ড° প্ৰাণজিৎ বৰা
‘‘কণ্ঠত যাৰ সুৰ নাই, অথচ কাণত আছে’’ বুলি কোৱা কবিয়ে যেতিয়া গীত লিখেঅথবা ‘‘সুৰৰ পৰশে তাক গান কৰি নেলাগে
তুলিব’’ বুলি কৈও যেতিয়া এটাৰ
পাছত এটাকৈ লিখিয়েই
যায়, তেওঁ আৰু কবি হৈ নাথাকে। তেওঁ হয়তো ক’ব পাৰে,
গান
বুলি লিখাবোৰো
তেওঁৰ কবিতাৰে সম্প্ৰসাৰণ—
অৱশ্যেই
সঁচা কথা সেয়া, কিন্তু শেষ অৰ্থত সেইবোৰক ‘কবিতা’
বুলি
নধৰাৰ কাৰণেই নিশ্চয় সুকীয়াকৈ সেইবোৰ সংকলিত হৈছে আৰু আমি পাইছোঁ ‘দিন আৰু ঋতু’ আৰু ‘মনৰ খবৰ’-ৰ সংকলন ‘নৱকান্ত বৰুৱাৰ গান’। কবিতা নহৈ সেইবোৰ গান।

গানে কি বিচাৰে? সুৰ? কণ্ঠ?
সুৰ আৰু কণ্ঠ বেছি
গুৰুত্বপূৰ্ণ নে গানৰ কথা?
গুৰুত্বপূৰ্ণ নে গানৰ কথা?
কোনটো?
নিঃসন্দেহে এটা
অত্যন্ত আহুকলীয়া সমস্যা।
অত্যন্ত আহুকলীয়া সমস্যা।
এই প্ৰশ্নই আমনি
কৰিছিল হেগেলকো। বাৰ্লিন বিশ্ববিদ্যালয়ত ওঠৰ শতিকাৰ বিছৰ দশকত দিয়া বক্তৃতাত তেওঁঁ কৈছিল— “গীত এটা ৰচনাৰ বেলিকা
নিৰ্দিষ্ট পাঠটো বা গীতৰ কথাখিনিৰ সমূলি গুৰুত্ব নাই বুলি ভবাটো ক্ষতিকৰ কথা। নীৰস, গতানুগতিক, মাধুৰ্যহীন তথা অৰ্থহীন পাঠ
এটাৰ পৰা গভীৰ আৰু যথাযথ সাংগীতিক কিবা এটা মুঠেও সম্ভৱ নহয়।” (“It is… a harmful prejudice
to think the nature of the text of no importance to the composition… Nothing
musically deep and worthwhile can be coaxed from a text that is in itself flat,
trivial, bald and absurd.”) তেনেহ’লে এনেকুৱা নেকি যে
সেই গীত বা পাঠটো গভীৰ আৰু দাৰ্শনিক প্ৰকৃতিৰ ভাবনাৰে গধুৰ পাঠ হ’ব লাগিব? তেওঁ সেইটোও কোৱা নাই। সংগীতৰ
বাবে আটাইতকৈ উপযোগী সমলৰূপে তেওঁ বিচাৰি পাইছে a middle kind of poetry গীতিধৰ্মিতাৰে
বিশুদ্ধ, নিৰ্বিশেষভাৱে সৰল, তেনেই কম শব্দৰ জৰিয়তে
পৰিস্থিতি বা অনুভৱৰ ‘ইংগিত’ দিব পৰা। আনহাতে নাট্যধৰ্মিতা
থাকিলেও সেই ৰচনা হ’ব লাগিব স্পষ্ট আৰু
পৰিষ্কাৰ, অথচ বিশদ বিৱৰণৰ পৰা
বহু দূৰৈত। গীতৰ শব্দবোৰ যিহেতু সংগীতৰ সৈতে যুক্ত হ’ব, শব্দবোৰ কোনো কাৰণতে
বিশদ বিৱৰণধৰ্মিতাৰ পিনে যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। গীতিকবিতাৰ ক্ষেত্ৰত, হেগেলৰ মতে, সৰল, সংক্ষিপ্ত,
গভীৰভাৱে
অনুভৱসিক্ত ৰচনাইহে সুৰকাৰৰ কল্পনাক গভীৰভাৱে আলোড়িত কৰিব পাৰে। হয় সেইবোৰ বাহুল্যবৰ্জিত
ধৰণে প্ৰগাঢ় অনুভূতিশীলতাৰে মনৰ বিশেষ মুড বা পৰিস্থিতি প্ৰকাশ কৰিব পৰা ৰচনা হ’ব লাগিব, নহয় সেইবোৰ হ’ব লাগিব আনন্দোচ্ছল, সহজ ৰচনা।

নৱকান্ত বৰুৱাৰ গীত
একে আষাৰতে আনন্দোচ্ছ্বল, সহজ ৰচনা নহয়। হেগেলে
কোৱাৰ দৰে বিৱৰণধৰ্মিতাতো দূৰৈৰ কথা, নিৰ্বিশেষ সাৰল্যও তেওঁৰ গীতত নাই। পৰিৱৰ্তে আছে হেগেলে আদৰণি জনোৱা প্ৰখৰ
মিতব্যয়িতা আৰু ইংগিতধৰ্মিতা। তেওঁৰ গীত যেন ঠিক এই অৰ্থতেই আধুনিক কবিতাৰ দৰে— আধুনিক কবিতাৰ সংক্ষিপ্ততা
আৰু ইংগিতধৰ্মিতাৰ অন্বেষণৰীতি তেওঁৰ গীততো ষোল্ল অনাই উপলব্ধ। কিন্তু আধুনিক
কবিতাৰ দৰে একেটা কবিতাৰ ভিতৰতে বহুতৰপীয়া ভাব বা অনুভূতিৰ সমাহাৰ এইবোৰত
নাই। বিপৰীতে হেগেলে ক’বৰ দৰেই প্ৰখৰ
অনুভৱসিক্ত মনৰ বিশেষ একোটা মুড বা পৰিস্থিতিহে এইবোৰত প্ৰকাশিত হৈছে। গীতৰ
ক্ষেত্ৰত সদায় এয়ে হয়— একোটা মুড বা একোটা
পৰিস্থিতিয়েই গীত একোটাৰ সাৰবস্তু হৈ উঠে।

নৱকান্ত বৰুৱাৰ ভালেসংখ্যক
বিখ্যাত গীতৰ সাৰবস্তু হৈছে এৰি অহা অতীত আৰু বৰ্তমানৰ প্ৰেক্ষাপটত তেওঁৰ মাজত
সক্ৰিয় এক প্ৰবল দ্বিধাগ্ৰস্ততা আৰু যন্ত্ৰণাবোধ। সংশয়, সন্দেহ,
নৈৰাশ্য
আৰু বিষাদৰ যি সুৰ তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত আছিল, অত্যন্ত প্ৰবল— যাৰ উঁহ আছিল সেই সময়ৰ
আৰ্থ-সামাজিক-ৰাজনৈতিক বাস্তৱৰ মাজত— সেই একেই সুৰেই সৰৱ হৈ উঠিছে তেওঁৰ একাংশ গীতত। গানবোৰ তেওঁৰ নিজৰ ভাষাতে, ‘মনৰ খবৰ’। সময়ৰ অপ্ৰতিৰোধ্য পৰিৱৰ্তনত
নিৰুপায় হৈ ৰোৱা মনৰ খবৰ তাত আছে। নিজে কেতিয়াও কামনা নকৰা পৰিৱৰ্তনক মানি ল’বলৈ কুণ্ঠিত মনৰ খবৰ তাত আছে।
অপ্ৰাপ্তিৰ হুমুনিয়াহে খেদি ফুৰা প্ৰাণৰ যন্ত্ৰণাই তেওঁক ক’বলৈ বাধ্য কৰিছে—

সাঁতুৰি আহিলো হেজাৰ
লোকৰ ভিৰ
লোকৰ ভিৰ
প্ৰাণ সমুদ্ৰ চঞ্চল
গভীৰ।
গভীৰ।
আমাৰ কাৰণে আছে মাথোঁ
বালিচৰ–
বালিচৰ–
স্বপ্ন হেৰোৱা শুকান বালিৰ চৰ।
বিচাৰি নাপালোঁ পূৰ্ণ প্ৰাণৰ তীৰ।। (‘সাঁতুৰি আহিলো’)
‘পূৰ্ণ প্ৰাণৰ তীৰ’ বিচাৰি নোপোৱাৰ আঁৰৰ তিক্ত
বাস্তৱৰ সাক্ষী তেওঁ—
বাস্তৱৰ সাক্ষী তেওঁ—
উদাৰ আকাশে বজায় উদাস
মহান মৌন বীণা
মহান মৌন বীণা
বন্ধু আমাৰ জীৱনত চলে
তুচ্ছ প্ৰাণৰ গোপন
বেচা-কিনা। (‘সাঁতুৰি আহিলো’)
বেচা-কিনা। (‘সাঁতুৰি আহিলো’)
‘হাবিৰ লগত কৰি লতাকটা
ৰণ’ গীতটোৰ লগত সংযোজিত কথাষাৰত
তেওঁক পীড়িত কৰা বাস্তৱৰ ইংগিত,
তেওঁৰ
ভাষাতেই— “বৰ্তমান বণিকতন্ত্ৰত
ৰাইজে নিষ্ফল কামেই কৰি আছে নেকি!” বুৰ্জোৱা
বিশ্বাসঘাতকতাই সৃষ্টি কৰা বণিকতন্ত্ৰত ৰাইজ নিঃসহায়। স্বপ্ন তাত নিৰূপায়:

আকাশে সাগৰে আত্মা
আমাৰ নকৰে অস্থিৰ
আমাৰ নকৰে অস্থিৰ
তুচ্ছ দুখৰ গ্লানিৰে
আৱৰা আমাৰ স্বপ্ননীড়।। (‘সাঁতুৰি আহিলো’)

দুখৰ গ্লানিৰে আৱৰা
স্বপ্ননীড়ৰ এই অভিজ্ঞতা
অত্যন্ত কৰুণ। এই কাৰুণ্যৰ মৰ্মান্তিক ৰূপক হৈ তেওঁৰ গীতত ৰূপায়িত হৈছে ব’হাগ। নিমাত, নিজম, ৰ’দালিৰে ভৰা অথচ ৰাতিৰ
দৰে নিৰ্জন ব’হাগৰ দুপৰীয়া তেওঁ
অনুভৱ কৰিছে—

ডাউকৰ চকুপানী অথনিয়ে শেষ হ’ল
জিলিয়ে পাহৰি গ’ল গীত
হালধীয়া পখিলাটি থৰ হৈ বহি ৰ’ল
কৰবীৰ শুকান ঠাৰিত।
নিৰ্জনতাই মোৰ মুখৰ মৰম য’ত
মূক বেদনাৰে থ’লে ঢাকি
অকলশৰীয়া মই নিজৰ লগতে থাকো
নীৰৱ ভাষাৰে কথা
পাতি। (‘ব’হাগৰ দুপৰীয়া’)
পাতি। (‘ব’হাগৰ দুপৰীয়া’)
হেগেলে কোৱা
সংক্ষিপ্ততাৰে গঢ়া নিখুঁত–নিপোটল এখন ছবি এয়া— সম্পূৰ্ণ ছবিখন গঢ়ি তোলা সৰু সৰু ছবিবোৰে অনুভূতিক একোটা shape বা অৱয়বত প্ৰসাৰিত কৰিছে আৰু
সেই অনুভূতিয়ে লাভ কৰিছে এক সবাক ৰূপ। হালধীয়া পখিলাটি কৰবীৰ শুকান ঠাৰিত থৰ হৈ
বহি ৰোৱা ছবিখনেই ইয়াত কথা কৈছে—
সেই কথা
মূক বেদনাৰ, বিষাদ আৰু কাৰুণ্যৰ। ‘মন মোৰ ব’হাগৰ’ গীতত মন হৈ উঠিছে যেন ব’হাগৰ শীৰ্ণ নদী (কি অপাৰ ব্যঞ্জনাক্ষম এক ৰূপক!) — আকাশ লুকাব খুজিছে ধূলিৰ ধোঁৱাত (ধূলিৰ ধোঁৱা?– আৰু এক বহুদূৰলৈ প্ৰসাৰিত
অভিনৱ মেটাফৰ!) — গীতিকাৰ-কবিৰ চেতনাত তিক্ত বাস্তৱ, ‘বাৰিষাৰ ধল’ আজি আৰু নাই— জীৱনদায়িনী সেই প্ৰবাহ কৰবাত যেন স্তব্ধ হৈ গৈছে— ইয়াৰ মাজতো সেই প্ৰবাহৰ বাবে
হাহাকাৰে সমবেদনাৰে বিগলিত কৰি তোলে পাঠক-শ্ৰোতাৰ মন:

উদাসী প্ৰাণৰ এই
অভিসাৰ
অভিসাৰ
অকণি আভাস মাথোঁ জীৱন
তৃষাৰ
তৃষাৰ
বাৰিষাৰ
ধল আজি নাই
অশ্ৰু নিজৰা বয়
নিৰবধি। (‘মন মোৰ ব’হাগৰ’)
নিৰবধি। (‘মন মোৰ ব’হাগৰ’)
কোনে স্তব্ধ কৰিছে
সেই জীৱনদায়িনী প্ৰবাহ? ‘ইমান আকাশে আৱৰি
ৰাখিছে’ গীতত সেই একেই
যন্ত্ৰণাৰ অভিব্যক্তি—

মোৰ সপোন উৰিবৰ বাবে
আকাশ নাই
আকাশ নাই
মোৰ আকাশত থূপ খোৱা
নীলা সপোন নাই
নীলা সপোন নাই
আকাশে বিচৰা সপোনৰ
বাবে
বাবে
দূৰৰ পৃথিৱী
স্তব্ধ। (‘ইমান আকাশে আৱৰি ৰাখিছে’)
স্তব্ধ। (‘ইমান আকাশে আৱৰি ৰাখিছে’)
বেদনাৰ্দ্ৰ আত্মাৰ এই
হাহাকাৰেই গোটেই আকাশখন বিচৰাৰ সলনি অকণি আকাশৰ কৰুণ আকাংক্ষা হৈও প্ৰকাশিত হৈছে—

আকাশ আমাক অকণি আকাশ
দিয়া
দিয়া
মাটিৰ বুকুত উচুপে
আমাৰ
আমাৰ
আকাশ পিয়াসী হিয়া
অকণি আকাশ দিয়া। (‘আকাশ আমাক অকণি আকাশ দিয়া’)
অকণি আকাশৰ সলনি
গোটেই আকাশখনৰ আকাংক্ষায়েই তেওঁ নিশ্চয় কৰিব পাৰিলেহেঁতেন— কিন্তু বিশ্বাস আৰু সংশয়ৰ দোমোজাত দুলি থকা বাবেই সেই ধৰণৰ
বিশাল আকাংক্ষা এটাৰ বাবেও যেন তেওঁ নিজকে সাজু কৰিব পৰা নাই। মোহভংগৰ অভিজ্ঞতাত
অভ্যস্ত কবিয়ে মাজে মাজে হয়তো ভাবে যে বিফল ইতিহাসৰ মাজতো তেওঁ সন্ধান কৰিছে এক
অৰ্থ আৰু সেইবাবেই যেন তেওঁ ক’ব খোজে—

পালোঁ নে নাপালোঁ
নুসুধিবা মোক
নুসুধিবা মোক
বিচাৰি ফুৰিছোঁ— সেয়েই বহুত মোৰ। (‘পালোঁ নে নাপালোঁ’)
কিন্তু অন্বেষণৰ এই
যাত্ৰাও দ্বন্দ্বহীন বুলি ভাবিলে ভুল হ’ব। দ্বিধাগ্ৰস্ততা আৰু সন্দেহৰ দ্বাৰা সততে আক্ৰান্ত সেই অন্বেষণ, যাৰ বাবে গীতৰ শেষৰ পিনে তেওঁ
ক’বলৈ বাধ্য হৈছে—

বিচাৰি ফুৰিছোঁ তাকে
মাথোঁ জানো
মাথোঁ জানো
কিনো বিচাৰিছোঁ
সেয়াতো নাজানো
সেয়াতো নাজানো
হয়তো মিছাতে দেহত
সানিছোঁ
সানিছোঁ
সপোনৰে ধূলিবোৰ। (‘পালোঁ নে নাপালোঁ’)
তীব্ৰ বাস্তৱবোধে
তেওঁক সপোন পৰিহাৰ কৰিবলৈ কিন্তু শিকোৱা নাই। অলীক সৰগ তেওঁৰ কাহানিও আকাংক্ষিত
নহয়, পৃথিৱীয়ে দিয়া সমস্ত
দুখ-যন্ত্ৰণাক সাৱটি লৈও তেওঁৰ আকাংক্ষা পৃথিৱীক ভাল পাই যোৱাৰ। ‘আকাশে বিচৰা সপোনৰ বাবে দূৰৰ
পৃথিৱী স্তব্ধ’ হ’লেও সেই পৃথিৱীকে তেওঁ শেষত
স্বীকাৰ কৰিছে পৰম প্ৰত্যয়েৰে—

সন্ধি তোমাৰ স’তে, পৃথিৱী
সন্ধি তোমাৰ স’তে
শেষ হ’ল মোৰ অন্ধ ৰাতিৰ
সন্ধান পথে পথে। (‘সন্ধি তোমাৰ স’তে’)
উল্লেখযোগ্য যে পংগু
বৰ্তমানক লৈ দ্বিধাগ্ৰস্ত কবিৰ মনটোৱে যেতিয়াই সেই যন্ত্ৰণাদায়ক ভাবনাৰ জুমুঠি ফালি
প্ৰাণ-প্ৰাচুৰ্যৰে ভৰা মানুহ আৰু প্ৰকৃতিৰ স্বতঃস্ফূৰ্ত জীৱন-ছন্দৰ মাজত সোমাই
পৰিছেহি, তেতিয়াই তেওঁৰ গীতো
হৈ উঠিছে সেই প্ৰাণ-প্ৰাচুৰ্যৰ ছন্দৰে সৰস, অভিনৱ ধৰণে নতুন। এই ধৰণৰ গীত বৰুৱাৰ ভালেখিনিয়েই আছে— দ্বিধা-সংশয়-নৈৰাজ্যৰ বুকুৰ
পৰা ভটিয়াই তেওঁ যেন এইখিনি গীতৰ মাজেৰেই উলটি গৈছে তেওঁৰ আকাংক্ষিত অতীতলৈ যি
তেওঁক ক্ষয়গ্ৰস্থ বাস্তৱৰ দাস হোৱাৰ পৰা অত দিনে ৰক্ষা কৰিছে। স্মৃতিৰ ভৰুণ অতীত— য’ত জীৱন স্বতঃস্ফূৰ্ত আৰু অপাৰ বৈভৱেৰে সমৃদ্ধিশালী— তাৰ মাজত পংগু বাস্তৱৰ বাবে
যেন কোনো স্থান নাই। জিলিৰ মাতৰ নিৰ্জনতাত এই সমৃদ্ধ, ভৰুণ অতীতৰে ৰিং শুনিছে তেওঁ—

জিলিৰ মাতে গভীৰ কৰে
নিৰ্জনতা
নিৰ্জনতা
নিৰ্জনতাই মনত পেলায়
আইৰ কথা,
আইৰ কথা,
আইৰ কথাই জ্বলায় মনত
দীপৰ শিখা
দীপৰ শিখা
দীপৰ শিখাত তুলসী তলৰ
পবিত্ৰতা। (‘জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা’)

বাস্তৱৰ কোলাহলপূৰ্ণ
চহৰতো জিলিৰ মাত তেওঁৰ বাবে সেই স্বতঃস্ফূৰ্ত প্ৰাণ-প্ৰাচুৰ্যৰ আদিম উৎস—

কোলাহলৰ চহৰখনত জিলি
আহি
আহি
দুপৰীয়া বজাই গ’ল নিজান-বাঁহী
কোন জনমৰ অৰণ্যখন
উঠিল ভাহি
উঠিল ভাহি
তাৰ বাবে মোৰ আদিম
মনৰ ব্যাকুলতা। (‘জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা’)

জ্ঞান-বিজ্ঞানৰ
ওজনেৰে গধুৰ আধুনিক জীৱনৰ পৰা দূৰৈত, প্ৰকৃতিৰ তেনেই ওচৰৰ অকৃত্ৰিম জীৱন ছন্দৰ ৰূপায়ণে গীতিকাৰৰ ঝঞ্ঝাবিক্ষুব্ধ সত্তাৰ
মাজত অন্তৰ্লীণ হৈ থকা পৃথিৱীপ্ৰেমীজনকে বাৰে বাৰে চিহ্নিত কৰিছে। গীতৰ মাজত অপৰূপ
ছন্দ আৰু লয়েৰে এই পৃথিৱীপ্ৰেমী নৱকান্তজন কবিতাৰ নৱকান্ততকৈ যেন বহুত বেছি কোমল, লাহি আৰু আলসুৱা। এইজন
নৱকান্তয়েই পথাৰৰ কঁহুৱাডৰাক লৈ মুখৰিত হৈ আহিনৰ বন্দনা কৰিছে এনেকৈ—

সৌ পথাৰৰ কঁহুৱা ফুল
নীল আকাশত কোনে সজালে?
নীল আকাশত কোনে সজালে?
নীল আকাশৰ বগা ডাৱৰ
পথাৰলে’ কোনে নমালে?
পথাৰলে’ কোনে নমালে?
আহিনে, আহিনে, আহিনে। (‘সৌ পথাৰৰ কঁহুৱা ফুল’)
নিসৰ্গৰ বাঙ্ময় ৰূপৰ
উপস্থাপনৰীতিত ফুটি উঠা প্ৰাণৰ উল্লাসখিনিৰে জীৱনো ইয়াত আহিনৰ দৰেই স্নিগ্ধ: মাথোঁ দুটা স্বয়ংমুখৰ
প্ৰশ্ন (self-assertive
question)-তে সেই স্নিগ্ধতা আৰু অমলিনতাৰ সম্পূৰ্ণ ৰূপ মূৰ্ত হৈ উঠিছে—

ফট্ফটীয়া বিলৰ পানীত
কোনে দিলে বালিচন্দাৰ সাঁচ
কোনে দিলে বালিচন্দাৰ সাঁচ
ধক্ধকীয়া জুৰিৰ বালিত
কোনে থ’লে হেজাৰ চন্দামাছ?
(‘সৌ পথাৰৰ কঁহুৱা ফুল’)
কোনে থ’লে হেজাৰ চন্দামাছ?
(‘সৌ পথাৰৰ কঁহুৱা ফুল’)
ভাৱনাৰ সজীৱতাই
ভাষাকো কেনেকৈ ঢৌৱাই গৈছে তাৰ আন এক ছবি এই গীত—

আহিনক কোনে আনে?
নিয়ৰে জনালে ‘শেৱালিয়ে’
আৰু
শেৱালিয়ে ক’লে ‘নিয়ৰে আনে’
দূবৰিয়ে ক’লে কোমল হাঁহিৰে
দুয়োজনে
দুয়োজনে। (‘আহিনক কোনে আনে’)
দুয়োজনে। (‘আহিনক কোনে আনে’)
একেই ব্যাকুলতাৰে
বৰ্ষাৰ ৰূপ-বন্দনাতো অপলক মুগ্ধতা আৰু বিষ্ময়ৰ সমাৰোহ—

বৰ্ষা তোমাৰ চকুত
মেঘৰ অঞ্জন
মেঘৰ অঞ্জন
ওঁঠত কদম ফুলৰ হাঁহি
বিজুলী লতাৰে তোমাৰ
কবৰী বন্ধন
কবৰী বন্ধন
হাতত কেতেকী ফুলৰ
পাহি। (‘বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন’)
পাহি। (‘বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন’)
তৎসম-অৰ্দ্ধতৎসম
শব্দৰ সুনিপুণ প্ৰয়োগেৰে বৰ্ষাৰ চিনাকি ৰূপ আৰু সহজ সৌন্দৰ্যক ধ্ৰুপদী গাম্ভীৰ্যলৈ
উত্তৰিত কৰা হৈছে এই গীতত। ইয়াত—
ঠিক
এনেকুৱা মুহূৰ্তবোৰত ক’তো ক্ষয়মান বাস্তৱে
দ্বিধাগ্ৰস্ত কৰি তোলা মনৰ লেশমানো আভাস পাবলৈ নাই। এই জগতত কবি-গীতিকাৰ নিৰাপদ— অথচ এই জগত কল্পিত জগতো নহয়।
মুখত দুডাল দুবৰি বন লৈ চোতালত আহি উমলি থকা ঘৰচিৰিকাটোও এই জগতৰে অংশ—

ৰাতিপুৱাৰ পোহৰবোৰে
জগাই দিলে
জগাই দিলে
থম্ থম্ সৌ ৰঙা ডালিম ফুল
ফুলৰ সভাত কিমান যে
তই কৰ গণ্ডগোল
তই কৰ গণ্ডগোল
ৰঙা ৰঙা মচুৰ দালি
ভণ্টিয়েতোক দিছে তুলি
হাতত পৰি খা।
থুপুক-থাপাক ভণ্টীজনীৰ হাতত পৰি
খা। (‘মুখত দুডাল দূবৰি বন’)
খা। (‘মুখত দুডাল দূবৰি বন’)
নীলা আকাশ ধিয়াই বাঢ়ি
যোৱা তামোলপুলিটোক লৈও আনকি তেওঁৰ ভাবনাই পাখি মেলি উৰিছে—

এঠেঙীয়া বগলী হৈ নাচে
তামোলৰে পুলি
হাত মেলিছে নীলা আকাশ
ঢুকি পাওঁগৈ
বুলি। (‘এঠেঙীয়া বগলী হৈ নাচে’)
বুলি। (‘এঠেঙীয়া বগলী হৈ নাচে’)
একেদৰেই জীৱন্ত ‘দুপৰীয়াৰ ৰঙা জিয়াঁ পাখি জুৰি
জিলমিলীয়া’; যিদৰে ডঁৰিকনা মাছটো—
জিলমিলীয়া’; যিদৰে ডঁৰিকনা মাছটো—
মোৰ অকণমানি
পুখুৰীটোৰ অকণমানি মাছ
পুখুৰীটোৰ অকণমানি মাছ
ৰ’দ কাঁচলিত ঘূৰি নাচে
পাক-ঘূৰণি নাচ
পাক-ঘূৰণি নাচ
মোৰ ডঁৰিকনা মাছ
দেও-ডঁৰিকনা মাছ (‘মোৰ অকণমানি পুখুৰীটোৰ’)
প্ৰকৃতি আৰু নিসৰ্গৰ
এই স্বয়ংসম্পূৰ্ণ স্নিগ্ধ আৰু সমৃদ্ধ জগতখনৰ সৈতে অনুভৱ কৰা সহজ আৰু প্ৰবল
আত্মীয়তাবোধৰ গুণেই হয়তো গীতবোৰৰ দৰে নিজৰ শিশু-ৰচনাতো এই জগতখনৰ ৰূপায়ণৰ মাজত নৱকান্ত বৰুৱাৰ বেলিকা আনৰ মাজত সহজে দেখা
নোপোৱা ধৰণৰ এক বিৰল আনন্দমুখৰতা পৰিলক্ষিত হয়। ‘ধুন-ধুনীয়া অকণমানি’ গীতটোৰ মাজতো চিৰ-শৈশৱক স্বতঃস্ফূৰ্ত ৰূপত সদায়ে চকুৰ আগত চাই
থাকিব খোজা সেই মনটোৱেই ভুমুকি মাৰিছে—

ধুন ধুনীয়া অকণমানি কণমানি মোৰ আইটিজনী
খোলা ডিঙিৰ বুটাম
খোলা ফুট্ফুটীয়া ফ্ৰক
খোলা ফুট্ফুটীয়া ফ্ৰক
সদায় খোলা থ’ক।
… … … … … … …
নেলাগে তাই ডাঙৰ হ’ব বাইদেউ মা আইতা হ’ব
বয়সৰ এই বালিচন্দা
বালিত পৰি ৰ’ক
বালিত পৰি ৰ’ক
পাৰে যদি সময়ক চোলাৰ পিনত মাৰি থ’ক। (‘ধুন ধুনীয়া অকণমানি’)
বয়সৰ লগে লগে অৱধাৰিত
পৰিৱৰ্তনবোৰক মানি ল’বলৈ অনিচ্ছুক
পলায়নবাদী, স্বাৰ্থপৰ মন এয়া নহয়— নিষ্পাপ, স্ফূৰ্তিবাজ, অমলিন শৈশৱৰ লাৱণ্য আৰু আৰু অপৰূপ ছন্দৰ প্ৰতি দুনিৰ্বাৰ আকৰ্ষণহে এই গীতৰ
মূল কথা। যি নহওক, এই যে নৱকান্তৰ
এইখিনি গীতৰ মাজত ৰৈ-বৈ থকা নিয়ৰ সৰি পৰাৰ শব্দেৰে মুখৰিত পদূলিৰ কলাপাত, বতাহৰ গোপন কথা জনা সৰলৰ
সেউজীয়া বননি, কুঁৱলীৰ ওৰণি লৈ থকা
বিজুলী বাঁহ, ফাগুনৰ বতৰা লৈ অহা
চজিনাৰ ফুল, পলাশৰ ডালত বহি মাতি
থকা অচিনাকি চৰাই, বগা দোৰোণৰ ফুলৰ
হাঁহি আদিৰ স্বাভাৱিক ছন্দৰ সুষমাভৰা জগতখনে তেওঁক পংগু বাস্তৱতা উটি-ভাহি যোৱাৰ
পৰা ৰক্ষা কৰিছে, এই জগতখন তেওঁৰ বাবে
কিমান মহত্ত্বপূৰ্ণ, তাৰ স্পষ্ট অনুৰণন
তেওঁৰ এই স্বীকাৰোক্তি—

মোৰ বন্ধ ঘৰৰ খিৰিকীৰে
অহা
অহা
এচেৰেঙা সোণালী ৰ’দ
তাৰ স’তে মোৰ সাতো জনমৰ
সোণৰ সোলেং সলাব
পাৰোঁ। (‘মোৰ বন্ধ ঘৰৰ খিৰিকীৰে অহা’)
পাৰোঁ। (‘মোৰ বন্ধ ঘৰৰ খিৰিকীৰে অহা’)
শুকান ঘাঁহত ৰাতিৰ
সপোন দেখি দেখি বহি থকা জোনাকীটোৰ প্ৰশ্নটোৱেও বৰুৱাৰ মাজৰ ‘জীৱনৰ সেউজী সুৰভি’-ৰ বাবে ব্যাকুল সত্তাটোকে
প্ৰকাশ কৰিছে—

মইতো নেপাওঁ হায় বুজি
ইমান পোহৰ কিয় লাগে
তুলসী তলত যদি অপলকে
জ্বলি ৰয়
জ্বলি ৰয়
মাটিৰ কোমল চাকি। (‘মই এটি দিনৰ জোনাকী’)
এই সেউজী সুৰভি তেওঁ
বিচাৰি পাইছে ফাগুনৰ পকা পাণেৰেকেঁয়া তামোল খুন্দি খোৱা আইতাৰ জীৱনৰ কেঁকুৰিবোৰত (‘আইতা অ’), বিচাৰি পাইছে ন-বোৱাৰী হৈ অহা
ৰহিমলাৰ মনৰ মাজুলীৰ চাকনৈয়াৰ মাজত—

অ’ জীয়ৰীকালতে উজুটিতে ছিগা নখ
বিহু ঘূৰি গ’লে গজে
অ’ বোৱাৰী মনতে যদি ঘুণে ধৰে
গোটেই জনমটোলৈ ৰজে।
সেন্দূৰকণ লওঁতে যদি হাত কঁপে
ইহাতে খামুচি ধৰা।
মোৰ পথৰুৱা পেঁপা বাজিনো জীনে য’ক
দ পথাৰৰে পৰা (অ’ ৰহিমলা)
(শুনিও নুশুনিবা)
দ-পথাৰৰে পৰা।
দ-পথাৰৰে পৰা।
(‘ৰহিমলা ওৰণিৰ মাজেৰে’)
লোককবিতাৰ ভাষাৰ যাদু এই গীতত
মূৰ্ত হৈ উঠিছে। নৱকান্তৰ এই ধৰণৰ প্ৰায় সকলো গীততে জীৱনৰ সেউজী সুৰভিৰ
সংবাহক-উৎসধাৰাৰূপী ঐশ্বৰ্যশালী বিশাল সাংস্কৃতিক প্ৰেক্ষাপট এটাত তেওঁৰ সহজ
অৱস্থান অতি তাৎপৰ্যপূৰ্ণ।

এই গীতসমূহৰ উপৰি বৰুৱাৰ আৰু
কিছু সংখ্যক গীত আছে য’ত শ্ৰেয়ৰ অন্বেষণৰ
বাটত তেওঁৰ দৃষ্টিয়ে এক ধৰণৰ মিষ্টিক অভিব্যক্তিৰ ওচৰ চাপিছে। ‘তোমাৰ কাৰণে যাওঁ ফুল তুলিবলে’ বুলি উদ্যত গীতিকাৰে
পাছমুহূৰ্ততে অনুভৱ কৰিছে—
‘তুমি
আছা ফুলৰে সাজত’। ‘হিয়াৰ মাজত তুমি আছা বুলি
চাওঁতেই’ আকৌ দেখিছে— ‘তুমিচোন আছাহি বাজত— আকাশত, বতাহত, উৰণীয়া ধূলিৰ মাজত’। মুহূৰ্তৰ বাবে এনে লাগিব পাৰে
যে এই ধৰণৰ ৰচনাসমূহত তেওঁ যেন পৰম সত্তা বা ঈশ্বৰৰ কথাকে কৈছে—

আমি তোমাৰ বাঁহী কেৱল
সকলো সুৰ তোমাৰেই
আমাৰ গিৰি মালাত উঠে
প্ৰতিধবনি
তোমাৰে। (‘আমি তোমাৰ বাঁহী কেৱল’)
তোমাৰে। (‘আমি তোমাৰ বাঁহী কেৱল’)
গোসাঁইৰ শ্যামবৰণীয়া কপালত
আঁকিবলৈ বগলীৰ বগা চন্দন পোহৰৰ ফোঁটটোও যেন তাৰেই ইংগিতমুখৰ—

বগলী, বগা ফোঁট দি যা।
ৰঙা ফোঁট নেলাগে সেন্দূৰৰ
ক’লা ফোঁট নেলাগে এন্ধাৰৰ
দি যা শুকুলা ফোঁট
গোসাঁইৰে কপালৰ চন্দন
পোহৰৰ ফোঁট
পোহৰৰ ফোঁট
অ’ দি যা শুকুলা ফোঁট। (‘বগলী, বগা ফোঁট দি যা’)
আনহাতে বাটৰ ধূলিয়ে
আনন্দস্বৰূপ সত্তাক ঢাকি ধৰিবৰ পৰত সেই সত্তাৰেই ইচ্ছাক্ৰমে অহা ধুমুহাজাক আৰু তাৰ
পাছত বাটৰ ধূলিতে দেখা অনন্তৰ আভাসৰ মাজতো যেন সেই মিষ্টিক অভিজ্ঞতাৰে বুলনি—

আজি ধুমুহা আহিল
তোমাৰ
তোমাৰ
উৰাই নিলে ধূলিৰ ডাৱৰ,
উটাই নিলে প্ৰলেপ তোমাৰ ধূলিৰ চন্দনৰ,
উদাৰ নীলা দাপোণখনে
মোৰ যে মনৰ ছায়া আনে,
হেৰোৱা বাটৰ ধূলিত দেখোঁ আভাস অনন্তৰ। (‘হে মোৰ সুন্দৰ’)
এই ধৰণৰ গীতবোৰৰ বহু ঠাইত
জালালুদ্দিন ৰুমীৰ দৰে চুফীবাদী কবিৰ উপৰি ৰবীন্দ্ৰনাথৰ প্ৰভাৱ অৱশ্যেই লক্ষ্যণীয়।
বৰুৱাই ৰবীন্দ্ৰনাথৰ কবিতাৰ উপৰি তেওঁৰ ভালেকেইটা গীতো অসমীয়ালৈ ভাঙনি কৰিছিল আৰু এসময়ত ‘অৰূপ তোমাৰ বাণী’ নামেৰে কেছেট হৈও সেইবোৰ পৰিৱেশিত হৈছিল। এই কথা
পাছে অনস্বীকাৰ্য যে ইন্দ্ৰিয়াতীত, দুৰ্জ্ঞেয় শক্তিত বিশ্বাস নিঃসন্দেহে বৰুৱাৰ এই মিষ্টিক প্ৰকৃতিৰ বৈশিষ্ট্য
নহয়। তথাকথিত ঈশ্বৰবাদী নোহোৱা গুণেই চাগৈ ঈশ্বৰমুখিতাত
বিশ্বাস নকৰা বৌদ্ধ দৰ্শনে তেওঁক প্ৰবলভআৱে আকৃষ্ট
কৰিছিল। ‘প্ৰাণ পদুমৰ পাহিত
জিলিকা’ শীৰ্ষক তেওঁৰ গীতটো
বৌদ্ধ ‘মণি পদ্মে হুম’ মন্ত্ৰৰ ভিত্তিত ৰচিত বুদ্ধবন্দনা।
যি নহওক, বৰুৱাৰ গীতৰ মিষ্টিচিজ্ম একান্তই তেওঁৰ মাজত
ক্ৰিয়াশীল গভীৰ মানৱীয়তাবোধৰে অংশ মাথোঁ। সুন্দৰৰ প্ৰতি তেওঁৰ আকৰ্ষণ পলায়নমুখিতা
নহয়, সুন্দৰৰ বিস্ময় আৰু
বৈচিত্ৰ্যৰ অনুভৱৰ মাজেৰে তেওঁ যেন অসুন্দৰ জগত এখন সুন্দৰ কৰিব পৰা মানৱীয়
প্ৰমূল্যসমূহকে বাৰে বাৰে চিহ্নিত কৰিছে। আকাশে-বতাহে অলেখ সুৰৰ গুণগুণ শুনা
গীতিকাৰজন, অচিন গছৰ গুটিৰ
জুনুকা বজোৱা বতাহৰ ৰুণজুন শুনা গীতিকাৰজন সেয়ে ইন্দ্ৰিয়াতীত জগত এখনৰ যাত্ৰী নহয়।
তেওঁ যাত্ৰী এই মানৱীয় জগতৰ। ‘হে অপৰূপ তোমাৰ মোহন
ৰূপ! আমি আকৌ চাব খুজিছোঁ’ বুলি তেওঁ ‘হে অপৰূপ’ শীৰ্ষক গীতটিত অব্যক্ত কোনো সত্তাক আহ্বান কৰা নাই, বিষ্ণু ৰাভাৰ স্মৰণত ৰচিত এই গীতৰ ‘অপৰূপ’
হৈছে
মানুহ আৰু মানৱীয়তা। যথাৰ্থ শিল্পীৰ ভাবনাই এই মানৱীয়তাৰে বন্দনা কৰে। মাটিৰ বুকুৰ অন্ধকাৰত শুই
থকা বীজৰ মাজত সন্নিহিত অংকুৰণৰ সম্ভাৱনাখিনিৰ উপাসক এই শিল্পী কোনো কাৰণতে
ইন্দ্ৰিয়াতীত সত্তাৰ মিষ্টিক অন্বেষক হ’ব নোৱাৰে, তেওঁৰ সমস্ত মিষ্টিচিজ্ম এই ইন্দ্ৰিয়গ্ৰাহ্য
জগতক লৈয়ে আৱৰ্তিত আৰু সম্পূৰ্ণ—

মাটিৰ বুকুৰ অন্ধকাৰত
শুই থকা সৌ বীজৰ
সপোনে
সপোনে
অংকুৰ হৈ দুহাত মেলিছে
চাই সূৰ্যৰ পিনে,
সেই প্ৰণামকে কৰে শিল্পীৰ প্ৰাণে
জীৱনত ক্ষণে
ক্ষণে। (‘ফুলৰ হাঁহিৰ যি আনন্দ’)
ক্ষণে। (‘ফুলৰ হাঁহিৰ যি আনন্দ’)
একে আষাৰে ক’বলৈ গ’লে, নৱকান্ত বৰুৱাৰ গান মানুহ আৰু পৃথিৱীৰ মোহত বন্দী কবিৰ গান।
কবিৰ অনুভৱৰ কেনভাছত শব্দৰ ৰং আৰু ৰেখাৰে নিটোলকৈ গঢ়া সেই গানৰ শৰীৰ।
হেগেল-কথিত গভীৰ অনুভৱসিক্ততাৰে সিক্ত গীতবোৰ সাক্ষী হৈ ৰৈছে কবিৰ মনৰ মাজেৰে পাৰ
হৈ যোৱা বিচিত্ৰ মুড বা পৰিস্থিতিৰ। কেশৱ মহন্ত বা ভূপেন হাজৰিকাৰ গানত পোৱা ধৰণৰ
প্ৰতিবাদী স্বৰ তেওঁৰ গীতত নাই,
কিন্তু কবিৰ
স্বভাৱসুলভ বৌদ্ধিকতাই গীতবোৰক প্ৰদান কৰিছে সুকীয়া চৰিত্ৰ। কেৱল অটুট চিত্ৰল
সৌন্দৰ্য, অপূৰ্ব ধ্বনিময়তা আৰু
ব্যঞ্জনাধৰ্মিতাৰ গুণত তেওঁৰ গীতৰ কেইবাটাও স্তৱকে প্ৰথম পঢ়িবৰ বা শুনিবৰ পাছতে স্মৃতিত এৰি থৈ যায়
অযাচিত গুণগুণনি—

টিপ্ টিপ্ চকুলোৰে আকাশে কান্দিব জানো
গলি গলি মৰমত ব’ৰাগী মাটিৰ দেখি
শুকান বননি?
গাগিনী কিমান পানী?
এইবাৰ কিমান পানী? (‘গাগিনী কিমান পানী?’)
এই বাট মই চিনি পাওঁ
এই বাটেৰেই কাষৰ সেউজী দূবৰিত
এদিন ৰ’দালি ৰ’দত নিয়ৰ সৰিছিল
লগৰী বকুল বননিত সৰি ফুলিছিল
কোনোবা মালাৰ সূতাত পালেনে ঠাই
নেজানিলোঁ মই
নেজানিলোঁ। (‘এই বাট মই চিনি পাওঁ’)
নেজানিলোঁ। (‘এই বাট মই চিনি পাওঁ’)
কেতেকী ফুলৰ ৰেণুৰে বতাহ বলিয়া
ফুলে তথাপিও নেমেলে পাহিৰ ওৰণি
জোনলৈ চাই সাগৰৰ ঢউ উতলা
জোনে জানো আহি
সাগৰক দিয়েহি জুৰণি?
(‘কেতেকী ফুলৰ ৰেণুৰে’)
(‘কেতেকী ফুলৰ ৰেণুৰে’)
নিয়ৰৰে ফুল এপাহ ফুলিল
এপাহ সৰিল কেনি?
যেনি যায় বলাকাই মেঘ কাগজত
নেদেখা ৰেখা
টানি। (‘নিয়ৰৰে ফুল এপাহ ফুলিল’)
টানি। (‘নিয়ৰৰে ফুল এপাহ ফুলিল’)
এই শেষৰ গীতটোৰ সুৰ আৰু কণ্ঠ
আছিল ভূপেন হাজৰিকাৰ। ভূপেন হাজৰিকাৰ উপৰি দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ফুকন,
হেমেন
হাজৰিকা, ব্ৰজেন বৰুৱা, মুকুল বৰুৱা, জ্যোতিষ ভট্টাচাৰ্য, লক্ষ্যহীৰা দাস, মিহিৰ বৰদলৈ, মায়া হাজৰিকা, দ্বিজেন্দ্ৰ মোহন শৰ্মা, বিউটি শৰ্মা বৰুৱা, ৰমেন বৰুৱা, পাহাৰী দাস, প্ৰজ্ঞান বৰুৱা, তৰালী শৰ্মা, জুবিন গাৰ্গ আদি অলেখ কৃতিমান
সুৰকাৰ আৰু গায়কে তেখেতৰ গীতত সুৰ দিছিল
বা কণ্ঠদান কৰিছিল। কিন্তু নৱকান্ত বৰুৱাৰ গান বুলিলেই আজিও সাধাৰণতে এটা নামেই
মনলৈ আহে— বীৰেন্দ্ৰ নাথ দত্ত।
বৰুৱাৰ গানৰ ভাব-ভাষা
আৰু কাৰিকৰী কৌশলে বীৰেন দত্তৰ সুৰ আৰু কণ্ঠৰ মাজতহে যেন আটাইতকৈ সমৃদ্ধ ৰূপত
প্ৰাণ পাই উঠিছিল, যাৰ বাবে গীতিকাৰ
নৱকান্ত বৰুৱা আৰু গায়ক-সুৰকাৰ বীৰেন দত্ত দুয়োটা নামেই যেন একেটা মুদ্ৰাৰে
ইপিঠি-সিপিঠিত পৰিণত হৈছিল। সুৰৰ আলোচনাৰ বাবে আৱশ্যকীয় কাৰিকৰী জ্ঞান আমাৰ নাই
বাবে সেই অনাধিকাৰ চৰ্চা এৰি বীৰেন দত্তৰ সুৰৰ, বিশেষকৈ কেইটিমান গীতৰ প্ৰসংগত, দুই-এটা কথা মাথোঁ উনুকিয়াব খুজিছোঁ। বীৰেন দত্তই বৰুৱাৰ
গীতৰ সুৰ কৰিবৰ পৰত হয়তো আটাইতকৈ বেছিকৈ গুৰুত্ব আৰোপ কৰিছিল গীতৰ বিষয়বস্তুৰ ওপৰত। গীতিকাৰৰ ছন্দকুশলতাৰ সমান্তৰালকৈ
বিষয়বস্তুৱে নিজেই যেন সুৰ বিচাৰি লৈছিল। ‘আকাশ আমাক অকণি আকাশ দিয়া’, ‘বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন’, ‘আৰু গভীৰ কৰা, নিবিড় কৰা মোৰ হৃদয়ৰ অটল নিৰ্জনতা’, ‘যি নদীৰ শীতল জলে’ আদি গীতৰ
গাম্ভীৰ্যপূৰ্ণ বিষয় অনুযায়ী সুৰাৰোপণো গাম্ভীৰ্যপূৰ্ণ— কিন্তু ‘মুখত দুডাল দূবৰি বন’, ‘ধুন ধুন ধুনীয়া’ আদি গীতৰ সুৰৰ মেজাজ যেন ফুৰ্ফুৰীয়া। এনে নহয় যে
পাছৰ গীতকেইটাৰ ভাব গাম্ভীৰ্যপূৰ্ণ নহয়, বৰুৱাৰ বৰং কোনোটো গীতৰ ভাবনায়েই কোনো অগভীৰ উৎসৰ পৰা
আহৰিত নহয়। ‘মুখত দুডাল দূবৰি বন’-ৰ সুৰে কবিৰ ভাবনাৰ চোতালত উমলি থকা
ঘৰচিৰিকাটোৰ উমলি থকা ছন্দকহে জানিবা মূৰ্ত কৰি তুলিছে। ‘ধুন ধুন ধুনীয়া’-ৰ সুৰটোতো কণমানিজনীৰ শৈশৱক একে কৰি ৰখাৰ আকাংক্ষা শৈশৱৰ ছন্দেৰে মুখৰিত। ‘পালোনে নাপালো’ গীতটিৰ মিষ্টিক ভাবনাক মূৰ্ত কৰি তোলাৰ
বাবে আনহাতে গীতটিত ধনশ্ৰী ৰাগৰ ‘নাৰায়ণ কাহে ভকতি কৰো
তেৰা’-ৰ সুৰ সংযোজিত কৰা
হৈছে। ‘তোমাৰ কাৰণে যাওঁ ফুল
তুলিবলে’ গীতটিত আকৌ সংযোজিত
হৈছে আই নামৰ সুৰ। ধূপধৰাৰ ওচৰৰ গাঁও এখনত লোকগীতৰ সুৰ সংগ্ৰহ কৰিবলৈ যাওঁতে তেওঁ
এই সুৰ পাইছিল। ‘ৰহিমলা ওৰণিৰ মাজেৰে’ গীতটিত গীতৰ ভাবনা অনুযায়ীয়েই
বিহুগীতৰ সুৰ আছে। ‘জিলিৰ মাতে গহীন কৰে’-ৰ মাজৰ অংশ এটাত প্ৰয়োগ কৰা
বাগুৰুম্বাৰ সুৰটোও আনহাতে মন কৰিবলগীয়া। ক’ৰবাত আকৌ ঘোষাপাঠৰ সুৰ বা
পৰম্পৰাগত শিশু গীতৰ সুৰ যদি প্ৰয়োগ হৈছে, ক’ৰবাত প্ৰয়োগ হৈছে পাশ্চাত্য সংগীতৰ সুৰ আৰু ছন্দ। ‘মনৰ খবৰ আছে ডাৱৰত তোমাৰ চকুত’ গীতৰ সুৰ পাশ্চাত্য সংগীতৰে
সুৰ। এক কথাত ক’বলৈ গ’লে, বীৰেন দত্তৰ সুৰ আৰু কণ্ঠৰ সৈতে নৱকান্ত বৰুৱাৰ গানৰ সংযোজন
আধুনিক অসমীয়া সংগীতজগতৰে এক সমৃদ্ধ অধ্যায়।

বীৰেন দত্তৰ সুৰ আৰু কণ্ঠত
নৱকান্ত বৰুৱাৰ গান শুনাৰ পৰত ভাব হয়, আন সকলো সুৰকাৰ আৰু গায়কতকৈ
বীৰেন দত্তই বৰুৱাৰ গীতৰ পাঠ (text)-ক যেন সন্মান জনাইছে
অতি বিশ্বস্ত ধৰণে— যেন প্ৰতিটো সূক্ষ্ম
অৰ্থ, প্ৰতিটো শব্দ, আনকি প্ৰতিটো যতি চিহ্নকেই
সৰৱ কৰি তুলিবলৈ তেওঁ চিৰ উন্মুখ। গীতৰ কথাৰ প্ৰতিটো সংকেত, প্ৰতিটো আভাস, প্ৰতিটো পলক সুৰৰ মাজেৰে তেওঁ এনেকৈ মূৰ্ত কৰি তুলিছে যে সেই সুৰেই হৈ উঠিছে বৰুৱাৰ গীতৰ স্বকীয় আৰু
সুস্পষ্ট আৱহৰ দাপোণ। কথা আৰু সুৰৰ এই যুগলবন্দীৰ অনুৰণন যেন শ্ৰোতাৰ বাবেও
তীৰ্থজল—

দেহা গলি অহা মন পমি
অহা এটুপি সলিল
অহা এটুপি সলিল
কি যে তাৰ কল্ কল্—
সেয়েই তীৰ্থজল। (‘কত যাত্ৰীয়ে ঘোলা কৰি গুচি গ’ল’)