হেমচন্দ্ৰ কছাৰী
বাপুজীৰ চিৰনমস্য মূৰটোতকৈ
তেওঁৰ মূৰৰ চাপবোৰৰ
প্ৰয়োজনযে বহুগুণেই বেছি
সেই কথা সকলোৱে জানে
সঁচাকৈ, নম্বৰ সংপৃক্ত বাপুজীৰ মূৰবিহীন পল এটাৰ কথাচোন ভাবিবই নোৱাৰি
বগাই হওক বা ক’লাই
হওক
জেপত বাপুজীৰ
মূৰ থাকিলে
চৰাই হৈ উৰিব পাৰি
ভুকুৱাই পকাব পাৰি কেঁচা কল
কিন্তু, তেওঁ যেতিয়া লগ এৰে
অলৰ-অচৰ হৈপৰে
জীৱন
কুঁজা হৈ পৰে বোজাবাহী এজন
বাপুজীৰ মূৰৰৰ বাবেইতো বিক্ৰী হয়
শৰীৰ
পনীয়া হয় তেজ
বাপুজীৰ মূৰৰৰ বাবেইতো মনুষ্যই
মঞ্চত সুৰ সলনি কৰি পেলালে-
“লোভেই পাপ, পাপেই মাংস ভাত”
উপৰোক্ত কথাবোৰ কোনোবাই
হয়তো ‘আউটডেটেড’ বুলি ক’ব পাৰে
কাৰণ, ‘পে’পাৰলে’ছ’ ‘ডিজিটেল’ ‘ডিজিটেল’
হৈ পৰিছে সময়
তেনেহ’লে
বাপুজীৰ চিৰনমস্য মূৰটোহে থাকিবগৈ
তাকো, বিশেষ বিশেষ কেইটামান দিনহে আমাৰ মনত পৰিব চাগৈ
আজি ‘জন-গণ’, ‘বন্দে মাতৰম’ কিমানজনেনো গায়
বুকু কঁপাই তুলা বুৰঞ্জীৰ পাত
কিমানজনেনো লুটিয়ায়
উপসংহাৰ-
বাপুজীৰ মূৰবোৰ নোহোৱা হৈ যাব পৰে
কিন্তু বাপুজীৰ কান্ধত বন্দুক
ৰাখি যাৰ কথা কৈ আছোঁ
তাৰ মূল্য কেতিয়াও নকমে
দিনক-দিনে বাঢ়িহে থাকে ।
ঠিকনা :
ধেমাজি
ভ্ৰাম্যভাষ : ৯৯৫৭৫৪২০৭০
document.getElementById(“Anyayug-month”).innerHTML = ” নৱেম্বৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২২”;
h1.post-title{text-align:left;
padding-left:10px;}