কাব্যশিল্প

পাৰেজিয়া

জ্ঞান পূজাৰী 
কথা কোৱা 
কথা কোৱা
মানে কাম কৰা
 
কথা 
সৰল আৰু অকপট 
আৰু জীয়াই
থাকা বিপদ
জ্জনকভাৱে 
যুদ্ধ আৰু
যুদ্ধ
 
দিন আৰু
ৰাতিৰ
পোহৰ আৰু
অন্ধকাৰৰ
 
কেৱল
হাৰামজাদাই
ভাবে সি জিকিছে


বাৰ্চিলনা বিদায়

অনুভৱ তুলসী
এক
তলত ভূমধ্য সাগৰ
মাজতে মনছেৰাতৰ যীছু
জীয়া তেজ বাষ্পীভূত
ওপৰত শ্যামলী মেড’না
আগে পাছে মেঘ
কলহৰ কাণে ঢলা
বৰষুণজাকত
সাগৰৰ পানীয়ে
পিঠিৰ নিমখ ধোৱা
দৃশ্য
নৰমনিৰ বাবে 
হয়তো নহয়৷
দুই
তলত পাহাৰৰ
টকলা টিং
ডঁৰিয়লিৰ ৰিং
দানিয়ুব নদীৰ
অশ্বখুৰা
পাক ভোঁহৰ
তিনি
আল্প্‌ছ্  এৰিলোঁ
জুৰিখ মিউনিখ
গলা চাফা কৰিবলৈ
লাহেকৈ কাহিলোঁ
ৱি‍চ্‌লাৱা চিমবৰ্চকা
চেছুৱাভ মিঅ’ছ
আউচভিৎচ
ৱাৰশ্ব’ চহৰ ছগা
চাকি-বাতি
সাঁজ লাগি ভগা


কাব্যপীঠ
অংকুৰ ৰন্‌জন চাংমাই
আজি নিৰ্মল
সুন্দৰ নবীন সূৰ্যোদয়ৰ পুৱা
অনুভৱ হয়
কেনে পৱিত্ৰ এই প্ৰভাত
কেনে সৰগীয়
আকাশ
যেন সমস্ত
নিখিল স্বচ্ছ নীল ধৰাতলত
চিৰহৰিৎ
অমলিন নিসৰ্গৰ বলয় চতুৰ্দিশে
মাজে মাজে
বিহংগৰ কলধ্বনি
ধ্যানেজ্ঞানে
স্বৰ্গীয় স্তব্ধতা আৰু মুগ্ধতা
নবীন বৰণেৰে
বৰ্ণিল স্বাগত সময়
সমুখত সমুদ্ৰ
তীৰ
 
দিগন্ত ব্যাপি
বলুকাৰাশি
পৃথিৱীৰ
স্বৰ্ণ ৰৌপ্য লৱণ অংগ
ইয়াতেই
ব্ৰহ্ম
, ইয়াতেই যোগসিদ্ধিৰ দৰ্শন
ইয়াতেই
অগ্নিপূজা
, পৱিত্ৰ দেৱতাৰ অৰ্চনা
ইয়াতেই বাজি
উঠে ওঁকাৰৰ ধ্বনি
জবা-কুসুম
নৈবেদ্যৰে এজন পুৰুষ
সমুদ্ৰত প্ৰাতঃস্নান কৰি
তীৰলৈ উঠি আহিছে
এয়াই
ধ্যানী-যোগী কবি-স্ৰষ্টাৰ পৰিমণ্ডল
যোগ্য বেদী
যোগ্য পীঠ
অলপ পিছতেই
দশোদিশ ব্যাপি
উচ্চাৰিত হব কাব্য স্তোত্ৰ
কাব্য মন্ত্ৰ
 


(ভ্ৰাম্যভাষ: ৯৪৩৫০১৭৭৪৯)



অথবা এই
সময়…
 
জ্যোতিনীলিমা
গগৈ
হঠা প্ৰিয় হৈ উঠে
বেৰৰ চুকৰ মকৰাটো
অস্থিৰ
সময়বোৰক প্ৰশান্ত চিত্তে গুঁঠি গুঁঠি
আঁৰি থয় বায়ৱীয় স্বাধীন সপোন
মই পৰা নাই 
অপৰিচিত ছাঁ
আৰু মাতবোৰে
 
খাবলৈশুবলৈ নিদিয়ে 
চকু মেলিয়েই
বিছনাত দেখোঁ
 
কোনো নিৰ্জন
পথাৰৰ বোকাৰ পৰা উঠি অহা নিথৰ চকুহালি
গাধোৱা ঘৰৰ
খিৰিকীৰে চাই ৰ লাগি থাকে
 
এচিডে পুৰি
নিয়া এফালি মুখ
খোৱা টেবুলৰ
তলেৰে বগুৱা বাই আহে শীৰ্ণ এখনি হাত
বাছত— ৰেলত—
পাৰ্কত— বজাৰত— গলিত দেহবোৰৰ আৰাৱ
স্তুপীকৃত
জাবৰৰ দ
মত ভোগৰ জীউ
হে অবাক
বিস্মিত সময়…
 
পখিলা পাখিৰ
দৰে হাতবোৰে বকুলৰ মালা এধাৰি গুঁঠিব পৰাকৈ
 
শুকান নৈবোৰে
কোৰ্হাল কৰিব পৰাকৈ
ভাল দিনবোৰ
ঘূৰি আহিবনে
 
ভাল দিনবোৰ …
অথবা এই
সময়…!

ভ্ৰাম্যভাষ: ৯৯৫৪৯৪৬৯১৮



মনোজ নেওগ
এদিন তাক
সুধিছিলোঁ
, ‘‘ঞ মানেনো কি? ঞ নামটো কোনে দিলে তোক?’’
সি হাঁহিছিল। 
ঞ— দেখাতে
যাৰ পিঠিত এটা বোজা। সি কুঁজা। মাজে মাজে সি এনেকে কৈ থাকে—
‘‘তাৰ দৰে
অকলশৰীয়া মানুহ তাৰ নামৰ দৰে অৰ্থহীন।
’’
চুক্তিৰ
শেষৰখন ছবি আঁকি থাকোঁতে এদিন সি আহি সুধিলে
— ‘‘কাকনো আঁকিছে?’’
ম‌ই বোলোঁ— ‘‘কাৰ দৰে দেখিছ?’’
সি জুপিজাপি
চালে চকু-নাক-ওঁঠ। মোৰ ফালে চাই ক
লে— ‘‘মানুহৰ
দৰে একেই দেখিছোঁ…
’’
ম‌ই হাঁহি কলোঁ— ‘‘এইসকল আমাৰ নেতা। এক অৰ্থত এওঁলোক ৰজা আমি প্ৰজা।’’
সি দুনাই
চালে ছবিবোৰ। মোৰ ফালে চাই আগ্ৰহেৰে সুধিলে
— ‘‘মোৰো ছবি এখন আঁকিব পাৰিবনে?’’
ঞ-ৰ সেই
সৰলতা মোৰ প্ৰিয়
সেইদিনা
ধেমালিতে ব্ৰাছডালে প্ৰায় একেপাকতে আঁকি পেলাইছিলোঁ— ঞ। হাঁহি এটাৰে কৈছিলোঁ
— ‘‘তোক আঁকিবলৈ
একেবাৰে সহজ। এয়া চা…
’’
সি দীঘলকৈ উশাহ ভৰাই লৈ কৈছিল— ‘‘মানুহৰ দৰে নহল। যদিওবা পিঠিৰ বোজাটো চাই বুজিছো, হয় ময়েই…’’
অনৰ্থকভাৱে অঁকা সেই
বৰ্ণৰ পানী
ৰংবোৰ খহি আহিছিল ৰাতিলৈ। কিবা এক অপৰাধবোধে
দহিছিল মোক। সেইদিনা মনতে ঠিৰাং কৰিছিলোঁ এখন ছবি আঁকিম
ঞ-ৰ চকু-চেলাউৰি-নাক-ওঁঠ
ঞ-ৰ দৰে
সাইলাখ সেই মানুহ। পিঠিত বোজা
, কুঁজা…
নখ বানিত জিলিকি
আহিছে মুখ
গুপ্তকেশত
জুই লৈ মৰি থকা গছ
ৰাতিৰ বোজা
হৈ মৰি থকা আঠ প্ৰহৰৰ দিনৰ শোকত ব্ৰাছ তিয়াই আঁকিছোঁ
আঁৰিকুঁজা ঞ
আৰু তাৰ
বিপৰীতে
চিঞৰ’-ৰ এখন এখন ছবিৰ মাজত ’-ক আঁকিব নোৱৰাৰ অপৰাধবোধত প্ৰতিবাৰেই নিজৰ হাত দুখন কাটি পেলাইছোঁ ম‌ই


চিঠি ঘূৰি আহে

নীলাভ সৌৰভ
খুলি চাওঁ ঘূৰি অহা খাম
আৰু পাঠক
নোপোৱা নীলা পৰুৱাই মোৰ আঙুলিত ধৰে
ক্ৰমে বগুৱা
বাই আহে
ঘাম খায়
ত কামুৰি পুনৰ কাগজখনলৈ নামি যায়
নিজৰ নিজৰ
আসন গ্ৰহণ কৰে
বোলছবি চোৱাৰ
দৰে চাই থাকে মোৰ অভিব্যক্তি
 
কান্দে
চুকত বহা
দুটামান ডাকঘৰৰ মোহৰৰ টাঙোন খাই আহত৷
মোৰ ঘৰলৈ অহা
বাটটোত গাঁত
 
ডাকোৱালৰ
চাইকেলে ঠেকেচ খাওঁতে
 
সামান্য আঘাত
পাইছিল দুটামানে৷
যাওঁতে কাৰ
সৈতে কি কথা পাতি গৈছিল
শ্বহীদ
ঘোষণাৰ কোনো
আৱেদনপত্ৰ
কোনোবা
জীয়ৰীৰ চকুপানীৰ পৰুৱা
বিভাগীয়
ফাঁকি
চাকৰিৰ প্ৰপত্ৰ
বিল আদায়ৰ
আপীল কাৰ সৈতে গৈছিল
 
চিঠিখনত
নাছিল কোনো খবৰ
যে বিউটি
চেৰামৰ চি
ক্মিকনিত হাঁহি হব কাঁচিজোন
যে ডাৱৰ
উফন্দি পৰুৱা সৰিব
 
যে মিঠাই
বিলাব পৰুৱাই
পাঠক বিচাৰি আৱেদন কৰিবলৈ 
ৰাজধানী
চহৰলৈ পঠিওৱা হৈছিল চিঠিখন
 
চহৰে নিৰূপ কৰে পৰুৱাৰ
বিলৈ
চাৰি নম্বৰৰ
পুৰণি খুঁটাৰ তলত বতাহী কাৰবাৰৰ আড়ম্বৰ
কি তাপ
নিয়ন্ত্ৰিত কিতাপৰ ছাঁ
মূৰ লিয়াই চোৱা
পৰুৱাক কি ক
লে অভ্যাগতই
মুক্তি
আৰাধনাৰ কম্পন চুই কঁপি উঠিছিল হয়তো হালধীয়া বেপাৰী দুহাত
লেফাফা বন্ধ
কৰি আকৌ মোহৰ
প্ৰেৰকৰ
ঠিকনাটো মোৰ ঘৰৰ
গোটেই চহৰ ঘূৰি ঘূৰি গুচি আহিল
আহোঁতে কি
কথা পাতিছিল
  
বিভাগীয় আদেশ
এটিএম কাৰ্ড
ভোটাৰ আইডি
ঋণ পৰিশোধৰ
আৰ্জি কাৰ সৈতে আহিছিল
  
ৰৈ থকা মাকলৈ
নহা খবৰ কিছুমান ক
ত ৰৈ আছে দেখিছিল নে
নাৰ্জি ফুলৰ
সভাত ৰৈ বন্দনা শুনিছিল নেকি পুঁজিবাদৰ
বোলছবি চোৱাৰ
দৰে চাই আছে মোৰ অভিব্যক্তি
খেদিলে
নাযায়৷ আঙুলিত চুমা খায়৷ তাৰ পাছত…
পুনৰ পৰুৱাৰ
বংশবৃদ্ধি
খবৰ নাছিল
চিঠিখনত৷ নাছিল ফুল তৰা গান
নাছিল
উত্তৰাধুনিক প্ৰেম৷ পৰুৱাই মুক্তি
কথা কঢ়িয়াইছিল
আৰু চৈতন্যৰ
গান৷ কাব্য কবিলৈ
ঘূৰি আহে
দিনান্তত
পোহনীয়া
পৰুৱাকেইটা চকুলৈ বগাই আহিল
শাৰী পাতি
চকু দুটা কান্ধত তুলি কঢ়িয়াই আনিলে কাগজলৈ
আৰু কৈ থাকিল
কলা পৰুৱাৰ
মাউখে উঠা ঘাট -কিতাপ
 
চছমাৰ শক্তি
তফাৎ কবিৰ কাল
তাবিজ পৰিহিত
পাঠক তন্দ্ৰাত
নীলা পৰুৱাৰ
সৈতে
শান দিয়া
বুকুখন খুলি থ
লো কবিতাত৷৷

ভ্ৰাম্যভাষ: ৯৪৩৫০০৩৮২৪


দ্বীপৰাজ
ইমান ধুনীয়া
এজাক কাউৰী দেহি
 
সিহঁতেই এদিন
প্ৰাতঃভ্ৰমণৰ সংগী হ’ব৷
নঙলা খুলিলেই
জাকি মাৰি গু
চি আহি
তোমাৰ চকুলৈ
চাই কা বুলিব খুজিও গোট মাৰি শিল হ’ব মুখৰ আখৰ
 
নোপজা
ল’চালিহাললৈ থকা তোমাৰ বুকুৰ শুকান গাখীৰ দুটালৈ চাই
 
পাখি খুঁচৰিব দুটা
কাউৰীয়ে
 
উৰি যাব
এন্ধাৰ হাবি এখনলৈ
 
কিহৰ কাৰণে
পানী ভাঙো যদি নিয়ৰ খচা ভৰিৰ আঙুলিবোৰ
 
মাকৰ পেটতে
পংগু হৈ থাকে
 
ওপজাৰ ভয়ত
গৰ্ভতে মৰি যায় বিজল চকু
 
বৰষুণে ধুই
নিয়াৰ
পাছত 
কাউৰীজাকৰ
লগতে তুমি গোটেই চহৰখন ঘূৰি ফুৰিবা ৷ মৃতকৰ ঘৰবোৰলৈ গৈ এজনীকৈ কাউৰী উপহাৰ দিবা
কঁপনিৰে
জীয়াই থকা মানুহবোৰক ক’বা
 
ক’লা পাখিৰ
আঁৰত লুকাই থকা কাউৰীবোৰ এই চহৰৰ আটাইতকৈ বগা সময়
 
মই সেই বিধ্বস্ত চহৰখনৰ
আধামৃত
শিশুবোৰৰ চকুত ভোকৰ অঙঠা হৈ জ্বলি থাকিম
 
অন্তৰ্বাস
খুলি তুমি শুকান পিয়াহ দুটা শিশুবোৰৰ মাজত মেলি দিবা
 
যিটো শিশুৱে
দেখিবা নিজৰ চকুপানীবোৰ গাখীৰ বুলি খাই আছে
 
তাৰ বাবেই
তুমি ৰাতি ৰাতি পানী ভঙাৰ সপোনটো পাহৰিবা৷ আৰু কাউৰীজাকক কাষতে বহুৱাই আকাশলৈ চাই
নেওতা মাতিবা
 
একৰ এক গলে — কাউৰী
দুইৰ এক গলে — কাউৰী
ভ্ৰাম্যভাষ:  ৮৬৩৮১৪৭৫১৮


আৰু নীৰৱতা
অৰূপ কুমাৰ
দাস
অলপ ৰবা
মোৰ পৰা যদি
কিবা
 
শুনিম বুলি
ভাবিছা৷
মোৰ কিবা
কোৱাৰ বাসনা
যদিহে আছে
সেয়া
ঘোলা কণী
এটাৰ ভিতৰত থকা
শূন্য
সম্ভাৱনাখিনিৰ সমান৷
মাটিয়ে বুকু
পাতি আমালৈ কিদৰে
অপেক্ষা
কৰিছে চোৱা৷
চোৱা কিদৰে
কাতৰ হৈ আছে
মাটি আমাৰ
বাবে বুকু পাতি৷
অলপ নীৰৱতাও
জৰুৰী
যদিহে তাত
খৰাং
দিনবোৰতো
কেঞাবনৰ দুখন
পাখিৰ দৰে পাত
লাহে লাহে
গজি উঠিছে৷
অথবা
কোলাহল কৰা 
নিৰৰ্থক
কোলাহল
একুৰিয়ামত
সোণালী মাছবোৰৰ
ফিছাৰ কোবৰ
দৰে
 
ৰং থাকিও ৰংহীন৷
নাৰিকল এটাৰ
ভিতৰৰ
পানীখিনিৰ
দৰে শব্দ কৰা৷
অথবা
কৈ থকাটোৱে যদি নিয়ম
তেনেহলে একেলগে
নিয়ম ভঙাৰ
খেল এখনেই খেলা৷
মোৰ পৰা যদি
কিবা শুনিম বুলি
নিতান্তই
ভাবিছা
তেনেহলে
খিৰিকীখন
খোলা
বাহিৰলৈ
চোৱা!
 
ভ্ৰাম্যভাষ: ৯৭০৬৩৭৬৪১৯


এই বাটে
নামিছিল ঋদ্ধিৰ জোন

নিয়ৰকণা
কাশ্যপ
তৰাপাতত
বান্ধি অনা গোন্ধ এটাই
 
দিক-বিদিক
হেৰুৱাই পেলাইছিল…
ওপঙি ওপঙি
বুৰঞ্জী হৈছিল পানীমেটেকাৰ
আৱে
সেয়া— বুকুৱে
বুকুৱে ভাসমান বেঙুনীয়া…
পোহৰতকৈ পোহৰ
হোৱাৰ তাড়নাত
এই বাটে
নামিছিল ঋদ্ধিৰ জোন
তেওঁৰ বাবে
যি থৈ যাব খুজি
ছিলোঁ
তাত শূন্য হৈও ভৰি উঠাৰ
দ অক ছিল
ছিল উপত্যকা বিয়পা উৰ্বৰ উদ্যান
গোন্ধটোৰ
মোহত
, অশোক ফুলবোৰ আকৌ ফুলিছিল…
ভ্ৰ্যম্যভাষ:
৯৬১৩১৪০১৫৩


শীত

দিলীপ কৌশিক

একাপ চাহৰ
জোখাৰে পানী থৈ নৈবোৰে ছুটী ল
লে
মাতৃহাৰা
গছবোৰে খুৰাই পেলালে চুলি
বগা চাদৰেৰে
মেৰিয়াই
গাঁওবোৰ, চহৰবোৰ
শোকৰ গধূলি
ভ্ৰাম্যভাষ: ৮৭২৪৯৪৮৫৫৯