দিলীপ ফুকন
বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই
লাগি আছিল মিৰি নাও-ফিৰি নাও৷
চর্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও
নাইবা নৈৰাত্মা নাৱৰীয়া৷
প্ৰাচীন পুৰুষ এই নাৱৰীয়াই
কোনোকালে লৌহিত্যত স্নান কৰা নাই
অথচ ঘূলিত পৰা ম’হৰ দৰে
প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত৷
তেওঁৰ হাড়ৰ মাজেৰে সৰকি যায় প্ৰলয় পয়োধি জল
বুকুত আদিগন্ত বালিৰ বিস্তাৰ৷
এই বিধ্বস্ত শৰীৰ সোলকাই থৈ
তেওঁ হৈ পৰে ৰূপকাৰ, ৰূপ লয় ঘাটৈৰ
আৰু কণ্ঠত বাজি উঠে এখনি ৰামধন গগণা:
ফিৰি নাও – ফিৰি নাও – ফিৰি নাও …
ফিৰি – ফ্ৰী – বিনামূলীয়া?
চঞ্চল ছাগ-বৎসৰ দৰে উল্লসিত যাত্ৰীহঁত নাৱত উঠে
এহালি পানীপৰুৱাই টানি নিয়ে নাও
গুৰি ব’ঠাই পানী কাটে জীৱনমুখী কবিতাৰ৷
পাৰ নৌ পাওঁতেই নাৱৰীয়াই পুনৰ পিন্ধি লয়
পৰিত্যক্ত শৰীৰ আৰু সকলোৱে শুনা পায়
এক পুৰাতন থিয় গৰাৰ মহানাদ : মিৰি নাও – মিৰি নাও –মিৰি নাও …
খ্যাতিহীন কবিয়ে কয় :
এই আৰ্তি মহাদিগন্তত ঠেকা খাই
যাৰ বুকুত প্ৰতিধ্বনিত হ’ল
তেওঁ আজিও বিচাৰি ফুৰে সেই নাৱৰীয়াক৷
.video-container {
overflow: hidden;
position: relative;
width:100%;
}
.video-container::after {
padding-top: 56.25%;
display: block;
content: ”;
}
.video-container iframe {
position: absolute;
top: 0;
left: 0;
width: 100%;
height: 100%;
}