শিখা গোস্বামী মহন্ত
গালত শীতল চুমা যাচি এয়া জাৰৰ আৰু এটি দোকমোকালি…
কুঁৱলী ফালি ফালি গৈ থাকোঁ
ইথাৰৰ ইপাৰৰ ডাঠ কহুঁৱা
অত কুঁৱলীতো মই ঠিকেই দেখোঁ
ৰ’দৰ জিলিকনিত যি চমক আছিল…
শীতে সাঁচ কাটে নে মোৰ ভ্ৰম
(ধাৰণা একোটা মোৰ নিজাকৈ থাকেই)
কিছু কথা আছিল
(যিবোৰ আৰু কোৱা নহয়গৈ)
কিছু কথা সেমেকিল
গোপনে সাৰে ৰোৱা বুকুৰ এটি সুৰ
গান হ’ব খুজিছিল…
জাৰৰ সতে মোৰ কাহানিও মিতিৰালি নহ’ল…
সেইবুলি কি শীত নাহিব!
শীতৰ সতে কৰমৰ্দন কৰি এডৰা সৰিয়হ ফুলিব
ৰ’দ পাই ৰঙীন হ’ব বুকুৰ ফুটুকী পাখিলাহি
ভ্ৰাম্যভাষ: ৮৬৩৮৩১৪২০৮
.video-container {
overflow: hidden;
position: relative;
width:100%;
}
.video-container::after {
padding-top: 56.25%;
display: block;
content: ”;
}
.video-container iframe {
position: absolute;
top: 0;
left: 0;
width: 100%;
height: 100%;
}