আধা

অত্ৰেয়ী গোস্বামী

 

জীৱনটো
ভগা
ওঁতে দুফাল হ’ল

নিজৰ
ভাগত পৰিল আধা৷

 

চকুত
পোহৰ পৰিল

কপালত
বহিল সৰলৰেখা৷

এন্ধাৰতো
সঠিক হিচাপ

ক’ত কেই
গজ কিমান আধা!

 

দুটা
অৰ্ধবৃত্ত লগ হ’ল

গপচ হৈ
বহিল এটা বৃত্ত

তাতো
আধা ছায়া, আধা মায়া

ইমান
টনা-আঁজোৰা!

 

হৈ চৈ
লাগিল

তাতো
আধা হাঁহি, আধা কান্দোন

চাৰিআলিতে
কোনোবাই থৈ গ’ল এটা

মেটুৰামেটুৰি
চচপেন৷

হেতা-ওপৰা
লাগিল

কোনে
কি পালে কোনেও নাজানিলে

আধা অমৃত,
আধা বিহ

যেনেকৈ
যি পালে তাকে গিলিলে

আধৰুৱা
উশাহত

আধাটোপাল
পানী সকলোৱে পালে৷

 

পিয়াহ
আধা

ভোক আধা

ভোগ শূন্য৷

 

ঠিকনা :

বিবিজানতিতাবৰ

যোৰহাট- ৭৮৫৬৩০

ফোন : ৯১০১৫৩৫৭৭৩