কাকতালীয়

document.getElementById(“Anyayug-month”).innerHTML = ” মে’,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;

এম. কামালুদ্দিন আহমেদ

 

মৃত্যুৰ ওজন
কিমান

অমৰত্বত
কিমানখিনি মাধুৰ্য

চাকি চাই উমান
বা নে তুমি

তুমিতো এটা
প্ৰজাতি মাত্ৰ

 

বখলিয়াই
আছিলা বখলিয়াই আছিলা কমলাটো

যেন ছেলাইহে
আছিলা

সত্তাৰ আৱৰণ

 

পাল্লাত দিলোঁ
এফালে অমৰত্ব আৰু আনফালে

মৃত্যু

পাল্লাৰ ফেৰ
মৃত্যুৰ ফালে

 

১৮৩৭ চনৰ
কোনোবা এটা দিনা

জেকব্ টমাছৰ
নাও

নৈৰ দাঁতিয়ে
দাঁতিয়ে গৈ আছিল

 

ৰুক্ষ
বাস্তৱতাৰ অন্তৰালত

অসীমৰ
চুলিকোছাৰ অনুসৰণ কৰিছিল সম্ভৱতঃ

অমৰত্বৰ কপালৰ
বলিৰেখা কোঁচ

খাই গৈছিল 

যেতিয়া 

দাঁতিৰ দুজোপা
বৰগছ উভাল

খাই পৰিছিল

 

টমাছৰ

সৃষ্টিশীলতাৰ
বিৰাট স্বপ্নটোৰহে

ডিঙি মুচৰি
দিছিল

 

মিলান
কুন্দেৰাই সৌ সিদিনাহে লিখিছিল

মানৱ এটা মাথোঁ
প্রজাতি আৰু ক্ৰমিক নম্বৰ কেৱল মুখ

সত্তা বোলাটো
হেনো একেবাৰেই অযুগুত

 

ক’ৰ’না
দ্বিতীয় ঢৌতে

বিভাগীয়
পুথিভঁৰালতে বহি আছিলোঁ
 

অৰুনোদই’-খন সন্মুখতে আছিল 

পাতবোৰৰ মাজৰ পৰা
উঠি আহিছিল ঘটিছিল।
 

জেকব্ টমাছ
নে
  

তেওঁৰ মুখ  

(টোকা : আমেৰিকাৰ বোৰ্ডে শ্বান মিছনত পঠিওৱা জেকব্ টমাছ
শদিয়ালৈ যাওঁতে নৌকাযাত্ৰাত তেওঁৰ মৃত্যু ঘটিছিল।
 তেওঁৰ বুকুত আছিল বৃহৎ
খ্ৰীষ্টীয়ান সাহিত্য
 
সৃষ্টিৰ সপোন।)

<!—next-prev and print–>