাণ্ড শিলৰ আৱেষ্টনী আছে আৰু এই শিলবোৰত স্পডোমিন
বা লিথিয়াম এলোমিনিয়াম ইনচিলিকেট (
LiAlSi2O6) নামৰ এবিধ মিনাৰেল পোৱা যায় আৰু ই লিথিয়ামৰ এক প্ৰধান
উৎস। এই উৎসৰ পৰা সহজে লিথিয়াম হাইড্ৰ
ক্সাইড তৈয়াৰ
কৰিব পৰা যায় আৰু তাৰ পৰা অতি সহজে বেটাৰিত ব্যৱহাৰ কৰিব পৰা যায়।
এই খনি স্থাপন কৰিব পাৰিলে লিথিয়ামৰ চাহিদা কিছু পৰিমাণে পূৰাব পৰা যাব আৰু পৰিৱেশ প্ৰদূষণ কম কৰাত অৰিহণা
যোগাব। পিছে এই খনি স্থাপনত বহু বাধা আহি পৰিছে। পিডম
ণ্ট
লিথিয়ামৰ পৰিকল্পনা হৈছে ৫০০ ফুট দ
 চাৰিটা মুক্ত খাদ তৈয়াৰ
কৰা। কিন্তু এই খনি তৈয়াৰ কৰিবৰ বাবে বহু ঘৰ উচ্ছেদ কৰাৰ লগতে খেতিৰ মাটি আৰু অৰণ্য ধ্বংস কৰিব লাগিব
, কেইবাটাও নিজৰাৰ
গতিপথ ৰুদ্ধ হ
ব। এই অঞ্চলত বসতি কৰা কিছু লোকে
তেওঁলোকৰ মাটি কোম্পানিক বিক্ৰী কৰিলে যদিও আন বহুতে এই খনি স্থাপনৰ বি
ৰোধিতা কৰিছে। নৰ্থ কেৰলাইনাৰ স্থানীয় ৰাজনীতিকসকলে
আৰু ৰাজ্যিকমহলে এতিয়াও পিডম
ণ্ট লিথিয়াম খনিৰ কাম আৰম্ভ
কৰাৰ আৱেদন স্বীকাৰ কৰা নাই। এক শ্ৰেণীয়ে মতপোষ
কৰিছে যে
লিথিয়ামৰ খনি কৰাতকৈ নৰ্থ কেৰ
লাইনাত সৌৰকল আৰু বায়ুপাম স্থাপন কৰাটোহে বেছি সমীচীন হ

ইফালে লিথিয়ামৰ
চাহিদা এই কেইবছৰ মানত এক মিলিয়ন মেট্ৰিক টনলৈ বাঢ়িল। গোলকীয় লিথিয়ামৰ উৎপাদন
দুগু
হৈছেগৈ। নেভাডাৰ ছিলভাৰ পীক্ খনিয়ে বছৰে মাত্ৰ ৫০০০ মেট্ৰিক
টনহে উৎপাদন কৰিবলৈ সক্ষম আছিল। সম্প্ৰতিক ৬০ মিলিয়ন ডলাৰ ব্যয় কৰি কৰা প্ৰসাৰৰ
ফলত ২০২৪-ৰ ভিতৰত এই বাৰ্ষিক উৎপাদন ১০০০০ মেট্ৰিক টন হোৱাৰ সম্ভাৱনা আছে। এই
ছিলভাৰ
 পীক খনিটো একালত ৰূপৰ খনিহে আছিল। প্ৰায় পাঁচ দশক মানৰ আগত শিলাখণ্ডৰ উপৰি জুলীয়া পদাৰ্থৰ পৰাও লিথিয়াম সংগ্ৰহ কৰিব পৰা প্ৰযুক্তি আৰম্ভ হোৱাৰ পৰা এই খনিত
লিথিয়াম উৎপাদন কৰাটোহে বেছি লাভজনক বুলি পৰিগণিত হ
ল।
পিছে আৰম্ভণিতে এই খনিৰ লিথিয়াম বেটাৰী প্ৰযুক্তিৰ বাবে প্ৰয়োগ হোৱা নাছিল

 এই ছিভাৰ
পীক খনি
টো আচলতে এটা শুকাই যোৱা হ্ৰদৰ ওপৰত অৱস্থিত। আকৌ সেই
হ্ৰদটোৰ
তলতো এটা মৃত জ্বালামুখী আছে। এই মৃত জ্বালামুখীৰ
গৰ্ভ লিথিয়ামেৰে সমৃদ্ধ। খনিৰ কৰ্মীয়ে এই শুকান হ্ৰদৰ পৃষ্ঠভাগ খনন কৰি ছিদ্ৰ কৰি
পাইপ সুমুৱাই পাম্পৰ জৰিয়তে ব্ৰাইন অৰ্থাৎ লৱণযুক্ত পানী বাহিৰ কৰে। এই লৱণ পানীৰ
লগত যুক্ত হৈ থাকে লিথিয়াম। এই ব্ৰাইন বহু সংখ্যক তৰাং
বাষ্পীকৰণ
পুখুৰী
ত শুকোওৱাৰ পাছত যেতিয়া দ্ৰৱীভুত লিথিয়াম ঘনীভুত হয়
তেতিয়া ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা লিথিয়াম কাৰ্ব
নেট পাউডাৰ
তৈয়াৰ কৰি বস্তাত ভৰাই বিক্ৰী কৰা হয়। পিছে ইয়াত উৎপন্ন হোৱা লিথিয়াম কেৱল
বৈদ্যুতিক যানৰ বাবেই ব্যৱহাৰ কৰা নহয়
,
 যদি হয়ো তেন্তে বছৰি মাত্ৰ ৩০০-ৰ পৰা ৪০০ হাজাৰ মান বৈদ্যুতিক যানৰ চাহিদাহে পুৰাব পাৰিব। সেই ফালৰ পৰা গোলকীয়
বজাৰত ছিলভৰ পীকৰ অৱদান সিমান গুৰুত্বপূৰ্ণ নহয় কিয়নো যান-উদ্যোগে ইতিমধ্যে বছৰি
এক মিলিয়নৰো বেছি বৈদ্যুতিক যানৰ নিৰ্মাণ কৰে। ছিলভাৰ পীক খনিৰ দৰে পৃথিৱীৰ বহু
লিথিয়াম খনিয়ে উৎপাদন দুগুণ কৰিবলৈ উঠি-পৰি লাগিছে। এই তৎপৰতাৰ উদ্দেশ্য বুজিবলৈ একেবাৰে
সহজ। ইয়াত কোনো ধৰণৰ গোলকীয় পৰিৱেশ প্ৰ
দূষণ কম কৰাৰ
চেতনাৰ
  কথা নাই। মূল কাৰণ হৈছে লিথিয়ামৰ মূল্য তিনিগুণ বাঢ়িছে। মূল্যবৃদ্ধি আৰু
বৰ্ধিত উৎপাদনে এই কোম্পানিবোৰৰ লাভৰ হাৰ বহু গুণে বঢ়ালে আৰু লিথিয়াম
 উৎপাদনৰ বাবে এই কোম্পানিবোৰে
পুৰাদমে কাম কৰি গৈছে

পূৰ্বতে উল্লেখ
কৰা পিডম
ণ্ট লিথিয়ামৰ দৰে সৰু কোম্পানিবোৰে বিংশ শতিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুটামুটি লিথিয়ামৰ চাহিদা পূৰ কৰিছিল। পাছত দক্ষিণ আমেৰিকা আৰু
অষ্ট্ৰেলিয়াৰ খনিবোৰত সুলভ মূল্যত লিথিয়াম পোৱাৰ পৰা এইবোৰ কোম্পানিৰ লিথিয়ামৰ
চাহিদা কমিল। এতিয়া যিহেতু বৈদ্যুতিক যানৰ বেটাৰীৰ বাবে লিথিয়ামৰ চাহিদা বাঢ়িছে
এই কোম্পানিৰ বিনিয়োগকাৰীসকলেও লাভৱান হোৱাৰ সুযোগ দেখিবলৈ পাইছে। লগতে আমেৰিকাৰ
যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক মহলতো এই কথাৰ গুৰুত্ব তথা সজাগতা বাঢ়িছে কাৰণ সম্মুখত আছে লিথিয়ামৰ
চাহিদা
,
 ইয়াৰ লগত জড়িত অৰ্থনৈতিক সম্ভাৱনা, গোলকীয় বহুল বজাৰ দখল কৰাৰ
সোণালী সুযোগ ইত্যাদি। লগতে এক শংকাও আছে যে
, যদি চীন দেশে গোলকীয় লিথিয়ামৰ
বজাৰখনত বেছি দৃ
ভাৱে খোপনি পুতিব পাৰে, তেন্তে ২০৫০ চনৰ ভিতৰত চীন সামৰিক আৰু
অৰ্থনৈতিক দিশৰ পৰা গোলকীয় ছুপাৰ পাৱাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এবিধ
সামান্যতম খনিজ ধাতুৱে যে গোলকীয় ৰাজনৈতিক তথা অৰ্থনৈতিক বতাহ
  সলনি কৰিব পাৰে
সেয়াহে সাঁথৰ যেন লাগে

তথ্যসুত্ৰ :

১) ডেভিড বৰাকচ, এন. পি. আৰ.

২) কেমিলা ডস্কি, এন. পি. আৰ.

 

ঠিকনা :

Bharat Baruah, Ph.
D.

Associate
Professor

Department of
Chemistry and Biochemistry

Kennesaw State
University

370 Paulding
Avenue, MD#1203

Kennesaw, GA 30144

Office SL4015, Lab
SL4045

Phone
470-578-2654, Fax: 470-578-9137

E-mail: bbaruah@kennesaw.edu

http://facultyweb.kennesaw.edu/bbaruah/

https://scholar.google.com/citations?user=2qax6nEAAAAJ&hl=en