পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড

অসুস্থ হিমানীৰ কাষত মিলিটেৰী মন মাৰি বহি আছে।
অসহায় দুচকুৰে টপটপকৈ চকুলো ওলাই আছে মিলিটেৰীৰ। হৃদয়ভৰা সুৰ এটাই আপাদমস্তক
জোকাৰি আছে মানুহটোক। যোৱা সপ্তাহত ঘটি যোৱা ঘটনাটোৱেও নীলৰ মৃত্যু শোক পাতলাব পৰা
নাই। বহিৰাগতক খেদাৰ বাবেই অসম আন্দোলনৰ সূচনা হৈছিল যদিও এতিয়া বহিৰাগত হে
থলুৱাবোৰক খেদাবলৈ উঠি-পৰি লাগিছে। জাৰণিত সংঘটিত ঘটনাটোৱে হিমানী আৰু মিলিটেৰীক
খুবেই দুখ দিছে।

নীল মৰিলত মই ভালেই পাইছোঁ।হিমানীয়ে জিভাৰে ওXঠ দুখন তিয়াই কলে।

কিয়?’ মিলিটেৰীয়ে সুধিলে।

কিয় মানে? ছয় বছৰ ধৰি বিদেশী খেদাৰ নামত কিমান শাস্তি
খালে। তাৰ পাছতো সুখেৰে ভাত এসাঁজ খাবলৈ নাপালে।

আমাৰ ভুল হৈ গল হিমানী, এতিয়া আৰু সেইবোৰ ভাবি থাকিলে নহব নহয়। আমি যিবোৰ নেতাক জাতি ৰক্ষা, মাটি ৰক্ষাৰ দায়িত্ব দিলোঁ সিহঁতে নিজকে ৰক্ষা
কৰিব নোৱাৰিলে।
মিলিটেৰী উচুপি
উঠিল। হিমানীৰ অকলশৰীয়া ঘৰখন কঁপি উঠিল সেই উচুপনিত।

মোৰ কি ভাব হৈছে
জানানে
?’ হিমানীয়ে কলে।

কি?’

আজিকালি সমুলি
টোপনি নধৰে। টোপনি আহি
লেও বান্দৰ জাকে
খেদি অহাৰ দৰে লাগে। জাৰণিৰ ঘটনাটো সামান্য ঘটনা নহয়। আমাৰ মাটিকে দখল কৰি আমাকেই
ভাবুকি দিয়াৰ সাহস ক
ত পালে ইহঁতে! আমাৰ ক্ষমতালোভী বোৰৰ বাবেই এনে হোৱা নাইনে? এখন চকীৰ মোহত হাজাৰখন চকীৰ খুৰা সোলোকাই
পেলোৱা এই নেতাবোৰক…!

মিলিটেৰীয়ে কথা কৈ থাকোঁতেই পদূলিত দেখিলে কোনোবা দুটামান ৰৈ আছে।
অকলশৰীয়া হিমানী আইতাক গাঁৱৰ ল
ৰাবোৰে মাজে মাজে
ৰখিবলৈ আহে। মিলিটেৰী সদায় অহা-যোৱা কৰি থাকে যদিও ৰাতি থাকিবলৈ বেয়া পায়। ল
ৰাবোৰক হিমানীয়ে এটাই কথা কৈছে মৰাৰ পাছত যাতে
ঘৰটোত পুথিভঁৰাল এটা সাজে ৰত্ন ছাৰৰ নামত। অসম আন্দোলনৰ সময়তে সজা পনিয়লি ঘৰটো
মাজতে জীয়েক-জোঁৱায়েকহঁতে বিক্ৰী কৰি দিয়াৰ কথা কৈছিল যদিও হিমানীয়ে
নামানিলে। দুই-এজনে হিমানী আইতাৰ ৰখীয়া হিচাপে থকাৰ কথা কৈছিল যদিও মিলিটেৰীয়ে
একেলগে নাথাকোঁ বুলি কোৱাত কথাটো সিমানতে ওৰ পৰিল যদিও মিলিটেৰী সদায় আহে হিমানীৰ
ওচৰলৈ।

আইতা…!
চোতালৰ পৰাই অম্লানে মাত
দিলে।

কোননো?’ হিমানীয়ে ৰখিবলৈ অহা কোনোবা বুলি মাত দিলে
যদিও মিলিটেৰীয়ে চিনি পালে অম্লান আৰু মৃগাংকক। কিছুদিন ঘৰৰ পৰা আঁতৰি থকা
অম্নানক বহু দিনৰ মূৰত দেখিলে হিমানীয়ে।

বহাঁ।হিমানীক সেৱা জনাই অম্নান বহিল। কাষৰ চকীখনত মৃগাংক বহিল। লাইটৰ পোহৰত মৃগাংক
আৰু অম্নানৰ মুখ দুখন জিলিকি আছে। সমস্ত মুখ মণ্ডলত বিয়পি আছে অসহায় ভাৱ।

শৰৎ দা ভালে আছে?’
মিলীটেৰীয়ে সুধিলে।

অম্লানে একো নকʼলে। দেউতাক ভালে থাকিলেও জৰিগুৰিৰ মানুহবোৰ,
অসমৰ মানুহবোৰ যে ভালে
নাই নিৰৱতাৰ যোগেদিয়েই বুজাই দিলে অম্লানে। হিমানীয়ে এইবাৰ খঙেৰেই সুধিলে
, ‘তোমালোকৰ মদৰ দোকানখন
কেনেকুৱা চলিছে
?’

মই নাজানো।অম্নানে মʼবাইলটো পিটিকি পিটিকি কলে।

শৰৎ
দাই এইটো বৰ বেয়া কাম কৰিলে। তাতোকৈও বেয়া কাম কৰি আছে বহিৰাগত মানুহখিনিক
গ্ৰেজিঙত বহুৱাই। ভোটৰ বাবে
, হিন্দু ৰক্ষাৰ
বাবে নমতা আলহীবোৰে আজি ঘৰৰ গিৰীহঁতকে ভাবুকি দিব পৰা হ
ল। তোমালোকৰ পৰিয়ালটোৰ বাবেই আজি জৰিগুৰিৰ
মানুহৰ ভৱিষ্যত অন্ধকাৰ হৈ অহা নাইনে
?”

জৰিগুৰিৰ কনকলতা যেন আকৌ এবাৰ ৰণচণ্ডী ৰূপ লৈ জাঙুৰ খাই উঠিল। মিলিটেৰীৰ
সাবটি ধৰিবৰ মন গৈছে হিমানীক। ৰাইজখনৰ ভাল দিন আহিব আহিব বুলি আশা কৰি জীৱনৰ
জৰাগ্ৰস্ত আবেলি তপত চকুলো পেলাই অনন্ত আকাশৰ ফালে চাই থকা হিমানীৰ হাতখনত খামুচি
ধৰিলে মিলিটেৰীয়ে। লোহাৰ মূদ্গৰেৰে মৰিয়াই মৰিয়াই নিজক নিঃশেষ কৰি দিবৰ মন গৈছে।
নাই মানুহবোৰে কেৱল সুখ আৰু ভোগৰ বাবেই জাতি ধ্বংসকাৰী বোৰৰ হাতত ক্ষমতা তুলি দি
নিজৰ মৰিশালী নিজেই খান্দি আহিছে। হিতাধীকাৰী হোৱাৰ বাবে আজিও শাৰী পাতি আছে নিজৰ
খেতি- মাটি আনক চমজাই দি।

মই এটা বিশেষ কথাৰ বাবেহে আহিছিলোঁ।অম্লানে কলে।

আমি এটা কথা ভাবিছোঁ, সেয়ে আহিছোঁ।মৃগাংকই সেপ ঢুকি কলে।

কি কথা?’ মিলিটেৰীৰ দুচকু তিৰবিৰাই উঠিল।

আমাৰ মদৰ দোকানখন বন্ধ কৰিব লাগিব।অম্লানে কলে।

সঁচা…।
হিমানীয়ে চেঁচা হাতখনেৰে
অম্লানৰ তপত হাতখন খামুচি ধৰিলে।

সঁচা। দেউতাই প্ৰতিশ্ৰুতি দিছে । মই মাত্ৰ মদ
খোৱা এৰি দিব লাগিব।

মিলিটেৰীৰ দুচকু জলভৰ হৈ পৰিল। এদিন মৃগাংকৰ যোগেদিয়েই অম্লানক মদৰ সাগৰত
ডুবাই দি শৰৎ শৰ্মাৰ ওপৰত প্ৰতিশোধ লোৱাৰ পণ লৈছিল মিলিটেৰীয়ে। জীৱনত অন্তত: এটা
ভাল কাম কৰা যেন অনুভৱ হ
ল মিলিটেৰীৰ। অসম
আন্দোলনৰ সময়ৰ পৰা কিমান যুঁজিলে
, মানুহৰ কিমান
গঞ্জনা সহিলে। আধাতে চাকৰি এৰি গুচি আহিছিল
, কিন্তু ভবা মতে যেন একো কৰিব নোৱাৰিলে।

দেউতাৰাৰ
অস্ত্ৰপাত কি কৰিলা
?’ মৌনত ভংগ কৰি মিলিটেৰীয়ে
সুধিলে।

গামোচা এখনেৰে মেৰিয়াই থৈছোঁ।মৃগাংকই কলে।

ওঁ, ভালকৈ থʼবা। সেইখন কেৱল
প্লেঞ্জাৰ চিটৰ অস্ত্ৰই নহয়
, মামৰে খাব নোৱৰা
অসম আন্দোলনৰ হেংদাং সেইখন। ভালকৈ থ
ʼবা।

ব বৰদেউতা।অম্লানে কলে।

আমি এতিয়া যাওঁ
বৰদেউতা। আৰু কেইজনমান মানুহক লগ ধৰিব লগা আছে। তাতে পুলিচবোৰো ঘূৰি ফুৰিছে। কোৱা
শুনিছোঁ কাইলৈ সামৰিক বাহিনীয়ে টহল দিব আমাৰ ইয়াত।
 কথা কৈ কৈয়ে মৃগাংক বহাৰ পৰা উঠিল। অম্লানেও
মাত লগালে। দুয়োটা অহা বাটে গুচি গ
ʼল। হিমানী আৰু মিলিটেৰীৰ বাবে এৰি থৈ গল এখন আশাৰ পৃথিৱীৰ মনোহৰ ছৱি।

০০০

শৰৎ শৰ্মা 
আৰু দধী লেখাৰু মুখামুখিকৈ বহি আছে সুৰভিত। সুৰভি বন্ধ কৰাৰ কথাই পাতি আছে
দুয়োজনে। আজিকালি আগৰ দৰে সুৰভিলৈ ল
ৰাবোৰ নহা হল। মদৰ দোকান
খুলি ঘৰৰ ল
ৰাটোকেই পোনতে
মদাহী বনাই শৰৎ শৰ্মা এতিয়া নিশ্চুপ হৈ আছে। দধী লেখাৰুৱে মনে মনে ভাবি আছে
কেনেকৈ নিজক সুৰক্ষা দিব পাৰে। কলেজৰ অধ্যক্ষ হিচাপে নিজৰ পৰিচয়টো গজগজীয়া কৰিব
নোৱাৰি সমাজৰ দৃষ্টিত হৈ পৰিল মাথোঁ এজন আদৰ্শহীন
তোষামোদকাৰী মানুহ। সৌ সিদিনালৈকে সাংবাদিক
কেইজনমানক হাতৰ মুঠিত ৰাখি নিজকে বুদ্ধিজীৱী
, শিক্ষাবিদ, নিবন্ধকাৰ, লেখকৰূপে জহাই আহিছিল যদিও এতিয়া সকলোৱে বুজি
পোৱা হ
ল লেখাৰু ছাৰৰ
গোপন এজেণ্ডা। তাতে মদৰ দোকানৰ মালিক হিচাপে জনাজাত হোৱাৰ পাছত সকলোৰে দৃষ্টিত
লেখাৰু এতিয়া লেখৰ মানুহ হৈ থকা নাই।

আমাৰ ভুল হল।লেখাৰুৱে কলে।

তাকেহে। ভবাই
নাছিলোঁ এনে এক দৃশ্য দেখিম বুলি। তাতে অসম আন্দোলনৰ নেতা হিচাপে আমি এই ভুল কৰিব নালাগিছিল। অন্ততঃ হিন্দু হ
বলৈ যত্ন কৰাতকৈ
অসমীয়া হৈহে থাকিব লাগিছিল।

সেইবোৰ এতিয়া
ভাবি একো লাভ নাই। নিৰ্বাচন আহি পালেহি। এই সময়ত জৰিগুৰিত আপুনিয়েই বছৰ একমাত্ৰ
ভাৰসা।

নাই, দলীয় সিদ্ধান্তই অসমীয়াক থানবান কৰি পেলাইছে।
আমি ভুল পথেৰে আগবাঢ়িছোঁ। আমাৰ পিছৰ প্ৰজন্মই আমাৰ মৰিশালিলৈ থুৱাই থুৱাই আমাক
নিন্দা কৰিব।

শৰ্মাৰ কথাত দধী লেখাৰুৰ ভিতৰৰ মানুহটো সাৰ পাই উঠিল। জৰিগুৰিত লেখাৰুৰ
একমাত্ৰ প্ৰতিদ্বন্দ্বী হৈছে শৰৎ শৰ্মাহে। দলীয় নেতৃত্বই শৰৎ শৰ্মাকে পুনৰ টিকট
দিয়াৰ কথা ভাবি আছে যদিও শৰ্মাক যেন ৰাজনীতিয়ে আমুৱাই গৈছে। ঘৰখনৰ তিনিটা মানুহ
যে তিনিখন দেশত থাকি যেন মৰমৰ ঘৰখন বিচাৰি বিচাৰি হায়ৰাণ হৈ পৰিছে।

আপুনি যদি মন
নকৰে মই কথাটো ভাবিব পাৰোঁ। বহুতে মোক কৈয়ে আছে। মই মাত্ৰ আপোনাক চেৰাই যাব খোজা
নাই।
লেখাৰুৱে সুযোগ বুজি
কথাৰে বান্ধিব খুজিলে শৰৎ শৰ্মাক।

দলে যদি আপোনাক
বিচাৰে মোৰ ক
বলৈ কিটো আছে। মই
কিন্তু নিৰ্বাচন খেলিব নোখোজোঁ। এনেদৰেই ৰাইজক সেৱা কৰি থাকিব পাৰিলেই হয়।

শৰ্মাৰ কথাত লেখাৰু সুখী হৈ পৰিল। বছৰ বছৰ ধৰি ৰাজনৈতিক নেতাৰ বুকুত সোমাই
থাকি সৰ্বত্ৰে অখণ্ড প্ৰভাৱ খটুৱাই আহিছে লেখাৰুৱে। স্বয়ং মুখ্যমন্ত্ৰীৰ বৰঘৰৰ মানুহ লেখাৰু। সেয়ে
শৰ্মাক ক
লে, ‘আপুনি যেতিয়া টিকটৰ কথা ভবা নাই তেতিয়া হলে বছক মোৰ বিষয়ে আপুনিয়েই কব। পাছৰখিনি মই চম্ভালি লʼম। আপুনি এম. এল. এ হোৱা আৰু মই হোৱা একেই নহয়
জানো।

লেখাৰুৰ মুখৰ ফালে শৰ্মাই ভেবা লাগি চাই আছে। টিনৰ ওপৰত বান্দৰ কেইটামানে
দৌৰাদৌৰি আৰম্ভ কৰিলে। জৰিগুৰিৰ ঘটনাটোৰ পাছত কেইদিনমান বান্দৰজাকৰ দেখাদেখিয়েই
নাছিল। বন্দুক বাৰুদৰ শব্দ শুনি ভয় খাইছিল যদিও গ্ৰেজিং দখলকাৰীবোৰৰ দৰেই
বান্দৰজাকেও অসমীয়াৰ ঘৰ-বাৰী এফলৰ পৰা খাস্তাং কৰি আহিছে।

চৰকাৰে এই
বান্দৰজাক নিয়ন্ত্ৰণ কৰিব লাগিছিল। মই বহুবাৰ মিটিঙত কৈছোঁ। দুই-এজনে কাকততো
লিখিছে। আপুনি যদি টিকট পায় আমাৰ জৰিগুৰিত এই ইছ্যুটো লৈ ৰাইজৰ মাজত সোমাই যাব
পাৰিব।
শৰ্মাই
উদ্বিগ্নতাৰে কোৱা কথাকেইটা লেখাৰুৱে শলাগিলে যদিও চৰকাৰে যে এই বিষয়ে একো
সিদ্ধান্ত নলয় সেই কথা ভালদৰেই জানে লেখাৰুৱে। সেয়ে ক
লে,’ বান্দৰবোৰ থাকিব লাগিব শৰ্মা।

কিয় ?’ শৰ্মা আচৰিত হল।

কথা আছে। আমাৰ
খেতি-বাতি যদি উভৈনদী হয় মানুহবোৰ জানো হিতাধিকাৰী হৈ থাকিব? হিতাধিকাৰী হৈ
থাকিলেহে সাধাৰণ মানুহ ভোটৰ বাকচত সোমাই থাকিব। ইমান দিন পলিটিক্স কৰিও সেই সাধাৰণ
কথাটোকে নিশিকিলে।

লেখাৰুৱে হাঁহি হাঁহি কোৱা কথাষাৰে বহু সময়লৈকে
শৰ্মাক বিন্ধি থকাৰ দৰে লাগিল যদিও টিনৰ ওপৰত ঢমঢমাই থকা বান্দৰজাকৰ অতপালি সহ্য
নহ
ল শৰ্মাৰ।

(আগলৈ)