মিৰি নাও-ফিৰি নাও

 দিলীপ ফুকন

বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই

লাগি আছিল মিৰি নাও-ফিৰি নাও৷

চর্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও

নাইবা নৈৰাত্মা নাৱৰীয়া৷

প্ৰাচীন পুৰুষ এই নাৱৰীয়াই

কোনোকালে লৌহিত্যত স্নান কৰা নাই

অথচ ঘূলিত পৰা মহৰ দৰে

প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত৷

 

তেওঁৰ হাড়ৰ মাজেৰে সৰকি যায় প্ৰলয় পয়োধি জল

বুকুত আদিগন্ত বালিৰ বিস্তাৰ৷

এই বিধ্বস্ত শৰীৰ সোলকাই থৈ

তেওঁ হৈ পৰে ৰূপকাৰ, ৰূপ লয় ঘাটৈৰ

আৰু কণ্ঠত বাজি উঠে এখনি ৰামধন গগণা:

ফিৰি নাও – ফিৰি নাও ফিৰি নাও …

 

ফিৰি ফ্ৰী বিনামূলীয়া?

চঞ্চল ছাগ-বৎসৰ দৰে উল্লসিত যাত্ৰীহঁত নাৱত উঠে

এহালি পানীপৰুৱাই টানি নিয়ে নাও

গুৰি বঠাই পানী কাটে জীৱনমুখী কবিতাৰ৷

 

পাৰ নৌ পাওঁতেই নাৱৰীয়াই পুনৰ পিন্ধি লয়

পৰিত্যক্ত শৰীৰ আৰু সকলোৱে শুনা পায়

এক পুৰাতন থিয় গৰাৰ মহানাদ : মিৰি নাও মিৰি নাও মিৰি নাও …

 

খ্যাতিহীন কবিয়ে কয় :

এই আৰ্তি মহাদিগন্তত ঠেকা খাই

যাৰ বুকুত প্ৰতিধ্বনিত হ

তেওঁ আজিও বিচাৰি ফুৰে সেই নাৱৰীয়াক৷

শ্ৰব্য ৰূপ

.video-container {
overflow: hidden;
position: relative;
width:100%;
}

.video-container::after {
padding-top: 56.25%;
display: block;
content: ”;
}

.video-container iframe {
position: absolute;
top: 0;
left: 0;
width: 100%;
height: 100%;
}