অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী

ছটছটীৰ
নেতৃত্বত জুৰণিপাৰৰ গভীৰ হাবিলৈ যোৱা দলটো দুদিন-দুৰাতি একেৰাহে বাটলুৰ সন্ধানত
অভিযান চলাই উভতি আহি মহাৰাজৰ কাষ পাইছেহি৷দলটো ঘূৰি অহাৰ বতৰা পায়েই সকলো
সেউজপুৰবাসী যি য’ত যেনেকৈ আছিল তেনেকৈয়ে লৰা-ঢপৰাকৈ আহি মহাৰাজৰ ওচৰ চাপিলহি৷
আটাইৰে মনত একেটাই প্ৰশ্ন– কি খবৰ আনিছে বাৰু ছটছটীৰ দলটোৱে
? খবৰ
বাৰু ভালনে
?

সেউজপুৰবাসীৰ
উৎসুকতাৰে ভৰা মুখবোৰত ফুটি উঠা বাটলুৰ প্ৰতি মৰম দেখি ছটছটীৰ এনে লাগিল
, যেন
অকণো পলম নকৰি আটায়ে শুনাকৈ তাই খবৰটো ঘোষণাহে কৰি দিব! কিন্তু মহাৰাজৰ আদেশ
নহ’লেনো বাৰু তাই  তেনে ঘোষণা কৰিব পাৰেনে
?
নোৱাৰে
বাবেই তাই মহামন্ত্ৰী বৃকোদৰ আৰু সেনাপতি হিতৰামৰ সৈতে আচুতীয়াকৈ কিবা আলোচনা কৰি
থকা মহাৰাজ আজৰি হোৱালৈ বাট চাবলগীয়াত পৰিল৷

কিছু
সময়ৰ পাছত তেওঁলোকৰ গোপন আলোচনা শেষ হ’ল৷ তিনিওজন ৰাইজৰ মুখামুখী হ’লহি৷ ছটছটী আৰু
জুৰণিপাৰৰ হাবিৰপৰা অহা অনুসন্ধানকাৰী দলটোৰ প্ৰতিজন সদস্যৰ মুখমণ্ডল এফালৰপৰা
লক্ষ্য কৰিলে মহাৰাজে৷ তাৰ পাছতে সকলোৱে শুনাকৈ তেওঁলোকৰ অভিজ্ঞতা বিতংভাৱে ক’বলৈ
মহাৰাজে নিৰ্দেশ দিলে৷ ছটছটীয়ে ক’বলৈ আৰম্ভ কৰিলে–

মহামহিম
মহাৰাজৰ লগতে আপোনালোক সকলোৱে আমাৰ শ্ৰদ্ধা গ্ৰহণ কৰিব৷ মাননীয় বাটলু ডাঙৰীয়াৰ
সন্ধানৰ উদ্দেশ্যে জুৰণিপাৰৰ গভীৰ হাবিখনলৈ যোৱা অভিযানকাৰী দলটোৰ সকলো সদস্য
সুকলমে উভতি অহা বুলি আপোনালোকে নি(য় গম পাইছে৷’

সেইবোৰ
কথা ক’ব নালাগে এতিয়া৷ বাটলু ডাঙৰীয়াৰ খবৰ কোৱাঁ৷’

বাটলু
ডাঙৰীয়াক পালানে নাই
? তেখেত ক’ত আছে?’

বাটলু
ডাঙৰীয়াৰ একো অপকাৰ হোৱা নাই তো
?’…

ছটছটীৰ
কথা আৰম্ভ হৈছিলহে
, ৰাইজৰ বিভিন্নজনে ওপৰাউপৰিকৈ বিভিন্ন প্ৰশ্ন
সুধি সুধি গোটেইখন তেনেই হুলস্থুল কৰি পেলালে৷ ছটছটীয়ে কেইবাবাৰো কথা আৰম্ভ কৰিবলৈ
লৈও ক’ব নোৱাৰি মহাৰাজৰ মুখলৈ চাই ৰৈ গ’ল৷ এইবাৰ মহাৰাজ বহি থকাৰপৰা উঠিল আৰু
লগেলগে ৰাইজৰ হুলস্থুলো বন্ধ হ’ল৷ মহাৰাজে ৰাইজৰ ফালে চাই ক’লে–

আপোনালোক
সকলোৱে বাটলুক ভাল পায় কাৰণেই তাৰ খবৰ সকলোৰে জানিবলৈ মন গৈছে বুলি মই বুজি
পাইছোঁ৷ কিন্তু এনেকৈ হুলস্থুলখন কৰিলে ছটছটীৰ কথানো কেনেকৈ শুনিব
? গতিকে
ৰাইজ
, আপোনালোক মনে মনে থাকক আৰু শুনক৷’

ছটছটীয়ে
পুনৰাই আৰম্ভ কৰিলে–

ৰাইজ,
খবৰ
ভাল বুলি ধৰক৷ আমাৰ অভিযান সফল হৈছে৷’

তাই
মন কৰিলে
, ৰাইজৰ হাজাৰ হাজাৰ চকুৱে যেন ইফালৰপৰা সিফাললৈ বাটলুক বিচাৰি ফুৰিছে৷
বেছি সময় ৰাইজক উৎকণ্ঠাত ৰাখিবলৈ তাইৰ সত নগ’ল৷ সেয়ে তাই ক’লে–

ৰাইজ, আপোনালোকৰ
মৰমৰ
, আমাৰ আটাইৰে শ্ৰদ্ধাৰ বাটলু মহাশয় কুশলে আছে৷ আমি ডাঙৰীয়াক লগ পোৱা
নাই
, কিন্তু তেখেতৰ খবৰ পাইছোঁ৷ তেখেত কুশলে আছে বুলিও আমি জানিব পাৰিছোঁ৷
আচলতে তেখেত আমাৰ মাজত নাইবা সেউজপুৰতে নাই৷ তেখেত আছেগৈ আমাৰপৰা বহু দূৰৰ কোনোবা
এখন জগতত৷’

ৰাইজৰ
এইবাৰ আচৰিত হ’বৰ পাল৷ ইজনে সিজনে ভূনভূনাই কথা পাতিবলৈও আৰম্ভ কৰিলে তেওঁলোকে৷

দূৰৰ
কোনোবা জগত’ মানে
কেনেকুৱা দূৰৰ কোনোবা জগতপ্ৰশ্নবোৰ আটায়ে সুধিলে, উত্তৰহে কোনেও
নাপালে৷ বহুপৰ সোধাসুধিৰ অন্তত আটায়ে একেটা সিদ্ধান্তলৈকে আহিল–‘সেউজপুৰৰ কিবা
কথাত বাটলু মহোদয়ে কাৰোবাক নি(য় বেয়া পাইছে৷ নাইবা কোনোবা সেউজপুৰীয়াই নিশ্চয় বাটলু
মহোদয়ক বেয়া ব্যৱহাৰ কৰিছে৷’

মহাৰাজ
বহা শিলছটাৰ তলতে থকা বাটলুৰ ঘৈণীয়েকজনী আৰু ল’ৰা-ছোৱালীকেইটায়ো চিঁ-চিঁয়াই
কান্দিবলৈ ধৰিলে৷ অৱশ্যে ৰাইজৰ হুলস্থুলত সিহঁতৰ কন্দা-কটাৰ শব্দ কাৰো কাণতে
নোসোমাল৷ ছটছটীয়ে পুনৰ ক’বলৈ ধৰিলে–

এ…
এ… ৰ’ব ৰাইজ
, ৰ’ব৷ আপোনালোকে মোক কথাখিনি শেষলৈকে ক’বলৈ
নিদিয়েনো কেলেই
? শুনকচোন শুনক৷ এনেয়ে ভুল বুজি হুলস্থুলখন কৰে
দেখোন আপোনালোকে৷’ ৰাইজ আকৌ শান্ত হ’লত তাই ক’লে–

তেখেত
সঁচাকৈয়ে কুশলে আছে আৰু সেউজপুৰৰপৰা একেবাৰে গুচি যোৱা নাই৷ কেৱল এটা কথা সত্য যে
তেখেত এই সময়ত আমাৰ মাজত নাই৷ কিন্তু অতি সোনকালেই তেখেত আমাৰ মাজলৈ উভতি আহিব৷
আমি তেখেতৰ কাৰণে দুখ কৰিব নালাগে৷’

ৰাইজেই
নহয়
, মহাৰাজ কেশৰী আৰু মহামন্ত্ৰী বৃকোদৰেও ছটছটীৰ কথাবোৰ বুজিবলৈ টান
পালে৷ ‘চটফটীয়া স্বভাৱটোৰ কাৰণেই বোধকৰোঁ কথাবোৰ কওঁতে তাই এনেকৈ জঁপিয়াই জঁপিয়াই
গৈছে’–কাণে কাণে বৃকোদৰক ক’লে মহাৰাজে৷ বৃকোদৰে ক’লে
, ‘কিন্তু ৰাইজ
শান্ত হৈছে
, মন কৰিছেনে মহাৰাজ?’

হয়৷
আপুনি এটা কাম কৰক৷ ৰাইজক ঘৰাঘৰি পঠাই দিয়ক৷ তেতিয়াহে আমি কথাখিনি ভালকৈ শুনি
বুজিব পাৰিম কিজানি৷’ মহাৰাজে ক’লে৷ বৃকোদৰ এইবাৰ থিয় হৈ ৰাইজৰ সম্মুখীন হ’ল আৰু
ক’লে–

ৰাইজ,
আপোনালোকে
শুনিলে যে বাটলু ডাঙৰীয়া কুশলে আছে৷ এইটোৱেই আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সকাহৰ খবৰ৷
গতিকে মহাৰাজে কৈছে
, আপোনালোক এতিয়া ঘৰাঘৰি যাওকগৈ৷ আমি বিশদভাৱে
খবৰটো লৈ আপোনালোকক জনাম৷’

মনবোৰ
সম্পূৰ্ণ মুকলি হোৱা যেন নালাগিল যদিও এজন-দুজনকৈ ৰাইজখন তাৰপৰা  আঁতৰি গ’ল৷ এইবাৰ মহাৰাজে ছটছটীক সুধিলে–

হেৰৌ
পাগলী
, লপলপকৈ তইনো কি কৈ গ’লি মই পিছে একোকে নুবুজিলোঁ৷ এইবাৰ আটাইখিনি কথা
এফালৰপৰা লাহে লাহে কৈ যাচোন৷ শান্তিৰে ক’বি৷ লৰালৰি কৰিব নালাগে৷’

ছটছটীয়ে
যিখিনি কথা ক’লে কাৰ সাৰমৰ্ম হ’ল–

জুৰণিপাৰৰ
ডাঠ হাবিখনত ভালেমান দিনৰপৰা থকা বুঢ়া বাদুলি এহালৰপৰা সেউজপুৰীয়া অনুসন্ধানকাৰী
দলটোৱে আচল খবৰটো পাইছিল৷ সেই কাঠনিখনত হেনো মাজে মাজে ক’ৰবাৰপৰা উৰি আহি কিবা
যন্ত্ৰ এটা পৰেহি আৰু তাৰপৰা মানুহৰ নিচিনা জীৱ কিছুমান ওলাই কিবাকিবি গছ- বন
উভালি লৈ আকৌ উৰি যায়গৈ৷ সেই যন্ত্ৰটো চলিবৰ সময়তে খুব জোৰকৈ ধুমুহা বলে৷ সেইদিনা
বাটলু লাহে লাহে তেনেকুৱা এটা যন্ত্ৰৰ ফাললৈকে গৈ গৈ এসোপামান গছৰ ডালৰ মাজত
সোমাইছিল৷ সেই ডালখিনি মানুহৰ নিচিনা জীৱ এটাই দাঙি নি যন্ত্ৰটোত উঠোৱা বাদুলিহালে
নিজে দেখিছে হেনো৷

কথাখিনি
শুনাৰ পাছত বিশ্বাস কৰিব নে নকৰিব ভাবি পাৰ নাপালে মহাৰাজকে ধৰি কেউজন সভাসদে৷
এইবাৰ হুমুনিয়াহ এটা এৰি মহাৰাজে ছটছটীক সুধিলে–

কিন্তু
তই প্ৰথমে দেখোন কৈছিলি যে বাটলু কুশলে আছে আৰু আকৌ সোনকালেই আমাৰ মাজলৈ ঘূৰি
আহিব৷ এইবাৰ আক’ ক’লি বোলে বাটলু কেনেবাকৈ সেই উৰণীয়া যন্ত্ৰটোত উঠি ক’ৰবালৈ গুচি
গ’ল৷ এতিয়া মোক তই ক
, আচলতে সঁচা কথা কোনষাৰ?’

দুইষাৰেই
সঁচা
, মহাৰাজ৷ আচলতে মহাৰাজ, সেই বুঢ়া বাদুলিহালেই আচল খবৰ জানে৷
তেওঁলোকে বাটলু ডাঙৰীয়া হেৰাবৰ দিনা তেখেতক দেখিছিল যদিও চিনি পোৱা নাছিল৷ পাছত
খবৰটো শুনাৰপৰাহে কেওঁলোকে ধাৰণা কৰিছে যে তেওঁলোকে আচলতে তেখেতকে দেখিছিল৷ আৰু
শুনক মহাৰাজ৷ বাটলু ডাঙৰীয়া নিৰুদ্দেশ হোৱাৰ পাছতো সেই উৰণীয়া যন্ত্ৰটো জুৰণিপাৰৰ
হাবিত দুবাৰ নামিছেহি হেনো৷ যন্ত্ৰটো সদায়ে হেনো সন্ধিয়া লগাৰ পাছতহে তালৈ আহে
,দিনৰ
বেলা নাহে হেনো৷ এদিন যন্ত্ৰটো আহি পোৱাৰ পাছত তাৰপৰা যেতিয়া মানুহৰ নিচিনা
প্ৰাণীকেইজন নামি হাবিত সোমাইছিল তেতিয়াই বুঢ়া বাদুলিজনে যন্ত্ৰটোৰ ভিতৰখন
চাইছিলগৈ হেনো৷ যন্ত্ৰটোৰ ভিতৰখনত তেওঁ যিবোৰ বস্তু দেখা বুলি কৈছিল
, শুনিয়েই
আমি আচৰিত হৈ গৈছিলোঁ মহাৰাজ৷’

হেৰ’,
কি
আছিলনো তাত
?’

মহাৰাজ,
আপোনালোকে
বোধকৰোঁ দেখাই নাই৷ আমি অৱশ্যে দেখিছোঁ৷ কাৰণ আমি মানুহৰ ঘৰবোৰো দেখিছোঁ৷’

আও!
হেৰ’ কি দেখিছ তই
? আচল কথা ক’ৰবাতে থাকিল, এতিয়া তাই কিখন
যে বলকিবলৈ আৰম্ভ কৰিছে৷’

কৈছোঁ
মহাৰাজ
, কৈছোঁ৷ আজিকালি মানুহৰ ঘৰবোৰত এবিধ যন্ত্ৰ আমি দেখিছোঁ যিবিধৰ নাম
টিভি৷ সেইটো যন্ত্ৰত মহাৰাজ
, মানুহৰ ছবি আৰু মাত-কথা দুইটা চাব আৰু
শুনিব পাৰি৷’

কি
কৈছ
? এনেকুৱা যন্ত্ৰও আছেনে ক’ৰবাত?’

আছে
মহাৰাজ
, আছে৷ ময়ো দেখিছোঁসেইটো৷’

হয়
নেকি
? থাকিবও পাৰে অৱশ্যে৷ পিছে বাটলুৰ কথাটো…?’

হয়
মহাৰাজ৷ সেই উৰণীয়া যন্ত্ৰটোৰ ভিতৰত তেনেকুৱা টিভি কেইবাটাও আছিল হেনো৷ তাৰে এটাত
হেনো বাটলু মহাশয়ৰ ছবি এখন ওলাই আছিল৷ তেতিয়া বাদুলিজনে ছবিৰ বাটলু মহোদয়কে
উদ্দেশ্যি কিবাকিবি কৈ থাকোঁতে হেনো মানুহৰ নিচিনা প্ৰাণী এজন তেওঁৰ সম্মুখলৈ আহি
সুধিছিল
, ‘আপুনি বাটলু মহোদয়ক চিনি পায় নেকি?’’

ৰহচোন
ছটছটী৷ সেই মানুহৰ নিচিনা প্ৰাণীজনে বাদুলিৰ লগত কথা পাতিছিল কেনেকৈ
?’

হয়
মহাৰাজ
, পাতিছিল হেনো৷ বাদুলিজনেও তেওঁৰ কথা বুজি পাইছিল আৰু তেৱোঁ বাদুলিজনৰ
কথা বুজিছিল৷  তেওঁ হেনো বাদুলিজনক কৈছিল
যে বাটলু মহাশয় সদ্যহতে কিছুদিনলৈ সেউজপুৰৰপৰা আঁতৰি থাকিব লাগিব৷ কিন্তু  যদিহে সেউজপুৰৰ মহাৰাজে অনুমতি দিয়ে তেনেহ’লে
তেওঁলোকে হেনো বাটলুৰ সৈতে সকলোকে কথা পতাই দিয়াৰ ব্যৱস্থা কৰিব পাৰিব৷ মহাৰাজ
,
বাটলু
ডাঙৰীয়াৰ ছবিখন দেখি
, সেই লোকজনৰ কথা শুনি বুঢ়া বাদুলিজনৰ হেনো
চকুপানী ওলাইছিল৷ বাদুলিজনৰ সৈতেও তেওঁ হেনো খুব ভদ্ৰভাৱে  কথা পাতিছিল৷ তেওঁ হেনো বাদুলিজনক আপোনাৰ বিষয়ে
বহুত কিবাকিবি সুধিছিল৷’

মোৰ
বিষয়ে আকৌ কি সুধিছিল
?’

সুধিছিল
হেনো
, জুৰণিপাৰৰ হাবিত তেওঁলোক প্ৰৱেশ কৰাত মহাৰাজে বাৰু বেয়া পাইছে নেকি?
বাটলু
ডাঙৰীয়াৰ সৈতে মহাৰাজ আৰু আন আন লোকে কথা পাতিবলৈ বিচাৰিব নেকি
?’

বিচাৰিম,
বিচাৰিম৷’
– মহাৰাজে উৎসাহেৰে কৈ উঠিল৷

মহাৰাজ,
এইটো
প্ৰশ্ন মই আপোনাক সোধা নাই৷ সেই বেলেগ জগতৰ মানুহকেইটাই বাদুলিজনকহে সুধিছিল
হেনো৷’

তেওঁ
কি উত্তৰ দিলে
?’

তেওঁ
হেনো আপোনাৰ অনুমতি ল’বলৈ আহিম বুলি ভাবিছে৷’

ভাবিছে?
অহা
নাই কেলেই
?’

মানে
মহাৰাজ
, বুঢ়ী বাদুলিগৰাকীৰ খুব পানীলগা জ্বৰ হৈ আছে৷ অকলশৰীয়া যে, চাওঁতা-চিতোতা
নাই কাৰণে বুঢ়ীয়ে গা ভাল পালেই আহিম বুলি ভাবিছে হেনো৷’

মহামন্ত্ৰী
মহোদয়৷ কাইলৈকে জুৰণিপাৰলৈ ওলাওক৷ সেই বৃদ্ধ বাদুলি দম্পতিৰ ওচৰলৈ যাম৷ মই আৰু
অপেক্ষা কৰিব নোৱাৰোঁ বুজিছে
? অতি সোনকালে বাটলুটোক লগ পাব লাগে৷ সি
নহ’লে মোৰ দিনতে কিবা আন্ধাৰ আন্ধাৰ লগা হৈছে৷ মোৰ অৱস্থাটো আপোনালোকে বাৰু বুজি
পাইছেনে
?’

(আগলৈ)


ঠিকনা :

বাগেশ্ৰী, উপপথ  বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩

ফোন : ৮৪৮৬০৩৩৮৩৬