পানী হিলৈ

 

গোৱিন কুমাৰ
খাউণ্ড

(যোৱা সংখ্যাৰ পৰা)

মৃগাংকৰ মুখৰ পৰা
ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে।
অসংযতভাৱে মৃগাংক ভিতৰ সোমাই গ
ল। চাকিটো হাতত লৈ পিছে পিছে সোমাই গ
মিলিটেৰী।

 তাতে শুই দে।চাকিটো থৈ
মিলিটেৰীয়ে ক
লে।

বৰদেউতা, মই মদ
খালোঁ আজি
, বহত খালোঁ, খাই খাই মৰি যাম মই। ঘৰতো শান্তি নাই।
বাহিৰতো শান্তি নাই।

চুপ
থাক। গাত কেৰাচিন ঢালি জুই লগাই দিম তোক।

লগাই
দিয়ক। আমি ল
ৰাবোৰে ভাবি থাকোঁ এটা, সেই বৃদ্ধ ছাত্ৰই কয় এটা। আমি শদিয়াৰ পৰা
ধুবুৰীলৈ ছাত্ৰবোৰে প্ৰতিবাদ কৰিম অসমৰ স্বাৰ্থত, সি বুঢ়াই প্ৰতিবাদ কৰে তাৰ নিজৰ
স্বাৰ্থ পূৰণৰ বাবে। তাৰ ৰং সলনি হৈ গ
ল।… সৰগীৰ নিচাত মৃগাংকই বহু কথাই কৈ
ল। মৃগাংকক আন্ধাৰৰ মাজত এৰি মিলিটেৰী ৰং- তুলিকাৰ টেবুলখনৰ ওচৰ
পালেহি। এখন আন্ধাৰ ছবিয়ে চাকিৰ পোহৰখিনি কাঢ়ি নিব বিচৰা সময়ত মিলিটেৰী সংযত হ
ল। 

শৰৎ শৰ্মাৰ সৰগীয়ে কিদৰে জৰিগুৰিৰ ডেকাবোৰৰ অনিষ্ট সাধন কৰিছে সেই কথা আকাশে-বতাহে শুনাকৈ চিঞৰি চিঞৰি কবৰ মন গৈছে যদিও ধৈৰ্য ধৰি চকীখনত বহি
আছে মিলিটেৰী। নীলৰ মুখখনৰ লগতে হিমানীৰ
মুখখন চাকিৰ পোহৰত মধ্যযুগৰ ছবি এখনৰ দৰে জিলিকি উঠিছে। হিমানীয়ে এদিন
কৈছিল-অসমীয়া এটা আৱেগিক জাতি। সেই আৱেগৰ যেতিয়া জোৱাৰ উঠে সেই সময়ত সাংঘাতিক
একতা দেখা পোৱা যায়। বহিৰাগতবোৰ উচপ খাই উঠে
থৰকাচুচি হেৰুৱায়।
শেষত একেই উদাসীনতা আৰু আলস্যই ঘেৰি ধৰে সকলোকে। সবাহ ভগাৰ পাছত ঘৰাঘৰি গুচি যোৱা
মানুহবোৰৰ দৰেই হৈ পৰে। শেষত এটা উৎসৱ আহিব। 
উৎসৱৰ বতাহত হৈ-হাল্লা কৰি নিজক পাহৰি যাব। সেয়েহে আমাক বহিৰাগতবোৰে
,
ৰাজনৈতিক
নেতাবোৰে কেৰেপো নকৰে ।

 এয়া কেৱল হিমানীয়ে কোৱা কথাই নহয়। ৰাজনৈতিক
নেতাবোৰে আন্দোলনকাৰীক নাকত ধৰি চাকত ঘূৰাই আহিছে। সিহঁতে চক্ৰবেহুত সুমুৱাই নেতাবোৰক ফাল
ফাল কৰে, ডবাখেলৰ সৈন্য হিচাপে নানান সুবিধাবাদীয়ে ব্যৱহাৰ কৰি নিজৰ নিজৰ  সুবিধা আদায় কৰি লয়। নিজৰ মাজতে তৰ্ক-বিতৰ্ক
,
হাই-কাজিয়া
কৰি  পাশাখেলৰ গুটি হৈ পৰে অসমীয়া। তৈল-মৰ্দন
, বক্ৰ আৰু চমু
পথেৰে গৈ অসমীয়াই ভিক্ষাৰীৰ বেশ লয়।

    কথাবোৰ ভাবি মিলিটেৰী মুক হৈ বহি আছে। কিমান
চেষ্টা কৰিলে সৰগীক উচ্ছেদ কৰিবলৈ, মদৰ পৰা ল
ৰাবোৰক ৰক্ষা
কৰিবলৈ। শেষত নিজেই সমাজৰ শত্ৰুৰ দৰে হৈ পৰিল। আজিকালি বহুতেই নামাতে। কেইটামান দিনৰ আগলৈকে কেইটামানে টকটকাই আছিল
, এতিয়া মাত নাই। দুই-এজনে দুখ কৰি কয়-

 আমিও সেই একেই। কিছুমানে কষ্ট কৰি মেধা
আৰু অধ্যৱসায়েৰে যোগ্যতা অৰ্জন কৰে। নিজৰ কাম নীৰৱে
, শান্তিৰে কৰি
যায়। সেই কাৰণে হক কথাতো মাত নামাতে। শতৰু গোটাই কাৰোবাৰ ৰোষত পৰিব নোখোজে। চৌপাশৰ
অন্যায়-অবিচাৰবোৰ দেখি কষ্ট পায়
, ক্ষোভিত হয়। নিৰুপায় সিহঁত।

 কিয়, নিজৰ ঘৰতে যদি
অসমীয়া নিৰুপায়
?’ মিলিটেৰীয়ে ক্ষোভেৰে সুধিছিল। 
ভাগৰি পৰিব খোজাজনে কৈছিল-

 ৰাজনৈতিক আৰু সামাজিকভাৱে তেওঁলোক
শক্তিহীন। কেতিয়াবা ক
ৰবাত এটাদুটা টিপ্পনী দিয়ে। তাতেই চুপ থাকে। খুজি কিল খাব
নোখোজে।কিছুমান কিন্তু নোমটেঙৰ। কাৰ ভৰিত ধৰি কেনেকৈ সকলো সৰকাই  প্ৰথম বেঞ্চত ছিট উলিয়াই বহিব পাৰি তেওঁলোকে
জানে।

 আমাৰ দধী লেখাৰুহঁতৰ দৰে।এজনে
কৈছিল।

দধীৰ নাম শুনিব
নোখোজে মিলিটেৰীয়ে। সমাজত মানুহৰ ৰং মিলিটেৰীয়েও চিনি পায়। প্ৰতিভাৰ বলত  সমাজৰ আগশাৰীত থকা কিছুমানৰ কিছু দুৰ্বলতা
থাকে। তেওঁলোকে বহু সময়ত মানুহৰ ভাল-বেয়াৰ পাৰ্থক্য ধৰিব নোৱাৰে। সুবিধাবাদীয়ে  পাকচক্ৰত সুমুৱাই লৈ মৰালৈকে এইসকলৰ তেজ শুহি
থাকে।

চাকৰিমুখী
প্ৰৱণতাৰ বাহিৰে আন কামত দক্ষতা অৰ্জন কৰিব নোৱৰাতো অসমীয়াৰ দুৰ্বলতা বুলিয়েই
পৰিচিত হৈছিল। ব্যৱসায়-বাণিজ্যত অসমীয়াৰ ধৈৰ্য নাই।কষ্ট নকৰাকৈ কম সময়তে ধন ঘটাত বা চমু
পথেৰে  নাম অৰ্জন কৰাত বা অপ্ৰয়োজনীয়
অভিলেখ অৰ্জন কৰাত আৰু প্ৰয়োজনাধিক ভোগ বিলাস আৰু ৰং-ৰহইচত ব্যস্ত মানুহখিনিৰ
কথাই মিলিটেৰীক অশান্তি দিয়ে। তেওঁ নিজেও একো কৰিব পৰা নাই।ব্ৰিটিছৰ দিনত কানিয়ে খোৱা জাতিটোৰ বহু ডেকা-গাভৰুক এতিয়া
চৰকাৰীভাৱে যোগান ধৰা সুৰাই কোঙা কৰিছে। অসুস্থ পুত্ৰক লৈ বৃদ্ধ পিতৃ-মাতৃ ঘূৰি
ফুৰিছে চিকিৎসকৰ দুৱাৰে দুৱাৰে। বিনাই ফুৰিছে পুত্ৰৰ চিকিৎসাৰ সাহায্য বিচাৰি।

 মিলিটেৰী বহাৰ পৰা উঠি আহিল। মনত পৰিল
কেইদিনমানৰ আগতে  সংগঠন এটাৰ নেতা এজনে
কোৱা  কথাবোৰ। জনগোষ্ঠীৰ নামত আন্দোলন কৰি
থকা ল
ৰাটোক বাটতে পাই মিলিটেৰীয়ে সুধিছিল-

এইবাৰ
কি ক
লে অʼ
?’

কি ক
আৰু! সেই একেখিনিয়েই।
নেতাজনে কৈছিল।

তথাপি…।  ছয় জনগোষ্ঠীৰ নামতনো কি চলি আছে
মিলিটেৰীৰ জানিবলৈ মন গৈছিল। নেতাজনে  লাজ
লাজকৈ কৈছিল- সকলো গৈ নিৰ্দিষ্ট সময়ত সভাকক্ষত উপস্থিত হ
লোঁ। সভাকক্ষলৈ গৈ
মই কি কি দেখিলোঁ আপোনাক ক
বলৈকে বেয়া লাগিছে।

কি
দেখিলি
? নেদেখিব লগা কিবা দেখিলি নেকি?”

সভাকক্ষত সোমাই
গৈয়ে দেখিলোঁ চাহ মিঠাইৰ আড়ম্বৰপূৰ্ণ আয়োজন। ক্ষোভত জ্বলি থকা আমাৰ নেতাবোৰে খঙতে টপৰা টপৰে চাহ মিঠাই খোৱাত লাগিছে।
কোনোবাই আকৌ খঙতে দুই প্লেটো উঠাই আনিছে। মুঠতে এখন এল পি স্কুলৰ দুপৰীয়া আহাৰৰ
সময়ত হোৱাৰ দৰে গহীন-গম্ভীৰ পৰিৱেশ। এইবোৰ দেখি মই আকৌ ফুৰ্টিতে পানী এগিলাছো খাব
নোৱাৰিছো। এজন সৈনিক হিচাপে বহু দিশ জুকিয়াই মনতে বহু কথা ভাবি বহি আছো- চিচি টিভি কেমেৰাত আমাৰ নেতাবোৰৰ খং দেখি কম
ভয় খাইছে নে বাৰু ৰজাঘৰীয়াই
?  তাৰে
মাজত আকৌ কেইজনমানে বিভিন্ন তথ্য লৈ আহিছে
, মনতে ভাবিলোঁ আজি
সঁচাই যুঁজ এঘড়ী দিম বুলি হয়তো ভাবি আছে।

 নেতাই কৈ গৈছিল, মিলিটেৰীয়ে শুনি
গৈছিল। তাৰ পাছত নেতাই আকৌ কৈছিল- প্ৰায় চল্লিছ মিনিট মানৰ পাছত ৰজাঘৰীয়া আহিল।
আহিয়েই আৰম্ভ কৰি দিলে “বাবাহঁত বেয়া নাপাবি
, অলপ দেৰি হল।
  তহঁতক অমুকটো কৰি দিছো
, তমুকটো
কৰি দিছোঁ
, আকৌ কি হল। তাৰ পাছতে সভাখন আনুষ্ঠানিকভাৱে আৰম্ভ হল। আমাৰ পুৰোধা
ব্যক্তি এজনে ক
লে, ‘আমাৰ উপায় নাই, মানুহক আৰু কিমান মিছা কথা কʼ? আমাক বাচিবৰ বাবে
উপায় এটা দিয়ক।
কেইজনৰ কথা শুনি মোৰ গাটো অলপ বেয়াই লাগিল। কাণখন গৰম হৈ আহিল আৰু বাকী কি কি কলে নুশুনিলোঁ।
কিবা ভাল কথাই কৈছিল চাগে
, মিছ হে হৈ গল মোৰ। তাৰ পাছত
আৰু দুজনমানে ক
লে।

 কি কলে?’ মিলিটেৰীয়ে
কৈছিল।

ৰজাঘৰীয়াই খুব মৰমত বুজাই দিলে,
চা বাবা, তহঁতক জনজাতিকৰণ দিবলৈ কোনো অসুবিধাই নাই। খালি এই অমুক-তমুক
জনগোষ্ঠীকেইটাইহে আজল-মঠালি কৰি আছে। কিছুদিন অপেক্ষা কৰ। সিহঁতক বুজাই মেলি চব
ঠিক কৰি আছোঁ মই।” আমাৰ দুজনমানে
চিধাই বুজি পালে আমাৰ জনজাতিকৰণৰ অসুবিধাটো ক
ত। কেইটামানে আকৌ
ওলোটাই ধৰিছিল। বদমাছকেইটাক লগে লগে ৰাও ৰাওকৈ ধৰি বহাই দিলে  দুজনে।

কিয় বহাই দিলে?
বলৈ
দিব লাগিছিল।
মিলিটেৰীৰ চিধা কথা।

 তেওঁলোকৰ লগতে ৰজায়ো একেসুৰে কলে,
বাবা ইমান ধুনীয়া পৰিৱেশ এটাত আলোচনা চলিছে, বিনষ্ট কিয় কৰাঁ,
বেয়া
কথা এইবোৰ।
তাৰ পাছত জনজাতিকৰণ সন্দৰ্ভত সুদীৰ্ঘ পাঁচ মিনিট জোৰা নিৰৱচ্ছিন্ন
আলোচনাৰ অন্ত পৰিল। তাৰ পাছত মাথোঁ তিনিঘণ্টামান আলোচনা হ
ল।

অন্ত পৰাৰ পাছত
আকৌ কিহৰ আলোচনা হ
?’ মিলিটেৰীয়ে সোধোঁ বুলিয়েই সুধিলে।

সেইখন ব্যক্তিগত আলোচনা। প্ৰায় প্ৰতিটো
সংগঠনে লগত লৈ যোৱা নিজা নিজা স্মাৰক পত্ৰসমূহ তেখেতক দিবলৈ হেতা-ওপৰা লগাই টেবুলৰ কাষ পালেগৈ। আমাক লাগে
, তমুক লাগে।”
মুঠতে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰৰ দিনত যে গাঁৱে গাঁৱে অভাৱ-অভিযোগৰ আবেদন লৈছিল
তেনেকুৱা হ
ল।

তুমি কিহৰ আৱেদন দিলা ?’ মিলিটেৰীয়ে
খঙেৰে সুধিলে।

মই মনে মনে বহি ৰজাৰ মুখলৈ তধা লাগি চাই
থাকিলোঁ পানী হিলৈ চোবাই চোবাই।

কথাবোৰ ভাবি
থাকোঁতেই ভিতৰৰ পৰা মৃগাংকই মাত দিলে-
 বৰদেউতা।চাকিটো লৈ
মিলিটেৰী ভিতৰ সোমাই গ
ল। অৰণ্য ফালি সোমাই অহা চেঁচা বতাহৰ দৰে গাটো চেঁচা পৰি গৈছিল নেতাৰ
ভয়ংকৰ ৰূপ দেখি। বতাহ
, বৰষুণ, গাজনি, ঢেৰকনি ফালি দুচকু তিয়াই
উশাহৰ ঘৰলৈ ক্ৰোধিত বতাহ এছাটি সোমাই আহিছিল। নিশাহত ওলাই গৈছিল বেদনাৰ গধুৰ নিশ্বাস।

 কি হ?’ মিলিটেৰীয়ে
ভেকাহিৰ সুৰত ক
লে।

মোক
ঘৰত থৈ আহকগৈ বৰদেউতা। দেউতাই দৰব নিবলৈ দিছিল। মোৰ পকেটতে থাকিল। অ
ʼ বৰদেউতা।

হুমহ…।

আপোনালোকে ইমানবোৰ
মানুহ মৰিবলৈ দি এই দলটো কিয় খুলিছিল
?’

কোনটো।

কি কোনটো?

আমাৰ
দেউতাই যে দিনে- ৰাতিয়ে কৈ থাকে এই হাতী পাৰ্টীটো। বিদেশী খেদা আন্দোলনত প্ৰাণ
আহুতি দিয়া ছহিদৰ স্মাৰক বনোৱা  দলটোৱে
দেখোন আকৌ বিদেশী আনিবলৈহে উঠি-পৰি লাগিছে। কি ভয়ানক দুমুখীয়া সাপ এটা জন্ম দিলে আপোনালোকে।

এমুঠি ভাতৰ কাৰণে
সকলোৱে ছহিদৰ নাম লৈ প্ৰভুৰ পিছে পিছে ল
ৰ ধৰে। প্ৰভুৰ কাষত কামৰ মূল্য চৰ,
ভুকু,
কিল
পায়
তাতো যে চবেও পায় আনন্দ, সিংহৰ সন্তানবোৰো গাধ হৈ পৰিল। শৰৎ
শৰ্মাই ঠিকেই কৰিছে।

 কি ঠিক কৰিছে। তহঁতৰ দৰে ডেকাবোৰক মদ খুৱাই
খুৱাই মাৰিছে।

আমি
নমৰো বৰদেউতা
,  আমাক মাৰিব
নোৱাৰে।

এতিয়াও বাকী
আছেনে মাৰিবলৈ। কিছুমান বেমাৰৰ লক্ষণ দেখা দিয়ালৈ জীৱন শেষ হ
ʼবৰে হয়। আমাৰ ৰোগ কেতিয়াবাই ধৰা
পৰিছিল। কিন্তু ডাক্টৰবোৰে ভুল চিকিৎসা চলাই আহিছে। দৰৱৰ ওপৰত দৰৱ খুৱাই খুৱাই একো
দৰৱে কাম নিদিয়া শৰীৰ এটা লৈ চলিহে আছোঁ আমি। কিন্তু নমৰে দেই। শৰৎ শৰ্মাহঁতে
অসমীয়াক মাৰিব নোৱাৰে।”

চাকিৰ পোহৰত
মিলিটেৰীৰ মুখখন খং আৰু ক্ষোভত ৰঙা পৰি গৈছিল।

মৃগাংকৰ লাজ
লাগিছে। দেউতাকৰ দৰে মানুহজনক অপমান কৰা যেন অনুভৱ হোৱাত বহুপৰ মিলিটেৰীৰ মুখলৈ
 চাই থাকিল সি।

(আগলৈ)