অদম্য

বিদ্যুৎ বিকাশ
শৰ্মা

আব্বে,
সেই মক্কেলটো কোন বে? আমাৰ এই পাৰাত আগতে
কেতিয়াও দেখা মনত পৰা নাই। তই দেখিছ নেকি আগতে
? আজিকালি
সদায় আহি ফিল্ডত বহি থাকে দেখোন। কেচটো কি বে
?” কানুৱে
একেলগে কেইবাটাও প্ৰশ্ন তুতুলৰ ফালে ঠেলি দিলে।

তুতুল সামান্য
বিৰক্ত হ
ল। তাৰ ভ্ৰূযুগল কোঁচ খাই পৰিল, সৰু চকু দুটা আৰু
সৰু হ
, নাকৰ ফুটা বহল হৈ পৰিল।
তৰ্জনী আঙুলিটোৰে মুখৰ ভিতৰৰ চাধাৰ চপৰাটো পাক মাৰি উলিয়াই দূৰলৈ দলিয়াই দি সি
কাণুৰ চকুলৈ চিধাকৈ চালে। পিৰিককৈ পিক অলপ পেলাই
নিৰস কণ্ঠে
ওলোটাই সি সুধিলে- 
একেলগে ইমান প্রশ্ন কিয় বে? ইমান প্ৰশ্ন
একলগে কৰিলে চব খেলিমেলি লাগি যায় সেই কথাটো তই নাজান নেকি
?”
 

তুতুলৰ
ভাব-ভংগীক বিশেষ গুৰুত্ব নিদি কাণুনুৱে আকৌ সুধিলে
– আব্বে, সেই মক্কেলটো কোন হয় বে? সদায় আমাৰ এই পাৰাৰ
ফিল্ডত কিয়
?”

তুতুলে কাণুৰ
আঙুলিটো পোন হৈ থকা দিশলৈ এবাৰ চালে। পাছ মুহূৰ্ততে কাণুৰ ফালে দৃষ্টি ঘূৰাই
সামান্য গেঙেৰি মৰাৰ নিচিনাকৈ কৈ উঠিল- 
দুনিয়াৰ চব মক্কেলৰ খবৰ
মই কেনেকা ৰাখিম বে
? তবে এই মালটো মই চিনি পাওঁ। বহুত ধনী
ঘৰৰ মাল।

 

*  *  *

পাৰাৰ
খেলপথাৰখনৰ এমূৰে থকা জৰাজীৰ্ণ ক্লাবঘৰটোৰ (নাম ফলকখনৰ আখৰ কেইটা বুজাৰ উপায় নাই)
বাৰাণ্ডাৰ এচুকত তুতুল আৰু কাণু। তুতুলৰ দুহাতৰ তলুৱাৰ মাজত ভাঙৰ চিলিম। এক বিশেষ
কায়দাত। চকুদুটা ইতিমধ্যে অৰ্ধনীমিলিত। চিলিমত এক সুখটান দিবলৈ সাজু হওঁতেই
কাণুৱে প্ৰশ্ন এটা আগবঢ়াই দিলে
– “আবে তুতুল, ধনী
আৰু দুখীয়াৰ মাজত দোস্তি হোৱা দেখিছ নেকি কেতিয়াবা
?”
 

তুতুল ৰৈ গল।
তাৰ ভ্ৰূযুগল কোঁচ খাই পৰিল
, চকু দুটা সৰু হ, নাকৰ ফুটা বহল হৈ গ
ল। সি গৰগৰাই উঠিল
কি বেহুদা কথা সুধি সুধি কামোৰ দিয় বে? চবেই
জানে ধনী আৰু দুখীয়াৰ মাজত দোস্তি নহয়
, তেল-পানীৰ সম্পৰ্ক।
তই
, কাণুৱে নাজানিবি নেকি? এনেকা কথা সুধিলেই
দিমাগ গৰম হৈ যায় বে।
 

মাথা
গৰম নকৰিবি। মাথা সদায় ঠাণ্ডা ৰাখিবি। আচ্ছা এতিয়া তই ক
, যদি
ধনী আৰু দুখীয়াৰ
দোস্তি নহয়, তেনেহলে সেই মক্কেলটো আমাৰ এই পাৰাত কিয়?”
 

ভাং সেৱনে
ইতিমধ্যে কিছু নিস্ক্ৰিয় কৰি তোলা তুতুলৰ মগজুৱে কাণুৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰি
কছৰৎ কৰিবলৈ অমান্তি হ
ল। তুতুলে ভাবান্তৰহীন মুখেৰে কাণুৰ ফালে
চাই থাকিল। কাণু অধৈৰ্য হৈ উঠি
ল। সি প্ৰায় আটাহ পাৰি উঠিল – “আব্বে
তয়েই কৈছিলি সেই মক্কেলটো বহুত ধনী ঘৰৰ বুলি। কিন্তু আমাৰ এই পাৰাত কিমানে দুই
টাইম পেট ভৰাই খাব পায় হাঁ
? চব চালা ঠেলাৱালা, ৰিক্সাৱালা, চবজি বেপাৰী। তবে...?”
 

সম্ভৱতঃ কাণুৰ
চিঞৰে তুতুলৰ মগজুটো কিছু সক্ৰিয় কৰি তুলিলে। কাণুৰ চিঞৰৰ প্রতিক্রিয়া হিচাপে সি
কৈ উঠিল- 
তোৰ এনেকা কথা শুনি থাকিলে মুৰ্দা লাচৰো দিমাগ গৰম হৈ যাব। মই কেনেকা জানিম
কোনে কি ধাণ্ডা লৈ ঘূৰি ফুৰে। কিন্তু সেই মঙ্কেলটোৱে ইয়াত কি ধাণ্ডা কৰিব আহিব বে
?”

দুনিয়াত
চবচে আজব বস্তু মানুহ। তাৰ একো ধাণ্ডা নাই বুলি তই গেৰাণ্টী দিব পাৰিবি
?”

কোনে
কাৰ গেৰাণ্টী দিব পাৰিব হাঁ
? কিন্তু এই মালটোৰ ভৰি এখন
বেয়া। দেখা নাই নেকি তই
? খোৰা লৰা
এটাই কি উল্টা পুল্টা ধাণ্ডা কৰিব হাঁ
?”

আৰে
তই বুৰঞ্জী পঢ়িছিলি কি নাই বে
?”

আবে
বুৰঞ্জীৰ লগত এই মালটোৰ কি ৰিলেচন আছে
?”

বুৰঞ্জীত
খোৰা টাইমুৰ নামৰ এজন সাংঘাতিক ৰজাৰ কথা আছে৷ সিও খোৰা আছিল। কিন্তু ঢেৰ যুদ্ধ
কৰিছিল। তোৰ মনত আছে কি নাই
? সিটো পাৰাৰ বিকি দাদাৰ নাম শুনি কি নাই? বিকি দাদাৰ সমুখত পৰিলে তোৰ পেচাপ বাহিৰ হব কি নাই? বিকি দাদাৰ এখন ভৰি বেয়া হয় কি নহয়,
হা? গতিকে খোৰা হ
বুলিয়েই ই যে একো উল্টা পুল্টা নকৰিব তাৰ কি ঠিক আছে
?”
 

ত বুৰঞ্জীৰ ৰজা আৰু কত এই লৰাটো।
ইমানেই যদি বুৰঞ্জী জান তেন্তে মেট্ৰিকেই পাছ কৰিব নোৱাৰিলি কিয়
? বিকি দাদাৰ কথা দোচোৰা। আৰু বাৰে বাৰে তই সেই খোৰা লৰা
এটাক টাৰ্গেট কৰি আছ কিয়
? ভাং টানি টানি তোৰ মাথাটো পূৰা
গৈছে বে।

মাথা
মোৰ যোৱা নাই
, তোৰ গৈছে। চাই থাক, এই
মক্কেলটোৱে এদিন ঘটনা কৰিব। কৈ থ
লো আজি।

* * *

আব্বে
মক্কেলটোৱে লিমিট ক্ৰছ কৰি গৈছে বে। এঁ তুতুল
, তই শুনিছ কি
নাই কি কৈ আছো
?”

ইমান
চিল্লাই আছ কিয়
? কি হ?”

আজি
মক্কেলটোৱে ফিল্ডৰ মাজত যাই কিনে বাচ্ছাবোৰৰ লগত মস্তি কৰিছে বে।

মানে?”

কি
মানে মানে কৰিছ
?”

আব্বে,
ঠেং খোৰা লৰাটোৱে কি মস্তি কৰিব?”
 

পাৰাৰ
বাচ্ছাচ
ৰ লগত সি ঢেৰ আড্ডা জমাইছে। লৰা-ছোৱালী
চবেই তাক একদম দাদা
, আঙ্কল আৰু কি কি
পাতি লৈছে
, তোক কি কম বে। খোৰা ভৰি লৈয়ে সি গুড্ডি উৰাইছে, ভাল মাঞ্জা কেনেকে বনাব পাৰি বাচ্ছাচবক
শিকাইছে
, বাচ্ছাচবৰ লগত একদম বাচ্ছা বনি গৈছে বে।
 

বাচ্ছাবোৰৰ
লগত সি জমাইছেতো তোৰ কি
পবলেমহৈছে
বে
? বেহুদাৰ নিচিনা খালী খালী চিল্লাই আছ কিয়? তোৰ কৰণে শান্তিত নিচা অলপো কৰিব নোৱাৰি।

মই
এনেই চিল্লাই থাকা নাই। সি একদিন ঘটনা কৰিব চাই থাক। ইমান ডাঙৰ ল
ৰা, তোৰ মোৰ নিচিনাই বয়স হ,
বাচ্ছাৰ লগত কিয় জমাব গৈছে সি? তই মই কি গৈছো
নেকি কোনোবা দিনা বাচ্ছাৰ লগত খেলিব
? তাৰ এইচব কাৰবাৰ ঢং
নিচিনা লাগিছে। লাগিছে নহয় হয়েই।

আব্বে
কলীয়া কাণু
, তই মই নকৰা কাম কি দুনিয়াৰ কোনেও নকৰিব নেকি?
আৰু তই কৰা কাম দুনিয়াৰ চবেই কৰিব বুলি কেনেকা ভাবিছ? এই ফিল্ডত বহি বহি আন্ধাৰত আমি ভাং টানি থাকোঁ। সেই বুলি চাৰা দুনিয়াই
ইয়াত ভাং টানি বহি থাকে নেকি
? ছল পালে গুণ্ডা-গৰ্ডিও আমি
নকৰা নহয়। সেইবুলি চাৰা দুনিয়াই গুণ্ডা-গৰ্ডি কৰিব
? আৰু
দৰকাৰ পৰিলে তই মই পাৰাৰ দোচোৰা মানুহৰ কাৰণে জানটো দিবও পাৰোঁ। দুনিয়াৰ কোনে
,
দুনিয়াৰ নালাগে, এই পাৰাৰ কিমানে দোচোৰা
মানুহৰ কাৰণে জান দিব তৈয়াৰ হৈ থাকিব বে
? দুনিয়াৰ কথা বাদ
দে
, মালতীনে মালা কি আছিল সেইজনীৰ নাম, তই যে পিছে পিছে ঘূৰি ফুৰিছিলি, সেইজনীয়েও দেখোন তোক
লাঠ মাৰি গুচি গ
ল। কিয় গ? তোৰ কাম, তোৰ কথা পচণ্ড নহ,
তোৰ জেপত মাল নাই, সেই কাৰণে হয় নে নহয় হা?”

তই
কি উল্টা পাল্টা বকি আছ
? ৰামায়ণ, মহাভাৰত
চব মিলাই দিছ বে। মোৰ সন্দেহ মক্কেলটোৱে বাচ্ছাচবৰ লগত এনেই দোস্তি কৰা নাই। জৰুৰ
কিবা এটা আছে। সি কি ফিকিৰত আছে সেইটোৱে উলিয়াব লাগে।
 

*
 * 
*

 


তুতুল
, দে দে চিলিমটো দে। নহলে মাথাই
কাম নকৰে বে।

“হু, কি হ?”

আজি
মোৰ সন্দেহ পুৰা খাটাং হৈছে
, ঘটনা এটা ঘটিবই। তাৰ আগতেই আমি
কিবা এটা কৰিব লাগে। তই কি কৱ বে
?”

তোৰ
কি সন্দেহ খাটাং হ
? কিয় হ? বুজাই কবি নে নকবি?”

মক্কেলটোৱে
আজি ইয়া মস্ত গাড়ী লৈ আহিছে। ড্ৰাইভাৰে চলায়। তাৰ গাড়ীত দুটামান বাচ্ছাক উঠাই
ফিল্ডত ঘূৰাই লৈ ফুৰাইছে বে। কিবাকিবি খোৱা বস্তু আনিছে সিহঁতৰ কাৰণে।

তাতে
তোৰ কি
?”

এইচব
কাম কিয় সি কৰিছে হাঁ
?”

তাতে
কিহৰ সন্দেহ
?”

তই
এটা মস্ত বেকুব হৈ আছ। আবে তোৰ চকু কাণ আছে কি নাই
?”

তই
কোন দুনিয়াত আছ বে
? আজিকালি বাচ্ছাচৰৰ লগত কিমান বাজে কাম
হৈ আছে তই গম নাপাৱ নেকি
? বাচ্ছা উঠাবলৈ বদমাছবোৰে এইচব সহজ
টেকনিক লগায়-গাড়ীত উঠাই ফুৰাব খোজে
, মৰ্টন দিয়া হয়,
খোৱা বস্তুত নিচা মিছল কৰি দিয়ে।

কিন্তু
এই খোৰাটোৱে….।

সেইটোৱেই
তাৰ সুবিধা৷ খোৰা কাৰণে তাৰ ওপৰত কাৰো সন্দেহ নহয় বে। আৰু ই তাৰে ফায়দা উঠাব।
চাই থাক।

আচ্ছা,
কে
ছটো তাৰমানে ছিৰিয়াছ!

ইমানদিনে
সেইকাৰণেই চিল্লাই আছোঁ বে। তইতো পাত্তাই নিদিয়। ভাবি চা
, আজিকালি

কোনে এনেই দোচোৰা
মানুহৰ কাৰণে এইবোৰ কৰিব
?”

* * *

মালটোৰ
ওপৰত নজৰ ৰাখিব লাগিল।

আমি
দুয়ো একেলগে ওচৰ চাপিলে মক্কেলটোৰ মনত সন্দেহ হ
ব পাৰে। তই
কি কৱ
?”

একদম
খাটি কথা কৈছ। দুয়ো বেলেগে বেলেগে নজৰ ৰাখিম। বেলেগ বেলেগ টাইমত। দেখা যাওক ক
ৰ পানী কলৈ যায়।

অলপ
উল্টা পুল্টা দেখিলে
, মা কচম, মক্কেলটোৰ
জান খাই দিম বে। দৰকাৰ পৰিলে ৰকি
, মিণ্টু, ৰাহুল চবকে মাতি আনিম। তথাপি আমাৰ পাৰাৰ বাচ্ছাৰ লগত লেটিপেটি কৰিব নিদিম।

ঠাণ্ডা
দিমাগত কাম কৰিব লাগিব ৰে কাণু।

লিমিটৰ
বেছি বাহিৰত গ
লে মই কিন্তু দিমাগ ঠাণ্ডা ৰাখিব নোৱাৰিম,
কৈ থলোঁ।

 

***

 

আজি
কেনে দেখিলি
?”

আজি
সি বাচ্ছাবোৰৰ বেছি ওচৰত যোৱা নাই। দূৰৰ পৰাই সিহঁতৰ দৌৰাদৌৰি চাই আছে। বুজি পোৱা
নাই বে
, বাচ্ছাচবৰ দৌৰা দৌৰি চাই কেনেকা টাইম পাছহয় মানুহৰ? মোৰ সিহঁতৰ
হাল্লা শুনিলে মাথাই কাম নকৰা হৈ যায় বে। তই কি দেখিলি
?”

মক্কেলটো
যেতিয়া মোৰ নজৰত আছিল
, তেতিয়া কিন্তু সি সিহঁতৰ ওচৰতে
আছিল। তাৰ কাৰবাৰ দেখি মোৰতো লাগিছে সি এটা পাগল বে।

কিয়?” 

কালি
ৰাতি হেভী বৰষুণ দিছিল নে নাই
?”

দিছিল।

সেই
বৰষুণত ফিল্ডৰ কাষৰ ড্ৰেইনটো পূৰা ভৰি গৈছে। নদীৰ নিচিনা ধাৰ পৰিছে। মক্কেলটোৱে
বাচ্ছাচৰৰ লগত কাগজৰ নাও বনাই কিনে খেলি আছে। আৰু পাৰাৰ
চিল্লাৰ
কেইটাই তাৰ লগত পুৰা দৌৰা দৌৰি কৰিছে। পাগল হয় কি নহয় হাঁ?
সি চিল্লাচবক কৈছে – এই
ড্ৰেইনৰ পানী ক
ত পৰিছে, চিল্লাৰ চবে
চিঞৰিছে-ডাঙৰ ড্ৰেইনত। ডাঙৰ ড্ৰেইনৰ পানী ক
ত পৰিছে, চিল্লাৰ চবে কোৰাচ কৰিছে – নদীত। নদীৰ পানী কলৈ
গৈছে
, চিল্লাৰ চবে পাগলৰ মতন হাত দাঙি দিছে- সাগৰলৈ। আৰু
সাগৰে পুৰা পৃথিৱী আগুৰি আছে। তহঁতেও এদিন এই পাৰাৰ পৰা ওলাই পৃথিৱী চাব লাগিব।

চব বাচ্ছই হাকৈ মুখ মেলি তাৰ ফালে চাই আছে। বুজিছ তুতুল, তাৰ কথা ময়েই মাঠা-মুণ্ড একো বুজা নাই। বাচ্চাচবে কি বুজিব বে? এইবোৰ তাৰ নাটক বে। চব ঢং। এদিন সি ঘটনা কৰিব। চাই থাক।

***

 

কানু
ৰে
, লাহে লাহে তোৰ কথা মোৰ বিশ্বাচ
ব ধৰিছে।

কি
?”

আজি
সি পাৰাৰ বাচ্ছাবোৰক কৈছে–
এই পাৰাটোৱেই পৃথিৱী নহয়।
দুনিয়াত কৰিবলৈ ঢেৰ কাম আছে
, চাবলৈ বহুত বস্তু আছে। খালী
মনটো ডাঙৰ কৰিব লাগে
৷ মোৰ সন্দেহ হৈছে এইচব কথা কৈ সি ঘটনা
কৰিব। সি আৰু কৈছে-
মনটোক চৰাইৰ দৰে মুক্ত, বতাহৰ দৰে স্বাধীন কৰি ৰাখিব লাগে। এই পাৰাত সোমাই থাকিলে নহব।এইচব কি কথা ৰে কানু? কিয়
কয় সি এইবোৰ কথা
?”
 

মোৰতো
পুৰা বাচ্ছা উঠোৱাৰ ধাণ্ডা যেন লাগিছে। ইয়াৰ ওপৰত কাঢ়া নজৰ ৰাখিব লাগিব। অলপো
ঢিলাই দিব নোৱাৰি বে। আজিকালি কিমান কিড্নেপ কে
’ছৰ কাহিনী ওলাই থাকে! বাচ্ছা বাছা ছোৱালীক বাজে ধাণ্ডাত লগায়। বেটাই পাৰাৰ লৰা-ছোৱালীক পাৰাৰ
পৰা ওলাই যোৱাৰ কথা কয়। আৰে বাবা
, যাব লাগিলে নিজৰ নিজৰ
মাক-বাপেক আছে
, সিহঁতৰ লগত যাব৷ 

ঠিক
কথা কৈছ৷ খোৰাটোৱে চিধা ৰাস্তাৰে লাইফত ছোৱালী নাপাব। ছোৱালী নাপালে ডেকা মানুহৰ
কেনেকা চলিব
? তাৰ ভৰিহে খোৰা, কিন্তু
তাৰ যন্ত্ৰটোতো খোৰা হোৱা নাই
, নে কি কৱ? গতিকে এই পাৰাৰ বাচ্চা ছোৱালীৰে সি কাম চলাব খুজিছে কিজানি।

আৰু
বেছি দেৰি কৰা ঠিক নহ
ব।

মানে?”

ডাইৰেক্ট
এক্চন। খোৰাটোক কিমান দিন নজৰ কৰি থাকিম বে
? তাক চাফ চাফ কৈ
দিম
, তাৰ এই পাৰাত কাম নাই। এই পাৰাৰ বাচ্ছাক সিহঁতৰ
মাক-বাপেকে যি কৰিব লাগে কৰিব। তাৰ ওস্তাদি দেখুৱাৰ দৰকাৰ নাই। মোৰ চাফ কথা-খোৰাটোক
আৰু ইয়াত দেখা পাব নালাগে।

“হুঁ…৷”

***

 তুতুল, আজিয়েই
কিবা এটা ফয়চলা হ
ব লাগিব। চা চা ,লেংৰাটোৱে
আজি ফিল্ডত বহি বাচ্ছাচৰৰ দৌৰা দৌৰি চাই আছে। তাৰ গাড়ী অলপ দূৰত আছে। ব
ল তাক তাৰ ৰাস্তা দেখাই দিওঁ। ডেইলী ডেইলী তাৰ কথা চিন্তা কৰি থাকিব
নোৱাৰি বে।

ল বল।

আবে,
তোক আমাৰ পাৰাত সদায় কিয় দেখো বে? কি লাগে
তোক ইয়াত
?”

“মোক কৈছে?”

হয়
বে
, তোকেই কৈছো। কি লাগে ইয়াত? এই খাব
নোপোৱাৰ বস্তিত তোৰ কি কাম
?”

মোক
একো নালাগে।
 

একো
নালাগে নে লাগে আমি চব জানো। মাত্ৰ তোৰ মুখেদি শুনিব খুজিছো। পটাপট ক
, তোক কি লাগে ইয়াত।

মই
বুজা নাই। মোক সঁচাকৈ একো নালাগে।

তবে
ইয়াত বাচ্ছাচৰৰ লগত কি লিলিমাই কৰি থাক বে
?”

বেছ কিছু সময়ৰ
মৌনতাৰ পাছত এখন অকামিলা ভৰিৰ গৰাকী যুৱকজনে ধীৰে ধীৰে ক
লে-মোৰ এই ভৰিখন দেখিছে? এই ভৰিখন লৈ মই লেংকুচিয়াই লেংকুচিয়াই খোজ কাঢ়োঁ। মোৰ নিজৰ শৰীৰটো এই ভৰিখনৰ বাবে এটা বোজা যেন লাগে। কিন্তু এইখন
পৃথিৱীতে এই যে সৰু ল
ৰা-ছোৱালীবোৰ আছে, সিহঁতে ইয়াত দৌৰি দৌৰি খেলি থাকে, মুখত ভাগৰৰ চিন নাথাকে,
হাঁহি-ধেমালিৰে জীৱনটো ভৰাই ৰাখে, তাকে চাবলৈ
মই ইয়ালৈ আহোঁ। মই নিজে দৌৰিব নোৱা
ৰোঁ, ভালকৈ খোজ কাঢ়িব
নোৱা
ৰোঁ, খেলাতো বহুত দূৰৰ কথা, কিন্তু
কিছুমান মানুহে সেইটো পাৰে
, তাকে চাবলৈ মই ইয়ালৈ আহোঁ। সৌ লৰা-ছোৱালীবোৰৰ মাজত দুটামান মোৰ নিচিনাও আছে, পংগু,
তথাপি সিহঁতে ফূৰ্তি কৰিছে- সিহঁতক চাবলৈ মই ইয়ালৈ আহোঁ। এই
বস্তিৰ বেছিভাগ ল
ৰা-ছোৱালীৰে খাবলৈ নাই, পিন্ধিবলৈ নাই- তথাপি সিহঁতে কেনে আনন্দত আছে আপোনালোকে দেখিছে নিশ্চয়, সেয়া
চাবলৈ মই আহোঁ। মুঠতে
, মানুহে পাৰে, মানুহ
হাৰি নাযায়- এই কথাটো উপলব্ধি কৰিবলৈ মই ইয়ালৈ আহোঁ।
”, কেইটামান
মুহূৰ্তৰ বিৰতিত যুৱকজনে আকৌ ক
লে- আপোনালোকে
হয়তো মোৰ কথাখিনি ঠিক বুজি নাপাব
, কাৰণ আপোনালোকৰ শৰীৰত
মোৰ নিচিনা এখন অকামিলা ভৰি লাগি থকা নাই। দৌৰি
-ঢাপৰি ফুৰাটো
আপোনালোকৰ বাবে অতি সহজ আৰু স্বাভাৱিক কথা। সহজ আৰু স্বাভাৱিক কথাবোৰ সদায় আমাৰ
চকুত মূল্যহীন।

আব্বে
কি লেকচাৰ
ঝাৰি আছ বে
 আমাৰ আগত? ভাগ
ইয়াৰপৰা
, নহলে…।ঠিক এনে ধৰণৰ কঠি বাক্য এশাৰী কম বুলিও কাণু আৰু তুতুল হঠাৎ থমকি ৰল। নাম নজনা
কিবা এটাই বুকুত খুন্দিয়াই খুন্দিয়াই দুয়োটাকে মূক আৰু
 অসহায় কৰি তুলিলে।
প্ৰত্যুত্তৰত ঠিক কি কোৱা যায় সেয়া নিৰ্ণয় কৰাৰ আগতেই পংগু যুৱকজনে লেংকুচিয়াই
লেংকুচিয়াই গাড়ীৰ ফালে আগবাঢ়িল।
 

নিৰ্দিষ্ট
নিয়মত পৃথিৱীলৈ সন্ধিয়াৰ পাতল অন্ধকাৰ নামি আহিছে। সেই পাতল আন্ধাৰ
, পাতল পোহৰত লেংকুচিয়াই থকা অপমসূয়মান ছায়ামূৰ্তিটোলৈ চাই তুতুলে
সুধিলে-
কাণুৰে, মক্কেলটোৰ কথা বুজি
পালিনে
? পাগলৰ দৰে কি কৈ গল বে
সেইটোৱে
?”

কাণু নীৰৱে ৰল।

***

 

ঠিকনা : 

ষষ্ঠ মহলা,
বি.এছ.এন.এল. ভৱন

পাণবজাৰ, গুৱাহাটী-৭৮১০০১

ভ্ৰাম্যভাষ :
৯৪৩৫৭২৯৬৬৯

ই-মেইল : bidyutsarma@gmail.com