ককা আৰু নাতিল’ৰা

 অনসূয়া বৰঠাকুৰ

বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি,

পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি।

বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা,

ককাকে ভাবিলে দেখুৱাওঁগৈ খেতিৰ মাটিডৰা।

ৰোৱনী, ভূঁই, কঠিয়া,
বঁকিয়া দিলে তাক দেখুৱাই,

সিও বোলে ‘‘ধান দাবৰ পৰত আহিম মই দুনাই।

দ-বৰষুণকো নেওচা দি খেতিয়কে কৰে খেতি,

আঘোণ মাহত পথাৰ জিলিকি পকে সোণগুটি।

মায়ে তাকে ৰান্ধি দিয়ে আৰাম কৰি খাওঁ,

কৃষকৰ দুখ-কষ্টৰ একো উমানকে নাপাওঁ।’’

নাতিৰ এনে কথা শুনি ককাকে সুখ পালে,

সোণটোবুলি সাট মাৰি গালে-মুখে চুমা খালে।

‘‘যোগ্য উত্তৰপুৰুষ মোৰ, ৰাখিবি এই
ভেঁটি
,

নাপাহৰিবি শিপা, সদায় খামুচি থাকিবি
মাটি।

শিক্ষিত হলেও, যিবোৰ লোকে শিপা পাহৰি যায়,

জানি থবি তেনেলোকৰ কতোৱেই আদৰ নাই।’’



ভ্ৰাম্যভাষ : ৯৪৩৫৫০৮৭৬৫

ই-মেইল : anasuyabarthakur@gmail.com

 

document.getElementById(“Anyayug-month”).innerHTML = ” অক্টোবৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২২”;

h1.post-title{text-align:left;
padding-left:10px;}