জীৱনৰ কিতাপ!

 অভিজিত শর্মা বৰুৱা

 

 

        এজন মানুহে হয়তো চূণ, ধঁপাত বা
আন মাদক দ্রব্য একো নাখায়, যিবোৰ খালে কেন্সাৰ হোৱাৰ আশংকা বাঢ়ে বুলি কোৱা
হয়। কিন্তু দেখা গ
ল যে তেওঁৰহে মাৰাত্মক কেন্সাৰ ৰোগ হল আৰু তেওঁ অকালতে মৃত্যুক সাবটি ললে। আন লোকৰ ক্ষেত্রতো ঘপকৈ আৰু
কোনো আগজাননী বা আপাত কাৰণ নথকাকৈ কোনো দূৰাৰোগ্য ৰোগ আৰম্ভ হৈ যাব পাৰে। এনে ঘটনা
খুব বিৰলো নহয়। আৰু এটা কথা মন কৰিবলগীয়া যে এক নির্দিষ্ট সময়লৈকে হয়তো মানুহজনৰ
বিশেষ একো হোৱা নাছিল, বা স্বাস্থ্য-পাতিও ভাল আছিল। কিন্তু হঠাতে মাৰাত্মক ৰোগবিধ
ধৰা পৰিল আৰু 
শেষৰ আৰম্ভণি হৈ গল।

 

কাৰণ নোহোৱাকৈ একো নঘটে

কাৰণ নোহোৱাকৈ যে কিবা ঘটিব পাৰে,
বিজ্ঞানে এই কথা মানি নলয়।
কিন্তু আমি ওপৰত উল্লেখ কৰা ঘটনাৰ কাৰণ কি? আমি বাৰু ধৰি লব পাৰোঁ নেকি যে আমাৰ শৰীৰৰ ভিতৰতে এনে এক গুৰুত্বপূর্ণ কণা
আছিল, যাক কৈ থোৱা আছে-
এই মানুহজনৰ ইমান বছৰ হোৱাৰ লগে লগে তই এই অপকাৰী পদার্থটোৰ
নিঃসৰণ আৰম্ভ কৰি দিবি বা এই অতি প্রয়োজনীয় পদার্থটোৰ নিঃসৰণ বন্ধ কৰি দিবি, যাতে
মানুহজন সেই মাৰাত্মক ৰোগত আক্রান্ত হয়!
তেতিয়া অৱশ্যে হিচাপটো মিলে ঠিকেই, কিন্তু প্রশ্ন উঠে-
সেই নির্দেশ ক
ত লিখা আছিল, কি বর্ণৰে সেয়া লিখা হৈছিল, তাৰ পাঠোদ্ধাৰ কোনে কৰিলে, কোনে সেই
নির্দেশ মতে সময় মতে সেই কাম আৰম্ভ কৰি দিলে, ইত্যাদি। পিছে প্রথম গুৰুত্বপূর্ণ
প্রশ্নটো হ
ল- জীৱনৰ (বা মৰণৰ!) সেই বর্ণমালা বা কিতাপেই নো কত? 

বিজ্ঞানীসকলে এনে প্রশ্নবোৰৰ উত্তৰ দিয়াৰ পথত আগ বাঢ়িছে।
সকলো কথা এতিয়াও জলজল পটপট হোৱা নাই ঠিকেই, কিন্তু কিছু অন্ততঃ ৰহস্য ভেদ কৰিবলৈ
বিজ্ঞানীসকল সক্ষম হৈছে। তেওঁলোকে কৈছে যে আমাৰ জীৱনত কি কি ঘটিব সেয়া বহুলাংশে
আমাৰ দেহ-কোষৰ জিনতে লিখা থাকে। কিন্তু এক সাংকেতিক ভাষাত, যাক বিজ্ঞানীসকলে
জিনেটিক কোড নাম দিছে। কিন্তু এই জিনবোৰনো
ত থাকে?

জিনেটিক কোড

এক সাধাৰণ হিচাপ অনুসৰি এজন প্রাপ্তবয়স্ক মানুহৰ শৰীৰত
প্রায় ১০১৪ টা মান (অর্থাৎ একৰ পিঠিত ১৪ টা শূন্য) জীৱ কোষ আছে।
প্রতিটো কোষৰ মাজত এটা কোষকেন্দ্র আছে আৰু তাত অন্য পদার্থৰ লগতে ২৩ যোৰ বা ৪৬ ডাল
ক্র
ম থাকে। ক্রমবোৰত ডিঅক্সিৰাইবনিউক্লিক্ এচিড বা ডি এন এ নামৰ এক জটিল ৰাসায়নিক পদার্থ থাকে। ডি এন এ অণুৰ বৈশিষ্ট্য হৈছে
ইহঁতে প্রয়োজন হ
লে নিজৰ নিচিনা আৰু একোটা অনু গঠন কৰি লব পাৰে। জিন হল কিছু সংখ্যক ডি এন এ অণুৰে গঠিত এক একক গোট।
জিনে সাধাৰণতে পূর্বপুৰুষৰ পৰা বংশগতিৰ লক্ষণসমূহ বহন কৰি আনে। এডাল ক্র
মত থকা জিনবোৰক একেলগে জিনম বুলি কোৱা হয়। কোষৰ ভিতৰত
জিনে এটা বৰ গুৰুত্বপূর্ণ কাম কৰে। সেয়া হ
ল ইহঁতে বিভিন্ন ধৰণৰ প্রটিন সংশ্লেষিত কৰে। জীৱনৰ বাবে অর্থাৎ জীয়াই থকা কার্যৰ
বাবে  ই হ
ল আটাইতকৈ প্রয়োজনীয় কাম। এজন মানুহৰ শাৰীৰিক আৰু কিছু পৰিমাণে মানসিক
বিশেষত্বৰো কাৰক হ
ল – এই জিনবোৰ। তদুপৰি বংশগতি প্রদত্ত বিভিন্ন ৰোগসমূহ জিনে বহন কৰি আনে। আন
কিছু মাৰাত্মক ৰোগৰ (যেনে
বিশেষ প্রকাৰৰ কেন্সাৰ, এজমা, আলজেইমার্ছ, মৃগী আদি)
কাৰকবোৰো এই জিনতে নিহিত হৈ থাকে। অর্থাৎ আমি ভাবি অহাৰ দৰে আমাৰ কেৱল কপালতে
বিধাতাই নিয়তিৰ বিধান লিখি থৈ নাযায়। নিয়তিৰ বহুকেইটা বিধান এই জিনতো লিপিবদ্ধ হৈ
থাকে। মানে বিধাতাই যদি সেইবোৰ লিখিছিলেও, 
জিনতে লিখিছিল, কপালত নহয়!  আৰু
লিখিছিল আমি বুজি নোপোৱা ভাষা –
জিনেটিক কোডত!

 

জীৱনৰ বর্ণমালা

ডি এন এৰ গঠন দ্বিকুণ্ডলীয়। প্রায় তিনিশ কোটি উপগোটে এই
দ্বিকুণ্ডলীয় গাঁথনিৰ সৃষ্টি কৰে। মেলি দিলে এই কুণ্ডলীটো প্রায় পাঁচ ফুট দীঘল হ
ব, কিন্তু ব্যাস হব ৫০ মাইক্রন, বা এডাল চুলিৰ প্রস্থৰ আধাৰো
কম! উপগোটবোৰক আধাৰ যুগ্ম নামেৰে জনা যায়। আধাৰ যুগ্মবোৰত চাৰিবিধ ৰাসায়নিক
দ্রব্য থাকিব পাৰে। এই চাৰিবিধ দ্রব্যক একেলগে নিউক্লিঅ
টাইড বুলি জনা যায়। চাৰিবিধ নিউক্লিঅটাইডৰ নাম হ এডেনাইন (Adenine– চমুকৈ A), থাইমাইন (Thymine– চমুকৈ T), চাইটছাইন (Cytosine – চমুকৈ C) আৰু গুৱানাইন (Guanine – চমুকৈ G)। এই নিউক্লিঅটাইডবোৰ যুগ্ম অৱস্থাত থাকে। মানে এক প্রকাৰৰ
নিউক্লিঅ
টাইডৰ লগত আন এক প্রকাৰৰ নিউক্লিঅটাইড লাগি থাকে। সেই বুলি কিন্তু যেনেকৈ
খুচী তেনেকৈ লাগি থাকিব নোৱাৰে।
‘A’ৰ লগত ‘T’হে থাকিব পাৰে আৰু ‘C’ৰ লগত ‘G’। এনেকৈ ‘A-T’ বা ‘C-G’ আধাৰ যুগ্ম গঠিত হয়।

একোটা জিনত হাজাৰৰ হিচাপত আধাৰ যুগ্ম থাকিব পাৰে। অৱশ্যে
অনুমান কৰা মতে এই হাজাৰ-বিজাৰ আধাৰ যুগ্মৰ বেছি ভাগৰে বিশেষ কাম নাই। কিন্তু তাৰ
ভিতৰতে কিছুমান গুৰুত্বপূর্ণ আধাৰ যুগ্ম আছে। সেই গুৰুত্বপূর্ণ আধাৰ যুগ্মবোৰ
নির্দিষ্ট ক্রম আৰু সজ্জা অনুসৰি থাকে। নির্দিষ্ট ক্রম আৰু সজ্জাত থকা
গুৰুত্বপূর্ণ আধাৰ যুগ্মবোৰে সৃষ্টি কৰে এক
জিনেটিক কোডৰ। জিনেটিক কোডবোৰ প্রকৃততে হল একো একোটা নির্দেশ। অর্থাৎ বিভিন্ন জিনেটিক কোডৰ জৰিয়তে
জিনে কোষক নির্দিষ্ট প্রটিন, এনজাইম আদি বিভিন্ন ধৰণে 
ৎপাদন কৰিবলৈ (বা কোনো
নির্দিষ্ট প্রটিন, এনজাইম আদিৰ
ৎপাদন বন্ধ কৰিবলৈ!) বাধ্য কৰে। জিনেটিক কোডৰ
নির্দেশ কোষে বিনা বাক্যব্যয়ে মানিবই লাগে আৰু স্বাধীন সিদ্ধান্ত লৈ কোষে একো কাম
কৰিব নোৱাৰে। জিনেটিক কোডৰ দ্বাৰা যদি সুস্থ কোষক
কেন্সাৰ কোষ তৈয়াৰ কৰিবলৈ নির্দেশ দিয়া যায়, তেন্তে সেই আদেশ
কোষে অমান্য কৰিব নোৱাৰে, আৰু তেনেকৈ মানুহজন এক বিশেষ কেন্সাৰ ৰোগত আক্রান্ত হ
ব পাৰে। 

সকলো কাম জিনেটিক কোডৰ মতে!

তাৰ মানে আমি বুজিলোঁ যে আমাৰ জীৱ-কোষক বা আমাৰ শৰীৰৰ
গুৰুত্বপূর্ণ তন্ত্রবোৰক দোষ দি লাভ নাই। সিহঁতে জিনেটিক কোডৰ মতে কাম কৰিবই
লাগিব। গতিকে বিপদৰ পৰা হাত সৰাৰ উপায় এটাই। আমি সেই জিনেটিক কোড অর্থাৎ নির্দেশকে
সলনি কৰিব লাগিব। মানে এনে কৰিব লাগিব যাতে জিনেটিক কোডবোৰ আমাৰ কামত অহা বিধৰ হয়
বা সেইবোৰে আমাৰ ভালহে কৰে, বেয়া নকৰে। এই কাম কৰিবলৈ যদি আমি (মানে আচলতে আমাৰ
বিজ্ঞানীসমাজ) সমর্থ হওঁ, তেন্তে (ধৰা হওক) ৪২ বছৰত কেন্সাৰ হ
বলৈ কপালত (আচলতে জিনত বা জিনৰ
আধাৰ যুগ্মৰ সজ্জাত) লিখা থকা মানুহজনক আমি ৰক্ষা কৰিব পাৰিম। মুঠতে জিনৰ দ্বাৰা
সৃষ্ট সকলো মাৰাত্মক বেমাৰকে কলিতে, অথবা গুটি নগজোঁতেই বিনাশ কৰিব পাৰিম। আৰু আমি
এতিয়া এইটোও গম পালোঁ যে চাৰিবিধ নিউক্লিঅ
টাইডৰ (A, T, C আৰু G)  ক্রম আৰু সজ্জাৰ পৰিৱর্তন কৰিব পাৰিলেই আমি জিনেটিক কোড সলনি কৰি আমাৰ বাবে সুবিধাজনক
হোৱাকৈ
জিনেটিক কোড বা জিনৰ নির্দেশৰ সৃষ্টি কৰিব পাৰিম। এই অতি জটিল জিনেটিক কোডৰ ভাষাটোত বর্ণ কিন্তু মাত্র চাৰিটাহে আছে – A, T, C আৰু G। এই কেইটা আখৰেৰেই জীৱনৰ কিতাপখন লিখা হৈছে। বর্ণকেইটা শিকিলেও
জীৱনৰ ভাষা শিকি তাক ব্যৱহাৰ কৰিবলৈ এতিয়াও কিছু দূৰ আছে।  

জিনেটিক কোডৰ পাঠোদ্ধাৰ বা জীৱনৰ বর্ণৰ
চিনাক্তকৰণৰ ক্ষেত্রত প্রথম উল্লেখযোগ্য পদক্ষেপটো পেলাব পৰা গৈছিল ২০০০ চনতে।
লণ্ডনকেন্দ্রিক
হিউমেন জিনম প্রজেক্ট আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ চেলেৰা জিনমিক্স এই যুগান্তকাৰী আৱিষ্কাৰৰ লগত জড়িত হৈ আছিল। প্রথমটো হল এটা আন্তর্জাতিক প্রচেষ্টা।
ব্রিটেইনৰ
ৱেলকাম ট্রাষ্ট ইয়াৰ অন্তৰালৰ মূল প্রতিষ্ঠান হলেও আমেৰিকা যুক্তৰাষ্ট্র, জাপান, ফ্রাঞ্চ, জার্মানী,
চীনদেশ আৰু ব্রিটেইনৰো কেইটামান প্রতিষ্ঠান ইয়াৰ লগত সম্পর্কিত হৈ আছিল। আনহাতে
চেলেৰা জিনমিক্সল এক ব্যক্তিগত খণ্ডৰ প্রচেষ্টা। ইয়াৰ আঁৰৰ মূল
ব্যক্তিজন আছিল
জে ক্রেইগ ৱেণ্টাৰ। দুয়োটাই প্রায় একে সময়তে জিনেটিক কোডৰ ৰহস্য উদ্ঘাটন
কৰিবলৈ সমর্থ হৈছিল। কিন্তু কোনো একক (তাকো ব্যক্তিগত!) প্রতিষ্ঠানে তাৰ কৃতিত্ব ল
লে পাছৰ পর্যায়ত হব পৰা জটিল পৰিস্থিতিৰ কথা
উপলব্ধি কৰি আমেৰিকা যুক্তৰাষ্ট্রৰ তেতিয়াৰ ৰাষ্ট্রপতি বিল ক্লিণ্টনে তাত
হস্তক্ষেপ কৰিলে। ফলস্বৰূপে দুয়োটা প্রজেক্টে উভয়ৰে দ্বাৰা প্রাপ্ত তথ্যসমূহ
ভাগ-বাটোৱাৰা কৰি ল
লে। লণ্ডনত হিউমেন জিনম প্রজেক্টে পতা সংবাদমেলখনৰ কেইঘণ্টামানৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রত চেলেৰা জিনমিক্সে আন এক সংবাদ মেল পাতি ঘোষণা
কৰিলে যে জিনেটিক ৰহস্য উদ্ঘাটন কৰিবলৈ তেওঁলোক সমর্থ হৈছে।

মানৱ জিন’মৰ মেপিং

তাৰ পাছতো অৱশ্যে আন এটা অতি গধুৰ কাম পৰিয়েই আছিল। সেয়া হল- আমাৰ শৰীৰৰ কোষৰ ক্রমত থকা জিনমৰ মেপিং বা চিত্রায়ন। অর্থাৎ জিনবোৰ কোনডাল
ক্র
মৰ কত থাকে, কেনেকৈ থাকে, কি কামত ইহঁতে ভাগ লয় , কি কামৰ বাবে কোন প্রটিন নিঃসৰণ কৰিবলৈ বা নকৰিবলৈ
ইহঁতে জিনেটিক কোড সৃষ্টি কৰে- এইবোৰ কথা উদ্ঘাটন কৰাটো ডাঙৰ সমস্যা হৈয়ে আছিল।
ফিটা ক্রিমিৰ দৰে ক্ষুদ্র প্রাণীৰ ক্ষেত্রত বাৰু খুব সমস্যা নাই। কিন্তু মানুহৰ
দৰে জটিল আৰু কোটিৰ হিচাপত থকা আধাৰ যুগ্ম, জিন আদিৰ ক্ষেত্রত এই কাম মুঠেই সহজ
নাছিল। তদুপৰি কোনো এটা একক গৱেষণা প্রতিষ্ঠানৰ বাবে এই কাম কম সময়তে সম্পূর্ণ
কৰাটো সম্ভৱো নহয়। বিজ্ঞানী-গৱেষকসকলৰ প্রভূত কষ্টৰ পাছত এতিয়া অৱশ্যে
এই কাম সম্পূর্ণ হৈছে। অর্থাৎ কোন জিনে কেনেকৈ কি কামত সহায় কৰে বা কি অপকাৰ কৰে সেয়া আমি প্রায় সঠিকভাবে জানিব পাৰিছোঁ।

 

প্রসংগতঃ ২০২২ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ

২০২২ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল
পুৰস্কাৰৰ ঘোষণাই বহুতকে আচৰিত কৰি তুলিছে। সাধাৰণতে চিকিৎসা বিজ্ঞানত নোবেল
পুৰস্কাৰ দিয়া হয় চিকিৎসা ক্ষেত্রত গুৰুত্বপূর্ণ কোনো তত্ত্ব, প্রভাৱশালী আবিষ্কাৰ
বা অভিনৱ কোনো চিকিৎসা পদ্ধতিৰ উদ্ভাৱনৰ বাবে। উদাহৰণ স্বৰূপে ২০২১ চনৰ চিকিৎসা
বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল– উষ্ণতা আৰু স্পর্শ গ্রাহক আৱিষ্কাৰৰ বাবে ডেভিড
জুলিয়াছ আৰু আর্ডেম পাটাপউটিয়ানে। সেইদৰে ২০২০ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
লাভ কৰিছিল হার্ভে জে অলটাৰ, মাইকেল হাউটন আৰু চার্লছ এম ৰাইচে– হেপাটাইটিছ চি
ভাইৰাছ আৱিষ্কাৰৰ বাবে আৰু ২০১৯ চনত এই বঁটা লাভ কৰিছিল – কোষে কেনেকৈ অক্সিজেনৰ
উপস্থিতি গম পায় আৰু নিজকে তাৰ লগত অভিযোজন কৰি লয়, সেয়া আৱিষ্কাৰ কৰাৰ বাবে
উইলিয়াম জি কেলিন, ছাৰ পিটাৰ জে ৰেটক্লিফ আৰু গ্রেগ এল ছেমেনজাই। এই বছৰো তেনে
ধৰণৰ আৱিষ্কাৰৰ অভাৱ নাছিল। কিন্তু সকলোকে নেওচি এইবাৰ চিকিৎসা বিজ্ঞানৰ নোবেল
বঁটা দিয়া হ’ল- ‘বিলুপ্ত মানৱসদৃশ প্রজাতিৰ জিন
ম আৰু মানৱ বিৱর্তনৰ ক্ষেত্রত
আৱিষ্কাৰ’ৰ বাবে ছাণ্টে পাব’ নামৰ বিজ্ঞানীজনলৈ।

        ১৯৯০ ৰ দশকৰ শেষভাগত প্রায় সকলো মানৱ
জিন’মৰ শ্রেণীবদ্ধকৰণ (Sequencing) কাম সমাপ্ত হয়।
পাব’ই বর্তমানৰ মানৱ-প্রজাতিৰ এক
নিকট সম্পর্কীয় প্রজাতি নিয়েণ্ডাৰথালৰ ডি এন এ অধ্যয়ন কৰাৰ চেষ্টা কৰিলে।
কিন্তু নিয়েণ্ডাৰথালৰ
ডি এন এ পোৱা গ’লেও সেয়া ৰাসায়নিকভাৱে পৰিবর্তিত হৈ নিচেই ক্ষুদ্র
কিছুমান অংশত পৰিণত
হৈছিল।
গতিকে তেওঁ নিয়েণ্ডাৰথালৰ মাইট’কণ্ড্রিয়াৰ পৰা ডি এন এ নিষ্কাষণ কৰিবলৈ চেষ্টা চলালে। তেওঁৰ নিজা সংশোধিত পদ্ধতিৰ জৰিয়তে পাব’ই ৪০,০০০ বছৰৰ পুৰণি এটুকুৰা
হাড়ৰ পৰা মাইট’কণ্ড্রিয়েল ডি এন এ নিষ্কাষণ কৰি তাৰ এক অংশক শ্রেণীবদ্ধকৰণ কৰিবলৈ
সক্ষম হ’ল। সেয়া আছিল এক বিলুপ্ত মানৱ সম্পর্কীয় প্রাণীৰ জিনৰ প্রথম শ্রেণীবদ্ধকৰণ।

পাব’ৰ এই মৌলিক আৱিষ্কাৰসমূহে এক
সম্পূর্ণভাৱে নতুন বৈজ্ঞানিক ক্ষেত্রৰ সৃষ্টি কৰিছে। এই নতুন শাখাটোৰ নাম দিয়া
হৈছে ‘পালিঅ’জিন
মিক্স’ (Paleogenomics)। এই শাখাত বিলুপ্ত প্রজাতিৰ জিনীয় তথ্য
পুনর্গঠন আৰু বিশ্লেষণ কৰা হয়। সংগ্রহালয়সমূহত সংৰক্ষিত কংকালসমূহ, বৰফৰ গভীৰতাত
বা প্রত্নতাত্ত্বিক স্থানসমূহত থকা প্রাচীন জীৱাশ্মৰ ডি এন এ-বোৰৰ (ancient DNA –
aDNA) নিষ্কাষণ পদ্ধতি উন্নত হৈ উঠাৰ পৰিপ্রেক্ষিতত এতিয়া এনে বিশ্লেষণ সম্ভৱ হৈ
উঠিছে। আনকি এতিয়া পৰৱর্তী প্রজন্মসমূহত ডি এন এ-সমূহৰ কি ৰূপান্তৰণ হ’ব পাৰে,
তাকো ধাৰণা কৰিব পৰা গৈছে।

ভৱিষ্যতৰ বিজ্ঞান

জিনেটিক কোড সলনি কৰি নিজৰ ভৱিতব্য নিজেই
লিখিব পৰাটো মানুহৰ বাবে এতিয়াও সম্ভৱ হোৱা নাই। কিন্তু জিন
ম প্রযুক্তিৰ ক্ষেত্রত মানুহৰ
জ্ঞান ইমান আগবাঢ়ি গৈছে যে জিনেটিক কোড সলনি কৰি কোনো মানুহৰ হ
বলগীয়া মাৰাত্মক বেমাৰ আগতীয়াকৈ
প্রতিহত কৰিবলৈ বৰ বেছি দিন হয়তো নাই। কোন লক্ষণৰ বাবে কেনে জিনেটিক কোড দায়ী,
ভৱিষ্যতে সেয়া সম্পূর্ণকৈ জানি বিশেষজ্ঞসকলে যদি সেইমতে জিনেটিক কোড সৃষ্টি কৰিব
পাৰে, তেন্তে সম্ভৱ
অর্ডাৰ দি প্রাপ্তবয়স্ক বয়সত ছফুট ওখ, জোঙা নাকৰ, নিৰোগী, খেলা-ধূলাত পার্গত, সংগীতত
ওস্তাদ, বুদ্ধিত বৃহস্পতি হোৱা সন্তানক জন্ম দিব পৰাও যাব।
জীৱনৰ কিতাপ ভালকৈ পঢ়িব পাৰিলে তেনে এখন
কিতাপ নিজে লিখিবলৈনো কেত পৰ?

  

***** 

 

 

 

document.getElementById(“Anyayug-month”).innerHTML = ” জানুৱাৰি,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২৩”;