বচা বকুল

 ৰমানন্দন বৰা

উনৈছ


 

ৰাৰ
নাম পৰশুৰাম৷ গুপ্তনাম৷

পৰশুৰাম ভগৱানৰ
অৱতাৰ৷ কিন্তু মাতৃহন্তা৷

বেণু-পাহিতাই
সমাজত নাৰায়ণ গোঁসাইক একো সুধিব নোৱাৰিলে৷ একো ক
ব নোৱাৰিলে৷ কিন্তু মনত
খু-দুৱনি থাকিল৷

সিহঁতৰ কথা শুনি
বৰা কম্পাউণ্ডাৰ ডাক্টৰে হোহোৱাই হাঁহিলে৷ চোতালৰ মূৰত গজি থকা হাবিখিনিত তামোলৰ
পিক্কণ পেলাই পুনৰ চকীখনত গদহকৈ বহিলহি৷ পাহিতাৰ হাতৰ পৰা কেঁচুৱাটো লৈ মাৰিয়াই
ওমলাই আছে৷ বোপাৰাম বিষয়া নাই৷ সোণ জেঠায়ে চুৰটৰ ধঁপাত কুটি আছে৷

বৰা কমপাউণ্ডাৰে
বলৈ ধৰিলে-

ভগৱন্তৰ
অৱতাৰ৷ ভাল নাম৷ একৈছ বাৰ পৃথিৱী পৰ্যটন কৰি ক্ষত্ৰিয়ক নিক্ষত্ৰিয় কৰিলে৷ ৰেণুকা
মাকক কুঠাৰেৰে কাটিলে৷ বহুত শক্তিশালী পুৰুষ
, দেহাৰেও
শক্তিশালী
, মনেৰেও৷

কিন্তু
মাকক কাটিলে যে৷

তুমি
মাৰাক সুধি বেণুলৈ আহিছিলা
? তোমালোকে সমাজত আগৰ পৰা চলি থকা
নিয়ম ভাঙি প্ৰসৱকালত  ডাক্টৰ লগালা৷ হয়নে
নহয়
?”

হয়৷

শিশুক
মাকে যেনেকৈ জন্ম দিয়ে
, সমাজখনেও জন্ম দিয়ে৷ মাকৰ দৰে
তুলি-তালি ডাঙৰ-দীঘল কৰে৷ সেই কাৰণে মাক আৰু সমাজ সমান৷ সমাজৰ পূৰ্বৰ নীতিবিলাক
বেয়া বুলি আঁতৰ কৰি নতুন নীতি ল
লে মাকক শিৰচ্ছেদ কৰাৰ দৰে হয়৷ পৰশুৰামে তাকেই কৰিছিল৷ তাকেই কৰিবলৈ সাহস লাগিব৷

পৰশুৰাম
আছিল আদিমতম প্ৰযুক্তিবিদ৷ ব্ৰহ্মপুত্ৰখন বোৱাই আনি এই উপত্যকা শস্য শ্যামলা কৰি
তুলিলে৷ ক্ষত্ৰিয়ৰ কাম হ
ল যুদ্ধ কৰা৷ কুঠাৰৰ কাম হল খেতিৰ মাটি নতুনকৈ ভাঙি উলিওৱা৷ মাটি চহ কৰা৷ তেওঁ যুদ্ধ কৰা মানুহবোৰক
খেতিয়কলৈ ৰূপান্তৰ কৰিছিল৷ সেইটোৱেই নিক্ষত্ৰিয়কৰণ৷ নহ
লে
সমগ্ৰ পৃথিৱীৰ ক্ষত্ৰিয়ক মাৰিলে যদি ৰঘু বংশৰ ক্ষত্ৰিয়সকল থাকিলেইচোন
, সীতা সয়ম্বৰত ইমানবোৰ ক্ষত্ৰিয় বীৰ কৰ পৰা আহিল?”

খেতিয়কবোৰ
পৰশুৰামৰ সন্তান৷ ব্ৰহ্মপুত্ৰৰ বুকুত ছন পৰা মাটি ভাঙি খেতি কৰা মানুহবোৰ পৰশুৰামৰ
সন্তান৷

বৰা কম্পাউণ্ডাৰ
ডাক্টৰৰ তামোলতি মুখেৰে ওলাই অহা এই কথাবোৰ বাকীসকলে তধা লাগি শুনি থকা বাহিৰে আন
একো কৰিব লগা নাছিল৷

এই কেইমাহতে
তেওঁ বোপাৰাম বিষয়াৰ পৰিয়ালৰ ঘনিষ্ঠ হৈ উঠিছে৷ তেওঁৰে যত্নত ডাক্টৰী চিকিৎসাৰ
প্ৰতি গাঁওখনৰ মানুহবোৰৰ বিশ্বাস জন্মিছে৷ গাঁৱত জ্বৰ-নৰীয়া হ
লে
তেওঁক মাতিবলৈ ধৰিছে৷ তেওঁ দিয়া ঔষধ খাই মানুহ ভাল হৈছে৷ গতিকে লাহে লাহে তেওঁ
গাঁওখনৰ লেখৰ মানুহ হৈ উঠিছে৷ তেওঁৰ নিচিনাকৈ মাৰিয়া নাৰ্ছো ৰাইজৰ মৰমৰ মাজত সোমাব
পাৰিছে৷

কঁকিলাত এটা
স্বাস্থ্য উপকেন্দ্ৰ আৰম্ভ কৰা চাৰি বছৰ হ
ল যদিও ওচৰৰ মানুহে বৰকৈ
ডাক্টৰী চিকিৎসা নকৰায়৷ অথচ ৰোগী বৃদ্ধিৰ সংখ্যা দেখুৱাব নোৱাৰিলে কেন্দ্ৰটো উঠি
যোৱাৰ আশঙ্কা অধিক৷ সেয়ে প্ৰথম কম্পাউণ্ডাৰ হিচাপে দায়িত্ব পোৱা শিশুৰাম বৰাই
মানুহৰ আস্থা অৰ্জনৰ বাবে বৰকৈ চেষ্টা কৰিছে৷ মাৰিয়াই নাৰ্ছ হিচাপে ইয়াত নিযুক্তি
পাইছে৷ তাই খ্ৰীষ্টান মিছনেৰী হাস্পাতালত নাৰ্ছ শিকা৷ কিবা স্বৰূপত ৰাজ্য চৰকাৰৰ
স্বাস্থ্য বিভাগত চাকৰি কৰিছেহি৷ দুয়োৰে চেষ্টা কঁকিলা স্বাস্থ্য কেন্দ্ৰটো ৰওক৷
ৰাইজে উপকাৰ পাওক৷

 

বিছ

 

ব্ৰহ্মপুত্ৰই
বাৰিষাত পুৰণা চাপৰি খহায়
, নতুন চাপৰি পাতে৷ এই পতা-ভঙা খেল নৈখনে
অনন্তকাল ধৰি খেলি আহিছে৷ নতুনকৈ পতা চাপৰিত প্ৰথমে বালিৰ বাহিৰে একো নাথাকে৷ কিন্তু
এটা সময়ত বালি মাটিতে কহুঁৱা
, বিৰিণা, ঝাওবনবোৰ
গজে৷ নৈপৰীয়া মনবোৰ কোমল কৰি তালে৷ ডেকা-গাভৰু মনবোৰত শিহৰণ উঠে৷ কঁহুৱা
, বিৰিণাৰ তালে তালে নাচে৷ এটা মন আনটোৰ ফালে হালি-জালি যায়৷

বেণুৰ ঘৰখনৰ
সৈতে কম্পাউণ্ডাৰ বৰা আৰু মাৰিয়া নাৰ্ছৰ সম্পৰ্ক গভীৰৰ পৰা গভীৰ হৈ উঠিল৷ বেণুৰ
বাঘৰ আচোঁৰ খোৱা আৰু পাহিতাৰ সন্তান ওপজাৰ ঘটনাৰ যোগেদি ডাক্টৰী চিকিৎসাৰ প্ৰতি
বকুল চাপৰিৰ লগতে ওচৰৰ কাৰেং চাপৰি
, মাজৰ চাপৰিতো মানুহৰ
বিশ্বাস বাঢ়িছে৷ সেইফালে বেমাৰী চাবলৈ যোৱাটোক ডাক্টৰে
কে

বুলি কয় – এই কথা পাহিতাৰ দৰে আন মানুহবোৰেও আজিকালি বুজি পায়৷
বেণুৰ ঘৰত এপাক নোসোমাৱাকৈ
, চাহ-তামোল এখন নোখোৱাকৈ বৰা
ডাক্টৰ পাৰ নহয়৷

আজিকালি বকুল
চাপৰিৰ মানুহে জ্বৰ-পানী লগা হ
লে ডাক্টৰী পিল খাবলৈ ভাল পায়, লগে লগে জ্বৰ পানীকৃত্য হয়৷ কাহ হলে আগতে তিতাবাহকৰ পাত খাইছিল, এতিয়া ডাক্টৰে দিয়া চিঁচাত থকা পানীয়া দৰব
খাইহে গুণ পোৱা হ
ল৷ কঁকালৰ বিষ, আঁঠুৰ
বিষ
, পেট বিষ আদিবোৰতো বৰা কম্পাউণ্ডাৰৰ দৰৱৰ আদৰ বাঢ়িল৷
মাইকী মানুহৰ বেমাৰবোৰ চাওঁতে মাৰিয়া নাৰ্ছ লগত থাকে৷ তাইৰ কদৰো বাঢ়ি গৈ আছে৷
ডাক্টৰ অবিহনে তায়ো দৰৱ-জাতি দিব পাৰে৷ বেজী দিয়া কামটো তাই অকলেই কৰে৷ কটা ঘাঁ
চিলাবলৈ তাই ভয় বা ঘৃণ নকৰে৷ তাই গাঁৱৰ মাইকী মানুহবোৰৰ দৰে ভয়াতুৰ নহয়৷

আৰু বহুত কথা
আছে যাৰ কাৰণে মহেনৰ অন্তৰত মাৰিয়াৰ এটা সুকীয়া স্থান আছে৷ ম
হৰ
খুঁটিৰ পৰা মহেনে প্ৰায়ে কঁকিলাৰ ডাক্টৰখানালৈ যায়৷ লগত বাঁহৰ চুঙাত দৈ এচুঙাও মাজে
মাজে নিয়ে৷ মহেনৰ মনৰ চাপৰিতো প্ৰেমৰ বিৰিণা
, কঁহুৱাই পোখা
মেলিছে নে বা
 পাই হালিছে-জালিছে, ঠিৰাংকৈ
কোৱা টান৷ এটা কথা ঠিক
, ইটোৱে সিটোক দেখিলে ভাল লগা হৈছে,
দুদিন নেদেখিলেই মনটো ইচাট-বিচাট কৰিবলৈ ধৰে৷ লগ নাপাওঁতে বহুত কথা
পাতিবলৈ জুকিয়াই থয়
, লগ পালে সেইবোৰৰ এটা কথাও পতা নহয়৷
পাহৰি থাকে৷ কিবা কিবি কথাৰে সময়খিনি পাৰ হোৱাৰ পিছতহে চেতনা আহে৷ মহেনৰ ৰেডিঅ
টো মাৰিয়াৰো ভাল লগা হৈ আহিছে৷ ৰেডিঅত অহা দুই এটা
গান গুণ গুণাই তাইৰ ভাল লাগে৷ কিন্তু এই ভাল লগাবোৰৰ মাজতো কিবা এটা আছে৷ যিটো
সিহঁতে প্ৰকাশ কৰিব নোৱাৰে
, পৰা নাই৷

কথাবোৰ ইকাণ
সিকাণকৈ বোপাৰাম বিষয়াৰ কাণত নপৰাকৈও থকা নাই৷ কিন্তু মহেনক কি ক

তেওঁ
? লে জানো মানিব? তাৰ স্বভাৱটো সৰুৰে পৰা দেখি আহিছে৷ নিজৰ কামত সি কাৰো হকা-বধা নামানে৷ আন
কথা নাই৷ ধন-টকাৰো কথা নাই৷ কিন্তু জ্ঞাতি-গোত্ৰ
, পা-পৰিচয়
নথকা ছোৱালী এজনীক এনেকৈ বোৱাৰী কৰি ল
ব পাৰেনে? বৰা
কম্পাউণ্ডাৰৰ মুখেৰে শুনি তাইৰ বিষয়ে যি জানিছে
, সেইটো আৰু
ভয়ঙ্কৰ কথা৷ সৰুতেই মাক মৰা ছোৱালীজনীক খ্ৰীষ্টান মিছনেৰীয়ে তুলি-তালি
, ডাঙৰ দীঘল কৰিছে, পঢ়ুৱাই নাৰ্ছ কৰাইছে৷ তাই
খ্ৰীষ্টান৷ বিধৰ্মী ছোৱালীজনীক বোৱাৰী কৰিলে সমাজে কি ক
?
মহেনো খ্ৰীষ্টান হব নেকি? তাই তাক তাইৰ ধৰ্মলৈ নিনিবনে? নাই নাই আৰু ভাবিব
নোৱাৰে বোপাৰাম বিষয়াই৷

ধৰ্ম-অৰ্ধম!
কি আছে এইবোৰত
? সিদিনা তেওঁৰ নিজৰ ঘৰৰ নামষাৰত ঘটা অঘটনটোৰ
বাবে বোপাৰাম বিষয়া হতাশ হৈছে৷ ধৰ্ম ডাঙৰ নে মানুহ ডাঙৰ
?

আগৰ পৰা এটা
নিয়ম আছে – গাঁৱত
দেৱৰ কামলৈ কোনোবা
উঠিলে
, চাৰিখন গাঁৱৰ চাৰিজন ভকত আৰু নিজৰ খেলৰ ভকতসকলক লৈ
এষাৰ নাম আয়োজন কৰিব লাগে৷ ব্যক্তিগতভাৱে কোনোবাই নিজৰ ঘৰত নামষাৰ পাতিব পাৰে
,
নহলে সমূহীয়াকৈ নামঘৰত পাতিব পাৰে৷

বোপাৰাম বিষয়াই
গোঁসাইৰ ওচৰত কথাবস্তু লৈ
ভজনীয়াহোৱাটো তেওঁৰ
জীৱনৰ এটা ছেদ বুলি অনুভৱ কৰিছে৷ এতিয়াৰ পৰা আৰম্ভ হ
ব তেওঁৰ জীৱনৰ
এটা নতুন অধ্যায়৷ সেয়ে নামঘৰত আনৰ লগত জাপ পাতিবলৈ তেওঁ ভাল নাপালে৷ নিজাকৈ চোতালৰ
মূৰতে সৰুকৈ এটা নামঘৰ সাজিলে৷ ঈশ্বৰৰ কামবোৰ এদনীয়া হোৱাই ভাল৷

বিষয়াই আথেবেথে
নাম-প্ৰসংগ এষাৰ আয়োজন কৰিলে৷ পুৱাতে আসন প্ৰতিষ্ঠা আৰু দুপৰীয়া নাম-প্ৰসাদ
, বৰ প্ৰসাদ৷ ঠিকে ঠাকেই আয়োজন হল৷ আন ভকতৰ লগতে
উমাৰাম দলে
, ডেম্বি পাটিৰ, পাৰচ সিং
আৰু যাদৱ চৌধুৰীকো বিষয়াই সকামভাগলৈ নিমন্ত্ৰণ কৰিছিল৷ তেওঁলোক আহিছিল৷ কিন্তু ফটিক
শইকীয়াই তেওঁলোকক ভকতৰ শাৰীত বহিবলৈ নিদিলে৷ কিবাকিবি উজুহাতত ল
ৰা-মহিলাৰ শাৰীত ৰাখিলে৷ কোনে কি ভাবিলে বা নাভাবিলে সেইটোতকৈ বোপাৰাম
বিষয়াৰ মনটো গধূৰ হৈ থাকিল৷ এই কেইজনো নিমন্ত্ৰিত ভকতেই আছিল কিন্তু অজাতি হোৱাৰ
কাৰণে পাবলগীয়া সন্মান দিয়া নহ
ল৷ বিষয়াৰ মনটোৱে বিদ্ৰোহ কৰি
থাকিল৷ যদি এনেকৈ মানুহৰ পৰা মানুহক আঁতৰ কৰিব লগীয়া হয় তেন্তে এই ধৰ্মবোৰ কেলেই
লাগে৷

বেণুৱেও তেনেকেই
ভাবে৷ সোণ জেঠায়েকৰো তেনেকুৱাই মত৷

‘‘ধৰ্মনো আমাক কেলেই লাগে?”

জীয়াই
থাকোঁতে নালাগে অ
৷ মৰিলেহে লাগে৷ তোৰ শটোক চুবলৈ মানুহ নোলাব নহয়৷

ৰাজহুৱাকৈ নামঘৰ
এটা পাতিবৰ বাবে বোপাৰাম বিষয়া আৰু বেণুৰ মাজত চৰ্চা হৈছিল৷ চাপৰিটোত এটাই নামঘৰ হ

লাগে৷ উজনি চুক
, নামনি চুকৰ আটাইকেইঘৰ মানুহে তাতে মূৰ
দোঁৱাবলৈ পাব লাগে৷ পাৰচ চিং
, যাদৱ চৌধুৰীহঁতৰো উপাসনাস্থলী
স্থায়ীকৈ নাই৷ উমাৰাম
, ডেম্বিহঁতৰো নাই৷ আটায়ে মিলি নামঘৰ
সাজিব৷ ডেকা ল
ৰাবোৰ গোট খাই সাজি লোৱা ঘৰটোকে নামঘৰ কৰিব
পাৰি৷ অৱশ্যে সিহঁতক সুধিব লাগিব৷ কাৰোবাৰ কিবা অসুবিধা আছে নেকি
? নামঘৰ এজনৰ নহয়, ৰাইজৰ সকলোৰে৷ বেণুৰো কথা নামঘৰ এটা
ব লাগে৷ লগতে এটা পাঠশালাও লাগে৷

কিন্তু আসন
প্ৰতিষ্ঠাৰ দিনাৰ ঘটনাই বিষয়াৰ মনটো একেবাৰে শুকুৱাই আনিলে৷ শৰণ-ভজন দিওঁতা নাৰায়ণ
গোঁসায়ে এই কথাবোৰতো কোৱা নাছিল৷ ফটিক শইকীয়াই নিজৰ ঠেক চিন্তাৰ ফলত এনেকুৱা হ
ল৷
কিন্তু স্বয়ং গোঁসাই থাকোঁতে তেওঁ এনেকুৱা কৰিবলৈ সাহস কৰিলে কেনেকৈ
? গোঁসায়ে আটাইখিনি ঘটনা দেখিয়েই আছিল৷ কিয় তেওঁ এই ভকতকেইজনক সৰু লৰা আৰু মহিলাৰ শাৰীৰ পৰা আগলৈ নিনিলে? বয়সস্থ
মানুহকেইজনে অপমান পাইছিল৷ মুখেৰে একো কোৱা নাছিল৷ ভকত মাতি অপমান কৰা হ
ল৷ ক্ৰোধ আৰু ক্ষোভত বোপাৰাম বিষয়াৰ বুকু ভাগি গল৷

তেওঁৰ দাইচালি
কৰাৰ উৎসাহ একেবাৰে দমি গ
ল৷ নামঘৰ এটা স্থাপন কৰাৰ কথাও সিমানতে ৰল৷

(ক্ৰমশঃ)

document.getElementById(“Anyayug-month”).innerHTML = ” জানুৱাৰি,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২৩”;