“মেঘমালাৰ ভ্ৰমণ”—ৰূঢ় সমাজ বাস্তৱৰ ভয়ঙ্কৰ সুন্দৰ শিল্পচিত্ৰ

ৰুদ্ৰ সিংহ মটক

        মেঘমালাৰ
ভ্ৰমণ”ৰ(প্ৰথম প্ৰকাশ ডিচেম্বৰ
,২০১৩) কবি জ্ঞান পূজাৰী।
জ্ঞান পূজাৰী(জন্ম ১৯৪৮)ক নজনা অথবা তেওঁৰ কবিতা নপঢ়া কবি নাই বুলিয়ে ক
ব লাগিব। মোৰ আজিও মনত পৰে দৰং মহাবিদ্যালয়ত পঢ়ি থকা যৌৱনোদ্দীপ্ত,
প্ৰাণচঞ্চল দিনবোৰত আমি কিদৰে এই কবিজনৰ প্ৰেমত পৰিছিলো। মোৰ শিতানত
হাতে পোৱাতে থোৱা “দু:সাহসৰ সময়”(১৯৮৩) কাব্যগ্ৰন্থখনিৰ পৃষ্ঠাই পৃষ্ঠাই
জাঙুলখাই উঠা তেজাল শব্দৰ গোন্ধটো হৈ পৰিছিল মোৰ অপৰিমেয় সাহস
, মোৰ নি:সঙ্গ প্ৰতিটো দিন আৰু অন্ধকাৰ ৰাতিবোৰৰ বিস্বস্ত সঙ্গী। হয়,
জ্ঞান যেন তেতিয়া মোৰ বাবে বহু নিলগৰ অপৰিচিত কোনো কবি নাছিল,
আছিল আশাহত মোৰ কাণে কাণে আশাৰ গীত গোৱা জোৱাৰৰ সাগৰৰ দুৰ্দান্ত সেই
ধুমুহা-পখী। “দু:সাহসৰ সময়”ৰপৰা “মেঘমালাৰ ভ্রমণ”লৈকে–এই
তিনি দশকতকৈয়ো অধিককাল জ্ঞান পূজাৰী হৈ ৰ
ল কালান্তৰৰ পথিক;
প্ৰগতিশীল আধুনিক কাব্যধাৰাৰ ধ্বজাবাহক নক্ষত্র সদৃশ
ত্ৰিমূৰ্তিৰ–জ্ঞান
, সমীৰ আৰু সনন্ত–নি:সন্দেহে চিৰ উজ্বল
সেই প্ৰথম গৰাকী কবি। “যিবোৰ বৈশিষ্ট্যই আশীৰ পৰৱৰ্তী কবিতাক এক সুকীয়া
পৰ্বৰ কবিতা হিচাপে চিহ্নিত কৰিছে
, সেই বৈশিষ্ট্যই প্রথমতে
পূৰঠ ৰূপ পাইছিল জ্ঞান পূজাৰীৰ কবিতাত। জ্ঞান পূজাৰীৰ কবিতাৰ বিৱৰ্তন অনুধাবন
কৰিলেই আধুনিক অসমীয়া কবিতাৰ বিৱৰ্তনৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰিব
পাৰি।”(যথাৰীতি
, পৃষ্ঠা : ১৫০/প্ৰভাত বৰা)।
 

 এইমাত্র তাইৰ শৱটো পালেহি

 চৌপাশে মেঘ আৰু মেঘমালা


 তাইৰ পিয়াহ এটা ছিগি আহিছিল

 পাহাৰৰ নামনিত

 এডোঙা তেজ

 পাহাৰৰ নামনিত


এইমাত্র তাইৰ
চুলিটাৰিত জুই দিব

শ শ কালনাগ

ফেঁট তুলি উঠিল

তেজৰ বতাহ আৰু হুতাশন                            (মনোৰমা আৰু মেঘ-১)



  মণিপুৰত আইন-শৃঙ্খলা সুৰক্ষাৰ নামত কলা আইন AFSPA বাহাল থকা অন্ধকাৰ কালছোৱাৰ কথা। ২০০৪ চনৰ ১১জুলাই।সামৰিক সন্ত্রাস আৰু
ঘৃণানীয় ধৰ্ষণৰ কৰুণ বলি হোৱা বত্ৰিশ বছৰীয়া যুৱতী মনোৰমা দেৱীক লৈ ৰচনা কৰা
জ্ঞান পূজাৰীৰ
মনোৰমা আৰু মেঘ
মানৱপ্ৰেমিক কবি হৃদয়ৰ ক্ষোভৰ লাভা বিস্ফোৰিত হৈছে। কবিতাটোত কবিৰ পৰমাণুসূক্ষ্ম
শব্দপ্রযুক্তি আৰু ভাষাৰ কালিকা মন কৰিবলগীয়া। সমকালীন সমাজ চেতনাৰ সৈতে ইতিহাস
জিজ্ঞাসাৰ সমন্বয়ত কবিৰ অভিজ্ঞতা যিদৰে দীপ্ত-সমৃদ্ধ হৈছে
, ঠিক
সেইদৰে তেওঁৰ স্বকীয় শিল্পদৃষ্টি আৰু কাব্যবীক্ষাৰো ক্রমউত্তৰণ ঘটিছে। জাতীয়
কাব্য-সাহিত্যৰ চহকী ঐতিহ্যৰ সৈতে থকা কবিৰ ঘনিষ্ঠ পৰিচয়েও জ্ঞান পূজাৰীৰ কবিতাৰ
বাগধাৰাক দান কৰিছে এক নতুন গতিশীলতা আৰু বৈচিত্র। ৰাজনীতিৰ নামত
  নৈৰাজ্য-অপশাসন, শোষণ-বঞ্চনা, অবিচাৰ -হঠকাৰীতা,কাৰ্ফিউ-বন্ধ-আন্দোলন আদি এশ-এবুৰি
সমস্যাই সমাজ জীৱনৰ গতি স্তব্ধ কৰা দেখি মানবদৰদী কবিজন ভিতৰি ভিতৰি গুমৰি উঠিছে।
কিন্তু আমি লক্ষ্য কৰিছোঁ ক্ষোভ বা ক্রোধৰ স্ফুলিঙ্গ থাকিলেও জ্ঞান পূজাৰীয়ে
কাহানিও
cliche
  বা শ্লোগান-ধৰ্মিতাৰে
কাব্যভাষাক স্থুল কিম্বা ব্যঞ্জনাহীন হ
বলৈ এৰি দিয়া নাই –

 

  জনম নৌ লওঁতেই মই মোৰ আইক 

  চিনি পাই ছিলো। 

  লা কলা দাঁতবোৰ
আৰু তামোলৰ পিকবোৰ

  মাজৰাতিৰ খুন্দনাটোৰ কুটুৰ্ কুটুৰ্

  পকা চুলিৰ জোনাকৰ মেলখন                               

                (তাঁতৰ শালৰ সপোন) 

   *                                   *

  মোনাবাৰী বাগিচাৰ মাজেৰে

  গৈ থাকোঁতে অকাই-পকাই চাইকেল

  বৰষুণ বৰষুণ বৰষুণ অকস্মাৎ

  কেঁচা পাতবোৰ গেন্ধাই

  ৰাধাচূড়া গুড়ি গেন্ধাই



           ৰাধা তোকে মই লৈ যাম

           উধাও

           বাগিচাখন সমীৰক দিলোঁ


 ৰঙা নামবোৰ মোৰ

 কলঘৰৰ ধোঁৱাবোৰ মোৰ

 আৰু কেৱল উচুপনি উচুপনি উচুপনি                             (জাতক কথা/৩) 

   

        চাহ বাগিচাৰ বনুৱাসকলৰ
দুৰ্বহ বিধস্ত জীৱন
, শিক্ষা-সংস্কৃতিৰ পোহৰৰ মুখ নেদেখা বঞ্চিত-নিপীড়িত কলঘৰৰ
ধোঁৱাত পোত যোৱা বাই-ভনীসকলৰ প্ৰতি প্ৰকাশ কৰা হৃদয়ৰ দৰদ আৰু ঘনীভূত ক্ষোভৰ
জীৱন্ত ছবি খোদিত হৈছে জ্ঞানৰ
জাতক কথা” শীর্ষক কবিতা
মালাত। মাটি আৰু মাটিৰ মানুহৰ সৈতে
  হৃদয় আৰু আত্মাৰ এনে
সম্পর্ক এজন মানব প্ৰেমিক দায়বদ্ধ কবিৰ পক্ষেহে সম্ভৱ। কবিতাৰ ডিজিটেল লেন্সত
জ্ঞান পূজাৰীয়ে বন্দী কৰিছে তেওঁৰ জীৱনৰ জীৱনহীন
, ছন্দহীন
এছোৱা
অন্ধকাৰ সময়। এজন ভূমিহীন
বন্ধা যুৱ কৃষকৰ প্রাণত নিগ্রো গায়কৰ দৰে অকুতোভয় এক বিদ্ৰোহী সত্তাৰ সঞ্চাৰ
কৰিছিল সমাজবাদী কবিয়ে
, যি এদিন সংগ্রামৰ ময়দানত মূৰ দাঙি
মৃত্যুকো নেওচি নিজ মাটি আৰু শস্যৰ অধিকাৰ সাব্যস্ত কৰিছিল। ৰঙা টুপি পিন্ধা
ৰেডহাউণ্ডবোৰৰ হাতত নিগৃহীত হৈ শেষ মুহুর্তত তেওঁ জীৱনটোকে আহুতি দিছিল।
 


  এদিন তাক মই টান মাৰি আনিছিলো

  কুলৰপৰা অনুকুলৰপৰা

  আৰু ময়দানলৈ লৈ গৈছিলোঁ নিগ্রো গায়ক 

           এজনৰ দৰে


 তেতিয়া এন্ধাৰ অন্ধকাৰময় হৈ উঠিছিল

 চৌদিশ পিয়াপি দি ৰঙা টুপিৰ ৰেডহাউণ্ডবোৰ

 চিৰঞ্জিতে তাৰ ভাষণ আৰম্ভ কৰিছিল

 চাৰমিনাৰৰ ধোঁৱাৰ কুণ্ডলীৰ মাজেৰে সি গৈ
আছিল

 গৈ আছিল মাজে মাজে কৈ আছিল–

 দাদা একো নামাতা যে                            (ৰংফুল মালতী/৩) 



        সমাজত ঘটি থকা
হৃদয়স্পর্শী ঘটনাবোৰেই তেওৰ কলমৰ মূল উপজীব্য। সেয়ে কবিতা এটা আৰম্ভ কৰিবৰ বাবে
জ্ঞান পূজাৰীয়ে হৃদয়ৰ গহনৰ মগ্ন চৈতন্য বা কোনো দৈবী প্ৰেৰণাৰ বাবে ৰৈ থাকিবলগা
হোৱা নাই কাহানিও। ভাষাৰ শিল্পগত কিম্বা নান্দনিক সম্পৰীক্ষাৰ নামত ছায়াঘন
অস্পষ্টতা অথবা চমক সৃষ্টি কৰিব পৰা জটিল বাগাড়ম্বৰৰ(
ambiguity) চিকাৰ হবলগা হোৱা নাই সততে সচেতন জ্ঞান পূজাৰীৰ কবিতা। 

 

 মোৰ গালে-মুখে কোনো এক অবুজ বালকে

 চুমা খাই দিলে, তাৰ কাপোৰ-কানিৰ গন্ধ

 ৰপৰা আহিলি,  পথাৰত খেলি খেলি বল

 সি চিঞৰিলে–গোলাপ ফুলৰ গন্ধ, আমাৰ স্কুল  

 বন্ধ। 

 কিয় কিয় বৰদেতা ? 

 কি পঢ়িলি কি পঢ়িলি

 কুশল মংগল নে কনকলতা ? 


 অবুজ লৰাটোৱে সুধিলে, 

 তোমালোককো একেজনেই সৰজিলেনে

 যিজনাই

 ভেড়াবোৰক                    (বনৰীয়া ফুল) 

       *                           *

 

 কিমানজনক হেৰুৱালোঁ এই  

 কবিতাৰ বাবেই আৰু 

 কিমানজনক যে 

 নতুনকৈ পাইছোঁ এই লোভ লালসা

 ৰিৰংসাৰ দাপটত ? 

 

  অথচ কবিজন আছিল 

  তোমালোকৰ দুৱাৰডলিত, 

  হাতৰ তলুৱাত লৈ একাঁজলি  

  প্ৰেমৰ আৰতি, যেন 

  এজন

  বৌদ্ধভিক্ষু, দিনভিক্ষা প্ৰাণৰক্ষা।

                           (ৰংফুল মালতী/এক)

         ৰংফুল মালতী”
(১-৪)
, জাতক কথা”(১-৩), বিক্রম-বেতালৰ
সাধু”(১-৫)–এই কবিতাবোৰ

লোকভাষাৰ নৱৰূপ। ইয়াত
পৰিলক্ষিত হয় উদ্বিগ্ন মনোজগত আৰু আন্দোলিত মগজুৰ ৰজ্জু ছিঙি কবিহৃদয়লে ধাবিত
আঘাতজৰ্ৰ তড়িৎ চেতনাস্ৰোত-
ত কবিতা হৈ পৰে নিয়ন্ত্রিত অনুভূতি
আৰু

আবেগৰ আলোড়ন, জুই-আঙনিৰ পৰিশ্ৰুত সৌধ।



   তথাপি পৃথিৱী ঘৃৰিছে, ঘূৰিব

   তৃতীয় নয়নত প্ৰচ্ছন্ন

   ভয়ঙ্কৰ সুন্দৰ সেউজ জীৱন

   

           *               *

    অঁকা মুখা নগা মুখা
অঁকৰা

    চিতাৰ ওপৰত চিতা
সজালেও

    অভি ঘূৰি নাহে কি আহে
যায়
 

      জ্বলে যদি 

      সাঁচিপাত কেহেৰাজ

           কেনেকৈ যে পাহৰি গলোঁ

           নিজৰ নাম 

                            (জাতক কথা/এক)   

         জ্ঞান পূজাৰীৰ কবিতা
আধুনিক মনন আৰু আধুনিক সময়ৰ যথাৰ্থ প্ৰতিফলন ।স্বপ্ন
, স্মৃতি, ‘ভিছনবা কল্পদৃষ্টিৰ নতুনত্ব কিম্বা সৃজনীশীলতাই
কবিৰ কাব্যচিন্তাক দান কৰে অন্তৰতম চালিকা শক্তি আৰু বহুমাত্ৰিক অৰ্থগৰিমা।
সমসাময়িক কবিৰ সৃষ্টিৰাজীৰপৰা বহু বেলেগ পূজাৰীৰ কবিতা। এই স্বকীয়তা ফুল আৰু মূল
চিনি পোৱা কবি জ্ঞানৰ লোকভাষাৰ কালিকাত
; তেওঁৰ প্ৰসাৰিত মনন
আৰু তীক্ষ্ণ
, নিৰ্মোহ সমাজদৃষ্টিত ছাঁ-জোনাকৰ বিৰল প্রিজমৰ
দৰে যেন বিধৃত হৈ আছে। শিল ভাঙি মাৰ্বল কাটি তিলতিলকৈ আশ্চর্য সুন্দৰ ভাস্কর্য
গঢ়া নিপুণ শিল্পীৰপৰা তেওঁ আহৰণ কৰিছে সংযম
, সম্পৰীক্ষা,
অপৰিমেয় শ্ৰম আৰু সংগ্ৰামৰ আদিপাঠ।


তাই কলৈ ঢাপলি মেলিছে জুইৰ মাজেৰে

এজনে দলিয়াই দিলে
চাদৰখন

উধাতু খাই এজনীয়ে
দিলে মেখেলাখন


দুয়োজনীয়ে তাইৰ গালৰপৰা মচি দিলে দুখবোৰ

আৰু তিনিওজনী
সাবটা-সাবটিকৈ মূৰ্তি হৈ ৰ

তিনিওজনীৰ উজাগৰী
ৰাতিটোৰ



কোনে তাইক উলংগ কৰিছিল

বেলতলাৰ এই কুৰুসভাত

এই কুৰুসভাত                          (বেলতলাৰ মূৰ্তিবোৰ)

    *                          *

 মই গঢ়িব নোৱাৰোঁ 

চাওঁ আৰু মন্থন কৰোঁ 

আৰু ধ্বংস কৰোঁ 

শিল্প নহয়, নহয় মাডাম


প্ৰেম, জলমতি তৰলম্

অৱশেষত 

ময়ে এক চূৰমাৰ গজলৰ
অৱশেষ

ময়ে
এক চুৰমাৰ গজলৰ অৱশেষ…”।সংগীতৰ আত্মা সুৰ চিৰ অবিনশ্বৰ
সেয়ে জ্ঞান পূজাৰীয়ে শব্দৰ অন্তৰ্লীন শক্তি আৰু কবিতাৰ সত্যৰ ওপৰত থকা
তেওঁৰ আস্থা তিলমানো হেৰুৱা নাই। বৰং মানুহৰ আশাৰ চাকি
, সভ্যতাৰ স্তনামৃত কবিতাক
চিৰজাগৰ
, মহিমামণ্ডিত শিল্পকলা হিচাপে তুলি ধৰাৰ বাবেই যেন
কবিৰ ওৰেটো জীৱনৰ ব্ৰত আৰু নিৰলস সাধনা। শব্দৰ আগ্নেয় শিল ভাঙি ভাঙি গঢ়িলেও
কবিতা জুইৰ তেজৰ জীয়া উত্তাপ নথকা
  আত্মাহীন মূৰ্তি
নহয়।শব্দৰ ধমনীত তপত তেজ
, তেজত তড়িৎ স্পন্দন থাকিলেহে
কবিতা ক্রিয়াশীল বা সাৰ্থক হৈ উঠে
, আহৰণ কৰে সাৰস্বত
সৃষ্টিৰ বিশ্বজনীন আবেদন।
 



  তুমি মূৰ্তি হলে

  মূৰ্তি বহুত নিৰাপদ জীৱন্ত

  কাৰণ মূৰ্তি হৈ যায় বিশ্বস্ত

  যি যেনেকৈ চায়

  তেওঁ তেনেকৈ পায়



  তুমি মূৰ্তি নহয়

  আশ্বৰ্য স্ৰোতস্বান্

  ৰামকিংকৰৰ

  কণ্টুৰ                     (কবিতা) 



        মৃত নহয়, জীৱন্ত বাবেই প্ৰয়োজনত
কবিতাই কাঠগড়া ভাঙে নদীৰ দৰে
; সুঁতি সলাই গৈ থাকে নিৰবধি।
জ্ঞান পূজাৰীৰ দৰে এজন সফল আৰু শক্তিশালী কবিৰ কবিতা হ

পাৰে বুলেটৰ দৰে তীক্ষ্ণ
, উদ্দাম আৰু অমোঘ। এনে কবিতাই
আগ্রহী পাঠকক বিমুখ নকৰে
; কাহানিও বিভ্রান্ত নকৰে। এইখিনিতে
মহৎ কবিতাৰ শিল্পগৰিমা বখানিবলৈ গৈ সমালোচক ড০ মৃদুল শৰ্মাদেৱে আগবঢ়োৱা মন্তব্যটি
প্ৰণিধানযোগ্য
,–“পঢ়ুৱৈক তেওঁৰ সদাব্যস্ত জগতখনতে ৰাখি
কবিতাই এনে এক ৰহস্যময়
, অভৌতিক পৰিমণ্ডল সৃষ্টি কৰি পেলায়
যে পঢ়ুৱৈগৰাকী নিজে সাময়িকভাবে কবি হৈ পৰিবলৈ বাধ্য হয়
, বা
কবিতা আহি কবিগৰাকীৰ সত্বাৰ আঁহে-পাহে সোমাই পৰেহি।”(কবিতা আৰু গদ্য
, পৃষ্ঠা,২৩)।



এই মহান আহাৰতে
কালিদাসৰ বিচ্ছেদ হৈছিল

মল্লিকাৰপৰা

মই হেৰাই গলোঁ পথাৰৰ আলিবোৰৰপৰা

তেওঁৰ কেঁচুৱাটোৱে
তেওঁক জনাইছিল–বিদায় বিদায়!
 



হে মহান কালিদাস

ময়ো দু:খিত

মই তোমাৰ ছাঁ হব নোৱাৰিলোঁ                      (মৰমৰ জেঠ আৰু আহাৰ,
বিদায়)
 



        যুগদ্ৰষ্টা, জীৱন-মহাজীৱনৰ আদৰ্শ
স্বৰুপ এগৰাকী মহৎ কবিৰ আত্মাৰ ছাঁ হ
ব নোৱৰাৰ গ্লানি আৰু
বিফলতাৰ আক্ষেপ কেৱল জ্ঞান পূজাৰীৰে নহয়
, সংবেদী সকলো
কবিহৃদয়ৰ অতিশয় কৰুণ আৰু মৰ্মদাহী স্বীকাৰোক্তি। জ্ঞান পূজাৰীৰ কবিতা
  সূক্ষ্ম  জীৱন  জিজ্ঞাসা ,মানবীয় সত্য আৰু মৰ্মৰে চিৰ উজ্বল। সৃষ্টি মানেইতো ভঙা-গঢ়াৰ সংগ্ৰাম।
ঐতিহ্য আৰু ইতিহাসবীক্ষাৰ ঢেঁকীশালত খুন্দি খুন্দি জ্ঞান পূজাৰীয়ে তেওঁৰ কবিতাক
ইস্পাতৰ মেজাজ
, মেদহীন শিল্পৰ নিটোল ফৰ্ম দিছে ; দিছে কাঁড়ফাই সময়ৰ কন্ঠস্বৰ – 


মোৰ ভাইটোও দৌৰিছিল, হাতখন তাৰ ছিগি গৈছে

মুখৰপৰা ওলাই আহিছে
ৰক্তপাতৰ দীঘল দীঘল সুহুৰি

এইখন আকাশত উৰি ফুৰা
চিলনীৰ জাক
,জাক জাক চোঁ… 

ধোঁৱা ধোঁৱা ধোঁৱাৰ
কুণ্ডলী যেন হিৰোচিমা
, আণবিক বোমাৰ

বিস্ফোৰণ, ব্লাষ্টিঙত উৰি যোৱা
জাহাজবোৰ গলি গলি গলি

গৰম সীহৰ লম্বা লম্বা
টোপালবোৰ আছাৰ খাই আহি
  মোৰ

গাত পৰিছে, মোৰ চকুযুৰি মোৰ চকুযুৰি
হায় হায়

একো নমনা হলোঁ



মৃত্যুদূতৰ দীঘল দীঘল
ছাঁ

দীঘল দীঘল বক্তৃতা
ডিঙিত নৰমুণ্ডমালা



হয়, আউছৱিছৰ সেই দিনটোৰপৰা
কবিতা আৰু

কবিতা আৰু লিখা নহব বুলি বহুতেই কৈছিল

কি হব এইবোৰ লিখি লিখি লিখি

কিন্তু প্লেগতকৈও যে

বেয়া দিন আহি আছে আজি
                               (গণেশগুৰি অগণেশগুৰি) 

প্লেগতকৈও, কৰণাতকৈও, সেই তাহানিৰ মানৰ দিনতকৈও বেয়া সময় আহি
আছে আজি। কিন্তু জড়দগৱ আমি নাকত তেল দি শুই আছো।সভ্যতাৰ ইতিহাস কলংকিত কৰা বেলতলা
কাণ্ড
, গণেশগুৰিৰ বিস্ফোৰণৰ দৰে কদৰ্য ,লোমহৰ্ষক ঘটনাবোৰৰ আঁৰৰ কাৰ্য্য-কাৰণবোৰ, জান্তৱ
ষড়যন্ত্র আৰু নিদাৰুণ সত্যবোৰৰ ৰহস্য ফাদিল কৰিব নোৱাৰা(নে নোখোজা
?) গোৱেবলছৰ শিষ্য মহানগৰৰ মিছলীয়া চেনেলবোৰ, বৰকথীয়া
কলাম লেখক বুদ্ধিজীবীবোৰ
, ইতিহাস পাঠ কৰিব নোখোজা আমাৰ দৰে
অস্থিৰ
, উতনুৱা, শব্দ পাগল হেজাৰ হেজাৰ
পাঠকক মগজুৰ মধ্যযুগীয় ভূত-প্ৰেতমখা খেদো বুলিয়েই জুই-বিহলঙণিৰে বৰ বেয়াকৈ
জাৰিছে জ্ঞান পূজাৰীয়ে। পিছে লম্ভি থকা ভূতে এৰিবনো কিয়
; আমি
যে জীবন্মৃত
,পঁচি ফছিল হোৱা শিল। সেয়ে হয়তো চতুৰ কবি
জ্ঞানে নাটকীয়ভাৱে কবিতাটো আৰম্ভ কৰিছে এক অৰ্থপূৰ্ণ বক্ৰোক্তিৰে : “ইতিহাস–/মই
শিলবোৰক বুজাবলৈ ধৰিলো/শিলবোৰ মনে মনে থাকিল
”…।”
(গণেশগুৰি অগণেশগুৰি)। 

    
     জ্ঞান পূজাৰীৰ সৃষ্টিৰাজী এজন সাহসী,
খঙাল, সদাজাগ্ৰত, দৃঢ়চেতা
, সততে স্বাধীনমনা আৰু স্বাভিমানী কবিৰ কাব্যজিজ্ঞাসাৰ এক
উজ্জ্বল চানেকি। হয় জ্ঞান পূজাৰী তথাকথিত জনপ্ৰিয় কবি নহয়। কাৰণ এইজন কবিৰ
কবিতা ধূপকাঠিৰ ক্ষণিকৰ সুগন্ধি নহয়
, ধুমুহাতো ঢলি নপৰা
শালগ্ৰামৰ অমিত শাহ। চেগুন বা গন্ধসৰৈৰ গুটিৰ দৰে তেওঁৰ কবিতাৰ পূৰঠ বীজবোৰে লাহে
লাহে পোখা মেলিছে কঠিন মাটিৰ গভীৰত
; আমাৰ সপোন আমাৰ অনুভৱ
আৰু ৰ
দ-চেতনাৰ অভ্যন্তৰত। বাস্তবিকতে কবি জ্ঞান পূজাৰীৰ
স্বপ্ন বা ভিছন তেওঁৰ শিপাহীন অহেতুক উদ্বিগ্নতা
, তেওঁৰ মননৰ
হালধীয়া মমি নহয় কাহানিও
: ই নহয় যুগৰ যুগুতি কিম্বা অতীত
ঐতিহ্যৰ উজ্বল নক্ষত্রসৌধ (
stardust) নিচিনা আমাৰ ঘোলা চকুৰ
অস্থিৰতা।বৰ্তমানৰ সৈতে ভৱিষ্যত সপোনৰ সেতু ৰচে যুযুৎসু এইজন দ্ৰষ্টা কবিয়ে।
Poets are the hierophants of an unapprehended inspiration; the
mirrors of the gigantic shadows which futurity casts upon the present.”(পি, বি, শ্বেলী/এ দিফেন্স অফ্
পয়েট্ৰী)। সাহিত্য একাডেমী বঁটা বিজয়ী কবি জ্ঞান পূজাৰীৰ কবিতাৰ কৃতিত্ব আৰু সাৰৱত্তা
বোধহয় তেওঁৰ শব্দৰ সমাজমুখী ৰৌদ্ৰোজ্বল চেতনা আৰু শস্যোজ্বল বীজপ্ৰবাহতে সোণালী পোহৰৰ
দৰে উদ্ভাসিত
; চিৰ বহমান, চিৰ আয়ুস্মান
      

                 ০০০০০

ঠিকনা :

লাৰিকা গ্ৰীনভেলী

আজাৰাগুৱাহাটী

পিন-৭৮১০১৭

ফোন৭০০২৩০৩৮৮২

 

document.getElementById(“Anyayug-month”).innerHTML = ” আগষ্ট,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;