পাবলো নেৰুডাৰ ছনেট-৮১

 অনুবাদ : ড° দীপমণি দাস

তেওঁ আন কোনো নহয়

তেওঁ প্ৰেয়সী মোৰ

নিদ্ৰাত ডুবি ৰোৱা সপোন মোৰ

তুমি গুচি যাবা, আমি গুচি যাম একেলগেই

সময়ৰ সাগৰ সাঁতুৰি

আন কোনোৱেই নাহে

মোৰ স’তে

ছাঁৰ স’তে ছাঁ হৈ

থাকিবা কেৱল তুমিয়েই

মোৰ প্ৰেমৰ যি চিৰ-বসন্তৰাগ

মোৰ ভাস্কৰ

মোৰ চন্দ্ৰমা

চিৰদিন চিৰকাল

     …

ফোন : ৮১৩৩০৫৯৫৬১