নিৰ্মালি সন্দিকৈ


—  ‘‘ছোৱালী, চাহপানী এটোপা দে৷ গু এদখও দিবি দেইবা!’’
— ‘‘ছোৱালী, টেঙা অকণ খা। খা না৷ মই নিজে পায়ি আনিছোঁ পুখুয়ীকাণঅ সেন্দুয়ীয়া আম।’’
— ‘‘ছোৱালী, বৰশী বাওঁগে বৈ! এয়া চা বঅলঅ টোপ।’’ 

ছোৱালী তিলোৰ মুখৰ আগত
সোমেশ্বৰ ৰৈ থাকে
লেলাউটিয়াই থকা মুখখন চোলাৰ হাতেৰে মচি সি তিলোৰ ওচৰত আব্‌দাৰ ধৰেহি— ‘‘ছোৱালী, অঙা চাদঅখন পিন্ধ আজি।
তিলো কেতিয়াবা এইবোৰ কথাতে বিৰক্ত হয়। অৱশ্যে এই বিৰক্তি তেনেই
খন্তেকীয়া। মানুহটো শিশুৰ দৰে সৰল। শিশুৰ দৰে নহয়
, সোমেশ্বৰ এটা শিশুৱেই! ম্বন্ধত বৰজনাক তাইৰ। কৰবাত বিয়া সবাহ খাই আহিলে তাইক নঙলা খুলিয়ে সি চিঞৰে— “মাহ চাউল আনিছোঁ তোলৈ, চাচোন!
বৰষুণে কনিয়াবলৈ পায় কি নাপায়, মেখেলাপেটিকোট সোপাকে চপাই তিলোৰ বিছনাত থয়হি সি। ভাতকাঁহী খাই হল কি নহ, নাদৰ পাৰলৈ চুৱাকাঁহীবাচন নি ফুটছাইৰে মাজি থাকেগৈ সি
ঐ ন ছোৱালী! আজি তোক আই আই লাগিছে। তাঁতৰ পাটত বহা তিলোক কেতিয়াবা সোমেশ্বৰে কয়। তিলোৱে চকুপানী মচে
সোমেশ্বৰ
এটা শিশু।
 তাই তাৰ মাক, ভনীয়েক, বায়েক, জীয়েক সকলো। ভাইবোৱাৰী মানে কি সি নুবুজে। বুজিবলৈ দৰকাৰো নাই তাৰ
এৰাতিৰ বাবে তিলো মাকৰ ঘৰলৈ গলেও সি পাছে পাছে গৈ ওলায়গৈ
আই, ঘৰলৈ বৈ তই নাই, একো নাই”— সোমেশ্বৰে কয়
সি ঠিকেই কয়৷ ফণিয়েও
তেনেকৈয়ে ভাবে।
 তিলো নাই মানেই একো
নাই !
 তাৰো তেনেকুৱাই লাগে
পদ্মেশ্বৰীৰ ভয় লাগিছিল। সোমেশ্বৰৰ নিচিনা মানুহ এটা থকা
ঘৰখনলৈ তিলোৰ নিচিনা ছোৱালী এজনী আহিবনে
? আৰু যদি আহেও, তাই সোমেশ্বৰক মানুহ
বুলি গিয়ান কৰিবনে
? তিলো কিন্তু আহিল। গাঁৱৰ এল পি স্কুলখনতে তাই কাম কৰিয়েই আছিল। মাকৰ ঘৰৰ পৰা
স্কু
ললৈ দূৰ হৈছিল, এতিয়া ওচৰ হল। ভাল হ
সোমেশ্বৰৰো ভাল হল। সি যেন তিলো বিয়া হৈ
অহালৈকেহে ৰৈ আছিল।
 তিলোক সি কত থওঁ কত নথওঁ কৰিলে। তিলোৱে তাৰ চোলাকাপোৰবোৰ খাৰেৰে ধুই চাফচিকুণ কৰি পিন্ধালে। ফণিৰ লগত এদিন নাপিতৰ ওচৰলৈ পঠিয়াই জপৰা চুলিখিনিও কটালে।
ফণিয়ে তিলোক আদৰ কৰাৰ সময়কণত এবাৰ হ
লেও কয়— “মোৰ ঘৰখনৰ মানুহবোৰ এতিয়াহে মানুহ হৈছে।
মাষ্টৰণী আহি ককাইদৌকো ফিটফাট কৰি দিলে।
তিলোৰ মনটোও পোহৰ পোহৰ লাগে। পদ্মেশ্বৰীয়ে সুখী সুখী চাৱনিৰে খোপাত ওৰণিটো লৈ স্কুললৈ
ওলোৱা বোৱাৰীয়েকক চকুৰ আঁৰ নোলোৱালৈকে চাই থাকে। চুবুৰীয়া মানুহবোৰে বু বু বা বা
কৰিব খোজে
দুইএকে হিংসাতে জ্বলিপকি কয়, “মাষ্টৰণী হল কি হ? ছালচটা সেইজনীৰ এলান্ধু কলা নাম আকৌ তিলোত্তমা, ইফালে বৰজনাকক মেখেলা ধুৱায়। পদ্মেশ্বৰীয়ে দৰ্মহাৰ টকা চুবলৈ নেপাওঁ বুলি সহিসামৰি থাকে আৰু! আমাৰ হলে নহব দেও! আমাৰ বোৱাৰীয়ে ওভতগোৰে নাচিবলৈ আহিলে বাই পেলাম বাপ্পেকে!’’
চুবুৰীয়া তিৰোতামখাই নিজৰ মাজতহে এইবোৰ পাতে। পদ্মেশ্বৰীৰ
আগত সাহে নুকুলায়। সিহঁতে গহীন
গম্ভীৰ তিলোৰ কামকাজ দেখি ভিতৰি হিংসাত জ্বলি মৰে। স্কুলৰ কাম, ঘৰৰ কাম আৰু জঞ্জাল
অঁটাই লৈ তাই তাঁততো বহে। এবছৰতে তাই ঘৰৰ পৰ্দা
, বিছনাচাদৰ, গাৰুগিলিপৰ পৰা শহুৰেকৰ
খনিয়া কাপোৰলৈকে ভাগে ভাগে বৈ পেলালে। সোমেশ্বৰক তিয়নি গামোচাৰ পৰা ৰুমাললৈকে বৈ
দিলে। তাৰ কি ফূৰ্তি
! ঘৰলৈ অহা মানুহক দেখুৱাই তত্ নাপায়— “আমা ন ছোৱালীয়ে দিছে চা!
পদ্মেশ্বৰীয়ে নতুনতেই তিলোক কৈছিল— “ককায়েৰ বুলি নেভাবিবিয়েই। পাৰ যদি নিজৰ পো বুলি ভাবিবি আই। একো নেজানে সি! তোক
আমনিও কৰিব। তই দায়
দোষ নধৰিবি। সি তেনেই
অবুজন হৈ থাকিল
তিলোৱে পদ্মেশ্বৰীৰ কথা মানিলে
কেতিয়াবা স্কুলৰ পৰা আহি তাই দেখেহি, সোমেশ্বৰে তাইৰ গাৰুটোতে
মূৰ থৈ সিহঁতৰ পালেঙত টোপনি গৈছে
তাইৰ খঙো উঠে, দুখো লাগে। পাছমুহূৰ্ততে তাইৰ সোমেশ্বৰলৈ মায়া উপজে। হয়, শাহুৱেকে কোৱাৰ দৰেই
শিশু সি
এদিন পিছে ফণিয়ে বুজালে, “ককাইদৌ, ছোৱালীৰ বিছনাত তই নুশুবি। নেপায়। মানুহে বেয়া
বুলিব।
 তায়ো বেয়া পাব!
সোমেশ্বৰে মাটিলৈ চাই চাই শুনি থাকিল। এপাকত সি সুধিলে— “ছোৱালীয়েও বেয়া পাব?”

‘‘
পাবতো। কিয় নেপাব?’’
ফণিয়ে বুজালে। সোমেশ্বৰে কি বুজিলে ফণিয়ে নেজানিলে। কিন্তু
সি তিলোৰ পৰা আঁতৰি আঁতৰি থাকিবলৈ ল
লে। তাই স্কুললৈ যোৱা আগলৈকে সি গৰু এৰাল দিয়া, চেপা পতা, বাঁহ কটা জেওৰাজপনা দিয়া ধৰণৰ খুচুৰাখুচুৰি কামবোৰ কৰি থকা হল। তাই যোৱাৰ পাছত সি
গোবৰ
মাটিৰে ঘৰৰ বেৰ, মজিয়াবোৰ লেপে। চোতালৰ
পৰা নঙলামুখলৈকে দীঘল নাল লগা বাঢ়নীটাঁৰেৰে জাবৰ সাৰে। তাৰ পাছতহে গাটো তিয়ায়
তিলোৰ পৰা সি আঁতৰি ফুৰা বুলি গম পাই ফণিৰো বেয়া লাগিল। কি
কৰিব কি নকৰিব
 ভাবোঁতেই তাৰ বহু দিন পাৰ হল। তিলোৱে খাবলৈ মাতিলে সোমেশ্বৰ যায়। কিন্তু যিমান দিয়ে, সিমানেই খায়। দিয়াখিনি
বেছি হ
লেও খায়, কমিলেও নোখোজে। তিলোৰো
অসহ্য লাগিল
ফণিৰ কথাবোৰে সোমেশ্বৰৰ আঁপইতা মনটোক বাৰুকৈয়ে ঠেহ লগালে। তাকে নিচুকাবলৈ তিলো এদিন স্কুলৰ পৰা হাতত
ফুলৰ ডাল এটা লৈ ঘৰলৈ উভতিল।
 নঙলা খুলিয়েই তাই অত্যুৎসাহী মাতেৰে চিঞৰিলে— “ককাইদৌ চাওকচোন! কিবা এটা আনিছোঁ আপুনি গাঁত খানি দিব লাগিব।
পাণ ছিঙি থকা সোমেশ্বৰ ঢপলিয়াই চোতাললৈ আহে। কি আনিছে তিলোৱে? মাকে কৈছে তাই হেনো অকণমান
মানুহ এটি আনিব। যামিনী বায়েকে অনাৰ লেখিয়া! যদি তাই মানুহ পোৱালিটি আনিছে তেনে
গাঁতটো কিহলৈ
?
এমুখ হাঁহিৰে তিলোৱে সিহঁতৰ কোঠাৰ বাহিৰৰ বেৰখন দেখুৱাই কয়— “এইখন আপুনি মচিলে ন? ব এতিয়া এইখন বেৰ আৰু ধুনীয়া হব। এইডোখৰতে গাঁত খানি দিয়কচোন! ইয়াতে ফুল ৰুম। কি ফুল কওক?’’
সোমেশ্বৰে কোৰ এখনেৰে মাটি খান্দি খান্দি কয়— “কি ফুল নছোৱালী? কি নাম?”
তিলোৱে ধেমালি কৰি কয়— ‘‘নাম তিলো আকৌ!’’
গাঁত খন্দা হয়। তিলোৱে গোলাপৰ ডালটো তাতে গোঁজা
মাৰে। সোমেশ্বৰে সাৰ
, পানী, গোবৰ, জাবৰ অকণেৰে গাঁতটো পূৰাই দিয়ে
এসময়ত ফুলজোপা ফুলিল
ফুলি থকা ফুলজোপালৈ পদ্মেশ্বৰী, ফণি আৰু সোমেশ্বৰে মূৰ
তুলি নেচায়
, চাব নোৱাৰে। ফুল নহয় যেনিবা চমকা চমকে তেজহে বিৰিঙিছে গছজোপাত! ফুলজোপা কিয়, সিহঁতে ইটোৱে সিটোৰ
মুখলৈকো নেচায়।
 ফুলজোপাৰ গাতে লাগি থকা বেৰখন, চোতালখন, ঘৰখনৰ গোটেইবোৰ কোঠা আনকি পদূলিমুখখনো গোবৰ মাটিৰে লেপা হৈছে
সোমেশ্বৰে নহয়, পদ্মেশ্বৰীৰ ভতিজা বোৱাৰীহঁতে
লেপিছেহি। সেইখন চোতালকে গচকি সোমেশ্বৰে ৰঙা চকুৰে নঙলামুখলৈ সঘনাই অহা
যোৱা কৰি থাকে। তিলোৰ স্কুললৈ যোৱাৰ বাটটো চায়। তাই আহিবৰ হৈছে নেকি? ফণিক সোধে। সোমেশ্বৰে
ছটফটাই উঠে। কিয় অহা নাই ন
ছোৱালী?
আজি ন দিনে ঘৰখনত ঢে‍ৰ মানুহ,  ঢেৰ নীৰৱতা৷
তিলো আৰু ফণিৰ বিছনাত অকণমান মানুহ এটি। মানুহটিয়ে চেৰেউফেৰেউকৈ কান্দে। আজিও কান্দিছে।সোমেশ্বৰে
নঙলামুখৰ পৰাই কান্দোন শুনিলে।
 সিও এবাৰত
মুখখন মেলি কান্দিব খুজিলে।
 পাছ মুহূৰ্ততে সি দৌৰ মৰাদি গৈ বিছনাৰ পৰা অকণমানটোক তুলি বুকুত সাবটি ললে। বাজলৈ নুলিওৱা অকণমানটোক কোলাত লৈয়ে সি চোতাল পালেগৈ। তিলোহঁতৰ বেৰৰ বাহিৰৰ
ঠাইকণত ফুলি থকা ফুলবোৰলৈ আঙুলিয়াই সি অকণমানটোক ক
লে— “চাচোন, সেয়া মা! মা! তোৰ মা।
নেকা
ন্ পিতাই নেকান্ মা থাকিব, মা আছেই। নি নি যা পিতাই!
অকণমানটোৰ কান্দি ভাগৰ লাগিছিল। সি তাৰ অৱশ চকুহাল মুদি দিলে। সোমেশ্বৰৰ চকুহালো মুদ খাই আহিছিল
কেইবাৰাতিও সি টোপনি যোৱা নাই। অকণমানটোক কোলাত লৈ সি চোতালতে বহি
সৰ্বশক্তিৰে চিঞৰিলে
— “ঐ নছোৱালী, লৈ গলিগৈ ঔ! চাচোন কোন আহিছে! অকণমান মানুহ এটা। তোক
বিচাৰি ফুৰিছে
, কান্দিছে। ই মোৰ নিচিনাই নছোৱালী। তোক বৰ ভাল পায়।
বৰ ভাল পায়। আই ঔ! ক
লৈ গলিগৈ আই! 
ফণিয়ে কান্দিব পৰা নাছিল। তাৰ বুকুত যেন শিলৰ তৰপ জমা হৈছিল। সোমেশ্বৰৰ চিঞৰটো সি
শুনিলে।
পিছবাৰাণ্ডাৰ মজিয়াতে বহি ফণিয়ে সোমেশ্বৰৰ আৰ্তনাদ শুনি
থাকিল। তাৰ এনে লাগিল
, এইটো চিঞৰে যেন আকাশ ফালি তিলোক নমাই আনিব! আৰু তাইৰ কোলাত কেঁচুৱাকণ তুলি দি
সি ক
— “লৈনো যোৱা হেৰা! ভোক লাগিছে ইয়াৰ! মানুহ মাৰিবা নেকি?”
ফণিয়ে বুজিলে, সি মৰিছে। তিলোৱেই অকলে মৰা নাই। তাকো মাৰি থৈ গৈছে। সোমেশ্বৰকো


শিক্ষয়িত্ৰী,ৰজাপথাৰ তিনিআলি হাইস্কুল
বকলীয়াঘাট ৭৮২৪৮২, কাৰ্বি আংলং
ফোন— ৭০০২৭৯৪২৩৮