ঋতু হেমন্ত

হিল্লোলজ্যোতি সিংহ

 

(হেমন্ত দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি)

 

হেমন্তলৈ নৰৈ

ভৰ বাৰিষাতে গুচি
গ’লগৈ তেওঁ

 

শাওনৰ আজি পঁচিছ

সঁজাল ধৰা কঠিয়াবোৰ
পকিবলৈ

আৰু তিনি মাহ বাকী

 

তেওঁ ৰচি যোৱা গীতবোৰে
ৰাউচি জুৰিছে…

 

বলুকাত শৰালিৰ ছাঁ * দেখুৱাই

গছ-বনক সেউজীয়া কৰিবলৈ

আকুলতাৰে বৰষাক মতা
মানুহজনক

এতিয়া মাতি আনিব
নোৱাৰোঁ!

 

বিশাল আকাশ ৰসাল পথাৰৰ কথা কোৱা মানুহজন

উকা কৰি থৈ গ’ল বকুলতলৰ দূবৰি

এতিয়া আমাৰ চকুলোৰে
তিয়াওঁ মৰহা ফুলনি

 

সময় গতিশীল হ’লেও

আজিৰ নতুন কাইলৈ অতীত পুৰণি হ’ব বুলি জানিলেও

কেনেকৈ বুজাওঁ নিজকে—

অতি চেনেহৰ আপোনজনো এৰাসুঁতি হৈ ৰ’ব!

 

এদিন মিছৰৰ পৰা তেওঁ
লৈ আহিছিল ক্লিঅ’পেট্ৰাক

টাইটানিক পুনৰ চলিছিল

তেওঁৰ লগত মোৰ নহ’ল
আলাপ

আখৰা-মঞ্চৰ ইথাৰত
গমগমাই থাকিল

তেওঁৰ অজস্ৰ দুৰ্দান্ত
সংলাপ…

 

আকৌ এদিন হেমন্তৰ
আবেলি

সোণবৰণীয়া ধাননিৰ
সিপাৰে

কুঁৱলীৰ শুকুলা পথালি
পটিৰ মাজেৰে

ডুবিবলৈ ওলোৱা বেলিটোৰ
ফালে

দূৰৈৰ পৰাই তেওঁক
গুণগুণাই গৈ থকা দেখিম—

মই যি বাটেৰে ওলালোঁ আজি, নাহোঁ উলটি…

 

*বেঁকাকৈ লিখা অংশবোৰ হেমন্ত দত্তৰ গীতৰ কিছুমান বাক্যাংশ
আৰু বাক্য

 

ঠিকনা :

প্ৰাণী বিজ্ঞান বিভাগ

বড়োলেণ্ড বিশ্ববিদ্যালয়

ৰাঙালিখাতা ডাকঘৰ

কোকৰাঝাৰ জিলা

ডাক সূচকাংক : ৭৮৩৩৭০

ভ্ৰাম্যভাষ – ৯৪৩৫১২০০৭৬

ইমেইলঃ singha.hilloljyoti@gmail.com