আঙুৰ ফুলিছে

 মেঘনা চৌধুৰী

 

      দুৰাতি
তাইৰ ভালকৈ টোপনি নাই৷ অতদিনে মানুহক ভালকৈ শুবলৈ দিয়া সকলো পৰামৰ্শ
, বুজনি,
দৰৱ, প্ৰেছক্ৰিপশ্যনবোৰে মিলি যেন তাইক
ভ্ৰুকুটিহে কৰিছে৷ ৰোগীৰ সৈতে অন্তৰৰ পৰা একাত্ম হ
লেও
কোনোদিন তাই বৃত্তিগত আৰু ব্যক্তিগত জীৱনক একাকাৰ কৰা নাই৷ তাইৰ নিজৰ জীৱনটোতো কোনো
ধৰণৰেই ছন্দপতন নঘটাকৈ চলি আছে৷ অথচ দুদিন ধৰি কিবা এক সংজ্ঞাবিহীন অস্থিৰতাই তাইক
সহজ হৈ থাকিবলৈ দিয়া নাই৷

        ডক্টৰ
পৰিধি
, আৰ য়ু ডেয়াৰ?’           

        হঠাতে
লেপটপৰ পৰ্দাৰ পৰা ভাহি অহা মাতটোত তাই উচপ খালে৷

        ৱেবিনাৰবোৰ
তাইৰ বাবে বৰ আমনিদায়ক৷ বিশেষকৈ যেতিয়া বক্তা নহৈ শ্ৰোতা হ
বলগীয়া
হয়
, তেতিয়াতো তাইৰ কেইবাকাপো কফি শেষ হৈ যায়৷ ভাগ নোলোৱাকৈও থাকিব নোৱাৰি৷ হাজাৰ হওক পৃথিৱীৰ নামজ্বলা চিকিৎসকসকলে সেইবোৰত কথা কয়, গৱেষণা পত্ৰ পঢ়ে, চিন্তা-ভাবনাৰ আদান-প্ৰদানো কৰে৷ এসময়ৰ
চোকা ছাত্ৰী বুলি তাইলৈ শিক্ষকসকলে ৱেবিনাৰবোৰৰ লিংকো পঠিয়ায়৷ ইফালে হস্পিটেল
কৰ্তৃপক্ষয়ো তাইৰ দৰে নতুন চিকিৎসকসকলৰ উত্তৰণ হোৱাটো বিচাৰে৷ আন্তঃৰা
ষ্ট্ৰীয় পৰ্যায়লৈ হস্পিটেলখনক লৈ যাবলৈ হলে চিকিৎসাৰ মান
বৃদ্ধিৰ লগতে চিকিৎসকসকল নতুন নতুন জ্ঞানেৰে সমৃদ্ধ হোৱাটোওতো সময়ৰেই আ
হ্বান৷

        আজি
পিছে আলোচনাত পৰিধিয়েও বক্তা হিচাপে অংশ ল
বলগীয়া আছিল৷ অথচ
ইমানপৰে তাই একাগ্ৰ হৈ শুনি শুনিও বাকীসকলৰ কথাবোৰ অনুধাৱন কৰিবই পৰা নাই৷

        ভেৰি
ছ’ৰি ছাৰ, আই ৱাজ এ বিট ডিছটোৰ্টেড৷

        নিজৰ
অন্যমনস্কতাৰ বাবে তাই পৰ্দাৰ সিপাৰে বহি থকা মানুহখিনিৰ পৰা ক্ষমা খুজিলে৷ লগতে
শাৰিৰীক অসুস্থতাৰ কাৰণ দৰ্শাই আলোচনাত অংশ লোৱাত নিজৰ অপাৰগতা প্ৰকাশ কৰিলে৷

আয়োজকৰ পৰা অনুমতি
পায়ে পৰিধিয়ে লেপটপ সামৰি থৈ কোঠা সংলগ্ন বেলকনিখনলৈ ওলাই গ
ল৷

        সোঁভৰিৰ
তলুৱাখনত আগৰাতিৰ বিন্ধাটোৱে তাইক আমনি কৰি আছিল৷ আন্ধাৰত আঠুৱা দাঙি খপজপকৈ
বিছনাৰ পৰা নামি গা-ধোৱা ঘৰলৈ যাবলৈ লওঁতেই প্ৰচণ্ড বিষ এটাত চিঞৰি দিছিল তাই৷
কেই মুহূৰ্তমান তাই একোকে ধৰিব পৰা নাছিল৷ মৌমাখিটো হাতেৰে এৰুৱাই দলিয়াই দিয়াৰ
পাছতো তীব্ৰ বিন্ধাটোৱে তাইক ৰাতিটো কষ্ট দি থাকিল৷ অথচ তাইৰ হাৱাই চেণ্ডেলযোৰত
পৰি থকা মৌমাখিটোৱে যে আত্মৰক্ষাৰ বাবেহে সেই ৰণকৌশল লৈছিল
, সেয়াও
তাই বুজি পায়৷ দলিয়াই পেলোৱা মৌমাখিটোৰ মৃত্যু হৈছিল৷ ওপজাৰে পৰা তাক সুৰক্ষাৰে আৱৰি
থাকি অৱশেষত
¸ পৰিধিৰ সোঁভৰিৰ তলুৱাত ৰৈ অহা মিহি শুং এডালৰ
মাজতেই সি এৰি আহিছিল নিজৰ প্ৰাণ৷

        বেলকনিত
ৰৈ সমুখলৈ চাওঁতেই দুদিন ধৰি বুকুত লৈ ফুৰা শূন্যতাখিনি এইবাৰ যেন পৰিধিৰ গালে-মুখে বিয়পি পৰিল৷ পুৱা চাহ খাই থাকোঁতেও এবাৰ তাই মৌচাকটোলৈ চাইছিল৷ যোৱা ছমাহ ধৰি
দিনটোৰ ভিন্ন সময়ত বেলকনিৰ পৰা সমুখৰ বট গছজোপাত থিতাপি লোৱা মৌমাখিৰ জাকটোলৈ এনেই
চাই ৰোৱাটো তাইৰ বাবে এটা অভ্যাসত পৰিণত হৈছিল৷ সেই মূহূৰ্তত খালী হৈ ৰৈ যোৱা মৌচাকটো
হঠাতে চকুত পৰাত তাইক উদাসী বতাহ এছাটিয়ে কোবাই গ
ল৷

        লৈ গল বাৰু মৌমাখিজাক?’, পৰিধিয়ে
ভাবিলে৷

      পাকঘৰৰ
ডাষ্টবিনটোৰ প্লাষ্টিক বেগটো সেইদিনা সলোৱা হোৱা নাছিল৷ তাইৰ ভৰিৰ তলুৱাত শুংডাল
এৰি অহা মৌমাখিটোৰ ক্ষুদ্ৰমান মৃত শৰীৰটো এতিয়াও সেই প্লাষ্টিক বেগটোৰ ক
’ৰবাত পৰি আছে৷ সেই মৃতকৰ
কোনো খবৰেই নৰখাকৈ নীৰৱে আঁতৰি গৈছে অতদিনে সি ফুলৰ ৰেণুৰে ভৰাই পেলোৱা এটা মিঠা
চুবুৰী৷

        কৰ্মী
সমাজখনে কেৱল কামহে চিনি পায়৷ কৰ্মীৰ নিজা পৰিচয় তাত অস্তিত্বহীন৷

        মহানগৰীৰ
আগশাৰীৰ হস্পিটেলখনত কাম কৰা দিনৰে পৰা পৰিধিৰো একেই অনুভৱ হয়৷ নিজস্ব বুলি তাত
একো নাই৷ সফলতা অথবা বিফলতা
, যি আছে সকলো সমূহীয়া৷

        বাইলটোত
বাৰ্তা সোমোৱা ন
টিফিকেশ্যন আহিল৷

      দুদিন
ধৰি সুমনৰ পৰা অহা মুঠ পাঁচটা প্ৰশ্ন পৰিধিৰ ৱাটছাপত জমা হৈছে৷ পিছে পৰিধিয়ে এটা
বাৰ্তাৰো উত্তৰ দিব পৰা নাই৷

      সুমনৰ
মাকৰ কাতৰ মাতটো ৰৈ ৰৈ পৰিধিৰ কাণত বাজিছে
, ‘তাই যেনেকৈ থাকিব
বিচাৰে
, যি কৰিব বিচাৰে, আমি একোতেই
আপত্তি নকৰোঁ৷ কিন্তু এই জেডটো কেনেকৈ মানি লওঁ
?’

        পৰিধিয়ে
তেওঁক বুজাবলৈ গৈ নিজেই উজুতি খায়৷ সুমনৰ দেউতাকৰ লগতো তাই দুবাৰমান কথা পাতিছে৷
মানুহজনৰ মাতত ভাগৰৰ চাপ তাই স্পষ্টকৈ শুনে৷

        তুমি
তেওঁলোকৰ শৰীৰৰ পৰা ওপজা সত্তা৷ কথাবোৰ বুজিবলৈ চেষ্টা কৰা সুমন৷ তোমাৰ শৰীৰটোৰ
ক্ষয়-ক্ষতি মা-দেউতাই কেনেকৈ সহিব কোৱাঁচোন
?’ – পৰিধিৰ পৰা
যোৱা এনেবোৰ বাৰ্তাৰ উত্তৰ সুমনে নিদিয়ে৷ দিব নোৱাৰে৷ মাক-দেউতাকে তাইক শৰীৰটো
দিলে বুলিয়েই
, তাত নিজৰ মালিকীস্বত্ত কিয় খটুৱাব? কথাবোৰ ভাবি ভাবি সুমন বিদ্ৰোহী হৈ উঠে৷ অথচ মুম্বাইৰ মনোৰোগ চিকিৎসকৰ পৰা
অনুমতি পত্ৰ পোৱাৰ পাছতো মাক-দেউতাকৰ কৰুণ মুখ দুখনে তাইক ভেটা দি ধৰে৷

        পাঁচ
বছৰীয়া চাকৰি জীৱনত পৰিধিয়ে অনেক ৰোগীক লগ পাইছে৷ সকলোৰে বেলেগ বেলেগ সমস্যা
, পৃথক পৃথক কাহিনী৷ কিন্তু নিজৰ পিতৃ-মাতৃক এটা সিদ্ধান্তৰ প্ৰতি সৈমান কৰোৱাবলৈ অহা ব্যক্তি
সুমনেই প্ৰথম৷ পৰিধিৰ মনত প্ৰশ্ন জাগে
আচলতে ৰোগী কোন?
অবাঞ্চিত বুলি নিজৰ বক্ষযুগল চ্ছিন্ন কৰি পেলাবলৈ ওলোৱা সুমন নামৰ
জৈৱিক ছোৱালীজনী
? নে পুৰুষ চেতনা এখিনিক মাথোঁ নাৰী শৰীৰ
এটাৰে ঢাকি ৰাখিব বিচৰা সেই পিতৃ-মাতৃহাল
?

        কিছুমান
প্ৰশ্নৰ সঠিক উত্তৰ একোটা বিচাৰি পোৱা নাযায়৷

       পৰিধিয়েও
অনুভৱ কৰে
, আচলতে সকলো উত্তৰেই আপেক্ষিক,– ঠিক
ভাল-বেয়া অথবা পায়-নাপায়ৰ সংজ্ঞাৰ দৰে৷

      সুমনে
ছাৰ্ট-পেণ্ট পিন্ধিবলৈ ভাল পায়৷ তাই বিচাৰে এমুখ দাড়িৰে তাইৰ দুগাল ভৰি পৰক৷
জিমলৈ গৈ তাই শৰীৰচৰ্চা কৰিব বিচাৰে৷ কলেজৰ সহপাঠী ৰাধাক চুমা খাবলৈ তাইৰ
হেঁপাহ জাগে৷ তাই অনুভৱ কৰে
, এটা প্ৰচণ্ড ভুলৰ সৈতে
জীৱনটো পাৰ কৰিব নালাগে৷ তাতোকৈ সেই ভুলৰ চিনবোৰ খণ্ড-খণ্ডকৈ দলিয়াই পেলোৱা উচিত৷
সুমনে ভাবে
, শৰীৰ মিছা, সঁচা মাথোঁ
আত্মা৷ সেই আত্মাক উন্মুক্ত কৰিবলৈকে তাই খুলি পেলাব বিচাৰে শৰীৰৰ মিথ্যা
সাজ৷ 

        অতবোৰ
ৰোগীৰ মাজৰ সেই সুমনক দেখিলে পৰিধিৰ কাৰোবালৈ কিয় মনত পৰে
? কিয়
তাইৰ মন যায়
, উভতি যাব পৰা হলে যেন
সকলোকে তাই চিঞৰি চিঞৰি ক
লেহেঁতেন, ‘তেওঁক
এৰি দিয়ক
! নিজৰ মতে থাকিবলৈ দিয়ক!
মানুহজনৰ ওপৰত ইমান জোৰ-জুলুম নকৰিব
!’

        মৌচাকটোলৈ
একান্ত মনে চাই থকা পৰিধিৰ ক্লান্ত চকুহাল পুৰিছিল৷ সুমনৰ মাজত কাৰোবাক বিচাৰি তাইৰ মনটো হঠাতে
কঁপিবলৈ ধৰিলে৷ সুমন নামৰ মানুহগৰাকীক এটা
কেছ ষ্টাডিবনাই ফাইলৰ মাজত বন্দী কৰিবলৈ তাইৰ মন যোৱা নাই৷ বৰঞ্চ সুমনৰ জীৱনৰ
গল্পটোৰ মাজেৰে পৰিধিয়ে অন্বেষণ কৰিব বিচাৰিছে বহু বছৰ আগেয়ে এৰি অহা এমুঠি অবুজ
সময়ৰ৷ যি সময়ৰ হাতত ধৰিয়েই হয়তো এদিন তাই মানুহৰ মনলৈ জুমি চোৱাৰ বাট এটা কাটিবলৈ
বিচাৰিছিল৷ হয়তো মাষ্টাৰ ডিগ্ৰিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সময়ত ছাইকিয়েট্ৰি বাচি
লোৱাৰ আঁৰত এইবোৰ কাৰকেও নীৰৱে কাম কৰি আছিল
! কোনে জানে?

        বেলকনিত
ৰৈ পৰিধিৰ মনত পৰিছে সেই পুহমহীয়া ৰাতিটোলৈ৷

        আঁউসী
পাৰ হোৱা দুদিনমান হৈছিলহে৷ ঘোৰ অন্ধকাৰত গাঁওখন বুৰ গৈ আছিল৷ ৰাতি আইতাক সাধাৰণতে
বাহিৰ ফুৰিবলৈ নাযায়েই৷ পাছফালৰ প্ৰকাণ্ড চোতালখন পাৰ হৈ যুৰীয়া পুখুৰীদুটাৰ
মাজেৰে ঠেক গো-বাটটো৷ সেইখিনি পাৰ হৈও আকৌ কঁঠাল কেইজোপাৰ ছাঁ গছকি গ
লেহে
সৰু পেছাবখানাটো পায়গৈ৷ ৰাতিখন ইমানদূৰ যাবলৈ আইতাকৰ এলাহ লাগে৷ সেয়ে বিছনাত পৰাৰ
আগতেই তেওঁ আজৰি হৈ আহে৷ সেইৰাতি ডাঙৰ মামীয়েকে বিলাহী টকত তেঁতেলীও দিছিল হ
বলা! আইতাকৰ পেটে সেইবিধ সহিব নোৱাৰিছিল৷ সেয়ে হয়তো
মাজৰাতি তেওঁ পেটৰ কামোৰণিত সাৰ পাইছিল৷

        মাক-দেউতাকৰ
লগত চহৰত থকা পৰিধি সেই সময়ত স্কুলৰ বছৰেকীয়া পৰীক্ষা শেষ কৰি মোমায়েকহঁতৰ ঘৰত
আছিলগৈ৷ সেই ৰাতি তাই যেতিয়া সাৰ পাইছিল তেতিয়ালৈ সিহঁতৰ চোতালত এজুম মানুহ গোট
খাইছিলহি৷

        কিমান
দিন যে ক
লোঁ, বোলো এনেকৈ গৃহস্থ ঘৰত
যুৰীয়া পুখুৰী ৰাখিব নাপায়৷ অমংগল হয়৷ দেও-ভূতে পাৰ হৈ যাবলৈ বাট নাপালে ঘৰখনতেই
বাহ লয়৷ নাই
, আমাৰ কথা আৰু কোনে শুনে?

        কোনোবাই
এৰা টিপ্পনীটোত হয়ভৰ দিবলৈ আৰু দুটামান মাত শুনা গ
ল৷

        গোটেই
চুবুৰীটোত হুলস্থূল লাগিছিল৷

        নাই
যি নাই
, মানুহজন নায়েই৷ ঘৰে-বাৰীয়ে বিচাৰি চলাথ কৰাৰ পিছত পুখুৰীৰ
ঢৌবোৰলৈ চাই মানুহবোৰ ইছইছাই উঠিল৷ কিজানিবা আন্ধাৰে মুন্ধাৰে পিছলিয়ে পৰিল
!

        পৰিধিয়ে
বুজিলে
, তাইৰ ককাক হেৰাইছে৷

        সোপাধৰাই
সৰু ল
ৰা-ছোৱালী মোনাত ভৰাই লৈ যায় ধৰণৰ কথাবোৰ বিশ্বাস কৰা বয়সটো
তেতিয়াও তাই পাৰ কৰা নাছিল৷ সেয়ে তাইৰ কণমানি মনটোত ক্ৰিয়া কৰিবলৈ ধৰিছিল নানা
ধৰণৰ আশংকাই।

        পাছফালৰ
বাৰাণ্ডাত থকা কাঠৰ বেঞ্চখনৰ হাতলত ধৰি কান্দি থকা আইতাকক দেখি পৰিধিৰ বুকুখনত
কিহবাই বিন্ধিছিল৷ মোমায়েক-মামীয়েক দুয়োহালে বাহিৰ-ভিতৰ চলাথ কৰিছিল৷ মানুহৰ চিঞৰ
বাখৰত আনকি মামীয়েকহঁতৰ কেঁচুৱা দুটায়ো সাৰ পাই কান্দিবলৈ ধৰিছিল৷

        এনেকৈনো
মানুহ এজন নাই
কিয়া হব পাৰেনে?

        আৰু
ৰৈ থাকি লাভ নহ
ব নেকি! এতিয়া আমিবোৰ
ঘৰাঘৰি যোৱাই মংগল৷ পুৱালৈ থানাতে খবৰটো দিব লাগিব৷ নে কি কোৱা উৎপল
?

        ভিৰৰ
মাজৰ কোনোবাই পৰিধিৰ ডাঙৰ মোমায়েকক পৰামৰ্শ এটা দিয়াৰ আচিলাতে গোটেই মানুহখিনিকে
আচলতে ওলাই যোৱাৰ সুযোগ এটা দিবলৈ বিচাৰিছিল৷ হয়ো হয়৷ এনেকৈ কথা নাই বতৰা নাই সেই পুহমহীয়া
জাৰখনত নিহালি এৰি অহা মানুহবোৰৰ আমনি লগাটোৱেই স্বাভাৱিক৷

        পৰিধিৰ
মোমায়েকে একো মতা নাছিল৷ মাথোঁ দুহাত জোৰ কৰি ৰাইজক যাবলৈ বুলি অনুৰোধ কৰা ভংগী
এটাৰে চোতালৰ মাজত ৰৈ আছিল তেওঁ৷        

        ৰাতি
পুৱাবৰ হৈছিল৷

        তেতিয়ালৈ
মামীয়েকহঁতে কেঁচুৱা শুৱাবৰ বাবে বিছনালৈ উভতি নিজেও টোপনি গৈছিল৷ পিছে কাঠৰ
বেঞ্চখনতে তেতিয়াও বহি আছিল আইতাক৷ ঠাণ্ডা নালাগিবলৈ কোনোবাই মানুহজনীৰ গাত কম্বল
এখন দিছিলহি৷ বাৰাণ্ডাতে মুঢ়া পাৰি বহি আছিল মোমায়েকহঁত৷ মাজে মাজে সৰুজনে
পিতা,
পিতাবুলি চেপাকৈ মাতি হেৰাই যোৱা মানুহজনৰ
অস্তিত্ব বিচাৰি হাহাকাৰ কৰি উঠিছিল৷ আৰু এই সকলোখিনিৰ সাক্ষী হৈ সাৰে আছিল পৰিধি৷
আইতাকৰ কাষতে বেঞ্চখনৰ চুক এটাত বহি তায়ো বাট চাইছিল পোহৰ হোৱালৈ৷ কিজানিবা ৰাতিটো
পুৱালে তাইৰ ককাক ঘূৰি আহেই
!

        বটজোপালৈ
চাই ৰোৱা পৰিধিৰ চকুহালৰ পৰা দুটোপাল পানী বাগৰি আহিল৷ কাহিলি পুৱা চৰাই-চিৰিকটিবোৰ
সাৰ পোৱাৰ আগে-আগে হঠাতে কিবা এটা নঘটিবলগীয়া ঘটনা ঘটি গৈছিল৷ সেই ৰাতিটো
বাৰাণ্ডাত অধীৰ হৈ ৰৈ থকা মানুহখিনিৰ সমুখত ৰৈছিলহি এটা নাৰী অৱয়ব
!
ওখকৈ আটিল চেহেৰাৰ মানুহগৰাকীৰ পিন্ধনত আছিল এযোৰ উঁৱলি যোৱা মেখেলা-চাদৰ
, গাটো আৱৰি ৰাখিবলৈ তেওঁ এড়ী চাদৰ এখন মেৰিয়াই লৈছিল৷ বাৰাণ্ডাত জ্বলি থকা
কম পোহৰৰ
বাল্বটোৱেও জিলিকাই তুলিছিল মানুহগৰাকীৰ কপালৰ
ডগমগীয়া সেন্দূৰৰ ফোঁটটো৷

        সময়
যেন থমকি ৰৈছিল৷

       থৰ
হৈ ৰোৱা আইতাকৰ হাতখনত ধৰি ভয়তে যে তাই বহুপৰ কঁপি আছিল
, সেই
মুহূৰ্তকেইটা পৰিধিৰ মনোজগতত এতিয়াও সজীৱ হৈ আছে৷

        খবৰটো
বিয়পিবলৈ বেছিপৰ লগা নাছিল৷ ৰাতিপুৱালৈ আকৌ ৰাইজ গোট খাইছিল সিহঁতৰ চোতালত৷
বুবু-বাবাবোৰ বাঢ়ি বাঢ়ি এসময়ত খবৰটো আনকি স্থানীয় সংবাদদাতাৰ কলমেৰে বাতৰি কাকতৰ
পৃষ্ঠাতো উঠিছিলগৈ৷

       বুঢ়াটো
এনেকৈ বলিয়া হ
ব লাগেনে? এই বয়সত কিহে
যে লম্ভিলে দেহি
!

       ডেকা
বয়সৰ পৰাই দেখোন মানুহটোৰ গাত কিবা এটা ৰচক আছিলেই৷ এতিয়া চাগে সেইটোৱে মূৰত
ধৰিলেগৈ
!

     হয়
হয়
, আমাৰ মাহঁতৰ মুখেৰে শুনিছোঁ নহয়!
ঘৈণীয়েকৰ লগত বিহুৰ পিঠা পুৰি দিয়ে
, মাছ বাচে, আনকি কেতিয়াবা বোলে চুৱা বাচনো ধুইছিল৷ চাদৰ-মেখেলাযোৰ পিন্ধি লবলৈহে বাকী আছিল, তাকো কৰিলে৷ আই চিকৌ! আমি হলে এইবোৰ কি ঘটিছে একো বুজা নাই দেই৷

        কত
যে কথা
!

      বতাহত
ওপঙি ফুৰা কথাবোৰ যেতিয়া গাঁওখনৰ বাবে কেৱল সময় পাৰ কৰা আহিলালৈ ৰূপান্তৰিত হৈছিল
, তেতিয়ালৈ
পৰিধিৰ মোমায়েকহঁত বেজ
, কবিৰাজ, সত্ৰ,
আইথানত ঘূৰি ঘূৰি ভাগৰি পৰিছিল৷ মানুহজনৰনো হঠাতে কি হল কাৰো হাততে সেই প্ৰশ্নৰ উত্তৰ নাছিল৷

       সেই
ৰাতিটোৰ পাছত মানুহজন ধীৰে-ধীৰে সোমাই পৰিবলৈ ধৰিছিল এখন অদৃশ্য আৱৰণৰ ভিতৰত৷
ঘৰখনৰ পৰা পোৱা আচৰণে তেওঁক ক্ৰমান্বয়ে সকলোৰে পৰা আঁতৰাই নিছিল৷ জীৱনটোত কত যে
যাতনা
! কাক কব তেওঁ? কোনেইবা
পতিয়াব
?

        মানুহজনৰ
মাকে নিজ হাতে বোৱা খনিয়া কাপোৰ
, কপাহী চাদৰ-মেখেলাবোৰ
যেতিয়া বোৱাৰীয়েকৰ হাতত তুলি দিছিল
, তেতিয়া মানুহজন হৈ ৰৈছিল
নীৰৱ দৰ্শক৷ কতদিন যে তেওঁৰ মনত ঘৈণীয়েকৰ জপাৰ মাজত থকা মৃত মাকৰ সেই চিনবোৰ চুই
চাবলৈ হেঁপাহ জাগিছে
! কতদিন মন গৈছে সেইবোৰ মেৰিয়াই মাক মাক
যেন লগা গোন্ধটো উজাই ল
বলৈ৷ কপালত ডাঙৰকৈ সেন্দূৰৰ ফোঁট এটা
লৈ আইনাত মুখখন চাবলৈও তেওঁৰ মন গৈছে৷ অথচ মাথোঁ এষাৰ কথাই তেওঁৰ ভৰি দুখনত
পিন্ধাই থৈছে কাঁইটীয়া এডাল শিকলি
, ‘মানুহে কি ক?’ সেই কাঁইটেৰে ৰক্তাক্ত হোৱা মানুহজনক কোনেও
কাহানিও দেখা নাই৷

       পৰিয়াল-পৰিজনৰ
পৰা আঁতৰি নিজকে এটা কোঠাত আৱদ্ধ কৰি পেলোৱা মানুহজনে সুঁৱৰিছিল এৰি অহা দিনবোৰ৷
ৰাম-বিজয় ভাওনাত সীতা হ
বলৈ কোনে তেওঁক জোৰ কৰিছিল? সেইখন সমাজেই, যিখনৰ বাবে তেওঁ হৈ পৰিছে ঘৃণা আৰু
পুতৌৰ পাত্ৰ৷ কাজী আঙুলিৰে নিয়াৰিকৈ ঘৰুৱা কামত সহায় কৰি দিওঁতে ৰাতি বিছনাত
ঘৈণীয়েকে তেওঁৰ বুকুত চুমা খোৱা নাছিলনে
? জীয়েকৰ বাবে চহৰৰ
পৰা নেইল প
লিছ আৰু ৰঙীণ ফিটা কিনি অনা দেউতাকজনক পাই তায়ো
জানো সুখী হোৱা নাছিল
? চৌখিন দেউতাকে তিনিওটা লৰা-ছোৱালীৰ বাবে কাপোৰ চিলাই দিওঁতে সিহঁতেতো কোনোদিন আপত্তি কৰা নাছিল৷
বৰং মাকক কৈছিল
, ‘পিতায়ে চিলোৱা কাপোৰহে পিন্ধিম৷ তুমি পিতাৰ
নিচিনাকৈ নোৱাৰাঁ মা৷

       সেই
একেজন মানুহে নিজৰ মাকে এৰি যোৱা কাপোৰ এসাজ পিন্ধি চাওঁতেই সকলো তচনচ হৈ গ
ল৷
মানুহৰ ভয়ত সেই ৰাতি তেওঁ লোকৰ বাৰীত লুকাই থাকিল৷ অতদিনে শৰীৰৰ মাজত লুকাই থকা
ছোৱালীজনীক অকণমান সজাই চাওঁতেই অৱশেষত তেওঁ বিছনা ল
বলগীয়া
ল এখন একেবাৰে অচিনাকী ঠাইত৷

        ককাকৰ
কথা ভাবিলে পৰিধিৰ মনত হাজাৰ প্ৰশ্ন জাগে৷ গোটেই জীৱন তেওঁ যে সংসাৰ এখন কৰিলে
, সেয়া
কি আছিল
? সেয়া জানো মিছা? সেয়া জানো
অভিনয়
? নে তেওঁৰ জীৱনটোৱেই আছিল এটা মছিব নোৱৰা ভ্ৰম?

        তেজপুৰৰ
হাস্পতালৰ পৰা মোমায়েকহঁতলৈ হেনো কেইবাখনো চিঠি আহিছিল৷ সেই চিঠিত কি লিখা আছিল
, সেয়া
পৰিধিয়ে নাজানে৷ হয়তো ককাক সুস্থ হৈ উঠিছে বুলি বাৰ্তা দি পৰিয়ালৰ লোকক অনুৰোধ
জনোৱা হৈছিল
, তেওঁক যেন ঘৰলৈ ওভতাই নিয়া হয়৷ কিন্তু
মোমায়েকহঁতে কোনোদিন খবৰ এটা কৰিবলৈকেও যোৱা নাছিল তেজপুৰলৈ৷

        শেষ
বয়সতো সন্তানৰ পৰা মাত এষাৰ নোপোৱাকৈয়ে মানুহজনে এদিন পৃথিৱী এৰিছিল৷

        হুমুনিয়াহ
এটা পৰিধিৰ বুকুৰে পাৰ হৈ গ
ল৷

        খালী
হৈ যোৱা মৌচাক এটা দেখিলেওচোন দুখ অকণমান উজাই আহে৷ তেন্তে এজন জীয়া মানুহ নোহোৱা
হোৱাৰ পাছতো সেইখন ঘৰৰ মানুহবোৰ বাৰু কেনেকৈ আছিল
?

        বাইলৰ
পৰ্দাখন পোহৰাই তাই সময়টো চালে৷ গধূলি আঠ বাজিছে৷ সুমন চাগে জিমৰ পৰা ঘৰলৈ উভতিছে৷
পৰিধিয়ে সুমনৰ বাবে বাৰ্তা এটা লিখিবলৈ ধৰিলে
, ‘জানানে
সুমন
, কিছুদিন আগেয়ে দেখিলোঁ বেল্কনিৰ
টাব এটাত লহপহকৈ পুলি এটা বাঢ়িবলৈ ধৰিছে৷ প্ৰথমতে সেইটো কিহৰনো পুলি ধৰিব
নোৱৰাকৈয়ে সেইটোত পানী দি ডাঙৰ হোৱালৈ বাট চাই থাকিলোঁ৷ লাহে-লাহে সেইটো বাঢ়ি
দুফুটমান ওখ এজোপা গছলৈ সলনি হ
ল৷ আৰু আজি পুৱা  হঠাতে কি দেখিলোঁ জানা? সেই
অচিনাকি গছজোপাত এপাহ ফুল ফুলিছে৷ ফুলপাহ দেখি আচৰিত হ
লোঁ৷
কি যে ধুনীয়া তাৰ ৰং
! একেবাৰে ভিতৰফালে ডাঠ বেঙুনীয়া বৰণটো
পাহিবোৰৰ বাহিৰলৈ ক্ৰমান্বয়ে পাতল হৈ আহিছে৷ ঠিক যেন লেভেণ্ডাৰ ফুল৷ বতাহত
হালিজালি থকা এই ফুলপাহ মই আগেয়ে কেতিয়াও দেখা নাছিলোঁ৷ ফটো এখন তুলি গুগলত
বিচাৰিলোঁ সেই ফুলপাহৰ পৰিচয়৷ তেতিয়াহে গম পালোঁ
, মোৰ
বেলকনিত সেয়া যে আঙুৰ ফুলিছে৷ বহুদিন আগতে বোধহয় ক
লা আঙুৰ
খাই গুটিবোৰ বেলকনিৰ টাবটোত পেলাইছিলোঁ
! এয়া তাৰেই সুন্দৰ
পৰিণতি৷ আমি নেদেখা বস্তুবোৰ হঠাতে দেখিলে আচৰিত হোৱাটো সাধাৰণ কথা৷ কেতিয়াবা
অচিনাকি অথচ কিবা কাৰণত ভাল লাগি যোৱা কিহবাক আমি দলিয়াই পেলাব নোৱাৰোঁ৷ বৰং মই
কৰাৰ দৰে আমি তাক সযতনে ৰাখোঁ৷ তোমাৰ মা-দেউতায়ো তেওঁলোকৰ বাগিচাত ফুলা ফুলপাহ
আগেয়ে দেখা নাছিল৷ সেয়ে হঠাতে দেখি আচৰিত হৈছে৷ কিন্তু সেইপাহক আপদাল নকৰাকৈতো থকা
নাই৷ সেইখিনি আদৰ বহুতেই নাপায় সুমন৷ এতিয়া ফুলপাহ যেনেদৰে আছে তেনেকৈয়ে থাকিবলৈ
দিয়া উচিত৷ ক
লা আঙুৰৰ ফুলপাহত ৰঙা, নীলা
অথবা সেউজীয়া ৰং সানি দিলেও গছজোপাই কিন্তু ফল একেবিধেই দিব৷ ধৰি লোৱাঁচোন
, তোমালোকৰ বাগিচাতো কলা আঙুৰৰ গছ এজোপা গজিছে৷ অথচ
সেইজোপাত কাহানিও ফল নধৰে৷ তথাপি তোমাৰ মা-দেউতাই পৃথিৱীক ক
বলৈ
সংকোচ কৰা নাই যে
, তেওঁলোকৰ ঘৰত আঙুৰ ফুলিছে!

        দীঘলীয়া
বাৰ্তাটো লিখি পৰিধিয়ে সুমনলৈ পঠিয়াই দিলে৷ স্বস্তিৰ উশাহ এটা লৈ তাই পাকঘৰলৈ ফালে
ল৷ কফি একাপ কাঢ়াকৈ বনাই খালে মন আৰু শৰীৰ সতেজ হৈ পৰিব
বুলি তাইৰ ভাব হ
ল৷

        কফিত
সোহা মাৰি পৰিধিয়ে লৈ পেলাইছিল সুমনক দিবলগীয়া পৰামৰ্শটোৰ সিদ্ধান্ত৷ সুমনক তাই
বুজাব
, আত্মাৰ সত্যতা৷ শৰীৰ মাথোঁ এক আৱৰণ, সত্য
মাথোঁ আত্মা৷ আত্মাৰ মাটিত ফুলি উঠা ফুলপাহক আদৰ কৰিব পৰাটোতেই জীয়াই থকাৰ
সাৰ্থকতা৷

        শেষৰটো
সোহা মাৰি পৰিধিয়ে তাইৰ চকুহাল জপাই দিলে৷ যেন মনে মনে ক্ষমা প্ৰাৰ্থনা কিৰলে ককাকৰ ওচৰত৷
এইখিনি কথা তাহানিতে ঘৰৰ মানুহবোৰক কোনোবাই বুজাব পৰা হ
লে
হয়তো তাইৰ ককাকৰ বাবেও জীৱনটো অকণমান সহজ হৈ পৰিলহেঁতেন
!
ককাকে যেন তাইক কাণে কাণে সেইষাৰ কথাকে ক
লেহি!

–––

 

ঠিকনা :

সহকাৰী অধ্যাপক,

লোক সংস্কৃতি গৱেষণা বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়

গোপীনাথ বৰদলৈ নগৰ

গুৱাহাটী – ১৪

email id – meghnagu16@gmail.com

Facebook a/c link : https://www.facebook.com/meghna.choudhury.7/