নীলাভ সৌৰভ
হাইস্কুলতে
ফুলিছিল জী উঠাৰ মাধৈমালতি
তেওঁৰ
সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে
তেওঁ
জীয়াই থাকিব লাগিছিল
বহুবাৰ
বজাৰত তেওঁক ভাল বস্তু কিনা দেখিছোঁ
মৰাৰ
পৰা দূৰলৈ উৰ্ত্তীৰ্ণ হোৱা এখন চহৰৰ মানুহ আছিল তেওঁ
আচৰিত
নালাগেনে
তাৰ
পাছত কেইবাবাৰো কথা কৈ কৈ মৰা দেখিছোঁ তেওঁক
মৰিল
যদিও মানুহজনৰ নখ দীঘল হয়
নিজে
নিজৰ নখ কামোৰে
তেওঁৰ
মূৰটো পৰীক্ষাগাৰত
চিকিৎসক
এজনে লিৰিকি–বিদাৰি চাই আছিল
নিজৰে
কলিজাডোখৰ চিকুটি চিকুটি খাই আছিল মানুহজনে
মই
আচৰিত হওঁ বানপানী হওঁতে এওঁ মৰা নাছিল
কচু
কিনিবলৈ যাওঁতে দুৰ্ঘটনাত পতিত হোৱা নাছিল
ভূঁইকঁপতো
জীয়াই আছিল
জীয়াই
থকাৰ প্ৰমাণপত্ৰ আছে তেওঁৰ
তেওঁক
মই মৰি থকা দেখিছিলোঁ এটা সমদলত চিঞৰি
ঘূৰি আঁহোতে গাড়ীত মোক কৈছিল
মই
মৰা বুলি ভাবি সকলোৱে মোক মালা পিন্ধাইছিল
জিয়াই
জীয়াই
আমি
কলিজাৰ বোকাত ভূঁই ৰুই খাওঁ
কথা
কৈ কৈ মাৰি আছিল মোক
মানুহজনে
নাৱৰ ব’ঠা মাৰিব নাজানে
হাল
বাব নাজানে
খৰি
কাটিব নাজানে
পিঠা
বনাব নাজানে
মাটি
ভগাব জানিছিল
গাড়ী
আছিল নচলায়
ফুলনি
আছিল ফুল ৰুব নাজানে
তেওঁ
মৰা বুলি জানি দুখ কৰিছিলোঁ
বিলাত
ফেৰৎ মানুহ এনেকৈ মৰে নে
ঢেঁকীয়া
বুটলা আঙুলিত পোকে ধৰে মোৰ
কাঁচিত
কটা যোৱা কেঞা আঙুলিৰে মই মৰি মৰি খাওঁ
তেওঁৰ
অসুখ নাছিল
অথচ
কাণ নাই৷ চকু নাই৷ ভৰি নাই৷
মুখ
আৰু হাত আছিল যাদুৰ
জীয়াই
থাকোঁতে তেওঁ মোৰ আঙুলিটো চুহি চুহি
মোক
শুকুৱাই পেলাইছিল
আৰু
মৰোঁতে বুজাই বুজাই মোকো মৰিবলৈ শিকাইছিল
কি
আচৰিত কলেজ এখনত
অফিচ-কাছাৰীত, বিধান
সভাত, সাংসদ ভৱনত
তেওঁ
মানুহক মৰিবলৈ শিকায়
তেওঁলোকো
মৰাত পাৰ্গত হৈ উঠিছে
মই
দেখিছিলোঁ কলিজা ফাটি মানুহবোৰ মৰি আছে তেওঁৰ সৈতে
বহু
বছৰ ধৰি যি মানুহক সোধা হোৱা নাই— কেনে আছা
তেওঁলোকে
কবি খেতি চিকুণাই আছিল
বীষাণুত
যেতিয়া মানুহ কক্বকায়
দুৱাৰ
বন্ধ কৰি তেওঁ মানুহৰ চিনেমা চায়
মানুহৰ
গান গায়,
মানুহৰ সাহিত্য পঢ়ে
চহৰলৈ
আলোচনা লিখি জীয়াই থকাৰ আয়োজন কৰিছিল
সেই
পাৰিতোষিকৰে জীয়াই থাকিব পাৰিলেহেঁতেন যেন লাগে, যাৰে তেওঁলৈ ধন
খুচুৰাকৈ উঠে
পিছে
ঘামৰ গোন্ধত
মাটিৰ
গোন্ধত
গোধূলিৰ
গোন্ধত এলাৰ্জিত কেনেকৈ পাৰে
কোনোৱেই
সুৰক্ষিত নহয় তেওঁৰ হাতত
যদিওবা
নিজৰ বুলি কৈ কিছুমানৰ পুতলা নাটত
ৰজাৰ
ভাওত সন্তুষ্ট হৈ তেওঁ উপহাৰ দিয়ে
আৰু
দৰ্শকৰ হাততালিত জী উঠি মোলৈ চাই
মই
তেওঁৰ মৰা মুখলৈ চাব নোৱাৰোঁ
মাথোঁ
মানুহজনকলৈ মোৰ চিন্তা
তেওঁক
সুধিলে তেওঁ কি ক’ব—
পানীত
মানুহ মৰোঁতে তেওঁ জীয়াই আছিল
গাত
জুই লগাই ডিঙিত ৰছী বান্ধি মৰাসকল জী উঠে বুলি
তেওঁ
ভয় খাইছিল
আৰু
ন’ মেন্ছ লেণ্ডত এৰি দিব খুজিছিল ভেড়া
কেৱল
খোপাধৰাই মৰাদি নিজকে মাৰি পেলোৱা মানুহৰ চহৰত
ৰেষ্ট্যুৰেণ্টত বহি তেওঁক চাওমিন খাই থকা দেখিছিলোঁ
তাৰ
ভিতৰত এডাল সিৰা মোৰ
তেওঁৰ
কাটা চামুচত উঠি আহিছিল৷
দীঘলিআটী, ৰহা,
নগাঁও, অসম৷
৯৪৩৫০০৩৮২৪
ফুলিছিল জী উঠাৰ মাধৈমালতি
তেওঁৰ
সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে
তেওঁ
জীয়াই থাকিব লাগিছিল
বহুবাৰ
বজাৰত তেওঁক ভাল বস্তু কিনা দেখিছোঁ
মৰাৰ
পৰা দূৰলৈ উৰ্ত্তীৰ্ণ হোৱা এখন চহৰৰ মানুহ আছিল তেওঁ
আচৰিত
নালাগেনে
তাৰ
পাছত কেইবাবাৰো কথা কৈ কৈ মৰা দেখিছোঁ তেওঁক
মৰিল
যদিও মানুহজনৰ নখ দীঘল হয়
নিজে
নিজৰ নখ কামোৰে
তেওঁৰ
মূৰটো পৰীক্ষাগাৰত
চিকিৎসক
এজনে লিৰিকি–বিদাৰি চাই আছিল
নিজৰে
কলিজাডোখৰ চিকুটি চিকুটি খাই আছিল মানুহজনে
মই
আচৰিত হওঁ বানপানী হওঁতে এওঁ মৰা নাছিল
কচু
কিনিবলৈ যাওঁতে দুৰ্ঘটনাত পতিত হোৱা নাছিল
ভূঁইকঁপতো
জীয়াই আছিল
জীয়াই
থকাৰ প্ৰমাণপত্ৰ আছে তেওঁৰ
তেওঁক
মই মৰি থকা দেখিছিলোঁ এটা সমদলত চিঞৰি
ঘূৰি আঁহোতে গাড়ীত মোক কৈছিল
মই
মৰা বুলি ভাবি সকলোৱে মোক মালা পিন্ধাইছিল
জিয়াই
জীয়াই
আমি
কলিজাৰ বোকাত ভূঁই ৰুই খাওঁ
কথা
কৈ কৈ মাৰি আছিল মোক
মানুহজনে
নাৱৰ ব’ঠা মাৰিব নাজানে
হাল
বাব নাজানে
খৰি
কাটিব নাজানে
পিঠা
বনাব নাজানে
মাটি
ভগাব জানিছিল
গাড়ী
আছিল নচলায়
ফুলনি
আছিল ফুল ৰুব নাজানে
তেওঁ
মৰা বুলি জানি দুখ কৰিছিলোঁ
বিলাত
ফেৰৎ মানুহ এনেকৈ মৰে নে
ঢেঁকীয়া
বুটলা আঙুলিত পোকে ধৰে মোৰ
কাঁচিত
কটা যোৱা কেঞা আঙুলিৰে মই মৰি মৰি খাওঁ
তেওঁৰ
অসুখ নাছিল
অথচ
কাণ নাই৷ চকু নাই৷ ভৰি নাই৷
মুখ
আৰু হাত আছিল যাদুৰ
জীয়াই
থাকোঁতে তেওঁ মোৰ আঙুলিটো চুহি চুহি
মোক
শুকুৱাই পেলাইছিল
আৰু
মৰোঁতে বুজাই বুজাই মোকো মৰিবলৈ শিকাইছিল
কি
আচৰিত কলেজ এখনত
অফিচ-কাছাৰীত, বিধান
সভাত, সাংসদ ভৱনত
তেওঁ
মানুহক মৰিবলৈ শিকায়
তেওঁলোকো
মৰাত পাৰ্গত হৈ উঠিছে
মই
দেখিছিলোঁ কলিজা ফাটি মানুহবোৰ মৰি আছে তেওঁৰ সৈতে
বহু
বছৰ ধৰি যি মানুহক সোধা হোৱা নাই— কেনে আছা
তেওঁলোকে
কবি খেতি চিকুণাই আছিল
বীষাণুত
যেতিয়া মানুহ কক্বকায়
দুৱাৰ
বন্ধ কৰি তেওঁ মানুহৰ চিনেমা চায়
মানুহৰ
গান গায়,
মানুহৰ সাহিত্য পঢ়ে
চহৰলৈ
আলোচনা লিখি জীয়াই থকাৰ আয়োজন কৰিছিল
সেই
পাৰিতোষিকৰে জীয়াই থাকিব পাৰিলেহেঁতেন যেন লাগে, যাৰে তেওঁলৈ ধন
খুচুৰাকৈ উঠে
পিছে
ঘামৰ গোন্ধত
মাটিৰ
গোন্ধত
গোধূলিৰ
গোন্ধত এলাৰ্জিত কেনেকৈ পাৰে
কোনোৱেই
সুৰক্ষিত নহয় তেওঁৰ হাতত
যদিওবা
নিজৰ বুলি কৈ কিছুমানৰ পুতলা নাটত
ৰজাৰ
ভাওত সন্তুষ্ট হৈ তেওঁ উপহাৰ দিয়ে
আৰু
দৰ্শকৰ হাততালিত জী উঠি মোলৈ চাই
মই
তেওঁৰ মৰা মুখলৈ চাব নোৱাৰোঁ
মাথোঁ
মানুহজনকলৈ মোৰ চিন্তা
তেওঁক
সুধিলে তেওঁ কি ক’ব—
পানীত
মানুহ মৰোঁতে তেওঁ জীয়াই আছিল
গাত
জুই লগাই ডিঙিত ৰছী বান্ধি মৰাসকল জী উঠে বুলি
তেওঁ
ভয় খাইছিল
আৰু
ন’ মেন্ছ লেণ্ডত এৰি দিব খুজিছিল ভেড়া
কেৱল
খোপাধৰাই মৰাদি নিজকে মাৰি পেলোৱা মানুহৰ চহৰত
ৰেষ্ট্যুৰেণ্টত বহি তেওঁক চাওমিন খাই থকা দেখিছিলোঁ
তাৰ
ভিতৰত এডাল সিৰা মোৰ
তেওঁৰ
কাটা চামুচত উঠি আহিছিল৷
দীঘলিআটী, ৰহা,
নগাঁও, অসম৷
৯৪৩৫০০৩৮২৪
শ্ৰব্য ৰূপ
.video-container {
overflow: hidden;
position: relative;
width:100%;
}
.video-container::after {
padding-top: 56.25%;
display: block;
content: ”;
}
.video-container iframe {
position: absolute;
top: 0;
left: 0;
width: 100%;
height: 100%;
}