চৰাই চিনো আহক – ২

 হেমন্ত কুমাৰ গগৈ


নাম: চাকৈ চকোৱা

ইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck

বৈজ্ঞানিক নাম: Tadorna ferruginea

সংৰক্ষণ স্থিতি: নূন্যতম চিন্তনীয় (Least Concern) 




এই চৰাইবিধ
শীতকালত অসমৰ নদ নদী আৰু খাল বিল সমূহৰ পাৰত সততে দেখা পোৱা যায়। সাধাৰণতে যোৰ পাতি
থকা চাকৈ চকোৱা এবিধ পৰিভ্ৰমী চৰাই। দক্ষিণ-পূব ইউৰোপ আৰু মধ্য এচিয়াত প্ৰজনন কৰা
এইবিধ চৰাইয়ে শীতকালটো ভাৰতীয় উপমহাদেশত কটায়। দেখাত যদিও ধুনীয়া
, ইয়াৰ মাতটো কিন্তু টান আৰু হুটা। আমাৰ পুৰণি বিহুনামত চাকৈ চকোৱাৰ উল্লেখ
আছে। ওপৰৰ চিত্ৰখন সোৱনশিৰিৰ পাৰত তোলা।

ঠিকনা: 

গুৱাহাটী