টিটিৰ দিনলিপি

 নৱনীতা
ভট্টাচাৰ্য্য


টিটিৰ নিচিনা আচৰিত
প্ৰাণী এই পৃথিৱীত আন দুটা আছে বুলি মোৰ মনে নধৰে৷ মোৰ হাতত এনে বহুতো প্রমাণ আছে
বাবেই ন দি কৈ
ছোঁ৷ ভগৱানে জানো কি ভাবি তাক স্ৰজিছিল,
গোটেইখন খেলিমেলি৷ মন ভাল লাগিলেই গান গাই গাই অলৌ-তলৌকৈ ঘূৰি ফুৰা চৰাই জানো কৰবাত দেখিছা? অৱশ্যে অলৌ-তলৌকৈ ঘূৰি ফুৰা বুলি কলেও ভুল হব৷ ভ্ৰমপিয়াসী
মনটোৰ বাবেই সি জীৱনত কঠোৰতকৈও কঠোৰ কাম কৰিবলৈ অক
ণো
কুণ্ঠাবোধ নকৰে৷ জীৱনত কিমান প্ৰত্যা
হ্বানৰ সন্মুখীন হৈছে, কিন্তু সি কেতিয়াও হাৰ মনা নাই। এই
স্বভাৱটোৰ বাবেই সি আন
কৈ সুকীয়া৷ অৱশ্যে তাৰ আটাইতকৈ আচৰিত
গুণটো কি জানানে
, যাৰ বাবে ইমান বছৰৰ পাছতো আমি তাক মনত ৰাখিছোঁ,
সেই গুণটো হ
ল তাৰ দৈনিক দিনলিপি লিখা স্বভাৱটো৷ এই গুণটোৱেই তাক চিৰস্থায়ী কৰি ৰাখিছে৷ সেইবাবেইতোওঁ, সদায় লিখি যাবা, তেতিয়াহে মনত ৰাখিবলৈ সহজ।

বাৰু, পুনৰ টিটিৰ কথালৈ আহোঁ। সন্ধিয়া হোৱাৰ লগে লগে সি বহী-পেঞ্চিল উলিয়াই লৈ
দিনটোৰ অভিজ্ঞতাবোৰ লিখি থোৱাটো তাৰ পুৰণা অভ্যাস৷ আজিৰ দিনটো তাৰ বাবে এটা বিশেষ
দিন৷ দীঘলীয়া ভ্ৰমণৰ অন্তত এইখন হাবিত আজি তাৰ প্ৰথম দিন। তাৰ বাবে ইয়াত সকলো নতুন৷
বছৰটোৰ বাৰ মাহে শীতে আৱৰি থকা ঠাই এখনৰ পৰা আহি আজি সি এখন নাতিশীতোষ্ণ ঠাইত উপস্থিত হৈছেহি৷
কিমান যে নতুন অভিজ্ঞতাৰে ভৰপূৰ তাৰ আজিৰ দিনটো৷ ইফালে দিনটো লৰা-ধপৰা কৰি সি ভাগৰিও
পৰিছে৷ তথাপি সি বহীখন মেলি লৈ লিখিবলৈ বহিল আৰু ৰাতিপুৱাৰ পৰা ঘটি যোৱা ঘটনাবোৰ মনত পেলাই
 লিখি গল…

“কাহিলি পুৱাতে সাৰ পাই ভাগৱানৰ নাম লৈ চকু মেলি পৃথিৱীৰ বিনন্দীয়া ৰূপ দেখি মই অভিভূত হৈ পৰিলোঁ৷ নীলা আকাশৰ তলত সেউজীয়া ঘাঁহৰ দলিচাখনে মোৰ মনটোক এনেদৰে মুহিছিল যে
ভেলে
ঙী পহুৰ নিচিনাকৈ মই একেথৰে চাই আছিলোঁ আৰু কব নোৱাৰাকৈয়ে মই এখুজি দুখুজিকৈ আগুৱাই গলো৷ বনখনৰ চাৰিওফাল নানা সেউজীয়া গছ-গছনিৰে ভৰপূৰ৷ শাৰী শাৰী গছবোৰ কাষে
কাষে গৈ থাকিলো৷ উদ্ভিদজগতৰ বৈচি
ত্ৰ্য দেখি মই ভাবুক হৈ
পৰিলো৷ মোৰ বাবে ই নোহোৱা-নোপজা কথা৷

কোনোবা এজোপা
যদি প্ৰকাণ্ড আকাশলং
ঘী, আন এজোপা আকৌ নিচেই সৰু, একেবাৰে মাটিতে লিপিট খাই থকা৷ নানা ঠাল-ঠেঙুলিৰে ভৰপুৰ গছজোপা দেখিলে এনে
ভাব হয়
, যেন সিহে আকাশখন দাঙি ধৰি আছে৷ এক বিশাল ঠাই আগুৰি
থকা গছজোপাক আকৌ থিয় হৈ থাকিবলৈ কিছুমান সহায়কাৰী শিপা ওলাই আহি মাটিত লাগি
ধৰিছে৷ ভগৱানৰ কি অপূৰ্ব সৃষ্টি৷ এনে বহুতো গছ এই হাবিখনত আছে
, কিন্তু কিছু নিলগে নিলগে৷ বনখনক পহৰা দিবলৈয়ে হয়তো এনেদৰে চাৰিওফালে সিঁচৰতি হৈ আছে৷ মনৰ কৌতূহল দমাব নোৱাৰি ওচৰেৰে পাৰ হৈ
যোৱা কেৰেলুৱাটোকে সুধিলোঁ
, “হেৰা! ই কেনে উদ্ভিদ, একেবাৰে গগনচুম্বী৷

মোৰ প্ৰশ্ন
শুনিবলৈহে পালে, কেৰেলুৱাটোৱে কেইখনমান ভৰি ওপৰলৈ উঠাই লৈ এক বিশেষ ভংগিমাৰে এফালৰ
পৰা ক
বলৈ ধৰিলে, “এনে গছবোৰক বৃক্ষ বুলি কোৱা হয়৷ এই
গছবোৰেই হ
ল আমাৰ হাবিখনৰ সাৰথি৷ এনে এজোপা গছক সাৰথি কৰিয়েই
আমাৰ বনৰ কিমান প্ৰাণী জীয়াই আছে তাক আঙুলিৰ
মূৰত লিখি শেষ
কৰিব নোৱাৰিবা৷ অৱশ্যে অকল প্ৰাণী বুলি ক
লে ভুল হ, এনে গছসমূহ বহুতো উদ্ভিদৰো আশ্ৰয় স্থল৷ এইখিনিতে আৰু এটা কথা কৈ থওঁ, সকলো বৃক্ষই কিন্তু এনে প্ৰকাণ্ড
নহয়। কিছুমান এনে বৃক্ষও আছে যাৰ মুঠেই ঠাল-ঠেঙুলি নাথাকে। আকৌ কিছুমানৰ
ঠাল-ঠেঙুলি থাকিলেও আকাৰত তেনেই সৰু! এনেকু
ৱা কিছুমান গছো
আছে যিয়ে প্ৰতি বছৰে পুৰণি পাতবোৰ সলাই লয়। এনে গছবোৰ আকৌ শীতকা
লত একেবাৰে নঙঠা হৈ পৰে। বসন্ত তুত গছবোৰত আকৌ নতুন কুঁহিপাত
মেলিবলৈ ধৰে৷ লাহে লাহে গছজোপা দেখিবলৈ সুন্দৰ হৈ পৰে৷ গ্ৰীষ্ম
তু আহে মানে গছবোৰ ফুলফলে নদন-বদন হৈ উঠে৷ লাহে
লাহে পাতবোৰ পুৰঠ হৈ আহি হালধীয়া পৰিবলৈ ধৰে আৰু শৰৎ
তুত
পাতবোৰ আকৌ সৰিবলৈ আৰম্ভ কৰে৷ এনেদৰে গছেজাপাই প্ৰতিটো
তুতে
নতুন নতুন ৰূপ লয়। এনে গছক পৰ্ণপাতী গছ বুলি কোৱা হয়৷ কিছুমান গছ আকৌ বছৰটোৰ বাৰেওমাহে
সেউজীয়া পাতেৰে পৰিপূৰ্ণ হৈ থাকে৷ ফুলে-ফলে নদন-বদন গছবোৰে হাবিখনৰ সৌন্দৰ্য দুগুণে বঢ়াই তোলে৷ পিছে এনে কিছুমান গছো আছে য

কেতিয়াও ফুল নুফুলে৷

কেৰেলুৱাৰ কথা
শুনি মই বৰ আচৰিত হ
লোঁ৷ এনেতে সি মোক আচৰিত কৰি আন এটা কথা কলে, “পিছে গছজোপা প্ৰকাণ্ড হলে
কি হ
, যিটো ফল লাগে সেইটো তেনেই অকণমান।
তুমি যদি ডাঙৰ ফল চাব বিচাৰিছা তেনেহ
লে সেই নিশকতীয়া
গছ কেইজোপালৈ চোৱাঁ। থিয় হৈ থাকিবলৈ শৰীৰত শক্তি নাথাকিলে কি হ
ল, যিটোহে ফল লাগিব আমিবোৰে খাই শেষ কৰিব নোৱৰা অৱস্থা৷ পিছে এটা কথা মন
কৰিবা, এই গছবোৰে বগাই যাবলৈ আনৰ সহায় ল
লেও সিহঁত পৰজীৱী নহয়
কিন্তু। সিহঁতে সকলো কাম নিজে সমাধা কৰি জীয়াই আছে৷ অৱশ্যে আমাৰ বনত পৰজীৱী উদ্ভিদো
নোহোৱা নহয়৷

কেৰেলুৱাটোৰ কথা
শুনি মই আচৰিত হৈ ক
লো, “ভগৱানে কিবা
চিন্তা কৰিয়েই এই সকলো সৃষ্টি কৰিছে নিশ্চয়৷ পিছে আমি হ
লোঁ আদাৰ বেপাৰী, জাহাজৰ খবৰ লৈনো কি লাভ৷ তথাপি ৰহস্যময়ী
উদ্ভিদ জগতৰ কথাবোৰ শুনি ভাল লাগিছে
, সেইবাবে আৰু দুটামান
কথা জানিব বাচাৰি
ছোঁ৷ কিবা জানা যদি কোৱাঁ৷

মোৰ অনুৰোধ
ৰক্ষা কৰি সি ক
লে, “এই হাবিখনৰ ৰহস্যৰ কথা মই কিনো
ম? আমি হলো তেনেই অজ্ঞান জীৱ। তথাপি যি
জানো ক
ওঁ শুনা৷ গছ-গছনিবোৰেই হল এই
হাবিখনৰ মূল সম্পদ। গছ-গছনিবোৰেই আমাৰ বনখনক চাৰিওফালৰ পৰা চহকী কৰি তুলিছে৷ বছৰৰ
প্ৰতিটো
তুতে আমি গছ-গছনিৰ পৰা নানা উপকাৰ পাই আহিছোঁ৷ ই আমাক অকল খাদ্যই নহয়, থাকিবলৈ আশ্ৰয়, উশাহ লবলৈ বিশুদ্ধ বায়ু, গৰমত
গা জুৰ পেলাবলৈ শীতল বতাহ
, বাটৰুৱাক জিৰাবলৈ ছাঁ আদি সকলো
দিয়ে। এইখিনিতে আন এবিধ গছৰ কথা কওঁ শুনা৷ এই গছবিধ বেছি ওখ নহয় যদিও বহুতো
ঠাল-ঠেঙুলিৰে ভৰপুৰ হৈ থাকে। এনে
জোপোহা গছ আমাৰ বনত বহুতো
পাবা৷ যাওঁতে কিন্তু অলপ সাৱধানে যাবা এই জোপোহা গছৰ মাজতে পশুবোৰ লুকাই থাকি
চিকাৰ কৰে৷ এই জোপোহা গছবোৰে আমাৰ বনখন অধিক সুন্দৰ কৰি তুলিছে৷ পিছে মোৰ প্ৰিয়
উদ্ভিদ বুলি সুধিলে
, মই কিন্তু মাটিত লিপিট খাই থকা এই বনবোৰৰহে
নাম ল
ম দেই। এই বনবোৰেই সেউজীয়া দলিচা পাৰি দি আমাৰ নিচিনা
প্ৰাণীবোৰক বৰকৈ সহায় কৰে৷ মুঠতে উদ্ভিদৰ গুণ গাই তুমি শেষ কৰিব নোৱাৰাঁ৷ এক কথাত
বলৈ হলে উদ্ভিদসমূহ নাথাকিলে এই
বনখনৰ অস্তিত্বই নাথাকিব৷ পিছে এতিয়া বিদায়হে। বেলি মূৰৰ ওপৰ পালেহি৷ আহাৰ
বিচাৰি নগ
লে নাখাই মৰিব লাগিব৷

সঁচাকৈয়ে চাবলৈ
লে গছবোৰে হল বনখনৰ প্ৰাণ৷ অকমাণি কেৰেলুৱাৰ মুখত যিবোৰ কথা শুনিলোঁ, সেই কথাবোৰকে
সযতনে ইয়াতে সাঁচি থলো
, জানোচা কাৰোবাৰ কিবা উপকাৰ হয়ে বা!
আজিৰ দিনটোৰ এই বিচিত্ৰ অভিজ্ঞতাই মোক বনখনৰ প্রতি আৰু অধিক আকৰ্ষিত কৰি তুলিছে৷
এই ৰহস্যময়ী উদ্ভিদ জগতৰ সৃষ্টিকৰ্তা ভগৱানৰ নাম লৈ আজিলৈ দিনলিপি লিখা ইমানতে সামৰিছোঁ৷

ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৫০

 

document.getElementById(“Anyayug-month”).innerHTML = ” নৱেম্বৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;