বচা বকুল

  ৰমানন্দন বৰা

(যোৱা সংখ্যাৰ পিছৰ পৰা)

(আঠ)

 

ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই
ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ সাধনা কৰিছে৷ জেঠায়েক-জেঠপেহাকে
সিহঁতৰ ওপৰত যি আশিস বৰষিছে
, সিহঁতৰ ওপৰত যিমান বিশ্বাস ৰাখি মাটি-বাৰী দি
সংস্থাপন কৰিছে
, তাৰ ধাৰ সুজিবলৈ সিহঁতে কেবাটাও জনম ল
লাগিব৷ ইহ জনমত মাথোন এটাই ইচ্ছা, এই দান যাতে অপাত্ৰত দিয়া হ

বুলি জেঠপেহাকৰ মনলৈ এখন্তেকলৈও ভাব নাহে ৷ তাৰ বাবে সিহঁতে হাতে কামে দহা
উবুৰিয়াই খাটিছে৷ ভগৱন্তৰ ওচৰতো তাকেই প্ৰাৰ্থনা কৰিছে৷

সিহঁতক আশ্ৰয় দিয়াৰ পাছদিনাই বেণুক লগত লৈ
সিহঁতক দিয়া মাটিডোখৰ চিনাই দি নিজ হাতে ভলুকা বাঁহৰ গোঁজ মাৰিছিল৷
 এতিয়াই
ঘৰ সজা কাম আৰম্ভ কৰিব নালাগে৷ বাৰিষাটো শেষ হওক৷ খেৰবোৰ কাটিব পৰা হওক৷ বাৰিষা
চলি থাকোতেই গছ-বন দুই এডাল ৰুই থোৱাঁ৷ খৰালি মাটি বৰকৈ শুকায়৷ বালি মাটি৷ পানী
বেছিকাল ধৰি ৰাখিব নোৱাৰে৷

মাটিখিনি দেখিয়েই বেণুৱে কথাটো বুজিছিল৷
ভোগদৈপৰীয়া বোকাত ভৰি কলাফুললৈকে সোমাই যায়৷ ঘঁহি পিহি ধুলেও পলসৰ এঠা নেৰায়৷ বকুল
চাপৰিত বোকা ভৰিত লাগি নধৰে৷ অকণমান লাগিলেও পানীৰ চাৎ পৰিলেই আতঁৰে৷ প্ৰথমেই তাৰ
চকুত ধৰা পৰা এই পাৰ্থক্যৰ কাৰণে সি বুজি উঠিল যে ভোগদৈ পাৰৰ খেতি আৰু
ব্ৰহ্মপুত্ৰৰ পাৰৰ খেতি বেলেগ৷ ইয়াত ধানৰ গোছাবোৰ বৰ ঘন৷ পোখা বৰ বেছিকৈ নেমেলে।
ভোগদৈপাৰত ইমান ঘনকৈ ৰুলে ধান দাবলৈ নাপাব
, পাত জ্বলি শেষ হব৷

তাৰ মনটো ভোগদৈ পাৰৰ পথাৰলৈ উৰি গল৷
কি মায়া আছে সেই পথাৰখনৰ! জাক জাক বগলীৰ আগে আগে হাল বাই যাওঁতে সি যি সুখ পায়
, সেই সুখৰ কথা আনক বুজাব নোৱাৰি৷ সেউজীয়া
ধাননিৰ ওপৰেদি ভোগদৈৰ পৰা বৈ অহা বতাহে ধেমালি খেলে৷ জাক জাক ৰোৱণী-দাৱনীৰ মাজত
হাঁহি-খিকিন্দালি… সেইবোৰ সি ইয়াত পাবনে
? বকুল চাপৰিত সি নিজৰ কৰ্মদক্ষতাৰ প্ৰমাণ দিব
পাৰিবনে
? সি ভোগদৈপৰীয়া নাছিল, ভাগ্যইহে তাক তাত থাপিছিলহি কেইদিন মানৰ কাৰণে৷
এতিয়া ভাগ্যৰ ফেৰত সি চাপৰিয়াল হ
লহি৷ বকুল চাপৰি তাৰ স্থায়ী
ঠিকনা হ
বনে? সি ভাল পাব পাৰিবনে এই মাটি? সি এই মাটিৰ মান ৰাখিব
পাৰিবনে
? সি মাটিৰ মান ৰাখি আহিছে৷ মাটিক সম্পূৰ্ণ সম্ভাৱনাৰে ফুলাই তুলি সি মাটিকে
পূজা কৰি আহিছে৷ বকুল চাপৰিত সি এডোখৰ মাটি পাইছে৷ তাতকৈ সৌভাগ্য আৰু কি হ

পাৰে৷ এপুৰা মাটি মুখৰ কথাতে পাইছে সি৷ এইকণ মাটি সি তাৰ গোটেই জীৱনটোতে ঘটিব
নোৱাৰিলেহেঁতেন৷ ইয়াত ভোগদৈ নাই
, ব্ৰহ্মপুত্ৰ আছে৷ সি ব্ৰহ্মপুত্ৰক নিজৰ কৰি লব৷
সি বকুল চাপৰিৰ মাটিৰ মান ৰাখিব৷

পাহিতাৰ জেঠপেহাক, বেণুৰ শহুৰেক আজি তাৰ বাবে
আদৰ্শ৷ এখন বাৰী কেনেকৈ পাতিব লাগে তেওঁতকৈ ভালকৈ কোনে জানে
? তেওঁৰ নিজৰ বাৰীখনত নথকা বস্তু
নাই৷ সকলো আছে ভাগে ভাগে আছে৷ পৰিপাটিকৈ আছে৷ ক
তো
খেলিমেলি নাই৷ দীঘল পদূলিটোৰে সোমাই আহোঁতে সোঁফালে টেঙাবাৰী
, বাওঁফালে পাচলিৰ হেন্দালি৷
পদূলি মুখতে দুজোপা ভৰুণ নাৰিকল৷ বাটটোৰ দুফালে দুশাৰীকৈ দীঘলীয়া ফুল
, দুটীয়া মোৰৰ চিকুণ জেওৰাৰে
বেঢ়ি থোৱা আছে৷ বিশাল চাফা মিহি চোতালত ভৰি দিয়েই সোঁফালে যুৰীয়া ভঁৰাল৷ দুয়োটাই
গুটিধানৰ৷ বাওঁফালে উত্তৰে গৰু গোহালি তাৰ কাষত খেৰ ঘৰ৷ তাৰ সিপাৰৰ পৰাই আৰম্ভ
হৈছে ফলমূলৰ বাগিচা৷ ঘৰৰ পিছফালে হাঁহ-কুকুৰাৰ গঁৰাল
, তাৰ লগ লাগি তামোলনি বাৰী, তাৰ লগা লগি পুখুৰী, তিনিটা ভাগ- হাঁহ চৰা, মাছ পোহা, পানী খোৱা৷ নৰসিংহ, মহানিম, মানধনিয়া, জলকীয়া কেইজোপামান
চুৱাপাতনিৰ দুয়োফালে আছে৷ বাৰীখনৰ ক
তো পানী নৰয়৷ বাৰীখনৰ দক্ষিণ
পশ্চিম চুকত তিনি জোপা বাঁহ৷ আচল বাঁহনি-কাঠনি অলপ দূৰৈত৷ এইটো গততে সিও বাৰী এখন
পাতিব- বেণুৱে ভাবিলে৷

আহল-বহল বাৰী আৰু পনিয়লী বেৰ দি ইটাৰ খুঁটাৰে
এটা মজবুত ঘৰত জেঠায়েক বৰ সুখেৰে আছে৷ পাহিতাই ভাবে৷ জাতি-অজাতি কি কথা আছিল৷
সিহঁতৰ ঘৰখনে কিয় বাৰু নামানিলে জেঠায়েকৰ বিয়াৰ প্ৰস্তাৱ৷ মানুহজনী কাজী
, মৰমীয়াল কিন্তু স্বাধীনচিতীয়া৷
জেঠপেহাকৰ সৈতে সমানে কাম কৰে৷ পুৱাতে ঘৰ-চোতাল অঁটাই গা-পা ধুই সোণ জেঠায়েকে
ৰান্ধনী ঘৰত সোমোৱাৰ আগেয়ে ঘৰৰ আটাইকে একোবাটিকৈ চাহ দিয়ে৷ চাহ খাই বাৰান্দাত বহি
কাঠৰ মিহি টান টুকুৰা এটাত চোকা কটাৰী এখনেৰে ধঁপাত কুটে৷ কাঠৰ টুকুৰাটোৰ মাজ ডোখৰ
যেনেকৈ দ
 হৈ ভিতৰলৈ সোমাই গৈছে কটাৰীখনৰো মাজডোখৰ ক্ষয় গৈছে৷ দোকানৰ পৰা কিনি অনা পেপাৰ
কূটি লোৱা ধঁপাতখিনি পকাই চুৰট খায়
, জেঠপেহাকো এটা দিয়ে৷ দিনটো তিনিটা সময়ত তেওঁ
চুৰট খায়৷ ৰাতিপুৱা
, দুপৰীয়া ভাত খোৱাৰ পাছত আৰু সন্ধিয়া৷ দুপৰীয়া
আৰু সন্ধিয়া ঘৰলৈ অহা আন পুৰুষ আলহীয়েও চুৰট একোটা পায়৷ একেলগে হোপে৷ তাইৰ সোণ
জেঠাই গাঁৱৰ প্ৰায় সমবয়সীয়া আন মানুহবিলাকৰ বাবে
 সোণবাই
তেওঁক সকলোৱে সমীহ কৰে৷ মানুহগৰাকীয়ে কোনোবা দিনা কাৰোবাক টানকৈ অথবা বেয়াকৈ কৈছে
বুলি মনে নধৰে৷ সোণ জেঠাইৰ হাতত জমা টকা থাকে৷ ঘৰখনৰ গৰু-ছাগলী
, হাঁহ-পাৰ বেচা-কিনাৰ
কৰ্তৃত্ব তেওঁৰ হাতত৷ গাঁৱৰ ওচৰ-চুবুৰীয়া কাৰোবাৰ কেতিয়াবা নগদ টকাৰ প্ৰয়োজন হ
লেই, সোণবাইৰ ওচৰত হাত পাতেহি৷
কেতিয়াও কোনো বিমুখ হ
ব লগা নহয়৷ পাহিতাই ভাবিলে, ভায়েকহঁতৰ দৰে জেঠায়ো
আত্মনিৰ্ভৰশীল
, স্বাধীনমনা৷

জেঠায়েকৰ মহ আৰু গৰুৰ দুটা পাল ঘৰৰ পৰা
এক ফাৰ্লংমান দূৰত খুঁটিত থাকে৷ ডাঙৰ পুতেক মহেন আৰু তলৰ ল
ৰা
নৰেনে চোৱাচিতা কৰে৷ প্ৰতিদিনে নগৰলৈ গাখীৰ চালান দিয়ে৷ বিহাৰৰ সীতাপুৰ জিলাৰ
দেচোৱালি কেইটামানে তাৰ গাখীৰ টানে৷ সৰু মাজু বলেন আৰু সৰু পুতেক বীৰেনক এতিয়াও
বিশেষ দায়িত্ব গতাই দিয়া নাই৷ সিহঁতে দেউতাকৰ লগত খেতি চম্ভালে৷ ভৰ খেতিৰ বতৰত
মহেন আৰু নৰেনেও খেতিত লাগেহি
, তথাপি সিহঁতৰ মূল কাম খুঁটি চোৱাচিতা কৰা৷

বকুল চাপৰিত মানুহে মাটি ভাঙি লোৱা বেছি দিন
হোৱা নাই৷ খুব বেছি ত্ৰিছ বছৰ হৈছে৷ বোপাৰাম বিষয়া
, লবো দাস, কেৰপাই শইকীয়া আদিয়েই তালৈ
প্ৰথম মাটি ভাঙিবলৈ অহা মানুহ৷ তাৰো আগতে অৱশ্যে চাপৰিটোৰ একেবাৰে পূবফালে চাৰিঘৰ
বিহাৰী আৰু ছঘৰ নেপালী মানুহ আছিল৷ এওঁলোক আছিল কঁকিলামুখ জাহাজঘাটৰ খালাচী৷ এদিন
ব্ৰহ্মপুত্ৰৰ বুকুৰে জাহাজৰ চলাচল বন্ধ হ
ল৷ বিষয়া কৰ্মচাৰী, অফিচ উঠি গল৷
আঁতৰি নগ
ল এই পৰিয়ালকেইটা৷ জাহাজ ঘাট এৰি সিহঁতে বকুল চাপৰিতে
থাকিবলৈ ল
লে৷ গৰু পোহা, মাছ মৰাত বেছি গুৰুত্ব দিয়া নেপালী আৰু বিহাৰী
কেইঘৰে খাবৰ জোখাৰে ধান আৰু গোমধানৰ খেতি কৰিছিল৷ দুডৰামান কুঁহিয়াৰ খেতিও আছে৷
বেছিকৈ মাটি ভাঙিবলৈ সিহঁতৰ বৰ মন নাই৷

বোপাৰামহঁতৰ দলটোৱে প্ৰচুৰ মাটি ভাঙিলে৷
ব্ৰহ্মপুত্ৰই পোতা চাপৰি- নল
, বিৰিণা, ইকৰা, খাগৰি, মজৰা, উলু, শণ খেৰ, বগৰী, শিমলু, ৰঘু, জৰী, আহঁত আদিৰে গেজেপনি মাৰি থকা বিশাল একো একোখণ্ড
তেওঁলোকে নিজৰ বুলি ঘোষণা কৰিছিল আৰু ভুলুকা বাঁহৰ ডাঙৰ গোজেৰে ঢাপ মাৰিছিল৷ তাৰে
একোটা অংশ এতিয়াও ভঙা হোৱা নাই৷ বোপাৰাম বিষয়াৰ তেনেকৈ বহুপুৰা মাটি পৰি আছে৷
চাপৰিটোক উত্তৰা-দক্ষিণাকৈ দুভাগ কৰা ডাঙৰ খাৱৈটোৰ পশ্চিম ফালৰ মাটিখিনিত এতিয়াও
কাৰো দখল নাই৷ তাৰ দুটা কাৰণ- প্ৰথম
, মাটিখিনি উজনিতকৈ অলপ দ, অলপতে নৈৰ পানী সোমায়৷
দ্বিতীয়তে
, বকুল চাপৰিৰ মানুহ কেইঘৰৰ বাবে এতিয়ালৈকে ভাঙি লোৱা মাটিয়েই যথেষ্ট ৷ আৰু বেছি
নালাগে৷ লাগিলেও শক্তিয়ে নাটে৷ মুখ বেছিকৈ মেলিলে কোৱাৰিহে ফাটে৷

নিজৰ দখলত ৰাখি থোৱা অথচ এতিয়াও ভাঙিব নোৱাৰা
মাটিখিনিকে বেণুক ভাঙি ল
বলৈ বোপাৰাম বিষয়াই কৈছে, “মইনা, এইখিনিৰ পৰা সৌ যে বাঁহ
কেইজোপা দেখিছা তালৈকে আমাৰ মাটি৷
 বেণুৱে দেখিলে প্ৰায় এক ফাৰ্লংমান দূৰৈত এজোপা
এজোপাকৈ চাৰি জোপা বাঁহ৷
 ‘‘ইমান মাটি৷’’ তাৰ মুখৰ পৰা ওলাই আহিল৷ ৰাখি
থৈছোঁ৷ কোনোবা দিনা কামত আহিব৷ বাঁহৰ মূঢ়া একোটা পুতি চিন দিছিলোঁ৷ এতিয়া বাঁহ
একোজোপাই হ
লগৈ৷

তেওঁৰ মুখত প্ৰসন্নতা আৰু গৌৰৱৰ পোহৰ এছাটিয়ে
খেলাই গ
ল৷ নিজৰ কষ্টৰ মূল্যায়ন কৰিবলৈ তেওঁ সুযোগ পাইছে৷ বেণুক
তেওঁ বকুল চাপৰিত এজন ভাল উত্তৰাধিকাৰ হিচাপে আদৰণি জনাইছে৷ কৰি খোৱা ল
ৰা৷
এদিন নহয় এদিন জিলিকি উঠিব৷ এলাইবাদু হোৱা হ
লে বেণুৱে তেওঁৰ প্ৰশ্ৰয়
নাপালেহেঁতেন৷
 মোৰ
জীৱনত এইখিনি মাটিত খেতি কৰি খাব নোৱাৰিম৷ এতিয়াৰখিনি চম্ভলাই টান৷ তুমি যিমান
পাৰাঁ মুকলি কৰাঁ
, নিজে খেতি লগোৱাঁ৷ মোৰ ইচ্ছা আছিল এখন ইচ্কুল
পাতিম৷ নহ
লে মোৰ ইমান খক্ নাই৷ কিন্তু বকুল চাপৰিত বিৰিণা, খাগৰিৰ মাজত কোন পঢ়া-শুনা
কৰা ল
ৰাই আহি ইচ্কুল পাতিব৷ পাতিলেও বেলেগ মাটি চিন্তা কৰিম৷

মনৰ গোপন ইচ্ছা এটা আজি বেণুৰ আগত ওলাই পৰাত
তেওঁ অলপ অসহজ হ
ল৷ সঁচা কথা বকুল চাপৰিত এতিয়াও শিক্ষাৰ পোহৰ
পৰা নাই৷ তেওঁ নিজে মাইনৰ পাছ কৰি ইয়ালৈ আহিছিল৷ নিজৰ ল
ৰা
চাৰিটা ইয়াৰ পৰা দুমাইল দূৰৈৰ কঁকিলা ঘাটৰ এম. ই-ত পঢ়ুৱালে৷ কিন্তু সিমানতে শেষ৷
সৰু ল
ৰাকেইটা ঝাউবন, খাগৰিৰ মাজে মাজে ইচ্কুললৈ অহা-যোৱা কৰিবলৈ
এৰি দিবলৈকে ভয়৷ বাঘ-ঘোং
, সাপ-নেউলৰ কত ভয়৷ তথাপি তেওঁ আৰু সোণে সিহঁতক
ইচ্কুললৈ পঠিয়ালে৷ বেছিকৈ পঢ়িবলৈ নগৰলৈ পঠোৱাৰ কথা ভাবিবই নোৱাৰি৷ আজি বেণুক
সেইখিনি মাটিকে তেওঁ শোধাই দিছে৷ ইচ্কুল পতাৰ কথা-বতৰা ওলালে
, কিবা আশা দেখিলে বৰ খাৱৈৰ
ওচৰতে দুই তিনি পুৰা মাটি উলিয়াব পৰা হ
ব৷ মাটি কাৰো নিজা সম্পত্তি
নহয়৷ এনেয়ে পেলাই থ
বলৈ নহয়, মাটিৰ বুকু সেউজীয়া কৰি ঢাকি ৰাখিব যি পাৰিব, মাটি তেওঁৰে৷ অনাদৰত মাটি
আবাদী কৰি ৰখাটো পাপ৷

(আগলৈ)

document.getElementById(“Anyayug-month”).innerHTML = ” মাৰ্চ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২২”;