ববিতা কলিতা
২০৭০ খ্ৰীষ্টাব্দলৈ
আপোনাক স্বাগতম!
কম্পিউটাৰ স্ক্ৰীনত
ভাহি থকা কথাখিনি ধাতৱীয় কণ্ঠ এটাই কৈ উঠিল৷ মই ধন্যবাদসূচক শব্দ এটা কোৱাৰ আগতেই উজ্জ্বল বৰ্ণালী এছটা মণিটৰৰ পৰা ওলাই
আহি মোৰ চকুত চাট মাৰি ধৰিলে৷ অৱধাৰিতভাৱেই মুদ খাই গ’ল
মোৰ চকুদুটা৷ বন্ধ চকুৰেই অনুমান কৰিলোঁ
মই, মোৰ শৰীৰটো
সংকুচিত হৈ আহিছে৷ মই এখন ছবি হৈ পৰিছোঁ
আৰু মোক এক অদৃশ্য শক্তিয়ে টানি লৈ গৈছেহি স্ক্ৰীনৰ সিটো পাৰৰ পথিৱীখনলৈ৷ ধাতৱীয় কণ্ঠটো তেতিয়াও ৰৈ ৰৈ বাজি আছিল-
২০৭০ খ্ৰীষ্টাব্দলৈ
আপোনাক স্বাগতম!
প্ৰখৰ ৰ’দত
চিৰাল ফাঁট দিয়া মাটিৰ ওপৰত ভৰি থৈয়েই অনুভৱ কৰিলোঁ মোৰ বৰ পিয়াহ লাগিছে৷ নৈ, খাল, বিল সকলোৰে পানী এতিয়া এচিডিক৷
খোৱাৰ অনুপোযোগী৷ বিচাৰি বিচাৰি এখন পানীৰ দোকান পালোঁ৷ তাত পানী পৰিশোধন কৰি
বিক্ৰী কৰা হয়৷ অলপ দূৰৈত এলানি অক্সিজেন চিলিণ্ডাৰৰ পাইকাৰী দোকান৷ বতাহত কাৰ্বন
মাত্ৰাধিক হোৱাৰ বাবে মানুহবোৰে উশাহ লওঁতে কষ্ট পায় এতিয়া৷ মই পানী এগিলাছ খাই
অক্সিজেন মাস্ক এটা পিন্ধি ল’লো মুখত৷ পিঠিৰ বেগটোত সুমুৱাই
ল’লো কঢ়িয়াব পৰা অক্সিজেন চিলিণ্ডাৰ এটা৷ সকলোৱে তেনেকৈয়ে
কঢ়িয়াইছে দিনটোৰ বাবে প্ৰয়োজন হোৱা অম্লজানখিনি৷
সেৰেঙা পৃথিৱীখন বৰ
আচহুৱা লাগিবলৈ ধৰিলে মোৰ৷ আচৰিতভাৱে মানুহ কম ইয়াত৷ যিবোৰ আছে, কাকো চিনি নাপাওঁ৷ পুৰণি
পৃথিৱীখন স্ক্ৰীনৰ বাহিৰতে এৰা পৰিল নেকি? কথাবোৰ বুজাৰ এটাই উপায় আছিল, সেয়া
হৈছে ইয়াত আগৰে পৰা থকা মানুহখিনিৰ ওচৰলৈ গৈ চিনাকি হোৱা৷ কথাখিনি ভবাৰ পাছত মই
আৰু পলম নকৰিলোঁ৷
সৰু ল’ৰা
এটাই এনাৰ্জি টেবলেটৰ ষ্টোৰত কাম কৰি থকা দেখি তাৰ ওচৰলৈ আগুৱাই গ’লোঁ৷
‘ভাইটি,
বজাৰত মানুহ ইমান কম কিয়? ’
‘মইতো
বজাৰত সদায় ইমানখিনি ভিৰেই পাওঁ!’ নিৰ্লিপ্ত উত্তৰ তাৰ৷
মই ঈপ্সিত উত্তৰটো
নাপালোঁ তাৰ পৰা৷ নিজৰ মনতে হিচাপ এটা কৰি চালোঁ, মই এতিয়া ৪৮ বছৰ
আগুৱাই আহিছোঁ৷ ল’ৰাটোৰ বয়স ওঠৰই হোৱা নাই৷ কিদৰে জানিব সি,
মাজৰ ত্ৰিছটা বছৰত কি কি ঘটি গৈছে৷ কথাবোৰ জানিবলৈ হ’লে মই মোৰ সমবয়সীয়া কাৰোবাক সুধি চাব লাগিব৷
মোৰ বয়সীয়া মানুহ
এজনক লগ পাবৰ বাবে মই বহু যোজন বাট অতিক্ৰম কৰিবলগীয়া হ’ল৷
অনুমান কৰিলোঁ মানুহ এতিয়া মোৰ নিচিনাকৈ ৬৮ বছৰলৈ জীয়াই নাথাকে৷
কিন্তু মই কিদৰে
জীয়াই আছোঁ! ঘৰ পাই মই পুৰণি আইনাখন চাফা কৰি ল’লোঁ৷ লিৰিকি বিদাৰি
চালোঁ মোৰ সোঁট-মোচ খোৱা মুখখন, শিমলু-তুলাৰ বৰণ লোৱা চুলিবোৰ,
হাউলি পৰা শৰীৰটো৷ বেছিপৰ চাই থাকিব নোৱাৰিলোঁ মই নিজৰ পৰিৱৰ্তিত
ৰূপ৷ বুঢ়ী হৈছোঁ মই৷ সেই হিচাপে
অনিৰুদ্ধও বুঢ়া হৈছে! অনিৰুদ্ধ মোতকৈ দুবছৰে ডাঙৰ৷ কিন্তু ক’ত আছে সি! ইটো পাৰে পাম জানো তাৰ কিবা অস্তিত্ব? লগ
পাব পৰাকৈসি আছে জানো জীয়াই!
ভাবি শেষ কৰাৰ আগতে
ম’বাইলটো টিঁ টিঁ কৈ দুবাৰ বাজি উঠিল৷ এটি বাৰ্তা ভাহি উঠিল স্ক্ৰীনত৷
“শুভ
জন্মদিন শিৱাংগী! Survive and Win the game of life.”
এটি আচিনাকি নম্বৰ৷
কিন্তু মই সুযোগখিনি হেৰুৱাব নিবিচাৰিলোঁ৷ লগে লগে নম্বৰটো ডায়েল কৰিলোঁ৷
ফোনৰ সিটো মূৰত কাহি
থকা বৃদ্ধ এজন৷
‘কোন
আপুনি? মোৰ জন্মদিনটো কিদৰে জানিলে? মোৰ
নম্বৰটো ক’ত পালে?’
‘মই
অনিৰুদ্ধ৷’ সিপাৰৰ পৰা ভাহি আহিল পূৰঠ মাত এটা৷
এই এটা উত্তৰেই
যথেষ্ট আছিল মোৰ বাবে৷ বাকীবোৰ উত্তৰৰ বাবে মই ৰৈ নাথাকিলোঁ৷ মোৰ মূৰত এতিয়া অযুত
প্ৰশ্নৰ অগা-ডেৱা!
শেষবাৰ ক’ত
দেখা হৈছিল মোৰ অনিৰুদ্ধৰ সৈতে?
কলেজ কেণ্টিনত! সি
মোক সকলোৰে সন্মুখত আঁঠু লৈ ফিল্মী কায়দাত প্ৰপ’জ কৰিছিল “I
want to grow old with you from this day forth. Do you?”
‘আৰু
মই?’
কোনেও নেদেখাকৈ মই
তাৰ বুকুখন ভাঙি টুকুৰা টুকুৰ কৰিছিলোঁ৷ প্ৰেমৰ বাবে অৱকাশ নাছিল মোৰ৷ সৰুৰে পৰা
পঢ়াত চোকা আছিলোঁ মই৷ এগৰাকী ক্লাইমেট’ল’জিষ্ট হৈ ওলাবৰ মন আছিল মোৰ।দিনে-ৰাতিয়ে সেই বিষয়ৰ কিতাপ পঢ়িছিলোঁ৷ বিদেশলৈ গৈ জলবায়ু পৰিৱৰ্তন বিষয়ক পাঠ্যক্ৰম কৰাৰ
পৰিকল্পনা কৰিছিলোঁ৷ তেনেস্থলত অনিৰুদ্ধই সমূহীয়া স্থানত দিয়া প্ৰেমৰ প্ৰস্তাৱে
মোক বিৰক্ত কৰিছিল৷ মই তাক আনে নুশুনাকৈ বহু কথা শুনাইছিলোঁ৷ সেই দিনটোৰ পৰা মই
তাৰ মাত শুনা নাছিলোঁ৷ আজি তাৰ মাতষাৰ শুনি নষ্টালজিক হৈ পৰিলোঁ৷ শূন্য পৃথিৱীখনত
অনিৰুদ্ধৰ উপস্থিতিয়ে মনত সাহস যোগালে মোৰ৷
‘অনিৰুদ্ধ,
তুমি এতিয়া ক’ত আছা? ’অস্থিৰ
হৈ সুধিলোঁ মই৷
অনিৰুদ্ধই দুবাৰমান
কাহি লৈ ক’লে,
‘তুমি
ঢুকি নোপোৱাত৷’
মই একো নুবুজিলোঁ৷
অনিৰুদ্ধৰ কথাবোৰ সদায়েই আওপকীয়া৷ কলেজীয়া দিনতো কল্পনাৰ জগতখনতেই ঘৰ সাজি লৈছিল
সি৷ আজিও একেই পালোঁ তাক৷ পোনপটীয়াকৈ কথা নোকোৱা বাবে আজিও খং উঠি আহিল তাৰ ওপৰত৷
‘অনিৰুদ্ধ,
কোৱানা ক’ত আছা তুমি?’ জোৰ
দি সুধিলোঁ তাক৷ তাৰ অৱস্থানে মোৰ অৱস্থিতি অনুমান কৰাৰ সুৰুঙা দিয়ে বুলিয়েই বাৰে
বাৰে যুঁজি থাকিলোঁ মই৷
কিন্তু সি মোক
আঁচৰিত কৰি মৌন হৈ থাকিল৷ যেন তাৰ ঠিক এইটো প্ৰশ্নৰ উত্তৰহে দিবৰ মন নাই৷
ফোনৰ ল’কেশ্যন ট্ৰেচ
কৰি চালোঁ মই৷ পাঁচশ সত্তৰ কিল’মিটাৰ দূৰত্বত দেখুৱাইছে অনিৰুদ্ধৰ লোকেশ্যন৷
‘অনিৰুদ্ধ,
আমাৰ সময়ৰ মানুহবোৰ ক’লৈ গ’ল? কেউপিনে ইমান শূন্যতা কিয়?’
‘শিৱাংগী,
তোমাৰ মনত আছেনে কলেজত আমি দুটা বছৰ ক’ৰ’না ভাইৰাছৰ বাবে
হেৰুৱাবলগীয়া হৈছিল৷ পৰীক্ষা-পাতি নোহোৱাকৈয়ে পাছ কৰাই দিছিল সকলোকে৷’
‘সেয়া
জানো পাহৰিব পৰা কথা! কিন্তু সেই কথাৰ সৈতে এই কথাৰ কিয়েই বা সম্পৰ্ক?’
‘আস শিৱাংগী, তুমি কলেজীয়া
দিনৰ দৰেই অস্থিৰ হৈ আছা এতিয়াও৷ ক’বলৈ দিয়াঁচোন৷’ অনিৰুদ্ধই কাহ দুটা মাৰি লয়৷
যোৱা এটা দশকত
পৃথিৱীত বহু ভয়ানক ভাইৰাছৰ আবিৰ্ভাৱ হৈছে৷ প্ৰতিষেধকে কেতিয়াবা কাম কৰিছে, কেতিয়াবা
কৰা নাই৷ মানুহ পৰিছে আৰু মৰিছে৷ আমি যি দেখিছিলোঁ, তাতকৈ
বহু ভয়ানক ৰূপত ভাইৰাছে সংহাৰ কৰিছে মানুহক৷
তুমি পঢ়িবলৈ
কানাডালৈ গুচি যোৱাৰ পাছত মইও এম বি বি এছ পঢ়িবলৈ যোৰহাটলৈ গ’লোঁ৷
নিজৰ নামৰ আগত ডাক্টৰ লিখিবৰ দিনা তোমালৈ বৰকৈ মনত পৰিছিল৷ কিন্তু তুমি তেতিয়া
ক্লাইমেট চ্ছেইঞ্জিঙৰ গৱেষণাত ৰাতি-দিন এক কৰাৰ খবৰ পাইছিলোঁ৷ তোমাৰ গৱেষণামূলক
প্ৰবন্ধবোৰ খুচৰি খুচৰি পঢ়িছিলোঁ৷ ভয় লাগি গৈছিল জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ তথ্যসমূহ
পাই৷ এণ্টাৰ্কটিকাৰ বৰফ গলি সাগৰ পৃষ্ঠৰ পানী ওপৰলৈ উঠি অহা, অতিমাত্ৰা অম্লযুক্ত পানীয়ে সাগৰতলিৰ জীৱকূলৰ জীৱন বিপন্ন কৰা, ৰেডিঅ’ তৰংগই পক্ষীকূলৰ সৰ্বনাশ ঘটোৱা, খেতিপথাৰবোৰ চিৰাচিৰ হোৱা, গৰম পানীত থাকিব নোৱাৰি
মাছবোৰ মৰি ওপঙি উঠা কথাবোৰ পঢ়ি কঁপি উঠিছিলোঁ৷
লাহে লাহে তোমাৰ ব্লগত পঢ়া
কথাবোৰেই বাস্তৱত ঘটিবলৈ অৰম্ভ কৰিছিল৷ ৰ’দ, বৰষুণ, ধুমুহা, বজ্ৰপাতে ঋতুৰ
নিয়ম নমনা হৈছিল৷ বিপদত পৰিছিল জীৱকূল৷ চৰম বিপদত৷ ইমানৰ মাজতো জীৱন জিনাৰ
প্ৰতিযোগিতা চলিয়েই আছিল৷ কিন্তু মানুহ হাৰি যাবলৈ ধৰিলে চকুৰে নমনা শত্ৰু এই
ভাইৰাছবোৰৰ সন্মুখত৷’
‘মই
তেতিয়া ক’ত আছিলোঁ? ’সুধিলোঁ
অনিৰুদ্ধক৷
‘তুমি
তেতিয়া কানাডাৰ শিক্ষা শেষ কৰি ব্ৰিটেইন পাইছিলা৷ তোমাৰ ঘৰৰ মানুহবোৰে তোমাৰ
কলেজীয়া দিনৰ ক্ৰাছ্ প্ৰয়াগৰ সৈতে তোমাৰ ঘৰখন ইয়াতেই পাতি দিছিল৷ আজি ক’লে হয়তো হাঁহিবা তুমি, কিন্তু সিদিনা মই বৰকৈ
কান্দিছিলোঁ৷ মই লিখা সমস্ত কবিতা সিদিনা জুই লগাই পুৰি পেলাইছিলোঁ৷’
‘আৰু
মই? মই কন্দা নাছিলোঁ নেকি?’ জানিবলৈ
মন গ’ল মোৰ৷
‘কান্দিছিলা
তুমিও৷ কিন্তু তোমাৰ বিয়াৰ কিছুদিন যোৱাৰ পাছত৷ তুমি ভবাৰ নিচিনা নাছিল হেনো
প্ৰয়াগ৷ সি তোমাৰ স্বাধীনতাখিনি পুৰুষোচিত কৰ্তৃত্বৰে কাঢ়ি নিব খুজিছিল৷ বন্দী
কৰি পেলাইছিল তোমাৰ আকাংক্ষাবোৰক৷ তাৰ অচিনাকি আচৰণবোৰে বাধ্য কৰাইছিল তোমাক
বিৱাহ-বিচ্ছেদৰ দৰে কঠোৰ সিদ্ধান্ত এটা ল’বলৈ৷
আঁতৰি গৈছিলা তুমি
তোমাৰ সপোনৰ দেশখনলৈ৷ মই ব্যস্ত হৈ পৰিছিলোঁ নতুন ভাইৰাছ এবিধে আক্ৰান্ত কৰা ৰোগীৰ শুশ্ৰুষাত৷ চিকিৎসাৰ নামত
সান্ত্বনাহে আছিল সেয়া৷ মুহূৰ্তে মুহূৰ্তে চৰিত্ৰ সলোৱা ভাইৰাছবিধৰ ঔষধ, প্ৰতিষেধক
একোৱেই উদ্ভাৱন কৰা সম্ভৱ হোৱা নাছিল৷ অথচ মানুহবোৰে আমালৈ আশাৰে চাইছিল৷ তেনে
এজাক মানুহৰ মাজতেই এদিন সোমাই আহিছিল প্ৰয়াগ৷ তোমাৰ স্বামী৷ সি ভাইৰাছটোৰদ্বাৰা
বৰ বেয়াকৈ সংক্ৰমিত হৈছিল৷ কঁপি থাকিবলৈ লৈছিল মানুহজন৷ তাৰ কোঁৱাৰিৰে ফেনজাতীয়
পদাৰ্থ কেতবোৰ নিৰ্গত হ’বলৈ ধৰিছিল৷ ৱাৰ্ডলৈ ছিফ্ট কৰাৰ পাছত
তাৰ কঁপনি বাঢ়ি গৈছিল৷ উচপিচাই থকা মানুহজন কোনোবা টলকত বেডৰ পৰা পৰি গৈ কঁপালত
আঘাত পাইছিল৷ তেওঁৰ কঁপালেৰে তেজ নিগৰি আহিছিল৷ মই চাই থাকিব নোৱাৰিলোঁ৷ প্ৰ’ট’কল
ভাঙি দাঙি ধৰিলোঁ তেওঁক৷ প্ৰয়াগ তোমাৰ বাবে বিশেষ মানুহ৷ সেই গতিকে মোৰ বাবেও বিশেষ
আছিল সি৷ বিচ্ছেদেতো সম্ভাৱনা শেষ হোৱা নুবুজায়৷ তাৰ কপালৰ ক্ষতখিনি পৰিষ্কাৰ কৰি মলম
লগাই দিলোঁ৷ কিন্তু দিনবোৰেই তেনেকুৱা নাছিল৷ মানুহবোৰ মৃত্যুৰ সৈতে যুঁজি জীৱনক
জয়ী কৰোৱাৰ জোখাৰে শক্তিশালী নাছিল৷ প্ৰয়াগ সৰহদিন জীয়াই নাথাকিল৷
‘আৰু
মোৰ মা-দেতা? তেওঁলোকৰ কি হ’ল? কিদৰে আছিল তেওঁলোক অকলশৰে?’ অস্থিৰ হৈ পৰিলোঁ মই৷
‘তোমাক
মনত পেলাই থাকিলেও ভালেই আছিল মানুহহাল৷ কিন্তু তেওঁলোক ‘এহাল’
হৈ থাকোঁতেহে ভালে আছিল৷ খুৰাদেউ ঢুকোৱাৰ পাছত খুৰীদেউ ভাগি পৰিল৷
উদং পৃথিৱীত একাকী জীৱন দুৰ্বিষহ৷ মই তেওঁক লৈ আহিলোঁ আমাৰ ঘৰলৈ৷ আমৃত্যু তেওঁ মোৰ
‘মা’ হৈয়ে থাকিল৷’
অনিৰুদ্ধৰ কথাবোৰ শুনি তালৈ ক্ৰমে ক্ৰমে মৰম লাগি আহিবলৈ ধৰিলে মোৰ৷ তাৰ পেনপেনিয়া কথাবোৰ শুনিবলৈকে উত্ৰাৱল হৈ পৰিলোঁ মই৷
তাক লগ পাবলৈ বহি দিলোঁ মই সৌৰশক্তিচালিত বাহন এখনত৷ ভূ-গৰ্ভ এতিয়া খালী৷ খাৰুৱা
তেল, কয়লা, চূণশিল, একোৱেই
নাই ভূ-তলত৷
‘তোমাৰ
কথা কোৱাঁ অনিৰুদ্ধ৷ নিজৰ কথা আৰু কিমান শুনিম?’
‘কি
শুনিবা মোৰ কথা? ’অনিৰুদ্ধ অপ্ৰস্তুত হ’ল৷
‘তুমি
বিয়া পাতিলানে? ’মই পাতনি নেমেলাকৈ সুধি দিলোঁ৷
হাঁহি উঠিল
অনিৰুদ্ধই৷
‘কোৱাঁ আকৌ৷’ জোৰ দি ধৰিলোঁ মই৷
‘পাতিলোঁতো৷’
আহত হ’লো
মই কোনোবাখিনিত৷ অনিৰুদ্ধই বিয়া পাতিলে!
‘কাক
বিয়া পাতিলা তুমি?’
‘তোমাৰ
স্মৃতিক৷ দেখিছাইচোন তোমাৰ স্মৃতি আজিও
অৰ্ধাংগিনী হৈ মোৰ সৈতে আছে ৰৈ৷ থাকিবও শেষলৈ৷’
কথাৰ লাচত পাহৰি
গৈছিল সি কাহিবলৈ৷ মই নীৰৱ হৈ যোৱা দেখি সি খুক খুক কৈ কাহিলে এবাৰ৷
অনিৰুদ্ধলৈ এতিয়া
মাত্ৰ পাঁচ কিল’মিটাৰৰ দূৰত্ব৷ অথচ মোৰ এনে লাগিবলৈ ধৰিলে যেন অনন্ত কালৰ পৰা বাটকুৰি
বায়ো ঢুকি পোৱা নাই মই তাক৷
ল’কেশ্যন চাই গৈ গৈ
তাৰ হস্পিতালখন পালোঁ মই৷ পি পি ই কিট পিন্ধা মানুহ কেইজনমানে আগভেটি ধৰিলে মোক৷
‘আপুনি
ভিতৰলৈ যাব নোৱাৰিব৷ এইটো এটা
কোৱাৰেণ্টাইন জ’ন৷’ তেওঁলোকৰ মাজৰে
এজনে কেটকেটীয়া মাতেৰে ক’লে৷
‘ৰোগী
চাবলৈ অহা নাই মই৷ ড. অনিৰুদ্ধক বিচাৰিছিলোঁ৷ আছেনে তেওঁ ইয়াত?’
‘আছে৷
কিন্তু ডাক্তৰ হৈ নাই তেওঁ, ৰোগী হৈহে এডমিট হৈছে ইয়াত৷
দিনে-ৰাতি মানুহক সেৱা কৰি শেষত নিজেই বৰ বেয়াকৈ আক্ৰান্ত হৈ পৰিল অনিৰুদ্ধ ছাৰ৷
তেখেত ঘূৰি অহাৰ সম্ভাৱনা ক্ষীণ৷’
প্লাষ্টিকৰ
মানুহবোৰৰ মুখত আৱেগ দেখা নাপালোঁ মই৷ পৰিস্থিতিয়ে মানুহবোৰক কঠিন কৰি তুলিছে৷
‘অনিৰুদ্ধ
ঘূৰি নাহে! কিন্তু মইতো আগুৱাই যাব পাৰোঁ তাৰ ওচৰলৈ৷’
‘নাযাব৷
নাযাব৷ গ’লে আপুনিও সংক্ৰমিত হ’ব৷’
মই সিহঁতৰ বাধা
নামানি সোমাই গ’লোঁ অনিৰুদ্ধ থকা কেবিনটোলৈ৷ কেইবাটাও যন্ত্ৰই ধৰি ৰাখিছিল
তাৰ উশাহৰ অৱশেষকণ৷
কেবিনত সোমায়েই মই
তাৰ গাত উবুৰি খাই পৰিলোঁ৷ সি তাঁৰ লগোৱা হাতখন কোনোমতে তুলি ধৰি সাবটি ধৰিলে মোক৷
আমি তেনেদৰেই পৰি ৰ’লোঁ সময়ৰ হিচাপ নকৰাকৈ৷
….
‘শিৱাংগী৷
শিৱাংগী৷’
ডাক্তৰ শুক্লবৈদ্যই
কেতিয়াৰ পৰা মাতি আছিল মোক ধৰিব পৰা নাছিলোঁ৷
‘ভাল
খবৰ আছে এটা শিৱাংগী৷ তোমাৰ RAT ৰিপ’ৰ্টত ক’ভিড নিগেটিভ
আহিছে৷ আৰু এটা ভাল খবৰ আছে৷ তোমাৰ মাৰা আৰু দেউতাৰাই গাড়ী লৈ তোমাক নিবলৈ আহিছে৷’
ডাক্তৰ শুক্লবৈদ্যলৈ মই
আশাৰে চালোঁ, ‘আৰু কোনো অহা নাই?’
‘অ’
য়েছ৷ ল’ৰা এটা আহিছে৷ ইনফেক্ট সি তুমি ইয়াত
থকাৰপৰা সদায়েই আহি আছে৷ কিন্তু ভিতৰলৈ অহাৰ অনুমতি নথকা বাবে সি সদায় বাহিৰৰ পৰাই উভতি
গৈছিল৷’
‘প্ৰয়াগ
নেকি তাৰ নাম? ’মই নিশ্চিত হ’বলৈ সুধি
চালোঁ৷
‘নহয়৷
কি জানো আছিল তাৰ নামটো!’ শুক্লবৈদ্যই মূৰ খজুৱায়৷
‘অনিৰুদ্ধ৷’ কৈ উঠিলোঁ মই৷
কলেজ কেণ্টিনত
অনিৰুদ্ধই প্ৰপ’জ কৰাৰ পাছদিনাই মোৰ জ্বৰ উঠিছিল৷ টেষ্ট কৰোঁতে ওলাল ক’ভিড
পজিটিভ৷ তাৰ পাছত কোৱাৰেণ্টাইন, ডাক্তৰ শুক্লবৈদ্য, ঔষধ, পথ্য আদি চলি থাকিল৷ মই থকা ৱাৰ্ডটোলৈ নিতৌ নতুন
ৰোগী আহে, পুৰণিখিনি উভতি যায়৷ কিছুমান ৰোগী কেৱল আহে৷ উভতি
নাযায়৷ হেৰাই যায়৷ দৃশ্যবোৰে মোক শুবলৈ দিয়া নাছিল বহুৰাতি৷ ডাক্তৰক কোৱাত
অনিচ্ছা সত্তেও তেওঁ দিলে মোক শ্লিপিং টেবলেট এটা৷ সেই কণমানি টেবলেটটোৱে লৈ গ’ল মোক ২০৭০ খ্ৰীষ্টাব্দলৈ৷ চেতন-অচেতন অৱস্থাৰ স্বপ্নৰ পৃথিৱীখনৰ পৰা উভতি
আহিবৰ পৰত মই বুকুত প্ৰোত্থিত কৰি আনিলোঁ অনিৰুদ্ধৰ এখন নেদেখা ছবি৷
অনিৰুদ্ধৰ প্ৰেমৰ
প্ৰস্তাৱটোৰ উত্তৰ দিয়া হোৱা নাছিল মোৰ৷ সি মোৰ সৈতে বাঢ়িব বিচাৰিছিল৷ মোৰ সৈতেই
হেৰাই যাব খুজিছিল৷ মই কি বিচাৰোঁ, সি আঁঠু কাঢ়ি
সুধিছিল৷ উত্তৰ দিয়া নাছিলোঁ মই৷ সি আঁতৰি গৈছিল নীৰৱে৷ ফোনত তাক বহু কিবাকিবি বকিছিলোঁ
সিদিনা৷
ৰাতিলৈ মোৰ তীৰকঁপে
জ্বৰ উঠিছিল৷
হস্পিতালৰ পৰা ওলাই
গাড়ীত বহিবৰ পৰত অনিৰুদ্ধ আঁতৰত ৰৈ মোলৈ চাই আছিল৷ মই গাড়ীত উঠি দিয়ালৈ সি মোলৈ
চায়েই আছিল৷ গাড়ীখনে গতি লোৱাৰ আগতে মই গাড়ীৰ খিৰিকীখন নমাই দি তালৈ চাই চিঞৰি ক’লোঁ-
“য়ে…ছ…৷”
ঠিকনা :
বিলাসীপাৰা, ধুবুৰী-৭৮৩৩৪৮
ভ্ৰাম্যভাষ –
৯১০১৭৫২৯৪২
