দিশহাৰা বিশ্বনেতৃত্ব: আমেৰিকা-চীন সংঘাত

সঞ্জীত কুমাৰ বৰদলৈ

আমি এখন মুক্ত পৃথিৱীৰ বাসিন্দা৷ ১৯৯২ চনত সেই সময়ৰ বিত্তমন্ত্ৰী ড° মনমোহন সিঙে আমাৰ দেশত মুক্ত অৰ্থনীতিৰ সূচনা কৰিলে৷ এতিয়া স্বাভাৱিকতে বিশ্বৰ আগশাৰীৰ দেশবোৰৰ
গতিবিধিয়ে আমাৰ দেশকো প্ৰভা
ৱিত কৰে৷ বিশ্বৰ পৰিৰ্তিত গতিবিধিৰ পৰা আমি বিচ্ছিন্ন হব নোৱাৰোঁ৷ অৱশ্যে মুক্ত অৰ্থনীতিৰ আগতো বিশ্বৰ প্ৰেক্ষাপটৰ
পৰা আমি একেবাৰে বিচ্ছিন্ন হৈ থাকিব পৰা নাছিলোঁ৷ দুখনকৈ বিশ্বযুদ্ধ
, শীতল যুদ্ধ আদিৰ দ্বাৰা স্বাভাৱিকতে প্ৰায় সকলো দেশেই
কম
বেছি ৰিমাণে প্ৰভাৱিত হৈছিল৷ তথাপি
এই কথা অৱধাৰিত
যে বিশ্বায়নৰ ফলত গোটেই পৃথিৱীখনেই এটা বিশ্বসম্প্ৰদায়ত
পৰি
ত হৈ পৰিল৷ আমি পৰস্পৰে পৰস্পৰৰ ওচৰত বিভিন্ন
ক্ষেত্ৰত অধিক নিৰ্ভৰশীল হৈ পৰিলোঁ৷ বিশ্বায়নৰ ফলত সমগ্ৰ পৃথিৱী জুৰি এখন মুক্ত আৰু
বৃহৎ বজাৰৰ সৃষ্টি হ
ল৷ স্বাভাৱিকতে বিশ্বৰ আগশাৰীৰ তথা প্ৰভাৱশালী
দেশবোৰে এই বৃহৎ বজাৰ দখলৰ প্ৰতিযোগিতাত নামি পৰিল৷ আমি সকলোৱে জানো বিশ্বৰ এই বৃহৎ
বজাৰখন দখল কৰাৰ ক্ষেত্ৰত আটাইতকৈ আগ বাঢ়ি গ

চীন দেশ৷ বিশ্বৰ প্ৰতিটো প্ৰান্ত চীনৰ সামগ্ৰীৰে ভৰি পৰিল৷ আজিৰ তাৰিখত চীন ২৫ ত্ৰিলিয়ন
ডলাৰৰ অধিক অৰ্থনৈতিক সমৃ
দ্ধি‍ৰে
বিশ্বৰ শীৰ্ষস্থান দখল কৰিবলৈ
সক্ষম হৈছে৷ চীনৰ পি
ছতে ২২ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰে য়ুৰোপীয়ান য়ুনিয়ন দ্বিতীয়
স্থানত আৰু ২০.৫ ত্ৰিলিয়ন ড
লাৰেৰে
তৃতীয় স্থানত আছে আমেৰিকা৷
চীনৰ এই দ্ৰুত বিকাশে স্বাভাৱিকতে আমেৰিকাৰ নিদ্ৰাহৰ
কৰিছে, যিদৰে এটা সময়ত ছ’ভিয়েট য়ুনিয়নে আমেৰিকাক
প্ৰত্যাহ্বান জনাইছিল৷ ৰু

দেশক আমেৰিকাই বিভিন্ন কৌশলেৰে
শীতল যুদ্ধৰ যোগেদি দুৰ্বল কৰিবলৈ সক্ষম হৈছিল৷ কি
ন্তু চীনক আমেৰিকাই কাবু কৰাটো আজিৰ তাৰিখত সহজ নহ
বুলি বিশেষজ্ঞ-বিশ্লেষকসকলে মতপোষণ কৰা দেখা গৈছে৷ গতিকে ইতিমধ্যে আৰম্ভ হোৱা আমেৰিকা-চীনৰ
সংঘাতে সমগ্ৰ বিশ্ব সম্প্ৰদায়ক চিন্তিত আৰু উ
দ্বিগ্ন কৰি তুলিছে৷ কাৰ
এই দুই মহৰ মাজত ভাৰতৰ দৰে দেশবোৰ বিৰিণাৰ দৰে বিপদত পৰিব বুলি আশংকা কৰা হৈছে৷

বিশ্বৰ ৮৬% লোকে বৰ্তমান বিশ্বত উপযুক্ত
বিশ্ব নেতাৰ অভাৱ বুলি মতপোষণ কৰিছে৷

বিশ্ব অৰ্থনৈতিক সংস্থা (World Economic Forum)-ৰ এক বিশেষ সমীক্ষাত এই কথা প্ৰকাশ পাইছে৷
বিশ্ববাসীক সমতা
, ভাতৃত্ববোধৰ আধাৰত শান্তি, প্ৰগতিৰ দিশত আগুৱাই নিব পৰাকৈ বিশ্ব নেতাৰ অভাৱে আমাক
চিন্তিত কৰি তুলিছে৷ তাতোকৈ
ডাঙৰ কথাটো হল—
বিশ্বপ্ৰকৃতি তথা পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো আমাৰ বিশ্বনেতৃত্ব প্ৰায় উদাসীন
বুলি ক
ব পাৰি৷ যাৰ বাবে আমাৰ বিনন্দীয়া পৃথিৱী
নামৰ গ্ৰহটো আজি বিপদাপন্ন হৈ পৰিছে৷ এইদৰে যদি প্ৰকৃতি
ধ্বংস হৈ থাকে, তেন্তে অতি সোনকালে আমাৰ গ্ৰহটো জীৱকুলৰ
বাবে বসবাসৰ অ
নুপযোগী হৈ পৰিব৷

শেহতীয়া কভিড১৯ ভাইৰাছে আমাৰ পৃথিৱীখনৰ সকলো সমীকৰণ ওলটপালট কৰি পেলাইছে৷ পৃথিৱীখন এতিয়া আগৰ দৰে হৈ থকা নাই৷
ভাইৰাছে বিশ্বৰ শক্তিশালী দেশবোৰকো জুৰুলা কৰি পেলালে
, আমাৰ দৰে দেশৰতো
কথাই নাই৷ আমাৰ দৰে দেশবোৰলৈ ভাইৰাছে যি হাৰত অৰ্থনৈতিক বিপৰ্যয় আনিলে, তাৰ পৰা আমি কি দৰে, আৰু কেতিয়া মুক্ত হব পাৰোঁ, সেই কথা এতিয়াও কব পৰা অৱস্থাত নাই৷ বিশ্বৰ আগশাৰীৰ দেশবোৰৰ
মাজৰ জীয় পলিটিক্স সলনি হ
ব বা হৈছে৷ বিশ্বৰ বহু চিন্তাবিদে কৰনা ভাইৰাছে বিশ্বৰ গতিপথ সলনি কৰিব বুলি কৈছে৷ ভাইৰাছে
বিশ্বসম্প্ৰদায়ক কোন দিশে লৈ যাব সেই কথা সময়ত প্ৰমাণিত হ
ব৷
শেহতীয়াকৈ তুৰস্কৰ ১৫০০ বছৰ
পুৰণা হাগিয়া
ছ’ফিয়া যাদুঘৰক মছজিদ হিচাপে মুকলি কৰা হৈছে৷
য়ুনেস্ক
দ্বাৰা
  বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃত হাগিয়া
ছ’ফিয়া আৰম্ভণিতে ৰক্ষণশীল খ্ৰীষ্টিয়ানসকলৰ উপাসনাস্থলী আছিল৷ তাৰ পাত ৯০০ বছৰ মছজিদ হিচাপে পৰিচিত তথা ব্যৱহৃত হৈ আহিছিল৷
পৰ
ৰ্তী সময়ত তুৰস্কৰ মহান নেতা কামাল পাছাই
য়ুৰোপীয় দৃষ্টিভংগীৰ পোষকতা কৰি দেশৰ শাসন ব্যৱস্থাৰ
পৰা ধৰ্মক
দূৰত ৰাখি তথা ধৰ্মনিৰপেক্ষ সমাজ গঢ়াৰ মানসেৰে
ঐতিহাসিক হাগিয়া
ছ’ফিয়াক মছজিদৰ সলনি যাদুঘৰ হিচাপে গঢ়ি তোলে৷
আৰৱী ৱাহাবী পন্থাৰ অনুগামী বিশ্বৰ ক
ট্টৰ ইছলামিক দেশসমূহৰ বিপৰীতে কামাল পাছাৰ নেতৃত্বত তুৰস্কই (যত ৯৮% নাগৰিক ইলাম
ধৰ্মাৱলম্বী) যি উদাৰ
  ধৰ্মনিৰপেক্ষ নজিৰ
দাঙি ধৰি দোপতদোপে উন্নতি কৰিবলৈ সক্ষম হৈছিল
, সিয়ে বিশ্বৰ শান্তিপ্ৰিয় আৰু ধৰ্মনিৰপেক্ষ লোকক সকাহ আৰু উৎসাহ প্ৰদান কৰিছিল৷
তেনে স্থলত তুৰস্কৰ শেহতীয়া আৱহাৱা
পৰিৰ্তন তাৎপৰ্যপূৰ্ণ৷ একেদৰে ইজৰাইলৰ চৰকাৰী টেলিভিছনত অযোধ্যাৰ ভূমিপূজনৰ লাইভ সম্প্ৰচাৰ, নিউয়ৰ্ক টাইম্‌ছ স্কোৱাৰত মন্দিৰৰ ভূমিপূজনৰ বিশাল হৰ্ডিং
কম তাৎপৰ্যপূৰ্ণ কথা নহয়৷ চীনৰ ৰাষ্ট্ৰপতিয়ে আজীৱন সেই দেশৰ ৰাষ্ট্ৰপতি
হোৱাৰ ব্যৱস্থা কৰিলে৷ ৰা
ছিয়াৰ মুৰব্বী পুটিনেও ২০৩৬লৈ ৰাষ্ট্ৰপতি হৈ থকাৰ ব্যৱস্থা কৰিলে৷ আমাৰ দেশটো অদূৰ ভৱিষ্যতে তেনে হোৱাৰ সম্ভাৱনাৰ কথা বহুতে মুকলিকৈ
প্ৰকাশ কৰিছে৷ গতিকে অ
দূৰ ভৱিষ্যতে বিশ্ব নেতৃত্ব একনায়কত্ববাদৰ
ফালে গতি কৰাৰ সম্ভাৱনাক একেবাৰে নুই কৰিব নোৱাৰি৷


ইতিমধ্যে উল্লেখ কৰা চীন-আমেৰিকা
সংঘাতে আমাক অস্বস্তিত পেলাইছে৷ আমেৰিকাৰ আৰ্থিক অৱস্থাক কৰ
নাই বিধ্বস্ত কৰিলে৷ এই
সুযোগ চীনে ল
ব খুজিছে৷ সেয়ে চীনে  পৰিকল্পিতভাৱে আমেৰিকাৰ বন্ধু বা আমেৰিকাৰ সহযোগী দেশবোৰক বিভিন্ন প্ৰকাৰে অসুবিধাত পেলাবলৈ
যত্ন কৰিছে৷ কাৰ
চীনে ভালদৰে জানে আমেৰিকাৰ সহযোগকাৰী  দেশবোৰক বিভিন্ন প্ৰকাৰে চাপত ৰাখিব পাৰিলে আমেৰিকা
অকলশৰীয়া
  হৈ পৰিব৷ সেই কুটিল ৰণনীতিৰ অংশ হিচাপে ভাৰতৰ
লাডাখত
, হংক, টাইৱান, জাপান, অষ্ট্ৰেলিয়া আদিত চীনে
নিজৰ দাদাগিৰী আৰম্ভ কৰি দিছে৷ ৰা
ছিয়াৰ পুটিনে ইতিমধ্যে
আমেৰিকাৰ পৰা
আঁতৰি পৰোক্ষভাৱে চীনৰ ওচৰ চাপিছে৷ অৰ্থাৎ
চীন-আমেৰিকাৰ ক্ৰমবৰ্ধমান উত্তেজনা
পূৰ্ণ পৰিস্থিতিয়ে  বিশ্ব সম্প্ৰদায়ক দুটা শিৱিৰত বিভক্ত কৰিব ধৰিছে৷ উল্লেখযোগ্য  যে এই প্ৰেক্ষাপটত
আমেৰিকাৰ সমাগত নিৰ্বাচন বেচ গুৰুত্ব
পূৰ্ণ হিচাপে বিবেচিত  ব৷ আমেৰিকাই ইতিমধ্যে WHO-ৰ পৰা আঁতৰি অহাৰ কথা কৈছে৷ NATO-ৰ সতেও থেৰোঁগেৰোঁ
মনোভাৱ লোৱা দেখা গৈছে৷
G-20ৰ অধি‍ৱেশনো পাতিব পৰা নাই৷ আমেৰিকাই  বহু
আগতেই প
ৰি‍ৱেশ সম্পৰ্কীয় পেৰিছ চুক্তিৰ পৰা নিজক আঁতৰাই ৰাখিছিল৷ এনে বহু প্ৰসংগই  বৰ্তমান বিশ্বৰ অস্থিৰতাকে প্ৰতিপন্ন কৰে৷

কৰনাক্ৰান্ত
সময়ে বিশ্বৰ প্ৰায় ২০০ নিযুত লোকক সংস্থাপনহীন কৰিলে৷ ১১৬ নিযুত লোকক
ৰিদ্ৰতাৰ কবলত পেলালে৷ ইয়াৰে ৭১ নিযুত অতি দৰিদ্ৰ (Extreme poverty)৷ ইতিমধ্যে বিশ্বৰ মাত্ৰ কেইজনমান পুঁজিপতিয়ে  বিশ্বৰ
বেছিভাগ সম্পদ আহৰ
কৰিবলৈ সক্ষম হৈছে৷ এনে স্পৰ্শকাতৰ আৰু জটিল
পৰিস্থিতি শক্তিশালী আৰু মানৱদৰদী বিশ্বনেতৃত্বৰ প্ৰয়োজন আহি পৰিছে৷ কিন্ত দুৰ্ভাগ্য
আৰু চিন্তনীয় কথা
এয়ে যে তেনে স্বপ্নদ্ৰষ্টা আৰু মানৱদৰদী বিশ্বনেতৃত্ব
আমি এই মুহূৰ্তত দেখিবলৈ পোৱা নাই৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ
সক্ষম হৈছিল সেই সময়ৰ ৰুজভেল্ট
,
চাৰ্চিল আৰু জৱাহৰলাল নেহেৰুৰ
দৰে নেতৃত্বই৷ উক্ত তিনিগৰাকী নেতাকে আ
ৰ্নল্ড টয়নবীয়ে
তেওঁৰ জীৱন কালত দেখা শ্ৰেষ্ঠ নেতা বুলি কৈছিল৷ বহুতে ক

খোজে ক
ভিড১৯
ভাইৰাছে আমাৰ বিশ্বত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে
অৰ্থাৎ এয়া যেন তৃতীয় বিশ্বযুদ্ধ৷ এনে জটিল আৰু তীব্ৰ প্ৰত্যাহ্বানমূলক সময়ক আমি অতিক্ৰম কৰিব পাৰিব লাগিব৷ সেইটো সম্ভৱ
ব সবল নেতৃত্ব আৰু বিশ্বৰ চিন্তানায়কসকলে
লোৱা উপযুক্ত
ভূমিকাৰ দ্বাৰা৷

লেখকৰ ঠিকনা:

ই-মেইল: Sanjitbordoloi16@gmail.com

ভ্ৰাম্যভাষ: ৯৮৫৪৬০৪৩৬৬