অথ বণিক-সম্বাদ

ড° খগেশ সেন ডেকা 

(সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে) 
একালৰ এটি গুপুত কাহিনী৷ এজন
দোকানী আছিল
, গেলামালৰ দোকানী৷
ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান৷
দোকানীজন আছিল বিৰাট বপুৰ৷ মধ্যদেশ ভীমকায়
, মস্ত শকত-আৱত, থুলন্তৰ চেহেৰাৰ৷ দোকানখনৰ নাম যদিও গণকৰ হতুৱাই গণনা কৰি লখিমী ভাণ্ডাৰ ৰখা হৈছিল, সকলোৰে মুখে মুখে কিন্তু সি পেটলাৰ দোকানহিচাপে সেই ঠাইত ফেমা হৈ পৰিছিল৷ হওঁতে
দোকানীজনৰ ভাল নাম এটা আছিল

চক্ৰধৰ, চক্ৰধৰ তালুকদাৰ৷ পিছে থাকিলে
ব কি? আছে গৰু নাবায় হাল, থকাতকৈ৷ গতিকে কালৰ কুটিল
গতিত তাৰ অৰিজিনেল নামটোৰ জেগাত ডুপ্লিকে
ট ফিটিং হল আৰু দোকানীও চক্ৰধৰ গুচি
পেটলা হিচাপে সেই ঠাইত জনাজাত হৈ পৰিল পেটলা৷
চক্ৰধৰ ওৰফে পেটলা দোকানী
আছিল আমাৰ ভাৰতবৰ্ষৰ  তেত্ৰি
কৌটি দেৱতাৰ একান্ত
ভকত৷ তাৰ অন্তৰত ভকতি ৰসে ইতিমধ্যে জুলীয়া
গুৰে‍ কলহৰ তলিত দানা বন্ধাদি গোট
মাৰিছিল৷ পেটলা ওৰফে চক্ৰধৰ দোকানী কায়-মনো-বাক্যে নিশ্চিত আছিল যে
একান্ত ভকতসৱে’-হে ইহ জগতত ধন-ধান, সা-সম্পত্তি ঘটি ইহকাল-পৰকাল
উভয়তে সুখে-সন্তোষে দিন বিতাব পাৰে৷ কিন্তু
পূৰা তেত্ৰি কৌটিজনক একে ঠাইত
ৰখাটোতো সম্ভৱ নহয়৷ গতিকে
,
সি
তেত্ৰি

কৌটিৰ মাজৰ পৰা নিজস্ব পদ্ধতিৰ লটাৰীৰে দুজনাক
ছিলেক্ট্ কৰি দোকানৰ এচুকত
সুন্দৰকৈ বহুৱাই ৰাখিছে৷ সেই দুজনা দৈনিক পূজা-সেৱা পোৱা ভাগ্যৱান-ভাগ্যৱতী
দেৱ-দেৱী হ
(১) হেমৱন্ত-মেনকাৰ জীয়াৰী আই
পাৰ্ৱতী আৰু ভঙুৱা মহাদেৱৰ বৰপুত্ৰ হস্তীমুণ্ডযুক্ত শ্ৰীমান গণেশ আৰু 
(২) জগতৰ সকলো ধন-সম্পত্তিৰ
মালিকনী শ্ৰীযুতা লখিমী দেৱী৷ পেটলাই তাতে পুৱা-গধূলি দুবাৰকৈ দৈনিক চাকি-বন্তি
জ্বলাই
, ধূপ-ধূনাৰে ধূম্ৰজাল
তৈয়াৰ কৰি
, টিলিঙা বজাই দুয়োকে
পূজা-অৰ্চনা কৰি অঁটাইহে দগা-পাল্লাত হাত লগায়৷ সেই পৰত গ্ৰাহক আহিলেও পেটলাৰ
ৰেডিমে

উত্তৰ
— ‘‘অলপ পাছত আহিবি যা৷’’ উপায় নাই৷ পেটলাৰ
শ্ৰীমুখৰ বচন মানি লোৱাৰ বাহিৰে অন্যোপায় নাই৷ কাৰণ সেই ঠাইত তেনে দোকান
দ্বিতীয়খন পাবলৈ নাই৷ নহ
লে দহ মাইল আঁতৰৰ সৰু
টাউনখনলৈ যাব লাগিব৷ হওক তেও
,
এতিয়া
যেনিবা ইমাৰ্জেন্সিত লাগ বুলিলেই গেছৰ বা
ৰ্নাৰত চৰুটো উঠায়ো দৌৰ মাৰি
দাইলকণ
, তেলটোপা আনিব পৰা
গৈছে৷ নহ
লে তাৰো মুদা
মৰিলহেঁতেন৷ (মই চিকিৎসাজনিত কাৰণত কলকাতাত থকা কালত
, মুকুন্দপুৰ বজাৰত ঠিক পেটলা টাইপৰ ভকতিত নিমগ্ন এগৰাকী
গেলামালৰ দোকানীক পাইছিলোঁ৷ সন্ধিয়া পৰত পেটলাৰ দৰে সিজনাৰো ৰেডিমে
ড উত্তৰ এটা ওঁঠত
লাগিয়ে থাকে
— ‘‘একটু পৰে আসুন’’৷ গ্ৰাহকৰ উপায় নাই৷
কাৰণ কেতবোৰ বিশেষ সামগ্ৰী গোটেই বজাৰখনৰ ভিতৰত অকল
একটু পৰে আসুন’-ৰ দোকানতহে পোৱা যায়৷) 
পেটলাৰ মাল জোখাৰ কিটিপটো
কিন্তু শলাগিবলগীয়া৷ সেই দোকানৰ মাল আনি আপুনি যদি ঘৰত জোখে তেন্তে মই গেৰাণ্টি দি
ব পাৰোঁ কেজি মুখে কমচে কম
এশ/ডেৰশ গ্ৰাম কম পাবই৷ (কথাষাৰ মনে মনেহে কৈ থ
লোঁ৷ আনক কোৱা নিষেধ৷ নহলে গৰবৰ হৈ যাব৷ গতিকে প্লিজ…)৷ আচলতে পেটলা দোকানীৰ হাতত
এটুকুৰা চুম্বক থাকে৷ মাল জোখাৰ সময়ত হাতৰ টিপতে সেইবিধ চীজ মাল তোলা পাল্লাখনৰ
তলফালে লগাই দিয়ে৷ পেটলাই আৰু এটা কাম কৰে মিঠাতেলৰ চোক বঢ়াবলৈ তাত কিছু পিঁয়াজৰ
ৰস মিলাই থয়৷ তেল বিচৰা গ্ৰাহকৰ চকুত বা নাকত সুযোগ বুজি লগাই দি সেই তেল যে
একেবাৰে খাঁটি
,
সেই কথা এলজেব্ৰাৰ ফৰ্মূলাৰ দৰে হেন্স প্ৰু
ভ্‌ড বুলি প্ৰসংগ-সংগতি দৰ্শাই
ব্যাখ্যা কৰি বুজাই দিয়ে৷
বয়-বস্তুৰ আলাই-আথানি পেটলাৰ
মুচলুমেও সহ্য নহয়৷ এই যে আমি চাহ কৰি উঠি সিজোৱা চাহপাতবোৰ পেলাই দিওঁ
, পেটলাই কিন্তু তেনে অপব্যয়
কেতিয়াও নকৰে৷ সি আগতে ব্যৱহাৰ কৰা চাহপাতবোৰ ৰ
দত সুন্দৰকৈ শুকুৱাই নতুন চাহপাতৰ সৈতে ৰিমিক্স কৰি থয়৷
একেবাৰে মহাপুৰুষীয়া কাৰবাৰ
,
আমাৰ
দৰে পথালিচকুৱা নৰ
মনিচে তাৰ কি ভু পাম৷ তাতে যুগটোৱেই হৈছে ৰিমিক্সৰ যুগ৷ এনে আৰু বহু কাহিনী
আছে৷ সেইবোৰ নোকোৱাই ভাল৷ বুজোঁতাই নিশ্চয় বুজিছেই৷ মুঠতে পেটলাই শাস্ত্ৰত বৰ্ণিত
অজামিল উপাখ্যানৰ ফৰ্মূলা বাস্তৱত পূৰাদমে এপ্লাই কৰি চলে৷ সেই যে গোটেই জীৱন
দুষ্কৰ্ম কৰিও মৰাৰ পৰত যমদূতক দেখি ভয়ত সৰু পুতেক নাৰায়ণক চিঞৰি চিঞৰি মাতোঁতে
বিষ্ণুদূত আহি ভি ভি আই পি-ৰ দৰে সসন্মানেৰে বাটত কোনো ট্ৰেফিক জেম নোহোৱাকৈ জীৱটো
নি চিধাই বৈকুণ্ঠ পুৰী পৌঁছাই দিছিল
, সেইজনা মহান পুৰুষ অজামিলৰ কথা কৈছোঁ৷ গতিকে পাপ নহয়,
একেবাৰে
মহাপাপ কৰক
, তাত একো হানি নহয়৷
মাত্ৰ মাজে মধ্যে ভগৱানকো পূজা কৰক
, বচ্  বৈকুণ্ঠ ভৱন নহলেও অন্ততঃ সৰগধাম পাই যাব’’— এই কথাত পেটলাই একান্তভাৱে
বিশ্বাস কৰিছিল৷
পিছে পৃথিৱীৰ জীৱকুলৰ যি গতি
হয়
, পেটলাৰো এদিন সেই দশা হল৷ কিছু দিন বেমাৰ ভুগি এদিন কালসন্ধ্যাৰ
পৰত পেটলা ওৰফে চক্ৰধৰ তালু
দাৰ দোকানীয়ে ইহলীলা সম্বৰণ কৰিলে৷ এতিয়া আহিল পৰলোকৰ কথা৷
গোটেই জীৱন জুৰি অতগাল পুইণ আৰ্জি থৈছে যেতিয়া জীৱটো নিবলৈ স্বাভাৱিক কাৰণতে সৰগৰ
পৰা এখন সুসজ্জিত দিব্য বিমান তিনিজনা ভুবন
ভুলোৱা ৰূপেৰে জাতিষ্কাৰ
দেৱদূতসহ উপস্থিত হ
ল আৰু পেটলাৰ জীউটো
ওপৰেৰে উৰুৱাই নি এক্কেবাৰে চিধাই সেই চাৰিআলিটো পালেগৈ
,  ৰ পৰা সৰগ, নৰক, মৰত আৰু মহাৰাজ যমৰ ৰাজধানীলৈ যাব পাৰি৷ সৰগৰ পৰা আকৌ পোনে
পোনে এটা বাট বৈকুণ্ঠলৈ গৈছে৷ সি যি কি নহওক
, চাৰিআলিটোলৈ যোৱাৰ বাটত পাপী জীউবোৰে প্ৰথমে এখন বৰ ভয়ানক
নদী পাৰ হ
ব লাগে৷ শাস্ত্ৰত
পোৱা মতে প্ৰবল সোঁতেৰে প্ৰৱহমান সেই নদীখনৰ নাম বৈতৰণী৷ নদীখন হিংসুক জলচৰেৰে
ভৰা৷ মৰতত পুণ্য নামৰ চীজবিধ অৰ্জন কৰা জীৱক যিহেতু আকাশ-মাৰ্গেৰে হেলিকপ্তাৰেৰে
নিয়া হয়
, এতেকে তেনেবিধ জীৱই
সেই নদী সাঁতুৰি পাৰ হোৱাৰ কুৱেশ্বন দাজ্ নট্ এৰাইজ্৷ মুঠতে যিটো চাৰিআলিত পেটলাৰ
জীউ লৈ দেৱদূতকেইজনে বিমানখন ৰখালে
, তাৰে পৰা পাপ-পুইণৰ বিচাৰভেদে জীৱবোৰক সৰগ বা নৰকলৈ পঠিওৱা নিয়ম৷ দেৱদূতকেইজনে
বিমানখন হেলিপেডত ৰাখি চাহ-পানী খাই ভাগৰ পলুওৱাৰ চিন্তা কৰোঁতেই 
ভয়ংকৰ তিনি গোটা যমদূত আগে ভৈলা উপগত৷ যমদূতৰ ভাষ্য হল পেটলা দোকানী মহাপাপী৷
গতিকে তাৰ নৰক গতি হ
, বই লাগিব৷ এয়া মহাৰাজ যমৰ ৰিভাইজ্‌ড অৰ্ডাৰ, আৰ্জেণ্ট হুকুম৷ সেই হুকুম
অৱশ্য পালনীয়৷ তাৰ হেৰফেৰ হ
ব নোৱাৰিব৷ কিন্তু
কথাটো হ
, শ্ৰীযুত গণেশ আৰু আই লখিমীৰ
পূজা-সেৱাৰ জৰিয়তে অত দিনে আৰ্জি অহা পুইণ বস্তু মুহূৰ্ততে কিদৰে শূইনত বিলীন হ
? স্বাভাৱিকতে দোকানীৰ মনত উদয় হোৱা সি এক লাখটকীয়া প্ৰশ্ন!
হয়োতো
, এয়া কিদৰে সম্ভৱ!
দেৱদূত-যমদূতৰ মানত অৱশ্যে অৰ্ডাৰ ইজ অৰ্ডাৰ৷ পিছে ঘাই শাক মৰলীয়া ৷ আচল ৰহস্য ক
ৰবাত৷
সকলোৱে জানে যে, যমৰজাৰ এজনা একাউণ্টেণ্ট, মানে হিচাপৰক্ষী বিষয়া আছে৷
নাম তেওঁৰ চিত্ৰগুপ্ত৷ তেওঁ কেইবাজনো এ
ছি‍ছ্‌টেণ্টৰ সহায়ত সেই অফিচটো নিয়াৰিকৈ চলায়৷ সমুখত
তৰ্জু আৰু হিচাপৰ খাতা এখন লৈ তেওঁ মহামহিম যম মহোদয়ৰ ওচৰত বহি মৰতৰ জীৱকুলৰ
পাপ-পুণ্যৰ হিচাপ তৰ্জুখনত ওজন কৰাৰ উপৰি এ
ছিছ্‌টেণ্টকেইজনে ফাইলত দাখিল কৰা
অন্তিম হিচাপ খাতাখনত লিখি ৰাখে৷ বেচেৰাৰ কিন্তু ব্যস্ততাৰ অন্ত নাই৷ আমাৰ মৰতৰ
চৰকাৰী পা-পইচাৰ হিচাপ ৰখা এচাম একা
উণ্টেণ্টৰ দৰে কামত ফাঁকি দিয়া বা তলপাকে ধন লৈ
টকা-পইচাৰ
ছিক্সটি-ফৰ্টি
কৰা কাৰবাৰ তাত নচলে৷ গতিকে হিচাপ আৰু তৰ্জুৱে পাপী বুলি ক
লে জীৱক নৰকলৈ আৰু পুইণৰ ভৰ
অধিক হ
লে দেৱলোকলৈ পঠিওৱাৰ
বাবে তেওঁ যমৰ ওচৰত ইতিমধ্যে পুট-আপ হোৱা ফাইলটোত চহী কৰি দাখিল কৰে৷ মৃত্যুৰাজ যম
মহাৰাজে চিত্ৰগুপ্তৰ হিচাপ অনুসাৰে কোন জীৱক নৰকলৈ নিব আৰু কোন জীৱক সৰগলৈ নিব তাৰ
অৰ্ডাৰ পাছ কৰে৷ অত দিনে তেনেকৈয়ে চলি আহিছে৷ পেটলা দোকানীৰ ক্ষেত্ৰত কিন্তু
চিত্ৰগুপ্তৰ ভুলক্ৰমে এটা ডাঙৰ মি
ছ্‌টেইক হৈ গল৷ তৰ্জুৰ বিজুতিৰ ফলত হোৱা ফেৰৰ হেৰ-ফেৰৰ বাবে তাৰ পুইণৰ ভৰ বেছি হল৷ গতিকে, সেই হিচাপ অনুসাৰে পেটলাৰ
জীৱটো সৰগলৈ নিয়াৰ বাবে অৰ্ডাৰ পাছ কৰি দেৱদূতক ব্যৱস্থা ল
বলৈ পঠিয়াই দিলে৷ গল কথা গুচিল৷ কিন্তু কিছু
পাছত চিত্ৰগুপ্তৰ অফিচৰ জুনিয়ৰ এ
ছি‍ছ্‌টেণ্ট এজনে ভুলটো ধৰা পেলালে৷ চিত্ৰগুপ্তই ততালিকে খাতা চেক
কৰি দেখিলে কথা বিষম৷ পেটলা দোকানীৰ পুণ্যতকৈ দেখোন পাপৰ মাত্ৰাহে বেছি৷ গতিকে
ইমিডিয়েট ৰিভাই
জ্‌ড এণ্ড আৰ্জেণ্ট অৰ্ডাৰ পাছ কৰাই মহাৰাজ যমৰ হতুৱাই যমদূতক তলব কৰি দোকানীৰ
জীউটো নৰকলৈ পঠিওৱাৰ দিহা কৰা হ
ল৷ সেই মৰ্মে যমদূতে
গৈ দেৱদূতৰ সৈতে পেটলাৰ জী
উটোক চাৰিআলিটোতে লগ পালে৷ দেৱদূতকেইজনে যমৰজাৰ আৰ্জেণ্ট
অৰ্ডাৰটো পঢ়ি তৎকালেই পেটলাৰ জী
উটো যমদূতক হেণ্ড অভাৰ কৰিলে৷ পেটলাই দেখিলে কথা বিষম৷ সি লাহেকৈ মাত লগালে— ‘‘ছাৰসকল,
যি হৈছে
হৈছে দিয়ক৷ মোক আপোনাসৱে ইয়াতেই এৰি দিয়ক৷ এইটো চাৰিআলি যেতিয়া মই সৰগ
, নৰক, মৰত সকলো দিশৰ গ্ৰাহক পাম৷ গতিকে মোৰ দোকানখন উঠাই আনি
ইয়াতে বহাই লওঁ৷ আপোনালোক আটাইকেইজনকে সদায়ে মই ফ্ৰী ৰেছনৰ যোগান ধৰিম৷
’’
পিছে হব কি? যমৰ নগৰত মৰতৰ দৰে অনীতি, দুৰ্নীতি আদি যে নচলে৷ গতিকে পুনৰ মুচিক ভৱ৷ নিয়ম নিয়মেই৷
তাৰ এচিকুটো ইফাল-সিফাল হ
ব নোৱাৰে৷ গতিকে
পেটলা দোকানীৰ ভি ভি আই পি-ৰ মৰ্যাদা তৎকালে কৰ্তন কৰা হ
ল আৰু তাক নি বৈতৰণী নদীৰ সিটো পাৰত থৈ অহা হল৷ প্ৰথমে সি গৰু বা আন কিবা
জন্তুৰ নেজত ধৰি সাঁতুৰি নৈখন পাৰ হ
ব লাগিব৷ তাৰ পাছত তাক নৰকলৈ নি পাপ অনুসাৰে শাস্তি দিয়া হব৷ আগতেই কৈছোঁ নদীখন আকৌ
ঘঁৰিয়ালকে ধৰি অসংখ্য হিংস্ৰ জলচৰ জীৱৰে ভৰা৷ পেটলা ভয়ত পেপুৱা লাগিল৷ কাষত যমদূতৰ
গোঁজৰ
ণি