ছাই সত্য

হিল্লোলজ্যোতি সিংহ

 

মোক জ্বলোৱাৰ পাছত

মোৰ ছাইখিনি

নৈত উটুৱাই নিদিবা

শেষ ৰাতিলৈ কমাটোৰ দৰে

তাত শুই থাকক কুকুৰ
এটা

অন্ততঃ মোৰ উমক অৱজ্ঞা
নকৰিব সি

ফুটছাইখিনি বেঙেনাপাতৰ
ওপৰত

ছটিয়াই দিবা

বেঙেনা ফুলে অন্ততঃ
কিছু সময়লৈ

গাব মোৰ বিষাদ গাঁথা

 

 

বাকীখিনি মাটিৰ লগত
মিলি যাব

“মানৱ দেহা মাটিৰ
ভাণ্ড”

মোৰ খনিজেৰে গজালি
মেলিব

আৰু এটা জীৱনে

 

আত্মা আৰু শক্তিৰ

সৃষ্টি বা বিনাশ
নাই

মোক জ্বলোৱা জুইকুৰা,
তাৰ পোহৰ, উত্তাপ

এঙাৰ আৰু ছাই

মোৰ দেহৰ ভৰ শক্তিৰ

ক্ৰমাগত ৰূপান্তৰ–
শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ

 

মোৰ শৰীৰ এৰি আত্মাই

কোনোবা প্ৰাণীৰ শৰীৰত
সোমাব–

(উদ্ভিদৰ কিয় নহয়,
কোৱা হোৱা নাই)

এই প্ৰচলিত ধাৰণা
সত্য হৈ ওলমিছে

বিশ্বাস আৰু সংশয়ৰ
দোলনাত

 

শক্তিৰ ৰূপান্তৰ
ঘটে

আত্মাই শৰীৰ সলায়

সৃষ্টি বা বিনাশ
দুয়োৰে নাই

 

জড় আৰু জীৱ

জীৱ আৰু জড়

জড়, জীৱ আৰু আন্তঃজীৱৰ
ক্ৰিয়া-প্ৰতিক্ৰিয়াত

চলিছে পৰিস্থিতিতন্ত্ৰ

তাৰ মাজতে চক্ৰাকাৰে
ঘুৰি থাকিব

মোৰ অৱশিষ্ট

 

আত্মা এক পাৰলৌকিক
সম্ভাৱনা

কিন্তু মোৰ ছাই সোমাব

কোনো এটা বীজৰ ভিতৰত

সূচনা হ’ব আৰু এটা
জীৱনৰ–

 

এয়া নিৰ্ঘাত সত্য

 

***

 

ফোন  : ৯৪৩৫১২০০৭৬

ইমেইল :  singha.hilloljyoti@gmail.com