ইলোৰা শৰ্মা দত্ত
চকলেট গাখীৰ ৰোল
আৰু
বেছনৰ লাড়ু
| উপকৰণ | |
|---|---|
| পাউদাৰ গাখীৰ | ডেৰ কাপ |
| চেনি | আধা কাপ |
| গাখীৰ | একাপ |
| কক পাউদাৰ | ২ চামুচ |
| ইলাচি | ২টা |
| ঘিউ | ২ চামুচ |
প্ৰণালী:
প্ৰথমে পেন গৰম হ’লে ঘিউ দি
গাখীৰখিনি দিব। অলপ উতল অহাত পাউদাৰ গাখীৰখিনি দি একেৰাহে লৰাই থাকিব। এইদৰে ৫
মিনিটমান লৰাই চেনি দিব। আকৌ লৰাই থাকিব। ১০ মিনিটমান ভজাৰ পাছত লাহে লাহে গোট মাৰি আহিব।
গাখীৰ সম্পূৰ্ণ শুহি গ’লে নমাই দিব। এতিয়া অলপমান বেলেগে
ৰাখি তাত কক পাউদাৰ মিলাব। বগা ভাগেৰে ৰোল বনাই ল’ব। ক’লা ভাগৰ মিহিকৈ ৰোল বনাই তাৰ ওপৰত দি মেৰিয়াই দিব। ১০ মিনিটৰ পাছত কাটি পৰিৱেশন কৰক।

বেছনৰ লাড়ু: ইয়াৰ বাবে
প্ৰথমে কেৰাহী বা পেন গৰম হ’লে আধা কাপ ঘিউ দি একাপ বেছন দি কম জুইত ভাজিব। এইদৰে ১০
মিনিটমান ভজাৰ পাছত বেছনখিনিয়ে ঘিউ এৰিব আৰু লুপথুপীয়া হব। তেতিয়া নমাই দিব। বেলেগে ছছপেনত আধা
কাপ চেনি আৰু আধা কাপতকৈঅলপ কম পানী দি সিজিবলৈ দিব। অলপ আঠা আঠা হ’লে নমাই দিব। অলপ ঠাণ্ডা
কৰি ভাজি থোৱা বেছনখিনিৰ ওপৰত বাকী দিব আৰু লৰাই থাকিব।
ভালদৰে মিহলাই লাৰু বনাওক।

প্ৰথমে কেৰাহীত তেল গৰম হোৱাত এটিপা চেনি দি অলপ ৰঙা হোৱাত ৬,
৭ টামান মিথীগুটি দিব। এতিয়া পিহনাত পিহি লোৱা পিঁয়াজখিনি (ডাঙৰ পিঁয়াজ ৩ টা) দি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব। ২ চামুচমান আদা–নহৰুৰ পেষ্ট্ দিব।
এতিয়া একেলগে কোমোৰা, মাংস আৰু আলুখিনি দি, লগতে জিৰা-ধনিয়াৰ পেষ্ট্
১ চামুচ, জলকীয়া ৩ টা আৰু নিমখ দি ভালদৰে লৰাই ঢাকন মাৰি দিব। এটা সৰু বিলাহীও কাটি দিব।
সিজাৰ পাছত নিজৰ জোখমতে পানী দি গ্ৰেভীটো বনাই নমোৱাৰ আগে আগে গৰম মচলা আৰু মিত মচলা দিব।

ক’লা তিল আৰু নাৰিকল দিয়া বিস্কুত
প্ৰণালী: ইয়াৰ বাবে এটা ডাঙৰ
বাটিত বাটাৰ ১০০ গ্ৰাম, পিহি লোৱা চেনি আধা
বাটি ভালদৰে মিক্স কৰি ল’ব। এতিয়া মৈদা ২ কাপ লাহে লাহে দি ভালদৰে মিক্স কৰি থাকিব। একেলগে বাকী দিব নালাগে। আধা
চামুচ বেকিং ছ’ডা দি আকৌ ভালদৰে মাৰিব। এতিয়া ক’লা তিল (ভজা) ৫০ গ্ৰাম আৰু শুকান নাৰিকলৰ গুড়ি
৫০ গ্ৰাম দি আকৌ ভালদৰে মিহলাই ল’ব। ২
চামুচমান ৰিফাইন তেলো দিব।

এতিয়া
বেক কৰিবলৈ এখন সৰু কাঁহীত বাটাৰপেপাৰ
এখন পাৰি দি তাত নিজৰ পছন্দ মতে আকাৰ দি এটা এটাকৈ দি যাব। ওপৰত আকৌ অলপ তিল
ছটিয়াই দিব। কুকাৰত সৰু বাটি এটাৰ ওপৰত কাঁহীখন দি হুইছেলটো খুলি ঢাকোন মাৰি প্ৰায় ৩০-ৰ পৰা ৪০ মিনিট ল’ ফ্লেইমত
দিব। ঠাণ্ডা হোৱাত পৰিৱেশন কৰক।

কলডিলৰ কোফটা
কাৰি
উপকৰণ: কলডিল, বেছন, পিঁয়াজ,
কাজু, বিলাহী, আদা,
নহৰু, গোটা গৰম মচলা, গোটা জিৰা, ধনিয়াগুড়ি, জলকীয়াগুড়ি, গৰম
মচলা, হালধি, নিমখ, কচুৰি মিথী

প্ৰথমে কলডিল পিহনাত ৰুকি ল’লো। কলডিলখিনিত বেছন, কটা পিঁয়াজ আৰু
নিমখ দি বৰা বনাই তেলত ভাজি ল’লোঁ।

পেনত অলপমান তেল দি গোটা গৰম মচলা (লং, ইলাচি,
ডালচেনি), ডাঙৰকৈ
কটা পিঁয়াজ, বিলাহী আৰু কাজু ১০
টামান দি ৫ মিনিটমান লৰাই ঠাণ্ডা হোৱাত
মিক্সিত পিচি পেষ্ট বনাই ল’লোঁ।

কেৰাহীত
তেল গৰম হোৱাত, গোটা জিৰা আধা চামুচমান দি পেষ্ট্খিনি বাকী দিলোঁ, লগতে হালধি, ধনিয়া পাউদাৰ, গৰম মচলা, জলকীয়াগুড়ি আৰু
নিমখ দি অলপ ভাজি কোফটাখিনি দিলোঁ। অলপ কচুৰি মিথী দি আকৌ লৰাই নমাই থ’লোঁ।