সুৰুয সূৰ্য হ’ল

 চন্দ্ৰাৱলী বৰঠাকুৰ

 

এইবছৰ জুন মাহত লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ ফল
ঘোষিত হল। বিগত বছৰৰ দৰে এইবছৰো প্রথম
চাৰিটা স্থান মহিলাই লাভ কৰিবলৈ সক্ষম হৈ, মহিলাৰ অৱস্থান উন্নত কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত অসমৰো মান ময়ূৰ হাজৰিকাই ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ কঠিনতম পৰীক্ষাত নিজৰ শ্রম, কৰ্মনিষ্ঠাৰে উত্তীর্ণ হৈ 
দেশসেৱাৰ বাবে আগবাঢ়ি গৈছে। প্রতিবছৰে এই পৰীক্ষাত ৪৪% চাকৰি
দিব্যাংগসকলৰ বাবে সংৰক্ষণ কৰা হয়। বহু শাৰীৰিকভাৱে
দুৰ্বল লোকে আত্মবল,
নেৰানেপেৰা প্ৰচেষ্টাৰ বলত আক
ৰ্ষণীয় স্থান লাভ
কৰিবলৈ সক্ষম হয়। 

এনে এক উজ্জ্বল,প্ৰেৰণাদায়ক চৰিত্ৰ হ’ল সুৰুয তিৱাৰী, যাৰ সাহ আছিল মাত্র হাতৰ তিনিটা আঙুলি।

 উত্তৰ প্ৰদেশৰ
মেইনপুৰীৰ নিৱাসী সুৰুয তিৱাৰী সাধাৰণ দৰ্জী পৰিয়ালত জন্ম হৈছিল। সৰুৰে পৰাই মেধাৱী
ছাত্রজনৰ জীৱনত ধ্ৰুৱতৰাৰ দৰে জিলিকাৰ হেঁপাহ আছিল। ঘৰৰ অৰ্থিক অৱস্থা সুচল নাছিল,
সেই বুলি পিতৃ -মাতৃ পঢ়াৰ ক্ষেত্রত কোনো অসুবিধাৰ সৃষ্টি হ’বলৈ দিয়া নাছিল। প্রচুৰ
আত্মবিশ্বাসী সুৰুযে এদিন সমাজত জিলিকিব বুলি প্ৰতিজ্ঞা কৰিছিল। কিন্তু ২০১৭ চনৰ এটি ঘটনাই
তেওঁৰ জীৱনলৈ কাল অমাৱস্যা কঢ়িয়াই আনে।

 দিল্লীৰ পৰা
আলিগড় অভিমুখে গৈ থকা এখন চলন্ত ট্রেইনৰ পৰা পৰি তেওঁ মৃত্যুৰ দুৱাৰদলিৰ পৰা কোনোমতেহে ৰক্ষা পৰে। তেওঁৰ অজ্ঞান অৱস্থাৰ পৰা সজ্ঞানলৈ আহি, গম পায় যে তেওঁ শৰীৰৰ অমূল্য অংশ
দুয়োখন ভৰি, 
বাওঁহাতখন আৰু সোঁহাতৰ দুটা আঙুলি হেৰুৱাই পেলাইছে। তেওঁৰ বাবে জীয়াই থকাৰ সাহস আছিল মাত্র
সোহাঁতৰ তিনিটা আঙুলি। সেই সময়ছোৱাত তেওঁ নিজৰ ভাতৃকো হেৰুৱাব লগা হয়। ঘৰৰ সদস্যসকলে
যেন হাঁহিবলৈ পাহৰি পেলাইছিল। সকলো স্তব্ধ হৈ গৈছিল।

কিন্তু এয়া সচাঁ যে পৰিৰ্তন
সংসাৰৰ নিয়ম। বহু সময়ত এনে পৰি
ৰ্তনে আমাক
মানসিকভাৱে
দুৰ্বল নকৰি, বৰং
আমাক শক্তিশালী
হে কৰি তোলে। নিজৰ এই ক’লা সময়ক
জীৱনে তেওঁৰ ওপৰত লোৱা
এটা
পৰীক্ষা বুলি ভাবিছিল। আত্মবলেৰে তেওঁ পৰ
ৰ্তী
শিক্ষা গ্রহণ কৰাৰ সিদ্ধান্ত ল’লে। প্ৰথমে দিল্লীৰ জে. এন. ইউ-ৰ প্রৱেশ পৰীক্ষাত
উত্তীৰ্ণ হ’ব পৰা নাছিল যদিও পাছৰবাৰ তেওঁ বিশ্ববিখ্যাত বিশ্ববিদ্যালয়ত ৰাছিয়ান
বিষয়ত শিক্ষা গ্রহণ কৰিবলৈ সুযোগ লাভ কৰে। জে.এন . ইউ-ত এক নতুন পৰিৱেশ পালে।
হেৰুৱাই পেলোৱা আত্মবিশ্বাস আকৌ ঘূৰাই পালে। কেতিয়াও নুশুনা লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিষয়ে
বুজিলে, জানিলে আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে। ফলত ২০২২
বৰ্ষৰ ফলাফলত ৯১৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়।

শ্রম, আত্মবিশ্বাসেৰে এই স্থান লাভ কৰি তেওঁ ইতিহাসত নাম
লিখাৰ উপৰি দিব্যাংগ,
শাৰীৰিকভাৱে
বাধাগ্রস্ত লোকসকলৰ বাবেই নহয়, সমগ্র মানৱজাতিৰ বাবে ধ্ৰুৱতৰা হৈ জিলিকি ৰ’ল।

 

ঠিকনা :

দ্বাদশ মান,

ক্রিছেণ্ট একাডেমী
(যোৰহাট)

document.getElementById(“Anyayug-month”).innerHTML = ” অক্টোবৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২৩”;