নেপ্থেলিন

অনুভৱ তুলসী 

নেপ্থেলিনৰ গুটিবোৰ গ্লুকমা
ৰঙৰ

কিতাপৰ কাষে কাষে থৈ দিছিলোঁ

কণা হওক ছিলভাৰ ফিছৰ চকু

নহলে যে কিতাপো
কেচেমা-কেচেম গোন্ধায়

জয়াল কল্পনাত শিহৰিত পঢ়ুৱৈ আঙুলি

কলহে কলহে আৰবৰ অগৰnৰে
ধোৱা

লেডী মেকবেথৰ কণমানি দুখনি হাত

জৰায়ুত যাৰ আয়ুস মাথোঁ কুৰিদিনৰ

কিহৰ ভয়ত খহি গ
স্থান কালৰপৰা

বুলবুলি চৰাইৰ বোবা কণ্ঠস্বৰ

আবিয়ৈ জীয়েকে সপোনত পোৱা

ফুলকলি যেন দেবশিশুটিৰ ডিঙিত

জন্মমুহূৰ্তৰ আন্ধাৰ ক্ষণতে

আইতাকৰ কাঁচিৰ ৰেপ

সেই কাঁচি কলৈ
ল কলৈ গ

অৰি কমাৰৰ শাললৈ গ

সেই কাঁচি অৰি কমাৰে গলাই পেলালে

অৰি কমাৰে ঈশ্বৰৰ থাপনাত লগালে

দেহা-মন সুত কৰা তুলা-লাহী প্ৰেম
অনুৰাগী

বিচৰা নাই বুলিয়েই লিলিয়ানে গুচাই
পেলালে

মহাকবি দতৰ চেৰাফিক
অজন্মা সন্তান

এনেকুৱা বহু কথা কিতাপত আছে

কেচেমা-কেচেম গোন্ধোৱা কিতাপ

এনেকুৱা বহু কথা কিতাপলৈ আহি আছে

নেপ্থেলিনৰ গ্লুকমা
ৰঙৰ গুটিবোৰ ক
লৈ গ

অস্তগামী সূৰুযৰ তেজ-বমি

দাঁৰত মেলা কাপোৰত লাগিছে

কোঙা বতাহৰ বঁকিয়াৰ পৰা কষ্টেৰে
উঠি

কাগজলৈ যোৱা বাটৰপৰা শাৰীকিটা

নেপ্থেলিনৰ গুটিবোৰ কলৈ

 

document.getElementById(“Anyayug-month”).innerHTML = ” অক্টোবৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২২”;

h1.post-title{text-align:left;
padding-left:10px;}