সপোনৰ কথকতা

ববিতা কলিতা




 ২০৭০ খ্ৰীষ্টাব্দলৈ
আপোনাক স্বাগতম!

কম্পিউটাৰ স্ক্ৰীনত
ভাহি থকা কথাখিনি ধাতৱীয় কণ্ঠ এটাই কৈ উঠিল৷ মই ধন্যবাদসূচক শব্দ এটা কোৱাৰ আগতেই উজ্জ্বল বৰ্ণালী এছটা মণিটৰৰ পৰা ওলাই
আহি মোৰ  চকুত চাট মাৰি ধৰিলে৷  অৱধাৰিতভাৱেই মুদ খাই গ

মোৰ চকুদুটা৷  বন্ধ চকুৰেই অনুমান কৰিলোঁ
মই
মোৰ শৰীৰটো
সংকুচিত হৈ আহিছে৷  মই এখন ছবি হৈ পৰিছোঁ
আৰু মোক এক অদৃশ্য শক্তিয়ে টানি লৈ গৈছেহি স্ক্ৰীনৰ সিটো পাৰৰ পথিৱীখনলৈ৷ ধাতৱীয় কণ্ঠটো তেতিয়াও ৰৈ ৰৈ বাজি আছিল-

২০৭০ খ্ৰীষ্টাব্দলৈ
আপোনাক স্বাগতম!

প্ৰখৰ ৰদত
চিৰাল ফাঁট দিয়া মাটিৰ ওপ
ৰত ভৰি থৈয়েই অনুভৱ কৰিলোঁ মোৰ বৰ পিয়াহ লাগিছে৷ নৈ,  খাল, বিল সকলোৰে পানী এতিয়া এচিডিক৷
খোৱাৰ অনুপোযোগী৷ বিচাৰি বিচাৰি এখন পানীৰ দোকান পালোঁ৷ তাত পানী পৰিশোধন কৰি
বিক্ৰী কৰা হয়৷ অলপ দূৰৈত এলানি অক্সিজেন চিলিণ্ডাৰৰ পাইকাৰী দোকান৷ বতাহত কাৰ্বন
মাত্ৰাধিক হোৱাৰ বাবে মানুহবোৰে উশাহ লওঁতে কষ্ট পায় এতিয়া৷ মই পানী এগিলাছ খাই
অক্সিজেন মাস্ক এটা পিন্ধি ল
লো মুখত৷ পিঠিৰ বেগটোত সুমুৱাই
লো কঢ়িয়াব পৰা অক্সিজেন চিলিণ্ডাৰ এটা৷ সকলোৱে তেনেকৈয়ে
কঢ়িয়াইছে দিনটোৰ বাবে প্ৰয়োজন হোৱা অম্লজানখিনি৷

 সেৰেঙা পৃথিৱীখন বৰ
আচহুৱা লাগিবলৈ ধৰিলে মোৰ৷ আচৰিতভাৱে মানুহ কম ইয়াত৷ যিবোৰ আছে
, কাকো চিনি নাপাওঁ৷ পুৰণি
পৃথিৱীখন স্ক্ৰীনৰ বাহিৰতে এৰা পৰিল নেকি
কথাবোৰ বুজাৰ এটাই উপায় আছিল, সেয়া
হৈছে ইয়াত আগৰে পৰা থকা মানুহখিনিৰ ওচৰলৈ গৈ চিনাকি হোৱা৷ কথাখিনি ভবাৰ পাছত মই
আৰু পলম নকৰিলোঁ৷

সৰু লৰা
এটাই এনাৰ্জি টেবলেটৰ ষ্টোৰত কাম কৰি থকা দেখি তাৰ ওচৰলৈ আগুৱাই গ
লোঁ৷

ভাইটি,
বজাৰত মানুহ ইমান কম কিয়? ’

মইতো
বজাৰত সদায় ইমানখিনি ভিৰেই পাওঁ!
নিৰ্লিপ্ত উত্তৰ তাৰ৷

মই ঈপ্সিত উত্তৰটো
নাপালোঁ তাৰ পৰা৷ নিজৰ মনতে হিচাপ এটা কৰি চালোঁ
, মই এতিয়া ৪৮ বছৰ
আগুৱাই আহিছোঁ৷ ল
ৰাটোৰ বয়স ওঠৰই হোৱা নাই৷ কিদৰে জানিব সি,
মাজৰ ত্ৰিছটা বছৰত কি কি ঘটি গৈছে৷ কথাবোৰ জানিবলৈ হলে মই মোৰ সমবয়সীয়া কাৰোবাক সুধি চাব লাগিব৷

মোৰ বয়সীয়া মানুহ
এজনক লগ পাবৰ বাবে মই বহু যোজন বাট অতিক্ৰম কৰিবলগীয়া হ
ল৷
অনুমান কৰিলোঁ মানুহ এতিয়া মোৰ নিচিনাকৈ ৬৮ বছৰলৈ জীয়াই নাথাকে৷


কিন্তু মই কিদৰে
জীয়াই আছোঁ! ঘৰ পাই মই পুৰণি আইনাখন চাফা কৰি ল
লোঁ৷ লিৰিকি বিদাৰি
চালোঁ মোৰ সোঁট-মোচ খোৱা মুখখন
, শিমলু-তুলাৰ বৰণ লোৱা চুলিবোৰ,
হাউলি পৰা শৰীৰটো৷ বেছিপৰ চাই থাকিব নোৱাৰিলোঁ মই নিজৰ পৰিৱৰ্তিত
ৰূপ৷ বুঢ়ী হৈছোঁ মই৷  সেই হিচাপে
অনিৰুদ্ধও বুঢ়া হৈছে! অনিৰুদ্ধ মোতকৈ দুবছৰে ডাঙৰ৷ কিন্তু ক
ত আছে সি! ইটো পাৰে পাম জানো তাৰ কিবা অস্তিত্ব? লগ
পাব পৰাকৈসি আছে জানো জীয়াই!

ভাবি শেষ কৰাৰ আগতে
বাইলটো টিঁ টিঁ কৈ দুবাৰ বাজি উঠিল৷ এটি বাৰ্তা ভাহি উঠিল স্ক্ৰীনত৷

শুভ
জন্মদিন শিৱাংগী!
Survive and Win the game of life.”

এটি আচিনাকি নম্বৰ৷
কিন্তু মই সুযোগখিনি হেৰুৱাব নিবিচাৰিলোঁ৷ লগে লগে নম্বৰটো ডায়েল কৰিলোঁ৷

ফোনৰ সিটো মূৰত কাহি
থকা বৃদ্ধ এজন৷

কোন
আপুনি
? মোৰ জন্মদিনটো কিদৰে জানিলে? মোৰ
নম্বৰটো ক
ত পালে?’

মই
অনিৰুদ্ধ৷
সিপাৰৰ পৰা ভাহি আহিল পূৰঠ মাত এটা৷

এই এটা উত্তৰেই
যথেষ্ট আছিল মোৰ বাবে৷ বাকীবোৰ উত্তৰৰ বাবে মই ৰৈ নাথাকিলোঁ৷ মোৰ মূৰত এতিয়া অযুত
প্ৰশ্নৰ অগা-ডেৱা!

শেষবাৰ ক
দেখা হৈছিল মোৰ অনিৰুদ্ধৰ সৈতে
?

কলেজ কেণ্টিনত! সি
মোক সকলোৰে সন্মুখত আঁঠু লৈ ফিল্মী কায়দাত প্ৰপ
জ কৰিছিল “I
want to grow old with you from this day forth. Do you?”

আৰু
মই
?’

কোনেও নেদেখাকৈ মই
তাৰ বুকুখন ভাঙি টুকুৰা টুকুৰ কৰিছিলোঁ৷ প্ৰেমৰ বাবে অৱকাশ নাছিল মোৰ৷ সৰুৰে পৰা
পঢ়াত চোকা আছিলোঁ মই৷ এগৰাকী ক্লাইমেট
জিষ্ট হৈ ওলাবৰ মন আছিল মোৰ।দিনে-ৰাতিয়ে সেই বিষয়ৰ কিতাপ পঢ়িছিলোঁ৷ বিদেশলৈ গৈ জলবায়ু পৰিৱৰ্তন বিষয়ক পাঠ্যক্ৰম কৰাৰ
পৰিকল্পনা কৰিছিলোঁ৷ তেনেস্থলত অনিৰুদ্ধই সমূহীয়া স্থানত দিয়া প্ৰেমৰ প্ৰস্তাৱে
মোক বিৰক্ত কৰিছিল৷ মই তাক আনে নুশুনাকৈ বহু কথা শুনাইছিলোঁ৷ সেই দিনটোৰ পৰা মই
তাৰ মাত শুনা নাছিলোঁ৷ আজি তাৰ মাতষাৰ শুনি নষ্টালজিক হৈ পৰিলোঁ৷ শূন্য পৃথিৱীখনত
অনিৰুদ্ধৰ উপস্থিতিয়ে মনত সাহস যোগালে মোৰ৷

অনিৰুদ্ধ,
তুমি এতিয়া কত আছা? ’অস্থিৰ
হৈ সুধিলোঁ মই৷

অনিৰুদ্ধই দুবাৰমান
কাহি লৈ ক
লে,

তুমি
ঢুকি নোপোৱাত৷

মই একো নুবুজিলোঁ৷
অনিৰুদ্ধৰ কথাবোৰ সদায়েই আওপকীয়া৷ কলেজীয়া দিনতো কল্পনাৰ জগতখনতেই ঘৰ সাজি লৈছিল
সি৷ আজিও একেই পালোঁ তাক৷ পোনপটীয়াকৈ কথা নোকোৱা বাবে  আজিও খং উঠি আহিল তাৰ ওপৰত৷

অনিৰুদ্ধ,
কোৱানা কত আছা তুমি?’ জোৰ
দি সুধিলোঁ তাক৷ তাৰ অৱস্থানে মোৰ অৱস্থিতি অনুমান কৰাৰ সুৰুঙা দিয়ে বুলিয়েই বাৰে
বাৰে যুঁজি থাকিলোঁ মই৷

কিন্তু সি মোক
আঁচৰিত কৰি মৌন হৈ থাকিল৷ যেন তাৰ ঠিক এইটো প্ৰশ্নৰ উত্তৰহে দিবৰ মন নাই৷

ফোনৰ লকেশ্যন ট্ৰেচ
কৰি চালোঁ মই৷ পাঁচশ সত্তৰ কিল
’মিটাৰ দূৰত্বত দেখুৱাইছে অনিৰুদ্ধৰ লোকেশ্যন৷

অনিৰুদ্ধ,
আমাৰ সময়ৰ মানুহবোৰ কলৈ গ? কেউপিনে ইমান শূন্যতা কিয়?’

শিৱাংগী,
তোমাৰ মনত আছেনে কলেজত আমি দুটা বছৰ ক
না ভাইৰাছৰ বাবে
হেৰুৱাবলগীয়া হৈছিল৷ পৰীক্ষা-পাতি নোহোৱাকৈয়ে পাছ কৰাই দিছিল সকলোকে৷

সেয়া
জানো পাহৰিব পৰা কথা! কিন্তু সেই কথাৰ সৈতে এই কথাৰ কিয়েই বা সম্পৰ্ক
?’

আস  শিৱাংগী, তুমি কলেজীয়া
দিনৰ দৰেই অস্থিৰ হৈ আছা এতিয়াও৷ ক
বলৈ দিয়াঁচোন৷অনিৰুদ্ধই কাহ দুটা মাৰি লয়৷

যোৱা এটা দশকত
পৃথিৱীত বহু ভয়ানক ভাইৰাছৰ আবিৰ্ভাৱ হৈছে৷ প্ৰতিষেধকে কেতিয়াবা কাম কৰিছে
, কেতিয়াবা
কৰা নাই৷ মানুহ পৰিছে আৰু মৰিছে৷ আমি যি দেখিছিলোঁ
, তাতকৈ
বহু ভয়ানক ৰূপত ভাইৰাছে সংহাৰ কৰিছে মানুহক৷

তুমি পঢ়িবলৈ
কানাডালৈ গুচি যোৱাৰ পাছত মইও এম বি বি এছ পঢ়িবলৈ যোৰহাটলৈ গ
লোঁ৷
নিজৰ নামৰ আগত ডাক্টৰ লিখিবৰ দিনা তোমালৈ বৰকৈ মনত পৰিছিল৷ কিন্তু তুমি তেতিয়া
ক্লাইমেট চ্ছেইঞ্জিঙৰ গৱেষণাত ৰাতি-দিন এক কৰাৰ খবৰ পাইছিলোঁ৷ তোমাৰ গৱেষণামূলক
প্ৰবন্ধবোৰ খুচৰি খুচৰি পঢ়িছিলোঁ৷ ভয় লাগি গৈছিল জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ তথ্যসমূহ
পাই৷ এণ্টাৰ্কটিকাৰ বৰফ গলি সাগৰ পৃষ্ঠৰ পানী ওপৰলৈ উঠি অহা
, অতিমাত্ৰা অম্লযুক্ত পানীয়ে সাগৰতলিৰ জীৱকূলৰ জীৱন বিপন্ন কৰা, ৰেডিঅতৰংগই পক্ষীকূলৰ সৰ্বনাশ ঘটোৱা, খেতিপথাৰবোৰ চিৰাচিৰ হোৱা, গৰম পানীত থাকিব নোৱাৰি
মাছবোৰ মৰি ওপঙি উঠা কথাবোৰ পঢ়ি কঁপি উঠিছিলোঁ৷
 

লাহে লাহে তোমাৰ ব্লগত পঢ়া
কথাবোৰেই বাস্তৱত ঘটিবলৈ অৰম্ভ কৰিছিল৷ ৰ
, বৰষুণ, ধুমুহা, বজ্ৰপাতে ঋতুৰ
নিয়ম নমনা হৈছিল৷ বিপদত পৰিছিল জীৱকূল৷ চৰম বিপদত৷ ইমানৰ মাজতো জীৱন জিনাৰ
প্ৰতিযোগিতা চলিয়েই আছিল৷ কিন্তু মানুহ হাৰি যাবলৈ ধৰিলে চকুৰে নমনা শত্ৰু এই
ভাইৰাছবোৰৰ সন্মুখত৷

মই
তেতিয়া ক
ত আছিলোঁ? ’সুধিলোঁ
অনিৰুদ্ধক৷

তুমি
তেতিয়া কানাডাৰ শিক্ষা শেষ কৰি ব্ৰিটেইন পাইছিলা৷ তোমাৰ ঘৰৰ মানুহবোৰে তোমাৰ
কলেজীয়া দিনৰ ক্ৰাছ্ প্ৰয়াগৰ সৈতে তোমাৰ ঘৰখন ইয়াতেই পাতি দিছিল৷ আজি ক
লে হয়তো হাঁহিবা তুমি, কিন্তু সিদিনা মই বৰকৈ
কান্দিছিলোঁ৷ মই লিখা সমস্ত কবিতা সিদিনা জুই লগাই পুৰি পেলাইছিলোঁ৷

আৰু
মই
? মই কন্দা নাছিলোঁ নেকি?’ জানিবলৈ
মন গ
ল মোৰ৷

কান্দিছিলা
তুমিও৷ কিন্তু তোমাৰ বিয়াৰ কিছুদিন যোৱাৰ পাছত৷ তুমি ভবাৰ নিচিনা নাছিল হেনো
প্ৰয়াগ৷ সি তোমাৰ স্বাধীনতাখিনি পুৰুষোচিত কৰ্তৃত্বৰে কাঢ়ি নিব খুজিছিল৷ বন্দী
কৰি পেলাইছিল তোমাৰ আকাংক্ষাবোৰক৷ তাৰ অচিনাকি আচৰণবোৰে বাধ্য কৰাইছিল তোমাক
বিৱাহ-বিচ্ছেদৰ দৰে কঠোৰ সিদ্ধান্ত এটা ল
বলৈ৷

আঁতৰি গৈছিলা তুমি
তোমাৰ সপোনৰ দেশখনলৈ৷ মই ব্যস্ত হৈ পৰিছিলোঁ নতুন ভাইৰাছ এবিধে আক্ৰান্ত কৰা ৰোগীৰ শুশ্ৰুষাত৷ চিকিৎসাৰ নামত
সান্ত্বনাহে আছিল সেয়া৷ মুহূৰ্তে মুহূৰ্তে চৰিত্ৰ সলোৱা ভাইৰাছবিধৰ ঔষধ
, প্ৰতিষেধক
একোৱেই উদ্ভাৱন কৰা সম্ভৱ হোৱা নাছিল৷ অথচ মানুহবোৰে আমালৈ আশাৰে চাইছিল৷ তেনে
এজাক মানুহৰ মাজতেই এদিন সোমাই আহিছিল প্ৰয়াগ৷ তোমাৰ স্বামী৷ সি ভাইৰাছটোৰদ্বাৰা
বৰ বেয়াকৈ সংক্ৰমিত হৈছিল৷ কঁপি থাকিবলৈ লৈছিল মানুহজন৷ তাৰ কোঁৱাৰিৰে ফেনজাতীয়
পদাৰ্থ কেতবোৰ নিৰ্গত হ
বলৈ ধৰিছিল৷ ৱাৰ্ডলৈ ছিফ্ট কৰাৰ পাছত
তাৰ কঁপনি বাঢ়ি গৈছিল৷ উচপিচাই থকা মানুহজন কোনোবা টলকত বেডৰ পৰা পৰি গৈ কঁপালত
আঘাত পাইছিল৷ তেওঁৰ কঁপালেৰে তেজ নিগৰি আহিছিল৷ মই চাই থাকিব নোৱাৰিলোঁ৷ প্ৰ
কল
ভাঙি দাঙি ধৰিলোঁ তেওঁক৷ প্ৰয়াগ তোমাৰ বাবে বিশেষ মানুহ৷ সেই গতিকে মোৰ বাবেও বিশেষ
আছিল সি৷ বিচ্ছেদেতো সম্ভাৱনা শেষ হোৱা নুবুজায়৷ তাৰ কপালৰ ক্ষতখিনি পৰিষ্কাৰ কৰি মলম
লগাই দিলোঁ৷ কিন্তু দিনবোৰেই তেনেকুৱা নাছিল৷ মানুহবোৰ মৃত্যুৰ সৈতে যুঁজি জীৱনক
জয়ী কৰোৱাৰ জোখাৰে শক্তিশালী নাছিল৷ প্ৰয়াগ সৰহদিন জীয়াই নাথাকিল৷

আৰু
মোৰ মা-দেতা
? তেওঁলোকৰ কি হ? কিদৰে আছিল তেওঁলোক অকলশৰে?’ অস্থিৰ হৈ পৰিলোঁ মই৷

তোমাক
মনত পেলাই থাকিলেও ভালেই আছিল মানুহহাল৷ কিন্তু তেওঁলোক
এহাল
হৈ থাকোঁতেহে ভালে আছিল৷ খুৰাদেউ ঢুকোৱাৰ পাছত খুৰীদেউ ভাগি পৰিল৷
উদং পৃথিৱীত একাকী জীৱন দুৰ্বিষহ৷ মই তেওঁক লৈ আহিলোঁ আমাৰ ঘৰলৈ৷ আমৃত্যু তেওঁ মোৰ
মাহৈয়ে থাকিল৷

অনিৰুদ্ধৰ কথাবোৰ শুনি তালৈ ক্ৰমে ক্ৰমে মৰম লাগি আহিবলৈ ধৰিলে মোৰ৷ তাৰ পেনপেনিয়া কথাবোৰ শুনিবলৈকে উত্ৰাৱল হৈ পৰিলোঁ মই৷
তাক লগ পাবলৈ বহি দিলোঁ মই সৌৰশক্তিচালিত বাহন এখনত৷ ভূ-গৰ্ভ এতিয়া খালী৷ খাৰুৱা
তেল
, কয়লা, চূণশিল, একোৱেই
নাই ভূ-তলত৷

তোমাৰ
কথা কোৱাঁ অনিৰুদ্ধ৷ নিজৰ কথা আৰু কিমান শুনিম
?’

কি
শুনিবা মোৰ কথা
? ’অনিৰুদ্ধ অপ্ৰস্তুত হল৷

তুমি
বিয়া পাতিলানে
? ’মই পাতনি নেমেলাকৈ সুধি দিলোঁ৷

হাঁহি উঠিল
অনিৰুদ্ধই৷

কোৱাঁ আকৌ৷’ জোৰ দি ধৰিলোঁ মই৷

পাতিলোঁতো৷

আহত হলো
মই কোনোবাখিনিত৷ অনিৰুদ্ধই বিয়া পাতিলে!

কাক
বিয়া পাতিলা তুমি
?’

তোমাৰ
স্মৃতিক৷ দেখিছাইচোন তোমাৰ স্মৃতি আজিও
অৰ্ধাংগিনী হৈ মোৰ সৈতে আছে ৰৈ৷ থাকিবও শেষলৈ৷

কথাৰ লাচত পাহৰি
গৈছিল সি কাহিবলৈ৷ মই নীৰৱ হৈ যোৱা দেখি সি খুক খুক কৈ কাহিলে এবাৰ৷

অনিৰুদ্ধলৈ এতিয়া
মাত্ৰ পাঁচ কিল’মিটাৰৰ দূৰত্ব৷ অথচ মোৰ এনে লাগিবলৈ ধৰিলে যেন অনন্ত কালৰ পৰা বাটকুৰি
বায়ো ঢুকি পোৱা নাই মই তাক৷

কেশ্যন চাই গৈ গৈ
তাৰ হস্পিতালখন পালোঁ মই৷ পি পি ই কিট পিন্ধা মানুহ কেইজনমানে আগভেটি ধৰিলে মোক৷

আপুনি
ভিতৰলৈ যাব নোৱাৰিব৷ এইটো এটা
কোৱাৰেণ্টাইন জ
ন৷’ তেওঁলোকৰ মাজৰে
এজনে কেটকেটীয়া মাতেৰে ক
লে৷

ৰোগী
চাবলৈ অহা নাই মই৷ ড. অনিৰুদ্ধক বিচাৰিছিলোঁ৷ আছেনে তেওঁ ইয়াত
?’

আছে৷
কিন্তু ডাক্তৰ হৈ নাই তেওঁ
, ৰোগী হৈহে এডমিট হৈছে ইয়াত৷
দিনে-ৰাতি মানুহক সেৱা কৰি শেষত নিজেই বৰ বেয়াকৈ আক্ৰান্ত হৈ পৰিল অনিৰুদ্ধ ছাৰ৷
তেখেত ঘূৰি অহাৰ সম্ভাৱনা ক্ষীণ৷

প্লাষ্টিকৰ
মানুহবোৰৰ মুখত আৱেগ দেখা নাপালোঁ মই৷ পৰিস্থিতিয়ে মানুহবোৰক কঠিন কৰি তুলিছে৷

অনিৰুদ্ধ
ঘূৰি নাহে! কিন্তু মইতো আগুৱাই যাব পাৰোঁ তাৰ ওচৰলৈ৷

নাযাব৷
নাযাব৷ গ
লে আপুনিও সংক্ৰমিত হব৷

মই সিহঁতৰ বাধা
নামানি সোমাই গ
লোঁ অনিৰুদ্ধ থকা কেবিনটোলৈ৷ কেইবাটাও যন্ত্ৰই ধৰি ৰাখিছিল
তাৰ উশাহৰ অৱশেষকণ৷

কেবিনত সোমায়েই মই
তাৰ গাত উবুৰি খাই পৰিলোঁ৷ সি তাঁৰ লগোৱা হাতখন কোনোমতে তুলি ধৰি সাবটি ধৰিলে মোক৷
আমি তেনেদৰেই পৰি ৰ
লোঁ সময়ৰ হিচাপ নকৰাকৈ৷

….


শিৱাংগী৷
শিৱাংগী৷

ডাক্তৰ শুক্লবৈদ্যই
কেতিয়াৰ পৰা মাতি আছিল মোক ধৰিব পৰা নাছিলোঁ৷

ভাল
খবৰ আছে এটা শিৱাংগী৷ তোমাৰ
RAT ৰিপ
ৰ্টত কভিড নিগেটিভ
আহিছে৷ আৰু এটা ভাল খবৰ আছে৷ তোমাৰ মাৰা আৰু দেউতাৰাই গাড়ী লৈ তোমাক নিবলৈ আহিছে৷

ডাক্তৰ শুক্লবৈদ্যলৈ মই
আশাৰে চালোঁ
‘আৰু কোনো অহা নাই?’


য়েছ৷ লৰা এটা আহিছে৷ ইনফেক্ট সি তুমি ইয়াত
থকাৰপৰা সদায়েই আহি আছে৷ কিন্তু ভিতৰলৈ অহাৰ অনুমতি নথকা বাবে সি সদায় বাহিৰৰ পৰাই উভতি
গৈছিল৷

প্ৰয়াগ
নেকি তাৰ নাম
? ’মই নিশ্চিত হবলৈ সুধি
চালোঁ৷

নহয়৷
কি জানো আছিল তাৰ নামটো!
’ শুক্লবৈদ্যই মূৰ খজুৱায়৷

অনিৰুদ্ধ৷’ কৈ উঠিলোঁ মই৷


কলেজ কেণ্টিনত
অনিৰুদ্ধই প্ৰপ
জ কৰাৰ পাছদিনাই মোৰ জ্বৰ উঠিছিল৷ টেষ্ট কৰোঁতে ওলাল কভিড
পজিটিভ৷ তাৰ পাছত কোৱাৰেণ্টাইন
, ডাক্তৰ শুক্লবৈদ্য, ঔষধ, পথ্য আদি চলি থাকিল৷ মই থকা ৱাৰ্ডটোলৈ নিতৌ নতুন
ৰোগী আহে
, পুৰণিখিনি উভতি যায়৷ কিছুমান ৰোগী কেৱল আহে৷ উভতি
নাযায়৷ হেৰাই যায়৷ দৃশ্যবোৰে মোক শুবলৈ দিয়া নাছিল বহুৰাতি৷ ডাক্তৰক কোৱাত
অনিচ্ছা সত্তেও তেওঁ দিলে মোক শ্লিপিং টেবলেট এটা৷ সেই কণমানি টেবলেটটোৱে লৈ গ
ল মোক ২০৭০ খ্ৰীষ্টাব্দলৈ৷ চেতন-অচেতন অৱস্থাৰ স্বপ্নৰ পৃথিৱীখনৰ পৰা উভতি
আহিবৰ পৰত মই বুকুত প্ৰোত্থিত কৰি আনিলোঁ অনিৰুদ্ধৰ এখন নেদেখা ছবি৷

অনিৰুদ্ধৰ প্ৰেমৰ
প্ৰস্তাৱটোৰ উত্তৰ দিয়া হোৱা নাছিল মোৰ৷ সি মোৰ সৈতে বাঢ়িব বিচাৰিছিল৷ মোৰ সৈতেই
হেৰাই যাব খুজিছিল৷ মই কি বিচাৰোঁ
, সি আঁঠু কাঢ়ি
সুধিছিল৷ উত্তৰ দিয়া নাছিলোঁ মই৷ সি আঁতৰি গৈছিল নীৰৱে৷ ফোনত তাক বহু কিবাকিবি বকিছিলোঁ
সিদিনা৷

ৰাতিলৈ মোৰ তীৰকঁপে
জ্বৰ উঠিছিল৷

হস্পিতালৰ পৰা ওলাই
গাড়ীত বহিবৰ পৰত অনিৰুদ্ধ আঁতৰত ৰৈ মোলৈ চাই আছিল৷ মই গাড়ীত উঠি দিয়ালৈ সি মোলৈ
চায়েই আছিল৷ গাড়ীখনে গতি লোৱাৰ আগতে মই গাড়ীৰ খিৰিকীখন নমাই দি তালৈ চাই চিঞৰি ক
লোঁ-

য়ে…ছ…৷


 


ঠিকনা :

বিলাসীপাৰা, ধুবুৰী-৭৮৩৩৪৮ 

ভ্ৰাম্যভাষ –
৯১০১৭৫২৯৪২