বাঘিনীৰ সত্য জীৱন কাহিনী

   বাঘৰাণী খইৰী

মূল : অখিল মোহন পট্টনায়ক
অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম


সেইদিনা ৰাতি
হৰিশে মোক জগাই খইৰীয়ে তাক কামোৰাৰ কথা জনোৱা নাছিল৷ কাৰণ সি জানিছিল যে কৰ্তব্যৰ
সময়ত সি খইৰীক পহৰা নিদি শুই আছিল বুলি জানিলে তাৰ ওপৰত 
মই বিৰক্ত হম আৰু গালি পাৰিম।

ৰাতিপুৱা টোপনি
ভগাৰ পাছতহে মই এই কথা জানিলোঁ। গৈ দেখিলোঁ যে পুৱা পাঁচ বজাতে খইৰী শুই উঠিলে। তাই
ম্বুৰ লগত খেলি আছিল। তাইৰ মুখ আৰু অংগী-ভংগীৰপৰা সামান্যও জানিব পৰা হোৱা
নাছিল যে যোৱা ৰাতি তাই এটা গুৰুতৰ অপৰাধ কৰি পেলাইছে। তাইক দেখি ভাব হৈছিল
,
ৰাতিপুৱা টোপনি ভগাৰ পাছত তাই হয়তো ভাবি লৈছিল যে, কালি ৰাতি একো ঘটাই নাই, বা যি ঘটিছিল, সেয়া বিশেষ একো নহয়, মাত্র এটা গুৰুত্বহীন দুঃস্বপ্ন আৰু
সেইটো পাহৰি যোৱাই ভাল।

শুনিলোঁ সেইদিনা
ৰাতিপুৱাও জম্বুৰ লগত খেলি থকা সময়ত তাই মাজে মাজে শূন্যলৈ মুখ মেলি হামি
মাৰিছিল। সেইদিনা ৰাতিপুৱাও তাই
 আগদিনাৰ দৰে বহুত সময় ধৰি জম্বুৰ সৈতে খেলিছিল।
মাত্র ঠিক ছয় বাজি ন মিনিটত হঠাৎ তাই জ
ম্বুৰ লগত খেল সেইখিনিতে বন্ধ
কৰি একোণত থকা এজোপা শুকান শালগছৰ ওচৰলৈ গ
ল আৰু গছজোপাৰ
গুৰিটো কামুৰি নেফা-নেফ কৰি পেলালে। তাৰ পাছত শূন্যত আকৌ এবাৰ এটা দীঘল হামি মাৰি গৈ
কামুৰি ধৰিলে বহুদিনৰপৰা পৰি থকা এটা পুৰণা জীপৰ টায়াৰ। টায়াৰটো মুখেৰে কামুৰি
ধৰি তাই ইফালে-সিফালে অস্থিৰভাৱে ঢপলিয়াই থাকিল কিছু সময় আৰু তাৰ পাছত এঠাইত
সেইটো তলত পেলাই দি সেইটো হিংস্রভাৱে মাৰি
, আঁকুহি-বিদাৰি
টুকুৰা টুকুৰ কৰি পেলালে।

মাত্র
দুর্ভাগ্যবশতঃ খইৰীৰ এনেকুৱা বিচিত্র ব্যৱহাৰৰ মই প্রত্যক্ষদর্শী নাছিলোঁ। মটৰ
টায়াৰ মুখেৰে কামুৰি ধৰি খেলা খইৰীৰ বাবে অৱশ্যে নতুন নাছিল। মাত্র টায়াৰটো
কামুৰি ছিঙি খণ্ড খণ্ড কৰা সেয়াই আছিল প্রথম। বাঘা কুকুৰ পোৱালিটো আছিল তাইৰ খুব
আপোন। আশী চনৰ নৱেম্বৰ মাহত বাঘাৰ আকস্মিক মৃত্যু হোৱাৰ পাছত তাই জ
ম্বুৰ প্রতি আকর্ষিত হৈছিল আৰু তেনেকৈয়ে লাহে লাহে জম্বু হৈ পৰিছিল তাইৰ নিকটতম আত্মীয়। তেতিয়াৰ পৰাই সময় পালে তাই জম্বুৰ লগতে খেলিছিল আৰু তাক আদৰ কৰিছিল।

আমি জনা নাছিলোঁ
যে তেতিয়ালৈকে ভয়ানক জলাতংক ৰোগৰ বীজাণুৱে খইৰীৰ মস্তিষ্ক দ্রুতগতিৰে গ্ৰাস
কৰিছিল। ক্রমে তাইৰ অস্থিৰতা প্রকাশ পাইছিল। জলাতংক ৰোগৰ বিশেষত্ব হৈছে
,
মস্তিষ্কৰ সেইবোৰ অংশক বেছি আক্রান্ত কৰে
, যি অংশ আক্রান্ত
হলে প্রাণীটো অতিষ্ঠ হয়
, হিংস্র আচৰণ কৰে, আনকি খুব আপোনাজনকো কামোৰে। গতিকে দেখা যায় যে পগলা হ
লে কুকুৰে তাৰ
মালিককে প্রথমে কামোৰে। পগলা সিংহই তাৰ নিজৰ পোৱালিকে প্ৰথমে চোবাই খায়। নন্দন কাননত
এবাৰ-দুবাৰ এনে ঘটনা ঘটাৰ কথা মই জানো।

পাছদিনা পুৱা তাই
ম্বুৰ লগত খেলিছিল প্রায় ন মিনিট। এইবাৰ সেয়া দেখাৰ সৌভাগ্য মোৰ হৈছিল আৰু
মই সিহঁতে খেলি থকা অৱস্থাৰ ৰঙীন ফটো প্রায় তিনি মিনিট ধৰি উঠাইছিলোঁ। সেই সময়ত
মই বাৰু জানিছিলোঁ নেকি যে জ
ম্বুৰ তাইৰ সেই খেল হব এই জন্মত সিহঁত দুয়োৰে শেষ খেল।

ৰাতিপুৱা প্রায়
চাৰে আঠ বজাত খইৰীৰ কাৰণে খোৱা লৈ আনিছিল তাইৰ মাকে। খইৰীৰ কিজানি ভোক লাগিছিল।
বিনা প্রতিবাদেৰে তাই মাকৰ হাতৰ পৰা খালে আৰু তাইৰ আনন্দ প্রকাশ কৰিলে। মই
ধেমালিতে ওচৰতে থকা পানী এবাল্টি তাইৰ গা-ত ঢালি দিলোঁ। লক্ষ্য কৰিলোঁ
, তাইৰ
বেছ খুশ হৈ মোৰ দুষ্টামি উপভোগ কৰিছে। মই পানী বাল্টি তাইৰ গা-ত ঢালি দিয়াত তাইৰ
মাকে মোৰ ওপৰত কপট খং প্ৰকাশ কৰিছে আৰু তাৰ পাছত
, “আই ঐ,
মোৰ ভাল ছোৱালীজনীৰ চর্দি লাগি যাব অ

বুলি কৈ তাইৰ তিতা পিঠিটো মোহাৰি। দিবলৈ ধৰিলে। মই আনন্দৰে লক্ষ্য
কৰিলোঁ
, খইৰীয়ে আৰামত চকু মুদি দিছে। আৰু মাকৰ হাতৰ কোমল
স্পর্শ উপভোগ কৰিছে।

কিন্তু দিনৰ
প্রায় দুই বজাত তাই
ভাইনাক জপটিয়াই
ধৰিলে। খইৰীৰ দাঁতৰ চেপাত ভাইনাই চি
কাৰ কৰি উঠাত হঠাৎ চক
খাই এৰি দিলে আৰু হৰিশক সেইদিনা ৰাতি কামুৰি দিয়াৰ পাছত হৰিশে চিঞৰি উঠাত তাক এৰি
দি যিদৰে তললৈ মূৰ কৰি চু
প্-চাপ্ থিয় হৈছিল, তেনেদৰেই থিয় হল। ভাইনাৰ চিৎকাৰ শুনি আমি দৌৰি আহিলোঁ
আৰু দেখিলোঁ খইৰীয়ে অপৰাধীৰ দৰে থিয় হৈ আছে। মই খইৰীলৈ বিৰক্তিৰে চালোঁ। তাৰ পাছত
আমি ভাইনাৰ ক্ষতস্থানত ডেটল লগাই দিলোঁ আৰু তাৰ ওপৰত ছালফা নিল
মাইড পাউদাৰ ছটিয়াই দিলোঁ। তাৰ পাছত মই খইৰীৰ ওচৰলৈ গলোঁ আৰু তাইক ঠিক বকিলোঁ। খইৰী কুঞ্চিত হৈ ৰৈ আছিল।

সেইদিনা আবেলি
খইৰীয়ে আকৌ এটা অঘটন কৰিলে। এছিষ্টেণ্ট্ ফিল্ড ডিৰেক্টৰ বিত্তনাথ নায়কক তাই
কামুৰি দিলে। বিত্তনাথৰ লগত খইৰীয়ে
মাজে মাজে খেলে। তেওঁক দেখিলেই খইৰীয়ে আনন্দিত হৈ ঢপলিয়াই আহে আৰু তেওঁৰ
পেণ্টত মুখ ঘঁহে। কেতিয়াবা তাই আগঠেং দুটা তেওঁৰ কান্ধৰ ওপৰত উঠাই দি আদৰ কৰে আৰু
মৰম বিচাৰে। মাত্র সেইদিনা আদৰ কৰা দূৰৰ কথা
,
তেওঁৰ কান্ধত কামোৰ মাৰি ধৰিলে। আগতে হৰিশক কামুৰিছিল। তাৰ পাছত
শুকান শালগছ আৰু পুৰণা জীপৰ টায়াৰ কামুৰি নেফা-নেফ কৰিছিল। তাৰ পাছত আকৌ ভাইনাক
কামুৰিছিল। এইবাৰ আকৌ কামুৰিলে বিত্তনাথক। খইৰীৰ ডাঙৰ কুকুৰ দাঁতৰ দুই ছেণ্টিমিটাৰ
তেওঁৰ কান্ধত সোমাই গৈছিল।

খইৰী আছিল মোৰ অতি স্নেহৰ দুহিতা। তাই কেতিয়াও
আমাৰ বিশ্বাস নষ্ট হোৱা ধৰণৰ ব্যৱহাৰ কৰা নাছিল। সেয়ে বিত্তনাথক কামোৰাটো মই সহিব নোৱাৰিলোঁ।
মই তাইৰ নাক ডেওনাত জোৰেৰে পিটিবলৈ ধৰিলোঁ। তাইৰ পিছঠেঙেৰে দুই-চাৰিখোজমান পাছুৱাই
পাছুৱাই যোৱাৰ পাছত বিত্তনাথৰ বাহুটো এৰি দিলে। অহাৰ দিন ধৰি ইমান ডাঙৰ হোৱালৈকে
খইৰীক কেতিয়াও ইমান জোৰেৰে মৰা নাছিলোঁ। মোৰ নিজকে বৰ দোষী দোষী লাগিল।

কিছু সময়ৰ পাছত মই খইৰীৰ ওচৰলৈ আহিলোঁ। তাই কেনে
যে এক দুষ্টামিভৰা চকুৰে মোলৈ চালে। তাই বাৰু জানিব পাৰিছিল নেকি যে
, তাইক ইমান জোৰকৈ পিটি ময়েই বৰ
কষ্ট পাইছিলোঁ বুলি
? তাই বাৰু জানিব পাৰিছিল নেকি যে তাইক যিমান
পিটিলেও বা তাইৰ ওপৰত যিমান খং কৰিলেও মই তাইক খুউব ভাল পাওঁ। তাই তাইৰ মুখখন আৰু
অলপ ওপৰলৈ দাঙি মোৰ ফালে চালে। মোৰ মনত পৰি গ
কণমানিতে তাই যেতিয়া আমাৰ ওচৰলৈ আহিছিল এনেকুৱা
নিৰীহ
, নিস্পাপ কৌতূহলেৰে তাই মোলৈ চাইছিল। সঁচাকৈয়ে যেন কোনোবা
অনাদি যুগৰপৰা কত জন্ম ধৰি আমাৰ দুয়োৰে পৰিচয় আছে
! মই অলপ
অন্যমনস্ক হৈ পৰিলোঁ। সঁচাকৈয়ে
, সেইদিন ধৰি আজি পর্যন্ত এই সুদীর্ঘ চাৰে ছবছৰত কিমান স্নেহ, কিমান ভালপোৱা, কিমান বিশ্বাস তাই আমাক দিয়া নাই৷ মোক যিদৰে, তাইৰ
মাককো সেইদৰে। ভাইনা
, জম্বু আৰু বাঘাকো সেইদৰে। মই বুজিব
পাৰিলোঁ
, সেই নীৰৱ সেই চাৱনিৰ ভিতৰত তাই যেন মোক সেইবোৰ নোকোৱা
কথা কৈছিল।।

ভগৱানে পশুৰ ভিতৰতো শব্দ দিছে। মাত্র মূৰত বুদ্ধি
নিদিলে ভাব প্রকাশ কৰিব পৰাকৈ ভাষা তৈয়াৰ কৰিবলৈ। মাত্র মই অনুভৱ কৰিলোঁ
, সেইদিনাৰ সেই অনুচ্চাৰিত শব্দ আৰু নিৰৱ চাৱনিৰে যিমান কথা তাই প্রকাশ কৰিলে সেই কথা বুজিবৰ বাবে পৃথিৱীত কোনো
অভিধান আজি পর্যন্ত সৃষ্টি হোৱা নাই। সেই ভাষা অন্তৰৰ ভাব
, আৰু
সেয়া কেৱল হৃদয় দিহে বুজিব পাৰি।।

সেইদিনা আবেলি প্রায় ৪ বাজি ৪৫ মিনিটত খইৰীৰ বাবে খোৱা
লৈ আনিলে তাইৰ মাকে। খইৰীৰ বোধহয় খুব ভোক লাগিছিল। তাই দিয়াৰ লগে লগেই খোৱা
আৰম্ভ কৰি দিলে। মাত্র আমি তাতে আছোঁ
, খোৱা শেষ হোৱাই নাই, তাই এটা উগাৰ মাৰিলে আৰু তাৰ পাছ
মুহূর্ততে তাইৰ পাকস্থলীৰ পৰা মুখেৰে ওকাল খাই ওলাই আহিল লেপথেপীয়া ধূসৰ ক
লা আধা
হজম হোৱা খাদ্য। এনেকুৱা আগতে কেতিয়াও হোৱা নাই। তাৰ পাছত বাকী মাংসখিনিত সামান্য
মুখ লগাই তাই দুই-তিনিমুঠি মাংস চোবাই খালে আৰু বাকীখিনি তেনেকৈয়ে এৰি দিলে।

ইয়াৰ মাজতে জম্বু দুবাৰ খইৰীৰ ওচৰলৈ আহিছিল আৰু খইৰীয়ে দুয়োবাৰেই তাক
তাইৰ বুকুত জপিয়াই ধৰিছিল। মই লক্ষ্য কৰিছিলোঁ এই আলিংগন আছিল আন সকলোবোৰ দিনৰ
আলিংগনৰ ভিতৰত আটাইতকৈ নিবিড়। সঁচাকৈয়ে যেন ইয়াৰ পাছত আৰু মিলন নহ
ব তাইৰ জম্বুৰ সৈতে।

তাৰ কিছু সময়ৰ পাছত খইৰীয়ে আকৌ এবাৰ বমি কৰিলে। এইবাৰৰ
বমিও তেনেকুৱাই ক
লা কলা আৰু আধা হজম হোৱা খাদ্য। আমি তাইক গাখীৰ লগত মিহলাই আভিল চিৰাপ দিলোঁ।
তাই বাধ্য শিশুটিৰ দৰে সেয়া চেলেকি চেলেকি খাই দিলে। সঁচাকৈয়ে যেন তাই জানিব
পাৰিছিল যে তাইৰ কিবা এক ৰোগ হৈছে আৰু ভাল হ
বৰ বাবে এই ঔষধ খোৱাটো জৰুৰী। ৰিডাকশ্বন টেবলেট আৰু তাইক দিয়া অন্যান্য ঔষধো তাই বিনা প্রতিবাদে খালে।

সেইদিনা তাইৰ কঁপনি উঠিছিল খুব জোৰেৰে। আগতে মই
দিল্লীত থকা সময়তো এবাৰ তাইৰ এনেকুৱা কঁপনি উঠিছিল বুলি তাইৰ মাকৰ পৰা শুনি
লোঁ। সেইদিনা কিন্তু সন্দেহ কৰিবলৈ
একো নাছিল যে এইবোৰ এক ভয়ানক ৰোগৰ পূর্ব সূচনা।

গতিকে সেইদিনা ৰাতি খইৰীৰ কঁপনি উঠাত আমি জানিব
পাৰিলোঁ যে এয়া সাধাৰণ কঁপনি নহয়। সেইদিনা ৰাতি তাইৰ নেজৰ ওচৰতে ৰৈ ৰৈ মাজে মাজে
কঁপিব ধৰিছিল। আৰু তাই বাৰম্বাৰ দীঘল দীঘল হামি মাৰিছিল। ৰাতি প্রায় তিনি বজাত তাই
উঠি পৰি বিচলিত ভাৱেৰে ইফালে-সিফালে প্রায় চল্লিছ মিনিট ঘূৰিলে আৰু তাৰ পাছত পুনৰ
ৰাতিপুৱা পর্যন্ত শুই থাকিল।

সেইদিনা ৰাতিপুৱাৰ কথা। প্রায় চাৰে পাঁচ বজাত
আমি আন এটা পহৰাদাৰ গৌৰাংগৰ চি
কাৰ শুনিলোঁ। ঢপলিয়াই আহি দেখো গৌৰাংগ চিৎ হৈ পৰি আছে আৰু খইৰীৰ শুংসূত্র
নাই। শুনিলোঁ যে সি হাউলি পৰি কিবা এটা কাম কৰি আছিল। খইৰী টোপনিৰ পৰা উঠি আহি
হঠাৎ জপটিয়াই ধৰিলে। সি প্রতিৰোধ কৰিবলৈ সময়ো নাপালে। মাত্র গৌৰাংগই চিঞৰি উঠাত তাক
এৰি দৌৰি পলাইছে।

গৌৰাংগক আন এজনৰ জিম্মাত এৰি দি খইৰী কলৈ গল মই তাৰ সন্ধান কৰিলোঁ। দেখিলোঁ যে
পাকঘৰৰ পিছফালে তাই খুব অস্থিৰ ভাৱেৰে ঘূৰি আছে। মই তাইৰ গতি-বিধি লক্ষ্য কৰি
চিন্তিত হৈ পৰিলোঁ। তাইক এটা অতিকায় পগলা কুকুৰ যেন লাগিছিল। মোৰ সন্দেহ হ
, খইৰী বাৰু পগলা হৈ গ
ল নেকি? ফেব্ৰুৱাৰিৰ বিছ তাৰিখে খইৰীয়ে যিজনী কুকুৰক ছিঙি-আজুৰি তেজ খাইছিল, সেই কুকুৰজনীৰ তেজত বাৰু জলাতংকৰ বীজাণু আছিল নেকি? নে
খইৰীয়ে যেতিয়া কুকুৰজনীৰ ডিঙি মুচৰি তেজ চেলেকিছিল
, তেতিয়া
কুকুৰজনীৰ লালটি গ্রন্থিৰ পৰা লালটি আহি তেজত মিহলি হৈছিল আৰু খইৰীয়ে সেই
লালটিমিশ্রিত তেজৰ লগত জলাতংক ৰোগকো চেলেকি গর্ভৰ ভিতৰলৈ লৈ গৈছিল
? মই চিন্তিত হৈ পৰিলোঁ। এজনক মোৰ কেমেৰা আৰু আন এজনক ডার্টগানটো আনিবলৈ কলোঁ। এই ডার্টগান সাধাৰণতে ব্যৱহাৰ কৰা হয় বাঘ, হাতী
আদি জন্তুবোৰক কিছু দূৰৰ পৰা ট্রেংকুলাইজাৰ দি অচেতন কৰিবৰ বাবে। লগে লগে এজনক
ৰাঁচী আৰু এজনক কটকলৈ পঠিওৱা হ
ল। এণ্টি-ৰেবিজ টেবলেট আনিবৰ
বাবে। কিন্তু এই মাত্র কেইমিনিটমান সময়ৰ ভিতৰত খইৰীয়ে আৰু এটা বীভৎস কাণ্ড
কৰিছিল। ডার্টগানত ট্রেংকুইলাইজাৰ চিৰিঞ্জ লোড হয় মানে তাই গৈ ভাইনাক ছিঙি মুচৰি
মাৰি পেলালে।

খইৰীক লক্ষ্য কৰি ডার্টগানেৰে ট্রেংকুইলাইজাৰ ফায়াৰ
কৰা হ
ল। আৰু সেয়া গৈ
খইৰীৰ বাঁও উৰুত লাগিল। ইতিমধ্যে কেমেৰাত কালাৰ ফিল্ম লোড কৰা হৈ গৈছিল। আগতে
কেতিয়াও খইৰীক এনেকৈ ট্রেংকুইলাইজাৰ দিয়াৰ দৰকাৰ হোৱা নাছিল। গতিকে
ট্রেংকুইলাইজাৰে তাইৰ শৰীৰত কি ধৰণৰ প্রতিক্রিয়া সৃষ্টি কৰিছিল তাৰ প্ৰতিখন ছবি
মই কেমেৰাৰে তুলি ৰাখিছিলোঁ। লক্ষ্য কৰিলোঁ ট্রেংকুইলাইজাৰ চিৰিঞ্জটো গৈ তাইৰ বাঁও
উৰুত বিদ্ধ হৈ যোৱাৰ পাছত ধীৰে ধীৰে তাই খোজ কাঢ়ি গ
ল আৰু
কিছু বাট যোৱাৰ পাছত চিৰিঞ্জটো তলত পৰি গ
ল। তাই ক্রমে
নিস্তেজ হৈ পৰিছিল। আৰু তাইৰ ভৰিয়ে তাইৰ দেহৰ ভৰ ধৰি ৰাখিবলৈ সমৰ্থ হোৱা নাছিল।
কিছু সময়ৰ পাছত তাই ধাঁ
চ্কৈ তলত পৰি গল আৰু তাইৰ পাকস্থলীৰ পৰা এজোলোকা বমি ওলাই তলত জমা হল। যিমান গুৰুপাকী খাদ্য হলেও সেয়া হজম কৰিবৰ বাবে এটা সুস্থ বাঘৰ
পাকস্থলীয়ে প্রায় আঢ়ৈ-তিনিঘণ্টা সময় লয়। ওচৰলৈ গৈ এডাল মোটা কাঠিৰে সেই বমিখিনি
লৰাই চাই দেখিলোঁ যে প্রায় চৌবিছ ঘম্টাৰ আগতে খোৱা খাদ্যও তাইৰ হজম হোৱা নাই। মই
জানিব পাৰিলোঁ যে গুৰুতৰ কিবা এটা গণ্ডগোল তাইৰ পাকস্থলীৰ ভিতৰত হৈছে।।

তেতিয়ালৈ খইৰী নিস্তেজ হৈ পৰি আছিল। বিত্তনাথে
ওচৰলৈ গৈ দেখিলে যে চিৰিঞ্জটো তাইৰ বাঁও উৰুত গৈ ভালদৰে খোঁচ খোৱা নাছিল
, কিছু সময়ৰ পাছত পৰি গৈছিল। গতিকে
তাত থকা ড
পৰ ভিতৰত প্রায় আধা-আধি তাইৰ দেহৰ ভিতৰলৈ গৈছে।
সেইটো আছিল এটা ১০ চি. চি.-ৰ চিৰিঞ্জ আৰু তাত আছিল ৮ এম. এল. কেটামান হাইড্র
ক্লৰাইড আৰু ২ এম. এল. কোটাছেট। প্রায় ৪ এম. এল. কোটাছেট
তাইৰ দেহৰ ভিতৰলৈ গৈছিল। সেইখিনি আছিল খইৰীক নিৰস্ত কৰিবলৈ যথেষ্ট।

মাত্র তাই সম্পূর্ণ অচেতন হোৱা নাছিল। সেই সময়তো
তাই আমাৰ উপস্থিতি জানিব পাৰিছিল। মই তাইৰ কাষত বহি তাইৰ পিঠিত থপৰিয়াই দিলোঁ আৰু তাই ক্লান্ত চকু আৰু বিষ
ণ্ণ
চাৱনিৰে মোলৈ চালে। তেতিয়া তাইৰ গায়ে-মূৰে হাত বুলাই তাইক মৰম কৰিছিল তাইৰ মাকে
আৰু খইৰীয়ে তেওঁলৈও কৰুণ দৃষ্টিৰে চালে। মই তাইৰ নাড়ী চালোঁ
, নিঃশ্বাস গণিলোঁ, আৰু দেহৰ উত্তাপৰ জোখ ললোঁ। তাইৰ নাড়ীৰ গতি আছিল ৮৮, মিনিটত তাই ২৬ বাৰ
উশাহ লৈছিল আৰু এৰিছিল আৰু দেহৰ উত্তাপ আছিল ১০১ ডিগ্রী ফাৰেণহাইট।

তেতিয়ালৈকে মই ভাবিছিলোঁ যে খইৰী আৰু নাবাচে। আৰু
যদি দৈবাৎ বাচি যায়
, তেনেহলে সেয়া হব ভগৱানৰ এক চমৎকাৰ। সেই সময়ত মই জানিব
পাৰিলোঁ এই যোৱা কিছুদিন ধৰি খইৰীয়ে যি যি কৰিছিল
, সেয়া
তাই নিজৰ আয়ত্তৰ ভিতৰত নাছিল।

মই লক্ষ্য কৰিলোঁ মাজে মাজে তাইৰ দেহ কঁপি উঠিছে
মুখৰ পৰা। লালটি ওলাইছে আৰু মাজে মাজে চকুৰ মণি ঘূৰাই তাই যেন কাৰোবাক বিচাৰিছে।
কিন্তু কাক
?

মই তাইৰ আৰু বেছি ওচৰ চাপি বহিলোঁ। তাই এনেকৈ এবাৰ
চকুৰ মণি ঘূৰাওঁতে লক্ষ্য কৰিলোঁ তাইৰ চকু মোৰ ওপৰত পৰি স্থিৰ হৈ গ
ল। তাই ঠিক তেনেকুৱা শব্দ কৰি মোক
মাতিলে
, যেনেকুৱা শব্দ কৰি তাই সুস্থ থকা অৱস্থাত আমাক মাতে।
মাত্র এই মাতৰ স্বৰ আছিল খুব ক্ষীণ। মই তাইৰ আৰু কাষ চাপি গৈ তাইৰ গাটোত গা লগাই
বহিলোঁ। তাই মোলৈ তেনেদৰেই চাই ৰৈছিল। কি কৰুণ সেই চাৱনি! সঁচাকৈয়ে যেন তাই অলপো
বিচৰা নাই যিমানেই অলীক হ
লেও এই স্নেহ-মমতাৰ বান্ধোন এৰি
যাবলৈ। তাইৰ চকুৰে দুধাৰি চকুলো বাগৰি আহিল। মই প্রকৃতিস্থ হৈ তাইৰ মুখৰ ওচৰত এটা
পানীৰ পাত্র দাঙি ধৰিলোঁ আৰু তাই প্রায় ডেৰ লিটাৰ পানী খালে। তাই মুখখন তৃপ্ত দেখা গ
, যেন মৰাৰ সময়ত মোৰ হাতৰ পানী খোৱাটো
আছিল তাইৰ শেষ ইচ্ছাৰ এটা।

তাই কঁপি উঠিল। আৰু আকৌ এবাৰ বমি কৰিলে। কলা গেলা বোকাৰ দৰে আছিল সেই বমি। মই
স্পষ্ট জানিব পাৰিলোঁ
আৰু বেছিপৰ নাই। এয়াই শেষ। মই ভগৱানক
প্রার্থনা কৰিলোঁ
, হে প্রভু তুমি খইৰীক এই মৃত্যু
যন্ত্রণাৰপৰা যিমান শীঘ্ৰে পাৰা উদ্ধাৰ কৰাঁ। মই অনুভৱ কৰিছিলোঁ
, নিশ্চিত মৃত্যুৰ ফালে খইৰীৰ এই ভয়ানক যাত্রা মই বেছি সময় সহ্য  কৰি থাকিব নোৱাৰিম।।

বঁতিয়াই বঁতিয়াই খইৰী শুই থকা ঠাইখিনি তিতি গৈছিল। গতিকে এখন শুকান বিছনা আনি খইৰীৰ মাকে তিতা ঠাইত পাৰি দিলে আৰু খইৰীয়ে
তাৰ ওপৰতে মূৰ ৰাখি শুলে। কিন্তু তাই শান্তিৰে শুব পৰা নাছিল। বাৰম্বাৰ তাইৰ উগাৰ
আহি বমি আহিছিল আৰু তাইৰ পেটটো ফুলি আছিল। মই তাইৰ মূৰটোৰ ওচৰ চাপি গৈ পদ্মাসনত
বহাৰ দৰে ভৰি
কোঁচাই
বহি তাইৰ কপলাৰ ওপৰত হাত ৰাখি নৰম স্বৰত তাইক মাতিলোঁ। তাই জবাব দিলে আৰু ওচৰ চাপি
আহি মোৰ কোলাত মূৰটো থৈ শুলে। সকলো সৰু সৰু শিশুৱে বেমাৰ-আজাৰত পৰিলে যেনেকৈ বিচাৰে
,
সিহঁতৰ কাষত সকলো বহি থাকক, ঠিক সেয়াই বোধহয়
তাই বিচাৰিছিল। তাইৰ মাক যে তাইৰ ওচৰত আছে
, সেই কথা তাই
জানিছিল। তাই বোধহয় বিচাৰিছিল যে
, শেষ নিঃশ্বাস পেলোৱাৰ
সময়ত তাৰ ওচৰত তাইৰ মাক-বাপেক সকলো থাকক
, যাতে তাই সকলোকে
দেখি দেখি মৰিব পাৰে। মই মোৰ মুখখন নমাই নি তাই শিৰত চুমা খালোঁ আৰু তাইৰ সোঁ গালত মোৰ
বাঁও গালখন থৈ শুলোঁ। তাইৰ নিশ্চয় ভাল লাগিছিল। নহ
লে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে চকু মুদি আৰামেৰে শুই পৰিছিল কেনেকৈ?

প্রায় আধা ঘণ্টাৰ পাছত পুনৰ তাইৰ টোপনি ভাগিল। এইবাৰ তাই উঠি
থিয় হ
বলৈ যত্ন কৰিলে। ইতিমধ্যে আমি তাইৰ বাবে এটা এনক্লজাৰৰ ব্যৱস্থা কৰিছিলোঁ।
আমি তাইক তাৰ ভিতৰলৈ লৈ আনিলোঁ। তাইক সামান্য সুস্থ যেন লাগিছিল। সঁচাকৈয়ে তাই যেন
আমাক সান্ত্বনা দিব বিচাৰিছিল যে
— “ইমান ব্যস্ত কিয় হৈছ?
মই আকৌ ভাল হৈ যামতো!” তাই
উঠি থিয় হ
বলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে।
সেই শক্তি তাইৰ আৰু নাছিল। তথাপি কোনোমতে উঠি তাই থিয় হ

আৰু খোজ দিবলৈ যত্ন কৰিলে। মাত্র দুই-চাৰি খোজ গৈছে কি নাই
, নিজকে চম্ভালিব নোৱাৰি তাই লুটি খাই পৰিল।

মই পৰীক্ষা কৰি দেখিলোঁ, তাইৰ নাড়ীৰ গতি আছিল মিনিটত ১৪৬
আৰু দেহৰ উত্তাপ আছিল ১০৪ ডিগ্রী ফাৰেণহাইট। সেয়া পুনৰ বাৰম্বাৰ বাঢ়িছিল আৰু কমিছিল। তাইৰ
চকুকেইটা আছিল টোপনিগ
ধুৰ যেন আৰু ক্লান্ত। ইতিমধ্যে মই
বাৰিপডালৈ গৈ কেইটামান ঔষধ লৈ উভতি আহিছিলোঁ। তাইক নিয়মিতভাৱে ঔষধ দিয়া হৈছিল। কিন্তু
একো ঔষধেই কাম কৰা নাছিল।

গত্যা,
অলপ দূৰত বিছনা পাৰি তাইক তাতে পৰ দি থাকিলোঁ গোটেই ৰাতি। ৰাতি এক বাজি চল্লিছ মিনিটত খইৰী উঠি থিয় হল আৰু আমাৰ
ফালে আহিল। তাই মোক আৰু তাইৰ মাকলৈ চালে। আমি তাইক ৰখি থকা দেখি তাই আশ্বস্ত হোৱা
বুলি বুজা গ
ল। তাই থৰক-বৰক কৰিছিল আৰু তাইৰ পুষ্ট বাঘিনী
দেহটোক দুর্বল ঠেং চাৰিটাই চম্ভালিব পৰা নাছিল। চম্ভালিব নোৱাৰি তাই পুনৰ লুটি খাই
পৰিল।

ৰাতিপুৱা পাঁচমান বজাত তাই আকৌ উঠিল। বমি তথাপি
বন্ধ হোৱা নাছিল আৰু বমিৰ লগত তাইৰ নাড়ী-ভুৰুৰ মল ইত্যাদিও বাহিৰ হৈছিল
মাত্র শেষলৈ শৌচ-প্ৰস্ৰাৱ সকলোঁ বন্ধ হৈ গল। সম্ভৱতঃ
তাইৰ নাড়ী-ভুৰুৰ সমস্ত খাদ্য আৰু জুলীয়া অংশ নিঃশেষ হৈ বমিৰ সৈতে ওলাই আহিছিল।

শেষৰ বাৰঘণ্টা তাইৰ দেহ আছিল সম্পূর্ণ স্থিৰ। অলপো লৰচৰ তাই কৰা নাছিল। মাত্র মই
লক্ষ্য কৰিছিলোঁ তাই তাইৰ নেজডাল লৰাবলৈ বহু কষ্ট কৰিছে। তাই যে বাচি আছে
, তাইৰ কাৰণে যে কোনো ব্যস্ত হব নালাগে এই কথাকে তাই
জনাব বিচাৰিছিল নেকি
?

সেইদিনা আছিল মাৰ্চ মাহৰ আঠাইছ তাৰিখ। সেইদিনা আবেলি তাই গুচি গলগৈ। দিনৰ ৩ বাজি ২৯
মিনিটত তাইক আডিল চিৰাপ খুৱাইছিল তাইৰ মাকে। অলপমান পানীও তাই মাকৰ হাতেৰে খাইছিল।
তাৰ পাছত হঠাৎ উঠিল আৰু কেনে যে অবোধ্য শব্দ কৰি সাত খোজমান আগলৈ গৈ লুটি খাই
পৰিল। আমি গৈ দেখো যে তাইৰ গা সামান্য গৰম অথচ তাইৰ শ্বাস-প্ৰশ্বাস আৰু চলি থকা নাই।

খইৰীক লৈ মোৰ আছিল অনেক সপোন। মাত্র মোৰ সকলো সপোন
আধৰুৱা কৰি খইৰী গুচি যোৱাৰ পাছত মোৰ কেনেকুৱা লাগিছিল
, সেয়া মোৰ অতি গভীৰ, অতি নিভৃত অনুভৱ। সেই অনুভৱ মই প্ৰকাশ কৰিব নোৱাৰিম। খইৰী গুচি গল। তাইৰ মানৱী মাতৃও এদিন যাবগৈ আৰু ময়ো এদিন যাম। মাত্র মোৰ আৰু তাইৰ মাকৰ
শেষ ইচ্ছা
, এতিয়া খইৰীৰ কবৰ যি ঠাইত হৈছে, তাৰ দুকাষে আমি দুজনৰো দুটা কবৰ হব। ওচৰতে থাকিব
ব্লেকি
, বাঘা, জম্বু, ভাইনাসমস্তৰে কবৰ। সেয়া যুগ যুগ ধৰি থাকিব আৰু
সেয়া দে
খি সকলোৱে এটা কথা মনত পেলাব যে— বনৰ হিংস্র পশুৱেও স্নেহ-মমতা পালে মানুহৰ দৰে আচৰণ কৰিব পাৰে। হিংস্রতা,
আহাৰ, নিদ্রা, ভয়,
মৈথুনৰ দৰে প্ৰবৃত্তি সহজাত হব পাৰে, মাত্র তাৰ আচৰণ পৰিৱেশ আৰু পৰিস্থিতিৰ দ্বাৰা নিয়ন্ত্রিত হয়। এই দৃষ্টিৰে চালে পশু আৰু মানুহৰ ভিতৰত এনে
একো পার্থক্য নাই
যাক মনুষ্য আৰু পশুৰ ভিতৰত ভিন্নতাৰ
মানদণ্ড হিচাপে গ্রহণ কৰা যাব।

খইৰীৰ মৃত্যুৰ ইমানদিনৰ পাছতো আজি মই কেতিয়াও ভাবিব
নোৱা
ৰোঁ যে খইৰী আছিল
বনৰ এক বনৰীয়া পশু। এতিয়াও মোৰ ভাব হয় যে খইৰী আছিল মোৰ অতি আদৰৰ আপোন জী
,
আৰু জন্ম জন্মৰ পৰিচিত। এই জন্মত তাই মোক সেইদৰে এৰি গুচি গ, ইটো জন্মত তাই নিশ্চয় মোৰ মা হৈ জন্ম হব।

document.getElementById(“Anyayug-month”).innerHTML = ” ডিচেম্বৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;