ছায়াকল্প (৫)

 আকাশ দীপ্ত ঠাকুৰ

 

(‘ছায়াকল্পশীৰ্ষক কবিতাৰ এটি শিতান অন্যযুগৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ
স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ
জন্মিল৷)

 

(১)
জীৱন জলাশয়

 

আৰুনো কিমান পানী…! উজাই আহে
বুকুৰ তলিৰপৰা৷ বৈ যায় ভটিয়াই৷ বাৰিষা-খৰালি কাহানিও নুশুকায়৷ ময়াপী সৰোবৰ এয়া
লুণীয়া অনুভূতিৰ৷ আৰুনো কিমান পানী
? মোৰ বুকুৰ হেঁপাহ… কবিনে এবাৰ! পানী তোৰ— মোৰ
কমলাকুঁৱৰী৷ জীৱন নহয় এয়া মানস সৰোবৰ৷ পানী মোৰ এবুকু এডিঙি৷ সাগৰ হ
ল দুচকুৰ মণি৷ বুৰিল বাসনা এঠাউনি৷ নমনি একোকে৷ অমোৰ
নয়নৰ মণি
, বিনে এবাৰ– আৰুনো কিমান পানী! বুৰালোঁ তোক হেঁপাহৰ চাকনৈয়াত, কলিজাতো
তাৰেই জৰণি৷ গোট মাৰিলেও শিল হ
ব নোখোজে৷ নজহে-নপমে এই বৰফৰ
চাপৰি৷ অ
মোৰ হিয়াৰ জুৰণি; বিনে এবাৰ— আৰুনো কিমান পানী…!

 

(২)
পদূলি

 

মনৰ পদূলিটোৱে কেঁকুৰি ঘূৰাৰ পৰত
তিনিডাল নঙলা৷ দূবৰিৰ সেওঁতা ফালি বগুৱা বাই আহিব খোজে সাঁচতীয়া আৱেগ৷ বাদুলি
ওলমা দি ওলমে৷ সৰি পৰে ইডালৰপৰা সিডাললৈ৷ বুঢ়া তামোলৰ দুটা খুঁটা
; দুৱাৰডলিৰ অতন্দ্ৰ প্ৰহৰী— জয় আৰু বিজয়৷ বিন্ধা
বাঢ়িলে কেৰেচীয়া হয় নঙলা৷ সংগোপনে বাঢ়ে আৱেগৰ ভৰ৷ পচা নঙলাই নোৱাৰে সহিব৷
খণ্ড-বিখণ্ড… জৰাসন্ধ৷ পচি হেলেকা হয় তামোলৰ খুঁটা৷ তথাপি সি যে সাক্ষী—
 মনৰ, বাসনাৰ,
হেঁপাহৰ আৰু ভৰ বব নোৱৰা আৱেগৰ৷ আইৰ পদূলিত সাক্ষী-গোপাল এতিয়াও সেই নঙলা
দুডাল৷ আয়ে কৈছিল—
 মনটোক
বান্ধি ৰাখিবি৷ এৰাল ছিগা মন৷ সৰকি যাবলৈ কেতপৰ
? লৌহ-কপাটে
বান্ধিব নোৱৰা মন… থমকি ৰয় কেৰেচীয়া নঙলাত৷

 

(৩)
পান্থ

 

এইখিনিতে আছিল বাঁহনিখন৷ মূধচৰ
তৰাবোৰ নামি আহিছিল সাঁজ লাগি ভগাৰ পাছত৷ বাঁহনিৰ এন্ধাৰত জিলমিল এমুঠি তৰা৷
তৰাবোৰে বগুৱা বাইছিল… তলুৱাত
, আৱৰণত নে মনত! বুকুৰ ভিতৰত ৰৈ ৰৈ
বাজি থকা এটি বাঁহফলীয়া বিননি৷ হেঁপা-শিয়ালৰ আটাহ৷ আকৌ ফুলিছে এটি তৰাবুলীয়া সপোন৷
ৰেনো পথিক তই… কঢ়িয়ালি ওৰেটো পথ শ্ৰৱণৰ ভাৰ হেন জীৱন৷
শুনিছনে বাৰু তই পথৰুৱা মনৰ বিননি৷ নিশাৰ জাৰণি ভেদি ৰৈ ৰৈ ভাহে কেতেকী ফুলাৰ সেই
বিৰহী গান৷ এমুঠন হিয়া
, কাঁইটীয়া আঁচোৰ৷ দীঘলীয়া গোমৰ পিঠিত
বন-শিৰিষৰ ছাঁ৷ সুৰুঙাৰেই দেখ তই ৰূপোৱা
লী সপোন৷

 

লেখকৰ ঠিকনা :

সহকাৰী অধ্যাপক

পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়;
যোৰহাট – ১

ভ্ৰাম্যভাষ—  ৯৭০৬২০৫০৭১৮৬৩৮১৬৭৬৩০