স্নেহগচ্ছিত

মেঘনা চৌধুৰী

‘‘তুমি শৃংগাৰ কৰিলে দেবুৱে বৰ
ভাল পাইছিল। অন্ততঃ সেইবাবেই তুমি নিজকে ভালকৈ ৰখাটো জৰুৰী।
’’

কথাষাৰে পলকতে মোৰ তন্ময়তা
ভাঙি পেলালে। হস্পিটেলখনৰ চতুৰ্থ মহলাৰ বেলকনিত ৰৈ আছিলোঁ আমি। অলপ আগতে ঠাইখিনি
ছেনিটাইজ্ড কৰা হৈছিল। তেতিয়াও
ধোঁৱাই আমনি কৰি থকা বাবে মই দোপাট্টাখনেৰে নাকটো এহাতেৰে ঢাকি আনখনেৰে বেলকনিৰ
ৰেলিঙত ভেজা দি আছিলোঁ। বহু সময় মা
স্ক্খন পিন্ধি থকাত উশাহটো চুটি হোৱা যেন লগাত সেইখন
বেগত ভৰাই থৈছিলোঁ। দিন আৰু ৰাতিৰ সমাহাৰৰ সময়। আকাশ ফৰকাল। পশ্চিমত বেলিয়ে বিদায়
নৌলওঁতেই ভুমুকি মাৰিছিল শেঁতা জোনটোৱে। বতাহ বলা নাছিল। সেইখিনিৰে মানুহৰ আহ-যাহো
কম। এইটো মহলাৰ পৰাই প
ষ্টমৰ্টেম ৰিপৰ্টবোৰ লব লাগে। দেবুৰ ৰিপৰ্টৰ বাবে বাট চোৱা চাৰিটা
দিন ইতিমধ্যে পাৰ হৈছিল। চাৰিটা দিন মই আইনাত নিজকে চাব পৰা নাই। একো এটা ভালকৈ
খাব পৰা নাই। কাৰো মেছেজৰ উত্তৰ লিখাৰ শক্তি গোটাব পৰা নাই। ভিতৰখন ভাঙি চূৰমাৰ হৈ
গৈছে। জীৱনত প্ৰথমবাৰ এনেদৰে মৃত্যুযাতনাৰ মুখামুখি হৈছোঁ। আৰু এই ভাগি পৰা
মানুহজনীক চিকুণে কৈছে সাজোন-কাচোন কৰিবলৈ!
‘‘তোমাৰ মূৰটো নষ্ট হৈ গৈছে
নেকি
?’’— চিকুণক মোৰ তেনেদৰে
সুধিবলৈ মন গৈছিল। অথচ মোৰ মুখেৰে ওলাল
— ‘‘তুমিও ধুনীয়াকৈ থাকিবলৈ ভাল পোৱা নহয়নে?’’
‘‘তাৰ বাবেওতো এখন কপাল লাগে!’’ — তাৰ উদাসী দৃষ্টি এইবাৰ মোৰ
পৰা আঁতৰি দূৰত ক্ৰমে ক্ৰমে স্পষ্ট হ
বলৈ ধৰা জোনটোলৈ গল। সি পুনৰ কবলৈ ধৰিলে— ‘‘কাৰোবাৰ বাবে শৃংগাৰ কৰিবলৈ
যে মোৰ ইমান হেঁপাহ থাকি গ
ল! তুমি অন্ততঃ
সেইখিনিকে পালা। সেইফালৰ পৰা চাবলৈ গ
লে তুমি সুখী হব লাগে। আৰু কি জানা, তুমি মনেৰেও বৰ ধুনীয়া পাখি!’’
আঁঠুলৈকে পৰা কলপতীয়া ৰঙৰ
কূৰ্তা আৰু ফে
ইডেড জিন্ছ পেণ্ট। ডিঙিত এখন পাতল ষ্টল মেৰিয়াই থোৱা। ভৰিত কোল্হাপুৰি চপ্পল। চুলিখিনি চুটিকৈ
কটা। চেলাউৰি দুডাল ধুনীয়াকৈ শ্বে
প দি ৰখা। দুয়োখন কাণতে জিলিকি থকা সৰু ফুলি। সোঁহাতত ৰুদ্ৰাক্ষৰ এডাল ব্ৰেইচ্লেট৷ চকুত কাজল সনা।
নামটোৰ দৰেই তাৰ গাল দুখন। একেবাৰে নিমজ। তাৰ সমগ্ৰ অৱয়বটোলৈ সেই মুহূৰ্ততহে যেন
মই ভালদৰে মন কৰিলোঁ। অথচ বিগত চাৰিটা দিন দেবুৰ বাবে মোৰ ভিতৰত চলি থকা সমস্ত
হাহাকাৰৰ সাক্ষী হৈ আছিল কেৱল চিকুণ।
আচৰিত ধৰণে সি স্থিৰ হৈ
কথাবোৰ কৈ আছিল। তাৰ মাজত যেন মাত্ৰ চাৰি দিন
আগতে আমাক দুয়োকে থেতালি থৈ
যোৱা ধুমুহাজাকৰ কোনো চিন-মোকামেই নাই। মই দেখোন চকুপানীবোৰ সামৰি থিয় হ
বই পৰা নাই! অথচ সি মোক কব পাৰিছে তাৰ জীৱনত অপূৰ্ণ হৈ
ৰোৱা হেঁপাহৰ কথা!  শৃংগাৰ আৰু সৌন্দৰ্যৰ
কথা!  এয়া বাৰু স্থিৰতা নে প্ৰলাপ
? যন্ত্ৰণাৰ বুকুৰ পৰা উঠি অহা
পৃথিৱীৰ প্ৰতিটো চৰম অস্থিৰতাৰ শেষ প্ৰান্তত ৰৈ থাকে কিছু শান্ত প্ৰহৰ। সকলো
আৰ্তনাদৰ সিটো পাৰে বৈ থাকে একোখন শীতল নদী। ভূমিকম্পই সৃষ্টি কৰা ধবংসাৱশেষতো
এসময়ত নতুনকৈ গজালি ওলায়। এদিন প্ৰতিখন যুদ্ধৰে অৱসান ঘটে আৰু জী থকা মানুহবোৰ
ঘৰমুৱা হয়। মানুহে শেষবোৰ পাহৰি পুনঃ আৱাহন কৰে প্ৰাপ্তিৰ বাবে। ৰাতিৰ
পাছত দিন হোৱাৰ দৰে
সকলো ৰোগ
, শোক, ব্যাধিৰ অন্ত পৰালৈ মানুহে
অপেক্ষা কৰে। কিন্তু আপোন কাৰোবাৰ মৃত্যু পাহৰিবলৈ সকলোকে সময় লাগে। যথেষ্ট দীৰ্ঘ
সময়।
মোৰ এনে লাগিল, হয়তো চিকুণৰ অনুভূতি বোলা
সত্তাটো নিঃশেষ হৈ গৈছে নাইবা দেবুৰ মৃত্যুৱে তাৰ বাবে কঢ়িয়াই আনিব পৰা প্ৰবল
উদাসীনতালৈ ভয় কৰি সি পলাবলৈ ধৰিছে। কি আছে তাৰ বুকুৰ ভিতৰত
? অত দিনে যাক কেৱল অৱহেলা আৰু
অগ্ৰাহ্য কৰি আহিছিলোঁ
, সেই চিকুণে মোক
ধুনীয়া দেখে কিয়
?
তাৰ কোনো এষাৰ কথাৰে
প্ৰত্যুত্তৰ দিবলৈ মোৰ মন নগ
ল। মাজে মাজে মোৰ মনত
পৰি থাকিল দেবুৰ বাবে কৰা অপেক্ষাৰ ক্ষণবোৰলৈ। শুকুৱাবলৈ বৃথা চেষ্টা কৰা চকুহাল
বাৰম্বাৰ তিতি থাকিল। দেবুৰ হাঁহি থকা মুখখন
, তাৰ মাত,
তাৰ
খং-অভিমান
, কলোৱে মোক একোবাৰ হেঁচি
ধৰে। একোবাৰ মই ম
বাইলটো উলিয়াই সি
লিখা কথাবোৰ
পঢ়োঁ। বুকুখন গধুৰ লাগি আহে। কিন্তু দুখখিনি জোকাৰি পেলাবলৈ মই অলপো চেষ্টা নকৰোঁ।
থাকক। দেবুৰ বাবে য
ত ভালপোৱা আছে, সেইখিনিৰ কাষে-বেৰে
দুখবোৰো লাগি থাকক। পৃথিৱীৰ কোনেওতো দেবুৰ বাবে এনেকৈ কন্দা নাই। কান্দিবলৈ অধিকাৰ
পোৱা নাই। মই সেই অধিকাৰ পাইছোঁ। সেয়া জানো মোৰ প্ৰাপ্তি নহয়
?
ঠিক এনেবোৰ ভাবনাৰ মাজতে
হঠাতে সি মাত লগালে
— ‘‘কামখিনি পলম হব বুলি গম পালোঁৱেই। দেবুৰ কভিড ৰিপৰ্টটো অহাই নাই। তাৰ পাছৰ কামবোৰ আছেই। সময়
লাগিব। ব
লা নহলে অলপ ফ্ৰেশ্ব্ হৈ আহোঁ। কফি
একাপ খাবা নেকি
?’’
হয়তো বিচৰা নাছিলোঁ। তথাপি সেই মুহূৰ্তত সেই
মানুহজনৰ বাদে মোৰ লগত থাকিবলৈও কোনো নাছিল। দেবুৰ শেষ কামখিনিৰ বাবে কিবা এটা
পৰামৰ্শ ল
বলৈও আছিল মাথোঁ
এজনেই। সেয়ে কোনো উত্তৰ নিদিয়াকৈয়ে মই হস্পিটেলৰ কেফেটেৰিয়াৰ ফালে খোজ ল
লোঁ
— ‘‘তুমি কল্ড কফিৰ লগত আইছ্ক্ৰীম খাবলৈ ভাল পোৱা, নহয়নে?’’
এইবাৰ মই প্ৰয়োজনতকৈ অলপ বেছি স্পষ্টকৈ সুধি
পেলালোঁ
‘‘তুমি কেনেকৈ জানিলা?’’
কাজলৰ ডাঠ প্ৰলেপৰ আঁৰতো ৰঙা পৰি থকা তাৰ
চকুযুৰিত ভাহি উঠিল পাতল এচমকা পোহৰ।
— ‘‘দেবুৱে কৈছিল। তোমাৰ বিষয়ে
বহুত কথাই মই জানো।
’’
কিয় জানে সি মোৰ বিষয়ে ইমানবোৰ কথা? কি দৰকাৰ? মোৰ অসহ্য লাগিল।
— ‘‘তুমি মোৰ কথা কিবা শুনিছিলানে? দেবুৱে কেতিয়াবা কিবা কৈছিলনে?’’
তাৰ উৎসুকতাত মই স্তম্ভিত হলোঁ। দেবুৱে মোক চিকুণৰ বিষয়ে
বহু কথাই কৈছিল।  চিকুণক কেনেকৈ প্ৰায় দহ
বছৰ আগতে দেবুৰ দেউতাকে লগ পাইছিল এটা বাছষ্টেণ্ডত। গাঁৱৰ আলিমূৰত গুৱাহাটীমুখী
বাছৰ বাবে ৰৈ বাটৰ কাষৰ কালভাৰ্ট এটাত বহি উচুপি আছিল চিকুণ আৰু দেবুৰ দেউতাকে আগ
বাঢ়ি গৈ হাত এখন তাৰ কান্ধত থৈ সুধিছিল
‘‘কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি?’’
কেফেটেৰিয়াৰ বয় এজনে আমাৰ
সন্মুখত কফি দুকাপ থৈ গ
ল। হস্পিটেলখনত মানুহ
সাধাৰণ অৱস্থাতকৈ কিছু তাকৰ। সৰু
সুৰা বেমাৰবোৰ সকলোৱে ঘৰতে মেনেজ কৰিছে। ডাক্তৰৰ ওচৰ
চাপিবলৈ সকলোৰে শংকা। জানোচা অচিন ৰোগটোৱে অজানিতে শৰীৰত বাহ বান্ধে! সকলো
গৃহবন্দী। সংস্পৰ্শহীন সময়। সেয়ে দেবুৰ মৃত্যুৰ বাতৰি পায়ো আহিব পৰা নাই কোনো।
চিকুণৰ লগত কথা পাতিবলৈ মোৰ
অকণো আগ্ৰহ জন্মা নাছিল। মৰ্গত সোমাই থকা দেবুলৈ বাট চাই মই ভাগৰি পৰিছিলোঁ।
মগজুৱে কাম নকৰা হৈ আহিছিল। চাৰি দিন আগৰ সেই ৰাতিটোলৈ মনত পৰিলেই কঁপি উঠিছিল মোৰ
ভিতৰখন। সন্ধিয়া গণেশগুৰিৰ ফ্লাইঅ
ভাৰৰ তলত দেবুৰ গাড়ীখনে ডিভাইডাৰত প্ৰচণ্ড খুন্দা মৰাত সি অচেতন হৈ পৰিছিল।
পুলিচে তাক হস্পিটেললৈ আনিছিল। চিকুণক খবৰ দিয়া হৈছিল দেবুৰ ফ
নটোৰ পৰাই। তাৰ শেষ উশাহৰ
সাক্ষীও হৈছিল কেৱল চিকুণ। দেবুৰ বাবে কিবা কৰিব পৰাৰ আগতেই সি পৃথিৱীৰ পৰা লৈছিল
চিৰবিদায়।
‘‘পাখি,
শুনিছানে? মই চিকুণ। খবৰ এটা আছে। দেবুৰ
এক্সিডে
ণ্ট হৈছে। মই তোমাৰ তালৈ
গৈ আছোঁ। তুমি ওলোৱাচোন।
’’
মাজৰাতিৰ নিস্তব্ধতা ভাঙি তাৰ কঁপা কঁপা মাতটোৱে
মোক জোকাৰি গৈছিল। অনা
হূ, অনাকাংক্ষিত প্ৰবল
ঘূৰ্ণীবতাহৰ দৰে অহা দুঃখবৰটোক
কোঁচত লৈ হস্পিটেলৰ বাৰাণ্ডাত মই ৰৈ গৈছিলোঁ। দেবু গুচি যোৱাৰ
শোকতকৈও মই কান্দিছিলোঁ নিজৰ বাবে। ভাবিছিলোঁ
, দেবুবিহীন পৃথিৱী এখনত মই কেনেকৈ জীয়াই থাকিম?
কফিত সোঁহা মাৰি আঁৰ চকুৰে মই
চিকুণলৈ চাই থাকিলোঁ। একোবাৰ এনে লাগিল
, এই মানুহজনে মোতকৈ দেবুক বেছিকৈ বুজি পাইছিল নেকি? তাৰ বিদায় বেলাত মোতকৈ অধিক শোকে আৱৰি ধৰিছে নেকি চিকুণক? অথচ সেই চিকুণেই মোক লগ পোৱাৰ
পাছত হেনো দেবুক এদিন
কৈছিল
পাখিৰ লগত তুমি খুউব
সুখী হ
বা দেবু।’’ আচলতে মই দেবুৰ মুখেৰে চিকুণ
সম্পৰ্কে শুনা ভাল কথাবোৰলৈ কোনোদিন কাণেই দিয়া নাছিলোঁ। কাৰণ তেনে এষাৰ কথায়ো মোক
কেইবাদিনলৈ অস্থিৰ কৰি ৰাখিছিল। ইয়াৰ আগেয়ে তাক লগো পাইছিলোঁ মাত্ৰ দুবাৰহে। তাৰ
প্ৰতি এক অ
দ্ভুত ক্ষোভ, এক আক্ৰোশ পুহি
ৰাখিছিলোঁ সদায়। আনকি দেবুৰ দুৰ্ঘটনাৰ খবৰটো সি মোতকৈ আগতে পোৱাৰ বাবেও মই আহত
হৈছিলোঁ।
পাছত
দেখিছিলোঁ
, দেবুৰ মবাইল ফনত চিকুণৰ নম্বৰটো ছেভ কৰা আছিল মাই হবুলি। হয়তো এনেদৰেই দেবুৱে অনুভৱ কৰিব বিচাৰিছিল তাৰো এখন
ঘৰ আছে। অথবা কিবা কাৰণত বহু দিন
আগতে তেনেকৈ ছেভ কৰি থোৱাৰ ছত সেইটো সলনি কৰাৰ প্ৰয়োজন বোধ কৰা নাছিল। 
— ‘‘পৰিস্থিতিবোৰ স্বাভাৱিক হৈ
থকা হ
লে দেবুৰ বাবে
ইমানদিনে আমি প্ৰাৰ্থনা সভা পাতিলোঁহেঁতেন।
’’
এইবাৰ যেন তাৰ কথাষাৰত মোৰ
মনটো অকণমান কুমলি গ
ল। ভাল অধিকাৰবোধৰ যি সংঘাতৰ
দুপাৰে আমি অত দিনে থিয় হৈ আছিলোঁ
, এতিয়াচোন সেই জৰীডালেই ছিগি থাকিল। এতিয়া সেই সংঘাতৰ অৰ্থইবা কি? এতিয়াচোন আমাৰ বাবে কৰিবলগীয়া
একেবোৰ কামেই থাকি গ
ল। দেবুৰ স্মৃতিবোৰ
জীয়াই ৰখা আৰু তাৰ আধৰুৱা কামবোৰ পূৰ কৰা। সেইখিনিৰ বাবেও মোক সহায় কৰিব পৰা কেৱল
একেজনেই মানুহ। জীৱনে আমাক এনে এক সন্ধিক্ষণত থিয় কৰাইছিলহি
,ত আমি এজনে আনজনক বুজি উঠাটো
অৱধাৰিত হৈ পৰিছিল।
— ‘‘তুমি দেবুক বৰ ভাল…’’
ৰৈ গলোঁ মই। বাক্যটো আকৌ এবাৰ জুকিয়াই ললোঁ
— ‘‘দেবুক বৰ ভালকৈ জানিছিলা নহয়? কোৱাচোন তোমালোকৰ কথাবোৰ।’’
চিকুণৰ লগত মোৰ লাহে লাহে সহজ হবলৈ মন গল। দেবুৰ মুখেৰে শুনিছিলোঁ, বাছষ্টেণ্ডটোত লগ পাই উচুপি
থকা ল
ৰাটোক দেবুৰ দেউতাকে
নিজৰ লগতে একেবাৰে বিপৰীত ফালে লৈ গৈছিল। তিনিচুকীয়াত তেওঁ কৰ্তব্যৰত হৈ থকা চাহ
বাগিচাখনত আৰম্ভ হৈছিল চিকুণৰ নতুন জীৱন। চিকিৎসক হিচাপে মানুহজনৰ যিমান সুনাম
আছিল
,
তাতোকৈ তেওঁ আছিল এগৰাকী সাধু পুৰুষ। মানুহৰ মনৰ নিভৃত স্থানলৈ পোহৰাই পেলাব পৰাকৈ
কিবা এক যাদুকৰী শক্তি আছিল তেওঁৰ মাজত। সেয়ে নিজৰ সমাজখনে
, আপোন ঘৰখনে কেতিয়াবাই এৰি
দিয়া পঁচিছ বছৰীয়া ল
ৰাটোৰ ভিতৰত উচপিচাই
থকা কোমল ছোৱালীজনীকো তেওঁ আদৰ কৰিব পাৰিছিল।
দেবুৰ মুখেৰে শুনা সেই বৃতান্তখিনি মনত পৰাত মোৰ
মাজত হঠাতে এক উৎসুকতাৰ সৃষ্টি হ
ল। যিবোৰ প্ৰশ্নৰ
উত্তৰ দেবুৱে মোক নিদিয়াকৈয়ে গুচি গ
, সেই উত্তৰবোৰ
বিচাৰিবলৈ মন গ
ল চিকুণৰ পৰা। 
— ‘‘জানানে পাখি, মেট্ৰিক পৰীক্ষাত মই ফেইল
কৰিছিলোঁ। তাৰ
পাছতে
ঘৰৰ পৰা পলাই গুৱাহাটীলৈ গুচি আহিলোঁ। অ
ত কাম বিচাৰি শেষত যেনিবা
কোনোমতে হোটেল এখনত সোমালোঁ। প্ৰায় দহ বছৰ তেনেকৈয়ে পাৰ হৈ গ
ল। ময়ো ঘৰৰ একো খবৰ নাৰাখিলোঁ, মোকো কোনেও নিবিচাৰিলে। আচলতে
সৰুৰে পৰা মোৰ কাৰণে ঘৰখনে যিমান ভুগীবলগীয়া হ
, সেইবোৰ শেষ হওক
বুলিয়েই মই ওলাই আহিছিলোঁ।
চিকুণৰ মাতত বিষণ্ণতা। প্ৰায় বিছ বছৰ আগতে দেউতাকৰ
ককৰ্থনা
, তাক লৰা কৰি তুলিবলৈ তেওঁ চলোৱা
অহৰহ যাতনা
, ককায়েকহঁতৰ বেঁকা মাত, গাঁওখনৰ উপলুঙা, এই সকলোৱে হেঁচি ধৰা সত্ত্বেও নিজৰ ভিতৰত তিল তিলকৈ
গঢ় লৈ উঠা ছোৱালীজনীক জীয়াই ৰাখিবলৈকে চিকুণে জাঁপ দিয়া নাছিল গাঁৱৰ নদীখনত। 
— ‘‘ঘৰ এৰাৰ দহ বছৰৰ পাছত হঠাতে
এদিন ডাঙৰ দাদাৰ লগত মুখামুখি। সি আমাৰ ভ
ণ্টী ৰুণিৰ বিয়াৰ বজাৰ কৰিবলৈ
গুৱাহাটীলৈ আহিছিল। তাৰ পৰাই গম পাইছিলোঁ যে দেউতা ইতিমধ্যে ঢুকাইছিল। তাৰ সংসাৰ
হৈছিল। মাজু দাদাই চাকৰি পাইছিল আৰু…।
’’
হঠাতে থমকি ৰৈছিল চিকুণ। তাৰ বুকুৰ পৰা সৰি পৰা
হুমুনিয়াহৰ শব্দ মই স্পষ্টকৈ শুনিছিলোঁ। এপলক
পাছতে কৰবাৰ পৰা অহা বৰষুণ এজাক তাৰ
চকুৰ কোণত থূপ খালে। পিছে বৈ পৰাৰ আগতেই সি বাধা দিলে সেইজাকক। বৰষুণজাকে ৰঙা ক্ষত
অলপ এৰি
, আগমনৰ জাননী দি থৈ
গুচি গ
ল।
— ‘‘বহু বছৰৰ মূৰত মাৰ খবৰো দাদাৰ
পৰাই পালোঁ। তেতিয়ালৈ মা বৰ অসুখীয়া হৈ পৰিছিল। আচলতে মোক ডাঙৰ কৰা গোটেই সময়খিনিত
মাৰ মনত যিবোৰ দুখে বাহ লৈছিল
,
সেইবোৰৰ
পৰিণতিতে হয়তো মাক বেমাৰে কোঙা কৰি পেলাইছিল।
এটা এটাকৈ শব্দবোৰ জোৰা লগাই চিকুণে কৈ গৈছিল
নিজৰ অতীতগাথা।
— ‘‘তাৰ পাছত তুমি মাক চাবলৈ গৈছিলানে?’’
— ‘‘গৈছিলোঁ। ৰুণিৰ বিয়াৰ দিনাখন।
দাদাই বিচাৰিছিল মই যাতে কাৰো চকুত নপৰোঁ। সেই কাৰণে পিছফালৰ পথাৰ পাৰ হৈ বাৰীৰ
মাজেৰে মই ঘৰ সোমাইছিলোঁ। তেতিয়া দোভাগ ৰাতি। আগ চোতালত ৰুণিৰ বিয়াৰ কাম চলি আছিল।
মই সেইফালে আগ নাবাঢ়ি পোনে পোনে ঘৰৰ পিছফালে ৰৈছিলোঁগৈ। হঠাতে শুনিছিলোঁ মাৰ মাত!
’’
কঁপি উঠিল চিকুণৰ কণ্ঠ। নিজকে মোৰ বৰ দোষী যেন
লাগিল। কাৰোবাৰ মনৰ তৰপবোৰৰ তলত তাপমৰা পুৰণি ঘা কিছুমান এনেকৈ
খুঁচৰি দিয়াৰ অধিকাৰ মই
কেনেকৈ পালোঁ
? ধিক্কাৰ দিলোঁ নিজকে।
— ‘‘নালাগে চিকুণ। কবলৈ মন নাথাকিলে কব নালাগে।’’
মাতত যিমান পৰা যায় কাতৰতা
সানি মই কথাষাৰ ক
লোঁ। তথাপি চিকুণে কৈ
ল। সেই ৰাতি কোঠাৰ বাহিৰত ৰৈ
ৰৈ সি শুনিছিল মাকে মাহীয়েকৰ আগত কৈ থকা কথাবোৰ। মানুহগৰাকীয়ে তাৰ বাবে সেইদিনা
চাকি এগছ জ্বলাইছিল। পৃথিৱীৰ কোনেও
, আনকি সি নিজেও পাহৰি যোৱা দিনটো মাকে মনত ৰাখিছিল। তাৰ ওপজা দিন। উচুপি উঠা
মাকজনীৰ বুকুত আছিল এটাই প্ৰাৰ্থনা।
— ‘‘মাৰ সেইষাৰ কথা মই এতিয়াও
মাজে মাজে সপোনতে শুনো। আকৌ আহিবি বোপাই। অহাটো জনমত মোৰ কোঁচলৈকে আহিবি।
’’
এইবাৰ সি চকুপানীবোৰ বাধা দিব নোৱাৰিলে।
— ‘‘উভতি আহিলোঁ। ভাবিলোঁ, মাৰ লগতে হয়তো ময়ো বাট চাই
থকটোৱেই উচিত হ
ব।’’
চোলাৰ জেপৰ পৰা ৰুমাল এখন উলিয়াই চিকুণে চকুপানী
মোহাৰি ল
লে।
চিকুণৰ কোমল মুখ, তাৰ মাজত সোমাই থকা আলফুলীয়া ছোৱালীজনীলৈ হঠাতে মোৰ বৰ মৰম
লাগিল। দেবুৰ লগত যোৱা এটা বছৰে থাকি বুজিছিলোঁ
, দেবুৰ বাবে মানুহবোৰ আছিল কেৱল মানুহ। শৰীৰক দেবুৱে বিশ্বাস
নকৰিছিল। মানিছিল কেৱল মন। পুৰুষ আৰু নাৰীৰ সংজ্ঞাৰে বান্ধিব নোৱৰা বহু মানুহকে লগ
পাইছোঁ। তেওঁলোকৰ বাবে দেবুৱে যিখন যুদ্ধ কৰিছিল
, সেয়াতো চকুৰ আগতেই দেখিছিলোঁ। অথচ ইমান আকুলতাৰে এটা পুৰুষ
শৰীৰে কন্দা আগতে মই কাহানিও দেখা নাছিলোঁ। এই শৰীৰৰ ভিতৰত এজনী নাৰীক কঢ়িয়াই
ফুৰাটো কিমান কঠিন সেয়া কেৱল চিকুণৰ দৰে মানুহেহে অনুভৱ কৰিব পাৰে। তেজ বৈ থকা
কলিজা এটাক এনেদৰে আপডাল কৰাটো জানো ইমান সহজ!
— ‘‘দেবুৱে মোক আকৌ পঢ়িবলৈ সুবিধা
কৰি দিছিল। তেতিয়া সি দিল্লীৰ পৰা ওকালতি পাছ কৰি আহি ঘৰতে আছিল। লাহে লাহে মই সেই
ঘৰখনৰ আপোন হৈ পৰিছিলোঁ। তেওঁলোকে মোক মই ভাল পোৱা ধৰণে থাকিবলৈ দিছিল। মোৰ
সুখ-দুখৰ সমভাগী হৈছিল।
খুৰা আৰু দেবুৱে মোক ইমান মৰম কৰিছিল যে সেই মৰমৰ ধাৰ সুজিবলৈকে
হয়তো মই আকৌ এবাৰ জনম ল
ব লাগিব।’’
সৰুতেই মাকক হেৰুওৱা দেবুৰ
বাবে দেউতাকেই আছিল সকলো। কিন্তু পাঁচ বছৰ
আগতে প্ৰেছাৰ ষ্ট্ৰক হৈ দেউতাকৰ মৃত্যু হোৱাৰ
পাছত তাৰ বাবে ঘৰৰ মানুহ বুলিবলৈ থাকিলগৈ কেৱল চিকুণ। পুৱাৰ ৰ
দজাকৰ দৰে উজলি উঠা চিকুণৰ
মুখখনলৈ ৰ লাগি চাই ৰ
লোঁ। ইমান শীতল, ইমান আলসুৱা!
— ‘‘খুড়া গুচি যোৱাৰ পাছত একেবাৰে
উকা হৈ পৰা ঘৰখনত দেবুৱে বৰ কষ্ট পাইছিল। তেতিয়াই তাৰ গুৱাহাটীলৈ অহা। লগতে মই।
তাৰ
পাছৰ
কথাবোৰ তুমিতো জানাই পাখি।
’’      
হয়তো চিকুণেই আছিল সেই মালী যি দেবুৰ মনত গোপনে
ৰুইছিল এটা আশাৰ বীজ। প্ৰথমতে কোনো আগ বাঢ়ি অহা নাছিল। কিন্তু দেবুৱে ধৈৰ্য
ধৰিছিল। মাক-দেউতাকক লগ ধৰি বুজাইছিল
, সন্তানৰ শৰীৰৰ ভিতৰত থকা মনটো পঢ়িবলৈ। আত্মাৰ তাড়নাক চিনি পাবলৈ। অসহায়
মানুহবোৰে ধীৰে ধীৰে খুলিছিল অন্তৰ্মনৰ দুৱাৰ। আৰু তেনেকৈয়ে এদিন মূৰ্ত হৈ উঠিছিল
দেবুৰ সপোন। মানসিক সকাহ
, জীৱনৰ গতি, আস্থাৰ হাত এখনৰ বাবে ব্যাকুল
মানুহবোৰে বিচাৰি আহিছিল সেই ঠিকনা
, যাৰ নাম দ্য থাৰ্ড জেণ্ডাৰ
ক্লাৱ
— ‘‘তুমি সুধিছিলা নহয়, দেবুৱে মোক তোমাৰ কথা কি
কৈছিল
?’’
নিজকে বান্ধি ৰাখিবলৈ মোৰ আৰু মন নগল। চিকুণৰ চকুত আকলুৱা আগ্ৰহ।
— ‘‘দেবুৱে কৈছিল, চিকুণে নিজকে আনতকৈ বেলেগ
বুলি
ভাবে। বেলেগতো হয়েই। কিন্তু সি নাজানে যে সি কিমান বিশেষ!’’
চিকুণৰ ওঁঠেৰে কোমল হাঁহি এটা বাগৰি গল।
— ‘‘আৰু সেইবাবেই তুমি মোক বেয়া
পোৱা নেকি পাখি
?’’
চঁক্ খাই উঠিলোঁ মই। চুৰি কৰি
ধৰা পৰি যোৱাৰ দৰে লাজ এটাত মই তলমূৰ কৰিলোঁ।
— ‘‘মই কিন্তু দেবুক যিমান ভাল
পাওঁ
, তোমাকো সিমানেই পাওঁ
জানানে
?’’
চকুৰ পতা তল কৰিয়েই মই শুনি থাকিলোঁ সেই মৰম সনা
মাত। যি মাতে দেবুক তুলি ধৰিছিল একাকিত্বৰ অন্ধকাৰৰ পৰা। যি মাতত আছিল দেবুৰ বাবে
কেৱল প্ৰাৰ্থনা। যি মাত শুনিয়েই দে
বুৱে চকু মুদিছিল শান্তিৰ কোলাত!
— ‘‘তুমি মোক কিয় ইমান ভাল পোৱা চিকুণ? মইতো দেবুৰ প্ৰেম আছিলোঁ।
তুমি মোক হিংসা নকৰা কিয়
?’’
উচুপি উঠিলোঁ মই। চিকুণে অলপ পৰ কিবা ভাবিলে।
হয়তো মই স্বাভাৱিক হোৱালৈ বাট চালে।
— ‘‘আমি যেতিয়া কাৰোবাক ভাল পাওঁ
পাখি
, তেতিয়া কেৱল সেই
মানুহজনকে ভাল পাওঁনে
? কাৰোবাক ভাল পাম অথচ
তেওঁৰ আপোন মানুহবোৰ
, তেওঁৰ পন্দবোৰ ভাল নাপাম, সেইটোতো হব নোৱাৰে। সেয়া জানো
স্বাৰ্থপৰতা নহ
? প্ৰেমৰতো স্বাৰ্থ এটাই। কেৱল
ভালপোৱা!
’’
মোৰ শুকান বুকুখন চপ্চপীয়া হৈ পৰিল সেই
সময়তে। দেবুবিহীন পৃথিৱীখনত জীয়াই থাকিবলৈ দেবুৱে নিজেই মোলৈ কাৰোবাৰ মাজত এৰি
গৈছে অতবোৰ ভালপোৱা। কাৰোবাৰ হাত দুখন গচ্ছিত স্নেহেৰে ভৰাই থৈ গৈছে কেৱল মোৰ
বাবে। অত বছৰে চকুলো মচি ভাগৰি পৰা সেই হাত দুখনত মোৰো সানিবলৈ মন গ
ল অলপ সুখৰ জেতুকা। হয়তো
দেবুৱেও সেয়াই বিচাৰিছে!
এজনী সৰু ছোৱালী লাহে লাহে
কিশোৰী হ
, যুৱতী হ, অথচ কোনেও তাইক দেখা নাপালে। তাইৰ শৃংগাৰ কৰা নহ, প্ৰেম কৰা নহল। বিৰহিনী অথবা অভিসাৰিকা হোৱাৰ হেঁপাহো এদিন মৰহি গল। ইমানৰ পাছতো তাইৰ বাৰু এতিয়াও সপোন দেখিবলৈ মন যায়নে?
— ‘‘তোমাৰ সপোন আছেনে চিকুণ?’’
আকুলতাৰে মই তাক কথাষাৰ সুধিলোঁ। সি মোলৈ কিছু পৰ
এনেয়ে চাই থাকিল।
— ‘‘আছেতো। সপোন নাথাকিলে জীয়াই
থাকিম কেনেকৈ
?’’
— ‘‘মোক কবানে?’’
— ‘‘তোমাৰ অবিহনে আৰু কমেইবা কাক পাখি? এতিয়া মাথোঁ মোৰ এটাই সপোন।
কাৰোবাক ধাৰণ কৰিব নোৱাৰিলেও পালন কৰাৰ সপোন। পৃথিৱীৰ বুকুত এজনী মাকক জীয়াই তোলাৰ
সপোন।
’’ 
মোৰ সন্মুখত বহি থকা পৰম
মমতাময়ী মানুহগৰাকীৰ বুকুত সোমাই মোৰো মন গ
ল এসোঁতা কান্দিবলৈ।


গল্পটোৰ শ্ৰব্য ৰূপ

.video-container {
overflow: hidden;
position: relative;
width:100%;
}

.video-container::after {
padding-top: 56.25%;
display: block;
content: ”;
}

.video-container iframe {
position: absolute;
top: 0;
left: 0;
width: 100%;
height: 100%;
}


কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া,
তথ্য আৰু জনসংযোগ বিভাগ, অসম
দিছপুৰ, গুৱাহাটী ০৬

ভ্ৰাম্যভাষ: ৯৮৬৪৫-৭২১১৪