সদাগৰৰ বাগিচা

অলকেশ কলিতা

 

মোৰ বাগিচাৰ মালীজনক মই কামৰ পৰা অব্যাহতি দিলোঁ।
 
বাৰিষাৰ জান্তৱ সেউজীয়াৰ স’তে যুঁজিছিল তেওঁ
যিহেতু মই ভাল পাইছিলোঁ একোটা ডালত
এটাই মাত্ৰ ফল, পৰিপুষ্ট,
পোছাকী সাজত, ফিট-ফাট; সম্ভ্ৰান্ত মদিৰাৰ দৰে।
ফুলবোৰ বহু দিনৰ বাবে; 
দীৰ্ঘ যাতনাত;
মৰহি থকা অৱস্থাত চাই থকাটো মোৰ চখ আছিল।
তেওঁ বুজিছিল মোৰ শুই থকা শকত-আৱত হৃদয়ে
অলপতে বাগৰ নসলায়।
সময় গৈ আছিল আৰু বিভিন্ন  ধৰণৰ কেক্টাছ জমা হৈছিল।
পাহাৰৰ টান মাটিত কিমান কষ্টই বা কৰা নাছিল তেওঁ।
সৰগৰ এটা চুকত এখন সেউজীয়া বাগিচা থকাৰ এটা  অৰ্থ আছে
যত একোৰে অভাৱ নহয় কোনোদিন, কাৰ্যৰ নাথাকে কাৰণ!
: মই ভাবিছিলোঁ:
অলপ হিচাপী বাগিচা, ঈশ্বৰে যিদৰে হিচাপত চলে।
কিন্তু সংসাৰতো দুখৰেই, বান্দৰৰ জাকবোৰে সিহঁতৰ অত্যাচাৰ
অব্যাহত ৰাখিলে, আৰু মোৰ মৰমৰ মেকুৰীটোৱে লনখনত হগাটো

এদিন মই আকৌ সেই মুহূৰ্তটোলৈ উভতি গ’লো
যেতিয়া বান্দৰবোৰৰ বিষ্ঠাই
মোক জীৱন সম্পৰ্কে অসন্মানজনক কথা কিছুমান সোঁৱৰাই দিলে।
তেতিয়া সকলো ফল-ফুলৰ ছিজন শেষ হৈছিল
কুৎসিত ঠাৰিৰে স’তে জেদী পাৰ্থেনিয়াম;
কিন্তু মূলতঃ
বান্দৰবোৰৰ ওপৰত খং উঠিয়েই মই তেওঁক কামৰ পৰা অব্যাহতি
দিলোঁ।
শ্ৰব্য ৰূপ

.video-container {
overflow: hidden;
position: relative;
width:100%;
}

.video-container::after {
padding-top: 56.25%;
display: block;
content: ”;
}

.video-container iframe {
position: absolute;
top: 0;
left: 0;
width: 100%;
height: 100%;
}