ফিনিক্স চৰাইৰ গান

কাৱেৰী কাশ্যপ বৰা
ন্ধাৰত ডুব গৈ থকা কোঠাটোত লাহে লাহে
সূৰুযৰ প্ৰথম ৰেঙ
নি
কেইডালমান বাঁহৰ বেৰৰ ফাঁকেৰে সৰকি আহিছিল। অলপ পাছত মা আহি খিৰিকীৰ চিটকাণীডাল
খুলি খিৰিকীখন মেলি দিয়াত পোহৰ হৈ পৰিছিল কোঠাটো। চকুত ঘপহকৈ চাত মাৰি ধৰা পোহৰত
খপজপকৈ সাৰ পাই বিচনাতে ব
হিলোঁ
   মা মোৰ মুখলৈ চালে। ময়ো
চালোঁ
;
 বয়সতকৈ
আগতেই বৃদ্ধ হোৱা মোৰ পঞ্চা
বছৰীয়া মা।
   ঠিক মই ভবাৰ দৰেই একো নামাতি লাহেকৈ ওলাই গ’ল
মা কোঠাটোৰ পৰা।
   জানো একো নকয় তেওঁ। মাত্ৰ অলপ দেৰিৰ পাছতেই নেমু চৰ্বত এগিলা বনাই আনি দি যাব মোক। লাহেকৈ উঠি গৈ মুখখন ধুলোঁ। ঘড়ীটোলৈ চালোঁ; আবেলি দুই বাজিছে।
   বহুত দেৰি হৈ গৈছিল ইতিমধ্যে। লৰালৰিকৈ
মা
যতনাই দিয়া
চৰ্বতগিলাচ পি চকীত পৰি থকা চাৰ্টটো পিন্ধি ওলাই গ’লোঁ।
   একেটা ছাৰ্ট আজি এসপ্তাহ ধৰি পিন্ধি আছে! ধুই দিম বুলি ভাবিছিলোঁ আজি। মানুহ কেনেকৈ ইমান লেতেৰা হ’ব পাৰে!’’
   ভিতৰৰ পৰা মায়ে কোৱা কথাকেইষাৰ আহি কাণত
পৰিছিল যদিও উলটি গৈ তাৰ উত্তৰ দিবলৈ মোৰ সময় নাছিল।
   আধা ৰাস্তাত বাইকখন বন্ধ হৈ গ’ল।
পৰহিয়েই তেল ভৰোৱা
, শেষ চাগৈ। তেল ডিপুত আকৌ ধাৰ কৰিবলৈ ঠেলি লৈ গৈ থাকিলোঁ বাইকখন।
  : ‘‘সদায় সদায় আৰু কিমান ধাৰলৈ দিম দাদা? মালিকে কথা শুনামোক; নোৱাৰিম দাদা, চাকৰি পৰা খেদি দিব মোক।’’
  : ‘‘তোক লেক্সাৰ দিবলৈ কোৱা নাই! তেল দে।
বাকী তোৰ চাকৰি মোৰ ওপৰত এৰি দে। মালিকক কৈ দিবি মই কোন
!’’
  একো
নামাতি তেল দুই লিটাৰ ভৰাই দিলে ৰণীয়ে।
  কলেজৰ
সমুখ
পালোঁগৈ। আৰু কেইটামান দিনৰ পাছত কলেজ ইলেক্শ্যন। উৎকণ্ঠা, ভয় সকলোৱে যেন একেলগে আহি ধৰা
দিছেহি মোক
;
 সংগঠনত যোগ
কৰা পাছৰ পৰাই প্ৰতি বছৰে এয়াই হৈ আহিছে। এইবাৰৰ ফলাফল কি হ’ব মই নাজানো
, মাত্ৰ মনেপ্ৰাণে বিচাৰি আছোঁ মোৰ আশেপাশে থকা মানুহবোৰ কুশলে থাকক। নিৰ্বাচনৰ নামত হোৱা অভদ্ৰামীৰ চূড়ান্ত
ৰ্যায় আজি কেইবাটাও বছৰে দেখি আহিছোঁ। কালি ৰাতিও বহু তৰ্ক হৈ গৈছে বিপৰীত
পাৰ্টীৰ লগত।
 সংযম
হ’বলৈ নিশিকাৰ বাবেই তোৰ যতমানে অশান্তি…
’’— মায়ে
সদায়েই কৈছিল। আজি
কালি অৱশ্যে ক’বলৈ বাদ দিছে মায়ে মোক
কোনো কথা।
  : ‘‘অহ! তই হ’বলা আহি ইয়াত ভাব সাগৰত ডুবি
আছহি
?’’
 অৰণ্য দাদাৰ মাততহে যেন হুচ
আহিল মোৰ। জ্বলাই লোৱা চিগাৰেট্টো প্ৰায় হাততেই শেষ হ’ল
!
  : ‘‘বৌ চিগাৰেট্ আৰু এটা দিয়ক।’’
  : ‘‘কিমান সদায়েই বাকী দিম? যোৱা মাহৰ পইচাও তুমি দিয়া নাই।’’
  : ‘‘আৰে বৌ, দিয়কনা… দিমতো! এদিন
বহুত ধনী হৈ যাম চাব
, তেতিয়া ডনেট্
কৰিম আপোনাৰ দোকানত টকা
!’’
  : ‘‘হ, হৈছে হৈছে দিয়া! লোৱা …!’’
  খঙত
বৌৰ মুখখন ৰঙচুৱা হৈ পৰা ভালকৈয়ে দেখি
ছিলোঁ,
 উপায় নাছিল। চিগাৰেট্  নহ’লে দিন নচলে আৰু হাতত টকা নাই!
  : ‘‘কেতিয়া আহিলা তুমি?’’
  : ‘‘হ’ল অলপ দেৰি’’
  : ‘‘ময়ো অলপ আগত!’’
  : ‘‘আৰু অহাৰ পৰা এইদৰে কি ভাবি আছিল আপুনি?’’
হাঁহি হাঁহি
অৰণ্য দাদাই সোধা প্ৰশ্নটোত উত্তৰ দিবলৈ মোৰ একো নাছিল আচলতে।
  : ‘‘বাদ দিয়া, কাম কিমান
হৈছেগৈ
?’’
  : ‘‘প্ৰায় শেষেই হৈছে, অপেন্ কেম্পেইনিং ভাল হৈছে যথেষ্ট, আমাৰ
প্ৰাৰ্থীৰ পৰা কিবা এটা আশা কৰিব পাৰি
!’’
  : ‘‘আশা? হাঃ হাঃ
হাঃ
  …!’’
  : ‘‘বাদ দে, কিবা এটা খাই আহোঁ ব’ল।’’
  : ‘‘আকৌ বাকীত ৰমেন খুৰাৰ গুম্টি নে?’’
  : ‘‘আৰুনো কি কৰিবি? হাতত পইচা অলপো নাই!’’

  : ‘‘ব’লা।’’
ৰমেন খুৰাই আগবঢ়াই দিয়া শুকান ৰুটী আৰু ঘুগুনীৰ প্লেটখন দেখি উমান পালো মোৰ ভোক লাগিছিল।
কেঁচা পিঁয়াজটুকুৰাত একামুৰ মাৰি অৰণ্যদালৈ
চালোঁ। খোৱাত ব্যস্ত সি। দেখিলেই জনা যায় কালিৰ পৰা একো
খোৱা নাই সি।
: ‘‘এইদৰে আৰু কিমান দিন অৰণ্য দা?
: ‘‘মানে?’’
: ‘‘সকলো জানিও নজনাৰ ভাও নধৰিবা।’’
: ‘‘আস! নাজানো।‘’’
   জানো; সি একো উত্তৰ নিদিয়ে। আচলতে উত্তৰ
বুলিবলৈ একোৱেই নাই। জীৱনটো আউল লাগে এইদৰেই হয়তো! হয়তো সেইবাবেই মাজে মাজে ডায়ে
ৰিলিখোঁ… “I am fগ্ধগ্ধগ্ধগ্ধগ্ধগ্ধ done with this life!“
কথাই প্ৰতি
হতাশা
, কথাই প্ৰতি নিজৰ সৈতে অভদ্ৰামী কৰাতো স্বভাৱত পৰিণত হৈছে যেন এতিয়া!
ৱাট্ছ্এপৰ
নটিফিকে
শ্যনৰ্ শব্দটোত উলিয়াই চালোঁবাইলটো।
ৰঞ্জনাৰ মেছেজ।
আবেলি
ওলাই যাম
,
 দেৰি নকৰিবি৷”
ৰিপ্লাই দিয়াৰ
প্ৰয়োজনবোধ নকৰিলোঁ
, কাৰণ তাই মোৰ উত্তৰ বা ৰিপ্লাইলৈ বাট
নাচায়
, মাত্ৰ আদেশ দিয়ে!
হাঁহি এটা
বাগৰি গৈছিল হয়তো মোৰ ওঁঠৰ ওপৰেদি
!
ৰঞ্জনা’…
জীৱনটোৰ পৰা কোনোদিন হয়তো মচি পেলাব নোৱৰাকৈ বুকুৰ নিভৃত কোণত
  খুদিত হোৱা এটা নাম। প্ৰেম? আস নহয়! এখন মুকলি আকাশ; মোৰ ৰসহীন জীৱনটোৰ প্ৰিয় বন্ধু তাই। একো স্বাৰ্থ নোহোৱাকৈ চলি গৈ থকা এটা
সম্পৰ্ক। প্ৰেমতকৈ
 ৰ্ধ্বত এই সম্পৰ্ক; সেয়া আমি জানো।
কষ্টৰ সময়বোৰত
মই
  তাইৰ কাষলৈ যাওঁ; হালি পৰা গছ এজোপাৰ দৰেই তুলি ধৰে তাই মোক, বুজাইবঢ়াই
সাহসৰ মসৃণ বাটটোৰ ৰেখা এডাল টানি দিব পাৰে অনায়াসে তাই মোৰ সমুখত। কোনো আশা অথবা
আকাংক্ষা নোৱাৰাকৈ সামৰি ৰাখে তাই মোক। তাই জানে এই বে
চিজিল
ল’ৰাটোৰ হুমুনিয়াহবোৰৰ আঁৰৰ কথা। তাই জানে সমাজক লৈ থকা মোৰ সপোনবোৰৰ কথা।
: ‘‘মোক আচলতে এটা বন্দুক লাগিছিল!’’
: ‘‘মোক গুলীয়াবলৈ নে?’’
: ‘‘ধৈ!’’
: ‘‘কৈ যা৷’’

: ‘‘কি ক’ম? তই কি নাজান?’’
: ‘‘নাজানো৷’’
: ‘‘জানিবিনো
কেনেকৈ! কিবা জানো খবৰ ৰাখ তই
? দেশখনত
কি হৈ আছে
?’’
: ‘‘কি কৰিম মই জানি? তোৰ ভাষাতটো মিড্ল ক্লা চেণ্টিমেণ্ট্ লৈ জীয়াই আছোঁ মই!
: ‘‘সেই কোনোবা
যুগতেই খঙত কোৱা কথাষাৰ আজিলৈকে ভাল মনত ৰাখি থৈছ
!’’
: ‘‘মনত ৰাখিবলগীয়া।’’
: ‘‘মই মাত্ৰ তোক
সেইদিনা আমাৰ ধৰ্ণা কাৰ্যসূচীৰ বাবে তোৰ চিনাকিখিনিক আহিবলৈ ক’বলৈ কৈ
ছিলোঁ; তোৰ চিনাকি যথেষ্ট আছিল তেতিয়া  কলেজত।’’
: ‘‘তোক প্ৰথমৰ পৰাই
কৈ আ
হিছোঁ… তোৰ ৰাজনৈতিক মেৰপাকলৈ মোক নাটানিবলৈ।
: “হ’ব মোৰ গোসাঁনী, মোৰেই যত ভুল!”
: “মেইন কথা ক…
কি ক’বলৈ লৈছিলি
?”
: “চা… আজি
কিমানটা বছৰে চৰকাৰখনে আমাক অকল শোষণ কৰি আছে
, নিজকেই
চা ইমানগাল পা
ৰ্চেণ্টেইজ লৈও তই চাকৰি এটা পাম বুলি ক’ব নোৱাৰ!
আৰু এনেকৈয়ে
 ১৯৪৭- স্বাধীনতাৰ
পাছত….
: “এই ৰহ অ’! হ’লনে
আৰু তোৰ! মা কছম! মেজাজটো গৰম হৈ থকাত ওলাই আহি
ছিলোঁ তোৰ লগত
আৰু আৰম্ভ কৰি দিলি তোৰ বিপ্লৱী ক
ণ্ঠ! প্লিজ নট্ নাও!”
: “কে!”
: “মুখ নুফুলাবি
প্লিজ এতিয়া
; আই নিড্ এ
চিগাৰেট্
!”
পকেটৰ পৰা চিগাৰেট্ এটা উলিয়াই জ্বলাই আগবঢ়াই দিলোঁ তাইক; মাজে
মাজে মোক সাহস দি থকা ছোৱালীজনী এইদৰে ভাগি যায়। কেতিয়াবা যদি পঢ়াৰ প্ৰেছাৰ
, কেতিয়াবা চাকৰি, কেতিয়াবা ঘৰৰ সমস্যা আৰু
কেতিয়াবা পাহৰিব নোখোজা তাইৰ অতীত।
থাকক তাইৰ কথাবোৰ তাই বিচৰাৰ দৰে মেলিব নোখোজা পৃষ্ঠাকেইটাই
হৈ থাকক।
মই জ্বলাই দিয়া চিগাৰেট্টো হুপি হুপি তাই
চাই থাকে
 চিনাকি ঘাটৰ সূৰ্যাস্ত। আমি কথা পাতিবলৈ
প্ৰায়েই এই ঘাটলৈ আহো। ৰঞ্জনাৰ সূৰ্যাস্ত খুব প্ৰিয় আৰু এই ঘাট
 চিনাকি ঘাট।
: “পৰহিলৈ ইলেকচন!”
: “জানো।
: “হুম্; আমি জিকিম নে?”
: “কথাবোৰ তই ভবাৰ
দৰেই হওক।
ঠিক তেনেকুৱাতেই ফনটো বাজি উঠিল।
Incoming call….
অৰণ্য দা...
ঔষধ-ছেলাইনৰ সংমিশ্ৰিত মৃত্যুময় গোন্ধ এটা থেলি-হেঁচি আগুৱাই গ’লোঁ। মোৰ লৰালৰি দেখি কৰিডৰটোৰে পাৰ হৈ যোৱা নার্ছ দুজনীয়ে ঘপহ্কৈ ৰৈ মোৰ ফালে চাই ৰ’ল। ৰুম নাম্বা ৩৯,৩৮,৩৬…৩৪!
’.পি.ডি.- ৩৪ ৰুমটোলৈ
সোমাই গ
’লোঁ
মূৰত বেণ্ডেজ লগাই হস্পিটেলৰ বেডত শুই আছে
সুমন। বেডৰ এ
মূাৰে তলমূৰ কৰি অৰণ্য দাক বহি থকা দেখা
গ’ল। ইটো মূৰে কন্দনামুৱা হৈ বহি আছে সুমনৰ মাক আৰু
ছেলাইনটো
এটোপ এটোপকৈ নিগৰি আছে।
: “কেনেকৈ হ’ল
এইবোৰ
?”
: “নাজানো; হঠাতে এখন স্কৰ্পিঅ আহিল ল’ৰাকেইজনমান নামিল, মই ফনত কথা পাতি থাকোঁতেই সিহঁত…!”
: “তই ওলোটাই
নিপিটিলি কিয় সুমন
?”
: “মোৰ ভয় লাগিছিল!
কিবা ক’বলৈ যাওঁতেই মূৰত কিহবাই পিছফালৰ পৰা খুব জোৰকৈ মাৰিল তাৰ পাছত আৰু মোৰ একো
মনত নাই।
একো নামাতিলোঁ; গুচি
আহিলোঁ
, মই জানো মই ক’লৈ যাব লাগিব এতিয়া।
ক্লাব হাউৰ দুৱাৰখন খোলা আছিল, চিধাই সোমাই গ’লোঁ। সমুখত মদৰ বটল লৈ বহি আছে বিপৰীত সংগঠনৰ কেইবাটাও ল’ৰা। মোক দেখি
সিহঁতৰ মুখত অ
ট্টহাস্য। মাজতেই বহি থকা প্ৰণয়ক কলাৰত ধৰি
প্ৰায়
  চোঁচৰাই
নিলোঁ বাহিৰলৈ। কথাবোৰ ইমান তৎক্ষণাৎ হ’ল যে কোনেও একো ধৰিব নোৱাৰিলে।
কুকুৰ তোৰ যদি বুকুত সাহস
আছে সমুখৰ পৰা লাগিবলৈ নাহিলি কিয়
?
 কাপুৰুষৰ
দৰে মোৰ লগৰ ল’ৰাক পিছফালৰ পৰা মাৰি তই একো সাহস দেখুওৱা নাই
; দম আছে যদি মোৰ লগত লাগি দেখুৱা। মোক মাৰ! চাল্লা চু…… জাত!’’
তাক তাতেই গঁতিয়াই পেলাই থৈ
কোবাকুবিকৈ গুচি আ
হিলোঁ তাৰ পৰা। মই কঁপিছিলোঁ ক্ৰোধত!
: “কি পালি ইমান
হিৰ’ দেখুৱাবলৈ গৈ
?”
: “মোৰ খং উঠিছিল। সিহঁতে
কিয় সুমনক একো দোষ নোহোৱাকৈ পিটিব
?”
: “তহঁতৰ এইবোৰ
প্ৰতি বছৰেই দেখি আ
হিছোঁ ইয়ালৈ অহাৰ পৰা। কলেজ ইলেকচন নহয়
যেন অন্য কিবাহে
!”
: “বাদ দে !”
: “বাদ দিয়াৰ কথা
নহয়! জীৱনটো এনেকেই যদি শেষ কৰি দিম ভাবিছ কৰি থাক একো নকওঁ।
: “বিশ্বাস ৰাখ, কিবা এটা কৰিম মই।
: “কি কৰিবি…? সংগঠনত সোমাই নুফুৰি এইদৰে
মাৰ-পিট
,
ধৰ্ণা নিদিয়াকৈও সমাজৰ বাবে কৰিব পৰা অনেক কাম আছে।
: “জানো!”
: “যাওঁ মই; কাইলৈ ৰাতিপুৱা সোনকালে ওলাই
আহিবি
; আশ্ৰমলৈ যাবলৈ আছে।
: “ম্
চাহৰ বিল্ দি ৰঞ্জনা গ’লগৈ। তাইক লগ পোৱা আজি ছটা বছৰে
দেখি আ
হিছোঁ, মাহটোত এদিনৰ বাবে হ’লেও অলপ
দূৰৈৰ অনাথ আশ্ৰমখনলৈ যায়
  আৰু
তাইৰ লগে লগে মই।
নিজৰ পঢ়াৰ লগতে পুৱাগধূলি তিনিচাৰিটাকৈ টিউশ্যন কৰাৰ পাছতো আচৰিত কৈ ফ্ৰেশ্ব্ হৈ থাকে তাই। ইমানখিনি ব্যস্ততাৰ মাজতো তাই মোৰ দৰে অলগদ্ধ এটালৈ সময়
উলিয়া
। মোৰ অনেক দুখৰ বিননি শুনি শুনি শেষ হোৱাৰ পাছত
কেতিয়াবা তাই নিজৰ কথা দুই
এটা কয়। জানো, বুকুত লৈ ফুৰিছে তাই অন্তহীন গাথা! তাই নেদেখা হোৱালৈকে মই তাইৰ কথাই
ভাবি থা
কিলোঁ। হাতৰ টিপতে তাই দি যোৱা পইচাকেইটা পার্ছত ভৰাই লাহেকৈ ওলাই আহিলোঁ হোটেলৰ পৰা।
সুমনে দুদিনতে বহু ভাল পালে। আজি তাৰ
ৰিলিজ্ লৈ ঘৰত থৈ আ
হিলোঁগৈ আমি। ইলেকচনলৈ মাজত আৰু এটা
দিন! সেইদিনা হোটেলত চাহ খোৱাৰ পাছৰ পৰা ৰঞ্জনাক লগ পোৱা নাই
, তাই ব্যস্ত বুলিয়েই নিজক সান্ত্বনা দি ফ
এটাও মই নিজে কৰা নাই।
তাৰ পৰি ইলেকচন্!

**********
   পাঁচ বছৰ পাছৰ কথা...
   পুৱতি নিশাৰে পৰা এৰাব নোৱৰা ব্যস্ততাৰ মাজতো বুকুৰ ধপ্ধপনি একেই আছিল সেইদিনা; ক্ৰমান্বয়ে
বৃদ্ধি পাইছিল
; ইলেকচন্, আৱেগ, বিৱে, জয় অথবা
পৰাজয়ৰ মাজত উলমি ৰৈছিল আমাৰ সময়। মহাবিদ্যালয়ৰ ইলে
কচ
বুলি ক
লেই তেতিয়া কিবা আচৰিত এক পৰিৱেশ দেখা গৈছিল; হয়তো এতিয়াও যায়, ত কিছু পৰিমাণে বিৰক্তি,
 কিছু পৰিমাণে উৎকণ্ঠা লগতে কিছু আশাও দেখা গৈছিল। ছাত্ৰ ৰাজনীতিৰ নামত মদমাংসৰ বিলনীয়া কাৰ্যসূচীৰ পাছৰ দিনাই এখন কলেজৰ এবছৰৰ বাবে জনমত দিয়াৰ
দিন কলেজ ইলে
কচনৰ সেই বিশেষ দিন
ত ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ আখৰা কৰাৰ
দৃষ্টান্তও দেখা যায়
, আনহাতে বছৰেকীয়া কলেজৰ বিহু বুলিও
ধৰিব পাৰি সেই ইলে
কচন। নাচ, গান,
 নানান ফূৰ্তি লগতে উৎপাত মিলি সেই বিশেষ দিনটো সঁচাই বিশেষ কৰি ৰখা হয়।
   সেইদিনাও তেনেকুৱাই হৈছিল। সম্পূৰ্ণ তিনিটা মাহৰ কষ্টৰ ফল
আবেলি আমাৰ জয়যাত্ৰাৰে হৈছিল। হাঁহি
চকুপানীৰে মিশ্ৰিত সেই
আবেলিটোত মই পাহৰি পেলাই
ছিলোঁ অন্য কিবা কথা। হুলস্থূল
গান
নাচ আদিৰ সেই আবেলিটোৰ অন্ত বহুত দেৰিকৈ হৈছিল
সেইদিনা। কেইবাঘ
ণ্টাও পকেটত ভৰাই থোৱা মবাইলটো উলিয়াই লৈ চাওঁতেই হতবাক হৈছিলোঁ
   মনত আছে এতিয়াও মবাইলৰ পাৱাৰ বুটামটো
অন্
কৰোঁতেই স্ক্ৰীত জিলিকি
ৰৈছিল— “
15 missed calls and 3 messages from Ranjana’’
ধৈৰ্য নাছিল একোৰে। একোৰে ধৈৰ্য নাছিল। ৰাস্তা ফালি প্ৰায় এশ কিলমিটাৰ/ ণ্টাৰ স্পীডত
সেইদিনা বাইক্ চলাইছিলোঁ
 মই
ৰঞ্জনাৰ ৰুমলৈ বুলি।
   বহু দেৰি হৈ গৈছিল! ৰাতি দহ বজাত ভাৰাঘৰৰ সমুখত থকা মানুহৰ
ভিৰ ফালি আগুৱাই গৈ দেখিছিলোঁ
 ফেনত
উলমি আছিল ৰঞ্জনাৰ শৰীৰ…!
উলমি আছিল বগা কুৰ্তী পৰিহিত এজনী তেই বছৰীয়া গাভৰু। যি হাতে তাই মোৰ কপালত বুলাই দিছিল আদৰৰ স্পৰ্শ, সেই হাত নিৰ হৈ উলমি আছিল সেইদিনা! উলমি আছিল চিনাকি  নদীৰ ঘাটত
সূৰ্যাস্ত চাই হাঁহি হাঁহি বালি খেলি ভাল পোৱা সেই দুটা ভৰি
!
   মই সেইখিনিতেই সেইদিনা বহি থাকিলোঁ বহু সময়। এঘণ্টামানৰ পাছত পুলিচে আহি ৰঞ্জনাৰ
শৰীৰটো তললৈ নমোৱা
, এম্বুলেঞ্চত উঠাই লৈ যোৱা… এই সকলো
মোৰ বাবে সপোন দেখি থকা কথাৰ দৰে হ’ল। চাৰিওফালে হৈ থকা মানুহৰ হাই-উৰুমি
, অনেক চিঞৰ-বাখৰ একোৱেই যেন মোৰ কাণত নোসোমাল। লাহেকৈ খোজ দিলোঁ ঘাটৰ ফালে; সেই ঘাট,
য’ত অনেক আবেলি পাৰ হৈছিল আমাৰ।
   সকলো যেন একেই আছিল; ৰাতিৰ
আন্ধাৰতো যেন দেখি
ছিলোঁ সেই বালিবোৰত অনেক খোজ...
মাত্ৰ ৰঞ্জনা নাছিল!
   নাছিল… সেইদিনা ৰঞ্জনা নাছিল। সেই মুহূৰ্তত মই উপলব্ধি কৰিছিলোঁ চিৰদিনৰ বাবে হেৰাই
গৈছে ৰঞ্জনা মোৰ কাষৰ পৰা
, এই পৃথিৱীৰ পৰা। অহৰহ মোৰ
হাতখনত ধৰি মোক সাহস দি থকা ছোৱালীজনীয়েই শেষত হাৰ মানিছিল জীৱনৰ আগত
!
ম’বাইলটো উলিয়াই লৈ খুলি চালোঁ তাইৰ
শেষৰ মেছেজকেইটা..
.
   “মই আৰু নোৱাৰিলোঁ… মই নোৱাৰিলোঁ৷
মোৰ অতীতৰ সেই গুহাৰ পৰা ওলাই আহিব মই নোৱাৰিলোঁ। কালি ৰাতি অতীতে আকৌ এবাৰ আহি খুন্দা মাৰিলেহি;
 অনেক সংযম আৰু সযতনে পুনৰ সজাই
লোৱা জীৱনটোত আকৌ জঁট লগাবলৈকে সি আহিল। অনেক বছৰৰ আগত কৰি অহা সেই এটা ভুল
; যি ভুল  বন্দী হৈ ৰৈছিল
তাৰ কেমেৰাত। বিশ্বাস কৰ… মই জনা নাছিলোঁ
; মই
জনা নাছিলোঁ প্ৰেমৰ নাম দি সি যে বন্দী কৰি ৰাখিছিল আমাৰ অনেক নিবিড় সময়
   “তোক ফন কৰিছিলোঁ কেইবাবাৰো; বুজিছোঁ, আজি তোৰ হাতত মোৰ বাবে সময় মুঠেও নাই আৰু সেয়া স্বাভাৱিক। তথাপি হয়তো কৰবাত এবাৰলৈ মই তোক
বিচাৰি
ছিলোঁ! মোক মাফ কৰিবি… মাফ কৰিবি মোক…”
শেষবাৰলৈ তোক এটা কথাই কওঁ  জীৱনটোক এটা গতি
দিবি
   পঢ়ি শেষ কৰিছিলোঁ সেই শেষৰ তিনিটা
মেছেজ।
নিজক নিজেই কৈছিলোঁ আৰু কোনোদিন
এই ন
ম্বৰৰ পৰা মেছেজ নাহে! কোনোদিনেই নাহে ‘মই ৰৈ আছো
সোনকালে আহ’ বুলি কৰা আ
ব্দাৰৰ মেছেজ!!
সমস্ত বুজিছিলোঁ; মাত্ৰ মই
কান্দিব পৰা
নাছিলাঁ, অদ্ভুত ভয় এটাই ছানি ধৰিছিল যেন মোৰ
চৌপাশ। বুকুখনত কৰবাত যেন কোনোবাই জোৰ জোৰকৈ হাতুৰীৰে কোবাইছিল..
.
…. ৰঞ্জনা নাই…ৰঞ্জনা নাই! গুচি গৈছে ৰঞ্জনা… কিয়  ৰঞ্জনা? কিয়??? তোক…. তোক কৈছিলোঁyou can’t die
before me and if you will i will kill you twice”
 মই
এতিয়া ক’লৈ যাওঁ
? কান্দিবলৈ
কাৰ ওচৰলৈ যাওঁ মই
? ৰঞ্জনা…???
   সেইদিনা তাইৰ মৃত্যুৱে  শিকাই
গ’ল মোক অনেক কিবা
; যি
কথা তাই জীয়াই থকা সময়খিনিত মোৰ প্ৰতিদিনেই কোৱাৰ পাছতো বুজি
নাপালোঁ মই। তাই শিকাই থৈ গ’ল অনেক দায়িত্ববোধৰ কথা।
  গোটেই ৰাতি ঘাটত বহি কটোৱাৰ পাছদিনা  ৰাতিপুৱাই
ঘৰলৈ উভতি আহিয়েই সেইদিনা
লিখিছিলোঁ সংগঠনৰ পৰা পদত্যাগৰ আৱেদন জনাই লিখা দৰ্খাস্তখন। ওচৰতে ৰৈ সকলো দেখি থকা মা সেইদিনা বহুত বছৰৰ পাছত মূৰত হাত বুলাই দিছিল মোক আৰু মাক সাবটি চিঞৰি চিঞৰি  কান্দি
পেলাইছিলোঁ মই...
   আজি পাঁচ বছৰৰ পাছত ডায়েৰিৰ পাতত টুকি আছোঁ এই সমস্ত কথা। নজনাকৈয়ে সৰি পৰিছে দুটোপাল লোটক।  পাঁচটা বছৰৰ
পাছতো সেই অভিশপ্ত আবেলিটো আজিও মোৰ বাবে সমানেই প্ৰভাৱশালী যিমান প্ৰভাৱশালী সেই
দিনটোত আছিল। ৰঞ্জনাই শিকাই থৈ গ’ল জীৱনটোৰ এটা গতি লগো
ৱাটো কিমান জৰুৰী আছিল।
   জীৱনৰ এই পৰ্যায়ত উপনীত হোৱাৰ পাছত মই যদি এতিয়া পিছলৈ ঘূৰি চাব খোজোঁ নিজৰ ভুলৰ বাদে আন একো দেখা নাপাওঁ। হয়তো সেইদিনা মই ফনটো ৰিচিভ কৰা হ’লে আজি ৰঞ্জনা মোৰ কাষত থাকিলহেঁতেন! হয়তো…! হয়তো সংগঠনৰ নামত ভ্ৰান্ত ধাৰণাবোৰ পুহি ৰাখি তাক আদৰ্শ  অথবা স্বাধীনতাৰ ডাঙৰ ডাঙৰ যুক্তিতৰ্ক কৰি মাত্ৰ নিজক
ফাঁকি দি
থাকিলোঁ মই। অনুভৱ নকৰিলোঁ কোনোদিন আচল আৰ্দশ।
   আক্ষেপ নিজক লৈ মাজে সময়ে কৰো; এইবাবেই কৰো যে তাইক জীয়াই ৰাখিব
নোৱাৰিলোঁ মই।
   সংগঠনক দোষ নিদিওঁ; ভুলবোৰ
নিজৰ। দুটাকৈ বেচৰকাৰী প্ৰতিষ্ঠানৰ জন্মদাতা হোৱাৰ পাছতো আজিও মই ৰঞ্জনাই জীয়াই
থাকোঁতেযোৱা অনাথ আলয়খনলৈ যাওঁ প্ৰতি সপ্তাহে। সেই তেতিয়াৰ কণ কণ শিশুবোৰ
এতিয়া ডাঙৰ হ’ল
,
 তথাপি
যেতিয়াই যাওঁ তেতিয়াই মোৰ কাষলৈ দৌৰি আহি ৰঞ্জনা বা আজি আহিছেনে বুলি সোধা সিহঁতৰ
প্ৰশ্নত মই থমকি ৰওঁ!
  
   কোনখিনি সততাৰে মই তোমালোকক কওঁ মই বচাব নোৱাৰিলোঁ তোমালোকৰ ৰঞ্জনা বাক?
   মাছ কমিউনিকেশ্বন পঢ়ি থকাৰ সেই দুটা
বৰ্ষত হয়তো এনেকুৱা দিন নাছিল যিদিনা ৰঞ্জনাক কাষত বিচৰা
নাছিলোঁ মই!
: “তই ৰিপৰ্টাৰ
নহ’লে নিউজৰিডাৰ হ’লে মোৰ বৰ ভাল লাগিব। যিহে উদান্ত কণ্ঠ! হাঃ হাঃ হাঃ
 ….
   সেয়া আজিও যেন এইদৰেই মোক জোকাই খিল্খিলাই আছে তাই!
   নিউজ ৰিডিং ৰুমত বহি প্ৰত্যেকটো আত্মহত্যাৰ বাতৰি পঢ়ি থকাৰ
সময়বোৰত চকুৰ আগত ভাহি থাকে ৰঞ্জনাৰ উলমি থকা শৰীৰ!
   ডায়েৰিখন জপাই লৈ সাবটি আছোঁ বুকুত; চকুহাল
মুদিলেই দেখা পাওঁ তাইক
!
   প্ৰেমতকৈও ঊৰ্ধ্বত সেই সম্পৰ্ক
আমাৰ
,
 আছে… ৰঞ্জনা
আজিও কাষতেই আছে মোৰ। ভুল এটা কৰিবলৈ ওলালেই মোক যেন গালি পাৰিছে
, সেই
সৰু সৰু কথাতে খং উঠা
, কান্দিবলৈ
নজনা ছোৱালীজনী।
   এতিয়া চৌপাশে মোৰ অজস্ৰ পোহৰ; বিচৰা ধৰণেই কটাইছোঁ জীৱনৰ প্ৰতিটো দিন, বন্ধ
পালেই ঘৰলৈ
গৈছোঁ; জীৱনৰ
এই স্থানত আহি উপনীত হোৱাৰ পাছত মাৰ চকুত কেৱল জিলিকনি
দেখিছোঁ
   এতিয়া আৰু তেল ডিপুত অথবা নবৌৰ দোকানত
বাকী কৰা নাযায়..
.
   এই পাঁচটা বছৰত অনেক কথাই সলনি হৈছে; সলনি হৈছে জীৱনটোক চোৱা দৃষ্টিৰ, সলনি হৈছে অৰণ্য দাদা আৰু
সুমনহঁতৰ দৰে অনেকৰ জীৱন।
   ৰঞ্জনাই দি যোৱা গছপুলিটোও পাঁচটা বছৰত বহুত ডাঙৰ হ’ল।
তাইলৈ মনত পৰিলেই মাজে মাজে কথা
পাতোঁ এতিয়া।
   অতীতবৰ্তমান সংমিশ্ৰিত ভাবৰ নদীখনত সাঁতুৰি থাকোঁতেইবাজি উঠিল ফনটো।
Incoming call..মনোজ...
   : ঋতম, এটা ছিৰিয়াছ এক্সিডেণ্ট ক’ভাৰ কৰিব লাগে।
জি.এম.চি.এইছ.-ত আছে। কেইছটো গোটেই ফেমিলিৰ ফেটাল ইনজুৰি। বুলেটিন কেনচেল কৰ। গীতাৰ্থ গৈ
আছে ষ্টুডিঅ’ত সি বহিব। তই নিউজটো ধৰ। সোনকাল কৰ
!
  নিউজ কভাৰ্ কৰি এয়া মই উভতি আহিছোঁবুকুখনত অচিন বিষ এটা অনুভৱ কৰিছোঁ, আগেয়ে এনেকুৱা হোৱা মনত নপৰে।
  কথাবোৰ আওৰালোঁ…. চকুত ভাহি উঠিছে হস্পিটেলৰ তিনিখন বেডত ঢাকি ৰখা তিনিটা শৰীৰৰ কাষত ৰৈ থকা সেই কণমানিজনী। পৃথিৱীৰ কোনো জটিলতাই স্পৰ্শ
কৰিব নোৱৰা এপাহ ফুল
, দুৰ্ঘটনাত
যাৰ হেৰাই গৈছে মাক-বাপেক আৰু বায়েক! কেনেবাকৈ তাই জী থাকিল
!
   তাই একোৱেই হয়তো বুজা নাইকি ঘটি গৈছে!
 তাইৰ কণমানি হাত দুখনত গৈ লাহেকৈ ধৰিলোঁ; লাহেকৈ তাই হাঁহিলেসেই যেন একেই হাঁহিৰ সাদৃশ্য দেখা পালোঁ কৰবাত!
   : তোমাৰ নামটো কি?… মোৰ প্ৰশ্নটোত তাই খুব যেন অসহায়ভাৱে মোলৈ চালে, তাৰ পাছত আকৌ চকুহাল তললৈ নমাই
দিলে কিবা যেন এটা দোষী ভাব মনত লৈ।
তাইৰ হয়তো
একোৱেই মনত নাই
, এটা চঁকত আছে তাই, আমি তাইক আজি ইয়াতেই ৰাখিম, বেচৰকাৰী সংস্থা এটালৈ খবৰ দিছোঁ, কি যে ঘটি যায়!
   অসহায়ৰ চকু এহাল লৈ নার্ছজনীয়ে কথাকেইষাৰ ক’লে।
   অলপ সময় মৌন হৈ থাকি কণমানিজনীলৈ চাই ৰ’লোঁ। তাই পাহৰি
পেলাইছে নেকি নিজৰ পৰিচয়। স্মৃতিৰ পৰা হয়তো হেৰাই গৈছে নেকি প্ৰিয় মানুহবোৰ।
কিন্তু ইমান সহজ নে কাৰোবাক পাহৰি পেলোৱা। সহজ নহয়। পানীৰ দৰে সৰল মুখৰ
ছোৱালীজনীলৈ বেছি পৰ চাই থাকিব মই নোৱাৰিলোঁ।
   বাইকখন ৰখাই, ৰাস্তাৰ
দাঁতিত অলপ পৰ থিয় হৈ থকা যাওক! অতীতলৈ চালোঁ
, এনে
লাগিল হেৰাই যোৱা বাটবোৰ এৰি আজি যেন আকৌ ঘূৰাই পাইছোঁ এটা নতুন বাট। মই ঠিৰাং কৰি
পেলালোঁ
, সেই কণমানিজনীক এখন আকাশ দিম, আইনী অনুমোদনসহ বৈধ নিয়মেৰে তাইৰ
নাম দিম ৰঞ্জনা..
.

ভ্ৰাম্যভাষ: 7002013935