মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা

(১৯)

পুৱাই
চিঞৰ-বাখৰ লাগিল। ষ্টেপানে তেতিয়াও শোৱাপাটী এৰাই নাই। ঘৰৰ মূধচত মলেঁয়াই
চিঞৰ-বাখৰ কৰাত ততাতৈয়াকৈ বিছনাৰ পৰা নামি একেকোবে চোতাল পালেহি ষ্টেপান। ঘৰৰ
মূধচলৈ চালে তেওঁ। নিজৰ বাহৰ পৰা ওলাই মলেঁয়াই ঠোঁটখন জোকাৰি জোকাৰি চিঞৰি আছে।
তাইৰ বিপৰীতে ডাঙৰ বোন্দা মেকুৰী এটা। ক্লেপেটাঁ নাই— সি চাগে খাদ্যৰ সন্ধানত
কেনিবা উৰি গৈছে। এই সুযোগতে বোন্দাটো আহি মলেঁয়াক আমনি কৰিছেহি!

সাধাৰণতে
মেকুৰীয়ে হোৱাইট ষ্টৰ্কবোৰৰ বাহলৈ উঠা বা পোৱালি অনিষ্ট কৰাৰ কোনো উদাহৰণ নাই।
বাহৰ ওচৰলৈ গ
লেও ষ্টৰ্কৰ আক্ৰমণত প্ৰাণ লৈ পলোৱাৰ বাদে
গত্যন্তৰ নাথাকিব। আজিও নিশ্চয় মেকুৰীটো কৌতূহলৰ বশৱৰ্তী হৈহে মলেঁয়াৰ বাহটোৰ
ওচৰ চাপিছিল। তাইৰ চিঞৰ-বাখৰ আৰু খং দেখি বেচেৰাটোক পলায়ন কৰিবলৈ উদ্যত হোৱা
অৱস্থাতহে দেখা পালে ষ্টেপানে। তেওঁৰ হাঁহি উঠিল ঘটনাটো দেখি। নিজকে কোৱাৰ দৰে ক
লে—
“ই মেকুৰী বেটাও কম নহয় দেই!” মলেঁয়াক সাহস যোগাবৰ বাবে তেওঁ চোতালৰ
পৰাই
যাহ্ যাহ্বুলি চিঞৰি মেকুৰীটো খেদাত সহায়
কৰিলে। মেকুৰী পলাল।

মলেঁয়া
শান্ত হ
ল। পোৱালি তিনিটাই বাহৰ পৰা ডিঙি মেলি বাহিৰৰ জগতখনতনো কি হৈছে তাৰেই
বুজ ল
বলৈ যেন চেষ্টা কৰিলে। পোৱালি তিনিটাৰ ভিতৰত দুটা মতা আৰু এটা মাইকী
পোৱালি। পোৱালি অৱস্থাতে হওক বা প্ৰাপ্তবয়স্ক অৱস্থাতে হওক
, হোৱাইট
ষ্টৰ্কৰ পুৰুষবোৰ মাইকীতকৈ আকাৰত কিছু ডাঙৰ হয়। পোৱালি অৱস্থাত মতা-মাইকী চিনাক্ত
কৰাটো বৰ সহজ নহয় যদিও ষ্টেপানৰ দৰে অভিজ্ঞ লোকৰ বাবে সেয়া সিমান জটিল কথাও
নহয়। প্ৰভাতী বেলিৰ পোহৰত বাহতে জিলিকি উঠা মলেঁয়াৰ পোৱালিকেইটাৰ উৰ্ধ্বাংশ দেখি
ষ্টেপানে ভাবিলে— “ইহঁত তিনিটাৰ নাম ৰাখিব লাগিব!”

ভিতৰ
সোমাল ষ্টেপান। আজি দেওবাৰ। স্কুল বন্ধ। সেয়ে তেওঁৰ খোৱা-বোৱাও আনদিনাতকৈ অলপ পলম
হয়। অৱশ্যে দেওবাৰে তেওঁৰ ঘৰলৈ মানুহৰ আগমন বেছি হয়। স্কুলৰ ল
ৰা-ছোৱালীয়েই
সৰহকৈ আহে। মলেঁয়া আৰু ক্লেপেটাঁক চাবলৈকে আহে। ষ্টেপানে ভাল পায় যদিও অসুবিধাও
হয় কেতিয়াবা। আগতে তেওঁ দেওবাৰে আগবেলাই বৰশী বাবলৈ গৈছিল
; মলেঁয়াৰ বাবে
মাছ ধৰিছিলগৈ। কিন্তু এতিয়া আগবেলা তেওঁ যাব নোৱৰা হৈছে ঘৰলৈ মানুহ আহি থাকে বাবে।
মলেঁয়াহঁতৰ বাবে আজিও ভিতৰত মাছ জমা হৈ থকা নাই। বজাৰৰ পৰা আহিবগৈ লাগিব এপাক
জীয়া মাছ বিচাৰি।
 

কথাবোৰ
ভাবি থাকিয়েই ষ্টেপানে নিজৰ আহাৰ প্ৰস্তুত কৰাত লাগিল। কামৰ মাজতে তেওঁ শুনিলে—
কলিং বেলটো বাজিছে। কোনবা ওলালহি! গেছ ষ্ট
ভটোৰ ওপৰত ফ্ৰাই পেনখন ৰাখি অমলেট এটা কৰিবলৈ ওলাইছিল ষ্টেপানে। জ্বলি থকা বাৰ্নাৰটো নুমুৱাই দি তেওঁ বাহিৰলৈ
ওলাই আহিল। দুৱাৰমুখত ওঁঠত স্বভাৱজাত স্তিমিত হাঁহিটোৰে সৈতে থিয় দি আছে নিকলা।
নিকলা এজন মৎস্য ব্যৱসায়ী। মলেঁয়াৰ বাবে মাছ কিনিবলগীয়া হ
লে
ষ্টেপানে বজাৰত গৈ নিকলাৰ পৰাই মাছ লয়গৈ। মানুহজন সৎ। সেয়ে ভাল পায় ষ্টেপানে।

:
অঃ নিকলা! আহাঁ বহাঁহি।— ষ্টেপানে মিচিকিয়াই হাঁহিলে।

:
বহিম বাৰু
; কিন্তু তাৰ আগতে কাম এটা কৰি ল
লাগিব।— নিকলাই ক
লে।

:
কাম! কি কাম
?— আচৰিত হল ষ্টেপান।

:
এক মিনিট ৰ
ব।— কথাষাৰ কৈয়েই নিকলা ষ্টেপানৰ সমুখৰ পৰা
চোতাললৈ নামি গ
ল।

চোতালৰ
এমূৰে নিকলাৰ চাইকেলখন ৰখাই থোৱা আছে। চাইকেলখনৰ কেৰিয়াৰত ষ্টীলৰ ডাঙৰ পাত্ৰ এটা
বান্ধি অনা হৈছিল। নিকলাই গৈ সেইটোৰ বান্ধ খুলি কেৰিয়াৰৰ পৰা নমাই একেকোবে
ষ্টেপানৰ সমুখত ৰাখিলহি। পাত্ৰটোলৈ জুমি চাই ষ্টেপানে হাঁহিলে। সন্তুষ্টিৰ হাঁহি।
তেওঁ আৰু আজি বজাৰলৈ নগ
লেও হ; নিকলাই মাছ লৈ
আহিছে। জীয়া জীয়া মাছ। পাত্ৰটোৰ পানীত খেলি থকা সতেজ মাছ।

:
বৰ উপকাৰ কৰিলা নিকলা। ভাল পালোঁ তোমাক।— ষ্টেপানে ক
লে।

:
আজি মোৰো মন গ
ল মলেঁয়াৰ পৰিয়ালটো চাই যাবলৈ। সেয়ে
আহিলোঁ।— নিকলাই হাঁহি মাৰি ক
লে্।

:
পাত্ৰটো বাৰাণ্ডাৰ সৌটো মূৰত থোৱাঁ আৰু ভিতৰলৈ আহাঁ।— ষ্টেপানে পুনৰ ক
লে।

ষ্টেপানে
কোৱাৰ দৰেই মাছ থকা পাত্ৰটো বাৰাণ্ডাৰ এমূৰে ৰাখি ভিতৰলৈ সোমাই গ

নিকলা। ষ্টেপানে ইতিমধ্যে ৰান্ধনি ঘৰত গৈ গেছ ষ্ট
ভটো জ্বলাই
মলেট তৈয়াৰ কৰাত লাগিল আৰু ব্ৰেডৰ সতে দুখন প্লেটত সজাই লৈ নিকলা বহি থকা চকীখনৰ
সমুখৰ ঘূৰণীয়া টেবুলখনত ৰাখি ক
লে— “খোৱাঁ।”

খোৱাৰ
মাজতে ষ্টেপানে দুই-এটা ঘৰুৱা কথা পাতিলে নিকলাৰ সতে। কথাবোৰ মূলতঃ নিকলাৰ ঘৰত কোন
কোন আছে
, ৰা-ছোৱালীয়ে কি পঢ়ি আছে, তেওঁৰ
ব্যৱসায়েৰে সংসাৰখন নিয়াৰিকৈ চলেনে আদি। দুয়ো কথা পাতি পাতি খোৱা সামৰিলে।
নিকলা যাবলৈ ওলাল। ষ্টেপানো নিকলাৰ সতে একেলগে বাহিৰ ওলাল। ঠিক সেই সময়তে চোতাল
পাইছিলহি আহি ষ্টেপানৰ চুবুৰীয়া জেকভ আৰু ব্ৰানিমিৰ। ষ্টেপান আৰু নিকলাক দেখি
দুয়োজনে হাঁহিলে।

:
আজি নিকলা ইয়াত যে!— জেকভে নিকলাৰফালে চাই ক
লে।

মলেঁয়ালৈ মাছ কেইটামান দিবলৈ আহিলোঁ।— নিকলাই হাঁহি মাৰি কলে। কথাৰ সুৰত
বিনয় ভাব স্পষ্ট।

:
এক মিনিট ৰ
বাচোন নিকলা।— কথাষাৰ কৈ পোনে পোনে খৰখেদাকৈ
ভিতৰলৈ সোমাই গ
ল ষ্টেপান।

হাতত
কোনা (
Kuna)-ৰ নোট দুখনমান লৈ ভিতৰলৈ সোমাই যোৱাৰ দৰেই
খৰখেদাকৈ ষ্টেপান বাহিৰ পালেহি। নিকলাৰ হাতত নোটকেইখন গুজি দিলেহি। নিকলাই
প্ৰত্যাখ্যান কৰিলে নোটকেইখন। কৈ উঠিল— “নাই
, নাই… নালাগে।
আজিৰ মাছকেইটা মই মলেঁয়াক মাতৃ হোৱা বাবে উপহাৰ হিচাপে দিছোঁ। আপুনি মূল্য দিব
নালাগে।”

: ল
লাগিব নিকলা। তোমাৰ ব্যৱসায়ৰ কথা আছে
, পৰিয়াল পালনৰ কথা আছে।— ষ্টেপানে কলে।

:
আজিৰ বাবে মলেঁয়াৰ পৰিয়ালটো মোৰ পৰিয়াল বুলি ধৰি লওক।— নিকলাই কথাৰে বান্ধিব
খুজিলে ষ্টেপানক।

:
তথাপি…!

:
আপুনি আজি মাছৰ মূল্য দিলে মই খুব বেয়া পাম। মই এদিনৰ বাবেহে মলেঁয়াৰ সামান্য উপকাৰত
আহিব বিচাৰিছোঁ। আপুনিতো বছৰ বছৰ ধৰি মলেঁয়াৰ উপকাৰ কৰি আহিছে। এনেদৰে চৰাই এজনীৰ
উপকাৰ কৰাটো কম মহৎ কাম নহয়।— নিকলাই ক
লে।

:
মইনো কিমানকণ উপকাৰ কৰিব পাৰিছোঁ মলেঁয়াক! চৰায়ে মানুহক উপকাৰ কৰাৰ সমান উপকাৰ
আমি মানুহে কৰিব নোৱাৰোঁ।— ষ্টেপানে ক
লে।

:
চৰায়ে মানুহক বহুত উপকাৰ কৰে নেকি!— নিকলাৰ কৌতূহল ওপজে।

:
কৰেতো। চৰায়ে যদি সহায় নকৰে
, তেতিয়াহলে এই পৃথিৱীত
মানুহ বসবাস কৰাটোৱেই জটিল হৈ পৰিব।— ষ্টেপানে ক
লে।

:
কেনেকৈ
?— এইবাৰ জেকভে সুধিলে।

:
খেতি-পথাৰ
, হাবি-জঙ্গল, ফল আৰু ফুলৰ
বাগানত অসংখ্য সৰু-সুৰা নানা জাতৰ পোক-পৰুৱা আছে
, যিবোৰে
পাত-ফুল-ফল খাই নষ্ট কৰি পেলায়। অৱশ্যে পোক-পৰুৱাই যে কেৱল ক্ষতি কৰে সেয়াও নহয়
,
উপকাৰো
কৰে। কিন্তু এইবোৰৰ সংখ্যা বৰ বেগেৰে বাঢ়ে। এনেদৰে বাঢ়ি থাকিলে সিহঁতবোৰে গছ-বন
খাই শেষ কৰি পেলাব। হেৰাই যাব সমস্ত সেউজীয়া। মৰুভূমি হৈ পৰিব সমগ্ৰ বিশ্ব।
কিন্তু এই পোক-পৰুৱা আৰু  কীট-পতঙ্গবোৰক চৰায়েহে নিয়ন্ত্রণত ৰাখে। কীট-পতঙ্গ চিকাৰ কৰাত চাতক চৰাই (
Swallow) আৰু
বতাহী চৰাই (
Swift)-ৰ সমকক্ষ কোনো নাই। শূন্যতে উৰি উৰি বিচিত্র
ৰকমৰ ভঙ্গী কৰি ইহঁতে উৰন্ত পোক-পৰুৱা আৰু কীট-পতঙ্গ ধৰি ধৰি খায়। ইহঁতবোৰে অলপ
সময়ৰ ভিতৰতে অনেক পোক ধৰি খাব পাৰে। এটা সৰু চৰায়ে ঘণ্টাত প্রায় বাৰশ পোক ধৰি খাব
পাৰে। চাতক চৰাইবোৰৰ আকৌ সুকীয়া কাহিনী কিছুমানো আছে।— ষ্টেপানে দীঘলীয়াকৈ উত্তৰ
দিলে।

ষ্টেপানে
পুনৰ নিকলা
, জেকভ আৰু ব্ৰানিমিক বুজাবলৈ চেষ্টা কৰিলে—
কৃষকে যেতিয়া মাটিত নাঙলেৰে হাল বায়
, তেতিয়া গো-বগলী, সৰু
বগ
, শালিকী, ফেঁচু ইত্যাদি চৰায়ে নানাবিধ পোক-পৰুৱা খায় আৰু গৰু-ছাগলীক পোকৰ জ্বালাতনৰ পৰা ৰক্ষা কৰে। গৰু আৰু ছাগলীয়ে ঘাঁহ খোৱাৰ সময়ত
জোকসহ নানাবিধ পোকে আক্রমণ কৰে। ফেঁচু আৰু শালিকীৰ দলে সেই আক্রমণৰ পৰা  ৰক্ষা কৰে গৰু-ছাগলীক। গৰু আৰু ছাগলীৰ নোমৰ
ভিতৰত থকা চিকৰা
, ওকণি আদিও এই চৰাইবোৰে খুঁটি খুঁটি খায়। চিলনী,
ঈগল,
শেন আৰু অন্যান্য চিকাৰী চৰাইক মানুহে পচন্দ নকৰে, পোহনীয়া
হাঁহ-কুকুৰাৰ পোৱালি খায় বাবে। কিন্তু এই কথাও সত্য যে ইহঁতবোৰে এন্দুৰ
, নিগনি
ইত্যাদি চিকাৰ কৰি ফচলৰ খেতিৰ বেছ উপকাৰ কৰে। পোহনীয়া আৰু বনৰীয়া চৰাইৰ কণী আৰু
পোৱালি খোৱা সাপ আৰু অন্যান্য প্রাণীও চিকাৰ কৰে ইহঁতবোৰে। ফণা-তোলা বিষধৰ সাপ
যদি নজৰত পৰে
, তেন্তে ঈগলৰ পৰা ৰক্ষা নাই সেই সাপৰ।

মহ,
মাখি,
কীট-পতঙ্গ
আদিয়ে মানুহৰ মাজত বিষাক্ত জীৱাণু বিয়পায়। এইবোৰৰ পৰাও বিপন্ন মানুহক
ৰক্ষা কৰে চৰায়েই। কাউৰী আদিয়ে চহৰ-নগৰ পৰিচ্ছন্ন কৰি ৰাখে উচ্ছিষ্ট ভক্ষণ কৰি।
মৰা জন্তু আৰু অন্যান্য পেলনীয়া খাই গ্রামাঞ্চলৰ পথ-ঘাট আৰু পথাৰ পৰিষ্কাৰ কৰি
ৰাখে শগুনবোৰে। দেশত দুর্ভিক্ষ হ
লে, বানপানী হলে
শগুনবোৰ জাকে জাকে নামি আহি চৌপাশৰ মৰা জন্তুবোৰ খায় খুব কম সময়ৰ ভিতৰতে। শগুনে
ইমান খৰতকীয়াকৈ খাদ্য গিলিব পাৰে যে দেখিলে চমকি উঠিবলগীয়া হয়।
 

নানা
ৰঙৰ ফল আৰু ফুলেৰে ভৰা গছ-লতিকাত চৰায়ে সকলো সময়তে ভিৰ কৰা দেখা যায়। ইয়াৰ
কাৰণ হৈছে খাদ্য সংগ্রহ কৰা। ইহঁতৰ এই খাদ্য সংগ্রহ গছৰ আৰু মানুহৰ বাবে
বিস্ময়কৰভাৱে উপকাৰী। চৰায়ে পকা ফল খোৱাৰ সময়ত বীজটোও খায়। পিছত সেই বীজ
পায়ুপথেৰে পায়খানা হৈ ওলাই যায়। ফলত এবিধ গছৰ বীজ নানা স্থানলৈ বিয়পি পৰে। এই
বীজসমূহ যদি চৰায়ে নাখালেহেঁতেন
, তেতিয়া কি হলহেঁতেন?
কেৱল
সেয়াই নহয়
, অনেক সৰু সৰু বীজ চৰাইৰ পাখি অথবা ঠেঙত লাগি
দূৰ দেশলৈকো বিয়পি পৰে।

ফুলৰ
পৰাগ সংমিশ্রণতো চৰাইবোৰ সকলোতকৈ সক্রিয়। নানা ৰকমৰ মৌপিয়া
, টুনি,
ফুলটোকা
ইত্যাদি চৰায়ে ফুলৰ ভিতৰৰ পৰা মৌ বাহিৰ কৰি খায়। মৌ খাবৰ সময়ত ফুলৰ কিছু ৰেণু
ইহঁতৰ মূৰত কিম্বা ঠোঁটৰ চৌপাশে লাগি যায়। শৰীৰত ৰেণুসনা চৰাইটো যেতিয়া অন্য
ফুলত গৈ বহে
, তেতিয়া চৰাইটোৱে কঢ়িয়াই অনা ৰেণু অন্য ফুলৰ
ৰেণুৰ লগত মিলাই ফল ফলোৱাৰ কামত লাগে।

ইমানখিনি
কথা কোৱাৰ পিছতো ব্ৰানিমিয়ে অবুজনৰ দৰে ক
লে— “কিছুমান অপকাৰী চৰায়ো আছে
কিন্তু!”

:
প্ৰকৃতি কেতিয়াও অপকাৰী হ
ব নোৱাৰে।— ষ্টেপানে ঘূৰাই কলে।

:
আছে
, আছে… অপকাৰী চৰায়ো আছে।— ব্ৰানিমি নিজৰ মতত অটল।

:
তোমাক তেন্তে
The great Sparrow Campaign-অৰ কাহিনী শুনাব লাগিব।— ষ্টেপানে কলে।

: The
great Sparrow Campaign! কিহৰ কাহিনী এইটো?— জেকভে সুধিলে।

:
ঘৰচিৰিকা চৰাই আৰু এখন দেশৰ কাহিনী। আচলতে কাহিনী নহয়
; সত্য ঘটনা।

:
নিশ্চয় শুনিম।

:
বহি লওঁ আহাঁ।

চোতালৰ
এমূৰে থকা অলিয়েণ্ডাৰজোপাৰ কাষত আগৰে পৰা থকা চকীত বহিলগৈ চাৰিওজন।
অলিয়েণ্ডাৰজোপাই কলি পেলাইছে। খুব কম সময়ৰ ভিতৰতে ফুলি উঠিব জকমকাই। গুলপীয়া
বৰণৰ ফুলবিধ ভাল পায় ষ্টেপানে। ভাল পাইছিল তেওঁৰ পত্নীয়েও।

:
কোৱাঁ এতিয়া।— জেকভে মাত দিলে।

:
কাহিনীটো চীন দেশৰ।— ষ্টেপানে ক
বলৈ আৰম্ভ কৰিলে চৰাই নিধনৰ চৰকাৰী
অভিযান—
The Great Sparrow Campaign-ৰ বিষয়ে।

মানুহে
সততে কৈ অহাৰ দৰেই প্ৰকৃতি সৰ্বশক্তিমান। প্ৰকৃতিৰ ওচৰত মানুহ অসহায়। প্ৰকৃতিক
অস্বীকাৰ কৰাৰ কোনো উপায় নাই! তথাপি কেতিয়াবা প্ৰকৃতিয়ে মানুহৰ সিদ্ধান্ত আৰু
চিন্তাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। কিন্তু এই আত্মসমৰ্পণৰ ফল হয় ভয়ংকৰ।

সেয়া
১৯৪৯ চনৰ কথা। চীনত মাত্ৰ ক্ষমতালৈ আহিছে কমিউনিষ্ট পাৰ্টি। মাও জে ডং আছিল নেতা।
চৰকাৰৰ মূল লক্ষ্য আছিল সামাজিক আৰু অৰ্থনৈতিক দিশত কৃষিৰ সঠিক ব্যৱস্থাপনা।
চৰকাৰে দেশজুৰি কৃষি উদ্যোগক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছিল। চৰকাৰে
কৃষি বিপ্লৱক সফল কৰাৰ চেষ্টা চলাইছিল।

কৃষি
উদ্যোগৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰথম পদক্ষেপ আছিল শস্য সুৰক্ষা। সেই
সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষিৰ মূল সমস্যাসমূহৰ বিষয়ে আলোচনা চলি
আছিল। এই সমস্যাসমূহৰ ভিতৰত এটা তথ্য পোহৰলৈ আহে। এক প্ৰতিবেদনত কোৱা হ

যে চৰাইবোৰে প্ৰতি বছৰে বহুত শস্য খায়। ফলত শস্য নষ্ট হয়। চীনৰ বিজ্ঞানীসকলে
প্ৰকাশ কৰা অনুসৰি এবছৰত প্ৰতিটো চৰায়ে প্ৰায় চাৰে চাৰি কিলোগ্ৰাম শস্য খায়।
চৰায়ে যদি এই শস্যবোৰ নাখালেহেঁতেন তেতিয়া সেইখিনি শস্যৰ পৰা প্ৰতি বছৰে বহু
লোকক খাদ্য যোগান ধৰিব পাৰিলেহেঁতেন।

চৰায়ে
সৃষ্টি কৰা এই
সমস্যাটো সমাধানৰ বাবে চীন চৰকাৰে চৰাই
হত্যাৰ নিৰ্দেশ দিলে। সেই সময়ত শস্য সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছিল।
চৰাই হত্যাৰ বাবে অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা হ
ল। গৱেষণাৰ
অন্তত বিজ্ঞানীসকলে চৰকাৰক প্ৰতিবেদন দাখিল কৰিলে যে জনসাধাৰণৰ সহায়তেই চৰাই
মাৰিব পৰা যায়। প্ৰতিবেদনত আৰু কোৱা হ
ল যে প্ৰতিজন চীনা নাগৰিকে নিজৰ এলেকাত
চৰাইৰ বাহ বিচাৰি উলিয়াই গোটেই দিনটো চৰাইবোৰক খেদি ফুৰিব।

চৰাই
হত্যাৰ পদ্ধতি হিচাপে শব্দ ব্যৱহাৰ কৰা হৈছিল। চৰাই দেখা পালে বিভিন্ন ধৰণে
প্ৰচণ্ড শব্দ কৰা হৈছিল। ফলত চৰাইবোৰে ক’তো অৱতৰণ কৰিব নোৱাৰিছিল। উৰি উৰি ভাগৰি
পৰিছিল আৰু তেতিয়া এই চৰাইবোৰ নিধন কৰিবলৈ সহজ হৈছিল। এই অভিযানৰ নামেই আছিল
The
Great Sparrow Campaignযুদ্ধকালীন তৎপৰতাৰে চৰাই নিধনৰ
কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। সেই সময়ৰ তথ্য অনুসৰি কেৱল চাংহাইতে ১৯৪
,৪৩২টা
চৰাই হত্যা কৰা হৈছিল।

কিন্তু
এই পক্ষী নিধনৰ ফল আছিল মাৰাত্মক। প্ৰকৃতিৰ সকলো উপাদান খাদ্য শৃংখলৰ অন্তৰ্গত।
ইয়াৰে এটাৰ জীৱন আনটোৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত
যিকোনো জীৱনেই গুৰুত্বপূৰ্ণ। গতিকে প্ৰকৃতিৰ এই সৃষ্টিক নিৰ্বিচাৰে হত্যা কৰাৰ ফল
অতি কম সময়ৰ ভিতৰতে দেখা গ’ল। চৰাইবোৰে আচলতে শস্যৰ লগতে পোক-পৰুৱাও খাইছিল।
চৰাইৰ অনুপস্থিতিত পোক-পৰুৱাৰ সংখ্যা দুগুণ বৃদ্ধি পাবলৈ ধৰিলে। শস্যবোৰ পোকে
খাবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে শস্যৰ পথাৰ উদং হৈ পৰিল। সাধাৰণ মানুহৰ খাদ্যৰ
মজুতকৰণত অভাৱ দেখা গ
ল। লাখ লাখ লোক সংকটত পৰিছিল। দুৰ্ভিক্ষৰ
সৃষ্টি হ’ল। এই দুৰ্ভিক্ষক
The Great Famine বুলি জনা গৈছিল।

দুৰ্ভিক্ষৰ
লগত আহে দুৰ্ভাগ্য। এই সময়তে চীনে অভিযান আৰম্ভ কৰে
The great leap
forward আঁচনি। ১৯৫৯ চনৰ এপ্ৰিল মাহত চৰকাৰে জনসাধাৰণক তীখা নিৰ্মাণৰ নিৰ্দেশ
দিয়ে। চীনা ঘৰুৱা কামত ব্যৱহৃত লোহাৰ বাচন-বৰ্তন
, কাঁহী-বাটিৰ
ব্যৱহাৰ বন্ধ কৰা হ
ল। কৃষি কামৰ প্ৰতি মনোযোগ স্থানান্তৰিত কৰা
হ’ল। কিন্তু তেতিয়ালৈকে দুৰ্ভিক্ষ ভয়াৱহ হৈ পৰিছিল। ডেৰ কোটিৰো অধিক লোক খাদ্যৰ
নাটনিৰ সম্মুখীন হ’ল। পৰিৱেশবিদসকলে ইয়াক প্ৰকৃতিৰ অভিশাপ বুলি গণ্য কৰিলে।
পৃথিৱীৰ বুকুৰ পৰা প্ৰকৃতিৰ সৃষ্টিক আঁতৰাই নিয়াৰ নিৰ্দয় প্ৰচেষ্টাৰ ভয়াৱহ ফল
কেনে হ
ব পাৰে সেয়া চকুৰ আগতে দেখিলে।

ষ্টেপানৰ
কথাখিনি শুনাৰ পিছত জেকভে ব্ৰানিমিক উদ্দেশ্যি ক
লে—
“এতিয়াও তুমি ক
বানে অপকাৰী চৰাই আছে বুলি!” ব্ৰানিমিয়ে
একো নক
লে; মাথোঁ হাঁহিলে। তাৰ বাদে বেলেগ উপায়ো নাছিল
তেওঁৰ। সেই সময়তে গে
ট খুলি সোমাই আহিছিল মাৰ্ক
তাৰ পিছে পিছে ভনীয়েক ডেনিকা। দুয়ো আহি ষ্টেপানহঁতৰ ওচৰত ৰ
লহি।

:
সকলোকে একেলগে দেখি ভাল লাগিছে।— মাৰ্ক
ই কলে।

:
তোমাৰ লগত ডেনিকাক দেখি মোৰো ভাল লাগিছে।— ষ্টেপানে ওলোটাই ক
লে।

:
এইকো লগত আনিবলৈ মোক খাটিৰ কৰি আছিল।— ভনীয়েকলৈ চাই মাৰ্ক
ই কলে।

:
হয়নে ডেনিকা!

:
হয় বাৰু। মলেঁয়াৰ পোৱালিকেইটা চাবলৈ মন গৈ আছিল।— ডেনিকাই উত্তৰ দিলে।

:
তুমি জখলা বগাব পাৰিবা
?— ষ্টেপানে সুধিলে।

:
নোৱাৰোঁ।

:
তেন্তে মলেঁয়াৰ পোৱালিকেইটা কেনেকৈ চাবা
?

:
তললৈ নমাই আনিব আকৌ।— ডেনিকাই হাঁহি মাৰি উত্তৰ দিলে।

ষ্টেপানেও
নভবাকৈ থকা নাছিল কথাটো। মলেঁয়াৰ পোৱালিকেইটা নমাই আনি তাহাঁতক চোতালত খোজকঢ়া
দৃশ্যটো চাবলৈ তেওঁৰো বৰ হেঁপাহ। কিন্তু হেঁপাহ আৰু ইচ্ছাক দমন কৰি ৰাখিছে
ষ্টেপানে। দুটা কাৰণত পোৱালিকেইটা তললৈ নমাব বিচৰা নাই তেওঁ। প্ৰথমটো কাৰণ হ
ল—
তাহাঁতক তললৈ নমাওঁতে যদি কেনেবাকৈ আঘাত পায়
, তেতিয়া অথন্তৰ
ঘটিব পাৰে। সেয়ে ঘৰৰ মূধচতে থাকক উৰিব পৰা নোহোৱালৈকে। আৰু দ্বিতীয়টো কাৰণ
?

পোৱালিকেইটাক
জোখতকৈ অধিক মৰমেৰে আবৰি ৰাখিব বিচৰা নাই ষ্টেপানে। তাহাঁতৰ প্ৰতি মোহ জাগিবলৈ
দিয়া নাই তেওঁ। উৰণীয়া চৰাই যেতিয়া এদিন উৰি যাব তাহাঁত। বেছি আপোন কৰি ল
লে
বুকুখন বৰকৈ বিষাব তেতিয়া। সেয়ে একান্ত ইচ্ছা থকা সত্ত্বেও ষ্টেপানে পোৱালিকেইটা
তললৈ নমোৱাৰ ব্যৱস্থা কৰা নাই। ল
ৰাহঁতক তেওঁ আলৌলৌৱাকৈ লালন পালন
কৰিছিল। সিহঁতো চৰাইৰ দৰেই উৰি বিদেশ পালেগৈ। বছৰ বছৰ পাৰ হৈ গৈছে সিহঁতক লগ
নোপোৱা। সেয়ে বুকুখন বিষাই থাকে তেওঁৰ। গতিকে থাকক— মলেঁয়াৰ পোৱালিকেইটা ওপৰতে
থাকক। তাহাঁত প্ৰাকৃতিক প্ৰবৃত্তি লৈয়েই ডাঙৰ-দীঘল হওক। উৰণীয়া হওক। উৰি উৰি
,
ঘূৰি
ঘূৰি নিজৰ জীৱন উদযাপন কৰক! কিন্তু ডেনিকাক কি বুলি ক
ব এতিয়া তেওঁ?
সৰু
ছোৱালীজনীক ফাঁকি দিয়াটো সমীচিন হ
ব জানো! কিছুমান ফাঁকিয়ে উপকাৰহে কৰে।
তেনে এটা ফাঁকিকেই তেওঁ ডেনিকাক দিবলৈ প্ৰস্তুত হ
ল।

:
পোৱালিকেইটা তললৈ নমাবৰ হোৱাই নাই মাজনী। তাহাঁতক তললৈ নমাব পৰা হ
লে তোমাৰ দাদাই তোমাক
আকৌ লৈ আহিব।— ডেনিকাৰ কোমল মুখখনলৈ চাই ষ্টেপানে ক
লে।

:
মই তেতিয়া পোৱালিকেইটা চুই চাব পাৰিমনে!— ডেনিকা উৎসাহী হৈ উঠে।

:
পাৰিবাতো। তুমি ধেমালি কৰিব পাৰিবা তাহাঁতৰ লগত।— ষ্টেপানে মিচিকিয়াই হাঁহিলে।

নিকলা,
জেকভ
আৰু ব্ৰানিমি যাবলৈ ওলাল। ষ্টেপানে তিনিওকে বিদায় দি মাৰ্ক
ৰ ফালে চাই কলে—

:
বাৰাণ্ডাতে মাছৰ পাত্ৰটো আছে। মলেঁয়াহঁতক দি আহিব লাগিছিল।

:
মই যাৱেঁই।

কথাষাৰ
কৈয়েই মাৰ্ক
ই বাৰাণ্ডাৰ পৰা মাছকেইটা থকা পাত্ৰটো আনি
ওপৰলৈ নিয়া প্লাষ্টিকৰ বাল্টিটোত তলমুৱাকৈ ধৰিলেহি। জীয়া মাছকেইটা বাল্টিটোত সৰি
পৰিল। মাৰ্ক
ই বাল্টিটো লৈ জখলাৰে ঘৰৰ মূধচলৈ বুলি উঠি গল।
পিছে পিছে ষ্টেপানো উঠিল। চোতালত থিয় দি চাই থাকিল ডেনিকাই।

মাৰ্ক
আৰু
ষ্টেপানক দেখাৰ লগে লগে বাহৰ পৰা পোৱালি তিনিটা ওলাই আহিবলৈ খৰখেদা লগালে। তাহাঁতে
বুজি পোৱা হৈ গৈছে মানুহ ওপৰলৈ যোৱা মানেই লগত খাদ্য যোৱা বুলি। ষ্টেপানে প্ৰথমৰে
পৰা লক্ষ্য কৰি আহিছে— মাইকী পোৱালিটো বাকী দুটা পোৱালিতকৈ টেঙৰ আৰু চঞ্চল। তাইক
সকলোতকৈ আগত খাবলৈ দিব লাগে
; নহলে ঠোঁটখনেৰে
ষ্টেপান বা মাৰ্ক
ৰ ভৰিত খুঁটিয়াই দিয়ে অথবা চিঞৰ-বাখৰ বেছিকৈ
কৰে— মানুহে কান্দি ৰণ জিকিবলৈ কৰা চেষ্টাৰ দৰে। উপায়ান্তৰ হৈ তাইকেই প্ৰথমে খাবলৈ
দিয়ে হয় ষ্টেপানে
, নহয় মাৰ্কই।

বাহটোৰ
কাষত নি মাৰ্ক
ই প্লাষ্টিকৰ বাল্টিটো ৰাখিলে। তেতিয়ালৈ বাহৰ
পৰা ওলাই অহা পোৱালিকেইটাৰ চিঞৰ-বাখৰ আৰম্ভ হৈ গৈছে। কোনে আগতে খাবলৈ পাব তাকে লৈ
যেন প্ৰতিযোগিতাহে চলিছে! মাইকী পোৱালিটো বেছ টেঙৰ। প্ৰথমেই খাবলৈ নিদি নোৱাৰি
তাইক। মাৰ্ক
ই প্ৰথমে তাইকেই খাবলৈ দিলে সৰু চাই মাছ এটা।
তাইৰ পাছতহে মতা পোৱালি দুটাক এটা এটা মাছ দিলে। মাকৰ পিয়াহ খাবলৈ পালে কান্দি
থকা কেঁচুৱাই কান্দোন সামৰাৰ দৰে পোৱালি তিনিটাই চিঞৰিবলৈ এৰিলে। তিনিওটাকে দুটা
দুটাকে মুঠ ছটা মাছ খাবলৈ দিয়াৰ পাছত বাকী থকা চাৰিটা মাছৰ তিনিটা মলেঁয়াক
খাবলৈ দিলে।

ক্লেপেটাঁই
সেই মুহূৰ্তত ঘৰৰ মূধচৰ ইটো মূৰত থিয় দি পাখি কটালি আছে। সি উৰি গৈ নিজৰ আহাৰ
নিজে বিচাৰি খায়গৈ। ঘূৰি আহোঁতে মলেঁয়া বা পোৱালিকেইটাৰ বাবেও যি পাৰে লৈ আহে।
সেয়া সি পালন কৰা পতিৰ কৰ্তব্য আৰু পিতৃৰ দায়িত্ব। বাল্টিটো তাত বাকী থকা
মাছটোৰে সৈতে ষ্টেপানে ক্লেপেটাঁৰ ওচৰলৈ লৈ গ
ল। সি পেট ভৰাই
খাবলৈ চিকাৰ পায়নে নাপায় ঠিক নাই। সেয়ে দুই-এটা মাছ তাকো খাবলৈ দিয়ে ষ্টেপানে।
বাল্টিটো নি তাৰ ওচৰত ৰখোৱাৰ লগে লগে ডিঙিটো বাল্টিটোৰ ভিতৰলৈ সুমুৱাই দি
ঠোঁটখনেৰে তুলি আনিলে মাছ এটা। ঠোঁটখনেৰে মাছটো সামান্য ওপৰলৈ আছাৰ মাৰি দি শূন্যতে
পুনৰ দীঘলে দীঘলে মাছটো ঠোঁটত খাপ খুৱাই লৈ কচালি কচালি পলকতে গিলি পেলালে। মাছ
একোটা এনেদৰে শূন্যলৈ আছাৰ মাৰি দি পুনৰ থপিয়াই গিলি খোৱা দৃশ্যটো চাই ষ্টেপানে
বৰ ভাল পায়। উপভোগ কৰে তেওঁ সেই মুহূৰ্তটো।
 

মলেঁয়াহঁতক
মাছ খুৱাই থকা দৃশ্যটো দেখি ডেনিকাই বৰ ৰং পাইছে। তাই তলৰ পৰা চাই থাকি হাত চাপৰি মাৰিলে। তাই ৰং পোৱা দেখি ষ্টেপানেও বৰ ভাল পালে। তেওঁ মাৰ্ক
ক কলে—
“পোৱালি তিনিটাৰ নাম দিব লাগে নহয়!”

:
দিয়ক।— মাৰ্ক
ই হাঁহিলে।

:
তুমি আৰু ডেনিকাইহে দিব লাগিব। মতা দুটাৰ নাম তুমি দিবা
, মাইকী পোৱালিটোৰ
নাম ডেনিকাই দিব।

:
তাই পাৰিব জানো!

:
কিয় নোৱাৰিব
?

:
সৰু হৈ আছে যে।

:
সৰু নাম দিব তাই।

ষ্টেপান
এইবাৰ বাহটোৰ ওচৰ পালেগৈ। পাছে পাছে মাৰ্ক
। মাছ খাই-বৈ পোৱালি তিনিটা পুনৰ বাহত
সোমাই পেট পেলাই বহি আছে। মতা পোৱালি এটা ধৰি বাহৰ পৰা উলিয়াই আনিলে ষ্টেপানে।

:
ইয়াৰ নাম এটা দিয়াঁ।— মাৰ্ক
ক কলে।

:
ইয়াৰ নাম… ইয়াৰ নাম…

:
কোৱাঁ।

:
ইয়াৰ নাম ব্ৰাংক
ৰাখিলোঁ।

:
বৰ ধুনীয়া। এইটো বৰ বিখ্যাত নাম। বহু বিখ্যাত ব্যক্তিৰ নাম ব্ৰাংক

:
সেইবাবেই দিছোঁ। ইও যিহেতু এজনী বিখ্যাত চৰাই মলেঁয়াৰ পুতেক।— কথাষাৰ কৈ মাৰ্ক

হাঁহিলে।

ষ্টেপানেও
হাঁহিলে আৰু ব্ৰাকং
ক ওপৰলৈ তুলি ধৰি চোতালত থকা ডেনিকাক উদ্দেশ্যি
লে—

:
ডেনিকা
, ইয়াৰ নাম আমি ব্ৰাংকৰাখিছোঁ দেই। ভাল হৈছেনে!

:
ধুনীয়া
, ধুনীয়া…।— ডেনিকাই হাতচাপৰি বজাই চিঞৰি উঠিল।

ব্ৰাংক
বাহত থৈ এইবাৰ ষ্টেপানে আনটো মতা পোৱালিৰ নাম দিবলৈ ক
লে মাৰ্কক।
মাৰ্ক
ই কলে— “কি নাম দিওঁ বাৰু ইয়াৰ…!”

:
এটা ভাল নাম।

:
তাকেহে… হঠাতে ভাবি উলিয়াব পৰা নাই।

:
এক মিনিট সময় দিছোঁ।— ষ্টেপানে ক
লে।

:
জচিপ।— এক মিনিটমান ভাবি মাৰ্ক
ই কলে।

:
এইটোও বিখ্যাত নাম। আৰু এটা মজাৰ কথা কি জানা
?

:
কওকচোন।

:
যোৱা ১০০ বছৰত ক্ৰ
ৱেছিয়াত এই নামটোৱেই সৰ্বাধিক সংখ্যক লোকক
দিয়া নাম।— ষ্টেপানে মিচিকিয়ালে আৰু ডেনিকাৰ ফালে পোৱালিটো দাঙি ধৰিলে।

:
ইয়াৰ নাম জপিচ ৰাখিছোঁ। তোমাৰ পচন্দ হৈছেনে
?— মাৰ্ক
চিঞৰি সুধিলে ভনীয়েকক।

ডেনিকাই আকৌ এবাৰ হাত চাপৰি বজালে আৰু নামটো তাইৰ পচন্দ হোৱা বুলি কলে। ষ্টেপানে
এইবাৰ মাইকী পোৱালিটো বাহৰ পৰা ওপৰলৈ দাঙি আনি ডেনিকাক ক
লে—
“ডেনিকা
, এইজনী আমাৰ মলেঁয়াৰ ছোৱালী। এইৰ নামটো তুমি
দিয়াঁচোন।”

ষ্টেপানৰ
কথা শুনি ডেনিকা মৌন হৈ ৰ
ল। হঠাৎ তাইৰ ওপৰত ন্যস্ত কৰা গধুৰ
দায়িত্ব পালন কিদৰে কৰিব সেই লৈয়েই তাই চিন্তাত পৰিল। তাই একো নোকোৱাকৈ থকা দেখি
ষ্টেপানে চিঞৰি সুধিলে— “পাইছানে নাম বিচাৰি
?”

:
বিচাৰি আছোঁ। পাম আৰু…!— ডেনিকাই টপৰাই উত্তৰ দিলে।

:
বঢ়িয়া কথা।

:
পাই গ
লোঁ, পাই গলোঁ… নাম পাই গলোঁ।—
উল্লসিত হৈ উঠিল ডেনিকা।

:
কোৱা
, কোৱা… নামটো কৈ দিয়া পুতুককৈ।

:
মাৰিজা।— ডেনিকাই ফূৰ্তিৰে ক
লে।

:
মাৰিজা নে মাৰিয়া
?— ডেনিকাৰ সতে ধেমালি কৰিবলৈকে ষ্টেপানে কলে।

:
মাৰিয়া নহয়
; মাৰিজা।— ডেনিকাৰ দৃঢ় উত্তৰ।

:
বৰ ধুনীয়া নাম দিলা আইজনী। আজিৰে পৰা মাৰিজা তোমাৰ হৈ গ
ল। তুমি আহি চাই
যাবাহি দেই।— কথাখিনি কৈ মাৰিজাক বাহটোত ৰাখিলে ষ্টেপানে।

:
মাৰিজা মোৰ!

:
অঁ
, তোমাৰ…।

ষ্টেপানৰ
কথা শুনি ফূৰ্তিত ফাটি পৰিল ডেনিকা। ষ্টেপান আৰু মাৰ্ক
ই তাইৰ ফূৰ্তি
দেখি বৰ ৰং পালে আৰু দুয়ো ঘৰৰ মূধচৰ পৰা জখলাৰে নামি আহিল। হাত-ভৰি ধুবলৈ বুলি
ঘৰৰ পিছফালৰ পানীটেংকীটোৰ ওচৰলৈ গৈ ষ্টেপানে লক্ষ্য কৰিলে যে মাৰাস্কা চেৰীজোপা
পকা ফলেৰে ভৰি উঠিছে। চাপৰতে থকা ডাল এটা তললৈ ভিৰাই আনি তেওঁ পকা পকা চেৰী এমুঠি
ছিঙি লৈ চোতাল পালেহি আৰু ডেনিকাক দুয়োখন হাত পাতিবলৈ ক
লে। তাই দুহাত
পাতি ষ্টেপানলৈ চালে। ষ্টেপানে হাতৰ মুঠিত অনা পকা পকা আৰাস্কা চেৰীখিনি তাইৰ
দুহাতত তুলি দিলে। মোক খা মোক খা কৰি থকা ফলখিনি দেখি ডেনিকাৰ দুচকু উজ্জ্বল হৈ
পৰিল।

চেৰীখিনি
খোৱাৰ পাছতে ডেনিকা আৰু মাৰ্ক
লগৈ।
ষ্টেপানে অলিয়েণ্ডাৰজোপাৰ ওচৰত থকা চকী এখনত বহি ঘৰৰ মূধচলৈ চালে। ক্লেপেটাঁই
ডেউকা কোবাই কেনিবা উৰি গৈছে। সি নিশ্চয় খাদ্যৰ সন্ধানত গৈছে। উভতি আহিব আকৌ।
কিন্তু শীত আগমনৰ আগেয়ে উৰণীয়া হোৱা ব্ৰাংক
‘, জচিপ আৰু
মাৰিজাক জানো মলেঁয়াৰ কাষত এৰি থৈ যাব সি! তিনিওটাকে লৈ সি হয়তো উৰি গুচি যাব
দক্ষিণ আফ্ৰিকালৈ। দক্ষিণ আফ্ৰিকালৈ উৰি যোৱাৰ পাছত ক্লেপেটাঁ
, ব্ৰাংক‘,
জচিপ
আৰু মাৰিজা পুনৰ উভতি আহিবনে তেওঁৰ ঘৰৰ মূধচলৈ! মলেঁয়াৰ কাষলৈ! নিজৰ প্ৰেমাস্পদ
আৰু আপোন সন্তান গুচি যোৱাৰ দুখখিনি বাৰু মলেঁয়াই কিদৰে সহিব
? তাইৰ
বুকুখন তো তেনেই উদং হৈ পৰিব! আৰু তেওঁৰ বুকুখন
? কথাখিনি ভাবি চকুহাল সেমেকি আহিল
ষ্টেপানৰ। ক
ব নোৱৰাকৈয়ে হুমুনিয়াহ এটা সৰি পৰিল।

(আগলৈ)