ছেংগীজ খাঁ

 নীলোৎপল বৰুৱা

অংকন: বৰ্ণিল মহন্ত

 

ছেংগীজ খাঁৰ কুকুৰটোৰ
নামো ছেংগীজ খাঁ৷

তেলচিকটি লাগি মসৃণ
হৈ যোৱা অলপ বেঁকা লাখুটিডালৰ নামো ছেংগীজ খাঁ৷

(সেইডাল এডাল গমাৰি
ডাল, সময় আৰু জলবায়ুয়ে তাৰ ৰূপ-ৰং-ৰস-গন্ধ-বৰ্ণ বদলাইছে৷ সম্প্ৰতি সি মেহগনি কাঠৰ
ৰং লৈছে৷ দেখোঁতাজনত সি প্ৰাচীনত্বৰ সুগন্ধি আৰু ইতিহাসৰ বিষাদ আৰোপ কৰে)

পোপ ছেইণ্ট জন ত্ৰয়োবিংশৰ
মৃত্যুৰ সময়তে প’লিঅ’ত আক্ৰান্ত হৈ শালিকী ঠেঙৰ দৰে হোৱা তেওঁৰ ভৰি দুখনৰ নামো ছেংগীজ
খাঁ৷

অবালচন্দ কাৰবাৰ
এটা৷ মানুহে নিজৰ ভৰিহালৰ নামকৰণ নকৰে৷
 

প’লিঅ’ বুলি আৱিষ্কাৰ
কৰাৰ পাছত কিৰকিৰিয়া ভৰি দুখন মোহাৰি মোহাৰি কেথ
লিক হস্পিটেলখনত মাকে অদ্ভূত সুৰ এটাৰে
কান্দিছিল৷ সুৰটো ঠিক সুৰ উলিওৱা জিভাখন ফাটি যোৱা ক্লেৰিঅ’নেট এটাৰ দৰে৷ বাদকৰ আঙুলিৰ
আদেশত বেসুৰ হৈ যাব নোৱৰা সুৰ এটা৷

পৰম পিতা পোপৰ মৃত্যুৰ
বতৰা পাই সেইদিনা কনভেণ্টৰ নানসকলেও কান্দিছিল৷ ছেংগীজ খাঁৰ ভৰি দুখন পৰীক্ষা কৰা
আপাটানি নানগৰাকী..

আহাহাহা… হিয়ালি
জিয়ালি কৈ শোক টানিছিল..

বিছনাত পৰি থকা ছেংগীজ
খাঁই নানগৰাকীৰ হাউলি পৰা স্তন (কাহানিও শিশুৰ গৰম মুখৰ উম নোপোৱা) আৰু নাকৰ ফুটাটো
দেখিছিল৷ সেই প্ৰফাইলত সেই দুটা উপাদানেই আলোকিত হ’ব৷

নাসিকা গহ্বৰৰ পৰা
ওলোৱা উষ্ম বতাহ, পোপৰ শোক আৰু মাকৰ কান্দোন..

বিৰাট ঘণ্টাধ্বনি
এটাৰ মাজত মিশ্ৰিত কলৰোল৷

 

ছেংগীজ খাঁ… ছেংগীজ
খাঁ…

অলৱৎ নিজে দি লোৱা
নাম৷

বাকী দুটা উপাদানৰ
বাবে ছেংগীজ খাঁৰ নাম ছেংগীজ খাঁ হ’ল নে ছেংগীজ খাঁ নামটোৰ বাবেই বাকী দুটাৰ নাম ছেংগীজ
খাঁ হ’ল বুজাৰ উপায় নাই৷

পেৰাডক্স এটা, আৰু
কি…

ফ’ছিল এটাৰ দৰে
ৰং ধৰা ঘৰটোৰ একমাত্ৰ কুঠৰীৰ  পৰা যেতিয়া
ভাহি আহে-

: ছেংগীজ খাঁ, তই
এটা আহম্মক.. সেইবাবেই ঈচ্ছৰে তোক পৰীক্ষাগাৰত
পেলাই দিছে৷…

 

তেতিয়া বুজিব লাগিব
ছেংগীজ খাঁই কুকুৰটোক কৈছে৷

অথবা যেতিয়া কৈ
উঠে-

: ছেংগীজ খাঁৰ বিল্বফল
খোৱাৰ ইচ্ছা জাগিছে৷ কিন্তু এই ঋতু বিল্বফলৰ নহয়…

তেতিয়া জানিব লাগিব
ছেংগীজ খাঁই নিজৰ কথাই কৈছে৷ কুকুৰেটো বেল নাখায়৷

নতুবা

: তোক মই পোকৰ খাদ্য
নতুবা কীটৰ ক্ৰীড়ণক হ’বলৈ নিদিও ছেংগীজ… ভাৰ ব’বৰ বাবেই তোৰ সৃষ্টি৷

…তই ভাগি পৰা মানেইতো স্থৱিৰতা…

সেয়া লাখুটিডালৰ
কথা৷ বেলেগ ভাবিলে ভুল হ’ব৷

 

জুখি জুখি সত্তৰ
ফুট দুৰৈত আন এটা নীলা ৰঙৰ মাটিৰ ঘৰত (চূণৰ সৈতে স্কাইলাৰ্ক নীল মিহলাইছিল৷ কথাটো
চিন্তনীয় নহ’লহেঁতেন যদিহে নীলাই বগা ৰংটোক খাই নেপেলালে হয়৷) ভণিতা কৰ্মকাৰে যোৱা
কেবামাহো নিৰৱচ্ছিন্ন পাঠোদ্ধাৰ কৰি আহিছে ছেংগীজ খাঁৰ উফৰি পৰা বাক্যগুচ্ছৰ৷

ভণিতাৰ সম্প্ৰতি
দুটাই কাম৷

পেটত সন্তান এটা
দি নিৰুদ্দিষ্ট হৈ পৰা আশু কৰ্মকাৰ আহিব আহিব বুলি অপেক্ষা কৰা৷ আনটো ছেংগীজ খাঁৰ কথাৰ
পাঠোদ্ধাৰ কৰা৷

আশু কৰ্মকাৰ নাহে৷
কথাটো ইতিমধ্যেই বিয়পি পৰিছে৷

: ৰৈ থাকপা নালগে
এ চানাআপী৷ মাইহেঁতেৰ ঘৰক লেগি যা…

: ভনীয়েৰক বৰকৈ
আনি আনি ৰাখিছিলি নহয়৷ পা৷ জুইহেন দেহা… মোক খা মোক খা..

 

কেনেকৈ যাব মাকৰ
ঘৰলৈ৷ কেনেকৈ যাব৷ বিয়াৰ পাছৰ পৰাই মণিতাৰ প্ৰতি ঢাল খাই পৰা আশুৰ শৰীৰটো প্ৰতিদিনেই
দেখিছিল ভণিতাই৷

সহোদৰ, সহোদৰ৷ আশু
আৰু মণিতা গুচি গৈছে বেংগালুৰুৰ ফালে৷ নাহে৷ 
ভণিতা কৰ্মকাৰ ৰৈ আছে৷ ৰৈ আছে৷

বৈ পৰা চকু আৰু নাকৰ
তলত দীঘল চুলি এডাল ওলাই অহা ক’লা মাহ এটাৰ সৈতে ভণিতা কৰ্মকাৰ বিষাদৰ চলমান মূৰুতি
এটা৷ অতি সুখৰ সময়তো ভণিতাক বিষাদমগ্ন যেনেই দেখা যায়৷ মৰাশৰ সৈতে সহবাসৰ পৰা মুক্তি
লভিছে আশু কৰ্মকাৰে৷ মণিতা উচ্ছ্বল নদী৷ আশুক ভহাই নিছে৷ লৈ গ’ল৷ নাহে আৰু৷

চকুপানী নোলায় ভণিতা
কৰ্মকাৰৰ৷

প্ৰাচীন বগৰী আচাৰৰ
বৈয়ামটো (মাণিক লাহনহঁতৰ এৰাবাৰীৰ গছজোপাৰ পৰা আশুৱে বগৰী পাৰি আনিছিল৷ সেইখন বাৰীলৈ
কোনো নাযায়৷ পকি পকি সৰি পৰা বগৰী তলখনৰ মকমকীয়া গোন্ধৰ মাজত আশুৱে সুহুৰি এটা শুনিছিল৷
ভোট সুহুৰি৷ মাইকী মানুহে মৰা৷ সি বগৰীখিনি পেলাই দিবলৈকে ওলাইছিল৷ ভণিতাৰ মৰখক্…)
আৰু আশুৰ পুৰণি লাকোষ্টেৰ বেল্টডালৰ দৰেই শুকান তাইৰ চকুৰ কোটৰ৷ ঘঁৰিয়াল অঁকা বেল্টডাল
কিনাৰ সময়ত সি গনোৰীয়া, চিফিলিছ, বগা দাগ আদি ৰোগৰ ঔষধৰ কোম্পানীটোত সোমাইছিল৷ হাজাৰীবাগ
ফালৰ৷ তাক কেবাখনো জিলাৰ মেনেজাৰ কৰি দিছিল মালিকে৷ পাছলৈ ঔষধৰ ফেক্টৰীটো বন্ধ হৈ
গৈছিল৷ ভুচি মাল বেচা বুলি ওলাই পৰিছিল৷ চাকৰিটো গ’ল, কিন্তু মোহিনীটো থাকি গ’ল৷ মানুহ
ভুলাই ভুলাই বস্তু বেচিব পাৰে সি৷

তাই কন্দা নাই৷ এতিয়াও৷
চকুপানীবোৰ ভিতৰি ভিতৰি পেটলৈ গুচি গৈছে৷ য’ত আশুৰ সন্তানটো ওপঙি আছে৷ নিমখীয়া পানীত
ওপঙি থকা মঙহৰ পিণ্ড৷

ছেংগীজ খাঁৰ কথন
আৰু নীলবৰণীয়া ঘৰৰ মাজত নিমখ পানীত ওপঙি বাঢ়ি আহিছে এটা সাগৰীয় শিঙি মাছ৷ কেতিয়াবা
খুন্দিয়াই দিয়ে৷ বিশালকায় শিঙি এটাৰ দৰেই ভাব হয় খুন্দাটো৷

কেতিয়াবা ছেংগীজ
খাঁই কথা নকয়৷ নোকনোকাই সুৰ টানে৷

 

…গৰ্ভৰ ললিতা গৰ্ভত
থিত…

তোৰেসে নিত… কাৰ
বচনে গৰ্ভত ললি বাস…

মই সিদ্ধ গুৰুৰ
বচনে জাৰোঁ…

জান্তে আলং সাত ডাল
ৰিহাৰ চনি…

গৰ্ভ গয়া বসন্ত
চৰ্ভাং…

পলা শুক্ল… চামৰে
পাতং উষাহ ঈশ্বৰী দিলে পানী…

উপজি আমাৰ মনে জানি…

 

সুৰটো শেষ হ’লেই
ভাং খোৱা মানুহৰ কণ্ঠৰে কৈ উঠে-

: আঁ কৰ ছেংগীজ আঁ
কৰ…

 

ভণিতাই জানে মাকলৈ
মনত পৰিছে ছেংগীজ খাঁৰ৷ আচৰিত আচৰিত৷ কেনেকৈ বুজি উঠিছে ছেংগীজ খাঁৰ সমস্ত পকনীয়া৷

কিৰকিৰিয়া ভৰিহালেৰে
কেৰেপা মাৰি মাকৰ কোলাত উঠি ছেংগীজ খাঁ সোমাই গৈছিল উৰহীৰ হেন্দালি এখনৰ তলেৰে৷ প্ৰায়
সাত কিলোমিটাৰ বৈ নিছিল মাকে তাক৷ নাৰিকলৰ গোটা কুণ্ডাৰে বনোৱা আসনখনত বহাৰ পাছতো
সি মাকৰ কোলাৰ পৰা নমা নাছিল৷

প’লিঅ’ৰ মন্ত্ৰ নাজানিছিল
গণি বেজে৷ সেয়ে মৰকুচিয়াৰ মন্ত্ৰকে মাতিছিল৷ ভাং খাওঁতে খাওঁতে কণ্ঠনলী কফে গিলিপ
মাৰি ধৰিছিল৷ ওলাওঁ নোলাওঁকৈ ওলাইছিল মন্ত্ৰ কেইফাঁকি৷

…বচন্ত চৰ্ভাং..পলা
চুক্লাং…

( বচন্তৰ ‘চ’টোত
আৰু চুক্লাঙৰ ‘ক্ল’টোত গণি বেজৰ থুই চিটিকি পৰিছিল৷ টিলিকতে ব্যাধি ওফৰাই দিব এই গণি
বেজে-বুলি এবাৰো কোৱা নাছিল… অন্য যজমানক গণি বেজে থুইৰে ওপোচাই দিয়ে৷ বহুতৰে কিবা
কিবি ভাল হৈছিল৷)

পানীখিনি ফুকি ফুকি
গণি বেজে একেথৰে চাই আছিল মাকৰ পেটিকোটৰ ফিটাই কাটি ডেগডেগীয়া কৰি পেলোৱা কঁকাললৈ৷

বহুবাৰ নিছিল গণি
বেজৰ ঘৰলৈ৷

গণি বেজে মাননী লোৱা
নাছিল৷

নোকনোকাই নোকনোকাই
ছেংগীজ খাঁই উৰহীৰ গোন্ধ এটা পেট ভৰাই লৈছিল৷

 

: তই নুবুজিবি ছেংগীজ… মোতকৈ
আগতে তোক মাটিয়ে গিলিব৷ মাটিয়ে কাকো এৰা নাই আজিলৈকে৷ মাটি কাল৷ মাটি মাৰাত্তক জিনিছ্৷
কাকো নাছাৰে৷

 তীৰত টকা লাগিলে
(একমাত্ৰ উপাৰ্জনৰ পথ) ছেংগীজে খাঁই মাটিমাহ কিনে৷ মেমেধু পাত দি ৰান্ধে৷ ৰঙৰ গোল
টিন এটা কাটি বনোৱা পুৰণি চৌকা এটাত৷ ধোঁৱাই ধোঁৱাই জ্বলি থকা জুইৰ কাষত নতুন সপোন
এটাৰ বাবে প্ৰাৰ্থনা কৰে৷

: এই যে মাটিমাহৰ
দাইল আৰু দিনবোৰ খাই গৈছ ছেংগীজ৷ এয়া সপোনৰ দান৷ স্বপ্নদাতাৰ প্ৰতি কৃতজ্ঞ হ৷

কেতিয়াবা সি মাটিমাহৰ
সৈতে মাণিক লাহনৰ এৰাবাৰীৰ বগৰী আচাৰ খায়৷ কেতিয়াবা৷ যেতিয়া নিমখীয়া পানীত ওপঙি
ফুৰা মূৰ ডাঙৰ শিঙিমাছে খুন্দিয়ায়৷

ছেংগীজ খাঁ সপোনৰ
বাবে জনাজাত৷ সপোনে জীয়াই ৰাখিছে তাক৷ কিৰকিৰীয়া ছেংগীজ খাঁৰ আজন্ম বিশ্বাসঘাতকতাৰ
পাছতো তাৰ সৈতে সপোন আছে৷

আগৰাতি সপোনত যদি  দুটা ভেড়া ছাগলী আৰু তিনিজন ভেড়াৰখীয়া দেখিছে,
উনৈছ মাৰিব, ডবল ৷ চকু মুদি নম্বৰ লগাই দিব পাৰি৷ মৰিবলৈ ধৰা গছ আৰু মাটিৰ চাকি দেখিছে-
চৌৱন্ন পাক্কা৷ সন্ধ্যালৈ আফৰোজৰ পৰা পইচা অনাহে কথা৷ চাৰিটা মানুহে চাইকেল চলাই
যাওঁতে যদি গান গাইছে- মোটামুটি নব্বৈৰ পৰা আঠানব্বৈৰ ভিতৰত থাকিব৷

ক’লা কাপোৰ পিন্ধা
মাইকী মানুহ, শহাপহুৰ দল, ধাৰ্মিক কথা-বতৰা থকা কিতাপ, বৰফৱালা- এইবোৰ দেখিলে নম্বৰ
নলগোৱাই ভাল৷

: ছেংগীজ খাঁ চলি
আছে৷ ছেংগীজ খাঁ গৈ থাকিব…

বহুবাৰ পুঞ্জী গায়ৱ
হৈ যোৱাৰ পাছত যেতিয়া দুটকামান আহে ছেংগীজ খাঁৰ নাদে সত্তৰ ফুটীয়া পৰিমণ্ডল এটাক
পৰিভ্ৰমণ কৰে৷

: ছেংগীজ খাঁ চলি
আছে৷ ছেংগীজ খাঁ গৈ থাকিব৷ তাৰ কাৰণ ছেংগীজ খাঁ নহয়৷ ছেংগীজ খাঁও নহয়৷ ছেংগীজ খাঁৰ
সপোন আছে৷ লম্বা সপোন দেখাৰ ঔকাদ আছে৷

সত্তৰ ফুটত ওপঙি
থাকে উষ্ম উচ্চ-বাচ্য৷ তেনেকুৱাত কেতিয়াবা 
শিঙিমূৰীয়া নিমখীয়া পানীৰ মঙহটোৱে খুন্দিয়ায়৷

: মুখা পিন্ধা মানুহ
দেখিছে ছেংগীজ খাঁই৷ বন্দে মাতৰম গাইছে৷ মাল আহিব ছেংগীজ৷ মাল আহিব৷ হিচাপ-কিতাপ হৈ
গৈছে৷

কাষত লগোৱা কাঠ এৰাই
যোৱা চিলঠখনত ছেংগীজ খাঁই হিচাপ কৰে৷ বিভিন্ন ধৰণৰ অংক৷ মানুহৰ পৰা জীৱ-জন্তুলৈকে
সকলো ধৰণৰ স্বপ্নময় উপাদান সংখ্যালৈ সলনি হৈ গৈ থাকে৷ যোগ-বিয়োগ, পূৰণ-হৰণ৷ গৈ থাকে,
গৈ থাকে৷ এটা নিৰ্দিষ্ট সময়ত দুটা সংখ্যাৰ অংকলৈ পৰিণত হয়৷ ফাইনেল সংখ্যাটো পাই গ’লেই
ছেংগীজে দীঘলকৈ সুহুৰিয়ায়৷ ছেংগীজ খাঁই চক খায়৷ ভৌভৌৱায়৷ ঠক ঠককৈ ছেংগীজ খাঁক কোবাই
কোবাই ছেংগীজ খাঁ চোতাল নামক চাৰিফুট বৰ্গমানৰ ঠাইটুকুৰালৈ ওলাই আহে৷ সত্তৰ ফুটত উপস্থিতি
সাব্যস্ত কৰে আৰু সুহুৰিয়াই সুহুৰিয়াই আহিবলগীয়া উত্তাপ এটাৰ আৱাহনী স্তোত্ৰ পাঠ
কৰে৷

এনেকুৱা উদ্দামতাই
বাটেৰে যোৱা বান্দৰৰ খেল দেখুউৱা মনোহৰলালাক চক্ খুৱায়৷ জপৰা মোনাটোৰ ভিতৰত থকা হাড়
আৰু লাওখোলাটো কেটকেটাই উঠে৷ বুকুলৈ থুৱাই মনোহৰলালাই কান্ধত বান্দৰ পোৱালিটোৰে ছেংগীজ
খাঁৰ ফছিল ৰঙৰ ঘৰটোলৈ ঈৰ্ষাকাতৰ চাৱনী এটা দলিয়াই থৈ যায়৷ 

: মানুহবোৰ চলি থাকিব
লাগে৷ চলা মানুহ নচলিলে চলাৰ ঠেউকী পাহৰি যায়৷ ছেংগীজ খাঁওতো চলি আছে ছেংগীজ খাঁক লৈ৷

ছেংগীজ খাঁই কোনোদিনে
ভণিতা কৰ্মকাৰক ভাল-বেয়া সোধা নাই৷

: ছেংগীজ খাঁ, সুখ
বা দুখ কোনোটোৱেই দীৰ্ঘম্যাদী নহয়৷ তোৰতো দুখো নাই, সুখো নাই, বিষ আছে ছেংগীজ, বিষ
আছে৷ বিষ গলি থাকোঁতে ভাল, বৈ যায়৷ কিটকিটিয়া টান হৈ গ’লে খাৰাপ৷ ৰৈ যায়৷

ছেংগীজ খাঁই ভণিতা
কৰ্মকাৰৰ মাতটোকে শুনা নাই৷ এক-ডেৰ বছৰমান আগতে হঠাতে আহি বহা পৰিয়ালটোৰ পৰা সি কোনোদিনেই
নিমন্ত্ৰণ পোৱা নাই৷

: ছেংগীজ খাঁ, ছেংগীজ
খাঁ আৰু ছেংগীজ খাঁৰেই সম্পূৰ্ণ৷ কোনোদিন খালী হোৱা নাই৷

হলিৰাম বৰ্মনে তাড়ী
বেচে৷ পুৱতি নিশা খেজুৰৰ ৰস লৈ হলিৰাম ছেংগীজ খাঁৰ ঘৰৰ সন্মুখেৰে যায়৷ কেতিয়াবা ৰৈ
ছেংগীজ খাঁক অনুনয় এটা কৰে৷

: নম্বৰ দেনা ভাই৷
কি লগাওঁ৷ বহুত মাল গুচি গৈছে৷

ছেংগীজে কাৰো লগতে
সপোন নভগায়৷ গোপনে ৰাখে৷ আনকি ছেংগীজ খাঁকো নকয়৷

: সপোনেই দেখা নাই,
ধেৰ দিন হ’ল৷

সন্ধ্যা টেঙা তাড়ীয়ে
ভৰ কৰিলে ছেংগীজ খাঁই ছেংগীজ খাঁক সোঁহাতৰ কাষলতি তলত নিকপকপীয়াকৈ ধৰি অকণমান বেঁকাকৈ
থিয় হয় চোতালখনত৷ শেহতীয়াকৈ আৱিষ্কাৰ কৰা সত্তৰ ফুট দূৰৈৰ সাগৰীয় শিঙিমাছক উদ্দ্যেশ্যি
মৰকুচিয়াৰ মন্ত্ৰ মাতে৷

…চামৰে পাতং উষাহ
ঈশ্বৰী দিলে পানী…

উপজি আমাৰ মনে জানি….

 

: ছেংগীজ খাঁ নহওক
কোনো৷ কোনো ছেংগীজ খাঁ হ’ব নালাগে৷

নোকনোকনি এটা বাঢ়ি
আহে৷ উশাহ চুটি, হ্ৰস্ব তালৰ নোকনোকনি৷

সত্তৰ ফুট সিফালে
নিমখ পানীৰ সাগৰীয় শিঙী মাছ এটাই কাণ উনায়৷

 

সাতোটা মাহ ভণিতা
কৰ্মকাৰ সত্তৰ ফুট ব্যাসাৰ্ধতে ৰৈ গৈছে৷ এক চিকুট বাহিৰলৈ যোৱা নাই৷ নিমখীয়া পানী
বাঢ়ি আহিছে উদৰত৷ ডাঙৰ মূৰৰ সাগৰীয় শিঙিমাছ বাঢ়ি আহিছে৷ কমি আহিছে নীলা মোজাৰ ভিতৰত
ৰখা সেমেকা নোটৰ জাপটো৷

ৰাতিপুৱাটো কঁপাই
ছেংগীজ খাঁ, ছেংগীজ খাঁ আৰু ছেংগীজ খাঁৰ শব্দত ভণিতা কৰ্মকাৰ সাৰ পাই গৈছে৷ আজান দি
মতলেব মুন্সী ঘৰ পোৱাই নাই৷ ঘৈণীয়েক উঠি আহিব নোৱাৰে, আগফালৰ দুৱাৰখন খিলি নিদিয়াকৈ
জপাই থৈ অহা মতলেব মুন্সী আজান দিয়াৰ পাছত এখন্তেকো নৰয়৷ কোবাকুবিকৈ ঘৰমুৱা হয়৷

প্ৰায় চল্লিছ ফুটত
ছেংগীজ খাঁ৷

: তিনিটা বগা মূৰ্গী
দেখিছে ছেংগীজ খাঁই৷ তিনিটা বগা মূৰ্গী৷ হিচাপ হৈ গৈছে৷

সাৰ পাই উঠিছে সাগৰীয়
শিঙিমাছ৷ দুপকৈ খুন্দা মাৰিছে৷

: বিয়াল্লিছ লাগিব৷
পুৰা পূ্ঞ্জী লগাই দিব ছেংগীজ খাঁই আজি৷ জিন্দেগী ভৰৰ কামাই লগাই দিব৷ হয় ৰঙামাটি
নহয় গুৱাহাটি৷ ছেংগীজ, মোৰ কাণ কাটি চোবাই দিবি৷ আজি ছেংগীজ লাখপতি হৈ যাব৷ পাঁচটা
মানুহক বহুৱাই খুৱাব পাৰিব চাৰা জীৱন৷ আজি সুৰ্য দহ নম্বৰ ভাব আৰু চন্দ্ৰ চাৰি নম্বৰত
বহিব৷ শুক্ৰ উপচয়ত থাকিব, নিৰ্ঘাত৷

সেই সন্ধ্যা ভণিতা
কৰ্মকাৰে বহুদিনৰ মূৰত মুখখন চালে৷ সমগ্ৰ দৈন্য আৰু নিঃসংগতা ওলমি মাহটোৰ চুলিডাল
দীঘল হৈ আহিছে৷ পুৰণা ব্লে
ডখনৰে চুলিডাল কাটিলে তাই৷ মুৰত তেল সানিলে৷ লাকোষ্টেৰ বেল্টডাল
আৰু আচাৰৰ বৈয়ামটো ল’লে৷ সত্তৰ ফুট অতিক্ৰম কৰিলে৷

ছেংগীজ খাঁৰ ঘৰটোলৈ
সোমাই গ’ল৷

 ***

ফোন-৯৮৫৪৫৬৬৪২৯