যশোৱন্ত নিপুণ
ধৰ্মক মই প্ৰথম লগ
পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম
আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।”
বিল্ডিংটোলৈ অহা
মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ চাইছিলোঁ৷ সি আকৌ কৈছিল, “পুৱা লাগে, আবেলি লাগে,
যেতিয়াই কয় মই দি যাম৷”
ধৰ্মৰ পৰাই মই বিছ
লিটাৰৰ পানীৰ কে’ন আৰু গাখীৰ ল’বলৈ আৰম্ভ কৰিছিলোঁ৷ বিল্ডিঙৰ প্ৰায় সকলোৱেই তাৰ পৰাই
লয়৷ আৰু এমাহমান যোৱাৰ পাছত বুজিব পাৰিলোঁ ধৰ্ম নহ’লে সমস্যা গুৰুতৰেই হয়৷ মাজতে সি
দুদিনমানৰ কাৰণে তাৰ গাঁৱৰ ঘৰলৈ গৈছিল৷ সেই কেইদিন সকলোৱে নিজেই গৈ এক কিল’মিটাৰমান
দূৰৰ দোকানৰ পৰা পানী আৰু গাখীৰ আনিব লগা হৈছিল৷ বৰষুণ দি থকা কাৰণে সম্মুখৰ ৰাস্তাটোও
বোকা আৰু লেতেৰা পানীৰে কদৰ্য হৈ পৰিছিল কাৰণে আমাৰ কষ্ট দুগুণে বাঢ়িছিল৷
এটা দুৰ্ভাগ্যজনক
পৰিস্থিতিৰ সন্মুখীন হৈ আগৰ তুলনামূলকভাৱে বহু সা-সুবিধা থকা ঠাইখিনি এৰি মই মহানগৰৰ
কাষৰীয়া ঠাইখনলৈ আহিব লগা হৈছিলোঁ৷ সেইবোৰ ইয়াতে লিখিব খোজা নাই৷ কিন্তু কম ভাৰাৰ
ঘৰ এটা বিচাৰি বিচাৰি অৱশেষত এইটো বিল্ডিঙত ফ্লেট এটা লৈছিলোঁ৷ ঠাইখন নগৰৰ গাতে লাগি থকা ঠাই হ’লেও বিল্ডিঙৰ
সম্মুখৰ ৰাস্তাটো পকী কৰা হোৱা নাছিল৷ ৰাস্তাটোত যি চাৰি-পাঁচটা বিল্ডিং আছে, সেই গোটেই
কেইটাই নতুন৷ ৰাস্তাটোও নতুনকৈ বনোৱা হৈছিল৷ শুনা মতে এইখিনি ঠাই পাঁচ-ছয় বছৰ আগলৈকে
জংঘলেৰেই ভৰি আছিল৷ কিছুমানে তেতিয়া ইয়ালৈকে মাজে মাজে আহি আৰামত বহি মদ-ভাং সেৱন
কৰিছিল মাত্ৰ৷
কিন্তু ৰাস্তাটো
কেঁচা হ’লেও গাড়ী-মটৰ, বিশেষকৈ ট্ৰাকৰ সঘন আহ-যাহ আছিল৷ যদি বোকা নাথাকে ধূলিৰে ভৰি
থাকে আৰু গাড়ী এখন আহিলেই গোটেইখন ধুঁৱলি-কুঁৱলি হৈ পৰে৷ সেই কাৰণে ধূলিৰ দিনত মহিলাসকলে ক’ৰবালৈ খোজ কাঢ়ি যাবলৈ হ’লে মূৰটো কাপোৰেৰে
ঢাকি মাত্ৰ চকুযোৰ উলিয়াই ৰাখে৷ পুৰুষসকলে গাড়ী আহিলে সুবিধা থাকিলে পথাৰলৈ দৌৰি নামি
যায় আৰু ধূলিৰ ধোঁৱা পাতল হ’লে আকৌ ৰাস্তালৈ উঠি আহে৷ আৰু এনেকুৱা ৰাস্তাৰেই ধৰ্মই পুৰণি
লুনাখনেৰে গাখীৰ, পানীৰ কে’নৰ যোগান ধৰি থাকে পুৱা ছয়মানৰ পৰা ৰাতি ন-দহ বজালৈ৷ অৱশ্যে
কেতিয়াবা অলপ বেমেজালি নোহোৱা নহয়৷ সেইদিনা মই আবেলিয়ে ফোন কৰি তাক পানীৰ কে’ন এটা
দি যাবলৈ কৈছিলোঁ৷ ঘৰত খোৱা পানী এজগমানহে আছিল। এনেয়ে সি দুই-তিনিঘণ্টাৰ ভিতৰতে দি
যায়হি৷ সিদিনা কিন্তু তাৰ দেখাদেখি নাই৷ ৰাতি আঠমান বজাত তাক ফোন কৰিলোঁ আকৌ৷ সি ক’লে
– “আহি আছোঁ আধা ঘণ্টাত৷” পিছে সি নাহিল৷ আহিল বিজুলী-ঢেৰকণিৰে প্ৰচণ্ড
বতাহ বৰষুণ৷ লগতে কাৰেণ্টো গ’ল৷ মোৰ খুব খং উঠিছিল তাৰ ওপৰত৷ ঘৰত ভাত ৰান্ধিবলৈ পানী
নাই৷ তাৰ যদি কিবা দিগদাৰেই আছিল, সি মোক ক’লেই হয়; মই নিজে কিবা এটা কৰিলোঁহেঁতেন৷
এনেদৰে মনতে গুজৰি-গুমৰি দাঁত কৰচি আছিলোঁ৷ শ্ৰীমতীয়ে ইফালে সময়ত খোৱা পানীখিনিও
যোগাৰ কৰিব নোৱৰা মোক সোপাঢিলা, অকৰ্মণ্য, ঘৰ-সংসাৰ পাতিব নলগা অযোগ্য পুৰুষ আদি বিবিধ
বিশেষণভূষিত বাক্যবাণেৰে থকা-সৰকা কৰি আছে৷ তেনেতে- কিজানি দহ বাজি গৈছিল তেতিয়া- কোনোবাই দুৱাৰত ঢকিয়াইছিল৷ দুৱাৰ খুলি দেখোঁ কান্ধত কে’ন এটা লৈ ধৰ্ম থিয় হৈ আছে৷ ম’বাইলৰ
লাইটটো জলাই দিওঁতে তাৰ আকৰ্ণবিস্তৃত হাঁহিৰে মুখখন জিলিকি উঠিছিল৷ মোৰ খং ক’ৰবালৈ
উৰি গৈছিল৷ তেতিয়া ধুমুহা শাম কাটিছিল যদিও কিনকিনকৈ বৰষুণ পৰিয়েই আছিল৷ তাতে ৰাস্তাটোৰ
অৱস্থাও সেই৷ কিন্তু সি হেনো তাৰ গ্ৰাহকক কেতিয়াও ফাঁকি দিব নোৱাৰে৷
ধৰ্ম মানুহটো তেনেকুৱাই
আছিল৷ সেই গুণৰ কাৰণেই তাক সকলোৱে বিশ্বাস কৰিছিল৷ মই তাৰ কথা বিশেষ একোৱেই জনা নাছিলোঁ৷
সম্পূৰ্ণ নামটো ধৰ্মকান্ত, ধৰ্মেশ্বৰ, ধৰ্মেন্দ্ৰ নে আন কিবা সেইটোও জনাৰ প্ৰয়োজন কাৰো
কেতিয়াও নাছিল৷ আনে তাক ধৰ্মা বুলি মাতিছিল, মইহে ধৰ্ম বুলি মাতিছিলোঁ৷ আমাৰ বিল্ডিঙৰ
পৰা আধা কিল’মিটাৰমান দূৰত তাৰ এখন দোকানো আছিল৷ সৰু চালিৰ দৰে ভাৰাঘৰ এটাত দোকানখন৷
দোকানৰ পিছফালৰ ৰুমটোতে তাৰ শোৱা, ৰন্ধা-বঢ়া সকলো চলে৷ দিনটোৰ বেছিভাগ সময় সি দোকানত থাকিব
নোৱাৰে৷ তেতিয়া ঘৈণীয়েকে বহে৷ তাই পাণ চোবাই চোবাই মুখখন সদায় ৰঙা কৰি ৰাখে৷ দোকানত
আলু-পিঁয়াজ, চাবোন, বিস্কুট, ব্ৰে’ড, কণী, চিগাৰেট, চাহ আদি পোৱা যায়৷ ওচৰৰ গাঁৱৰ কোনোবাই
তাৰ দোকানত শাক-পাচলিও প্ৰায়েই বিক্ৰীৰ বাবে থৈ যায়৷ সন্ধিয়া ঘৈণীয়েকে কেৰাহী এটাত
ফুলৰি, আলুৰ চপ আৰু তেনে ধৰণৰ কিবাকিবিও বনায়৷ বিল্ডিঙত থকা দুই-এজন আৰু ওচৰে-পাজৰে সৰু-সুৰা
কাম-কাজ কৰা মানুহ, চেকিউৰিটী গাৰ্ড আদিয়ে তাত গৈ চাহ, ফুলৰি খায়৷ ময়ো মাজে মাজে তাৰ
দোকানলৈ শাক-পাচলি বিচাৰি গৈছিলোঁ৷ কিন্তু দোকানখনৰ অলপ দূৰতে জাবৰ-জোথৰ, প্লাষ্টিক
বেগ আদিৰ এটা কদৰ্য ডাঙৰ দ’ম আছিল৷ বৰষুণ দিলে সেইখিনি ঠাই আৰু বেছি লেতেৰা হৈ পৰে৷
সেইবোৰৰ কাৰণে মই সাধাৰণতে তাৰ দোকানলৈ যাবলৈ ভাল নাপাইছিলোঁ৷
সেই কদৰ্য আৱৰ্জনাৰ
দ’মটো ওচৰৰ গাঁৱৰ আৰু এক কিল’মিটাৰ দূৰৰ নগৰৰ কিছুমান ভদ্ৰ মানুহৰ সৃষ্টি আছিল। সিদিনা
মই দোকানলৈ পাচলি আনিবলৈ গৈছিলোঁ৷ আধুনিক দামী গাড়ী এখনৰ পৰা এহাল কম বয়সীয়া ষ্টাইলিছ
গিৰীয়েক-ঘৈণীয়েক নামিছিল আৰু তিনিটামান ডাঙৰ ডাঙৰ টোপোলা তাতে দলিয়াই দিছিল। ধৰ্মৰ
ঘৈণীয়েকে চিঞৰিছিল – “বাইদেউ, ইয়াতে কিয় পেলায় সেইবোৰ? জেগাখন কিমান লেতেৰা কৰে
আপোনালোকে?”
উত্তৰত আধুনিক ডিজাইনৰ
জীনচ পেণ্ট আৰু টি-চাৰ্ট পিন্ধা গাভৰু মানুহগৰাকীয়ে ছানগ্লাছৰ ওপৰেৰে যিটোহে চাৱনি
দিলে, ধৰ্মৰ ঘৈণীয়েকে সেই ভাগেই তাপ মাৰিছিল৷
ৰাস্তাটোৰ অৱস্থা
যিয়েই নহওক, কাষত আৰু চাৰিটা নতুন বিল্ডিং থিয় হৈছিল। আৰু পাঁচটামান বিল্ডিঙৰ কাম
চলি আছিল। ধৰ্মৰ ব্যস্ততা বাঢ়িছিল৷ অকলে সি কেনেকৈ ইমান হেঁচা চম্ভালিব- মই তাক সুধিছিলোঁ৷
তাৰ বৰ চিন্তা হৈ থকা বুলি কৈ সি প্ৰশান্তিৰ হাঁহি এটা মাৰিছিল৷ বেলেগ দুজনমানেও বিল্ডিংবোৰত
গাখীৰ আৰু পানীৰ যোগান দিছিল। কিন্তু সকলোৰে ভৰসা আছিল ধৰ্মৰ ওপৰতহে৷ তাৰ দৰে বিশ্বাসী
বেলেগ আৰু কোন হ’ব পাৰে? ধৰ্মই বাঢ়ি যোৱা কামৰ হেঁচাটো অকণমান পাতল কৰিবলৈ অন্য এজন
মানুহো আনি লগত ৰাখিব লগা হৈছিল।
ৰাস্তাটো পিট্চ
কৰা হ’ব বুলি শুনি আছিলোঁ৷ আৰু এদিন সঁচাকৈয়ে সেইটো কাম আৰম্ভ হৈছিল৷ বুলড’জাৰ, ট্ৰাক,
ৰ’লাৰ, কাম কৰা মানুহ, ছাপাৰ ভাইজৰৰ সন্মিলিত কোলাহলে ঠাইখিনি কেইদিনমান আন্দোলিত
কৰি ৰাখিলে৷ আৰু এমাহমানৰ ভিতৰতে ৰাস্তাটো ক’লা আলকাতৰাৰে মিহিকৈ পিট্চ কৰা হ’ল৷ দুয়োফালে
ড্ৰেইন খন্দা হ’ল, ড্ৰেইন ঢাকি দিয়া হ’ল সুন্দৰ পদপথেৰে৷ বিল্ডিঙৰ মানুহবোৰতকৈ ধৰ্মৰ
আনন্দহে বেছি হৈছিল৷ সেই বোকা আৰু ধূলিৰ ৰাস্তাটোৱে ইমান দিনে তাক বৰ কষ্ট দিছিল৷
ৰাস্তাটো ভাল হোৱাৰ
পাছৰ পৰা ঠাইখনৰ পৰিৱেশটো বহুত সলনি হৈছিল৷ পুৱা আৰু আবেলি বহুতেই ৰাস্তাটোত খোজ কাঢ়িবলৈ
ল’লে৷ ধৰ্মৰ দোকানখনো সি ৰং কৰাই ধুনীয়া কৰিলে৷ ছাইনব’ৰ্ড এখনো লগাই তাত- ‘ইয়োৰ
নীডছ’ বুলি লিখিও দিয়া হ’ল৷ ‘ইয়োৰ নীডছ’ত চাহ খোৱা, পাচলি কিনা গ্ৰাহকৰ সংখ্যাটোও
আগতকৈ ডাঙৰ হ’ল৷ আবৰ্জনাৰ দ’মটোৱে কিন্তু আগৰ দৰেই দুৰ্গন্ধ বিয়পাই কদৰ্য ৰূপটো লৈ
একে ঠাইতেই লৰ-চৰ নকৰাকৈ ৰৈয়েই আছিল।
কেইমাহমান পাছত সেই
আৱৰ্জনাৰ দ’মটোৰ একেবাৰে কাষতে নতুনকৈ এটা দুমহলীয়া ঘৰ উঠি আহিছিল৷ ঘৰটোৰ তলৰ মহলাত
সৰু-সুৰা চুপাৰ-মাৰ্কেটৰ দৰে এখন দোকান বহিল৷ আৰু প্ৰায় লগে লগেই আবৰ্জনাৰ দ’মটোৱেও
বিদায় ল’লে৷ সেইখিনি ঠাইত কিবা দলিয়াই থৈ যাবলৈ কাৰো আৰু সাহস নোহোৱা হ’ল। নতুন দোকানৰ
গৰাকীজন বাহুবলী আৰু তেওঁৰ আন বহুতো ব্যৱসায় থকা বুলি আমি শুনিছিলোঁ৷
এদিন আবেলি বিল্ডিঙৰ
মানুহখিনিৰ ৱাটছএপ গ্ৰুপত মেছেজ এটা আহিল- ধৰ্মই পাছদিনাৰ পৰা পানী দিয়া বন্ধ কৰিব৷
কথাটো অপ্ৰত্যাশিত
আছিল৷ হঠাতে কি হ’ল গম পোৱা নাছিলোঁ৷ গে’টত থকা চেকিউৰিটী গাৰ্ড এজনক সুধিলোঁগৈ৷ সিও
ধৰ্মৰ এই তাৎক্ষণিক সিদ্ধান্তৰ আঁৰৰ কথা কি জনা নাছিল৷ গাৰ্ডটোৱে মোক ফোন নম্বৰ এটা
দি কৈছিল- “এইটোত ফোন কৰি দিলেই হ’ল৷ আধা ঘণ্টাৰ ভিতৰতে পানীৰ কে’ন দি যাব৷” নতুনকৈ বহা ডাঙৰ
দোকানখনৰ ফোন নম্বৰ আছিল সেইটো৷
কাৰো একো দিগদাৰ
হোৱা নাছিল৷ আচলতে আগতকৈ সুবিধাহে হৈছিল। ধৰ্মক ফোন কৰি দুই-তিনিঘণ্টালৈকে পানীৰ বাবে
ৰ’ব লাগিছিল৷ সেই সমস্যাটো নোহোৱা হৈছিল৷ তথাপি সন্ধিয়া এদিন ধৰ্মক লগ পাই কথাটো সুধিছিলোঁ৷
সি কৈছিল- কোম্পানী এটাত চাকৰি এটা পালে,
দিনটো কোম্পানীতে থাকিব লাগে৷ গতিকে পানী কঢ়িয়াই ফুৰাৰ সময় আৰু নাই তাৰ৷
ৰাস্তাটো অধিক ব্যস্ত
হৈ আহিছিল। কাষে কাষে নতুন নতুন বিল্ডিং থিয় হ’বলৈ ধৰিছিল৷ কেইবাখনো দোকান বহিছিল৷
ধৰ্মৰ দোকানৰ একেবাৰে কাষতে এখন শাক-পাচলি আৰু ফলমূলৰ দোকান বহিছিল৷ আৰু সেইখনৰ কাষত
এখন ফাষ্টফুড, চাহ-ক’ফী আৰু ফলৰ ৰসৰ দোকান আৰু এখন বেকাৰী৷ ধৰ্মৰ সৰু দোকানখন লাহে চকুত
নপৰা হৈ আহিছিল।
এদিন পুৱা ধৰ্মই
গাখীৰৰ পেকেট দিবলৈ আহি কৈছিল, “ছাৰ, মই কাইলৈৰ পৰা গাখীৰ দিয়া বন্ধ কৰিম৷ আপুনি বেলেগৰ
পৰা ল’ব৷”
মই বোলোঁ কথা কি,
হঠাৎ কি হ’ল?
সি কৈছিল, “বিল্ডিঙত
আপুনি আৰু অন্য এজনে মাত্ৰ মোৰ পৰা লয়৷ গতিকে অলপ দিগদাৰ হয়৷”
পাছত কথাটো বুজিব
পাৰিছিলোঁ৷ আচলতে ধৰ্মই গাখীৰৰ আধা লিটাৰৰ পেকেটত এটকা আৰু এক লিটাৰৰ পেকেটত দুটকা বেছিকৈ
লৈছিল। সেইটো হেনো তাৰ ছাৰ্ভিচ চাৰ্জ৷ নতুন দোকানখনে সেইটো নকৰে৷ গতিকে ধৰ্মৰ পৰা গাখীৰ
লোৱাটো প্ৰায় সকলোৱেই বন্ধ কৰিছিল৷
ধৰ্মৰ ব্যস্ততা কমি
আহিছিল৷ আৰু পাছলৈ মই তাক দোকানখনতে বহি থকা দেখিছিলোঁ৷ কোম্পানীৰ চাকৰিটোও সি বাদ
দিছিল কিজানি৷ মাজে মাজে সৰু-সুৰা বস্তু দুই-এপদ তাৰ পৰা কিনিছিলোঁগৈ৷ দোকানখনত বস্তু
আগতকৈ বহুত কমি আহিল৷ শাক-পাচলিবোৰো আধা শুকাই লেৰেলি থাকে৷ কাষৰ ডাঙৰ দোকানৰ সতেজ
বস্তুবোৰ এৰি কোনেনো তাৰ শুকান পাচলিবোৰ কিনিব? মই গ’লেই সি সেইবোৰকে কিনিবলৈ জোৰ কৰি
কাওবাও কৰে, “একদম ভালে আছে ছাৰ৷ অলপমান লৈ যাওক৷ বেয়া পালে মোক ক’ব৷ …” বাধ্যত পৰি
কিনিব লগাত পৰোঁ৷ কিন্তু এই সমস্যাটোৰ কাৰণে ময়ো তাৰ দোকানলৈ পৰাপক্ষত যোৱাটো বন্ধই
কৰিছিলোঁ৷
তাৰ দোকানৰ ফুলৰি,
আলুৰ চপৰ বিক্ৰীও কমিছিল৷ কাষতে ডাঙৰ ফাষ্টফুডৰ দোকানখন৷ সেইখনত দহটকা বেছিকৈ দি ভিতৰৰ
এ. চি. ৰূমত বহি ইলাচী-চাহ একাপ খাব পৰা, নাইবা বাহিৰৰ ফুলনিৰ মাজত ধুনীয়া ধুনীয়া চকীত
বহি গল্প কৰি কৰি ফলৰ ৰস পান কৰিব পৰা, আইচক্ৰীম খাব পৰা গ্ৰাহক বহুত৷
সিদিনা আবেলি মই
ধৰ্মৰ দোকানৰ ফাপৰে খোৱা বেঞ্চখনত চাহ একাপ
লৈ বহিছিলোঁ৷ আন দুজনমানে থিয় হৈয়ে চাহ খাই আছিল৷ সেই কেইজন বোধহয় ওচৰৰ নতুনকৈ আৰম্ভ
কৰা বিল্ডিঙত কাম কৰা মানুহ আছিল৷ হঠাত ধৰ্মই মূৰটো চেপি ধৰি চিঞৰ এটা মাৰি বাগৰি পৰিল৷
“কি হ’ল, কি হ’ল?” আমি চাহ এৰি তাৰ কাষলৈ গৈছিলোঁ৷ ঘৈণীয়েকে ভিতৰৰ পৰা দৌৰি ওলাই আহিছিল।
আমি তাক সাৱধানে দাঙি ধৰি চকীখনত বহুৱাই দিছিলোঁ৷ ঘৈণীয়েকে তাক পানী এগিলাছেৰে টেবলেট
এটা খুৱাই দিছিল৷ কিছু সময়ৰ পাছত সি লাহে লাহে
সুস্থিৰ হৈছিল। ঘৈণীয়েকে কৈছিল- “আজিকালি কেতিয়াবা মানুহটোৰ হঠাতে তেনেকৈ মূৰৰ বিষ
হয়৷ ডাক্তৰক দেখুৱাইছোঁ, ঔষধ আনিছোঁ৷”
পাছলৈ মই ধৰ্মৰ দোকানৰ
সম্মুখেৰে গ’লে সি নেদেখাকৈ সেইখিনি পাৰ হ’বলৈ চেষ্টা কৰিছিলোঁ৷ চকুৱে চকুৱে পৰিলেই
বিপদ- তাৰ দোকানৰ পৰা শুকান, পুৰণি পাচলি বাধ্যত পৰি কিনিব লগা হ’বও পাৰে৷ মূৰৰ বিষৰ
কাৰণে সি প্ৰায়েই মূৰত কাপোৰ এখন বান্ধি হাত দুখনত মূৰটো থৈ তলমূৰকৈ বহি থাকিছিল৷
সি তেনেকৈ বহি থকা কাৰণে মোৰ এক হিচাপত সুবিধাই হৈছিল; সি গম নোপোৱাকৈ সেইখিনিৰে যাব
পাৰিছিলোঁ৷ লাহে লাহে খুব ব্যস্ত হৈ অহা ৰাস্তাটোত তাৰ দোকানত জুপুকা মাৰি বহি থকা
ধৰ্ম, আৰু নতুন ডাঙৰ দোকানবোৰৰ মাজত তাৰ সেই পুৰণি সৰু দোকানখনো একেবাৰেই খাপ নোখোৱা
যেন হৈ আহিছিল।
মাজতে এটা ঘটনা হৈছিল৷
বুলড’জাৰ এখনেৰে ধৰ্মৰ সৰু দোকানখন আৰু পিছ ফালৰ দুটা সৰু ঘৰ ভাঙি পেলাইছিল। সেইখিনি
সময়তে মই তাতে ৰৈ ধৰ্মক ক’ৰবাত দেখোঁ নেকি চাইছিলোঁ৷ কিন্তু সি তাত নাছিল, আৰু তাৰ
ঘৈণীয়েককো দেখা নাছিলোঁ৷
তাৰ পাছত সেই খালী
হৈ যোৱা ঠাইখিনিৰ আগেৰে গ’লে ধৰ্ম আৰু তাৰ দোকানখনৰ কথা মনত পৰিছিল, আৰু কেতিয়াবা
মন অলপ বেয়া নলগাও নহয়৷ ভবা ধৰণে সি আগ বাঢ়ি যাব নোৱাৰিলে আৰু আচলতে তাৰ পৰা খেদা
খাব লগাই হ’ল৷ কিন্তু মহানগৰখনে নতুনকৈ সামৰি লোৱা এই ব্যস্ত প্ৰান্তত কোনো ঠায়েই খালী
হৈ ৰৈ নাযায়৷ ধৰ্মৰ দোকানখনৰ ঠাইতো এটা ধুনীয়া সৰু দুমহলীয়া ঘৰে খুব সোনকালেই মূৰ
দাঙি থিয় হৈ উঠিছিল৷ তলৰ মহলাত পেষ্ট্ৰী আৰু কে’কৰ দোকান আৰু ওপৰত বিউটী পাৰ্লাৰ এখন
বহিছিল৷ ৰাস্তাটো আৰু ঠাইখন আৰু অধিক অভিজাত হৈ পৰিছিল৷
বোধহয় ডেৰ বছৰমান
পাৰ হৈছিল। এদিন খবৰ পালোঁ এক-দুই কিল’মিটাৰমান দূৰত নতুনকৈ আৰম্ভ কৰা ছুপাৰ মাৰ্কেটখনত
সব্জি বৰ সস্তা আৰু অইন বহুতো বস্তুৰ দাম লিখা দামতকৈ কম৷ এটা কিনিলে এটা ফ্ৰী ধৰণৰ
অফাৰো বহুত চলিছে৷ সকলোৱে ধাম-ধুম সেইখনলৈ যোৱা দেখি ময়ো গ’লোঁ এদিন৷ সিদিনা শনিবাৰ
আছিল কাৰণেই নেকি গ্ৰাহকৰ ভিৰটো খুব বেছি আছিল৷ বিক্ৰী কাউণ্টাৰত কাৰ্ট ওপচাই হৰেক ৰকমৰ বস্তু লোৱা মানুহৰ দীঘল দীঘল শাৰী৷ মোৰ
হাতত সময়ো বেছি নাছিল আৰু অলপ শাক-পাচলিৰ বাহিৰে বেলেগ কিনিব লগাও নাছিল৷ কিন্তু ভৱিষ্যতে
কেতিয়াবা সেইখনলৈ আহিব লগা হ’বও পাৰে বাবে এনেয়ে বজাৰখনৰ তিনিওটা মহলাত এপাক মাৰি
ক’ত কি আছে চাইছিলোঁ৷ সবজিৰ দাম অৱশ্যে কমেই আছিল বুলিব পাৰি৷ খালী হাতে বাহিৰ ওলাই
দেখোঁ ৰাস্তাৰ আনটো ফালৰ গছৰ এজোপাৰ তলত সম্মুখত কিবাকিবি শাক-পাচলি লৈ সেয়া ধৰ্মৰ
ঘৈণীয়েক৷ খবৰ এটা লওঁ বুলিয়েই ওচৰলৈ গ’লোঁ৷ মানুজনীয়ে মোক দেখি পাণ খাই ৰঙা কৰা মুখখন
মেলি হাঁহি এটা মাৰিছিল৷ তাইৰ বস্তাখনত এক-দুইকেজিমান
শুকাবলৈ ধৰা বীন, ক’লা পৰি যোৱা ওলকবি সেইখিনিমানেই, আলু, মিঠা আলু, জলকীয়া আদি৷
“ভাল নে? ধৰ্মৰ কি খবৰ?” মই সুধিছিলোঁ৷
মানুহজনীয়ে একো
নকৈ পিছফালে কম্বল এখন গায়ে-মূৰে লৈ শুই থকা মানুহ এজনৰ গাত হেঁচুকি দিছিল৷ মূৰত কাপোৰ
এখন বান্ধি ৰখা মানুহজন লাহে লাহে উঠি পিছৰ দেৱালখনত আউজি বহিছিল৷
“ধৰ্ম, কি খবৰ, ভালনে?”
আচলতে মই কিবা সুধিব
লাগে কাৰণেই সুধিছিলোঁ৷ সি খুব খীণাইছিল আৰু তাক বৰ দুৰ্বল দেখা গৈছিল৷ কষ্টৰে হাঁহি
সি ক’বলৈ চেষ্টা কৰিছিল যে তাৰ খবৰ মুঠেই ভাল নহয়৷ মূৰৰ বিষটো খুব বাঢ়ি আহিছে৷ কেতিয়াবা
সি অচেতন হৈ পৰি যায়৷
“ঔষধ খাইছা নে নাই?” আকৌ কিবা এষাৰ সুধিব লাগে কাৰণেই
সুধিছিলোঁ৷
সি ঔষধ খাই আছিল৷
কাষতে থৈ দিয়া বটল এটা আৰু কেইটামান টেবলেটলৈ ঘৈণীয়েকে আঙুলিয়াইছিল৷ ধৰ্মই মূৰৰ কাপোৰখন
আঁতৰাই দেখুৱাইছিল৷ তাৰ মূৰৰ বাওঁফালটো উখহি উঠিছিল৷
“ডাক্তৰে অপাৰেছন
কৰিবলৈ কৈছে৷” সি মূৰলৈ সোঁহাতৰ তৰ্জনী আঙুলিটোৰে দেখুৱাই ভাগৰুৱা সুৰত কৈছিল৷
“অহ্৷” মই চকু দুটা ডাঙৰ
কৰি কেইচেকেণ্ডমানলৈ উদ্বিগ্ন হোৱাৰ ভাও এটা দিবলৈ চেষ্টা কৰিছিলোঁ৷ কিন্তু আজিকালি
চিকিৎসাৰ যিহে খৰচ, ক’ত অপাৰেছন কৰাব পাৰিব সি?
“কিবা লাগিব নেকি?”
সি বৰ আশাৰে মোৰ ফালে চাই সেহাই সেহাই কৈছিল, “লৈ যাওক৷ সবজিখিনি ভাল৷”
মোৰ ল’ৰাটোৱে মিঠা
আলু খাবলৈ ভাল পায়৷ ইচ্ছা নাছিল যদিও অলপ কিবা ল’ব লগা হ’ল৷ চুপাৰ মাৰ্কেটত বস্তুখিনি
আধা দামতে পোৱা গ’লহেঁতেন৷ দুগুণ দামত কোনে তাৰ পৰা সেইবোৰ কিনিব? আগত লৈ থকা বস্তুখিনিলৈ
চাইছিলোঁ৷ সেইখিনিও বিক্ৰী হ’ব নে নাই মোৰ সন্দেহ৷ সম্মুখৰে চুপাৰ মাৰ্কেটখন এৰি গছৰ
তলৰ ফুটপাথত বেছি দামত বস্তু কিনিবলৈ এনেয়েও কোনে কি দৰকাৰত আহিব? বেলেগত বেপাৰখন কৰিবলৈ
সিহঁতে জেগা বিচাৰি নাপালেনে?
সিহঁতৰ অৱস্থাটো
খুবেই বেয়া বুলি ধৰিব পাৰিছিলোঁ৷ এশ টকা ধৰ্মৰ ঘৈণীয়েকৰ হাতত দিছিলোঁ৷ সেইখিনিয়ে তাক
একো সহায় কৰিব নোৱাৰে বুলি জানিছিলোঁ৷ কিন্তু কিবা এটা আশা আৰু কৃতজ্ঞতাৰে ধৰ্মৰ
শেঁতা মুখখন জিলিকি উঠিছিল৷ সি কিবা ক’ব খুজিছিল; কিন্তু তাৰ মূৰৰ বিষটো আকৌ উঠিছিল
কিজানি৷ সি মূৰটো দুই হাতেৰে চেপি ধৰি তলমূৰ কৰিছিল। তাৰ গোটেই শৰীৰটো কোঁচ খাই গৈছিল৷
তাৰ পাছত ধৰ্মক আৰু
কেতিয়াও লগ নাপালোঁ৷ অৱশ্যে ঘৈণীয়েকক এদিন মহানগৰৰ পৰা বহু দূৰৰ মন্দিৰ এটাৰ সম্মুখত
লগ পাইছিলোঁ৷ সপৰিয়ালে ছুটীৰ দিন এটাত মন্দিৰলৈ গৈছিলোঁ৷ তাইক তাতে দেখি অলপ আচৰিতেই
হৈছিলোঁ। আগৰ দৰেই তাই পাণ খাই মুখখন ৰঙা কৰি থৈছিল৷ বস্তা এখনত ফুল এসোপা লৈ তাই খুব
খৰকৈ মালা গুঁঠি বহি আছিল৷ ওচৰত আৰু কেইজনমান তিৰোতায়ো ফুল লৈ, মালা গুঁঠি গুঁঠি বহি
আছিল৷ মন্দিৰলৈ ফুল তাইৰ পৰাই লৈছিলোঁ৷ আমি ওভতাৰ সময়তো তাই তাতেই বহি মালা গুঁঠি
আছিল৷ মই ধৰ্মৰ কথা সুধিছিলোঁ৷ সি হেনো মৰা দুবছৰমানেই হৈছিল৷ বৰ সাধাৰণভাৱেই তাই কথাটো
কৈছিল৷ মই হিচাপ কৰি চাইছিলোঁ- মই তাক শেষ বাৰলৈ লগ পোৱাৰ চাৰি মাহমান পাছতেই সি মৰিছিল৷
মনটো অলপ সময়লৈ উদাস হৈ গৈছিল৷ তাইৰ হাতত এশটকা এখন মই সেইবাৰো গুজি দিছিলোঁ৷ আৰু
সিদিনাৰ পাছত এতিয়ালৈকে তাইকো আৰু মই এবাৰো লগ পোৱা নাই৷
***
ঠিকনা :
বি-১১৫,
সানভি সংকল্পম,
নাগোণ্ডানাহালি,
বাংগালোৰ – ৫৬০০৬৬