জীৱন বিচাৰি

 পাপৰি গোস্বামী

 

মোৰ মনত আছে, প্ৰথমবাৰৰ
বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ
নাছিল৷ অৱশ্যেই, দুই-তিনি মহলীয়া কেবাটাও
  ঘৰ নিৰ্মিয়মান
অৱস্থাত আছিল৷
  অটোচালকজনে আমি কোৱা মতে নিৰ্দিষ্ট
ঠিকনালৈ লৈ আহিছিল৷
  পুৰণি কাঠৰ  দুমহলীয়া
ঘৰটোৱেই আমি বিচাৰি অহা ঠিকনাটো৷ প্ৰকাশৰ সৈতে মোৰ বিয়াৰ চাৰি মাহো হোৱা নাছিল তেতিয়া৷
 প্ৰকাশৰ
ট্ৰেন্সফাৰৰ খবৰটো পাই দেউতাই ফোনযোগে জনাইছিল যে চহৰখনত দেউতাৰ সম্পৰ্কীয় মোমায়েকৰ
এটা ঘৰ আছে৷ এনেয়ে তাত কোনো নাথাকে এতিয়া৷ ঘৰটো চোৱা-চিতা
  কৰাৰ বাবে  ল’ৰা এটা
ৰাখি থৈছে৷ মাজে মাজে মোমায়েকে ব্যৱসায়ৰ কামত অহা-যোৱা কৰি থাকে৷ তাত গৈ পাই যেন জোঁৱায়েকৰ
সৈতে মই গৈ এবাৰ দেখা কৰোঁ৷
 তিনিটা কোঠালিৰ ভাড়াঘৰটো
থান-থিত লগাই আমি দেউতাই দিয়া ঠিকনামতে ককাদেউতা মানে দেউতাৰ সম্পৰ্কীয় মোমায়েকক দেখা
কৰিবলৈ আহিছিলোঁ৷
 

       

অটোচালকক বিদায় দি
গেটখন খুলি ভিতৰলৈ সোমাই অলপ অপ্ৰস্তুত হ’লোঁ৷ দিনৰ এঘাৰ বজাতো ভিতৰখন প্ৰায়
 অন্ধকাৰ৷ কলিং বেলটো বজাই দিয়াত এজন  পঁচিশ-ছাব্বিশ বছৰীয়া ল’ৰাই খটখটিৰে নামি
আহিল৷ আমি দেউতাৰ মোমায়েকৰ মানে মোৰ ককাদেউতাৰ লগত মোৰ সম্পৰ্কৰ কথা কোৱাত আথে-বেথে
মাতি ওপৰলৈ লৈ গ’ল৷ প্ৰথম কোঠাটো
 আলহী বহা
কোঠা৷ তাতেই আমাক বহিব দি ক’লে যে ককাদেউতা অলপ দৰকাৰী কামত ওলাই গৈছে৷
  আধাঘণ্টামান পিছতে আহি পাব৷ আমি যোৱা কথাটো হয়তো দেউতাই জনাইছিল৷ ভগীৰথ,
মানে ল’ৰাজনৰ কথাবতৰাৰ পৰা
 তেনে অনুমানেই
হ’ল৷ ককাদেউতাই হেনো সেইদিনা ৰাতিয়েই কলকাতালৈ যাব৷
 অলপ সময় পিছতে ভগীৰথে চাহ-জলপানেৰে ভৰা ট্ৰে এখন আনি সন্মুখৰ
টেবুলত থ’লে৷ বৰ কথকী ল’ৰাজন৷
 কথাই কথাই
ওলাল যে, ভগীৰ ঘৰ
 প্ৰকাশহঁতৰ মোমায়েকৰ
কাষৰ গাঁওখনতে৷
 

কমেও পঞ্চাশবছৰীয়া ঘৰটো দেখিলে এনে লাগে যেন কেৱল ব্যৱসায়িক
স্বাৰ্থতহে ঘৰটো
  সজা হৈছিল৷ সাধাৰণতে,
পুৰণি অভিজাত পৰিয়াল কিছুমানৰ কাঠৰ দুই-তিনিমহলীয়া ঘৰবোৰ
 যেনেধৰণৰ হয়, এই ঘৰটো ঠিক তেনে নাছিল৷ তলৰ মহলাত কোঠা বুলিবলৈ
কেৱল এটাই৷
 এফালে দুটা গা ধোৱা
ঘৰ আৰু শৌচালয়৷ বাকী অংশ খালী৷ হয়তো গাড়ী
 ৰাখিবলৈ
ব্যৱহাৰ হয়৷
 তলত থকা কোঠাটো বেচ ডাঙৰেই৷ ষ্টোৰৰুম হিচাপে ৰখা হৈছে৷ কাষেৰে ওপৰ মহলালৈ কাঠৰ খটখটি৷ ওপৰত  তিনিফালে দীঘল বাৰাণ্ডা লোহাৰ ৰেলিং দিয়া৷
এফালে খোলা৷
 পাকঘৰটো মিলি মুঠতে
পাঁচটা কোঠা৷ প্ৰতিটো কোঠাৰ পৰাই বাৰাণ্ডালৈ একোখন দুৱাৰ৷ অৰ্থাৎ,
 কোঠাবোৰ কোনোটোৰ লগতে কোনোটো সংলগ্ন নহয়৷

 

ককাদেউতালৈ অপেক্ষা
কৰি থকা সময়খিনিতে
 প্ৰকাশৰ লগত ভগীৰথৰ
বন্ধুত্ব হৈ গৈছিল৷ মই বাৰাণ্ডালৈ ওলাই আহি চাৰিওফালে চাই থাকোঁতে হঠাতে এটা কোঠাৰ
দুৱাৰ খুলি এগৰাকী পুৰুষ ওলাই আহিল৷ মই চক্ খাই উঠা বুলি গম পাই তেওঁ বৰ নম্ৰভাৱে মোৰ
মুখলৈ চাই লাহেকৈ ক’লে, ‘ছৰী’৷
  অবিনস্ত্য
কেকোঁৰা দীঘল চুলিৰে
 পিন্ধনত
জিনছ্ আৰু
 জোখতকৈ ডাঙৰ বগা কামিজ৷ বয়স হয়তো চল্লিছৰ ওচৰে পাজৰে৷ হাতত কাগজৰ দীঘল নুৰা আৰু কান্ধত
দীঘল কাপোৰৰ মোনা এটা লৈ মানুহজনে এইবাৰ ভগীক চিঞৰি
 তেওঁৰ যে আহোঁতে পলম হ’ব কৈ কৈ খৰধৰকৈ খটখটিৰে নামি গ’ল৷ ভগীয়ে  মানুহজন যোৱাৰ পিনে চাই কিবা ভোৰভোৰালে৷ দেখিলেই বুজিব পাৰি
যে ভগী মানুহজনৰ প্ৰতি অলপ অসন্তুষ্ট৷

ককাদেউতাই আমাক পাই
বৰ ভাল পালে৷ দেউতাৰ সৈতে
 জড়়িত পুৰণি
স্মৃতি ৰোমন্থন কৰিলে৷
  এই ঘৰটোৰ
বিষয়ে, ভগীৰ পৰিচৰ্য্যাৰ বহু কথা
 ক’লে যদিও
ঘৰটোত থকা তৃতীয় ব্যক্তিগৰাকীৰ বিষয়ে একো নকলে, ময়ো নুসুধিলোঁ৷ পিছলৈকেও তেখেত থকা
দিনকেইটাত
 প্ৰায়েই আমি গৈছিলোঁ৷  পৰিৱেশটো সহজ কৰি তুলিছিল ভগীৰ আত্মীয়তাই৷ দ্বিতীয় নে তৃতীয়
দিনা
 মানুহজনৰ সৈতে ককাদেউতাই
চিনাকি কৰি দিছিল৷ তেওঁ এগৰাকী
  চিত্ৰকৰ
আছিল৷
  আৰ্ট স্কুল দুখনমানত
ক্লাছ লয়৷ ইতিমধ্যেই চিত্ৰকৰ হিচাপে
 ৰাজ্যত তেওঁ
কিছু খ্যাতি লাভ কৰিছে৷
 তাৰোপৰি,
কেইবাখনো আলোচনীৰ সম্পাদনাৰ লগতো জড়িত হৈ আছে৷ কোঠাবোৰ এনেয়ে পৰি থাকে বাবে ককাই থাকিবলৈ
দিছিল৷
  কেৱল খোৱা-বোৱাৰ খৰচ কিবা এটা দিব বুলি বন্দোৱস্ত হৈছিল যদিও
চিত্ৰকৰে কেতিয়াও দিয়া নাছিল৷ এই লৈ ভগীৰ অসন্তুষ্টি৷ তাৰোপৰি, ককা নথকা দিনবোৰত চিত্ৰকৰে
হেনো ভগীৰ ওপৰত মালিকীস্বত্ব খটুৱাই৷ এয়া ভগীৰ কথা৷

ককাদেউতা নথকাৰ দিনতো ভগীৰ অনুৰোধত ঘৰটোত আমি মাজে মাজে গৈ থাকিলো৷
লাহে লাহে চিত্ৰকৰ আমাৰ সৈতে সহজ হৈ পৰিছিল৷ সন্ধিয়া সময়ত গ’লে তেখেতক প্ৰায়েই ল’গ
পাইছিলোঁ৷ কোঠাৰ পৰা ওলাই আহি আমাৰ সৈতে বহে৷ তেওঁৰ কথা-বতৰাবোৰে বিভিন্ন বিষয়ৰ মাজেৰে
গৈ গৈ শেষত চিত্ৰক’লাৰ ওপৰতে ৰৈ যায়৷ স্বাভাৱিকতে, প্ৰকাশ বিৰক্ত হয় আৰু তেওঁ ভগীৰ
লগত কথা পাতিবলৈ চেলু একোটা উলিয়াই লৈ বাহিৰলৈ ওলাই যায় ৷

   : তুমি   ভিন্সিৰ  ‘ দ্য ভাৰ্জিন অৱ দ্য ৰ’ক’  চিত্ৰখন দেখিছানে?

তেওঁ সুধিছিল৷ ইতিমধ্যে,
বয়সত যথেষ্ট সৰু বুলি জানি
  ‘তুমি’
সম্বোধনলৈ আহিছিল৷ মই কান্ধ দুটা জোকাৰি কৈছিলোঁ

:  না, মই কেৱল  ‘ম’নালিজা’ আৰু ‘দ্য লাষ্ট চাপাৰ’ এই দুখন হে দেখিছোঁ৷

 :  মোৰ হিচাপে ‘দ্য ভাৰ্জিন অৱ দ্য ৰ’ক’ চিত্ৰখন ভিন্সিৰ  সৰ্বোত্তম কৃতি৷ কিন্তু, তুমি বা বিশ্বৰ
প্ৰায় সকলোৱে ভিন্সিক তুমি উল্লেখ কৰা চিত্ৰ দুখনেৰে হে চিনি পায়৷
 

ভেন গ’গৰ পৰা এম
এফ হুছেইনলৈকে মহান চিত্ৰকৰসকলৰ জীৱন দৰ্শনৰ সৈতে চিত্ৰসমূহৰ বিষয়বস্তুৰ মিল-অমিলৰ
ওপৰত একো একোটা গুৰু গম্ভীৰ বক্তব্য ৰাখে৷ মুৰ দুপিয়াই থকাৰ বাদে একো
  কৰিবলগীয়া নাছিল মোৰ৷

  

এদিন আমাক তেওঁৰ
কোঠালৈ মাতি
  নিছিল৷  এজনীয়া সৰু বিচনা এখন , টেবুল এখন আৰু দুখন চকীৰ বাহিৰে বেলেগ আচবাব
নাছিল৷ চাৰিওফালে বিশৃংখলভাৱে পৰি আছিল ৰং, ব্ৰাছ, কেনভাছবোৰ৷ দুখন মান অসমাপ্ত
 কেনভাছ মজিয়াত পৰি আছে৷ বিচনাখনৰ বিপৰীত দিশৰ বেৰত এগৰাকী  বিশ-একৈশ বছৰীয়া যেন লগা সুন্দৰী নাৰীৰ
ছবি৷
  চকু দুটা সাগৰৰ
দুচামুচ নীলা৷ বগা চেলোৱাৰ কামিজ পৰিহিতা নাৰীৰ নীলা ওৰণাখনে বুকুৰ এফাল ঢাকি আছে৷
ঢৌ খেলা কজলা
 ঘবৰণীয়া দীঘল চুলি,
কাণত মুক্তাৰ কাণফুলি৷ স্নিগ্ধ, সৌম্য ৰূপ এটা৷ বিশৃংখলতাৰে ভৰি থকা কোঠাটোত যেন খাপ
নোখোৱা কিবা এটা৷
 

  : কোন এখেত?

  ছবিখনলৈ চাই থাকি মই সুধিছিলোঁ৷ 

: এয়া মোৰ প্ৰেমিকা৷
মোৰ প্ৰেৰণা৷ মোৰ কৰ্ম, মই জীয়াই থকাৰ প্ৰেৰণা৷
 

এক প্ৰকাৰ নাটকীয়
ভংগীৰে তেওঁ কৈছিল৷
 মনতে তেওঁৰ সৈতে ছবিৰ নাৰী গৰাকীৰ বয়স মিলাই চাইছিলোঁ৷ ভগীয়ে চাহ লৈ আহিছিল৷ 

 :  ইহ, বেটা
চল্লিছ বইছৰা বুঢ়া এটা৷ তাক আৰো লাগে আশ্বৰ্য্য ৰাইক৷
  দুইদিন পাছত দেৱদাস হৈ ঘূৰি ফুৰবি যা… ৷ 

ভগীয়ে ভোৰভোৰাইছিল৷ ভগীৰ কথাকেইটাই আমাক বহুদিনলৈ
হাঁহিৰ খোৰাক দিছিল৷
 ভগীয়ে কোৱা
মতে,
ছোৱালীজনীয়ে হেনো
চিত্ৰকৰৰ
পৰা প্ৰশিক্ষণ
লৈছিল৷ সেয়াই আৰম্ভণি, মাহেকে পষেকে ছোৱালীজনীয়ে ইয়ালৈ আহে৷ সেই দিনবোৰত চিত্ৰকৰে পাকঘৰত
ভগীৰ ঠাই লয়৷ প্ৰেমিকাক সন্তুষ্ট কৰাৰ চেষ্টা কৰে৷ খোৱা-শোৱা বাদ দি বহুকেইখন ছবি কেৱল
ছোৱালীজনীৰ বাবেই আঁকিছে৷ পিছে ছোৱালীজনীয়ে হেনো চিত্ৰকৰক জখলা হিচাপেহে
 ব্যৱহাৰ কৰিছে৷ 

প্ৰায় এবছৰত ঘৰটো
আৰু ভগীৰথ
 আমাৰ আপোন যেন হৈ
পৰিছিল৷ ইতিমধ্যে, প্ৰকাশৰ পুনৰবাৰ ট্ৰেন্সফাৰৰ অৰ্ডাৰ হৈছিল৷
 এইবাৰ পোষ্টিং অসমৰ বাহিৰত হৈছিল৷ ঠাইখন এৰাৰ
আগদিনা শেষৰবাৰৰ বাবে ঘৰটোলৈ গৈছিলোঁ৷ ককা নাছিল৷
 ভগীৰ কাৰণে কিবা কিবি উপহাৰ লৈ গৈছিলোঁ৷ ভগীয়ে শেষৰ বাৰৰ বাবে
জুতি লগাকৈ মাছৰ টেঙা আৰু কলফুলৰ ঘণ্ট ৰান্ধি খুৱাইছিল৷
 ৰাতি ভালেমান হৈছিল৷ বহুপৰ ৰৈ আছিলোঁ চিত্ৰকৰৰ বাবে৷ কিন্তু
তেখেত
 আহি নোপোৱাত আমি
গুচি আহিলোঁ৷ পিছদিনা, ভগীয়ে
 আমাক বিদায়
দিবলৈ আহি এটা পেকেট মোৰ হাতত দি কৈছিল,
 

“বুঢ়াটুই দিছি দেখুন তুমাক গেলি”৷ 

দুখন তেখেতৰ সম্পাদনাত
প্ৰকাশিত আলোচনী৷ তাৰ মাজত এখন তেওঁ নিজে অঁকা ছবি৷
 তলত সৰুকৈ লিখা আছে “দ্য ভাৰ্জিন অৱ দ্য ৰ’ক”, জাষ্ট ট্ৰায়িং৷. 

বহুদিনলৈ ভগীৰ সৈতে
ফোনেৰে যোগাযোগ চলি আছিল৷ চিত্ৰকৰৰ ওপৰত তাৰ বিৰক্তি হয়তো চৰম পৰ্য্যায় পাইছিল৷ ভগীৰ
কথাবোৰত গম পাইছিলোঁ৷ তাৰ পাছত লাহে লাহে যোগাযোগ কমি আহিছিল৷ লেণ্ডলাইন ফোনবোৰো নোহোৱা
হ’বলৈ ধৰিছিল৷
 এবাৰ ঘৰলৈ যাওঁতে
শুনিছিলোঁ ককাদেউতা হাৰ্ট এটেক হ’ল৷ ঘৰটোৰ স্বত্ব লৈ
 পৰিয়ালৰ মাজতে কিবা কেছ  চলি আছে৷ ভগীৰথে  হেনো  গুৱাহাটীত অটোৰিক্সা চলায়৷  পিছত বহুবাৰ চেষ্টা কৰিও ভগীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলোঁ৷ 

 

প্ৰায় বাইছ বছৰ পিছত
ঘটনাক্ৰমে ঠাইখনলৈ আহিলোঁ৷
 বহুত সলনি
হৈছে ঠাইখন৷ মনত পিছে পুৰণি কথাবোৰ সজীৱ হৈ পৰিল৷ পুৰণি কাঠৰ দুমহলীয়া ঘৰটোৰ ঠাইত
এতিয়া বাৰমহলীয়া এপাৰ্টমেণ্ট এটা৷ কাষৰ ঘৰবোৰো চিনিব নোৱাৰা৷
 চিত্ৰকৰৰ আৰ্ট স্কুলখন এতিয়াও তেনেদৰেই আছে৷ আমাৰ সন্মুখেৰে কেইটামান ল’ৰা-ছোৱালী ওলাই গ’ল৷ হয়তো  ক্লাছ শেষ হৈছিল৷ সোমাই গ’লোঁ৷ বাইছ বছৰ আগত যেনেদৰে পাইছিলোঁ, ঠিক তেনে হৈয়েই আছে তেখেত৷ দুটাকৈ যুগে যেন একো প্ৰভাৱ পেলাব পৰা নাই
তেখেতৰ ওপৰত৷
 আমাক দেখি উৎফুল্লিত
হৈ উঠিল৷ ভগীৰ কথাও ওলাল৷ দুটা কোঠাৰ ঘৰটোৰ
 এটা কোঠাত
আৰ্ট ক্লাছ কৰে৷ আনটোত তেওঁৰ ব্যক্তিগত
 অকলশৰীয়া
জীৱন৷ একেই বিশৃংখল কোঠা এটা৷
 এচুকত ৰন্ধা-বঢ়াৰ
ব্যৱস্থা৷ দৈন্যতাৰ চিন পৰিস্ফুট৷ মোৰ মন গৈছিল তেওঁৰ প্ৰেমিকাৰ বিষয়ে জানিবলৈ৷
 কোঠা দুটাৰ চাৰিওফালে চকু ফুৰালোঁ৷ বিচাৰি
থকা ছবিখন নেদেখিলোঁ৷ হঠাতে এখন কেনভাছত কিশোৰী এগৰাকীৰ অসম্পূৰ্ণ ছবি৷ চকু দুটা চিনাকি
চিনাকি লাগিল৷ মনত পৰাৰ দৰে মই তেওঁৰ চকুলৈ চালোঁ৷

 “মোৰ প্ৰেমিকা৷
মোৰ তপস্যা৷ জীয়াই থকা বাসনা”
 তেওঁ ক’লে৷ একেই নাটকীয় ভংগীৰে৷  চকু দুটাত এক উজ্জ্বল তিৰবিৰণি৷ 

 “অৰ্ধ সম্পূৰ্ণ যে..!” 

নিজেই যেন নিজকে
ক’লোঁ৷
 

“এইখন কেতিয়াও সম্পূৰ্ণ
কৰা নহ’ব৷ আৰু
  সম্পূৰ্ণ নোহোৱালৈকে
মোৰ তপস্যা চলি থাকিব৷”
 

তেওঁৰ উত্তৰত অন্তহীন
উদ্দীপনা৷
 

সন্মোহিত হৈ চাই
ৰ’লোঁ৷ প্ৰেমে কি কৰিব নোৱাৰে..!
 

উভতি আহি থাকোঁতে
প্ৰকাশে ভগীৰথে
  কোৱাৰ দৰে কৈ  হাঁহিলে , “বেটা ষাঠি বইছৰা বুঢ়া, তাক লাগে
আলিয়া ভট্টক”৷
 

মই তেতিয়া চিত্ৰকৰৰ
তিৰবিৰাই থকা চকু দুটাত জীৱনটো বিচাৰি আছিলোঁ৷
 

                  

*****

ঠিকনা :

 

পাপৰি গোস্বামী 

গোলোকগঞ্জ, ধুবুৰী 

ফোন নম্বৰ : ৯৭০৬৯১১৫৩৩

                    ৭০০২৬২০৫০০