হয়তো অৱধাৰিত আছিল

 উদয় কুমাৰ বৰুৱা




হয়তো অৱধাৰিত আছিল

শংখ হোৱাৰ বাসনা



খেজুৰ পাতৰ আগেৰে নামি অহা

জোনাকত তিৰবিৰাইছিলোঁ

সেই তিৰবিৰণিয়ে ভেদিছিল

শংখ বেচা ছোৱালীজনীৰ হৃদয়


আত্মাৰ
প্ৰতিটো শব্দই


অনূদিত হৈছিল তাইৰ

অন্তৰৰো অন্তৰত



প্ৰতিৰাতি নিদ্ৰাৰ গভীৰলে

তাই বৈ আহিছিল এখন নৈ হৈ

আৰু ভ্ৰম কৰিছিলোঁ

তাইৰ সলিল শৰীৰ



নীৰৱে অনুভৱ কৰিছিলোঁ

সাঁচি থোৱা অলেখ সপোনৰ

নিয়ত যন্ত্ৰণা

সময়ে যত নুবুলালে এবাৰো

প্ৰণয়ৰ হাত



হঠাৎ আজি ফছিল হোৱা

গ্লানিময় কাহিনীৰে তুমি কবিতা লিখিছা

নুমাই 
নুমাই জ্বলা এডাল মমৰ শেঁতা পোহৰত




আৰু আকৌ এবাৰ উদ্যাপন কৰিছোঁ

হেজাৰ নিশাৰ স্মৃতিয়ে ধোৱা মোৰ
নীলাভ মৃত্যুক…



ঠিকনা :

অম্বিকাগিৰি নগৰ,

৮-কুঁহিৰাম পথ

গুৱাহাটী-২৪

document.getElementById(“Anyayug-month”).innerHTML = ” অক্টোবৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;

h1.post-title{text-align:left;
padding-left:10px;}