আফ্ৰিকাৰ লোককবিতা

অনুবাদ: ড° প্ৰাণজিৎ
বৰা

 

তেওঁক ভাল পাবৰ পাছৰে পৰা

এনে লাগে

নিজে খাবলৈ বুলি যেন

চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে

বাচোতে বাচোতে এখন পথাৰৰ

চাউল শেষ হৈ যায়

পিছে ক, শাঁত নপৰে
দেখোন অন্তৰখন

 

 

মোৰ হতভগীয়া বহনা ঐ

কণমানিকেইটাই লেমটো জ্বলাবৰ লগে লগে সেয়া

তোমাৰ সমাধিৰ শিলবোৰৰ মাজেৰে সৰকি গৈছে পোহৰ

 

(এই দুয়োটি উত্তৰ আফ্ৰিকাত প্ৰচলিত বাৰবাৰ বা এমেজাই
ভাষাৰ লোককবিতা)

 

 

দূৰৈৰ পাহাৰবোৰে তোমাক লুকুৱাই ৰাখে মোৰ পৰা

ওচৰৰ পাহাৰবোৰ চকুৰ আগতে বাঢ়ি গৈ থাকে

পাহাৰবোৰ আঁজুৰি আনিবলৈ মোৰ যদি

গধুৰ শ্লেজ গাড়ী এখন থাকিলহেঁতেন

নহলেবা চৰাইৰ দৰে যদি মোৰ ডেউকা থাকিলহেঁতেন

অতখিনি দূৰ সাঙুৰি পেলাবলৈ

 

(দক্ষিণ আফ্ৰিকা আৰু জিম্বাৱেত প্ৰচলিত কচা ভাষাৰ লোককবিতা)

 

 

আঁউল নলগা টোপনিয়ে মোক শুৱাই থৈছিল

হঠাতে দুৱাৰৰ হেঁচনিত সাৰ পালো খকমককৈ

চকুহাল মোহাৰি ওলাই গৈ দেখো

বাহিৰত তুমি—

মৰণো আৰু মোৰ গাত নালাগে এতিয়া!**

 

 

দুজনীকৈ ভালপোৱা আছে তাৰ

দুজনীকৈ

তাক লগ পাবলৈ যাওতে

মই দেখা পাওঁ আনজনী

আগুৱাবও নোৱৰা হওঁ মই

পিছুৱাবও নোৱৰা হওঁ

চকুলোৰে নেদেখা হওঁ বাট

 

 

(এই দুয়োটি ঘানাত প্ৰচলিত আকান ভাষাৰ লোককবিতা)

 

 

মোৰ সোণাই

আগতে ভাবিছিলো তোমাক কিজানি ভাল নেপাওঁ

কিন্তু সিহঁতে উলটি আহি যেতিয়া কলেহি
তুমি আৰু নাই

মই পাহাৰলৈ উঠি গলো যত মোৰ নিজৰ সমাধি হ

এটা এটাকৈ শিল দম কৰিলো মই আৰু তাতে

সমাধিস্থ কৰিলো মোৰ হিয়াখন

পিছে মোৰ বুকুৰ মাজেৰে এতিয়াও তোমাৰ যি গোন্ধ উজাই যায়

মোৰ হাড়বোৰৰ মাজত জুই হৈ জ্বলে অসি

 

(টাইটক ভাষাৰ লোককবিতা)

 

 

 

পুৰুষঃ যামনে যামনে ঐ সাদৰীজনী মোৰ?

নাৰীঃ  আহা, আহা, বুকুৰ ধনটো মোৰ

           তোমালৈ
বুলি যতনেৰে পাৰিম বিচনা

পুৰুষঃ নেলাগে নেলাগে পাৰিব ঐ বিচনা

           তোমাৰ
ৰিহাৰ আঁচলটোৰে সাৱটি লবা
,

           সেয়ে হ
বহুত

 

 

পুৰুষঃ মৰি যাবলৈকে মন গৈছিল অ‘, পখিলী

তোৰ ঘৰৰ আগেদি আহিবৰ পৰত

মাত দিলো তোৰ গিৰীহঁতক, এষাৰো একো নকলে

মই বোলো বাটটো দেখুৱাই দিয়া, নকলে একোকে

ইয়াৰ মানে কি হ, ব পাৰনে কিবা

 

নাৰীঃ মন মাৰি নাথাকিবি অসোণটো মোৰ

মই বেলেগ কৰি পেলাম দিন আৰু ৰাতি

ৰাতিটো হব তাৰ

আৰু দিনটো তোৰ

 

(টানজানিয়া, কংগো আদিত প্ৰচলিত
স্বাহিলি ভাষাৰ লোককবিতা)

 

 

ঢেৰেকনি অ‘, আহ, পৰচোন মোৰ গিৰিহঁতৰ গাত

পৰচোন পৰ, আহ, আৰু

এৰি দে মোক বহনাক

ঠিকেই, এৰি দে।

সাপটো অ‘, খোঁটহি আহ মোৰ গিৰিহঁতক

খুঁটিয়াহি আহ

এৰি দে মোক বহনাক।

মই মোৰ বহনাই খোজকাঢ়ি যোৱা চাই থাকো

ইমান ধুনীয়াকৈ খোজ দিয়ে

মই মোৰ বহনাই নচা চাই থাকো

ইমান লয়লাসে নাচে

মই চাই থাকো মোৰ বহনাই হঁহা

ইমান ধুনীয়াকৈ হাঁহে

মই ৰলাগি শুনো তেওঁ বোৱা শিঙাৰ মাতটো

ইমান সুৱদি মাত

চাই থাকো তেওঁ কথা কোৱাৰ ভাঁজবোৰ

ইমান সাদৰীকৈ কয় তেওঁ কথাকেইটা

মই চাই থাকো তেওঁ কৰা আখৰা-যুঁজবোৰ

ইমান কুশলী তেওঁৰ হাত

তেওঁক চাই থকাটোৱেই যে

কিমান উলাহৰ কথা

ঢেৰেকনি অ‘, আহ, পৰচোন মোৰ গিৰিহঁতৰ গাত

পৰচোন পৰ, আহ, আৰু

এৰি দে মোক বহনাক

ঠিকেই, এৰি দে।

 

(উগাণ্ডাত প্ৰচলিত আকোলি ভাষাৰ লোককবিতা)

 

১০

 

মোৰ মনৰ মানুহটোৰ সতে মই যদি

মালীটোও নথকা বাগিচা এখনত থাকিব পাৰিলোহেঁতেন নিৰলে

মালিচ কৰি দিয়া মানুহটোও নথকাকৈ

যদি দুয়ো গা ধুব পাৰিলোহেঁতেন নিৰলে

তেওঁ যি বিচাৰিলেহেঁতেন গৰমপানী অথবা চেঁচাপানী

সকলো আনি দিলোহেঁতেন মই

আনকি তেওঁৰ ঘামৰ টোপালকেইটাও

মই সাঁচি থলোহেঁতেন চুঙাত ভৰাই নিৰলে

আৰু কোনোবাদিনা যদিহে মই কান্দিবলগীয়া হলহেঁতেন
চিঞৰি চিঞৰি

দুয়োচকু মই কাজলৰ সলনি আঁকিলোহেঁতেন

চকুপানীৰে

 

(আফ্ৰিকাত প্ৰচলিত আৰবী ভাষাৰ লোককবিতা)

 

টোকা: আফ্ৰিকাৰ এই লোকগীতসমূহে মহাদেশখনৰ বৈচিত্ৰ্যপূৰ্ণ
জনগোষ্ঠীসমূহৰ প্ৰণয়োচ্ছাসৰ অভিনৱ ভাৱ-অনুভূতিৰ একান্তই নিজস্ব ছন্দসুষমাক
পৰিস্ফুট কৰি তুলিছে। বিংশ শতিকাৰ ষাঠিৰ দশকত এই লোকগীতসমূহ (বিশেষকৈ আকোলি ভাষাৰ
লোকগীতসমূহ) সংগ্ৰহ আৰু অনুবাদৰ মাধ্যমেৰে প্ৰখ্যাত আফ্ৰিকান কবি ওকোট পিবাইটেকে
এক নতুন অধ্যায়ৰে সুচনা কৰিছিল বুলি ক
ব পাৰি। তেওঁৰ পূৰ্বে জাঁ-জোচেফ
ৰাবেআৰিভেল
আৰু ফ্লেভিয়েন ৰাণাইভোৰ দৰে নিগ্ৰো কবিসকলে কৰা
লোকগীতসমূহৰ অনুবাদে আফ্ৰিকান কবিতাক গুৰুত্বপূৰ্ণ ধৰণে প্ৰভাৱিত কৰিছিল। আফ্ৰিকান
লোককবিতাৰ প্ৰণয় কবিতাসমূহৰ আঁহ-পাহ মুকলি হোৱাৰ কাৰণৰূপে ফ্ৰাংক এম শ্বিপাচুলাই
বিচাৰি পাইছে আফ্ৰিকান গাওঁসমূহৰ
subtle eroticized environment. ইয়াত অনূদিত ভালেকেইটা লোকগীতৰ মাজতে (কি কথা, কি
চিত্ৰ সকলোতে!) সেই দিশটো জলজল পটপট হৈ আছে। ক্ৰমে
Willard R. Trask, A. C.
Jordan, J. H. Kwabena Nketia, Willard R. Trask, Jan Knapper, Okot p’Bitek আৰু Willis Barnstone কৃত ইংৰাজী অনুবাদৰ পৰা এইসমূহ
অসমীয়ালৈ অনূদিত হৈছে। মূল গ্ৰন্থঃ “
Bending the Bow”, edited by
Frank M Chipasula, Southern Illinois 
University, 2009

document.getElementById(“Anyayug-month”).innerHTML = ” ছেপ্টেম্বৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;