নিৰ্বাসিত

document.getElementById(“Anyayug-month”).innerHTML = ” মে’,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;

জ্যোতিনীলিমা গগৈ
 
জাৰণিৰ
আন্ধাৰত হেৰুৱাই পেলাইছোঁ
নিৰ্বাসিত
চৰাইটো
ফুলনিৰ
পৰা নিৰ্বাসিত পখিলাবোৰৰো
পাখি
জৰজৰ
 
উপকূল
এৰি যোৱা নিৰ্বাসিত এখন জাহাজত
তুলি
দিয়া হৈছে আমাৰ দগ্ধ বসন্ত
দূৰণিত
ৰৈ চাই আছোঁ
বৰষুণত
ছিগি পৰা সোণাৰুৰ পাহিৰে
সজাই
তোলা হৰিৎ পথ
 
সন্ধ্যা
তৰাজাকৰো আছে নিৰ্মেঘ ভাবনা
জিলিকি
উঠাৰ পৰত
হৃদয়ৰ
গৰাখহনীয়াত আক্ৰান্ত মানুহে
লিখি
আছে ফলক

‘‘পাহৰিবলৈকে থাকিব লাগে
অলপ
নিৰ্বাসিত সোঁৱৰণি
’’
 
শকুন্তলাৰ
পদূলিত জ্বলি থাকে
পুৰণি
প্ৰতিজ্ঞাৰ ফুলজাৰি
ঘেঁহুৰ
পথাৰেৰে ৰ
দ ফালি ফালি
আজিও
গৈ আছে ভেন গঘ
পিঠিত
নিৰ্বাসিত ভালপোৱাৰ
আধা
অঁকা ছবি…!
শ্ৰব্য ৰূপ