অব্যাহৃত

ছ’চিয়েল মিডিয়াৰ ট্ৰ’ল আৰু আমাৰ
‘মব’ মানসিকতা
ৰঞ্জুমণি মহন্ত
কেইদিনমানৰ আগতে এটা বাতৰি
পঢ়িছিলোঁ৷ বাতৰিটোত কোৱা হৈছে যে
টিক্টক্
আৰু ইন্ষ্টাগ্ৰাম‘-
লাখৰ ঘৰত অনুসৰণকাৰী (
Follower) থকা চিয়া কক্কৰ নামৰ এগৰাকী
১৫/১৬ বছৰীয়া কিশোৰী নৃত্যশিল্পীয়ে ছ’চিয়েল মিডিয়াত তেওঁক লৈ কৰা ট্ৰ’ল আৰু ছাইবাৰ
বালিঙৰ ফলত সৃষ্টি হোৱা মানসিক চাপ সহিব নোৱাৰি আত্মহননৰ পথ বাছি লয়৷
কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ কাৰণ যিয়েই নহওক
, আজি কিছু দিনৰ
পৰা দেখা গৈছে যে 
ছ’চিয়েল মিডিয়াত লঘু দোষতেই যেন
বহু লোক গুৰুতৰভাৱে ট্ৰ’ল
, গালি-গালাজ, ঠাট্টা-মস্কৰা আদিৰ সম্মুখীন হ’বলগীয়া পৰিৱেশ এটা
সৃষ্টি হৈছে। এনে দেখা গৈছে
, যেন গৰিষ্ঠ সংখ্যক মানুহেই
  কাৰোবাক আক্ৰমণ
কৰিবলৈ মাথোন এটা সুযোগ বিচাৰি ফুৰে আৰু সেই সুযোগ পালেই ব্যস্ত হৈ পৰে সেই
ব্যক্তিক অতি নিৰ্মমভাৱে শব্দৰে আঘাত কৰাত ৷কিছু দিন
আগতে,
প্ৰথম পৰ্যায়ৰ লক্ডাউনৰ সময়ত ছ’চিয়েল মিডিয়াত দুগৰাকী যুৱতীক খুউব
বেয়াকৈ ট্ৰ’ল কৰা দেখা গৈছিল৷ দুয়োগৰাকী আছিল কম বয়সীয়া৷ তাৰে এগৰাকী আছিল অসমীয়া
টেলিভি
ন ছিৰিয়েলৰ অভিনেত্ৰী আৰু আনগৰাকী আছিল এগৰাকী
নৃত্যশিল্পী৷ তেওঁলোকৰ দোষ কি আছিল
? অভিনেত্ৰীগৰাকীৰ দোষ
আছিল যে সময়ত কোনোবা এটা ফেইচ্বুক পে
জৰ পৰা লোৱা এক অনলাইন
সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল যে তেওঁৰ প্ৰিয় ৱে
ব্ ছিৰিজ কি
আৰু তাৰ কোনটো
  চৰিত্ৰ
তেওঁৰ প্ৰিয়
? উত্তৰত তেওঁ যিটো চৰিত্ৰৰ নাম ল’লে, সেইটো আচলতে তেওঁ প্ৰিয় বুলি কোৱা ছিৰিজটোৰ চৰিত্ৰই নহয়৷ ভুলবশতঃ হওক বা
নাজানিয়েই হওক
, তেওঁ যেনিবা কমিক চৰিত্ৰটোৰ নাম অথবা
চিৰিজটোৰ নাম ভুলকৈয়ে ক’লে
, তাতেনো কি ক্ষতি হ’ল? এইটোতো এনেকুৱা ভুল নহয়, যিয়ে
আমাৰ জাতি
, মাটি, ভেঁটি অথবা আমাৰ
সমাজ-সংস্কৃতিলৈ কিবা অশনি সংকেত নমাই আনিব! এনেবিলাক বিষয়ৰ জ্ঞান থাকিবই লাগিব
বুলিতো কোনো কথা নাই৷ অথবা
, এইসমূহ কথা জানিলেই যে মানুহ
সাংঘাতিক জ্ঞানী আৰু নাজানিলেই একেবাৰে মূৰ্খ হৈ যাব
, তেনেতো
কোনো কথা নাই!
 
ভয়ংকৰভাৱে ট্ৰ’লৰ সম্মুখীন হোৱা
আনগৰাকী যুৱতী অৰ্থাৎ নৃত্যশিল্পীগৰাকীৰ দোষ আছিল যে তেৱোঁ কোনোবা এটা য়ু
টিউব
চেনেলে লোৱা এক সাক্ষাৎকাৰত নিজকে অসমৰ ছবিজগতৰ প্ৰথমগৰাকী আৰু একমাত্ৰ নৃত্য
পৰিচালিকা বুলি জাহিৰ কৰিছিল৷ হয়
, দুয়োগৰাকী যুৱতীয়েই হয়তো
ইমান কম বয়সতে লাভ কৰা বিপুল জনপ্ৰিয়তাত সাময়িকভাৱে নিজৰ সীমাবদ্ধতাক পাহৰি
পেলাইছিল আৰু সেয়ে সাক্ষাৎকাৰ দুটাত দুয়োকে
অত্যন্ত অহংকাৰী
যেন দেখা গৈছিল৷ তৎস
ত্ত্বেও কওঁ যে যদিও তেওঁলোক
দুয়োগৰাকীয়েই দুটা ভুল কথা কৈছিল
, তথাপি ইমান গুৰুতৰভাৱে
ট্ৰ’ল খাবল
গীয়াকৈ সেই দুটা ইমান ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ভুলো
নাছিল৷ তাতকৈ বহু ডাঙৰ ডাঙৰ ভুল কথা আৰু কাম আমাৰ বহু ৰাজনৈতিক নেতা
, আমোলা, বুদ্ধিজীৱী, সাংবাদিক
আদিয়ে কৈয়েই থাকে
, কৰিয়েই থাকে৷ আমি তেনে লোকৰ বিৰুদ্ধে
কিমান সৰৱ হওঁ
? অথচ দুগৰাকী কম বয়সীয়া, অপৰিপক্ক আৰু ৰাজহুৱাভাৱে কথা কোৱাৰ অভিজ্ঞতা নথকা যুৱতীৰ দুটা গুৰুত্বহীন
কথাক আমি প্ৰয়োজনাধিক গুৰুত্ব দি ট্ৰ’ল কৰিলোঁ৷ ইমানখিনি ৰাজহুৱা অপমান সহিব
নোৱাৰি তেওঁলোক যদি হতাশাগ্ৰস্ত (
Depressed) হৈ পৰিলহেঁতেন
  অথবা কিবা এটা
চূড়ান্ত পদক্ষেপ লৈ পেলালেহেঁতেন তাৰ বাবে দায়ী কোন হ’লহেঁতেন
? তেনে এক পৰিণতি হ’ব লগাকৈ ডাঙৰ ভুল কৰিছিল জানো তেওঁলোকে? ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰি থকাসকলে পূৰাই দিব পাৰিবনে তেওঁলোকৰ পিতৃ-মাতৃৰ
অপূৰণীয় ক্ষতিক
? সকলো মানুহে ইমান গুৰুত্ব দিবলগীয়াকৈবিষয় দুটা জানো ইমান গুৰুত্বপূৰ্ণ আছিল? ৰাজনৈতিক,
সামাজিক অথবা অৰ্থনৈতিক ক্ষেত্ৰবোৰত গুৰুত্ব দিবলগীয়া এশ এবুৰি সমস্যা থকাৰ পাছতো আমি সৰহ সংখ্যকেই ব্যস্ত হওঁ এনেবিলাক
মুখৰোচক তৰল বিষয়ত৷ আচলতে
, ছ’চিয়েল মিডিয়াৰ ট্ৰ’লবোৰ আমাৰ
মাজত সুপ্ত হৈ থকা
মানসিকতাৰে
বহিঃপ্ৰকাশ৷