বচা বকুল

 ৰমানন্দন বৰা

সাত

ন-খোৱা বছা
গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল

পৰাটো অলপ ডাঙৰ কথা নহয়৷ বাত-বৃষ্টি
, নৰীয়া-পৰীয়া, এন্দুৰ-নিগনি, চৰাই-চিৰিকতি কত অপসৰ্গৰ মাজেৰে গুটি
ধানকেইটা নজহা-নপমাকৈ আনিব লগা হয় খেতিয়কৰ বাহিৰে আনে নুবুজে৷ এই সফলতাত আটাইৰে
মন থৌকি-বাথৌ হয়৷ তাৰ প্ৰকাশ ঘটে ন-খোৱাত৷ প্ৰথম কঠীয়া লওঁতেই কোৱা হয় প্ৰথম মুঠি
গুৰুলৈ
, দ্বিতীয় মুঠি দেৱলৈ, তৃতীয়
মুঠি ভকতলৈ
, চতুৰ্থ মুঠিহে নিজলৈ প্ৰাণ ৰাখিবৰ কাৰণে৷ সেইবাবে
নামঘৰতে প্ৰথম ন-খোৱা হয়৷ গৃহস্থী প্ৰত্যেকে নিজৰ ভঁৰালৰ পৰা ন-ধানৰ মৰণা মাৰি
ঢেঁকীত এখুবলি খুন্দে৷ ন-চাউল কেইটামানকৈ সমূহীয়া চৰুলৈ আগবঢ়ায়৷ প্ৰতি ঘৰে জোখতকৈ
বেছিকৈয়ে দিয়ে৷ গাঁওখন ধানৰ গোন্ধেৰে আমোলমোল হৈ থাকে৷ বিধে বিধে শালি
, লাহি খেতি কৰা হয়৷ নেকেৰা ধানে ভঁৰাল হেঁকেৰা কৰে৷ এইবাৰ এইবিধ ধানৰ কঠ বৰ
ঘনকৈ হৈছে৷ বেতগুটিও বেছি৷ বৰা
, চকোৱা বছা গাঁৱৰ মানুহে কমকৈ
কৰে৷ পিঠা-পনা
, জা-জলপানৰ যোগাৰটো হলেই
হয়৷

নামঘৰত ন-খোৱাতো
ডেকাহঁতে বৰকৈ পচন্দ নকৰে
, বুঢ়া-মেথাৰ কাম৷ ইয়াত সিদ্ধ অন্নৰ লগত
মাছ-মাংস নোলায়৷ একো বিশেষ মোহিনী নাই৷ নাম গাব লাগে৷ খাব লাগে৷ তাকো আকৌ নাম
গাওঁতে গাওঁতে ৰন্ধা ভাত চেঁচা হয়গৈ৷ সেইবাবে নামঘৰত গোসাঁইক সাক্ষী কৰি ন-মুঠি
লগোৱাৰ পিছত ঘৰে ঘৰে ন-খোৱা পৰ্ব চলে৷ আঘোণমহীয়া পাতল জাৰত
, পাতলীয়া জুইৰ উমত, পাতলীয়া এৰী চাদৰ একোখন গাত
মেৰিয়াই কথাৰ মহলা বহে৷ ঘৰে প্ৰতি দুই তিনিটা চাৰিটা হাঁহ মাৰে৷ কত পাহৰা কথাৰ উম
পাই ওলাই আহে৷ গাঁওখনৰ বুঢ়া ডাঙৰীয়া
, ভূত-প্ৰেত, যখবোৰেই উম লয়হি ন-খাওঁতাৰ কথাৰ মহলাত৷

বছা গাঁৱৰ বৰ
নামঘৰত চাৰিওটা খেলৰ ভিতৰত নৰহৰি পৰমসিদ্ধৰ খেলটোৱেই ডাঙৰ৷ প্ৰায় তিনিকুৰি ঘৰ
মানুহ৷ বাকী তিনিটাত একুৰি ডেৰকুৰিকৈ আছে৷ গতিকে নামঘৰৰ প্ৰতিটো কথাতে তেওঁৰ খেলৰ
প্ৰাধান্য ৰজে৷ সেই সুযোগতে নৰহৰি পৰমসিদ্ধৰ কথাই গাঁওখনত ৰজে বুলিব পাৰি৷ কাৰণ
বাকী দুটা খেলত ইমান তৰ্ক কৰিব পৰা
, শাস্ত্ৰ মাতিব পৰা মানুহ
নাই৷ মূল খেলৰ পৰা বিভিন্ন কাৰণত ফাটি কোনো মতে একোটা খেল পাতি খাই থকাৰ নিচিনা৷
ঘাই সুঁতিটো পৰমসিদ্ধৰ খেলটোৱেই৷ নৰেনৰ খেল আৰু কাতিৰামৰ খেলৰ উমৈহতীয়া নামতী হৰেন
কলিতা৷ গতিকে নিজা যোত্ৰ নাই৷ আনৰ লেজুত ধৰা
, ভটিয়াই নাৱত
যোৱা৷ তিকিৰাই নামতীৰ খেলটোৰ গৃহস্থী সংখ্যা একুৰি৷ বাকী পাঁচ কুৰিৰ জোৰ পায় ক
ৰ পৰা? তথাপি প্ৰতিটো খেলে নিজা নিজা পৰিচয় বৰ্তাই
ৰাখি তিথি-পাৰ্বনবোৰ বেলেগে বেলেগে পাতে৷ তিথিবোৰত দিনটো চাৰি ভাগত ভগাই সময়মতে
একোটা খেলে একেজন ভগৱানক মাতে
, একেখিনি নাম গায়, কীৰ্তন পাঠ কৰে৷ আটাইতকৈ ওজন থকা খেল হিচাপে পৰমসিদ্ধৰ খেলটোৱে আটাইতকৈ
সুবিধাজনক সময়খিনি পায়৷ গণেশ নামঘৰীয়াক সময়খিনি তেৱেঁই বান্ধি দিয়ে আৰু নামঘৰীয়াই
বাকী খেল কেইটাক তেনেদৰেই জনায়৷

হেন জানি নকলেও
চলে নৰহৰি পৰমসিদ্ধ বছা গাঁৱৰ এগৰাকী মুখিয়াল মানুহ৷ তেওঁৰ নামৰ লগত পৰমসিদ্ধৰ
উপাধিটোও উলামূলা নহয়৷ এবাৰ ভাটি ফালৰ পৰা দড়িয়া সন্ন্যাসী এজনে আহি বছা গাঁৱৰ
চাৰিআলিত কেনেবাকৈ পদাৰ্পণ কৰিছিলহি৷ সন্তই সন্তৰ আৰু চোৰে চোৰৰ লগ লগাৰ দৰে
সন্ন্যাসীজন আহি নৰহৰিৰ লগ লাগিলহি৷ তেতিয়া নৰহৰিয়ে নাম গাবলৈ শিকিছে মাত্ৰ৷
সন্ন্যাসীজনে তেওঁৰ নতুনকৈ সজা গোসাঁই ঘৰৰ লগতে লাগি থকা বাৰান্দাখনতে থাকিবলৈ ল
লে৷ সন্ন্যাসীয়ে দিনে-ৰাতিয়ে নৰহৰি আৰু তেওঁৰ ঘৈণীয়েক বিহুতিক ধৰ্ম শিক্ষা
দিবলৈ ল
লে৷ নৰহৰি দিনত নাথাকিলে কিবা কাৰণত বিষয় অসুখত হৰি
সেৱা সুখৰ পৰা বঞ্চিত হ
লে, সন্ন্যাসীয়ে
বিহুতিকে অকলে শিক্ষা দিয়ে৷ বাওঁ ভৰিত
এডোখৰ প্ৰকাণ্ড খৰ নে বেচু লৈ ফুৰা সন্ন্যাসীৰ সেই ৰোগ এমাহৰ ভিতৰত নৰহৰিয়ে
গাঁৱলীয়া ঔষধ দি ভাল কৰিলে৷ সেৱাত ধন্য হৈ সন্ন্যাসীয়ে নৰহৰিক পৰমসিদ্ধ উপাধি
প্ৰদান কৰিলে৷ এদিন সন্ন্যাসী গ
ল৷ তেওঁ দিয়া উপাধি বছা
গাঁৱত ৰৈ গ
ল৷ গতিকে নৰহৰি হলগৈ নৰহৰি
পৰমসিদ্ধ নামাচাৰ্য৷
নামতীউপাধিৰ
প্ৰতি তেওঁৰ বিতৃষ্ণা বাবেই নামাচাৰ্য লগ লাগিল৷ সন্ন্যাসী যোৱাৰ এমাহ মানৰ পাছৰ
পৰা বিহুতিৰ মনটো উদাস হ
বলৈ ধৰিলে৷ ইটো সিটো উপসৰ্গই দেখা
দিবলৈ ধৰিলে৷ সন্ন্যাসীয়ে কিবা কৰিলে নেকি
? চোৰ গলে বুদ্ধি দিয়াত বছা গাঁৱৰ মানুহ বৰ পটু৷ আচলতে বাহিৰৰ মানুহ এটাৰ এনেকৈ
গাঁৱৰ ভিতৰত সোমাবলৈ দিবই নালাগিছিল৷ গোসাঁই ঘৰৰ কাষতে বিজতৰীয়া মানুহ এটাক
থাকিবলৈ দি নৰহৰিয়ে ভুল কৰিছিল৷ সন্ন্যাসীয়ে যাদু কৰিলে নেকি
? নামঘৰত চাকি এগছি দিয়া উচিত… অনেক কথা বছা গাঁৱৰ চোতালে চোতালে, জুহালে জুহালে উৰি ফুৰিল৷ নৰহৰিৰ পদূলিমুখৰ ডাঙৰ আহঁতজোপা পাৰ হৈ তেওঁৰ
ঘৰৰ চৌহদত কিন্তু কথাবোৰ সোমাব নোৱাৰিলে৷ তথাপি কথাৰ যিহে পাক লাগিছিল
, নৰহৰিৰ বাৰীৰ জেওৰা ভঙাই নহয়, বৰঘৰৰ মূধতেই উৰুৱাই
নিলেহেঁতেন যদিহে বগীবায়ে মাজতে ভেটা নিদিলেহেঁতেন৷ বেৰৰ জেঠী এটায়ো গম নোপোৱাকৈ
বগীবায়ে কামবোৰ কৰিছিল৷ নৰহৰিৰ ঘৰত আগৰ পৰা বোৱা-তোলা কৰা
, ধান,
চাউল জৰা কাম কৰি থকা বাবে বগীৰ ওপৰত কোনেও একো সন্দেহ কৰিবলৈ থল
নাছিল৷ আনকি নৰহৰিৰো৷ তিৰোতাৰ মাহেকীয়া হোৱাৰ আচিলাতে বগীয়ে বিহুতিক উদ্ধাৰ কৰিছিল৷ অন্যথা বগীবাইৰ কাৰোবাৰ
ঘৰলৈ আগমন সকলোৰে বাবে গোপন চৰ্চাৰ বিষয়৷ বগীবাইৰ কথামতে সন্ন্যাসীয়ে ধৰ্মৰ লগতে বিহুতিৰ গৰ্ভত নিজৰ বীজ এটাও দিছিল৷
লগতে অসুখ এটাও৷ অসুখটোৰ পৰা পৰিত্ৰাণৰ উপায় বগীবাইৰ বাহিৰে আনৰ হাতত নাই৷
যি কি নহওক এইবাৰ পোতা গূ কোনেও খুচৰিবলৈ নাযায়৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্যৰ জীৱন চলি
গৈছে
, বছা গাঁৱৰ জীৱনো চলাই নিছে৷

এইবাৰ ন-লগোৱাৰ
নামষাৰো নৰহৰি পৰমসিদ্ধৰ ভাগৰ বস্তু৷ ধৰ্মৰ নামত কোনো দিন পিছ হুঁহকি নহা৷ ন্যায়
ৰক্ষা কৰি ভক্তি অব্যভিচাৰী কৰি ৰখা পৰমসিদ্ধই এইবাৰ এটা ডাঙৰ সমস্যাৰ সন্মুখীন
হৈছিল৷ সেইটো হ
ল ভালীৰাম, লাই মহাজনৰ ঘৰৰ কেলেংকাৰীটো৷ কথাবোৰ এনেকৈ এৰি দিব নোৱাৰি৷ আনহাতে দুঘৰ
প্ৰতিপত্তিশীল পৰিয়ালক প্ৰত্যাহ্বান জনোৱাটোও বৰ সহজ নহয়৷ যেই নহ
লেও কেলেংকাৰী কেলেংকাৰীয়েই৷ গাপ দি থলে পাপ লাগিব৷
নৰহৰি পৰমসিদ্ধ নামাচাৰ্যই অপবিত্ৰ পাত্ৰত
, অপবিত্ৰ ক্ষেত্ৰত
নাম-প্ৰসংগ নকৰে৷ নামঘৰৰ পবিত্ৰ মজিয়াত গোসাঁই আসন আগত লৈ কাৰোবাৰ প্ৰতিপত্তিলৈ ভয়
কৰি চুপ হৈ থকা মানুহ তেওঁ নহয়৷ নামঘৰৰ প্ৰথম শাৰীত লাই খুঁটাৰ ফালে গোলোক
হাজৰিকাৰ কাষতে বহি থকা ভালীৰাম হাজৰিকাক উদ্দেশ্য কৰি পৰমসিদ্ধই কৈ উঠিল
,
প্ৰভুসকল, আপোনালোক পৰম জ্ঞানী৷ এই অধমে কথা
এটা নকৈ নোৱাৰিছোঁ৷ দোষ হ
লে খেমিব৷ আমাৰ ভালীৰাম হাজৰিকা
প্ৰভুৰ কথাই কৈছোঁ৷ তেখেতৰ ছোৱালীজনীৰ ঘটনাতো মীমাংসা হ
লগৈ
নেকি
? ৰাটো বংশৰে বুলি শুনিছোঁ৷

ইমান ভকতীয়া
বিনয়ীভাৱে ভালীৰামৰ কলিজাত শেল মৰা হ
ল যে কথাৰ সুৰ কেনি
গৈছে হাজৰিকাই পোনচাটে ধৰিবই পৰা নাছিল৷
ক্ষন্তেক পিছতহে তেওঁৰ গাত বিন্ধিলে৷ তেওঁ গৰগৰাই উঠিল
, “গৰু
মৰিল পোক সৰিল৷ যোৱা গ
ল৷ এতিয়া আমাৰ লগত কোনো সম্পৰ্ক নাই৷
আগলৈও নাথাকিব৷
অপমানত তেওঁৰ মাতটো যেন কিবা ভাগি-ছিগি
ওলাল৷

হওঁতে
হয়
, আগৰ কথা আগলৈ থাকিল৷ পিছে কেলেংকাৰী লগোৱা নাৰকীয়ে গৰকি
থৈ যোৱা ঘৰখন পা-পৰিষ্কাৰ হ
ল জানো? আপোনাসকলে
পাপতে খাই আছে নেকি বাৰু
?”

তাৰ
মানে
?”

শুচি
ল জানো? নাই৷ গতিকে…

গতিকে
কি
?”

বেয়া
নাপাব আপুনি থাকিলে ভগৱন্তৰ পৱিত্ৰ নামষাৰ…

আৰু ক
লগা নহ
ল৷ ভালীৰাম একে কোবে বহাৰ পৰা উঠি তোক চাই লবুলি গো-গোৱাই
নামঘৰৰ পৰা ওলাই আহিল৷ জীৱনত এনে অপমান তেওঁ পোৱা নাই৷ এই পাপিনীয়ে তেওঁৰ
মান-সন্মান চব শেষ কৰিলে৷ আৰু এই নৰহৰি
? বিপদে-আপদে কুৰি টকা
বিচাৰি কাৰ ওচৰলৈ আহ
? তাল কোবাব পাৰিলে যেতিয়া চব পাহৰিলি?
সমাজত অপমান দিয়৷ তোক এসেকা দিম৷

ভালীৰাম পোনে
পোনে ক
লাই মহাজনৰ ঘৰলৈ গল৷ বালিলৈ
যিপাট শৰ
, সুগ্ৰীৱলৈও সেই একেপাট শৰেই৷আজি
ভালীৰামক অপমান কৰিছে কাইলৈ ক
লাইক কৰিব৷ দুই ককাই-ভায়ে
যুগুতি কৰিলে৷ পৰমহংসৰ খেলত তেওঁলোক দুয়োটা পৰিয়াল নাথাকে৷ সুকীয়া খেল হ
ব৷ এনে উলহ-মালহ, উৎসৱ-পাৰ্বন কৰিব যে নৰহৰিয়ে ভিতৰি
ভিতৰি জ্বলি-পুৰি মৰিব৷

কাৰ খেল লোৱা হয়? জ্ঞাতি বুলিলেই গঙ্গা৷ পিছে এতিয়া কোনখন গঙ্গাই তেওঁলোকক তৰিব? নৰেনৰ খেল, কাতিৰামৰ খেল- নামতী এজনেই হৰেন কলিতা৷
দুয়োটা খেল মিলাই মানুহ পঞ্চাছ-ষাঠি ঘৰ হ
ব৷ তিকিৰাই নামতীৰ
খেলটো স্বয়ং সম্পূৰ্ণ
, নামতী নিজৰ আছে৷ তথাপি মানুহ কম৷ কম
মানুহৰ সমাজত উৎসৱ পাতি কি মজা পাব৷ আনহাতে বাকী খেলকেইটাত ধাৰ কৰা নামতী৷ কি কৰিব
পাৰি
? এটা কথা কৰিব পাৰি নেকি? তিনিওটা
খেল মিলাব পাৰি নেকি
? তেতিয়া নৰহৰিৰ পিত্ শুকাই যাব৷ ঠিক
কথা৷

এই কামটো
ভালীৰাম বা ক
লাই শইকীয়াই নিজে কৰিলে ভাল নেদেখাব৷ নৰেন, কাতিৰাম, তিকিৰাইৰ ঘৰলৈ সাধাৰণতে গৈ নোপোৱা মানুহজনে
অহা-যোৱা আৰম্ভ কৰিলে
, দেখিবলৈ বেয়া৷ কওঁতাই কিবা এষাৰ কবলৈ সুবিধা পাব৷ এনেকুৱা এজন কটকী লাগে যিজনে মহাজনৰ হৈ কথা কব পাৰিব, ইপক্ষক মান্তি কৰাব পাৰিব৷

বাপীৰাম বৰুৱাতকৈ
এনে এজন ভাল কটকী জিলাখনতে নোলাব৷ বাপীৰামক ভালীৰামে ক
লাই
মহাজনৰ ঘৰলৈ মতাই আনিলে৷ কথন-মথন
, আলোচন-বিলোচন, যন্ত্ৰ-ষড়যন্ত্ৰ বহুত হল৷ বাপীৰামৰ মাটি কেইডৰা
আগতীয়াকৈ ট্ৰেক্টৰেৰে সমাৰ বাই দিয়াৰ কথা দিলে ক
লাই মহাজনে৷

গাঁওখন একতাপতি
কৰা
ৰ মহান কৰ্মত বাপীৰাম অগ্ৰসৰ হল৷
অৱশ্যেই নৰহৰি পৰমসিদ্ধ আৰু তেওঁৰ অনুগামীসকল এই
একতাপতিত নপৰে৷ স্বয়ংসিদ্ধভাৱে তেৰাসৱ পতিত৷ বাকী সেৱকীসকল পৰম পবিত্ৰ কিন্তু
উপযুক্ত পথৰ সন্ধানত আছে৷ ক
লাই শইকীয়াৰ বিশ্বাসৰ খোপনি দলৈ পোত খালে- বাপীৰামে পাৰিব৷ পানীৰে নাও আটায়ে বাব পাৰে, বাপীৰামৰ নাও চপৰানি পথাৰেও চলে৷

প্ৰথমে নৰেন, তাৰ পিছত কাতিৰামক লগ ধৰি বাপীৰামে সেইদিনা নামঘৰত নৰহৰিয়ে ভালীৰামক কৰা
ব্যৱহাৰ যে উচিত নাছিল সেইটো ব্যাখ্যা কৰিলে৷
বংশৰ বুলিছ?
হেৰকিহৰ বংশৰ? কিহৰ
সম্বন্ধৰ
? বেণুৰ মাকক দেখিছ নে বাপেকক? চিনি পাৱ নে জানি পাৱ? হেৰএলেকৰ
পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক৷ ক
ৰ মাহীয়েকৰ পুতেক ভায়েকডাল?
লাইৰ মাক দৰিকিৰ মোমায়েকৰ জীয়েক ভনীয়েকৰ
ননদৰ পুতেক বেণু৷ ক
চোন এলেকৰ পেলেক নহয়নে? কোনডাল বংশলতাই পায় দেখুৱাই দেচোন? নাপায় বুইছ৷
এনেকৈ হানিব নাপায়৷ ভালীৰাম নহয় যেনিবা মোকেই বা তোকেই
, কথাৰ
ওৰ নোলোৱাকৈ সমাজৰ মাজত এনেকৈ অপমান কৰিব পায়নে
? ঘোৰ কলি কাল
ল৷ তাল কোবোৱা নামতীৰ এনে অসূয়া ভাল নহয় দেই৷ ঈশ্বৰৰ নাম
দুফালে ধাৰ থকা তৰোৱাল
, যালৈ টোঁৱায় তাক নাকাটি তোকো কাটিব
পাৰে৷

লাহে লাহে সুৰ
সলাই
,
লহৰ সলাই, শুনোতাৰ মন গলাবলৈ বাৰীৰাম বৰুৱাৰ
বেছিপৰ নালাগে৷

নৰহৰিয়ে
যি কাম কৰিলে তেনেকৈ সমাজ নৰয়
, গাঁওখনো নৰয়৷ পাৰোঁতে তহঁতে
ওলাই আহিছ জানো৷ নোৱাৰ৷ তেনেকুৱা মানুহৰ লগত তহঁতৰ দৰে দুটা কথা জনা মানুহ থাকিব
নোৱাৰ৷ এইবাৰ ক
লাই মহাজন আৰু ভালীৰামো নাথাকে৷ ওলাই আহিব৷
মনত বৰ দুখ পাইছে৷ ক
লাই মহাজনৰ কথা ভাবচোন৷ নামঘৰটো তিনি
বান্দোল টিনপাত তেৱেঁই দিয়া নহয়নে
? ভালীৰামে এবাণ্ডোল দিয়া নাইনে৷ বাপেকৰ নামত এটা খুঁটা দিছে৷ এইবোৰ পাহৰিলে নচলিব নহয়৷
হস্কিলে-মস্কিলে মহাজনে তহঁতক সহায় নকৰাকে আছেনে
? ট্ৰেক্টৰখনে
তহঁতৰো হাল নোবোৱাকে আছেনে
? তেওঁ নিজে কৈছে এইবাৰ বোলে
এবিঘাকৈ মাটি বিনামূলীয়াকৈ বাই দিব৷ তহঁতৰ কথা কৈছে৷

এনেকুৱা
গুৰি শকত মানুহ খেলত সুমুৱাই ল
ব পাৰিলে তহঁতৰে ভাল অ৷ মই কথাটোহে কৈছোঁ৷ পিছে এটা কথা- তহঁতে এক হবুইছ৷
খেল খেল হৈ লাভ নাই৷ কিমান আৰু আনৰ গাঁৱৰ নামতী আনিবি৷ তহঁতৰ খেলৰ ল
ৰাবোৰে ভাগৱত গাবলৈ শিকিছে বোলে৷ মহাজনে কৈছে এইবাৰ গাঁৱত দুদিনীয়া অবিৰত
ভাগৱত পাঠ হ
ব৷ নৰেন, তই মূল পাঠেকী হবি, কাতিৰাম হবি দেউৰী আৰু
আমাৰ তিকিৰায়ে নামষাৰ লগাই দিব৷ ধন-বিতৰ চিন্তা নাই৷ মহাজনে সেৱকী হৈ আগবঢ়াব৷
ৰাইজৰ পৰা চান্দা বৰকৈ তুলিব নালাগে৷ ভাল হ
, বঢ়িয়া৷ বছা গাঁৱৰ একতা দেখুৱাব লাগে৷ দহখন ৰাইজে ভাল বুলিব লাগে৷

নৰেন, কাতিৰামে কোৱা কথাখিনিকে অলপ সালসলনি কৰি তিকিৰাইক কলেগৈ৷
বোপাইকণে কওঁতে মাজে মাজে তিকিৰাইৰ সুৰ সঞ্চাৰ ৰাগ-মাতৰ প্ৰশংসা কৰি যাবলৈ
নাপাহৰিলে৷

সফল হল৷
বোপাইকণ এনে মহৎ কৰ্মত বিফল হোৱাৰ কথাই নুঠে৷ তিনিও খেল এক হ
ল৷

একেলগে ভাগৱত
পাতিব৷ গাঁওখনত তিনি খেলৰ মানুহৰ মাজত উলাহে নধৰা হ
ল৷ আহ-যাহ সঘন হল৷ পুৱা-গধূলি, দুপৰীয়া বুলি কথা নাই সুবিধা মিলিলেই
নৰেন
, কাতিৰাম, তিকিৰাই মহাজনৰ চৰা ঘৰত আলহী হলহি৷ তামোল, ধঁপাতৰ
শৰাধ হ
ল৷

এই বিপৰ্যয়ৰ
বাবে নৰহৰি পৰমসিদ্ধ সাজু নাছিল৷ হওঁতে শিয়াল বুধিৰ ভঁৰাল ধনেশ্বৰে ঘটনাটোৰ দিনা
সন্ধিয়া নৰহৰিক সঁকীয়াই ক
লে, ‘কামটো ভাল নহল৷ কলাই মহাজনক জোকাই লোৱা হল৷
মহাজনক নিজৰ ফালে ৰাখাঁ৷ তেতিয়া ভালীৰামে অকলে একো কৰিব নোৱাৰে৷

এসপ্তাহৰ পিছত
ছল উলিয়াই পৰমসিদ্ধই মহাজনৰ ফালে পাক এটা মাৰিছিল৷ কথাৰ লাচতে কৈছিল
, ‘জানো সেইদিনা কি হ, মোৰো
মুখত আহিল কৈ দিলোঁ৷ বেয়াই কৰিলোঁ হ
বলা৷ ভালীৰামে বেয়া পাইছে৷
মহাজন তুমি হ
লে বেয়া নাপাবা৷ তোমাৰ ছিদ্ৰ নাই৷ সেই জহনীটোৱে
তোমাৰ পাকঘৰ গচকাগৈ নাই নহয়৷ তুমি শুচি হোৱাৰ কথা নাই৷ আগৰ দৰেই থাকিবা৷ সমাজত
তোমাৰ আসন সদায় আগত৷ ভালীৰামৰ উপায় নাই৷ নাৰকীজনীয়ে পাকঘৰ চুৱা কৰি গ
ল৷ পৰাচিত নোহোৱালৈকে ভালীৰামৰ লগত আহ-যাহ নকৰিলেই হল৷ সি তাৰ ভাগে থাকক, তুমি তোমাৰ ভাগে৷

পিছে পৰমসিদ্ধৰ
বিভাজনৰ ঔষধ পালিয়ে কামত নিদিলে৷ ইতিমধ্যে বহুত পলম হৈছিল৷ মুখেৰে একো নকৈ ক
লাই
মহাজনে এখিলা ষ্টাম্প কৰা কাগজ তেওঁৰ আগত দাঙি ধৰিলে- বৰ আই বৰ সত্ৰৰ সত্ৰাধিকাৰৰ
ষ্টাম্প মৰা কাগজ৷ তেওঁ শ্ৰুতি চাই লিখি দিছে- ক
লাই শইকীয়া,
তস্য ভ্ৰাতা ভালীৰাম শইকীয়াৰ সৈতে বেণুধৰ শইকীয়াৰ কোনো তেজৰ সম্বন্ধ
নাই৷ গতিকে বৈবাহিক সম্বন্ধাদি হ
ব পাৰে৷

বঁটাৰ পৰা হাতত
তুলি লোৱা তামোলখন মুখত নভৰোৱাকৈয়ে নৰহৰি পৰমসিদ্ধ মহাজনৰ ঘৰৰ পৰা খৰ খোজেৰে আঁতৰ
ল৷

*       *       * 

ভবা মতেই কামবোৰ
লগৈ৷ মাঘৰ বিছ আৰু একৈছ তাৰিখে
দুদিনীয়াকৈ বছা গাঁৱত পোন প্ৰথম বাৰৰ
কাৰণে অবিৰত ভাগৱত পাঠ হ
ল৷ কবলৈ গলে নতুন ইতিহাস৷ একুৰি ডেকা লৰাই শৰণ লৈ ভাগৱত পাঠ
কৰিলে৷ বৰ আই বৰ সত্ৰৰ অধিকাৰ প্ৰভু নিজে আহি শ্লোক
 মাতি
প্ৰসঙ্গ কৰি ভাগৱত প্ৰতিষ্ঠা কৰি শুভাৰম্ভ কৰিলে৷ নৰেন বৰকাকতিয়ে মূল পাঠেকীৰ আসনত
বহিবলৈ গোঁসাইৰ পৰা অনুমতি ল
লে৷ নতুনকৈ শিচ হোৱা একুৰি ডেকাই
গুৰুক সেৱা জনাই পাঠৰ আজ্ঞা ল
লে৷ এই দুদিন গোঁসাই নামঘৰতে
থাকিব৷ মণিকূটৰ দক্ষিণে লাই খুঁটাৰ পূবলৈ বাৰান্দাত গোঁসাই থাকিবৰ দিহা কৰা হ
ল৷ লগত লিটিকাই৷ শিচসকলে গোঁসাইলৈ দিব লগা বছৰেকীয়া কৰভাৰ লিটিকায়ে
সামৰি-সুতৰি গত লগাই থৈছে৷ যজ্ঞোৰামৰ গৰুগাড়ীখনত পৰহিলৈ পুৱা বোজাই কৰিব লাগিব৷
শৰাই সজোৱাকে ধৰি দাইচালি কামৰ উপৰি পুৱা-গধূলি ভাগৱতৰ সন্মুখত জ্বলি থকা চাকিগছিত তেল-শলাকানি যোগানৰ দায়িত্ব কাতিৰামৰ ওপৰতে আৰোপিত হ
ল৷

নামঘৰৰ মণিকূটৰ
পৰা ভাগৱত স্থাপনৰ ঠাইলৈকে নৈমিষাৰণ্য সজোৱা হৈছে৷ দুশাৰী মাটি চাকি বাঁহৰ খুঁটাৰ
ওপৰত সজোৱা হৈছে৷ মাটি ভেটি তুলি তাতে এবেগেত দ
 কৰি নীল ছটিয়াই,
প্লাষ্টিক দি নদী সজোৱা হৈছে৷ তাতে নাৰিকলৰ কোৰোকাৰে মাখনে ঋষি-মুনি
বাৰজন সাজি বহুৱাই থৈছে৷ নদীৰ পাৰত এটা বগলীও সজোৱা হৈছে৷ দুজোপা লাগনী কল থোকেৰে
সৈতে আনি বহুওৱা হৈছে৷ মুঠতে বিতোপন নৈমিষাৰণ্যখন মাখনে নিজৰ চিন্তাৰে সজাই
তুলিছে৷ সকলোৱে শলাগিছে৷

নামঘৰটো
চাৰিওফালৰ পৰা টিনপাত আৰু কাপোৰেৰে বেঢ়ি দিয়া হৈছে যাৰ বাবে বতাহ আৰু ঠাণ্ডা সোমাই
ভকতসকলক আমনি কৰিব নোৱাৰে৷ ভিতৰখন আন্ধাৰ হোৱাত মেণ্টল লাইট জ্বলাই ভাগৱত পাঠৰ
বেদী উজলাই থোৱা হৈছে৷ বাকী নামঘৰ মাটি চাকিৰ কোমলতপোহৰ আৰু ধূপৰ গোন্ধত
বৈকুণ্ঠপুৰী যেন মায়াময় হৈ আছে৷ লাইটৰ দায়িত্ব খগেনৰ৷ নামঘৰৰ নিজা লাইট দুটা আৰু
তাৰ নিজা দুটা৷ এনেয়ে সি ভাড়া দিয়ে৷ কিন্তু এই হেন পবিত্ৰ কামত সি ভাড়া নলয়৷
কেৰাচিনখিনি ৰাইজে ভৰালেই হ
ল৷ মেণ্টল জ্বলোৱা, পাম দিয়া, ফ্লাছ কৰা আদি তাৰ একচেতিয়া দায়িত্ব৷ আন
কাৰো হস্তক্ষেপ সি সহস্য নকৰে৷ নামঘৰৰ ভিতৰত অতিৰিক্ত এটা
, খোৱা
ঘৰত এটা আৰু মূল বাটচ
ৰাত এটা মেণ্টল সি ওৰে ৰাতি জ্বলাই ৰখাৰ পণ লৈছে৷ দুপেকেট মেণ্টল সি আগতীয়াকৈ যোগাৰ কৰি থৈছে৷

ভাগৱত পাঠৰ
যোগেদি যিসকলৰ জীৱন ধন্য হৈছে বুলি ভাবিছে তাৰ ভিতৰত ৰত্নৰ নাম পহিলা আহিব৷ কাৰণ
এই দুদিন এৰাতি তাৰ মাইকটোৰ যোগেদি বৈকুণ্ঠৰ পৰম অমৃত ভাগৱত ৰাইজৰ শ্ৰৱণ হ
ব৷
তাৰ জন্ম সাৰ্থক
, তাৰ মাইকটোৰ জন্মও সাৰ্থক৷ ইমান দিনে
মাইকটোৰ গাঁৱৰ বিয়া-বাৰুতহে বাজিছিল৷ কোনো কোনো চকু চৰহাই সেইটোক ম
হৰ শিঙৰ পেঁপা বুলিও হাঁহিছিল৷ তথাপি এটা মাইকৰ গৰাকী হিচাপে সি নিজক সুখী
বুলি ভাবে৷ ৰত্ন আৰু ডাঙৰ পুতেক নৰোত্তমে পাল পাতি চৌবিছ ঘণ্টা মাইকৰ যত্ন লৈছে৷

আপ্যায়নত কলাই
মহাজনে কোনো ক্ৰুটি ৰখা নাই৷ সপ্তাহৰ আগৰ পৰা মহাজনৰ পাকঘৰ ভকত-ভকতনীৰ বাবে মুকলি
ল৷ পকা মিঠৈ, চিৰা, মুড়ি, বিধে বিধে পিঠা-পনাৰ যোগাৰ হল৷ কোমল চাউল, ভাপত দিয়া বৰা চাউল যোগাৰ কৰা হল৷ গাখীৰ, গুড় সেই অনুসৰি৷ দুদিন দুৰাতি ভকতক আপ্যায়ন
কৰিলে ক
লাই শইকীয়া আৰু ভালীৰাম শইকীয়াই৷ পাল পাতি আয়তীসকলে
ভকতসকলক খুওৱাৰ দায়িত্ব ল
লে৷

শেষৰ দিনা ৰাতি সীতাহৰণ বালীবধভাওনা৷ পৰমসিদ্ধই নিজৰ খেলৰ ডেকা লৰাবোৰক বান্ধি ৰাখিবৰ নোৱাৰিলে৷ ভোগায়ে ভীমৰ ভাওটো পায়েই প্ৰথমে শলমাৰি
ভাঙিলে৷ তাৰ পিছত সূত্ৰধাৰ হিচাপে মুকুতাই৷ শেষলৈ কাকো ধৰিবলৈ বাট নাথাকিল৷ ল
ৰাহঁত গল যেতিয়া আমি বুঢ়াকেইটানো কেলেই ৰওঁ বুলি
পৰমসিদ্ধৰ খেলৰ আটাইকেইঘৰে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগি শ্ৰৱণৰ পুণ্যৰ ভাগ ল
লেগৈ৷ আঢ়ৈ টকাকৈ চান্দাও আগবঢ়ালে৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্য যেন
উপাধিবিহীন হৈ হৈ সৰুতে গৰু চৰাওঁতে লগৰীয়াহঁতে মতা
নৰেলৈ নামিল৷ তিকিৰাই নামতী টংকেশ্বৰ নেওগ নামাচাৰ্য হৈ বছা গাঁৱৰ
আকাশত জিলিকি উঠিল৷ 

(আগলৈ)

document.getElementById(“Anyayug-month”).innerHTML = ” ফেব্ৰুৱাৰি,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২২”;