চ্যালুইনৰ পৰা লুইতলৈ

 চন্দ্ৰধৰ চমুৱা


(যোৱা সংখ্যাৰ পিছৰ পৰা)

(সোতৰ)

বাটকটীয়াই আগে আগে বাটবোৰ চাই গৈছে। এবেঁও দীঘল খামুচীয়া
বাঁহ এদালৰ আগত বগা ৰঙৰ এখন ধ্বজ, ধ্বজৰ
মাজত গুণ কৰা আছে ঙাও-চেং-
বঙ্ প্রতীক! ধ্বজাবাহী দলটো বাটকটীয়াবোৰৰ লগে লগে গৈ আছে। কৰবাত বাট-পথ অসুচল যেন দেখিলে বাটকটীয়াই কিছ্যু
সময় লাগি সুচল কৰে। দীঘল নালৰ
দাৰ আগে ঢুকি পোৱা গছৰ ডালবোৰ
কাটি গৈছে। মানুহবোৰ কেতিয়াবা বহুতো সৰু স
ৰু দলত বিভক্ত হৈ
আগবাঢ়ে। সেয়ে হলেও সকলোৰে দৃষ্টি ধ্বজৰ ওপৰত। হাতীৰ ওপৰত ছ্যু-কা-ফা
, ডাঙৰীয়াসকল আৰু কোনো কোনো বিষয়াও আহিছে। সৰহখিনি বিষয়া আৰু কোঁৱৰসকল
ঘোঁৰাৰ পিঠিত। কাৰণ দুটা মাত্র হাতীহে এইফালে অনা হৈছে। ফ্রাংপে
ম্ পাকৈত মাউত। ৰজাৰ হাতীটো তেৱেঁ চলাই আহিছে।

ৰণুৱাসকলৰতো কথাই নাই, বাকী প্রত্যেকজন মুনিহ-তিৰোতা
কর্মঠ
, সকলো কামতে পাকৈত, পাহাৰীয়া
বাটত খোজকঢ়াটো সামান্য কথা। খোজ কাঢ়িব নোৱাৰা ৰুগীয়া আৰু বহুতো ল
ৰাতিৰোতা খায়াঙতে আশ্রয়সহ থৈ অহা হৈছে, সুবিধা হলে
পিছত আনিবগৈ লাগিব। নতুকৈ লগ পোৱা খায়া আৰু হুকঙৰ মানুহবোৰৰ ক্ষেত্ৰত একেটা কথাই।
ৱাইছালি দেশত ভালকৈ থিতাপি নোলোৱাকৈ গোটেই পৰিয়াল উঠাই অনাটো সম্ভৱ নহয়। আৰু
এনেকৈ উঠাই আনিলে খা
ম্-য়াং আৰু হুকঙৰ তাই মানুহৰ বহুতো গাঁও
এৰাবাৰীত পৰিণত হৈ যাব।

বাটত অত তত দুই এখন গাঁও, গাঁৱৰ আধা
নাঙঠ মানুহবোৰৰ দেহৰ গঠন আৰু বৰণ তাই মানুহৰ লগত প্রায় মিল থাকিলেও মানুহবোৰ
আচহুৱা আৰু বেলেগ যেনেই অনুভৱ হৈছে। অৱশ্যে খা
ম্-য়াং আৰু
হুকঙৰ মানুহখিনিৰ বাবে তে
ওঁলোক সিমান আচহুৱা নহয়।
পুৰুষবিলাকে কোনোমতে লিঙ্গ ঢকাকৈ কঁকালৰ পৰা ওলোমা
লৈছে মাত্র এবেগেত মান কাপোৰ। গাত কাৰোবাৰ কাপোৰ আছে কাৰোবাৰ না। মূৰত এবোজাকৈ জাবৰুৱা চুলি, ডিঙিত কিবাকিবি
জীৱজন্তুৰ দাঁত আৰু হাড়-মূ
। কোনোটোৰ মূৰত তৃণ বা বেতৰ টুপি
একোটা
, কোনোটোৱে ঠৰঙা চুলিবোৰ কপাল তাৰ কাণৰ ওচৰত ৰোৱাকৈ একোডোখৰ
কাপোৰেৰে থিয়কৈ বান্ধি ৰাখিছে। তিৰোতাবোৰৰ আঁ
ঠুলৈকে পৰা
একোখন মেখেলা
, ৰং-বিৰঙৰ আচুৰে বোৱা
কোনোজনীৰ গাত 
কাপোৰ আছে,
কোনোজনীৰ বুকু পিঠি উদং, ডিঙিত নানা তৰহৰ
মণি আৰু জন্তুৰ দাঁত আদি বুকুৰ একাংশ ঢাক খোৱাকৈ তৰপে তৰপে আঁৰি
লৈছে।
মূৰত থিয়কৈ বন্ধা খোপা। সমদলটো আগুৱাই আহি নতুন এশাৰী
পৰ্বত পালে। শাৰীটোত
নটা পর্বত আছে। পর্বত লানি পাৰ হলেই বা ইয়াৰ ওখ টিঙৰ ওপৰৰ পৰা চাই পঠিয়ালেই হয়তো দূৰৰ ৱাইছালি দেশৰ বিশাল সমতলৰ গছ-গছনিবোৰ দেখা পোৱা
যাব বুলি
ছ্যুই ধাৰণা কৰিছিল। কিন্তু
বাস্তৱত সেইটো নহ
, পর্বত-পাহাৰ শেষেই
নহয়। প্রথমে
পাৰ হোৱা ন-টা পৰ্বতৰ শাৰী, ডয়-কাও-ৰং। ইয়াৰ ওচৰত অত ত
ভালেমান গাঁও
কা বুলি সি গম পালে। এই গাঁওবোৰ তলতীয়া কৰি নগলে নৰা দেশৰ পৰা ৱাইছালিলৈ বাট পৰিষ্কাৰ নহব।

ডয়কাও-ৰঙত দুপৰীয়া ৰবৰ কাৰণে ছ্যুই দলটোলৈ নির্দেশ
পঠালে। পাছত শুনাই দিলে যে ইয়াতে বাহৰ কৰা হ
, কেইদিন থকা হয় এতিয়াই কব নোৱাৰি, গাঁওবোৰৰ মানুহে দলটোক কেনেভাবে লয় চাই লোৱা হ
ক।

নির্দেশ মতেই তম্বু তৰাই তম্বু তৰিলে; গছৰ
ডাল-পাত আৰু খেৰ-বিৰিণা
, বেত-লতা, ইকৰা-খাগৰি
সংগ্ৰহৰ বাবেও অনেক মানুহ গ
ল। ইফালে কোনো কোনোৱে বনৰীয়া
শাক লতা গোটাই আনিলে। ভাল পানীৰ জুৰি বিচাৰিও কোনো কোনো কি
ছু
দূৰলৈও গল।

গধূলিলৈ থকা-মেলাৰ সকলো ব্যৱস্থা হৈ গল।

শিবিৰত থকাৰ দ্বিতীয় দিনাৰ ঘটনা এটা এনেকুৱা : পানীৰ সন্ধানত গৈছে দুই বন্ধু ফাক্-খা
আৰু কা
ন্-তাম্। এটা জুৰি পাই কাষে কাষে সিঁহত কিছুদূৰ গৈ থাকিল। দুৰত ফাক্খামেই প্রথমে দেখিলে
চাৰিজনীমান গাভৰুৱে পিঠিত একোটা হোৰা লৈ
জুৰিটোৰ ফালে আহিছে।
সি কান-তামক বাউসীত ধৰি চেপা মাতেৰে ক
লেঃএই ৰচোন। এই গছজোপাৰ আঁৰলৈকে আহ।লতাৰে মেৰিয়াই থোৱা
গছজোপাৰ তলত ওখ ওখ ঢেকীয়া। তাৰ মাজতে থিয় হৈ দু
য়োটাই দূৰৰ
পৰা সিহতৰ আলেখ-লেখ চাই থাকিল। গাভৰুহঁতৰ ককাঁলত আঁঠুৰ ওপৰলৈকে পৰা ক
লা ৰঙৰ মেখেলা। দুজনীয়ে ৰঙালা-হালধীয়া আঁচুৰ ঠেক কাপোৰ একোখনেৰে বুকুত মেথনি মাৰিছে, আন দুজনীৰ বুকু উদং। কিন্তু মূৰত প্রত্যেকৰে একোটা পাগ! পীত বৰণীয়া গাৰ
ছালেৰে নিপোটল কলাফুল
, বাহু, তেজে ফুটো
ফুটো মুখ
, উলম্ব স্তন আৰু থুপুকা ডাঙৰ ৰঙা লাউৰ দৰে নিতম্বৰে
এই আৰণ্যক সুন্দৰী কেইগৰাকীলৈ সিহঁতে বিস্ময় বি
মুগ্ধ
নয়নেৰে চাই থাকিল। উদ্দাম
, চঞ্চল আৰু সংকোচবিহীন অসর্তক
গতিৰে কেনিও নোচোৱাকৈয়ে আহি সি
হঁতে জুৰিটোৰ কাষত ইজনীয়ে
সিজনীৰ ফালে চাই কিবাকিবি কৈ খিলখিলাই হাঁহিছে। বেতৰ সূতেৰে
গুঁঠা ফিটাবোৰ কপালৰ পৰা পিঠিৰ হোৰাবোৰ মাটিত নমাইছে। তাৰ পাছত কঁকালত থকা ডোখৰৰ
বাহি
ৰে সকলো বস্ত্র খহাই জুৰিত নামিছে, গাত পানী মাৰিছে, খিলখিলাই হাঁহিছে, ইজন সিজনীৰ পিঠি ঘঁহি দিছে, গা ধুই পাৰলৈ উঠিছে আৰু সম্পূর্ণ
নগ্ন হৈ কাপোৰ সলাই তিতা কাপোৰ পখালি চেপিছে আৰু তাৰ পাছত পাৰত উঠিছে। ফা
ক্খামৰ বাবে এটা বিৰল অভিজ্ঞতা, জীৱনত পোন প্ৰথমবাৰ সি
পৈণত নাৰীৰ সম্পূর্ণ নগ্ন দেহাবয়ব প্রত্যক্ষ কৰিছে। মন্ত্রমুগ্ধ হৈ সি সেইফালে
চাই আছে মাত্র
, ভৰিৰ তলৰ ফালে কিহে
আক্রমণ কৰিব ধৰিছে খবৰেই নাই। গাভৰুহঁতে ডাঙৰ ডাঙৰ কাক বাঁহৰ চুঙাবোৰ হোৰাৰ পৰা
উলিয়াইছে আৰু পানীত নামি সেইবোৰ পানীৰে পূৰাই পু
ৰ সযত্নে হোৰাত ৰাইছে। পাৰত থিয় হৈ যিফালে ছ্যুকাফাৰ বাহৰ আছে সেইফালে আঙুলিৰে দেখুৱাই এজনীয়ে
কিবা এটা কৈ আছে
, আন কিজনীয়েও নানা অঙ্গী-ভঙ্গীৰে তেনেকৈ
কিবাকিবি কৈছে। হাঁহি খিল-খিলনিৰ পৰিৱর্তে এইবাৰ সিহঁতৰ মুখবোৰ ক্ৰমে গহীন হৈ
পৰিছে। সিহঁতে কি কৈছে ফা
ক্খাম বা
কান্-
তামে বুজি পোৱা নাই, কিন্তু অনুভৱ
কৰিছে যে সিহঁতে এই ঠাইত বাহৰ পতা
ছ্যু-কাফাৰ কথাই কৈছে, আৰু এই বিদেশী মানুহবোৰ সিহঁতৰ ঠাইত থিতাপি লোৱাটো সিহঁতে সহজভাবে লব পৰা নাই। সিহঁতৰ
অঙ্গী-ভঙ্গী আৰু তাৰ লগত হোৱা মাত কথাৰ স্বৰৰ
ঠা নমালৈ চাই
ধৰিব পাৰি সিহঁতে দলটোৰ বৰ্ণনাই কৰিছেঃ দলদোপ হেন্দোলদোপ কৰি মানুহবোৰে হাতত দা
যাঠি, ধনুকাড়, টালি-টোপোলা লৈ কেনেকৈ আহিছে, কিমান হাতী-ঘোঁৰা
আনিছে
, হাতীৰ ওপৰত কেনেকুৱা মানুহ আহিছে, মাইকী মানুহবোৰে কেনেকৈ কাপোৰ-কানি পিন্ধিছে ইত্যাদি বহুত কথা। সিহঁতে হয়তো
কোনোবা দেশত ৰাজকুমাৰৰ বিয়া হ
লে এনেকুৱা বিৰাট সমদল
যাত্ৰাৰ বিষয়ে সাধুকথাৰ দৰে শুনিছে
, কিন্তু এইখন এতিয়া
বিয়া নহৈ ৰণহে হ
ব যেন লাগিছে সিহঁতৰ, আৰু সেই লৈয়ে মনত হয়তো আজি এই অসন্তোষ। সিহঁতৰ মনত হয়তো আৰু এটা দুখ
এইটোৱেই যে ওচৰৰ গাঁওবোৰ এতিয়াও নিতাল মাৰি শুই আছে।

সিহঁতৰ এজনীৰ গাত যেন কিবা এটা চেবালে। ওচৰত বিপদ
থাকিলে কেতিয়াবা গাৰ নোমেও জাননী দিয়ে। তাই কি
ছু সতর্কতাৰে ইফালে-সিফালে চালে আৰু এইদৰে চাওঁতে ফাক্-খামৰ
চকুৱে চকুৱে পৰিল। তাৰ পিছত গালিৰ সুৰত তাৰ ফালে চাই কিবা এষাৰ ক
লে। আটাইকেইজনীয়ে এইবাৰ সতর্ক আৰু তৎপৰ হৈ পৰিল। সিহঁতে তিতা কাপোৰবোৰ
খৰধৰকৈ গাত পেলাই পানীৰ চুঙা থকা হোৰাবোৰ তুলি ল
লে আৰু
পাছলৈ কঠিন দৃষ্টিৰে চাই চাই পাহাৰৰ শিলৰ ওপৰেদি খৰধৰকৈ যাব ধৰিলে। সিহঁতৰ চকুৰ
হিংস্ৰ চাৱনিত ফা
ক্খাম্হঁ
ভীত-সন্ত্রস্ত হৈছে। জোপোহা আৰু শিলনিৰ মাজত সিঁহত আঁৰ হ
ল।

ৰিৰ ফালে কি হৈছে ফাক্-খাম্হঁতৰ যেন এইবাৰহে হুচ আহিল। আঁঠ আৰু কলা-ফুলত
তেজ খাই চীনাজোকবোৰ পকি ৰঙা হৈ আছে। দুয়োটাই দেও পাৰি পাৰি সেইবোৰ এৰুৱাই ইটোৱে
সিটোক কৈ আছে
?

কি হ,
সেই কেইজনীলৈকে ইমানকৈনো কি চাই আছিলি? তই তাত
তোৰ খা
ম্-চেঙক দেখিছিলিনেকি ?” কান্-তামে কলে।।

আৰু তই একা?”ফাক্-খামেও ধৰিলে।

বাৰু, মোৰ যি
হৈছে হৈছে
, এতিয়া ঘাই কথাটো শুন। ইয়াত দুটা মানুহ অকলে
থকাটো বিপদ
, অচিনাকি ঠাই। বল যাওঁগৈ।
চাওফা
ছ্যু-কা-ফাক কওঁগৈ যে আমি ভাল পানীৰ জুৰি এটা বিচাৰি
উলিয়াই
ছোঁকান্-তামে কলে।

আৰু কবি সেই জুৰিত অপেছৰীয়ে গা ধোৱে।

কান্-তামে দেখিলে যে সি যিমান গভীৰভাৱে কথাটো লৈছে ইটোৱে লোৱা নাই। বিপদৰ প্রতি
সজাগ সতর্ক হৈ খৰখেদাও কৰা নাই
, তাৰ গাত যেন এতিয়াও যাদুৰ
চাট আছে। তাক আগলৈ ঠেলা মাৰি কা
ন্-তামে কলে, “সেয়েহে সেইদিনা কৈছিলোঁ বোলো
তই খাম্-ছেঙক এৰ
, দেশে দেশে তিৰোতা আছে।

চুপতি এৰ, খৰখেদাকৈ
যাওঁ বুলিছ ব
ল।ফাক্-খামে মুখনি
মাৰিলে। সিহঁতে শিবিৰৰ ফালে খোজ দি কুৰি গজমান অহাই নাই
, শুনিলে
পাহাৰৰ নামনিত বাজি উঠা তুঙৰ খঙাল শব্দ। সিহঁতে জানে এই শব্দ হৈছে বিপদ সংকেত আৰু
সমূহীয়া ঘৰত মানুহ গোট খাবলৈ দিয়া জাননী। তাতেই স্থিৰ হ
বঃ
হয় বৰণ নহয় ৰণ।

+ + +

আচলতে ৰণৰ প্ৰস্তুতিয়েই। কিছু সময়ৰ পাছত হাতত দা আৰু যাঠি-জোং
লৈ এদল অর্ধনগ্ন পুৰুষ গাঁওখনৰ পৰা ওলাই আহিল। জুৰিটোৰ কি
নাৰেদি
কি
ছুদূৰ আহি সিহঁতে শাক-পাত, খৰি-খেৰ
বিচাৰি থকা কেইটামান তাই মানুহ পালে আৰু খেদি আহিল। মানুহকেইটাই ত
ৰা-নৰা ছিঙি শিবিৰৰ ফালে দৌৰিবলৈ ধৰিলে। শিবিৰলৈ ভালকৈ
বাটটো চিনা আছিল বুলিহে প্রাণটোহঁত ৰ
ল। এটাৰ কলাফুলত যাঠি
এপাত লাগি চেলচেলি বাই গৈছে।

|“…ওলাই
আহক…বিপদ…বিপদ..মাৰিলে…ওলাই আহক..
আদি হুস্থূলৰ শব্দ শিৱিৰত থকা মানুহৰ কাণত পৰিছে। এনে
অতর্কিত আক্ৰমণৰ বাবে কোনো প্রস্তুত হৈ থকা নাছিল। খোজেৰে অহা সৈনিকৰ সাজপাৰ বেৰৰ ডোলত
;
ঢাল-তৰোৱাল, দা-যাঠি বেৰৰ চুকত বা তৃণ শয্যাৰ
তলত। ঘোঁৰা-চোৱাৰীবোৰে ঘোঁৰা
লৈ ঘাঁহ খাবলৈ দি কোনো কোনোৱে
সিহঁতৰ গা বোৰ পিটিক-মোহাৰি আছে।
কোনোবাই হয়তো গাদীখনকে
মেৰামতি কৰিছে
, কোনোৱে আকগাদীৰ ওপৰত
পৰা সত
ৰঞ্চিখনকে ঘাঁহনিত মেলি বহি আছে, অথবা দীঘল চুলিৰ খোপা খুলি চুলিবোৰ ৰ’দাইছে, কিম্বা
ফণিয়াইছে
; কোনোৱে আকঘোঁৰাৰ চকুত লগোৱা
গিলিপবোৰকে চাফ-চি
কুণ কৰি আছে। তিৰোতা মানুহবোৰ ভাগে ভাগে
নিজৰ গোটত ৰন্ধা-বঢ়া কামত আছে কোনো কোনো পুৰুষেও লগত সহায় কৰি দিছে।
ছ্যু মাজৰ তম্বুত বহি ডাঙৰীয়া আৰু বিষয়াসকলৰ লগত
অঞ্চলটোৰ গাঁও-
ভুঁইবোৰৰ বিষয়ে আলোচনাত ব্যস্ত হৈ আছে। মুঠতে
হঠাৎ হ
ব পৰা আক্ৰমণৰ বাবে কাৰো শাৰীৰিক বা মানসিক প্রস্তুতি
নাছিল। চাও-ম
পুৰোহিত-পণ্ডিতসকলে নিজৰ পূর্ব-জ্ঞান, অভিজ্ঞতা, পৰিৱেশ-পৰিস্থিতি অধ্যয়ন আৰু চিন্তাৰ যোগে
আসন্ন বিপদৰ ইংগিত দিব পাৰে। আজি তেওঁলোকো যেন ব্যর্থ হ
ল।

তথাপি বিপদসূচক হুলস্থুল শুনি সমীপস্থ মানুহ ওলাই
আহিল। সন্মুখত দৌৰি অহা আতংকগ্রস্ত মানুহকেইটা আৰু আক্রমণকাৰী দলটো দেখা পাই
হুৰমূৰকৈ থাপতে যেয়ে যিহকে পালে
তাকে লৈ ওলাই আহিল। আৰু খেদি গ
ল। সৰহীয়া মানুহ দেখি আক্রমণকাৰীহঁত
থমকি ৰ
ল। পিছ মুহূর্ততে পাছফালৰ পৰাও সিহঁতক আগুৰি ধৰা হল। ছ্যুকা-ফাই গম পাই ক্ষিপ্রতাৰে আলোচনাৰ ঠাইৰ পৰা
ওলাই আহি নির্দেশ পঠালে যে মানুহকেইটাক অস্ত্রাঘাট নকৰাকৈ বন্দী কৰিব লাগে।
নির্দেশ মতেই সিহঁতৰ হাতৰ পৰা দা
-যাঠিবোৰ কাঢ়ি লৈ হাতবোৰ
বান্ধি পেলোৱা হ
ল। সৈনিকৰ দল এটাই
সিহঁতক
ছ্যুৰ ওচৰলৈ লৈ আহিল। ছ্যুই কোৱাত বান্ধবোৰ খুলি
দিয়া হ
ল।

ছ্যু-কাফাৰ
উদ্দেশ্য হৈছে এই আক্রমণকাৰী গাঁওবাসীৰ পৰা সকলো সম্ভৱপৰ সুবিধা আদায় কৰি লোৱা।
খাম-য়াঙৰপৰা অহা মানু
খিনিৰি মাজত এজন দোভাষী পোৱা গল। তেওঁৰ সহায়তে কথাবার্তা চলোৱা হল। বুজা গল মানুহবোৰৰ খং হৈছে মাত্র দুটা মানুহৰ ওপৰত, কাৰণ
সেই কেইটাই সিহঁতৰ গাঁৱৰ মাই
কী মানুহক অপমান কৰিছে। কোনোবা
কাৰোবাৰ বাই-ভনী
, কাৰোবাৰ হয়তো প্রেয়সী কিম্বা সদ্য বিবাহিতা পত্নী। সহ্য কৰে কেনেকৈ !
সিহঁতৰ মতে খাবলৈ নাপা
লঘোণে থাকিলেও, জাৰত এডোখৰ কাপোৰ লবলৈ নাপালেও সহ্য কৰিব পাৰি,
কিন্তু নাৰীক কৰা অপমান সিহঁতে চাই থাকিব নোৱাৰে। ছ্যু-কা-ফাই
সুধিলে সেই তিৰোতা মানুহক বে-ইজ্জতী কৰা মানুহ দুটাক সিহঁতে দেখুৱাই দিব পাৰিবনে নোৱাৰে।
সিহঁতে তেতিয়া চাৰিওফালে মানুহবোৰলৈ চালে
, কিন্তু যি কেইটাক
সিহঁতে খেদি আনিছিল এটাৰো মুখ দেখা নাপালে। কি ধৰণৰ কাম কৰা হৈছিল
বুলি
সোধাতো সিহঁতে একো কব নোৱাৰিলে।
তেতিয়া ছ্যু-ই ক
লে, “কি ধৰণৰ অপৰাধ
কৰা হৈছে মানুহকেইজনীক সুধি আহিবা
, পাৰিলে সিহঁতকো লৈ আহিবা।
মই অপৰাধীৰ বিচাৰ কৰিম আৰু দোষ চাই আমাৰ বিধান অনুসৰি দণ্ড বিহিম।
মানুহকেইটাই ভাল পালে আৰু যা খুজিলে। এনেকৈ নহয়, আমাৰ মানুহৰ লগত ভালকৈ চা-চিনাকি হৈ লাহে-ধীৰে
যাবাগৈ।
” ছ্যুই কলে আৰু ওচৰত থকা
বিষয়া এজনক এটা ইংগিত দিলে। তেতিয়া সিহঁতক কুৰিজন মান অস্ত্রধাৰী ৰখীয়াৰে এটা আ
ছুতীয়া ঘৰলৈ নিয়া হল। তাতে বহুৱাই গাহৰিৰ শুকান মঙহ
ভজাৰে অকণ অকণ লাও খাবলৈ দিয়া হ
ল। তাৰ পিছত ৰখীয়া দলে
সিহঁতক সেই ঠাইলৈ আনিলে যত ছ্যু-কা-ফা
, ডাঙৰীয়া-বিষয়া আৰু
লুং সকলে মেল পাতি আছিল।

সিহঁতক সোধা হল এই নটা পৰ্বতৰ শাৰীটোৰ আশে পাশে থকা গাঁও-ভুই বিলাকৰ
কথা
, মানুহ বিলাকৰ কাম-কাজ, চাল-চলন
ইত্যাদি বহুত কথা। সিহঁতক যাবলৈ দিয়াৰ আগমুহূর্তত ছ্যুই ক
লেঃ
তোমালোকৰ তিৰোতা মানুহৰ ওচৰত আমাৰ মানুহে কি জগৰ লগাইছিল সোনকালে
জনাবলৈ নাপাহৰিবা দেই।

মানুহকেইটাই ইতিমধ্যে হয়তো বুজি উঠিছে যে এই মানুহটো
ৰজা কিম্বা ডাঙৰ সেনাপতি। একে চেহেৰা
পাতিৰে চাম্-লুঙ্-ফা নামৰ
বীৰ এজনকো কি
ছুবছৰৰ আগতে সিহঁতে দেখিব পাৰে, বা সেইজনৰ বিষয়ে শুনি এইজনকে সেইজন বুলিও ধাৰণা কৰিছে হয়তো। সিহঁতে
আঁঠুকাঢ়ি মূৰ দোৱাই বিদায় মাগিলে।

সিহঁত যোৱাৰ পাছত ছ্যুই সেই খেদা খোৱা আটাইকেইটা মানুহক মতাই আনি
প্রত্যেককে সুকীয়াকৈ সোধ-পোছ কৰিলে। প্রত্যেকে একে ধৰণে ক
লে
সিহঁতে কতো আদিবাসী তিৰোতা আজি দেখা নাই।
কিবা শাস্তি দিবলৈ একো অপৰাধ বিচাৰি নাপাই সি কি
ছুপৰ মৌন হৈ
ল। কোনে তেনেহলে জগৰ লগাই আহিছে? সি
ভাবিলে
, হয়তো এনেকুৱাও হব পাৰে যে
খাই কাৰ্শলা ডালত উঠিল কাঠি চেলেকাৰ মৰণ মিলিল।

ছ্যুই চিন্তা কৰিছেঃ প্রজাপালক আৰু সমৰ নায়ক অথবা
অভিযানৰ নেতা হিচাপে সকলো জানি শুনিও সি এটা ডাঙৰ ভুল কৰিছিল। যি ভুলৰ পৰিণতি অতি বেয়া
হলহেঁতেন। আৰু সেই পৰিণতিৰ পৰা ৰক্ষা কৰাৰ বাবে
ছ্যুই ইষ্টদেৱতাক ধন্যবাদ জনালে। জনা-বুজা কথাটো হল সাৱধানীৰ মৰণ নাই আৰু অভিযানকাৰী মানুহে বিপদৰ বাবে প্রতি মুহূর্ততে
সতর্ক হৈ থাকিব লাগে
, আৰু যাৰ শত্রু নিচেই ওচৰতে তাৰতো কথাই
নাই। এই পাহাৰৰ মাজৰ অচিনাকি ঠাইডোখৰত সি বাৰু কি বিশ্বাসত অসতর্ক হৈ মানুহবোৰক
নিজৰ ঘৰত থকাৰ দৰে থাকিবলৈ দিছিল
? নামকিউৰ গতি ছ্যু-খান-ফাৰ শত্রু সৈন্যই খেদি আহোঁতে আধাসিজা ভাতো মানুহে চৰুৰে সৈতে আনি ভূত তুলিছিলহি৷ সেইটো এটা
কথা আৰু আজিৰটো অন্য এটা। সি বিষয়াসক
লক মাতি নির্দেশ শুনাই
দিলে যে শিৱিৰত থকা সময়তো প্রতিজন মানুহ বিপদৰ যিকোনো মুহূৰ্তৰ বাবে সষ্টম হৈ
থাকিব লাগিব। খোৱা-বোৱাৰ সময়তো অস্ত্র-শস্ত্র হাতেৰে পোৱাত ৰাখিব
, বাহিৰত পহৰাদাৰী সৈনিক সচৰাচৰ থকাৰ দৰেই থাকিব।

ছ্যুই এইখিনি কামৰ শৃংখলা মাৰি
আঁতাইছেহে এনেতে এজন চ
ন্তৰীয়ে আহি খব
দিলে যে বাহিৰৰ শিবিৰৰ ওচৰত এমখামান বুঢ়া-ডেকা মানুহ থিয় হৈআছে
, তেওঁলোকে দুটা কুকুৰ, দুটা গাহৰি, খাঙত কুৰিটামান কুকুৰা আৰু বহুতো কাকবাঁহৰ চুঙাত মদপানী আনিছে। উদ্দেশ্য ছ্যুকা-ফাক এই উপঢৌকনেৰে ৰজা বৰণ কৰা আৰু গাঁৱৰ ডেকাহঁতে দা-যাঠি দেখুৱাই যিটো ভুল কৰিছিল তাৰ বাবে ক্ষমা বিচৰা। প্রায় ডেৰ কুৰিটামান
মানুহ আহিছে। কুকুৰকেইটাৰ মুখত এনেভাবে আগলিবাহঁৰ চুঙা একোটা দি ৰচিৰে টানি আনিছে যে
কাৰোবাক কামোৰ মাৰিব খুজিলে চুঙাতহে কামোৰ পৰে। বাকী গাহৰি দুটা বেতৰ ডাঙৰ খঙত আৰু
কুকুৰাকেইটা বাঁহৰ খাং এটাত ভৰাই আনিছে।

উপহাৰ ঘূৰাই পঠালে সম্পৰ্কত ঘূণে ধৰিব পাৰে। গতিকে ছ্যুই
বস্তুবোৰ ৰখালে। কিন্তু ক
লে যে এটা কথাত সি সুখী হব পৰা নাই, সেয়া হৈছে তাৰ তাই মানুহে তেওঁলোকৰ তিৰোতাৰ ওপৰত কি অন্যায় কৰিছিল
এতিয়াও জানিব পৰা হোৱা নাই আৰু দোষীও ধৰা পৰা নাই। দলটোৰ বুঢ়া এজনে কলে যে
তেনেকৈ কোনো মানুহে তিৰোতাক হাত
বাত কৰা নাই, মাত্র দুটা মানুহে লুকাই লুকাই জুৰিৰ পানীত সিহঁতৰ গা-ধোৱা চাই আছিল।

’, সেইটো
কথা!
ছ্যুই লাহেকৈ মাত-লগালে।

সি কিছু
গহীন হল। নিজৰ মনতে কলে
? এৰা, মানুহে তেনে কৰেই, জৈৱিক কৌতূহলতে হ, আৰণ্যক
লালসাতে হ
ক। যৌৱন কালত ছ্যুই নিজেওতো নগৰৰ সেই পুখুৰীৰ পাৰত
যুৱতীৰ অনাবৃত দেহাংশ এপলক চাবৰ বাবেই হয়তো খন্তেক থমকি কৈছিল। সেই যুৱতী অৱশ্যে
আজি তাৰ বিৱাহিতা স্ত্রী আৰু মযার্দাত ডাঙৰ ৰাণী। নিজৰেই এনে দুর্বলতাৰ কথা স্মৰণ
কৰিও সি বাৰু কোন সবলতাৰে আজি সেই যুৱতীসকলৰ নগ্ন দেহ আঁৰৰ পৰা চোৱা মানুহ দুটাৰ
বিচাৰ কৰে
? তথাপি সি মানুহখিনিক কলে
যে সি সেই মানুহ দুটাক বিচাৰি উলিয়াবই।

সি আকৌ মনতে সুধিলেঃ কি দোষ ইহঁতৰ? কোনোবাই পত্নী এৰি আহিছে। কোনোবাই
প্রেয়সী আৰু কোনোবাই হয়তো এই দু
য়োবিধৰ কাকো এৰি অহা নাই
কিন্তু কোনোবাই সর্বস্ব এৰি কেৱল নিজৰ যৌৱন কঢ়িয়াই আনিছে, আৰু সেই যৌৱনে কেতিয়াবা আমনি কৰাটো স্বাভাৱিক। তাৰ বিচাৰ সি কৰিব কেনেকৈ?
কিন্তু সি যে ৰজা! এৰা, ৰজাৰ হেনো এটা চকু কণা
আৰু এখন কাণ কলা হ
ব লাগে। ৰজাই সেয়েহে নিজৰ দোষ নেদেখে,
নোখোচৰে। অনুশাসনৰ স্বাৰ্থত মানুহৰ চিৰন্তন স্বাভাৱিক আৱেগ-অনুভূতিক অৱজ্ঞা কৰিও নিয়মৰ বিচাৰ কৰিবই লাগিব।

দলটো যাবৰ সময়ত ৰজা হিচাপে সি কিবা এটা উপদেশ দি
পঠাব লাগে। কিন্তু কি উপদেশ দিব ছ্যুই
?
মাত্র এষাৰ কথাই সি কলে আৰু সেয়া অতি দৰকাৰী
আৰু মনত লগা হ
ব বুলিয়েই ভাবি চিন্তি কলেঃ

আমাৰ সৌ মাইকী মানুহবোৰ দেখিছানে?
তেওঁলোকৰ নিচিনাকৈ তোমালোকৰ গাভৰুহঁতকো ভালকৈ গা ঢকাকৈ সাজপাৰ কৰিবলৈ
বা।

মানুহবোৰে ইজনে-সিজনৰ মুখলৈ চালে, তাৰ পাছত দোভাষীজনলৈ। তেওঁলোকে এনে
এটা ইংগিত দিলে যে কথাটো তেওঁলোকে বুজিছে। ৰজা বৰিবলৈ অহা সেই দলটোৱে যদিও সেই
মানুহ দুটা বিচাৰি উলিয়াই শাস্তি দিয়াটো কামনা নকৰো বুলি বাৰম্বা
কৈ গ, তথাপি ছ্যু-কা-ফাৰ
উক্তিয়ে দুটা মানুহৰ বুকু কঁপাই ৰাখিছে। সেই দুটা ফাক্-খাম্ আৰু
কান্-তাম্৷

ছ্যুই সেই দলটোক কলে যে সি তেওঁলোকৰ ডেকা মানুহবোৰক লগত লৈ অঞ্চলটোত থকা সকলো গাঁৱৰ মাজেদি
সামৰিক
শোভাযাত্রা কৰি যাব খোজে। দু
এদিনতে সেই অভিযান চলিব। মানুহখিনিয়ে মূৰ-দুপিয়াই শলাগিলে আৰু তেওঁলোকে বাট
দেখুৱাই নিব বুলি কথা দিলে।

(আগলৈ)

 

 

 

document.getElementById(“Anyayug-month”).innerHTML = ” নৱেম্বৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;