জখলা

 গুণ মৰাণ

 

দেখি আছোঁ

দেখি আছোঁ

 

জখলা তুমি দয়ালু

 

নিজৰ কান্ধ পাতি

আনক তুলি আছা

ওপৰলৈ

 

 নামাতোঁ

 নামাতোঁ

 সাক্ষী হৈ চাই আছোঁ নিলগত ৰৈ

 

চুকতে খাই  বুকুতে ভৰি থৈ তেৰাসৱ
যাবগৈ

যিদিনা উঁয়ে খাই তোমাকো ফোপোলা কৰি পেলাব

পৰি থকা ঠাইৰ পৰা ময়ো

কথা দিছোঁ, কথা দিছোঁ

সিদিনা নেদেখাৰ ছলেৰে আঁতৰি থাকিম

তোমাৰ ওৰণিৰ মান ৰাখিবলৈ 


দেই

 ***

ফোন : ৯৬৭৮৫ ৭২২৬৭

ইমেইল : gunagelakey85@gmail.com